ঘৰ- (হেমন্ত বৰ্মন)

হুমুনিয়াহ এটাৰে তেওঁ দিনটোৰ ভাগৰ সামৰিলে৷ আন্ধাৰ হৈ আহিছে৷ হাবিতলীয়া এই ঠাইখনত লাইটৰ পোহৰ থকাৰ ঠিকনা নাই৷ আন্ধাৰে-মুন্ধাৰে লগৰজন আৰু তেওঁ গাড়ীত উঠিল৷ ড্রাইভাৰ এতিয়াও অহা নাই৷ লগৰজনক তেওঁ ড্রাইভাৰৰ কাষৰ আসনৰ কাষত বহিবলৈ ক’লে৷ লগৰজন নগ’ল৷ তেওঁৰ কাষতে বহিল৷ কাৰো মুখৰ মাত নাই৷ ঠাইখন আন্ধাৰ৷ হাবিতলীয়া বাটত জোনাকী পৰুৱাৰ ঢিমিক-ঢামাক পোহৰ৷ গাড়ীখন গর্জি উঠাত তেওঁ চক খোৱাৰ দৰে হ’ল৷ এতিয়া যাত্রা আৰম্ভ হ’ব৷

সৰু ট্রাকৰ দৰে গাড়ীখনৰ পিছফালৰ ঠাইত তেওঁলোক আঁউজি বহিল৷ তেওঁৰ ভোক লাগিছে৷ লগৰজনো নিশ্চয় কলমলাই আছে৷ দিনটো ইঠাইৰপৰা সিঠাইলৈ দৌৰোতেই পাৰ হ’ল৷ ইটোৰ পিছত সিটো চহী মাৰি ভাগৰ লাগিল৷ দুই-এবাৰ চাহ খাইছে যদিও ভাত খোৱাৰ সময় নহ’ল৷ খোৱাৰ মনো নাছিল৷ ৰাতিৰ যাত্রা৷ তাতে দূৰণিবটীয়া৷ যি হয় হ’ব বুলি তেওঁ দুআঁঠুৰ মাজত মূৰ গুঁজি দিলে৷ লগৰজন তেওঁৰ কাষতে বহিছে৷
বহুদূৰ তেওঁলোক আন্ধাৰ ফালি গৈ থাকিল৷ হাবিতলীয়া আৰু পথাৰৰ মাজে মাজে আগ বঢ়া এই পথত পোহৰ নাই৷ জনবসতি থকা দুই-এঠাইত লাইট বা লেম চাকিৰ ক্ষীণ পোহৰ দেখা যায়৷ বিড়ি এটা জ্বলাবলৈ তেওঁ জেপ খেপিয়ালে৷ এটা বিড়ি সিজনক দি তেওঁ জুইশলা মাৰিলে৷ কাঠিৰ পোহৰত তেওঁলোকৰ সমুখতে পৰি থকা দীঘলীয়া বাণ্ডিলটোলৈ চকু গ’ল৷ বগা কাপোৰেৰে ভালদৰে বন্ধা আছে৷ শ-টো কাষত লৈ তেওঁলোক আহি আছে৷ সেয়া তেওঁৰ বৰপুত্রৰ শ৷ তেওঁৰ গা-টো কিবা লাগিল৷ সি শিল হৈ পৰি আছে৷ জ্বলি থকা বিড়িটো তেওঁ সিজনলৈ আগ বঢ়ালে৷ ইটো বিড়িৰে সিটো বিড়ি জ্বলাবলৈ দিয়া ইংগিত৷ আৰু এডাল কাঠি জ্বলাই তেওঁ ঠাইখিনি পোহৰাব বিচৰা নাই৷ এইবাৰ তেওঁ সঁচাকৈয়ে অকলশৰীয়া হ’ল৷
তেওঁৰ চকুৰ আগতেই ঘৰখন থানবানকৈ ভাঙি থাকিল৷ তেওঁ একো কৰিব নোৱাৰিলে৷ তেওঁ কেৱল ধ্বংসৰ উন্মাদনা দেখিলে৷ খেতি পথাৰৰপৰা ভেটি-মাটিলৈকে বৰনদীয়ে তেওঁলোকৰ সকলো সামৰি ল’লে৷ তেওঁ একো কৰিব নোৱাৰিলে৷ গঞাই একো কৰিব নোৱাৰিলে, অঞ্চলটোৰ মানুহেও বৰনদীক বাধা দিব নোৱাৰিলে৷ নদীৰ ঢৌ আৰু গৰা খহাৰ শব্দই এতিয়াও তেওঁৰ বুকুত ধান বানে৷ কি কৰিব পাৰিলে তেওঁ৷ সেও মনাত বাহিৰে একোকে কৰিব নোৱাৰিলে৷ এয়াই নিয়তি নেকি? কথাবোৰ ভাবিলে তেওঁৰ অশান্তি বাঢ়ে৷ ৰাতি টোপনি নাহে৷
মথাউৰিত টিনৰ চালি সাজি থকাৰ সময়ত এই ল’ৰাটো দহবছৰীয়া আছিল৷ ছোৱালীজনী দুবছৰৰ সৰু৷ মাকজনী গাভৰু৷ দেখিবলৈ সাইলাখ অপেছৰীৰ দৰে৷ এই জীয়া জুইকুৰা লৈ মথাউৰিত থাকিবলৈকো তেওঁৰ অসুবিধা হৈছিল৷ ধনে-ধানে, মাছে-গছে ভৰা আগৰ ঘৰখনৰ কথা ভাবি তেওঁ নীৰৱে চকুলো টোকে৷ মানুহজনীয়ে সান্ব্টনা দিয়ে৷ তেওঁ কেইমাইলমান আঁতৰৰ টাউনলৈ গৈ ৰিক্সা চলায়৷ কেতিয়াবা সন্ধিয়া উভতি আহিব পাৰে, কেতিয়াবা নোৱাৰে৷ কষ্টৰ দিন৷ পৰিয়ালৰ বান্ধোনেই মনক সজীৱ কৰি ৰাখে৷ দিনবোৰ এনেকৈয়ে পাৰ হয়৷ দুবছৰমান ল’ৰা-ছোৱালীহালৰ পঢ়া-শুনা বন্ধ থাকিল৷ ওচৰত স্কুল নাই৷ পিছত দূৰৈৰ স্কুললৈ পঠোৱাটোকে তেওঁ থিৰ কৰিলে৷ কাৰণ ল’ৰাটোৰ স্বভাৱ বনৰীয়া৷ হাতত গুল্টি এপাত লৈ দিনটো অনাই-বনাই ঘূৰি ফুৰে৷ ছোৱালীজনী পঢ়া-শুনাত মনোযোগী৷ নিয়তিয়ে তেওঁক পথৰ ভিকহু সজালে৷ সিহঁতহালৰ কিবা হওক বুলিয়ে তেওঁ দূৰৈৰ স্কুললৈ পঠালে৷
