গল্প-কবিতা

ঘোলা কণী ঘোলা খেতি (কিশোৰ দাস)

খৰে ধৰা হালোৱা গলধনত
ৰঙা পৰা শাকনিডৰা

বলধযোৰৰ চকুলোৰ দাগত দেখোঁ
শুকুৱা নাঙলৰ ফালৰ মাটি

মাটি সোমোৱা নখত দিন গণি
মূৰে-কপালে হাত দিয়া
খেতিয়কৰ শেষ তেজকণেই জি এছ টি।

নীতিশিক্ষা :
চহৰত এতিয়া ধন্য-গণ্য
ঘোলা কণী পুতি খেতি ঘোলা কৰা মানুহজন।।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *