গোমাতা : গোমাংস

(ৰচনা কাল : ১৯৭৯ চন। প্রবন্ধটো প্রথমে অসম্পূর্ণভাৱে প্রকাশিত হয় 'নতুন বাঁহী'-ত, এপ্রিল-মে’ আৰু ছেপ্টেম্বৰ-অক্টোবৰ, ১৯৮১ চনত। পাছলৈ 'সমাজ আৰু সংস্কৃতি' আৰু 'নিষিদ্ধ প্রসংগ' গ্রন্থত সংকলিত হয়।)

 

সৌধাতকি: কি বশিষ্ঠ?

দণ্ডায়ন: আকৌ কি?

সৌধাতকি: সেইটো কিবা বাঘৰ নিচিনা হ’ব বুলি মোৰ অনুমান হৈছিল।

দণ্ডায়ন : কি যে কোৱা।

সোধাতকি : সি আহিয়েই আমাৰ বেচাৰী কপিলা দামুৰীটোকে ততালিকে মাৰি পেলালে!

দণ্ডায়ন: মধুপর্কবিধি সামিষ হ’ব লাগে, ধর্মশাস্ত্ৰৰ এই আজ্ঞাৰ প্ৰতি অতিশয় সন্মান কৰি গৃহস্থসকলে কোনো শ্রোত্ৰিয় অতিথি আহিলে দামুৰী বা বলধ মাৰি তাৰ মঙহ ৰান্ধে, কিয়নো ধৰ্মসূত্ৰকাৰসকলে তেনেভাৱেই উপদেশ দি থৈছে‌।

গো-বধ মহাপাপ‌। গোমাংস-ভক্ষণ নৰক-গমনৰ পূৰ্বচৰ্ত‌। এয়া ধৰ্মৰ কথা, শাস্ত্ৰৰ সতৰ্কবাণী, ঐতিহ্যৰ নিৰ্দেশ‌। স্বাভাৱিকতে গো-মাতা, গো-পূজা, গো-ৰক্ষা ইত্যাদি লৈ যিসকল অহৰহ ব্যস্ত তেওঁলোকৰ বাবে এইধৰণৰ সংলাপ নিৰ্মমভাৱে অস্বস্তিকৰ‌। অৱশ্যে উক্ত কথোপকথনখিনিক তুলনামূলকভাৱে আধুনিক কোনো নাট্যকাৰৰ সংলাপ হোৱাহঁতেন বেলেগ কথা আছিল, কাৰণ সেই ক্ষেত্ৰত সংলাপখিনিক সংস্কৃত নাট্যসাহিত্যত কোনো মুছলমান নাট্যকাৰৰ ষড়যন্ত্ৰমূলক অনুপ্ৰবেশৰ ফল কিম্বা ঐতিহ্য-হননকাৰী কোনো নাস্তিক কমিউনিষ্টৰ দুৰভিসন্ধিমূলক ইতিহাস-বিকৃতি বুলি প্ৰচাৰ কৰা গ’লহেঁতেন। পিছে আমি উল্লেখ কৰা সংলাপখিনি এখন প্রাচীন সংস্কৃত নাটকৰপৰাহে লোৱা, নাট্যকাৰৰ নাম ভৱভূতি আৰু নাটকৰ নাম ‘উত্তৰৰামচৰিত’। প্রাচীন ভাৰতত গোমাংসৰ প্ৰচলনৰ প্রমাণ হিচাপে সংস্কৃত নাটকৰপৰা লোৱা এই দৃষ্টান্তই কেৱল গো-মাতাৰ উগ্র-অন্ধ ভক্তসকলৰ মনতেই নহয়, সাধাৰণ হিন্দু ৰাইজৰ মনতে অস্বস্তিৰ জন্ম দিয়াটো স্বাভাৱিক‌। কাৰণ, আমাৰ দেশৰ সকলো হিন্দুৱে এই কথা মনে-প্রাণে বিশ্বাস কৰি আহিছে যে আমাৰ গো-প্রধান ঐতিহ্যত গো-মাংস চিৰকালেই অভক্ষ্য। মহাকাব্যত এইধৰণৰ কথাও কোৱা হৈছে যে যিসকলে গোবধ কৰে বা কৰিবলৈ অনুমতি দিয়ে আৰু গোমাংস ভক্ষণ কৰে তেওঁলোকে বধ কৰা গৰুজনীৰ গাত যিমানডাল নোম থাকে সিমান বছৰৰ কাৰণে নৰকত গেলি-পচি মৰে।(১) — হিন্দুশাস্ত্রত এইধৰণৰ গো-ভক্তি বিৰল নহয়। কোৱা বাহুল্য যে গোবধ, গোমাংস ইত্যাদি সম্পর্কে আমি সচৰাচৰ যিবোৰ ধাৰণাক সঁচা বুলি ভাবোঁ সেইবোৰ প্রাচীন ভাৰতৰ ইতিহাসৰদ্বাৰা সমর্থিত নহয়। এই বিষয়ে ইতিমধ্যে পণ্ডিতসকলে অ'ত-ত'ত কিছু আলোচনা কৰিছে আৰু সেইবোৰৰ ভিত্তিত আমি দেখুৱাবলৈ যত্ন কৰিম যে প্রাচীন হিন্দু সমাজত গোবধ আৰু গোমাংস ভক্ষণক পাপ বুলি গণ্য কৰা নহৈছিল। ইয়াৰ উপৰি পৰৱৰ্তী কালত গোবধৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাৰ লগত যে ক্রমবিকশমান অর্থনীতি আৰু বৈদিক ধৰ্মৰ হিংস্ৰতাৰ সম্পর্ক আছিল তাৰো কিছু আভাস দিবলৈ চেষ্টা কৰিম।

১৮৭১ চনৰ কথা‌। বংগদেশৰ JOURNAL OF THE ASIATIC SOCIETYত ভাৰতবিদ ৰাজেন্দ্রলাল মিত্রই এটি প্রবন্ধ লিখে — ‘BEEF IN ANCIENT INDIA’।(২) যিমানদূৰ জনা যায় প্রাচীন ভাৰতত গো-মাংসৰ প্রচলন সম্পর্কে বিতৰ্কৰ প্রথম সূত্রপাত হয় এই প্রবন্ধ প্ৰকাশৰ পাছৰপৰাই‌। হিন্দু শাস্ত্ৰৰপৰা দিয়া বহু উদাহৰণৰ সহায়ত প্রবন্ধটোত মিত্রই এই কথা অতি স্পষ্ট আৰু নিৰ্ভীকভাৱে প্রমাণ কৰিছে যে প্রাচীন হিন্দু সমাজত গোবধ কৰা হৈছিল আৰু গোমাংস ভক্ষণো সেই সমাজত নিষিদ্ধ নাছিল; তেওঁ আনকি গোবধ আৰু গোমাংস কিয় পৰৱৰ্তী কালত নিষিদ্ধ বুলি ঘোষণা কৰা হ’ল তাৰ এটি ব্যাখ্যাও এই প্রবন্ধটিত দিছে। মিত্ৰৰ এই গুৰুত্বপূর্ণ প্রবন্ধৰ বিষয় আৰু ব্যাখ্যা সম্পর্কে আলোচনা কৰাৰ আগতে আমি অন্যান্য কেইজনমান লিখকে এই সম্পর্কে কি মতামত ব্যক্ত কৰিছে তাৰ কিছু আভাস দিবলৈ যত্ন কৰিম। পণ্ডিত ধর্মানন্দ কৌসম্বীয়ে তেওঁৰ ভগৱান বুদ্ধ নামৰ কিতাপখনত এই কথা উল্লেখ কৰিছে যে এসময়ত গোমাংস ব্রাহ্মণসকলৰ প্রিয় আহাৰ আছিল; যাজ্ঞবল্ক্যৰ বক্তব্য এইক্ষেত্ৰত অত্যন্ত পোনপটীয়া : ‘ইয়াৰদ্বাৰা শৰীৰ মঙহাল হয়, গতিকে মই ইয়াৰ মঙহ অৱশ্যে খাম।‘ কৌসম্বীৰ মতে বৌদ্ধ আৰু জৈনসকলৰ চেষ্টাত গোমাংস নিষিদ্ধ হোৱাৰ পাছতো ব্রাহ্মণসকলৰ মাজত সি নিষিদ্ধ হ’বলৈ আৰু কেইবা শতিকাও সময় লাগিছিল।(৩) বহুতে হয়তো ভাবিব পাৰে যে বিশেষ কিছুমান কাৰণে ব্রাহ্মণসকলৰ অধঃপতন হৈছিল যদিও বৈদিক যুগত — যি যুগত হিন্দুধৰ্মৰ মহান আধ্যাত্মিক ভিত্তি প্রতিষ্ঠিত হৈছিল – সেই সময়ছোৱাত নিশ্চয় হিন্দু সমাজে গো-মাতাৰ মাংস ভক্ষণৰপৰা নিজকে মুক্ত ৰাখিছিল। পিছে ইতিহাসে ইয়াৰ বিপৰীতেহে সাক্ষ্য দিয়ে। এই সম্পর্কে কুনহান ৰাজাই লিখা কথাকেইষাৰ বিশেষভাৱে অনুধাৱনযোগ্য :