সৰু দোকান এখনৰ কাষত ড্রাইভাৰে গাড়ী ৰখালে৷ তেওঁলোকে চাহ খালে৷ জেপৰ শেষ টকাটো দোকানত দি তেওঁ ওলাই আহিল৷ ৰাতি হোৱাৰ লগে লগে ঠাণ্ডাও বাঢ়িল৷ তেওঁলোক দুজনৰে জাৰ খেদিবলৈ গাত কাপোৰ নাই৷ দুহাত সাবটি তেওঁলোক বহিল৷ গাড়ী চলাত ফিৰফিৰীয়া বতাহে তেওঁলোকক কোবাই থাকিল৷ এসময়ৰ তেওঁৰ কোটচোলা আৰু এড়ী কাপোৰৰ কথা মনত পৰিল৷ সেনগুপ্ত কোম্পানিৰ ধূতি, পামশ্বু আজি সপোনৰ বস্তু৷ জীৱনত তেওঁৰ হেৰুওৱাৰ অভিজ্ঞতা বহুত৷ মাজে মাজে নিজকে সোধে, কণা বিধাতাই বাৰু তেওঁক কিয় জীয়াই ৰাখিছে৷ কি চাবলৈ জীয়াই আছে৷ আৰুবা কি চাব লাগিব৷
ৰিক্সা চলোৱা জীৱনতো তেওঁৰ কম লটিঘটি হোৱা নাই৷ যাত্রীৰ, গাড়ীত যোৱা সম্ভ্রান্ত মানুহৰ চৰ, গোৰ, কিল, ককর্থনা কত কথাই যে নিমাতে সহিব লগীয়া হৈছে৷ যুঁজিবলৈ মন নোযোৱা নহয়৷ কেতিয়াবা খঙত তেওঁৰ দিক-বিদিক শূন্য হয়৷ নিজৰ নিঃস্বতা আৰু ঘৰখনৰ কথা ভাবি তেওঁ খং সামৰে৷ তেতিয়া তেওঁৰ চকুলো ওলায়৷ গাড়ীত যোৱা মানুহবোৰ দেখি তেওঁৰ মনটো বেয়া লাগে৷ নিজকে দোষ দিয়ে৷ দেউতাকৰ কথা শুনি পঢ়া-শুনা কৰিলে তেওঁ কিজানি আজি তেওঁলোকৰ দৰে গাড়ী চলাই গ’লহেঁতেন৷ তেওঁৰ ইঞ্জিনিয়াৰ ভায়েক আজি ৰাজ্যৰ বাহিৰত আছে৷ গাঁওখন থকালৈকে ভায়েক কাচিৎ আহিছিল৷ মথাউৰিবাসী হোৱাৰ পিছত সকলো যোগাযোগ বন্ধ৷ এই কথাটোৱেও তেওঁক কম পীড়া দিয়া নাই৷ এই দুখ তেওঁ বুকুতে লুকাই ৰাখিছে৷ বিহুৱে-সংক্রান্তিয়ে ভায়েকৰ কথা মনলৈ আহে৷ মনৰ কথা তেওঁ মনতে সামৰে৷
গাড়ীখন বৰ জোকাৰি জোকাৰি আগ বাঢ়িছে৷ ৰাস্তা বেয়া চাগে৷ তেওঁলোককো তল-ওপৰ কৰিছে৷ শ-টোও জোকাৰ খাই আহিছে৷ এবাৰ আহি তেওঁৰ ভৰিতে খুন্দিয়াইছে৷ তালৈ বৰ বেয়া লাগিল৷ তেওঁৰ কিমান মৰমৰ আছিল৷ কোলাই-বোকোচাই ঘূৰি ফুৰা দিনবোৰৰ কথা তেওঁৰ মনলৈ আহিল৷ ইফালে ফিৰফিৰীয়া বতাহে তেওঁলোকক বিন্ধিছে৷ তেওঁ পুনৰ বিড়ি এটা জ্বলাই এহোপা মাৰি লগৰজনক দিলে৷ সিজনেও এহোপা মাৰি তেওঁলৈ আগ বঢ়ালে৷ এইদৰে তেওঁলোকে জাৰ খেদাৰ খেল খেলিলে৷ কুঁৱলীৰ আৱৰণ ফালি গাড়ীখন গৈ আছে৷
জাৰত তেওঁলোক ঠেৰেঙা লাগিছে৷ টোপনি আহিব খুজিও আঁতৰি যায়৷ কেতিয়া ঘৰ পায় কেতিয়া ঘৰ পায় লাগিছে৷ এনে সময়ত বাট দীঘলীয়া হয়৷ গাড়ীৰ গতি মন্থৰ যেন লাগে৷ জাৰৰ কাপোৰ নথকাৰ অভিজ্ঞতা তেওঁৰ আছে৷ মথাউৰিত থকাসকলে ভালদৰে জানে, জাৰ কেনেকুৱা৷ ল’ৰা-ছোৱালীহালক স্কুলত পঠোৱাৰ পিছত তেওঁৰ খৰচ বাঢ়িল৷ মানুহজনীয়েও সময়ে সময়ে খেচখেচাবলৈ ল’লে৷ মানুহজনীৰ এনে ব্যৱহাৰত তেওঁৰ আচৰিত হৈছিল৷ কাহানিও টানকৈ এবাৰ কথা কোৱা তেওঁৰ মনত নপৰে৷ কিন্তু তেওঁ বুজাৰ চেষ্টা কৰিলে৷ কি পাইছে মানুহজনীয়ে৷ অভাৱে গৰকি থকা এখন ঘৰ৷ খুৱাব-পিন্ধাব নোৱৰা এজন স্বামী৷ খেচখেচালে তেওঁ তলমূৰ কৰে৷ মুখেৰে নামাতে৷ মনৰ অশান্তি সামৰি থয়৷
