ফ্লেবিয়া এগনেছ-(মীনাক্ষী বৰুৱা)

আইন সম্পৰ্কীয় কেইবাখনো কিতাপৰ লেখিকা, বহু সন্মানেৰে বিভূষিতা এগৰাকী অধিবক্তা, সফল মাতৃ, সফল নাৰীৰ নাম ফ্লেবিয়া এগনেছ । অত্যাচাৰী স্বামীৰ নিৰ্যাতন নেওচি ফ্লেবিয়াই বহু কষ্ট আৰু ধৈৰ্যৰে নিজৰ সামৰ্থ্য এদিন প্ৰমাণ কৰি দেখুৱাইছিল । মানসিক যন্ত্ৰণা আৰু শাৰীৰিক কষ্টই পিষ্ট কৰি তোলা ফ্লেবিয়া এগনেছ আজি গাৰ্হস্থ্য হিংসাত ভুগি থকা বহু নাৰীৰ বাবে প্ৰেৰণাৰ প্ৰতীক । এই সমাজকৰ্মী লেখিকাগৰাকীৰ জীৱনৰ পুনৰ নিৰ্মানৰ ঘটনাৰে প্ৰকাশ হৈছিল এখন আত্মজীৱনীমূলক গ্ৰন্থ My story..Our story  । আত্মজীৱনীখন অসমীয়ালৈ অনুবাদ কৰিছে ননী চহৰীয়া বৰাই । ১১০/- টকা মূল্যৰ ১০৪ পৃষ্ঠাৰ কিতাপখনৰ নাম "মোৰ কাহিনী আমাৰ কাহিনী" । প্ৰকাশক অন্বেষা ।

   ১৯৪৭ চনত দক্ষিণ য়েমেনৰ এডেন চহৰত জন্মগ্ৰহণ কৰা ফ্লেবিয়া এগনেছ বৰ্তমান মুম্বাইৰ বাসিন্দা । কম বয়সতে পিতৃহীনা হোৱা ছোৱালীজনীয়ে টাইপিষ্টৰ কাম কৰি পৰিয়ালটোক সকাহ দিব বিচাৰিছিল যদিও ৰাজনৈতিক অশান্তিৰ হেতু দক্ষিণ য়েমেন এৰি মাঙ্গালোৰলৈ গুচি আহিব লগীয়া হৈছিল । বিশ বছৰত বয়সতে তেওঁ বিয়া হৈছিল মাঙ্গালোৰৰ এজন সুদৰ্শন যুৱকৰ সৈতে, যি আছিল বৃহৎ পৰিয়াল এটাৰ দশম সন্তান । ফ্লেবিয়াৰ শহুৰ আছিল পৰিয়ালটোৰ সৰ্বময় কৰ্তা, উগ্ৰ আৰু অত্যাচাৰী । উপাৰ্জন তাকৰ । স্বামী বহুজাতিক সংস্থা এটাৰ সহকাৰী সচিব । তেওঁলোকৰ ধাৰণা আছিল নাৰী কেৱল পুৰুষৰ ভোগৰ সামগ্ৰী আৰু সন্তান জন্ম দিয়া যন্ত্ৰ । বিয়াৰ দ্বিতীয় মাহতে ফ্লেবিয়া অন্তঃসত্ত্বা হৈছিল । স্বামীয়ে কৈছিল - " মোৰ দেউতাই এক ডজন সন্তান জন্ম দিছিল , মই অন্ততঃ আধা ডজন দিম ।" পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ কু-প্ৰভাৱে মানুহজনক বৰকৈ প্ৰভাৱাম্বিত কৰিছিল । পিতৃত্বৰ গৌৰৱ যেন অধিক সন্তান জন্ম দিব পৰা ক্ষমতাৰ ওপৰতহে প্ৰতিপন্ন হয়, এই শিক্ষাই লাভ কৰিছিল তেওঁ ঘৰখনৰ পৰিবেশৰ পৰা । কিতাপ পত্ৰ পঢ়ি ফ্লেবিয়াৰ ধাৰণা হৈছিল বিবাহ মানে সংগ, বন্ধুত্ব, প্ৰেম । বিবাহ মানে মন, প্ৰাণ, শৰীৰ আৰু অন্তৰাত্মাৰ মিলন । পিছে এসপ্তাহৰ পিছতে তেওঁৰ সেই বিশ্বাস ভুল বুলি প্ৰমাণিত হৈছিল । প্ৰথমবাৰ যেতিয়া স্বামীয়ে তেওঁক কৈছিল 'তোক মই পিটিম' , ফ্লেবিয়াই ধেমালি কৰা বুলিহে ভাবিছিল । দ্বিতীয়বাৰ যেতিয়া হেঙাৰ এডালেৰে কোবালে ফ্লেবিয়াই ভাবিলে 'এয়া সঁচা নহয়' ! তৃতীয়বাৰ এপাত বেল্টেৰে কোবালে । নাক ফাটি তেজ বৈ গ'ল ফ্লেবিয়াৰ । হতাশাত তেওঁ জঠৰ হৈ পৰিল । এই মাৰ-ধৰ বিলাক দাম্পত্য জীৱনৰ অংশ বুলি তেওঁকতো কোনেও সতৰ্ক কৰি দিয়া নাছিল !!