‘People are shocked when they are told that the people in the Vedic times drank alcohol and they ate meat, even beef. We must realise that the cannons of morality and of good life in those days cannot be fixed on the standards of our notions as existing at present.'(৪)

এই উক্তিৰ সপক্ষে তেওঁ ঋগবেদৰপৰা কেইটামান প্রমাণ কিতাপখনত উল্লেখ কৰিছে। ম্যাকডনাল আৰু কেইথেও প্রায় একে কথাকেই সংক্ষেপে উল্লেখ কৰিছে : ‘The flesh of both cows and bulls was sometimes eaten.’(৫) কেৱল আদি-বৈদিক যুগতেই নহয়, পৰৱৰ্তী কালতো যে গোমাংস হিন্দু সমাজত সম্পূর্ণ নিষিদ্ধ হোৱা নাছিল সেই কথা আমি ইতিমধ্যে উল্লেখ কৰিছোঁ। এই প্রসংগত এজন লিখকে বৃহদাৰণ্যক উপনিষদৰপৰা দিয়া এটা তথ্যৰ উল্লেখ কৰাটো অপ্রাসংগিক নহ’ব‌।(৬) এই উপনিষদত কোৱা হৈছে যে যশস্বী, দীর্ঘজীৱী, মধুভাষী, চতুৰ্বেদজ্ঞ, বাকপটু পুত্র প্রার্থনা কৰিলে তৰুণ বা বয়স্ক ষাঁড়ৰ মাংসৰ লগত পলান্ন ৰান্ধি খাব লাগে। প্রাচীন ভাৰতত গোমাংস নিষিদ্ধ হোৱাহেঁতেন নিষিদ্ধ আহাৰ খাই সুপুত্র লাভ কৰাৰ কথাই কেতিয়াও ধর্মশাস্ত্রত স্থান নাপালেহেঁতেন।

আমাৰ যিসকল আধুনিক ঐতিহাসিকে প্রাচীন ভাৰতৰ ইতিহাস ৰচনাক অবৈজ্ঞানিক তথা সংকীর্ণ দৃষ্টিভংগীৰপৰা মুক্ত কৰিব বিচাৰিছে তেওঁলোকে গোমাংস সম্পৰ্কীয় সমস্যাটোৰ ওপৰত নতুনকৈ আলোকপাত কৰিবলৈ বাধ্য হৈছে। ৰমিলা থাপাৰে এঠাইত কৈছে যে আৰ্যসকলে কেতিয়াও গোমাংস আৰু মদ নাখাইছিল বুলি কোৱাৰ অর্থ হ’ব পুৰাতাত্ত্বিক আৰু সাহিত্যিক প্রমাণক অস্বীকাৰ কৰা। অলপতে আৰ এছ শৰ্মাই স্পষ্টভাৱে লিখিছে :

‘It is because of prominence of pastoral life that beef eating prevailed in Vedic times... Even when societies in different parts of the country became fully agricultural, the practice persisted with certain sections of the people, especially with those belonging to the class of artisans and agricultural labourers. Even in Gupta times in the sixth century, the law-giver Brihaspati informs us that artisans in the Middle country or Madhya desh were beef-eaters.’(৮)

যিসকলে সমসাময়িক মূল্যবোধৰ ভিত্তিত প্রাচীন ভাৰতৰ ইতিহাস ৰচনা কৰিব বিচাৰে তেওঁলোকৰ অনৈতিহাসিক দৃষ্টিভংগীক খণ্ডন কৰিবলৈ এইধৰণৰ ঐতিহাসিক তথ্য-প্রমাণৰ গুৰুত্ব অপৰিসীম। বস্তুবাদী সমাজতত্ত্বৰ ওপৰত আস্থা থকা ঐতিহাসিকসকলৰ লিখনিত স্বাভাৱিকতে এইধৰণৰ তথ্য প্রমাণ বেছি পোৱা যায়, কাৰণ দেশৰ ধৰ্মীয় ঐতিহ্যৰ বিষয়ে কাল্পনিক, মনে-গঢ়া সত্যৰ প্ৰচাৰতকৈ বাস্তৱ, বিষয়গত সত্যৰ ওপৰত এইসকল ঐতিহাসিকৰ আস্থা অধিক। এই ঐতিহাসিকসকলৰ ভিতৰত ৰাহুল সাংকৃত্যায়ন অন্যতম। বৈদিক সমাজত গোবধ আৰু গোমাংসৰ প্ৰচলন সম্পর্কে তেওঁ কিছু আভাস দিছে৷ আৰ্যসকলৰ যজ্ঞিক কার্যকলাপৰ বর্ণনা কৰোতে তেওঁ লিখিছে : ‘... আর্য স্ত্রী-পুৰুষে তেতিয়া নিজ হাতেৰে গৰু, ছাগলী বা এইধৰণৰ অন্যান্য পশু বধ কৰি সেইবোৰক জুইত পুৰিছিল — পাছত সোমৰসৰ লগত সেই আহাৰ গ্ৰহণ কৰাৰ সময়ত দেৱতা, প্রকৃতি আৰু পিতৃপুৰুষক এই আনন্দমত্ততাৰ অংশ দিছিল।’(৯) ৰাহুল সাংকৃত্যায়নে উল্লেখ কৰিছে যে গৰুক পৱিত্ৰ জ্ঞান কৰাৰ কথা সর্বপ্রথম প্রাচীন মিছৰত সৃষ্টি হয়, যদিও – প্রাচীন ভাৰতৰ দৰেই – মিছৰতো গৰুক ঈশ্বৰৰ বাবে সর্বাপেক্ষ উপযুক্ত বলি বুলি বিবেচনা কৰা হৈছিল। তেওঁৰ মতে গৰুৰ গাখীৰৰ জীৱন-ৰক্ষণ শক্তিত বিস্মিত হৈ এটা সময়ত মানুহে গৰুক পৱিত্ৰ আৰু দিব্য বুলি ভাবিবলৈ আৰম্ভ কৰে।(১০) গোবধ, গোমাংস, গোভক্তি ইত্যাদি সম্পর্কে বস্তুবাদী ঐতিহাসিকসকলৰ মতামতৰ আলোচনা প্রসংগত আমি ভগৱান বুদ্ধৰ লেখক ধর্মানন্দ কৌসম্বীৰ সুযোগ্য পুত্র দামোদৰ ধৰ্মানন্দ কৌসম্বীৰ বক্তব্য উল্লেখ কৰা উচিত হ’ব। তেওঁৰ মতে বৈদিক যাগ-যজ্ঞত গোবধ কৰাটো স্বাভাৱিক, কাৰণ বৈদিক সমাজ মূলতঃ পশুপালকৰ সমাজ আৰু যি ব্রাহ্মণসকলে পৰৱৰ্তী কালত গোবধক ব্রাহ্মণ হত্যাৰ সমতুল্য বুলি ঘোষণা কৰিলে প্রাচীন কালত সেই ব্রাহ্মণসকলৰ প্রিয় খাদ্য কি আছিল সেই বিষয়েও কৌসম্বীৰ বক্তব্য নির্ভীক আৰু স্পষ্ট। তেওঁ লিখিছে : ‘The main Vedic sacrifice was of cattle, natural in a predominantly pastoral society.... A modern orthodox Hindu would place beef-eating on the same level as cannibalism, whereas Vedic brahmins had fattened upon a steady diet of sacrificed beef.’(১১) কোৱা বাহুল্য যে কালক্ৰমত ব্রাহ্মণসকলৰ এই প্রিয় খাদ্য হিন্দু সমাজত নিষিদ্ধ হ'ল।