এই দুখে তেওঁক বৰকৈ বিন্ধে৷ মানুহজনীয়েই তেওঁক জীয়াই ৰাখিছে৷ মানুহজনী আৰু সন্তান দুটা লৈয়ে তেওঁৰ জগত ঘূৰে৷ ভাবোতেই মানুহজনীৰ উশাহ-নিশাহ তেওঁৰ গাত লাগে৷ দেহৰ উমলৈ চেৰেং চেৰেংকৈ মনত পৰে৷ টাউনত কটোৱা নিশাবোৰ নাযায়-নুপুৱায়৷ উপায় নোহোৱাতহে তেওঁ তেনেদৰে আছে৷ সততে ৰাংঢালী মানুহজনী তেওঁৰ চকুত ভাহি থাকে৷ মানুহজনীৰ বিৰক্তিয়ে তেওঁক অস্বস্তিত পেলালে৷
তেওঁ দিনে-নিশাই ৰিক্সা চলাবলৈ ল’লে৷ উপার্জন বাঢ়িলে ঘৰখন কিজানি ঘৰমুৱা হয়৷ অভাৱেই ঘৰখনক মুজুৰা পেলাইছে৷ উপার্জন বঢ়োৱাৰ বাবে তেওঁ দেহে-কেহে লাগিল৷ ফলত ঘৰলৈ অহাটো কমিল৷ কিন্তু মানুহজনী আৰু ল’ৰা-ছোৱালী হাললৈ দুই-এপদ বস্তু কিনিব পৰা অৱস্থা এটা হ’ল৷ সপ্তাহে সপ্তাহে কিনি সাঁচি থোৱা বস্তু লৈ তেওঁ ঘৰলৈ আহে৷ ল’ৰা-ছোৱালীহালৰ মুখত হাঁহি দেখি তেওঁৰ ভাল লাগে৷ মানুহজনীৰ খেচখেচনি কমিল৷ কিন্তু তেওঁৰ পৰা দূৰে দূৰে থাকিবলৈ ল’লে৷ এক অবুজ বেজাৰে তেওঁকো খুন্দিয়ালে৷
মাজনিশা আহি গাড়ীখন এঠাইত ৰ’ল৷ ড্রাইভাৰ নামি গা-মূৰ পোনাবলৈ ল’লে৷ তেওঁলোকো কোনোমতে নামিল৷ হাত-ভৰি লৰচৰ কৰিব নোৱৰা অৱস্থা৷ চাৰিওফালে ডাঠ কুঁৱলি৷ লগৰজনে ৰাস্তাৰ কাষৰ জাবৰ-জোঁথৰ অকণমান গোটাই জুই জ্বলালে৷ তিনিজনে হাত-ভৰি সেকি পুনৰ যাত্রা আৰম্ভ কৰিলে৷ তেওঁৰ মনলৈ আহিল জাৰকালিৰ সন্ধিয়া এটাৰ কথা৷ সেই সন্ধিয়াটোৱে তেওঁৰ বুকু ভাঙি থৈ গৈছে৷ ল’ৰা-ছোৱালীহালৰ বাবে স্কুলৰ বহীৰ টোপোলা, মানুহজনীলৈ গোন্ধ তেল এবটল আৰু ছাগলীৰ মাংস অলপ লৈ তেওঁ আহি চোতালত থিয় দিলে৷
‘হেৰৌ, তহঁত আছহক নে৷ আন্ধাৰতে আছ যে চাকি এগছো জ্বলাব পৰা নাই নে৷ নে কেৰাচিন নাই৷’ তেওঁ এইদৰে কোৱাৰ লগে লগে ছোৱালীজনীৰ কান্দোন শুনিলে৷ কান্দি কান্দি ছোৱালীজনীয়ে তেওঁক সাবটি ধৰিলে৷ ল’ৰাটোৰ উচুপনিৰ শব্দও তেওঁ শুনিলে৷ তেওঁ হতভম্ব হ’ল৷ ছোৱালীজনীক তেওঁ গালৈ চপাই লৈ মূৰত হাত বুলালে৷ কান্দোন বাঢ়িলহে৷ এনেতে ল’ৰাটোৱে মাত লগালে, ‘মা নাই, দেউতা৷ স্কুলৰপৰা আহি আমি মাক পোৱা নাই৷ সন্ধিয়া পৰলৈ ৰৈ মা নহাত ইঘৰ-সিঘৰক সুধিলো৷ কোনেও মাক দেখা নাই৷ নৈৰ পাৰে পাৰে বহুদূৰলৈ চালো৷ জাৰনিখনৰ ওচৰলৈকো গ’লো৷ মা ক’তো নাই৷’
