গাজী ৰাভাৰ ত্যাগৰ কথাৰে এটা গান

বিষ্ণু ৰাভা আজিকালি এটা দিৱসৰ নাম‌। বছৰৰ এটা দিনত ৰজাঘৰ, প্ৰজাঘৰ মুখৰিত কৰি সকলোৱে এবাৰ যেন নিয়মমাফিক এটা প্ৰশ্ন সোধে—“বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি?” ৰাতি পুওৱাৰ কোনো লক্ষণো নাই‌। সেই কথা বুজাৰ জোখাৰেও কাৰো শক্তি নাই‌। অৱসৰো নাই‌। সেই এটা দিনৰ পাছতেই সকলোৱেই সেই নিয়মমাফিক প্ৰশ্নটোও পাহৰি যায়‌। আঁকোৱালি লয় নিঃসীম আন্ধাৰক‌।

তেনে এক সময়তে, গাজী ৰাভাৰ দৃষ্টিৰে বিষ্ণু ৰাভাক চাবলৈ প্ৰয়াস কৰা গান এটাই কিছু আশা যেন কঢ়িয়াই আনিলে‌। জয় বৰুৱাৰ কণ্ঠত ইবচনলাল বৰুৱাই লিখা গীত এটা‌। গীতটোৰ ভিডিঅ’ এডিটিং সমুদ্ৰ কাজল শইকীয়াৰ‌। শইকীয়াই অপূৰ্ব চিত্ৰকলাৰ এনিমেচনেৰে গীতটো সজাইছে‌। লগতে জৰ্জ ব্ৰুকছৰ ছেক্স’ফ’নৰ সংযোগে এক অনন্য মাত্ৰা প্ৰদান কৰিছে‌।

গাজী ৰাভা এক দুৰ্দান্ত সাহসী প্ৰতিবাদী সত্তাৰ নাম‌, যি কমিউনিষ্ট আদৰ্শক আঁকোৱালি লৈ ৰাভাৰ সহযোগী হিচাপে ফুৰি ফুৰিছিল‌। সেই সময়ত বিদ্ৰোহী ৰাভা হৈ পৰিছিল চৰকাৰৰ বাবে সংশয়ৰ কাৰণ‌। ৰাভাৰ মূৰৰ দামপৰ্যন্ত ধাৰ্য কৰা হৈছিল‌। তেনে এক দুৰ্যোগৰ নিশা পলাই ফুৰা গাজী ৰাভা ধৰা পৰিছিল পুলিচৰ হাতত‌। বিষ্ণু ৰাভা পলাই সাৰিছিল‌। পুলিচৰ নিৰ্মম অত্যাচাৰৰ বলি হৈছিল গাজী ৰাভা‌। বিষ্ণু ৰাভাৰ ঠিকনা বিচাৰি কৰা সেই অবৰ্ণনীয় অত্যাচাৰত যাতে তেওঁ সেও মানি ৰাভাৰ কথা কৈ নিদিয়ে তাৰ বাবে তেওঁ নিজৰ জিভাখনকে কামুৰি ছিঙি পেলাইছিল‌। কি দুৰ্দান্ত সাহস‌। আদৰ্শৰ প্ৰতি কি অচলা নিষ্ঠা‌! আজিৰ এই দুৰ্দিনৰ সময়ত, বিশেষকৈ অসমীয়া গানৰ জগতত বিৰক্তকৰ “যৌৱন-গীত”ৰ একঘেয়ামিৰ মাজত গাজী ৰাভাৰ আদৰ্শৰে উন্মুখ গীত এটিৰ সৃষ্টি সঁচাকৈয়ে এক উৎসাহজনক বতৰা‌। গীতিকাৰৰ ভাষাত গাজীয়ে বিষ্ণু ৰাভাক মাতিছে ‘বেলি’ বুলি‌।-- “বেলিটিৰ নামেৰে মাতিছো অ’ বিষ্ণু ৰাভা”। আৰু এই বেলিটিক যেনেতেনে হাবিয়নি এৰি যাবলৈ কাতৰ অনুৰোধ কৰিছে‌।