১৮৭২ চনত প্রকাশিত ৰাজেন্দ্রলাল মিত্ৰৰ ঐতিহাসিকভাৱে গুৰুত্বপূর্ণ আৰু তথ্যবহুল প্রবন্ধ ‘Beef in Ancient India’ৰ কথা এই আলোচনাৰ আৰম্ভণিতেই উনুকিয়াই অহা হৈছে। এতিয়া সংক্ষেপে উল্লেখ কৰা যাওক মিত্ৰৰ এই গুৰুত্বপূর্ণ প্রবন্ধটোত কেনেকৈ তেওঁ বিভিন্ন শাস্ত্ৰৰপৰা দিয়া দৃষ্টান্তৰ সহায়ত প্রাচীন ভাৰতত গোমাংসৰ প্ৰচলনৰ কথা প্রমাণ কৰিছে। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে বৈদিক সমাজত গোবধ নিষিদ্ধ নাছিল। মিত্ৰই তেওঁৰ প্ৰবন্ধত এই সত্য প্রমাণ কৰিবলৈ বেদত উল্লেখ থকা গোমেধ যজ্ঞৰ কথা আমাক সোঁৱৰাই দিছে। উল্লেখযোগ্য যে গোড়া পণ্ডিতসকলে এই গোমেধ সম্পর্কে দিয়া সকলো উদ্ভট ব্যাখ্যাৰ ওপৰত মিত্ৰই কোনো আস্থা ৰাখিব পৰা নাই। তেওঁৰ মতে প্রাচীন বৈদিক ক্রিয়া-কাণ্ডৰ বৰ্ণনা থকা ধর্মশাস্ত্রত এনে বহু অনুষ্ঠানৰ কথা আছে যিবোৰৰ কাৰণে গোমাংসৰ প্রয়োজন আৰু ‘considerable stress is laid on the kind and character of the cattle which should be slaughtered for the supply of meat for the gratification of particular divinities.’(১২) কেৱল গোবধৰ কথাই নহয়, মিত্ৰৰ প্রবন্ধটোৰপৰা এই কথাও জনা যায় যে গোবধ কৰাৰ পাছত কেনেকৈ গৰুৰ শৰীৰটোক কাটিব লাগে তাৰ বিস্তাৰিত বিৱৰণো ধর্মীয় শাস্ত্রত আছে।(১৩) ইয়াৰ উপৰি আন এটি কৌতূহলোদ্দীপক তথ্যও মিত্ৰৰ এই প্রবন্ধটিত পোৱা যায়। ব্রাহ্মণ হত্যা, ব্রাহ্মণৰ স্বর্ণ চুৰি ইত্যাদি অপৰাধক যাজ্ঞবল্ক্যই মহাপাতক বুলি কৈছে কিন্তু ‘the mischievous killing of cattle is included among secondary or upapataka offences, and the expiation for it is comparatively slight.’(১৪) তাৰ মানে যাজ্ঞবল্ক্যৰ দৃষ্টিত গো-হত্যাতকৈ ব্রাহ্মণৰ সোণ চুৰি কৰাটো বেছি গুৰুতৰ অপৰাধ আৰু সেইবাবে প্রথমবিধ অপৰাধৰ শক্তিও দ্বিতীয়বিধতকৈ লঘু। কোৱা বাহুল্য যে গোমাংস আছিল যাজ্ঞবল্ক্যৰ অন্যতম প্রিয় খাদ্য।

আমাৰ এই আলোচনাৰ আৰম্ভণিতেই আমি ভৱভূতিৰ ‘উত্তৰৰাম চৰিত’ৰপৰা যিখিনি সংলাপ উদ্ধৃত কৰিছো তাৰ বিস্তাৰিত উল্লেখ মিত্ৰৰ ‘Beef in Ancient India’তো পোৱা যায়। গোবধ আৰু মৃত গৰুৰ পুনর্জীৱনৰ উদ্ভট ব্যাখ্যাৰ আলোচনা প্রসংগত তেওঁ ভৱভূতিৰ নাটকৰ কথা উল্লেখ কৰিছে। তেওঁৰ যুক্তি এনেধৰণৰ : যদি বধ কৰাৰ পাছত প্রাচীন ভাৰতত গৰুৱে পুনৰ জীৱন লাভ কৰাৰ কথাটো সঁচা তেন্তে বশিষ্ঠৰ আহাৰৰ কাৰণে কিয় বাল্মীকীয়ে দামুৰী বধ কৰাইছিল? অর্থাৎ, ভক্ষণ কৰাৰ পাছত দামুৰীৰ পুনর্জীৱন জানো সম্ভৱ ? মিত্ৰই অৱশ্যে এই কথা তেওঁৰ প্রবন্ধত কোৱা নাই যে ভবভূতিৰ সময়লৈকে হিন্দু সমাজত গোমাংস ভক্ষণ চলিছিল। Encyclopaedia of Religion and Ethicsতো এই কথা পোৱা যায় যে ভৱভূতিৰ নাটকৰপৰা এই সিদ্ধান্তলৈ আহিব নোৱাৰি যে নাট্যকাৰে বাস কৰা সমাজখনত গোমাংসৰ প্রচলন আছিল। এই প্রসংগত আমি ধর্মানন্দ কৌসম্বীৰ মতামত উল্লেখ কৰা উচিত হ’ব। তেখেতৰ ভগৱান বুদ্ধ নামৰ কিতাপৰপৰাই আমি ‘উত্তৰৰাম চৰিত’ৰ সংলাপখিনি লৈছো। কৌসম্বীৰ মতে ডাঙৰ বলদ মাৰি আলহীৰ সৎকাৰ কৰাৰ প্রথা ব্রাহ্মণসকলৰ মাজত ভৱভূতিৰ দিনলৈকে কম-বেছি পৰিমাণে চলি থকা যেন অনুমান হয়।(১৫) কৌসম্বীয়ে কৈছে যে ভৱভূতিক সপ্তম শতাব্দীৰ নাট্যকাৰ বুলি ধৰা হয় আৰু সেই কালত আজিৰ দৰে গোমাংস সম্পূর্ণভাৱে নিষিদ্ধ হোৱা হ'লে বশিষ্ঠই দামুৰী খোৱাৰ উল্লেখ তেওঁৰ নাটকত হয়তো কৰিব নোৱাৰিলেহেঁতেন। সি যি কি নহওক, এই কথা সত্য যে প্রাচীন ভাৰতত এসময়ত আলহীক আদৰ-সৎকাৰ কৰিবলৈ গো-বধ কৰা হৈছিল। এইবাবেই নিশ্চিত অতিথিক ‘গোঘ্ন’ বোলা হয়; গোঘ্নৰ অর্থ হ’ল গো-হত্যাকাৰী।(১৬) মনুৱেও ৰজা বা অন্যান্য সন্মানিত অতিথিৰ অভ্যর্থনাৰ কাৰণে গোমাংস পৰিৱেশন কৰাৰ কথা কৈছে‌।(১৭) গোভিলাই শ্রাদ্ধ অনুষ্ঠানৰ বাবেও গোমাংসৰ কথা উল্লেখ কৰিছে। গোমাংসৰ সপক্ষে এই শাস্ত্রীয় নির্দেশবোৰ মিত্ৰই তেওঁৰ প্ৰবন্ধটিত সুন্দৰভাৱে পৰিৱেশন কৰিছে।