সিহঁতক লৈ তেওঁ ঘৰ সোমাল৷ জেপ খেপিয়াই জুইশলা উলিয়ালে৷ চাকিটো জ্বলাই সিহঁতক বহিবলৈ দি নিজেও বহিল৷ তেওঁ নিজেই একো উৱাদিহ পোৱা নাই৷ সিহঁতক কি বুলি সান্ত্বনা দিব৷ তথাপি ক’লে ‘সিটো পাৰৰ মাহীয়েৰহঁতৰ ঘৰলৈ গৈছে হ’বলা৷ আজি নহ’লেও কাইলৈ আহিব দে৷ চিন্তা নকৰিবি৷’ চাহপানী তপতাই তেওঁ নিজেও খালে, সিহঁতকো দিলে৷ ল’ৰা-ছোৱালীহালক অভয় দি তেওঁ গাঁৱৰ সিটো মূৰলৈ ওলাল৷ গাঁও বুলিব নোৱাৰি৷ থেপাথেপিকৈ সজা কিছু টিনৰ চালিত বাস কৰা ৫০-৬০ ঘৰ মানুহৰ সমষ্টি৷ বন্ধুজনক সকলো বিৱৰি কৈ দুয়ো নদীৰ সিটো পাৰলৈ গ’ল৷
দুয়ো গৈ দোভাগ নিশা মানুহজনীৰ ভনীয়েকৰ ঘৰ পালে৷ সকলো শুই নিঃপালি দিছে৷ ভনীজোঁৱাই আৰু ভনীয়েক উঠি দুৱাৰ খুলি তেওঁলোকক বহিবলৈ দিলে৷ সকলো বিৱৰি কোৱাত ভনীয়েকে মাত লগালে৷ ‘নাই, বাইদেউ অহা নাই৷ তিনি মাহমান মই বাইদেউক দেখাই নাই৷’ তেওঁলোক উলটিল৷ বাটত দুই বন্ধুৱে বহু ব্যাখ্যা কৰাৰ পিছতো মানুহজনী নোহোৱা হোৱাৰ কাৰণ উলিয়াব নোৱাৰিলে৷ তেওঁ মানুহজনী আপোনঘাতী হোৱাৰ কথা ভাবিবই নোৱাৰে৷ কিন্তু গ’ল ক’লৈ?
শেহনিশা ঘৰ পাই তেওঁ টোপনি যোৱাৰ চেষ্টা কৰিলে৷ কিছুপৰ এনেয়ে পৰি থাকিল৷ বোৱাৰী পুৱাতে তেওঁ মানুহজনীক বিচাৰি ওলাল৷ আত্মীয়-স্বজন সকলোৰে ঘৰে ঘৰে গ’ল৷ ক’তো নাই মানুহজনী৷ হাট-বজাৰ ঘূৰি তেওঁ ঘৰ সোমাল৷ প্রায় এসপ্তাহজুৰি তেওঁ পুৱাতে ওলাই সন্ধিয়া ঘৰ সোমায়৷ মানুহ বিচৰা বৰ টান কাম৷ তেওঁ থমকি ৰ’ল৷ তিনিটা প্রাণীৰ পেটৰ চিন্তা কৰিব নে মানুহজনীক বিচাৰি ফুৰিব৷ সিহঁতক বুজাই-বঢ়াই পুনৰ তেওঁ কামলৈ ওলাল৷ পুৱা গৈ সন্ধিয়া উভতি আহে৷
মনটোৱে মানুহজনী নোহোৱা কথাটো নামানে৷ যাকে লগ পায় তেওঁ তাকেই মানুহজনীৰ কথা সোধে৷ ল’ৰাটোৱে এইবাৰ মেট্রিক দিব৷ ছোৱালীজনী নৱম শ্রেণীত৷ এবাৰ তেওঁক বজাৰত লগ পাই স্কুলৰ প্রধান শিক্ষকে ক’লে, ‘তোমাৰ ল’ৰা-ছোৱালীহাল পঢ়াত ভাল৷ পাৰিলে সিহঁতৰ যত্ন ল’বা৷ তোমাৰ ল’ৰাটোক আৰ্চাৰিৰ প্রশিক্ষণ দিব পাৰিলে ভাল আছিল৷ তাৰ হাতখন পোন৷ লক্ষ্যভেদত সি অর্জুনৰ সমকক্ষ হ’ব৷’ তেওঁৰ মনটো ভাল লাগিছিল৷ কিন্তু সিহঁতৰ যত্ন ল’বলৈ তেওঁৰ সামর্থ্য নাই৷ মাক হেৰোৱাৰ পাছত তেওঁৰ মনৰ বলো কমিল৷
বজাৰত তেওঁ বন্ধু এজনক লগ পালে৷ ডেকা কালৰে বন্ধু৷ বন্ধু ৰাস্তাৰ মহৰী৷ দুই বন্ধুৱে লগ পাই বহু কথা পাতিলে৷ খহনীয়াই গাঁও ভঙাৰপৰা মথাউৰিত আশ্রয় লোৱালৈকে৷ বন্ধুৰো দুখ আছে৷ বানে কোবাই থকা গাঁৱত তেওঁৰ ঘৰ৷ বানে বন্ধুৰ মাক-দেউতাকক উটাই লৈ গ’ল৷ সেই কথা মনত পেলাই বন্ধুৱে চকুপানী টুকিলে৷ তেৱোঁ মানুহজনী নোহোৱা হোৱাৰ কথা ক’লে৷ কিছুপৰ টলকা মাৰি বন্ধুজনে ক’লে, ‘সাইলাখ তোমাৰ মানুহজনীৰ দৰে মানুহ এজনী মই ঠিকাদাৰৰ ঘৰত দেখিছো৷ মই ধৰিব নোৱাৰিলো৷ পুনৰ সদৰলৈ গ’লে মই ভালদৰে চাই-চিতি তোমাক জনাম৷’ তেওঁৰ বুকুখন মোচৰ খাই উঠিল৷
গাড়ীখন আগ বাঢ়ি আছে৷ ড্রাইভাৰে সোধাত লগৰজনে উত্তৰ দিলে আৰু তিনি-চাৰি ঘণ্টা লাগিব৷ পুৱা ছটামান বজাতহে মথাউৰি পোৱা যাব৷ শ-টো সৎকাৰৰ চিন্তাত তেওঁ উদ্বিগ্ন হ’ল৷ মথাউৰিত তেওঁলোক শিবিৰত থকাৰ দৰে আছে৷ ইয়াত বাঁহ এজোপাও নাই৷ খৰি-খেৰ, গছ-গছনি একো নাই৷ জাৰনিৰপৰা কিবা আনিব পাৰিলেহে সৎকাৰ কৰিব পৰা হ’ব৷