-
যাঃ, বেলি যাঃ
হাবিয়নি এৰি যা
যাঃ বেলি যাঃ
খেদি পুৱতি তৰা‌।

গাজী ৰাভাৰ নিজৰ প্ৰাণৰ মায়া নাই‌। শিকলি ছিঙি সোণোৱালী দুৱাৰ খুলি দিয়াৰ মন গাজী ৰাভাৰ‌। আৰু তেওঁ জানে, সেই কাম কৰিব পাৰিব বিষ্ণু ৰাভাই‌। সেয়ে “মুখৰ কথা খুলি থোৱা”ৰ এই বিৰল আত্মত্যাগেৰে তেওঁ শত শত মানুহে বিচৰা নতুন এটি মুকলি প্ৰভাত আনিবৰ বাবে বিষ্ণু ৰাভাক আহ্বান কৰিছে‌।

এই গীতটোৰ কথাই মোক আমাৰ শৈশৱৰ এটা সৰু কিন্তু গুৰুত্বপূৰ্ণ ঘটনালৈ মনত পেলাই দিলে‌। দীঘলীয়া অসম আন্দোলনৰ মাজৰ কোনোবা এবছৰৰ কথা‌। আমাৰ সৰু চহৰ নামৰূপত পতা বিষ্ণু ৰাভা দিৱসত আমি গাবলৈ ঠিক কৰিছিলো এটা গীত‌। গীতটোৰ ৰচনা আৰু সুৰ আছিল সেই সময়ৰ নামৰূপৰ বাসিন্দা সূৰ্য ভাগৱতীৰ‌। সেই গীতটোও ‘কলাগুৰু’ৰ গুণানুকীৰ্তনেৰে মুখৰ নাছিল‌। খুব সুন্দৰ কথা আৰু সুৰত বন্ধা গীতটোত আছিল “পূবৰ বেলিৰ নাম বিষ্ণু ৰাভা”। গীতটো এনেকুৱা-

তুমি আমাৰ বাবে
বিষ্ণু ৰাভা
এটি জুইৰ শিখা - জ্বলি থকা‌।
বৈ আছে বৈ থাকক
দেহৰ ধমনিত
অগনি কণিকা হৈ বিষ্ণু ৰাভা‌।

গানটোৰ মাজত আছিল—‘সমতাতন্ত্ৰৰ নবোদিত সূৰ্য’ৰ কথা‌ আৰু সামৰণিত আছিল কমৰেড ৰাভাক শ্ৰমিক আৰু কৃষকৰ মাজত জীয়াই ৰখাৰ আশা‌।--

“কমৰেড ৰাভা তুমি জীয়াই থাকা
প্ৰতি শ্ৰমিকৰ ঘৰে ঘৰে জীয়াই থাকা
প্ৰতি কৃষকৰ ঘৰে ঘৰে জীয়াই থাকা‌।“

কিন্তু এইখিনিতেই লাগিল গণ্ডগোল‌। অনুশীলন চলি থকাৰ মাজতে এগৰাকীয়ে আহি ক’লে যে সেই গীতটো গালে আমাক দৰ্শকে শিল দলিয়াব‌। ‘কমৰেড’ বুলি ‘চিপিএম’বোৰেহে কয়‌। গতিকে এই গানটো ‘চিপিএম’ৰ গান‌। সেয়া অৱশ্যেই তেওঁৰ মাক-দেউতাকৰ ভাষ্য‌।

নক’লেও হ’ব, অসম আন্দোলনৰ সময়ত ‘চিপিএম’ শব্দটো এটা গালিলৈ ৰূপান্তৰিত হৈছিল‌। দলীয় ৰাজনীতি কৰক বা নকৰক ‘সমতাতন্ত্ৰৰ নবোদিত সূৰ্য’ৰ কথা কোৱা মানুহ ‘চিপিএম’ নহৈ আৰু কি হ’ব‌? আৰু ‘চিপিএম’ মানেই যে দেশদ্ৰোহী‌! আমি বিমোৰত পৰিলো‌। কি কৰা যায়‌? অবশেষত জানিবা আমাৰ সেই সময়ৰ সংগীত শিক্ষক ৰোষ বৰুৱা ছাৰে, যি নিজেও বামপন্থী আদৰ্শত বিশ্বাসী আছিল কথাটো শুনি বলিষ্ঠ ভাষাৰে ক’লে, “কোনে শিল দলিয়ায় মই চামচোন বাৰু‌।” ছাৰৰ সাহসতে আমি গীতটো গালো‌। পাছত অৱশ্যে সদৌ অসম জনসাংস্কৃতিক পৰিষদৰদ্বাৰা উক্ত গীতটো ৰেকৰ্ডো কৰা হয়‌।