‘Beef in Ancient India'ত ৰাজেন্দ্ৰলাল মিত্রই কেৱল শাস্ত্রীয় আৰু ধর্মীয় নির্দেশনাবোৰেই যে উল্লেখ কৰিছে তেনে নহয়; তেওঁৰ মূল বক্তব্যৰ সত্যতা প্রতিপন্ন কৰিবলৈ তেওঁ আনকি ভাৰতীয় চিকিৎসা শাস্ত্ৰৰপৰাও তথ্য-প্রমাণ সংগ্ৰহ কৰিছে। দুটামান উদাহৰণ লোৱা যাওক। চৰক-সংহিতাত কোৱা হৈছে যে ম’হ, গৰু আদিৰ মাংস সদায় খোৱা উচিত নহয়। অর্থাৎ, ম'হ বা গৰুৰ মাংস অভক্ষ্য নহয়, কেৱল স্বাস্থ্যজনিত কাৰণে সেই মাংস সদায় খাব নালাগে। একেখন চিকিৎসা-শাস্ত্ৰৰ অন্য স্থানত গৰ্ভৱতী তিৰোতাৰ বাবে গোমাংস উপকাৰী বুলি কোৱা হৈছে কাৰণ গোমাংস ভ্ৰূণৰ বাবে শক্তিবৃদ্ধিকাৰক‌। মিত্ৰই লিখিছে যে প্রাচীন কালৰ অন্যান্য চিকিৎসাশাস্ত্রতো এইধৰণৰ নির্দেশ পোৱা যায় আৰু ক'তো গোমাংসক চৰমভাৱে নিষিদ্ধ কৰা হোৱা নাই।(১৮) স্বাস্থ্যবৃদ্ধি বা আৰোগ্য লাভৰ বাবে গোমাংস-গ্ৰহণৰ অস্বস্তিকৰ সমস্যাটোক আয়ুৰ্বেদ শাস্ত্রই কি দৃষ্টিভংগীৰে বিচাৰ কৰিছে সেই কথা বিশদভাৱে দেবীপ্রসাদ চট্টোপাধ্যায়ে Science and Society in Ancient India নামৰ তথ্যপূর্ণ কিতাপখনত আলোচনা কৰিছে। আয়ুৰ্বেদত গো-পূজাৰ কথা আছে, ব্রাহ্মণ আৰু গৰুৰ বিৰুদ্ধে শক্ৰতা নকৰিবলৈও নির্দেশ দিয়া হৈছে; আনকি এনে কথাও কোৱা হৈছে যে ৰোগীৰ ঘৰলৈ যাওঁতে বলদ কিম্বা উচ্চবৰ্ণৰ ব্যক্তিৰ দৰে পৱিত্ৰ বস্তুৰ লগত সাক্ষাৎ হ’লে চিকিৎসকৰ সাফল্য অৱধাৰিত।(১৯) দেবীপ্রসাদ চট্টোপাধ্যায়ে তেওঁৰ সূক্ষ্ম, বিশ্লেষণাত্মক, বস্তুনিষ্ঠ দৃষ্টিভংগীৰে প্রমাণ কৰি দেখুৱাইছে যে এইধৰণৰ গো-ভক্তিৰ লগত ভাৰতীয় চিকিৎসাশাস্ত্ৰৰ বৈজ্ঞানিক দৃষ্টিভংগীৰ কোনো সংগতি নাই। চট্টোপাধ্যায়ৰ মতে দৰাচলতে বস্তুবাদ-বিৰোধী শাস্ত্রকাৰসকলক সন্তুষ্ট কৰিবলৈ আৰু তেওঁলোকৰ হস্তক্ষেপৰপৰা ৰক্ষা পাবলৈহে চিকিৎসা শাস্ত্রত ধর্মীয় ধ্যান-ধাৰণাৰ বাবে ঠাই কৰি দিয়া হৈছিল। চট্টোপাধ্যায়ৰ ভাষাত : ‘Evidently the worship of the cow is recommended from the point of view of orthodox religion and the prescription of its flesh from that of medicine proper. In our text [i.e. Caraka Samhita] in its present form, the former is loosely super-imposed on the latter, without any effort to make the two coheres.’(২০)

খাদ্যৰ ক্ষেত্ৰত চৰক-সংহিতাৰ মূল দৃষ্টিভংগী পাপ-পুণ্যৰ দৰে ধৰ্মীয় কু-সংস্কাৰৰপৰা মুক্ত : মানুহৰ শৰীৰটো খাদ্যৰেই সৃষ্টি, গতিকে যি খাদ্য স্বাস্থ্যৰ বাবে হিতকৰ সেই খাদ্যকেই মানুহে গ্রহণ কৰা উচিত।(২১)

এইধৰণৰ সংস্কাৰমুক্ত দৃষ্টিভংগী থকাৰ বাবেই প্রাচীন ভাৰতৰ চিকিৎসকসকলে বিভিন্ন প্রকাৰৰ ৰোগৰপৰা আৰোগ্য লাভৰ কাৰণে অন্যান্য পশুৰ মাংসৰ লগতে গোমাংস ভক্ষণৰ নির্দেশো স্পষ্টভাৱে দিছে। এই প্রসংগত দেবীপ্রসাদ চট্টোপাধ্যায়ে কেইটামান উদাহৰণ উল্লেখ কৰিছে। আয়ুৰ্বেদ শাস্ত্ৰৰ মতে কিছুমান ৰোগৰ উৎপত্তি হয় বায়ুৰ আধিক্যৰ বাবে। চৰক সংহিতাত এইধৰণৰ বায়ুজনিত ৰোগৰ বাবে গোমাংস অত্যন্ত হিতকাৰী বুলি উল্লেখ আছে। আকৌ, যক্ষ্মা ৰোগৰ ফলত ক্ষীণ হৈ পৰা ৰোগীৰ কাৰণে – অন্যান্য কিছুমান মাংসৰ লগতে — গোমাংস ভক্ষণৰ নির্দেশো দিয়া হৈছে, কাৰণ চিকিৎসকসকলৰ মতে গোমাংস শৰীৰ মাংস বৃদ্ধিৰ সহায়ক।(২২) এইবোৰ উদাহৰণৰপৰা এই কথাই স্পষ্টভাৱে প্রমাণিত হয় যে প্রাচীন চিকিৎসা বিজ্ঞানৰ ফালৰপৰা গোমাংস ভক্ষণৰ লগত ধর্ম-অধৰ্মৰ কোনো প্রশ্ন জড়িত হৈ থকা নাই। প্রসংগক্রমে আমি এইখিনিতে বুদ্ধৰ কথা উল্লেখ কৰাটো বোধহয় অপ্রাসংগিক নহ’ব। শ্ৰাৱস্তী নগৰীত আজিৰপৰা প্রায় পঁচিশ শ বছৰ আগতে বুদ্ধই কৈছিল – ভিক্ষুকগণ, অনুমতি দিছোঁ – ৰুগ্ন অৱস্থাত কেঁচা মাংস খাওক আৰু কেঁচা ৰক্ত পান কৰক।(২৩) বুদ্ধৰ এই নির্দেশৰ লগত প্রায় পঁচিশ শ বছৰ পাছত — যেতিয়া অজ্ঞ আৰু ধূৰ্তৰ বাহিৰে প্রায় সকলোৱে বিজ্ঞানৰ সাফল্য আৰু ভৱিষ্যৎ সম্ভাৱনাক স্বীকাৰ কৰি লৈছে — সেই যুগত গান্ধীয়ে কি কৈছে তাৰ এটি তুলনা কৰা যায় : ‘Doctors violate our religious instinct. Most of the medical preparations contain either animal fat or spirituous liquors.’(২৪) কোৱা বাহুল্য যে এই মতামত আনকি আলোচনাযোগ্যও নহয়। ধর্মীয় প্রবৃত্তিৰ সংৰক্ষণৰ ক্ষেত্ৰত গান্ধীয়ে বুদ্ধকে চেৰ পেলাই গৈছে।