পুনৰ তেওঁৰ মানুহজনীৰ কথা মনলৈ আহিল৷ মানুহজনীয়েতো নাজানে নে যে তেওঁলোকৰ ল’ৰাটো অকালতে গ’ল৷ বিচাৰি বিচাৰি হাবাথুৰি খোৱাৰ শেহত তেওঁ মানুহজনীৰ খবৰ পাইছিল৷ বন্ধুজনে সেই হিয়াভগা খবৰটো আনিছিল৷ বন্ধুজনে খবৰ লৈ জানিছিল, তিনি মাহমান আগতে ঠিকাদাৰে মানুহজনীক ছাইটৰপৰা আনি চপাই লৈছিল৷ আদহীয়া সেই ঠিকাদাৰজনক তেওঁ জানে৷ মথাউৰি মেৰামতিৰ সৰুসুৰা কাম কৰে৷ তেওঁলোকৰ ঠাইতো তেওঁ ভালেমান দিন কাম কৰিছিল৷ সেইজনলৈকে গ’ল মানুহজনী৷ ঘৰখন এৰি তালৈকে পলাল৷ খবৰটো শুনি তেওঁৰ মাত হৰিছিল৷ সেই খবৰ তেওঁ ল’ৰা-ছোৱালীহালকো দিয়া নাছিল৷ বন্ধুকো অনুৰোধ কৰিছিল একো নক’বলৈ৷ এইদৰেই তেওঁ হৃদয়ৰপৰা নদী এখন বিসর্জন দিছিল৷ আজি উপলব্ধি কৰিছে, তেওঁ বিসর্জন দিব পৰা নাই৷ সেই নাৰী আজিও তেওঁৰ বুকুত নদী হৈ বৈ আছে৷
আৰু ই৷ আন্ধাৰতো তেওঁ বগা কাপোৰেৰে মেৰিয়াই ৰখা শ-টোলৈ চালে৷ ইয়াৰ মনৰ কথা তেওঁ একোকেই নাজানিলে৷ মানুহজনীৰ হৃদয় তেওঁ পাইছিল৷ পায়ো হেৰুৱাইছিল৷ কিন্তু এই ল’ৰাটোৱেতো কাকোৱেই একো নক’লে৷ ভনীয়েকক কিবা কৈছিল যদিও তেওঁ সেই বিষয়ে একোকে নাজানে৷ কোৱা বুলিও তেওঁৰ ভাব নহয়৷ কিয় বাৰু সি এবাৰো তাৰ মনৰ কথা দেউতাকক ক’ব নোৱাৰিলে৷ নে দেউতাকে দুখ পাব বুলি সি একো কোৱা নাছিল৷ তাৰ বুকুৰ ধুমুহা সি লগতে লৈ গ’ল৷
তেওঁ ভাবিলে, এটা এটাকৈ সকলোকে তেওঁ বিদায় দিব লাগিব৷ নে বিদায় নোলোৱাকৈ সকলো তেওঁৰপৰা আঁতৰিব৷ দোধোৰ-মোধোৰত তেওঁ একো থিৰাংকৈ ভাবিব নোৱাৰিলে৷ ঘটনাবোৰ ঘটি গৈছে৷ তেওঁ মাথোঁ নীৰৱ দর্শক৷ সমুখত শ-টো লৈ এতিয়াও তেওঁ আহি আছে৷ তেওঁ কৰিব পৰা একো নাই৷ অমাতৰ মাত উলিয়াব পাৰিলেও মৃতকৰ মাত অসম্ভৱ৷ তেওঁ জীয়া মানুহ নোহোৱা হোৱাৰে কোনো উমান নাপালে৷ কাষত থাকিও একো নাজানিলে৷ শেহ হোপা মাৰি বিড়িৰ টুকুৰাটো তেওঁ পেলাই দিলে৷
আৰু দুঘণ্টামানৰ ভিতৰত তেওঁলোক ঘৰ পাব৷ ঘৰ বুলিলে তেওঁৰ আজিকালি হাঁহি উঠে৷ ঘৰ বুলিবলৈ তেওঁৰ কিয়েইবা আছে৷ চালিখন আৰু তাৰ ভিতৰৰ শূন্যতা৷ এতিয়া তেওঁ শূন্যতাৰ লগতেই থাকে৷ উদ্ধাৰৰ কোনো বাট নাই৷ এটাৰ পিছত এটা ধুমুহাই তেওঁক কোবাই গৈছে৷ মেট্রিক পৰীক্ষা দি উঠি ল’ৰাটো বাহিৰ ওলাল৷ অৱশ্যে সি তেওঁক কৈ গৈছিল৷ মানুহজনীৰ দৰে সি নোকোৱাকৈ যোৱা নাই৷ তেওঁ ভাবিছিল, ভাগ্যৰ সন্ধানত যোৱা ল’ৰাটো এদিন উভতি আহিব৷ জীৱনৰ বাট সলনি হ’ব৷ ক’ৰবাত আৰু এখন ঘৰ হ’ব৷
তেওঁ ভাগ্যলৈ বাট চাইছিল৷ ল’ৰাটো যোৱাৰ পিছত ছোৱালীজনী আৰু তেওঁ অকলশৰীয়া হ’ল৷ দশম শ্রেণীত পঢ়া ছোৱালীজনীক অকলে এৰি তেওঁ ক’তো ৰাতি থাকিব নোৱৰা হ’ল৷ ৰিক্সা বাদ দি ওচৰৰ কাঠৰ মিলৰ ঠেলা চলাবলৈ ল’লে৷ আজিকালি প্রায়েই গা-মন ভালে নাথাকে৷ ছোৱালীজনীক চাই তেওঁ আকাশ-পাতাল ভাবে৷ সাইলাখ মাকৰ দৰে হৈছে৷ ঘৰখন চায়৷ ৰন্ধা-বঢ়া কৰে৷ ছোৱালীজনী চাই তেওঁৰ হেঁপাহ নপলায়৷ আবেলিতে ঠেলাৰ কাম সামৰি ঘৰলৈ আহে৷ এইদৰেই দুয়োৰে দিন কাটিছিল৷