     ফ্লেবিয়াৰ জীৱন কাহিনী কেৱল এগৰাকী নাৰীৰ কাহিনী নহয় । তেওঁৰ দৰে বহু নাৰীৰে আমাৰ সমাজখন ভৰি আছে । বিবাহৰ এনে ভয়ঙ্কৰ পৰিণাম সদায়ে ভোগ কৰিবলগা হয় কেৱল নাৰীগৰাকীয়ে । কাৰণ বাহুবলত নাৰী পুৰুষতকৈ দুৰ্বল । ভাৰতীয় সমাজত নাৰীক অবলা আৰু মানসিকভাৱেও দুৰ্বল বুলিয়েই বিবেচনা কৰা হয় । নাৰীৰ বাবে পুৰুষ পূজ্য, কিন্তু পুৰুষৰ বাবে নাৰী কেৱল সম্ভোগৰ পাত্ৰ ! পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাত নাৰী নিৰ্যাতনৰ ঘটনা ৰামায়ণ-মহাভাৰতৰ যুগৰেপৰা দেখিবলৈ পোৱা যায় । গতিকে গৰিষ্ঠ সংখ্যক নাৰীয়ে পুৰুষৰ নিৰ্য্যাতন স্বাভাৱিক বুলিয়েই গণ্য কৰে । আনহাতে, আত্মসন্মানবোধসম্পন্ন কোনো নাৰীয়ে নিজৰ বৈবাহিক জীৱনৰ অশান্তি আৰু উৎপীড়ণৰ কথা সহজতে আনৰ আগত প্ৰকাশ কৰিব নোৱাৰে । ফ্লেবিয়াইও সমাজখন দেখি-শুনি সুখী জীৱনৰ অভিনয় কৰিবলৈ শিকি পেলালে । পাৰ্টিবোৰত তেওঁ বেছ নিপুণতাৰে মনটোক ঢাকি ৰাখিব জানিছিল । ধুনীয়া পাটৰ কাপোৰ পিন্ধিছিল, মিলাই মিলাই অলংকাৰ পিন্ধিছিল । অত্যন্ত শাৰীৰিক আৰু মানসিক কষ্টৰ মাজতে এবছৰৰ ভিতৰতে তেওঁৰ প্ৰথম সন্তানটো জন্ম হৈছিল । অৱশ্যে এই সময়ছোৱাত বমিৰ ভাব, মূৰ ঘূৰণি, ভাগি পৰা শৰীৰ, চূৰ্ণ-বিচূৰ্ণ হৃদয়ৰ মাজতো তেওঁ আশা হেৰুওৱা নাছিল । ক্ষন্তেকৰ বাবে মৃত্যুৰ চিন্তা মনলৈ আহিলেও তেওঁ দুগুণ সাহসেৰে জীৱনৰ সৈতে যুঁজাৰ সিদ্ধান্ত লৈছিল । গৰ্ভত থকা সন্তানটোৰ মায়াত তেওঁ সকলো সহি গৈছিল । কেচুৱাটিৰ জন্মৰ পিছত তেওঁ মাকক কৈছিল - " মা, তোমাৰ প্ৰাণচঞ্চল ছোৱালীজনী মৰি থাকিল । বিবাহিত তিৰোতালৈ হোৱা ৰূপান্তৰতে তাইৰ মৃত্যু ঘটিল ।"