আমাৰ আলোচনাৰ এই স্তৰত স্বাভাৱিকতে অনুসন্ধিৎসু মনত প্রশ্ন জাগিব : যদি গোমাংসৰ প্রচলন নিষিদ্ধ নাছিল তেন্তে কিয় পৰৱৰ্তীকালত হিন্দু সমাজত গোবধ আৰু গোমাংস সম্পূর্ণভাৱে নিষিদ্ধ হ’ল? হিন্দুসকল হঠাৎ মানৱিক আৰু অহিংস হৈ পৰিছিল নে আন কিবা আর্থ-সামাজিক কাৰণ এই নিষিদ্ধকৰণৰ লগত জড়িত? ইতিহাসৰ বস্তুনিষ্ঠ ছাত্ৰৰ বাবে এইধৰণৰ প্রশ্নৰ সামাজিক তাৎপর্য অপৰিসীম। আমাৰ আলোচনাৰ পৰৱৰ্তী অংশত আমি এই বিষয়ে কেইজনমান ঐতিহাসিকৰ মতামত দাঙি ধৰিম আৰু আমাৰ সীমিত সামর্থ্য অনুযায়ী বস্তুনিষ্ঠ ব্যাখ্যাৰ বিষয়ে কিছু আভাস দিবলৈ যত্ন কৰিম।

প্রথমেই ৰাজেন্দ্রলাল মিত্ৰৰ ব্যাখ্যাৰ কথা উল্লেখ কৰা যাওক। ‘Beef in Ancient India’ৰ শেষাংশত তেওঁ হিন্দু সমাজত কিয় গোমাংস নিষিদ্ধ হ’ল তাৰ এটি ব্যাখ্যা দিবলৈ যত্ন কৰিছে। মিত্ৰৰ মতে ব্রাহ্মণসকলে বৌদ্ধধৰ্মৰ বিৰোধিতা কৰিবলৈ গৈ দেখিলে যে প্রাণীৰ প্রতি অহিংসাৰ মতবাদ জনগণৰ মনত দ-কৈ শিপাই গৈছে। সেইবাবে তেওঁলোকে ধীৰে ধীৰে আৰু গোপনভাৱে এই অহিংস ধৰ্মক এনেভাৱে গ্রহণ কৰিলে যে সি তেওঁলোকৰ শাস্ত্ৰৰেই অংশ যেন লগা হৈ পৰিল :

"... when the Brahmans had to contend against Buddhism, which emphatically and so successfully denounced all sacrifices, they found the doctrine of respect for animal life too strong and too popular to be overcome, and therefore gradually and imperceptibly adopted it in such a manner as to make it appear a part of their Sastra.”(২৫)

গান্ধীৰ দৰে যিসকলে বিশ্বাস কৰে যে অহিংসা ধৰ্মই হ’ল প্রকৃততে ‘root of Hinduism’(২৬) তেওঁলোকৰ বাবে মিত্ৰৰ এই বক্তব্য গ্রহণযোগ্য নোহোৱাটোকেই স্বাভাৱিক। মিত্ৰই তেওঁৰ প্ৰবন্ধত এই কথাও কৈছে যে হিন্দুধৰ্মৰদ্বাৰা প্রচাৰিত অহিংসা ধর্ম সমাজত সাধাৰণভাৱে প্রতিষ্ঠিত হ’বলৈ কিছু সময় লৈছিল, যদিও ইয়াৰ জনপ্রিয়তাৰ ভিত্তি ইতিমধ্যেই বৌদ্ধধৰ্মৰ শিক্ষাই তৈয়াৰ কৰি থৈছিল। মিত্ৰৰ প্ৰবন্ধৰ এই কথাকেইটা এই প্রসংগত বিশেষভাৱে অনুধাৱনযোগ্য, কাৰণ ইয়াৰ মাজতেই মিত্ৰৰ ব্যাখ্যাৰ অসম্পূর্ণতাও নিহিত হৈ আছে : ‘The abstention was at first, no doubt, optional, but gradually it became general partly from a natural disposition to benevolence and partly out of respect for the feeling of Budhist neighbours.’(২৭) হিন্দু ধৰ্মৰ পশু বধ নিষিদ্ধকৰণ, —বিশেষকৈ গোবধ নিষিদ্ধকৰণৰ — ব্যাপক জন-স্বীকৃতিৰ ব্যাখ্যা প্রসংগত মিত্ৰই কেৱল মানৱ প্রকৃতিৰ স্বাভাৱিক মমত্ববোধ আৰু বৌদ্ধ ধর্মাৱলম্বী প্রতিবেশীৰ প্ৰতি থকা শ্রদ্ধাবোধৰ কথাই উল্লেখ কৰিছে; অহিংসা ধৰ্মৰ উৎস আৰু ব্যাপক প্রচাৰ তথা স্বীকৃতি যে বিশেষ কিছুমান আর্থ-সামাজিক দাবীৰ লগত অংগাংগীভাৱে জড়িত তাৰ কোনো ইংগিত মিত্ৰৰ প্ৰবন্ধত পোৱা নাযায়। এই কাৰণে মিত্ৰৰ ব্যাখ্যাক অসম্পূর্ণ বুলি ক’লে নিশ্চয় ভুল কোৱা নহ’ব, যদিও এই অসম্পূর্ণতাৰ বাবে এশ বছৰ আগতে লিখা প্রবন্ধৰ লিখকক কিমানদূৰ দোষাৰোপ কৰিব পৰা যায় সেই কথাও এক বিচার্য বিষয়।

