গল্পকাৰ জেহিৰুল হুছেইন (বিপুল খাটনিয়াৰ)

জেহিৰুল হুছেইনৰ সাহিত্য আৰু তেওঁৰ জীৱনবীক্ষাৰ পাৰ্থক্য বিচাৰি পোৱা টান ৷ জীৱনৰ দৰেই তেওঁৰ সকলোখিনি সৃষ্টিত শ্ৰমজীৱী মানুহৰ প্ৰতি আছে অকুন্ঠ মৰম, ভালপোৱা ৷ তেওঁলোকৰ জীৱনৰ লাঞ্ছনা-বঞ্চনাৰ প্ৰতি চৰম ক্ৰোধ ৷ তেওঁলোকৰ সংগ্ৰামৰ স'তে একাত্মতা আৰু সেই জীৱনৰ উত্তৰণৰ প্ৰতি অগাধ আস্থা ৷ একে সময়তে মধ্যবিত্ত ভণ্ডামিৰ প্ৰতি তেওঁৰ কলম আছিল অতি তীক্ষ্ণ ৷ প্ৰতিটো ৰচনাৰ বিষয়-বস্তু নিৰ্বাচনৰ ক্ষেত্ৰত অতি সতৰ্ক হুছেইনে বিশ্বাস কৰিছিল, বিষয়-বস্তুৰ লগত ৰজিতা খোৱা আঙ্গিকৰ প্ৰতি অৱহেলাৰে কোনো সাৰ্থক সৃষ্টি সম্ভৱ নহয় ৷ এই দুই দিশৰ সু-সমন্বয়ৰ মাজেদিহে এটি মনোৰম, শক্তিশালী সৃষ্টি সম্ভৱ হ'ব ৷ আনহাতে, এজন দায়বদ্ধ লেখক সমসাময়িক ৰাজনীতি, সমাজনীতি বা পৰিস্থিতি সাপেক্ষে দলীয় কৰ্মৰপৰাও আঁতৰি থকা সম্ভৱ নহয়, কিন্তু সৃষ্টি এক সুকীয়া বস্তু আৰু অনুপম সৃষ্টিৰ বাবে লাগিব সংকীৰ্ণতা পৰিহাৰ কৰিব পৰা এটা সাহসী উদাৰ মন ৷

হুছেইনৰ জন্ম ১৯৪০ চনত ৷ সেয়ে স্বাধীনতা আন্দোলনৰ প্ৰবল জোকাৰণিৰদ্বাৰা তেওঁ আলোড়িত হোৱা সম্ভৱ নাছিল ৷ কিন্তু পৰৱৰ্তী সময়ত ধামমুখীয়া আৰু শৈশৱৰেপৰা সন্মুখীন হোৱা দৃঢ় বাস্তৱ আৰু দাৰিদ্ৰৰ স'তে হোৱা সংগ্ৰামে অজানিতেই তেওঁক ক্ৰমাগতভাৱে শ্ৰেণীগত চেতনাৰ দিশে আগুৱাই নিছিল৷ এনে চেতনাৰ প্ৰতি উদ্বুদ্ধ হৈয়েই ডেকা কালতে বাঁওপন্থী দলৰ কাম-কাজৰ সক্ৰিয় অংশীদাৰ হৈ পৰিছিল ৷

