এটি পৰিবৰ্তনৰ সপোন : ধৰ্ম, ৰাজনীতি আৰু মানৱতাবাদৰ আলমত (অনুপমা বৰগোহাঁই)

“Great Individuals fight abuses of authority. The truly strong do not lord it over the weak. People of genuine strength and courage battle against the powerful, the arrogant, the authoritarian, the evil and corrupt – all who look down on the people with contempt.” – Dr. Daisaku Ikeda.

 

বহু লোকে ৰাজনীতি বুজি নাপায় – ভাল নাপায়। কিন্তু ৰাজনীতি বুজি পাওক বা নাপাওক – ভাল পাওক বা নাপাওক, ইয়াৰ প্ৰভাৱৰপৰা কোনো ব্যক্তি মুক্ত হ'ব নোৱাৰে। ব্যক্তি বা ৰাষ্ট্ৰৰ অন্যায়, অবিচাৰৰ বিপক্ষে মাত নমতা, দেশখন যি নীতিৰে পৰিচালিত হৈছে হৈ  থাকক – মই নিজৰ মতে শান্তিৰে থাকিম – এয়া কোনো সজ্জ্বন ব্যক্তিৰ মনোভাব নহয়। অন্যায়ৰ প্ৰতিবাদ মানেই চিঞৰ-বাখৰ, গালি-গালাজ, হিংসা-সন্ত্ৰাস নহয় –  কিন্তু অন্যায়, অবিচাৰ দেখিও নীৰৱে থকাটোও শান্তিপ্ৰিয় ব্যক্তিৰ লক্ষণ নহয়।

 

ভাৰতৰ দৰে এখন গণতান্ত্ৰিক দেশত সকলো নাগৰিকে ওঠৰ বছৰ হোৱাৰ লগে লগে ভোট দানৰ অধিকাৰ আহৰণ কৰে। সেই ভোট দানৰ অধিকাৰেৰে এজন ব্যক্তি ৰাজনীতিৰ লগত পৰোক্ষভাৱে জড়িত হৈ পৰে। 'অধিকাৰ' শব্দটোৱেই যেন এটা শক্তি। ভোট কাক দিব লাগিব – নিজৰ ভোটেৰে কোনোবা জয়ী হ’লে কি ভাল বা বেয়া হ'ব – এই বিষয়ে বহু লোকেই  অজ্ঞ। কিন্তু নিৰ্বাচনৰ সময়ত চলা এজাক বতাহে বহু লোকক নিৰ্দিষ্ট এটা সোঁতত বা এটা নীতিত দোঁ খুৱাই নিয়ে। বহু লোকে নিজৰ ভোটৰ অধিকাৰ সাব্যস্ত নকৰিলেও – নিজৰ নিজৰ স্থানত বহিয়েই দেশ চলাবলৈ ভাল দল, ভাল ব্যক্তি নিৰ্বাচিত কৰিব লাগে বুলি উপদেশ দি থাকে। যি পদ্ধতিৰেই নহওক কিয় – দেশ এখন পৰিচালনা কৰিবলৈ সৎ, বিবেকৱান, জ্ঞানী ব্যক্তিৰ সমূহৰ প্ৰয়োজন। সৎ, বিবেকৱান, জ্ঞানী – এই তিনিটা গুণৰপৰা এটা গুণ বাদ দিলেও আমি সু- নেতা বা সুস্থ ৰাজনীতি পোৱাৰ আশা কৰিব নোৱাৰোঁ। কিন্তু বাস্তৱ জগতত ৰাজনীতিত এনে তিনিটা গুণৰ সমাহাৰ থকা ব্যক্তি আশা কৰাটো যেন আকাশত চাং পতাৰ দৰে কথা! আমি সদায় “বেয়া” আৰু “অতি বেয়া”ৰ মাজত “বেয়া”টোক লৈ সন্তুষ্ট হ'বলৈ চেষ্টা কৰি আহিছোঁ। বৰ্তমান সময়ত  'ভাল' – 'সম্পূৰ্ণ ভাল' এনে এটা ৰাজনৈতিক স্থিতিৰ কথা ভবা মানুহ এজনক বহু লোকে অতি কল্পনাবিলাসী বুলি হাঁহি উৰুৱাই দিব।