      আধা ডজন সন্তান প্ৰত্যাশী ফ্লেবিয়াৰ স্বামী কেইটামান বছৰৰ ভিতৰতে তিনিটা সন্তানৰ পিতৃ হৈছিল । বিক্ৰম, শীতল আৰু প্ৰসন্না । সন্তানকেইটাৰ নামৰ মাজতেই ফ্লেবিয়াই যেন জীৱনৰ আশ্ৰয় বিচাৰি উলিয়াইছিল । বাকীতো একোৱেই নাছিল ! চতুৰ্থ সন্তানটো গৰ্ভত থিতাপি লোৱাৰ সময়ত গৰ্ভপাত আইনসন্মত হৈছিল । বিয়াৰ কেইমাহমানৰ পিছতে ফ্লেবিয়া এজমা ৰোগত আক্ৰান্ত হ'ল । এদিন স্বামীয়ে ক'লে, "তুমি মাৰাৰ ঘৰতে চিকিৎসা কৰোৱাগৈ আৰু তাতেই থাকি যোৱা ।" ফ্লেবিয়াৰ তেওঁক ভৰিত ধৰিবলৈহে বাকী থাকিল ! বিধৱা মাকৰ আৰ্থিক অৱস্থা মুঠেই স্বচ্ছল নাছিল । ইয়াৰ ওপৰত ফ্লেবিয়া মাকৰ বোজা হয় কেনেকৈ ? সহ্য কৰি যোৱাৰ বাদে আন কোনো উপায় নাছিল । ফ্লেবিয়াই স্বামীৰ পৰা কোনো কথাত স্বীকৃতি পোৱা নাছিল । তেওঁ বৰ পাকৈত ৰান্ধনী আছিল । অথচ পাৰ্টিবোৰত নিমন্ত্ৰিত অতিথিয়ে তেওঁক কৈছিল- "তোমাৰ স্বামীয়ে ইমান ভাল ৰান্ধিব জানে !" আত্মীয় আৰু বন্ধুবৰ্গই কৈছিল ফ্লেবিয়াই নিশ্চয় তেওঁৰ স্বামীক সন্তুষ্ট কৰিব জনা নাই ! অথচ চামুচখন নাপালে, মজিয়াত পানীৰ ছিটিঙনি দেখিলে, বাতৰিকাকতখন চিজিল হৈ নাথাকিলে অত্যাচাৰ কৰা বিবাহিত পুৰুষ এজনক কি পদ্ধতিৰে সন্তুষ্ট কৰা যায় এই কথা ফ্লেবিয়াক শিকাব কোনে ? মৰমেৰে বশ কৰিবলৈ বাৰে বাৰে চেষ্টা কৰিও ফ্লেবিয়া বিফল হয় । কিতাপখন পঢ়ি যাওঁতে এনেকুৱা লাগে, ফ্লেবিয়াৰ স্বামী বাৰু মানসিক বিকাৰগ্ৰস্ত নেকি ? পিছে মুঠেই নহয় । ঘৰৰ বাহিৰত আৰু আন মানুহৰ সমুখত তেওঁৰ আচৰণ সম্পূৰ্ণ স্বাভাৱিক । লাহে লাহে মানুহজনৰ এই অত্যাচাৰ সন্তান তিনিটালৈও বিয়পি পৰিল । অনাহকতে অথবা সাধাৰণ কথা একোটাতে সিহঁতে দেউতাকৰপৰা গুৰু শাস্তি ভোগ কৰিবলগীয়া হৈছিল । নাৰ্ছাৰীত পঢ়া বিক্ৰমে এদিন মাকক কৈছিল -" মা, তুমি মোক স্কুলৰপৰা নিবলৈ আহোঁতে দেউতাই তোমাক মাৰি হাত ভঙা বুলি নক'বা দেই !" ইমান কম বয়সতে পৰিবেশে ল'ৰাটোক পৰিপক্ক কৰি তুলিলে ! ফ্লেবিয়া শোকত ভাগি পৰে ।