ধর্মানন্দ কৌসম্বীৰ মতে পোনপ্ৰথমতে বৌদ্ধসকলেই বোধহয় গোমাংস আহাৰৰ বিৰুদ্ধে আন্দোলন কৰে।(২৮) বুদ্ধই যাগ-যজ্ঞত গাই, বলদ আৰু অন্যান্য প্রাণী হত্যা কৰাটো সমর্থন নকৰিছিল। অৱশ্যে কেৱল বুদ্ধই নহয়, আন বহুতেই বৈদিক যাগ-যজ্ঞৰ অন্তঃসাৰশূন্যতা আৰু উদ্ভট যুক্তিক সমর্থন কৰিব নোৱাৰিছিল। এই প্রসংগত কৌসম্বীয়ে উল্লেখ কৰা চাৰ্বাকপন্থীসকলৰ সুন্দৰ শ্লোক এটা উল্লেখ কৰা যায় : ‘অগ্নিষ্টোম যজ্ঞত বধ কৰা পশু যদি স্বৰ্গলৈ যায় তেন্তে সেই যজ্ঞত যজমানে নিজৰ বাপেকক বধ নকৰে কিয়? বেদৰ কর্তা তিনিটা — ভণ্ড, ধূর্ত আৰু ৰাক্ষস।’ কৌসম্বীয়ে তেওঁৰ ভগৱান বুদ্ধত বৌদ্ধ সাহিত্যৰপৰা উদ্ধৃত কৰা বিভিন্ন উদাহৰণৰ সহায়ত সেই সময়ৰ যাগযজ্ঞ আৰু বুদ্ধৰ প্রতিক্রিয়া সম্পর্কে কিছু আভাস দিছে। এটা উদাহৰণ লোৱা যাওক : বুদ্ধ ভগৱান শ্রাৱন্তীত আছিল। তেতিয়া কোসলৰাজ পসেনদিৰ মহাযজ্ঞৰ আৰম্ভ হ’ল। তাত পাঁচশ বলদ, পাচশ দমৰা, পাচশ দামুৰী, পাঁচশ ছাগলী আৰু পাঁচশ ভেৰা বলিশালত বলি দিয়া হৈছিল। দণ্ডৰ ভয়ত ৰজাৰ দাস, দূত আৰু কৰ্মচাৰীসকলে চকুপানী টুকি কান্দি কান্দি যজ্ঞৰ কাম কৰি আছিল। এইবোৰ দেখি ভিক্ষুকসকলে ভগৱানক সেই কথা জনালে। তেতিয়া ভগৱানে ক’লে, যি যজ্ঞৰ কাৰণে ছাগলী, ভেৰা আৰু গৰু আদি প্রাণী মৰা হয়, তেনে যজ্ঞলৈ সদাচাৰী মহর্ষি নাযায়।(২৯) কৌসম্বীয়ে উল্লেখ কৰা আৰু এটা উদাহৰণত দেখা যায় যে বলদ, দামুৰী আদি মাৰিবলৈ নিৰ্দেশ দিয়াৰ পাছত ৰজাৰ দাস, দূত আৰু কৰ্মচাৰীসকলে চকুপানী টুকি কান্দি সেই কাম কৰি থাকে। প্রশ্ন হ’ল, ৰজাৰ দাস, দূত আৰু কৰ্মচাৰীসকলৰ কান্দোনৰ প্রকৃত কাৰণ কি? এই প্রশ্ন কৌসম্বীয়ে নিজেও উত্থাপন কৰিছে আৰু তাৰ উত্তৰত তেওঁ যিখিনি কথা লিখিছে তাৰপৰা এই আভাস পোৱা যায় যে পশুবধ – বিশেষকৈ গোবধৰ — নিষিদ্ধকৰণৰ লগত সাধাৰণ কৃষিজীৱী ৰাইজৰ অর্থনৈতিক স্বাৰ্থ বিশেষভাৱে জড়িত। কৌসম্বীয়ে লিখিছে : ইয়াৰ কাৰণ আছিল এয়ে যে যজ্ঞত বধ কৰা পশুবোৰ দুখীয়া খেতিয়কহঁতৰপৰা বলেৰে কাঢ়ি অনা হৈছিল আৰু তাৰ ফলত খেতিয়কসকলৰ বৰ কষ্ট হৈছিল।(৩০) এই বিষয়ে আৰু কিছু কৌতূহলোদ্দীপক তথ্য পোৱা যায়। অবিশ্বাস্য যেন লাগিলেও এই কথা সঁচা যে অশোকৰ ৰাজত্বকালত বজাৰ আৰু চাৰিআলিত অন্যান্য মাংসৰ লগতে গোমাংসও বিক্ৰী কৰা হৈছিল।(৩১) ধর্মানন্দ কৌসম্বীৰ মতে বুদ্ধৰ কালতো এই প্রথাৰ প্রচলন আছিল ; কিন্তু বুদ্ধই যাগ-যজ্ঞ যিদৰে নিষেধ কৰিছে, এই কথাৰ হ’লে তেনেকৈ নিষেধ কৰা নাই।(৩২) কৌসম্বীৰ বিশ্লেষণ অনুযায়ী ইয়াৰ কাৰণ এয়ে যে যি গাই বা বলদক কচায়ে বধ কৰিছিল সেই গায়ে গাখীৰ দিয়া নাছিল কিম্বা সেই বলদ কৃষিকৰ্মৰ বাবে উপযুক্ত নাছিল। কিন্তু ৰজা-মহাৰজাসকলে কৰা আড়ম্বৰপূৰ্ণ বৈদিক যজ্ঞবোৰৰ কথা আছিল সুকীয়া। সেইবোৰ যজ্ঞত শ শ দমৰা বা দামুৰী বধ কৰা হৈছিল আৰু কৃষিকাৰ্যৰ বাবে ই কি পৰিমাণে ক্ষতিকাৰক সেইটো সহজেই অনুমেয়।(৩৩)

ৰাজেন্দ্রলাল মিত্ৰৰ ব্যাখ্যাৰ আলোচনা প্রসংগত আমি দেখিছে যে হিন্দু ধৰ্মৰ অহিংসা নীতিৰ ব্যাপক জন-স্বীকৃতিৰ কাৰণ হিচাপে তেওঁ মানৱ-প্রকৃতিৰ সহজাত মমত্ববোধ আৰু হিন্দুসকলৰ প্রতিবেশী বৌদ্ধসকলৰ প্ৰতি থকা শ্রদ্ধাৰ কথা উল্লেখ কৰিছে। এই ব্যাখ্যা আজিৰ বিচাৰত বৈজ্ঞানিক নহয় : অহিংসা ধৰ্মৰ জন্ম, প্ৰচাৰ আৰু স্বীকৃতিৰ আর্থ-সামাজিক কাৰণবোৰ ইয়াত অনুল্লিখিত থাকি গৈছে। তদুপৰি প্রশ্ন হয় : যদি সহজাত মমত্ববোধৰ কাৰণে অহিংসা নীতিয়ে ব্যাপক স্বীকৃতি লাভ কৰিছিল তেন্তে ভাৰতীয় সমাজ বিকাশৰ বিশেষ এই স্তৰত এই মমত্ববোধ হঠাৎ জাগ্ৰত আৰু সক্রিয় হৈ পৰিল কিয়? দৰাচলতে উৎপাদন ব্যৱস্থাৰ অগ্রগতি আৰু বিভিন্ন সামাজিক শক্তিৰ উত্থান-পতনৰ লগত— শেষ বিচাৰত— সামাজিক, নৈতিক আৰু ধৰ্মীয় ধ্যান-ধাৰণা সম্পর্কিত। বস্তুবাদী সমাজতত্ত্বই আমাক এই শিক্ষাই দিয়ে। এইফালৰপৰা চাবলৈ গ’লে ধর্মানন্দ কৌসম্বীৰ ব্যাখ্যাত, পৰোক্ষভাৱে, অহিংসা নীতিৰ ব্যাপক জন-স্বীকৃতিৰ বিষয়ে কিছু মূল্যৱান ইংগিত পোৱা যায়; যেনে, সাধাৰণ কৃষিজীৱী ৰাইজে বৈদিক যাগ-যজ্ঞৰ বলিদান প্রথাক ভাল নাপাইছিল আৰু সেইধৰণৰ সামাজিক পৰিৱেশত প্রাণীহত্যা-বিৰোধী অহিংসা-নীতি জনপ্রিয় হোৱাটোৱেই স্বাভাৱিক। পিছে এই বিষয়ে অধিক স্বচ্ছ আৰু বস্তুনিষ্ঠ ব্যাখ্যাৰ পাবলৈ হ’লে আমি দামোদৰ ধৰ্মানন্দ কৌসম্বীৰ মতামত সংক্ষেপে উল্লেখ কৰিব লাগিব। কৌসম্বীৰ লিখনিৰপৰা এই কথা বুজা যায় যে মূলতঃ ক্রমবিকশমান কৃষি অর্থনীতিৰ দাবীতহে ভাৰতীয় সমাজত কালক্ৰমত গোবধ নিষিদ্ধ বুলি ঘোষিত হ’ল। কাৰণ পশুপালক বৈদিক সমাজৰ যাগ-যজ্ঞৰ বলিদান প্রথা– যি প্রথাৰ কাৰণে সাধাৰণ কৃষকৰ গাই-বলদ বলেৰে কাঢ়ি অনা হৈছিল– সেই প্রথা যে ক্রমবিকশমান কৃষিকাৰ্যৰ বাবে অনিষ্টকৰ সেই কথা সহজেই অনুমান কৰা যায়। কোসম্বীয়ে কৈছে : ‘The Vedic animal sacrifices were far too onerous for a developing agrarian economy'.(৩৪) তেওঁ Culture and Civilization of Ancient India নামৰ কিতাপখনত লিখিছে যে গোমাংস নিষিদ্ধকৰণৰ অৰ্থনৈতিক ভিত্তিৰ কথা প্রমাণ কৰিবলৈ দুটা তাৎপর্যপূর্ণ উদ্ধৃতিয়েই যথেষ্ট। প্রথমটো হ’ল এনে এটা পুৰণি গাথা— যিটো বুদ্ধৰ মুখ-নিঃসৃত বুলি বিশ্বাস কৰা হয়। উদ্ধৃতিটোৰ প্রথম বাক্যকেইটা আমাৰ আলোচনাৰ বাবে গুৰুত্বপূর্ণ : ‘পিতা-মাতা, ভাই আৰু আন আন ইষ্ট-কুটুম্বৰ নিচিনাকৈয়ে গৰুও আমাৰ মিত্র, কিয়নো গৰুৰ ওপৰতে খেতি নির্ভৰ কৰে। সিয়েই আমাক অন্ন, বল, কান্তি আৰু সুখ দিওঁতা...।’ এই উদ্ধৃতিৰ পাছতেই কৌসম্বীয়ে মন্তব্য দিছে যে নিষিদ্ধকৰণৰ প্ৰথমাৱস্থাত গোমাংস ভক্ষণক পাপ বুলি গণ্য কৰা নহৈছিল। দ্বিতীয় উদ্ধৃতিটো কৌসম্বীয়ে মাও জে ডঙৰপৰা লৈছে‌। এই উদ্ধৃতিৰ কেইটামান তাৎপর্যপূর্ণ কথা হ’ল : ‘বস্তু কঢ়িওৱা বলদবোৰ কৃষকসকলৰ বাবে সম্পদস্বৰূপ। যিহেতু এই জন্মত গো-বধ কৰিলে পাছৰ জন্মত গৰু হৈ জন্ম ল’ব লাগিব এইটো একপ্রকাৰৰ ধৰ্মীয় বিশ্বাস– সেইবাবে এইবিধ বলদক বধ কৰা অনুচিত বুলিয়েই ভবা হয়। ক্ষমতালৈ অহাৰ আগতে ধর্মীয় নিষেধাজ্ঞাৰদ্বাৰা গোবধ ৰোধ কৰাৰ বাহিৰে অন্য উপায় কৃষকসকলৰ হাতত নাছিল...’।(৩৫) কৃষি অর্থনীতিৰ লগত নৈতিক তথা ধর্মীয় ভাবধাৰাক সম্পর্কিত কৰি বস্তুনিষ্ঠ ঐতিহাসিক কৌসম্বীয়ে যি ব্যাখ্যা আগ বঢ়াইছে সি গো-বধ আৰু গোমাংস নিষিদ্ধকৰণৰ প্ৰশ্নটোক বৈজ্ঞানিক দৃষ্টিভংগীৰে বিচাৰ কৰি চাবলৈ ইতিহাসৰ সমাজসচেতন প্রতিজন ছাত্রকেই উৎসাহিত কৰিব আৰু সেইবাবেই আমিও এই ব্যাখ্যা সম্পর্কে কিছু বহলাই আলোচনা কৰিবলৈ যত্ন কৰিলো।