সঁচা অৰ্থত তেওঁ কলম হাতত ল'লে পূৰঠ বয়সত; প্ৰায় ৪৪ বছৰ বয়সত ৷ তেওঁৰ প্ৰায়বোৰ গল্প প্ৰকাশ পাইছিল 'বীক্ষণ', 'নতুন পদাতিক', 'নতুন পৃথিৱী', 'দামল', 'শ্ৰীময়ী', ‘ৰংঘৰ’ আদি আলোচনীত ৷ তাৰে নিৰ্বাচিত দহোটা গল্প 'দূবৰি বনৰ জুই’ আৰু এঘাৰটা গল্প 'ৰাং কুকুৰৰ টুপী' নামৰ সংকলন দুখনত স্থান পাইছে‌। বাকী ৰৈ যোৱা এই সময়ৰ আন বিশটা গল্প তেওঁৰ মৃত্যুৰ পাছত 'ছিলিকন ভেলীৰ মানুহ' নামৰ সংকলনখনিত সন্নিৱিষ্ট হৈছে‌।পৰীক্ষা-নিৰীক্ষাৰ দিশৰপৰা 'ৰাং কুকুৰৰ টুপী'ৰ গল্পকেইটা অধিক আকৰ্ষণীয়‌, কিন্তু বিষয়-বস্তুৰ নিৰ্বাচনৰ দিশৰপৰা উজ্জ্বল কেইবাটাও গল্পই স্থান পাইছে 'দূবৰি বনৰ জুই'ত। গল্পকাৰৰ নিজৰ ভাষ্য মতে 'দূবৰি বনৰ জুই'ত সন্নিবিষ্ট 'ভেটি' সৰ্বদিশৰপৰা তেওঁৰ শ্ৰেষ্ঠ সৃষ্টি‌। পাঠক আৰু সমালোচক আটাইৰে নিজা বিচাৰ-বুদ্ধি বা বিচাৰ-বিশ্লেষণ আছে‌। 'ৰাং কুকুৰৰ টুপী' আৰু 'বৰ ধেমালি-সৰু ধেমালি' অসমীয়া গল্প সাহিত্যৰ মাইলৰ খুঁটিসদৃশ বুলিও কোনো কোনোৱে ক'ব বিচাৰে‌। দায়বদ্ধ লেখক এজনৰ ৰচনা ‘কাৰ বাবে লিখিছে’ আৰু ‘কাৰ কথা লিখিছে’ তেওঁলোকৰপৰা অহা মতামত, প্ৰতিক্ৰিয়া আদিয়ে সততে ক্ৰিয়া কৰে। ‘দূবৰি বনৰ জুই’ৰ গল্পলানিক আপোন কৰি লোৱা পাঠকসকলৰ বৃহৎ অংশই সেয়ে একে কাৰণতে ‘ৰাং কুকুৰৰ টুপী’ৰ কেইটিমান শ্ৰেষ্ঠ ৰচনাৰ পৰাও দূৰত্ব অনুভৱ কৰে। বক্তব্যৰ সৰল উত্থাপনৰপৰা ক্ৰমাৎ সৃষ্টিৰ নিটোলতাৰ প্ৰতি অধিক মনোযোগী হৈ উঠাৰ বাবে হুছেইনৰ শেষৰ পৰ্যায়ৰ দুই-এটি ৰচনা সৰল মনৰ পাঠকৰ বাবে কিছু ধূসৰ যেন অনুভূত হোৱাই স্বাভাৱিক। এই দুয়ো দিশৰ ভাৰসাম্য ৰক্ষা কৰাও অতিশয় কঠিন কাম। ‘বীক্ষণ’ৰ পাততে নৱজন্ম পোৱা হুছেইনে তেওঁৰ বলিষ্ঠ ৰচনাখিনি ‘বীক্ষণ’কে উপহাৰ দি গৈছে। এই যাত্ৰা তেওঁ আৰম্ভ কৰিছিল ‘ভেটি’ৰে (১৯৮৫) আৰু অন্ত পেলালে আলোকৰ উদ্ধোধেনেৰে।

লিখা, গাপ দিয়া, পাঠচক্ৰবোৰৰ জৰিয়তে প্ৰতিটো লেখাৰ ওপৰত সতীৰ্থসকলৰ মতামত গ্ৰহণ কৰা, পুনৰ লিখা – অনুশীলনৰ এনে ৰীতিৰ মাজেৰে হুছেইনৰ প্ৰায়বোৰ লেখাই ছপাশালৰ মুখ দেখিছিল৷ তেওঁৰ গল্পৰ একাধিক আলোচনা সুধীজনে কৰিছে৷ ইয়াৰ উপৰি তিনিওখন গল্প পুথিতেই প্ৰায় সকলো দিশ সামৰি তিনিখন মন চুই যোৱা পাতনি সংযোজিত হৈছে৷ হুছেইন আছিল এজন সমাজ সচেতক, পৰশ্ৰমী লেখক৷ বহুদিনীয়া চিন্তাৰে পূৰঠ গল্পও প্ৰায় দুই-তিনিবাৰকৈ নিলিখাকৈ তেওঁ প্ৰকাশৰ বাবে নপঠাইছিল৷ সাহিত্য যে এক নিৰ্মাণ, পুনৰ নিৰ্মাণ – এই নীতি তেওঁ নিষ্ঠাসহকাৰে পালন কৰিছিল৷

Share Button
Print Friendly, PDF & Email

No Comments : "গল্পকাৰ জেহিৰুল হুছেইন (বিপুল খাটনিয়াৰ)"

Leave a Comment

Your email address will not be published. Required fields are marked *