 

ব্যক্তিৰ সমষ্টিয়েই সমাজ। সমাজৰ সমষ্টিয়েই ৰাজ্য। ৰাজ্যৰ সমষ্টিয়েই ৰাষ্ট্ৰ। ৰাষ্ট্ৰৰ সমষ্টিয়েই বিশ্ব। আজি আমি বিশ্ব কল্যাণৰ দৃষ্টিভংগীৰে সকলো কথা চিন্তা কৰা হ'লে পৃথিৱীত বহু বোৰ সাম্প্ৰদায়িক, ধাৰ্মিক সংঘৰ্ষৰ ওৰ পৰিলহেঁতেন। কিন্তু বিশ্ব কল্যাণৰ দৃষ্টিভংগীতকৈ আমি ব্যক্তিগত কল্যাণতহে বেছি গুৰুত্ব দিওঁ। ইয়াৰ ফলত আমি যে নিজেই ক্ষতিগ্ৰস্ত হওঁ সেই কথা মুঠেই অনুভৱ নকৰোঁ। মোৰ চুবুৰিটো বেয়া হ'লে তাৰ প্ৰভাৱ মোৰ ঘৰখনতো পৰিব। মোৰ ঘৰৰ গেলা জাবৰ-জোঁথৰবোৰ ঘৰৰ বাহিৰলৈ দলিয়াই দি নিজৰ ঘৰখন দুৰ্গন্ধমুক্ত কৰি ৰাখিব নোৱাৰোঁ। সেইদৰে বিশ্বৰ আন আন দেশত শান্তি স্থাপন নহ'লে, মোৰ দেশখনতো শান্তি স্থাপন হ'ব বুলি কল্পনা কৰিব নোৱাৰোঁ। আজিৰ পৃথিৱীত লাখ লাখ লোকে হিংসা, সন্ত্ৰাস আৰু অন্য প্ৰাকৃতিক দুৰ্যোগত নিজৰ দেশ হেৰুৱাই আন দেশত ভগনীয়া হিচাপে থিতাপি ল'বলগীয়া হৈছে। এই ভগনীয়া সমস্যাই বিশ্বৰ সকলোবোৰ দেশতে কম-বেছি পৰিমাণে প্ৰভাৱ পেলাইছে।

 

“Life as a refugee is like being stuck in quicksand – every time you move, you sink down further.”- সংযুক্ত ৰাষ্ট্ৰৰ প্ৰাক্তন হাইকমিছনাৰ এন্টনিও গোটাৰ্ছে কৈছিল। নিজৰ দেশ, নিজৰ অস্বিত্ব নথকা এইসকল মানুহো আমাৰ দৰেই তেজ আৰু মঙহেৰেই গঠন হৈছে। আন্তৰ্জাতিক মানৱ সুৰক্ষা সমিতিৰ ১৪ নং দফাত লিখা আছে : “Everyone has the right to seek and to enjoy in other countries asylum from persecution.”

 