এইখিনিতে আমি নৃতত্ত্ববিদ মাৰৱিন হাৰিছৰ মতামত উল্লেখ কৰাটো বোধহয় অপ্রাসংগিক নহ'ব। কাৰণ তেওঁৰ সংস্কৃতি সম্পৰ্কীয় কিতাপখনৰ 'Mother Cow’ শীর্ষক অধ্যায়ত মূলতঃ কৃষিস্বাৰ্থৰ পৰিপ্রেক্ষিততহে গো-বধ নিষিদ্ধকৰণৰ ব্যাখ্যা কৰা হৈছে। তেওঁৰ ব্যাখ্যা সম্পর্কে চমু আভাস পোৱা যাব এই কথাকেইষাৰত :

‘It seems probable that the sense of unutterable profanity elicited by cow slaughter has its roots in the excruciating contradictions between immediate and long run conditions of survival. Cow love with its sacred symbols and holy doctrines protects the farmer against calculations that are rational only in the short term.’(৩৬)

খৰাং বতৰ আৰু দুর্ভিক্ষৰ সময়ত খেতিয়কে গৰু বধ কৰা বা বেচি দিয়াৰ যথেষ্ট সম্ভাৱনা থাকে, যদিও কষ্ট সহিব পৰা শক্তি এই গৰুবোৰৰ প্ৰচুৰ। হ্যাৰিছে এই মন্তব্যৰ সপক্ষে উদাহৰণো দিছে। দ্বিতীয় মহাযুদ্ধৰ সময়ত বংগদেশত দেখা দিয়া দুর্ভিক্ষৰ সময়ত গো-বধৰ সংখ্যা ইমান বাঢ়ি গৈছিল যে ব্রিটিছ চৰকাৰে গোৰক্ষাৰ কাৰণে সৈন্যৰো সহায় ল’বলগীয়া হৈছিল। ১৯৬৭ চনত ‘নিউয়র্ক টাইমছ’ত প্রকাশিত এটা বাতৰি মতে বিহাৰত দুর্ভিক্ষৰ জ্বালাত হিন্দুৱে গৰু মাৰি তাৰ মাংস খাবলৈ কুণ্ঠাবোধ কৰা নাছিল। হ্যাৰিছৰ অনুমান মতে সম্ভৱতঃ তাৎক্ষণিক স্বস্তি দিব পৰা এইবিধ কাৰ্যৰপৰা খেতিয়কসকলক বিৰত ৰাখিবলৈ গোবধ নিষিদ্ধ কৰা হৈছিল; কিয়নো, এনে কার্য স্বাভাৱিকতে খেতিয়কসকলৰ বাবেই ক্ষতিকৰ— কাৰণ বিপদ আঁতৰ হোৱাৰ পাছত পথাৰৰ কাম চলাবলৈ গৰুৰ অভাৱ হয়। মাৰৱিন হ্যাৰিছৰ এই ব্যাখ্যাৰেই কেৱল গোবধ নিষিদ্ধকৰণক সম্পূর্ণভাৱে বুজা সহজ নহয় সঁচা, কিন্তু কৃষি অর্থনীতিৰ লগত এই নিষিদ্ধকৰণ যে ওতপ্রোতভাৱে জড়িত সেই কথা পৰিষ্কাৰকৈ উপলব্ধি কৰাত তেওঁৰ ব্যাখ্যাই নিশ্চয় সহায় কৰে।