তেওঁলোকৰ গাড়ী লাহে লাহে চলাবলগীয়া হৈছে৷ ডাঠ কুঁৱলি৷ একো নমনি৷ ড্রাইভাৰৰো গাড়ী আগ বঢ়াবলৈ টান হৈছে৷ ঘৰ পাবলৈ মনটো ছটফটাই আছে যদিও তেওঁ কৰিব পৰা একো নাই৷ যিকোনো সময়তে দুর্ঘটনা ঘটিব পাৰে৷ পুৱতি নিশা দুর্ঘটনা বেছি হয় বুলি মানুহে কয়৷ তেওঁ তাক ৰাখি নথয়৷ কাৰণ তেওঁ মুখামুখি হোৱা দুর্ঘটনাবোৰ কোনোটো আবেলি, কোনোটো আন সময়ত ঘটিছে৷ স্কুল ছুটীৰ সময়তে তেওঁৰ ছোৱালীজনীক লৈ যোৱা নাই জানো৷
সেইদিনা আবেলিও তেওঁ সোনকালে ঘৰ পাইছিল৷ সময়মতে ছোৱালীজনী আহি নোপোৱাত তেওঁ ছটফটাই আহিল৷ পদূলিলৈ ওলাই তেওঁ ৰৈ আহিল৷ কাষৰ ঘৰৰ ল’ৰাটো স্কুলৰপৰা আহি তেওঁৰ কাষতে ৰ’ল৷
‘বৰপিতাই, বাইদেউক কেইজনমান ডেকা ল’ৰাই জোৰকৈ গাড়ীত উঠাই লৈ গ’ল৷ আমি ল’ৰা-ছোৱালীজাকে চিঞৰ-বাখৰ কৰাত সিহঁতে ওপৰলৈ গুলী চলালে৷ আমি বাইদেউৰ কান্দোন শুনিছিলো৷’
তেওঁ স্কুললৈকে দৌৰিছিল৷ প্রধান শিক্ষকৰ ভৰিত পৰি তেওঁ কান্দিছিল৷ ‘ছাৰ, মোৰ সকলো শেষ হ’ল৷ মোৰ ছোৱালীজনী সিহঁতে লৈ গ’ল, ছাৰ৷ তাইক আপোনালোকে ওভোতাই আনক, ছাৰ৷’ সকলো গম-গতি লৈ প্রধান শিক্ষকৰ লগতে কেইবাগৰাকী শিক্ষক আৰু তেওঁ থানা পাইছিল৷ শিক্ষকসকলে অ’চিক ছোৱালীজনী তুৰন্তে বিচাৰি উলিয়াবলৈ আবেদন জনাইছিল৷
আবেদন-নিবেদন সকলো অথলে গ’ল৷ পুলিচে ছোৱালীজনীক বিচাৰি উলিয়াব নোৱাৰিলে৷ তিনিটা বছৰ তেওঁ থানালৈ বাটকুৰি বাই বাটৰ দূবৰি মাৰিলে৷ ছোৱালীজনীৰ কোনো শুং-সূত্র পোৱা নগ’ল৷ তেওঁৰ চকুপানী শিল হ’ল৷ শূন্যতা লগৰীয়া হ’ল৷ আন্ধাৰ ভাল লগা হ’ল৷ মন গ’লে কাম কৰে৷ নহ’লে নাই৷ কাম নকৰিলেও নহয়, ঘৰত টেকেলি কাতি৷
এনে দিনবোৰতে তেওঁৰ লগত অহাজনে খা-খবৰ লৈ আহিছে৷ এইবাৰো বিপদৰ সময়ত তেৱেঁই লগত ওলাইছে৷ লগৰজনৰ আৰু তেওঁৰ ঘৰৰ তফাৎ বিশেষ নাই৷ মাথোঁ লগৰজনৰ পৰিবাৰ, ল’ৰা-ছোৱালী সকলো কুশলে আছে৷ কেতিয়াবা তেওঁ সেই ঘৰলৈকে গৈ মনৰ দুখ পাতলায়৷ তথাপি তেওঁ আশা কৰিছিল, ল’ৰাটো কেতিয়াবা উভতি আহিব৷ সেয়াও মিছা হ’ল৷
লগৰজনে ড্রাইভাৰক বাঁওফালে ঘূৰিবলৈ ক’লে৷ কথা শুনি তেওঁ বাটলৈ চালে৷ মূল পথৰপৰা গাড়ী মথাউৰিৰ ফাললৈ ঘূৰিল৷ কিছুদূৰ আগ বঢ়াৰ পিছত গাড়ী মথাউৰিত উঠিল৷ কুঁৱলীয়ে সকলো আৱৰি আছে৷ নৈখনৰ ওপৰত ঘন কুঁৱলী৷ গাড়ী তেওঁৰ চোতাললৈ নাযায়৷
গাড়ী ৰখোৱাত শ-টো দুয়োজনে ধৰি তেওঁৰ ঘৰলৈকে আগ বাঢ়িল৷ তেতিয়াও গাঁওখন টোপনিত লাল-কাল৷ তেওঁলোক আহি চোতাল পালে৷ ঘৰৰ বাহিৰে-ভিতৰে আন্ধাৰ৷ তেওঁলোকক মাত লগাবলৈকো কোনো নাই৷ চোতালৰ একাষৰ তুলসীৰ তলত তেওঁলোকে শ-টো থ’লে৷ ইজনে সিজনৰ মুখলৈ চালে৷ ঘৰৰ দুৱাৰ ঠেলি তেওঁ টিপচাকি এগছ আনি জ্বলালে৷ ক্ষীণ পোহৰত চোতালখন সামান্য জিলিকিল৷ দুয়ো বাৰাণ্ডাত বহিল৷