বিশ্ব কল্যাণৰ দৃষ্টিভংগী ৰূপণ কৰিবলৈ আমি ব্যক্তিক সৰুৰেপৰা শিক্ষা দিব লাগিব। সমাজৰ প্ৰতিজন ব্যক্তি যদি সৎ, বিবেকৱান আৰু জ্ঞানী হয় – তেনে আমি 'ভাল” আৰু “সম্পূৰ্ণ ভাল” – এই দুটাৰ মাজত এটা স্থিতি পছন্দ কৰিবলৈ অনায়াসে সুবিধা পাম। প্ৰতিজন ব্যক্তি সৎ, বিবেকৱান আৰু জ্ঞানী হোৱাৰ অৰ্থ এয়া নহয় যে প্ৰতিজন ব্যক্তিৰ ভাব-ধাৰা, ৰীতি-নীতি, প্ৰতিভা, পছন্দ-অপছন্দ একেই হ'ব। নিজৰ নিজৰ বৈসাদৃশ্যৰ মাজতে সকলোৰে বিশিষ্ট গুণ থাকে। সেই বিশিষ্ট গুণবোৰ বিকশিত হ'বলৈ সজাগতা লাগে। নিজৰ ভিতৰত থকা “ইগ'” বা “অহংবোধ”টোক বিসৰ্জন দি নিজক বিশ্লেষণ কৰিলেই সজাগ হ'বলৈ পৰা যায়। নিজৰ যুক্তি বা চিন্তাক শ্ৰেষ্ঠ হিচাপে প্ৰতিপন্ন কৰাত তথা আনক হেয় বুলি প্ৰতিপন্ন কৰা প্ৰচেষ্টাত ব্যক্তিৰ বহু সময় নষ্ট হয়। সেই নষ্ট কৰা সময়খিনিত নিজৰ উৎকৰ্ষ সাধনৰ বাবে আহি পৰা বহুবোৰ সুন্দৰ সুযোগ হেৰাই যায়। নিজৰ যুক্তি বা চিন্তাক শ্ৰেষ্ঠ প্ৰতিপন্ন কৰাৰ ধাৰণাটোতে আহি পৰে মোৰ ধৰ্ম, মোৰ ভাষা, মোৰ সংস্কৃতি শ্ৰেষ্ঠ প্ৰতিপন্ন কৰিবলৈ কৰা সংঘৰ্ষ। ধৰ্ম কি? মানুহক ভাল চিন্তা কৰিবলৈ শক্তি দিয়া এটা উপাদান। কিন্তু ভাল চিন্তাৰ সলনি পৰস্পৰক হিংসা কৰিবলৈ প্ৰৰোচিত কৰা উপাদানবোৰক জানো ধৰ্ম বুলি কয়? প্ৰতিটো ধৰ্মই দয়া, ক্ষমা, কৃতজ্ঞতা, বিনম্ৰতা আৰু পৰোপকাৰৰ কথা কয়। মোৰ নিজৰ কৰ্ম প্ৰচেষ্টাত খাবলৈ পোৱা এসাঁজ খাদ্যৰ বাবে মই যদি কৃতজ্ঞ অনুভৱ কৰোঁ - তাৰদ্বাৰা কাৰো অনিষ্ট নহয়। কৃতজ্ঞতাবোধে মনলৈ নিৰ্মল আনন্দৰ ভাব বোৱাই দিয়ে। আনন্দই আমাক আৰু বেছি ভালদৰে কাম কৰিবলৈ মানসিক শক্তি দিয়ে। শাৰীৰিক শক্তিৰে কৰিব নোৱৰা কামো মনৰ শক্তিৰে কৰিব পাৰি। কিন্তু গণ্ডগোল হয় তেতিয়াই – যেতিয়া আমি পোৱা এসাঁজ খাদ্যৰ বাবে নিৰ্দিষ্ট নাম একোটা দি মতা এজন 'ভগৱান'ক (গড, ঈশ্বৰ, আল্লা, প্ৰভু…) কৃতজ্ঞতা জনাওঁ! যদিওঁ আমি 'মই' সত্তাটোৰ বাবেই বহু সময়ত যুঁজ-বাগৰ কৰি যন্ত্ৰণাত চটফটাই থাকোঁ - 'ধৰ্ম' শব্দটো ওলালেই 'মই' সত্তাতকৈ বেছি ওপৰত গুৰুত্ব দিওঁ অদেখা 'ভগৱান' এজনক। ধৰ্মই প্ৰকৃততে “মই” সত্তাটোৰ বাবে যুঁজ-বাগৰ কৰিবলৈ নকয় -  ধৰ্মই 'মই' সত্তাটোক শ্ৰদ্ধা কৰিবলৈহে শিকায়। মোৰ মাজতেই আছে সেই শক্তি, সেই জ্ঞান, সেই প্ৰেম, সেই দয়া, ক্ষমাৰ অনিৰ্বাণ স্ৰোত। ময়েই সকলোঁ। মই পৰিৱৰ্তন হ'লেই সমাজ পৰিৱৰ্তন হ'ব - ৰাজনীতি পৰিৱৰ্তন হ'ব। জগত পৰিৱৰ্তন হ'ব।

 

 

 

 

 

Share Button
Print Friendly, PDF & Email

No Comments : "এটি পৰিবৰ্তনৰ সপোন : ধৰ্ম, ৰাজনীতি আৰু মানৱতাবাদৰ আলমত (অনুপমা বৰগোহাঁই)"

Leave a Comment

Your email address will not be published. Required fields are marked *