সি যি নহওক, অসম আন্দোলনৰ সময়ত সাংস্কৃতিক ক্ষেত্ৰখনতো কেনে এক ফেচিবাদী সন্ত্ৰাসে বিৰাজ কৰিছিল তাক অনুধাৱন কৰাত নিশ্চয় আমাৰ শৈশৱৰ এই সৰু ঘটনাটোৱে সহায় কৰিব‌। পাছলৈ সেই ফেচিবাদৰ ৰাজত্ব কমিল যদিও অসমৰ সাংস্কৃতিক ক্ষেত্ৰত জাতীয়তাবাদী চিন্তাৰ বেহু ভেদ কৰাৰ প্ৰয়াস চিৰতৰে বন্ধ হৈ যোৱা যেন হ’ল‌। জ্যোতিপ্ৰসাদ বুলিলেই “লাচিতৰ দিনৰে জ্বলা জুয়েকুৰা”ৰ সোঁৱৰণ, বিষ্ণু ৰাভা বুলিলেই “জয়া নাই জয়া নাই”ৰ বিননি‌। শেহতীয়াভাৱে আকৌ তাৰ সৈতে সাংস্কৃতিক পণ্যায়নৰ পানীয় যোগ হৈ জাতীয়তাবাদ আৰু বিশ্বায়নৰ এক নতুন ককটেইলৰ সৃষ্টি হৈছে‌। বিকল্প নতুন সৃষ্টিৰ অভাৱত সেই ককটেইলেৰেই আমি সাংস্কৃতিক পিয়াহ দূৰ কৰিবলগীয়া হৈছে‌।

সেই দৃষ্টিকোণৰপৰাই গীতিকাৰৰ গীতৰ কথা আৰু গায়কৰ স্বৰ প্ৰক্ষেপণৰ বহু দোষ-দুৰ্বলতাৰ পাছতো এই আলোচ্য গীতটিক এটি আশাৰ প্ৰদীপৰূপে ল’ব পাৰি‌। আশা কৰোঁ, পাছৰবোৰ সৃষ্টিত গীতৰ কথাৰ ক্ষেত্ৰত আৰু পৰিপক্বতা আমি দেখিবলৈ পাম‌। তদুপৰি গায়কেও গীতৰ কথাক নিজৰ কণ্ঠত ফুটাই তুলিবলৈ যত্ন কৰিব লাগিব‌। গীতিকাৰে বিচৰা চিত্ৰ গায়ক মাত্ৰেই সকলোৰে কণ্ঠত স্বতঃস্ফূৰ্তভাৱে ফুটি নুঠিবও পাৰে‌। তাৰ বাবে সচেতন প্ৰচেষ্টাৰো দৰকাৰ হয়‌। উদাহৰণস্বৰূপে “ভাং শিকলি” বোলোঁতে সি কেৱল সুৰত থাকিলেই নহ’ব‌। শিকলি ভঙাৰ বা ছিঙাৰ আহ্বান যে গায়কজনে দিছে সেইটো তেওঁৰ স্বৰ প্ৰক্ষেপণৰদ্বাৰাই প্ৰতিপন্ন কৰিব লাগিব‌। নহ’লে সি চিৰদিন এটা সুৰীয়া অৰ্থহীন শব্দৰ সমষ্টিয়েই হৈ থাকিব‌।

শেষত এনে এটি গীত উপহাৰ দিয়াৰ বাবে সমুদ্ৰ কাজল শইকীয়া, জয় বৰুৱা প্ৰমুখ্যে জড়িত সকলোকে অশেষ ধন্যবাদ জনালোঁ‌। আশা কৰিছো, এনে সৎ প্ৰচেষ্টা ভৱিষ্যতলৈও অব্যাহত থাকিব‌।

বৰ্ণালী বৰুৱা দাস

Share Button
Print Friendly, PDF & Email

1 Comment : "গাজী ৰাভাৰ ত্যাগৰ কথাৰে এটা গান"

Leave a Comment

Your email address will not be published. Required fields are marked *