   কেতিয়াবা আত্মহত্যাৰ চিন্তা, কেতিয়াবা ঘৰ এৰি যোৱাৰ চিন্তা আদিৰ মাজে মাজে চলি থাকিল বনৰীয়া ষাঁড় গৰু সদৃশ জঘন্য হিংস্ৰতা । আইনী ব্যৱস্থাৰ কাষ চাপিও ফ্লেবিয়াই কোনো সু-ফল নাপালে । এনেকুৱা পৰিস্থিতিত অত্যাচাৰী মানুহজন ভদ্ৰ, নম্ৰ লোক হৈ পৰে । টকা-পইচাৰ ক্ষেত্ৰতো ফ্লেবিয়া আছিল একেবাৰেই নিঃস্ব । স্বামীৰ উপাৰ্জনৰ পৰা খৰচ কৰাৰ অধিকাৰ তেওঁক দিয়া হোৱা নাছিল । সেয়ে উপাৰ্জনৰ পথ হিচাপে তেওঁ বাচি লৈছিল প্ৰাইভেট টিউছন । প্ৰথমে ৬০ টকাত আৰম্ভ হোৱা এই টিউছনৰ উপাৰ্জন পিছলৈ ৫০০ টকা হৈছিলগৈ । এদিন এটা ঘটনা ঘটিল । টিউছনত অনুপস্থিত থকা ছাত্ৰ এজনে পিছদিনা আহি কওঁ নকওঁকৈ ফ্লেবিয়াক কৈছিল, "মিচ্, মোৰ দেউতাও বিক্ৰমৰ দেউতাৰ নিচিনাই !" এদিন এগৰাকী মাতৃয়েও তেওঁক স্বামীৰ অত্যাচাৰে বিধ্বস্ত কৰি তোলা মহিলা এগৰাকীৰ কথা কৈছিল । এনেকৈয়ে কেইবাগৰাকীও মহিলাৰ উমৈহতীয়া সমস্যাই ফ্লেবিয়াৰ মনত "উমৈহতীয়া সাহায্য কেন্দ্ৰ"ৰ ধাৰণা এটাৰ জন্ম দিলে । গীৰ্জাঘৰত লগ পোৱা ২০ বছৰীয়া তৰুণী এগৰাকীৰপৰা "মহিলাৰ গোট" এটাৰ বিষয়ে জানিব পাৰিলে । আৰু অৱশেষত "নাৰী নিৰ্য্যাতন বিৰোধী মঞ্চ"ৰ জৰিয়তে তেওঁ নিজকে অন্য ৰূপত আৱিষ্কাৰ কৰিলে ।

     উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হোৱাৰ পিছতে ১৯৬৭ চনত বিয়াত বহা ছোৱালীজনী এই বিধ্বস্ত সময়ৰ মাজতো ডিষ্টিংশ্যন নম্বৰ সহ স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈছিল । আইনৰ স্নাতকোত্তৰ আৰু এম. ফিল ডিগ্ৰীৰ পিছত বাঙ্গালুৰু নেশ্যনেল স্কুলৰ অধ্যাপিকা হৈছিল । এনেকৈয়ে নিৰ্য্যাতিত মহিলাগৰাকী অশেষ কষ্টৰ বলত এদিন নাৰীৰ অধিকাৰ বিষয়ক আইনজ্ঞ, আইন বিষয়ক শিক্ষাবিদ হৈছিল ।