শ এটা সমুখত লৈ দুজন মানুহ বহি আছে৷ তেতিয়াও কুঁৱলীৰ আৱৰণ আঁতৰা নাই৷ গাঁৱৰ মানুহ আহিলেহে সৎকাৰৰ দিহা কৰিব পৰা হ’ব৷ জেপৰপৰা বিড়ি এটা উলিয়াই তেওঁ জ্বলালে৷ এতিয়া কৰিবলৈ একো নাই৷ ক’বলৈকো কথাৰ অভাৱ৷ টিপ চাকিটো জ্বলি আছে৷ টিপচাকিৰ পোহৰতে ল’ৰা-ছোৱালীহালে পঢ়িছিল৷ মেট্রিক দিয়াৰ পিছত ল’ৰাটোৱে পঢ়াৰ নাম নুলিয়ালে৷ তেওঁ একো নক’লে৷ পঢ়াৰ খৰচ দিব ক’ৰ পৰা৷ মাটি-ভেটিও নাই যে তাক বিক্রী বা বন্ধক দি কলেজলৈ পঠাব৷
ল’ৰাটোৰ আৰ্চাৰিত প্রশিক্ষণ লোৱাৰ মন আছিল৷ সেয়া তেওঁৰ বাবে কল্পনাৰো অতীত৷ সৰুৰেপৰাই সি হাতত গুল্টি বা কেটেপা লৈ পিটপিটাই ফুৰে৷ পথাৰত, গছৰ তলত সি অকলে অকলে অভ্যাস কৰি থকা বহুবাৰ দেখিছে৷ গুল্টিৰে সি কপৌ, কণামুচৰি মাৰি ঘৰলৈ অনাৰ কথা তেওঁৰ মনত আছে৷ আন এখন গাঁৱত কের্কেটুৱা মাৰি সি গাঁওবাসীৰ মৰমৰ পাত্রও হৈছিল৷ নিপুণ হাতৰ বাবে ল’ৰাটো গুল্টি হৈছিল৷ হাতত গুল্টি লৈ ফুৰা এই ক্ষীণ ল’ৰাটি সকলোৰে মৰমৰ আছিল৷ কথা সি নকয় বুলিব পাৰি৷ কোনোবাই কিবা সুধিলে চমু উত্তৰ দিয়ে বা হাঁহি এটা মাৰে৷
এদিনৰ ঘটনা তেওঁৰ মনত পৰিছে৷ ল’ৰাটোৱে এহাল কপৌ চিকাৰ কৰি আনি ঘৰ পাওঁতেই তাৰ মাকে কৈছিল, ‘বাচা, এইদৰে আৰু চিকাৰ নকৰিবি৷ প্রাণীবধ অন্যায়৷ তোক মই গুল্টি এৰিবলৈ কোৱা নাই৷ ফল-মূল আদিক লৈয়ো লক্ষ্যভেদৰ অভ্যাস কৰিব পাৰ৷ চৰাই মাৰিলে মনটো বেয়া লাগে অ’৷’ ল’ৰাটোৱে মাকৰ কথা ৰাখিছিল৷
কুঁৱলী আঁতৰিবলৈ লৈছে৷ চোতাললৈ সামান্য পোহৰ আহিছে৷ টিপচাকিটো তেওঁ ভিতৰ সুমুৱাই থ’লে৷ এতিয়া তেওঁৰ চিন্তা হ’ল, ল’ৰাটোৰ মৃত্যু কিদৰে হোৱা বুলি ক’ব৷ তাৰ মৃত্যুৰ ৰহস্য তেওঁৰ বাবেও আঁতৰা নাই৷ মানুহে ভাবিব পাৰে সি সংগঠনত যোগ দিছিল৷ ভাবিব পাৰে ডকাইতি কৰিছিল৷ কত কি ভবাৰ অৱকাশ থাকে৷
তেওঁ এতিয়াও থিৰাং কৰিব পৰা নাই ল’ৰাটোৰ মৃত্যুৰ কাৰণ৷ তেওঁক যিবোৰ কাৰণ দশোর্ৱা হৈছে সেয়া তেওঁ বিশ্বাস কৰিব পৰা নাই৷ কিদৰে বিশ্বাস কৰিব নিমাখিত এই ল’ৰাটি বিপথে যোৱা বুলি৷ স্থানীয় থানাৰ পুলিচ আহি তেওঁক নির্দিষ্ট ঠাইলৈ যাবলৈ কোৱাত তেওঁ আচৰিত হৈছিল৷ প্রশ্নবোধক দৃষ্টিৰে তেওঁ পুলিচলৈ চাইছিল৷ পুলিচে কৈছিল, ‘তোমাৰ ল’ৰাটো বিপদত পৰিছে৷ তালৈ গ’লে সকলো গম পাবা৷’
বন্ধুজনক লগত লৈ তেওঁ হাবিতলীয়া থানাখনত উপস্থিত হৈছিল৷ তেওঁ তেওঁৰ সন্তানৰ মৃতদেহ চিনাক্ত কৰিবলগীয়া হৈছিল৷ বহুদিনৰ মূৰত তেওঁ তাক দেখিছে৷ মুখখনত পাতল দাঢ়ি৷ বহল কপালখনত ফুটা এটা৷ সেইফালেই গুলী সৰকি গৈছে৷ তেওঁৰ চকুত তাৰ কেঁচুৱা কালৰ শুই থকা ছবিখন ভাহি উঠিল৷ তেওঁ কাষ চাপি গৈ তাৰ মূৰত হাতখন থ’লে৷