সন্তান কেইটাৰ ভৱিষ্যতৰ কথা ভাবি ফ্লেবিয়াই বেংক অব ইণ্ডিয়াৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলালে আৰু উত্তীৰ্ণও হৈছিল । কিন্তু সাক্ষাৎকাৰলৈ যোৱাৰ সময়ত স্বামীৰ মন্তব্য আছিল- "চাকৰি কৰা তিৰোতা বিলাক উদ্ধত স্বভাৱৰ হয় ।" এই মানসিকতা কেৱল ফ্লেবিয়াৰ স্বামীৰ ক্ষেত্ৰতহে নহয় । ভাৰতীয় সমাজব্যৱস্থাই প্ৰত্যেক পুৰুষৰ মানসিকতা এনেকৈয়ে গঢ়ি তুলিছে । ব্যতিক্ৰমনো কেইজন ? United Nations Development Programme ৰ Human Development-2000 য়ে প্ৰকাশ কৰা প্ৰতিবেদন মতে ভাৰতত পত্নীৰ শিক্ষাও ঘৰুৱা হিংসাৰ অন্যতম কাৰণ হ'ব পাৰে । প্ৰকৃততে অত্যাচাৰী পুৰুষৰ অজুহাতৰ কোনো শেষ নাথাকে । কোনো সময়ত ফ্লেবিয়াৰ নিজকে প্ৰেতাত্মা যেন লাগে । লাহে লাহে লাজ-মান কাতি কৰি সমস্যাবোৰৰ কথা তেওঁ  প্ৰতিবেশীৰ সৈতে আলোচনা কৰিবলৈ ল'লে । তেওঁলোকেও বিভিন্ন পৰামৰ্শ দিলে । এদিন অত্যাচাৰৰ চূড়ান্ত পৰ্যায়ত উপনীত হৈ ফ্লেবিয়াই স্বামীৰ চকুলৈ শুকান জলকীয়াৰ গুৰি এমুঠি মাৰি পঠিয়ালে । ঘটনাৰ আকস্মিকতা সহিব নোৱাৰি স্বামীয়ে বনৰীয়া জন্মৰ ৰূপ ধাৰণ কৰিলে । নাৰীয়ে পুৰুষক আক্ৰমণ আৰু অপমান কৰিছে, এয়া সহ্য কৰা কথানে ? এই অধিকাৰ কেৱল পুৰুষৰহে আছে ! তেওঁ ফ্লেবিয়াক আক্ৰমণ কৰিবলৈ চোঁচা ল'লে । ভয়ত বিতত হৈ সেইদিনা ফ্লেবিয়াই ব্লাউজ আৰু পেটিকোটেৰেই দৌৰি বাহিৰলৈ ওলাই গ'ল । ইয়াৰ পিছতে আৰম্ভ হৈছিল পুনৰ আইনী গোচৰ । ইতিমধ্যে ফ্লেবিয়া ভীষণ সাহসী হৈ উঠিছিল । আগতে কাজিয়াৰ পিছত কেইবাবাৰো তেওঁ ঘৰ এৰি কেতিয়াবা মাকৰ ঘৰলৈ, কেতিয়াবা বন্ধুৰ ঘৰলৈ গুচি গৈছিল । এইবাৰ কিন্তু তেওঁ ঘৰ এৰি নোযোৱাৰ সিদ্ধান্ত ল'লে । সহ্য আৰু অৱদমনে যে অত্যাচাৰ বন্ধ নকৰে এই কথা ফ্লেবিয়াই মৰ্মে মৰ্মে উপলব্ধি কৰিলে ।গাৰ্হস্থ হিংসা আৰু সমস্যাৰে জৰ্জৰিত হোৱা স্বত্বেও এই আত্মজীৱনী বিয়োগাত্মক নহয় , ইয়াত আছে আশাৰ ৰেঙণি, সংগ্ৰামত জয়ী হোৱাৰ অমল গৌৰৱ আৰু আত্মপ্ৰতিষ্ঠাৰ সোপান । এই প্ৰত্যাহ্বানৰ মাজতো ফ্লেবিয়াৰ তিনিওটি সন্তান প্ৰতিষ্ঠিত হৈছিল । পৰিয়ালৰ আটাইকেউজনেই উপাৰ্জনক্ষম হৈ উঠাৰ পিছত এদিন তেওঁ প্ৰাপ্য সম্পত্তিৰ উত্তৰাধিকাৰীও হৈছিল । আনহাতে, এটা হতাশাগ্ৰস্ত জীৱন কটোৱাৰ অন্তত এদিন ফ্লেবিয়াৰ স্বামীৰ মৃত্যু হৈছিল ।

     ২০১১  চনতে ফ্লেবিয়াৰ জীৱন কাহিনীৰ পঞ্চম সংস্কৰণ প্ৰকাশ হয় । এই কিতাপখন ৮ টা ভাষালৈ অনূদিত হৈছে । ভাৰতবৰ্ষ আৰু বিদেশৰো গাৰ্হস্থ্য হিংসাৰ বলী হোৱা বিবাহিত মহিলা সকলৰদ্বাৰা এই কিতাপখন বহুলভাৱে সমাদৃত হৈছে । সহজ-সৰল ভাষাত লিখিত কিতাপখনে নাৰী এগৰাকীৰ আভ্যন্তৰীণ শক্তি, নৈতিক বিশ্বাস আৰু সাহস দৃঢ়তৰ কৰি তোলাত নিঃসন্দেহে সহায় কৰিব । এন্ধাৰ সুৰঙ্গৰ শেষত যে নিশ্চিতভাৱে পোহৰ আছে, সেই প্ৰত্যয় জন্মাই মনলৈ অপাৰ শক্তি আনিবলৈ সক্ষম হ'ব । নাৰীৰ অধিকাৰ আৰু মৰ্যাদা সম্পৰ্কে সচেতন হোৱাত সহায় কৰিব । মহাৰাষ্ট্ৰৰ সৰু সৰু চহৰ, দূৰণিবটীয়া গ্ৰামাঞ্চল আৰু জনজাতীয় অঞ্চলসমূহত হিংসাপূৰ্ণ বৈবাহিক জীৱনৰ গৰাহত পৰা মহিলাসকলক আইনী সাহায্য দিয়াৰ সময়ত ফ্লেবিয়াৰ কিতাপখন থাউকতে পোৱা সমল পুথি হিচাপে ব্যৱহাৰ কৰে ।

  আমাৰ দেশত কন্যা শিশু সন্তানৰ ওপৰত নিতৌ হৈ থকা ধৰ্ষণ আৰু হত্যাৰ আঁৰত এই পুৰুষতান্ত্ৰিক মানসিকতাৰ প্ৰভাৱ নাই বুলি কোনোবাই ক'ব পাৰিবনে ? ২০০১ চনৰ এক প্ৰতিবেদন অনুযায়ী সাধাৰণ কাৰণতে ভাৰতৰ চল্লিশ শতাংশ বিবাহিত মহিলা স্বামীৰ নিৰ্যাতনৰ বলি হয় । পুৰুষে এই নিৰ্যাতনক স্বাভাৱিক অধিকাৰ বুলিয়েই গণ্য কৰে । কেইদিনমানৰ আগতে এগৰাকী শিক্ষিতা নাৰীৰ মুখে শুনিলোঁ, সন্তানহীনতাৰ অপৰাধত উচ্চ শিক্ষিত স্বামীয়ে তেওঁক ঘৰলৈ উভতি যাবলৈ বাধ্য কৰিলে । প্ৰেয়সীক শয্যাসংগীনী কৰি পত্নীক চূড়ান্তভাৱে অপমান কৰাৰ কথা কৈ উচুপি উঠিছিল মানুহগৰাকী । দেশত নাৰী জাগৰণ, নাৰী সুৰক্ষা সম্পৰ্কীয় আইন আদি প্ৰণয়ন হোৱাৰ পিছতো নাৰী নিৰ্যাতনৰ ঘটনা কমি যোৱা নাই, বৰং বাঢ়িছেহে, কোনো কোনোৰ ক্ষেত্ৰত হয়তো কিছু সংশোধিত ৰূপত । শিক্ষা ব্যৱস্থাৰ সংশোধনৰ লগতে পুত্ৰ-কন্যা নিৰ্বিশেষে পৰিয়ালসমূহত সমতা স্থাপন হ'লেহে এদিন নাৰীয়ে নিজৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে কৰা যুঁজৰ অৱসান ঘটিব বুলি মনে ধৰে ।

Share Button
Print Friendly, PDF & Email

No Comments : "ফ্লেবিয়া এগনেছ-(মীনাক্ষী বৰুৱা)"

Leave a Comment

Your email address will not be published. Required fields are marked *