পুলিচ বিষয়াজনে ক’লে, ‘তাৰ পকেটত তোমাৰ নাম-ঠিকনা লিখা কাকত এখন আছিল৷ সেয়ে তোমাক মাতি পঠালো৷ চিনাক্ত কৰিব লাগে৷ সি এই অঞ্চলতে কেইবছৰমান আছে৷ এগৰাকী ট্রাইবেল মহিলাৰ ঘৰত থাকিছিল৷ বহুতে কয়, সি মানুহগৰাকীক বিয়া কৰাইছিল৷ মহিলাগৰাকীক আমি সোধ-পোছ কৰাত জানিলো, গিৰীয়েক-ঘৈণীয়েকৰ দৰে থাকিলেও সিহঁতৰ বিয়া হোৱা নাছিল৷ মানুহগৰাকীক সি নিজৰ বিষয়ে একো কোৱা নাছিল৷ সৰু দোকান এখন দিছিল যদিও সেইখন নচলিল৷ তাৰ পিছত সি কেতিয়াবা ইয়াত থাকে৷ বেছিভাগ সময়ে ইয়াৰপৰা আঁতৰি আন ঠাইত থাকে৷ এনে সময়তে ডাঙৰ এটা অপৰাধী চক্রই তাক হাত কৰে৷ লাহেকৈ তাক চোৰাং চিকাৰত লগায়৷ এবাৰ এনে কামত লাগিলে উভতি অহাৰ পথ নাথাকে৷ তাৰো সেয়াই হ’ল৷ সি কেইবাটাও গঁড় মাৰিলে৷ চোৰাংচোৱাই তাৰ ওপৰত চকু ৰাখিছিল৷ আৰু শেষত এয়া ... তোমাৰ ল’ৰাটোৰ কিন্তু হাতখন পোন আছিল৷’
তেওঁ অবিশ্বাসেৰে পুলিচ বিষয়াজনলৈ চাইছিল৷ ঘনচিৰিকা, কপৌ মৰা ল’ৰাটো গঁড় চিকাৰ কৰিব পৰা হ’ল৷ তেওঁ ভাবিলে, ইয়াতকৈ আৰু কি আচৰিত কথা হ’ব পাৰে৷ তেওঁ প্রতিবাদ কৰিবলৈ লৈ থমকি ৰ’ল৷ যোৱা কেইবছৰমান তেওঁ গুল্টিৰ একো খবৰ নাপায়৷ ঘৰৰ লগত কোনো যোগাযোগেই নাই৷ মনে নমনা কথা এটা স্বীকাৰ কৰিব লগা হ’ল৷ কাক ক’ব, কোনে পতিয়াব তেওঁৰ কথা৷
তাৰ ভেলটোকে লৈ তেওঁ উভতিব লগা হ’ল৷ তেওঁৰ ল’ৰাই বেয়া কাম কৰিব বুলি তেওঁৰ মনে নকয়৷ কিন্তু পৰিৱেশে মানুহক কেতিয়া কোনফালে নিয়ে তাকো কোৱা নাযায়৷ এতিয়া তেওঁ গাঁৱৰ মানুহক কি বুলি ক’ব৷ গুল্টি চোৰাং চিকাৰ কৰোতে পুলিচৰ গুলী খালে৷
ইতিমধ্যে গাঁৱৰ মানুহ আহি গোট খাইছে৷ দুই-একে তেওঁক সান্ত্বনা দিছে৷ কেইজনমান মানুহ জাৰনিখনলৈ গ’ল৷ দাহ কৰিবলৈ কাঠ লাগিব৷ তেওঁ মুখেৰে মাতিব পৰা নাই৷ কোনোবাই মাটিৰ চাকি এগছ শ-টোৰ কাষত জ্বলাই দিছে৷ ধূপৰ গোন্ধো তেওঁৰ নাকত লাগিল৷
লগৰজনক তেওঁ নেদেখিলে৷ গাঁৱৰ বোৱাৰী-জীয়াৰীও গোট খাইছে৷ তেওঁলোকৰ মাজৰপৰা কান্দোনৰ শব্দ শুনা গ’ল৷ মাক, ভনীয়েকো আজি নাই যে তাৰ বাবে এটোপ চকুলো টুকিব৷ তেওঁ ভিতৰলৈ গ’ল৷ বেৰত তাৰ ফটা চোলা এটা আঁৰি থোৱা আছে৷ এপাত গুল্টিও৷ চোলাটো দুহাতেৰে লৈ তেওঁ শুঙি চালে৷ কিজানি তাৰ কেঁচুৱা কালৰ গোন্ধটো নাকত লাগে৷ তেওঁৰ চকু সেমেকিছে৷ বুকু হমহমাইছে৷ বস্তু দুপদ আনি তেওঁ তাৰ চাঙিত থ’লে৷
সি পুৰি ছাই হৈ যাব৷ তাৰ একো চিনেই নাথাকিব৷ চিতাৰ জুইৰ শিখা এতিয়া শেষ হ’ল৷ অঙঠাবোৰ ৰঙা ৰঙা হৈ জ্বলি আছে৷ সেইবোৰ এঙাৰ হ’বলৈ সময় লাগিব৷ নদীখনৰ পশ্চিমত বেলিটোৱেও তেনে ৰং লৈছে৷ তেওঁ এবাৰ বেলিটোলৈ, এবাৰ দগমগীয়া অঙঠাবোৰলৈ চালে৷ মানুহবোৰ লাহে লাহে ঘৰা-ঘৰি গৈছে৷ তেওঁ কিছুপৰ ৰোৱাটোকে ঠিক কৰিলে৷ তেওঁৰ মনত ছোৱালীজনীৰ মুখখন ভাহি উঠিল৷ ক’ত বা আছে তাই৷ তেওঁ ফুচফুচাই কোৱাৰ দৰে ক’লে, ‘য’তে আছ আই, কুশলে থাক৷’

Share Button
Print Friendly, PDF & Email

No Comments : "ঘৰ- (হেমন্ত বৰ্মন)"

Leave a Comment

Your email address will not be published. Required fields are marked *