গোবধ নিষিদ্ধকৰণৰ উৎস অনুসন্ধান কৰোতে আমি দেখিছোঁ যে যোৱা শতিকাৰ ৰাজেন্দ্রলাল মিত্ৰৰপৰা আৰম্ভ কৰি এই শতিকাৰ দামোদৰ ধৰ্মানন্দ কৌসম্বী পর্যন্ত– সকলোৱে কিবা নহয় কিবা প্রসংগত বুদ্ধৰ অহিংসা নীতিৰ কথা উল্লেখ কৰিছে। আকৌ, কৌসম্বীৰ আলোচনাৰপৰা আমি এই কথাও জানিব পাৰিছো যে মূলতঃ কৃষিকাৰ্যৰ দাবীতহে এটা সময়ত আমাৰ সমাজত গোবধ নিষিদ্ধ কৰা হৈছিল। স্বাভাৱিকতে বিশ্লেষণ-প্ৰৱণ অনুসন্ধিৎসু মনত প্রশ্ন জাগিব : বুদ্ধৰ গোবধ সম্পৰ্কীয় অহিংসা নীতি কি কেৱল কৃষিজীৱী ৰাইজৰ স্বাৰ্থৰ স’তেই সম্পর্কিত? প্রশ্নটো তাৎপর্যপূর্ণ, বিশেষকৈ বস্তুবাদী ঐতিহাসিকসকলৰ বাবে। কাৰণ, যিসকলে বৌদ্ধধৰ্মৰ বস্তুবাদী ব্যাখ্যা দিবলৈ চেষ্টা কৰিছে তেওঁলোকৰ বহুতেই এই ধর্মমতক বণিক শ্রেণীৰ স্বার্থৰ লগত সম্পর্কিত কৰা দেখা যায়। নির্বিঘ্ন ব্যৱসায়-বাণিজ্যৰ বাবে নিৰ্বিৰোধ, শান্ত সামাজিক পৰিৱেশৰ প্রয়োজন। ৰাহুল সাংকৃত্যায়নৰ মতে এইবাবেই এসময়ত বৃহৎ বণিকসকল বৌদ্ধধৰ্মৰ প্রতি আকৃষ্ট হয় আৰু খ্ৰীষ্টীয় প্রথম শতাব্দী পর্যন্ত এই ধৰ্মৰ উন্নতিৰ বাবে বণিকসকলে মুক্তহস্তে দান কৰে।(৩৭) বণিক-স্বাৰ্থৰ লগত বৌদ্ধধৰ্মৰ সম্পর্ক ইমান ঘনিষ্ঠ যে ইতিহাসৰ বস্তুবাদী ব্যাখ্যাৰ ওপৰত বিশেষ আস্থা নথকা বাশ্বামৰ দৰে ঐতিহাসিকেও এই সত্যক অস্বীকাৰ কৰিব পৰা নাই : ‘We can parallel the rise of Buddhism and Jainism... with the rise of an important mercantile class needing less expensive and less complicated rituals and demanding a more significant role in the religious life of India that the Brahmans would concede.’(৩৮) এতিয়া প্রশ্ন হ’ল : গোবধৰ প্রতি বুদ্ধৰ যি দৃষ্টিভংগী তাৰ লগত বণিক স্বার্থৰ কিবা সম্পর্ক আছে নে নাই? যদি আছে তেন্তে সেই সম্পর্ক কিধৰণৰ? এই প্রশ্নৰ এটি সমিধান দিবলৈ চেষ্টা কৰিছে নৰেন্দ্রনাথ ভট্টাচাৰ্যই তেওঁৰ Ancient Indian Ritual and their Social Contents নামৰ কিতাপখনত‌।(৩৯) কৌসম্বীৰ ব্যাখ্যাৰ লগত ভট্টাচাৰ্যৰ বিচাৰ-বিশ্লেষণৰ পাৰ্থক্য আছে, কাৰণ কৌসম্বীৰ দৰে গোবধ নিষিদ্ধকৰণৰ সৈতে কৃষিজীৱী ৰাইজৰ স্বার্থক যুক্ত কৰাৰ পৰিৱৰ্তে ভট্টাচাৰ্যই কেৱল বণিকসকলৰ স্বার্থকেই সর্বাধিক গুৰুত্ব দিছে। গৰু আমাৰ মিত্র, গৰুৱে খেতিৰ কাম কৰে, আমাক অন্ন, বল, কান্তি আৰু সুখ দিয়ে ইত্যাদি কথা থকা বৌদ্ধ-সাহিত্যৰ গাথাটো আমি ইতিমধ্যে উদ্ধৃত কৰিছোঁ। নৰেন্দ্রনাথ ভট্টাচাৰ্যই এই গাথাৰ ভাবার্থ সংক্ষেপে উল্লেখ কৰি এই সিদ্ধান্তলৈ আহিছে যে বণিকসকলৰ ক্রমবর্ধমান দাবীয়েই যে গো-ৰক্ষা সম্পৰ্কীয় এই শিক্ষাৰ ভিত্তি সেই বিষয়ে কোনো সন্দেহ নাই। এফালৰপৰা চাবলৈ গ’লে ভট্টাচাৰ্যৰ ব্যাখ্যা বোধহয় কিছু পৰিমাণে অসম্পূর্ণ, যদিও যি বণিকসকল বৌদ্ধধৰ্মৰ সমর্থক আৰু প্ৰচাৰক তেওঁলোকৰ স্বাৰ্থৰ লগত বুদ্ধ-নিন্দিত গোবধৰ নিষিদ্ধকৰণৰ সম্পর্কৰ বিষয়ে অন্ততঃ কিছু আভাস তেওঁৰ লিখনিত পোৱা যায়।

নৰেন্দ্ৰনাথ ভট্টাচাৰ্যই তেওঁৰ Ancient Indian Rituals and their Social Contentsঅত লিখা কিছু কথাই ভাৰতীয় ইতিহাসৰ বস্তুবাদী ছাত্ৰৰ বাবে চিন্তাৰ নতুন খোৰাক যোগায়। ভট্টাচাৰ্যৰ মতে পশুপালনৰ স্তৰলৈ বিৱৰ্তিত হোৱাৰ পাছতো সমাজত প্রাক্-পশুপালক সমাজৰ বহুতো ধর্মীয় আচাৰ-অনুষ্ঠান বহুদিনলৈকে থাকি যায়। পশু বলিদান প্রথা এই আচাৰ-অনুষ্ঠানবোৰৰ ভিতৰত অন্যতম। স্বাভাৱিকতে, সমাজ বিকাশৰ এটা স্তৰত, উচ্চতৰ পশুপালক সমাজৰ প্রয়োজনৰ লগত এই আদিম প্রথাবোৰ খাপ খাব নোৱৰা হয়। উত্তৰ-ঋক্বৈদিক সমাজত এই বলিদান প্রথা গো-সম্পদৰ অর্থহীন ধ্বংসৰ কাৰণ হৈ পৰিছিল বুলি ভট্টাচাৰ্যই উল্লেখ কৰিছে। আলোচনা প্রসংগত তেওঁ এঠাইত লিখিছে : ‘In higher pastoral societies, cattle are used principally for milk and wealth, not for meat, and therefore the flesh of domestic animals— especially female— is commonly tabooed. This alone explains the taboo of beef eating which is one of the main characteristics of present day Hindu society.’(৪০) কৃষিকাৰ্যৰ প্রয়োজনৰ ওপৰত উপযুক্ত গুৰুত্ব নিদিয়াকৈ কেৱল এই ব্যাখ্যাৰে গোমাংস নিষিদ্ধকৰণৰ প্রশ্নটো সঠিক আৰু সম্পূর্ণভাৱে বুজাটো সম্ভৱ হয় নে নহয় সেইটো অৱশ্যে এটা বিতর্কমূলক বিষয় আৰু ভাৰতৰ সমাজ ইতিহাস সম্পর্কে পর্যাপ্ত পৰিমাণৰ অধ্যয়ন থকা লোকেহে সেই বিতর্কত অংশ ল'ব পাৰে। আমি বর্তমান সেই বিতর্কলৈ নগৈ অন্য এটা কথাহে উল্লেখ কৰিব বিচাৰিছে। কথাটো হ’ল, বণিক স্বাৰ্থৰ লগত গোবধ নিষিদ্ধকৰণৰ সম্পর্ক। ভট্টাচাৰ্যৰ মতে উচ্চতৰ পশুপালক সমাজত উদ্বৃত্ত উৎপাদন হোৱাৰ ফলত ব্যৱসায়ৰ প্রচলন আৰম্ভ হয় আৰু যিহেতু বাণিজ্যত গৰুৱেই হ’ল বিনিময়ৰ আটাইতকৈ সুবিধাজনক মাধ্যম সেইবাবে এই সমাজত বৈদিক যাগযজ্ঞৰ পশু-বলিদান প্রথা– যি প্রথামতে ব্যাপক গো-বধো কৰা হৈছিল– সেই প্রথা ব্যৱসায়-বাণিজ্যৰ বাবে ক্ষতিকাৰক হৈ পৰে :

‘Higher pastorals and also higher agriculturists led to the production of surplus and prepared the ground for the rise of urban settlements. Trade was facilitated in which cattle served as the best medium of exchange. The Brahmanical religious practices did not suit this new condition. The Brahmanical attitude towards trade was not helpful.’(৪১)

এই বিচাৰ-বিশ্লেষণৰ ওপৰত ভিত্তি কৰি ভট্টাচাৰ্যই কৈছে যে বুদ্ধৰ গোৰক্ষামূলক নীতি-শিক্ষা বণিক শ্রেণীৰ দাবীৰ ওপৰত প্রতিষ্ঠিত। তাৰ মানে, কৃষি-কাৰ্যৰ প্রয়োজনৰ খাতিৰত নহয়, ব্যৱসায়-বাণিজ্যত বিনিময়ৰ মাধ্যম হিচাপে গৰুৰ ভূমিকা গুৰুত্বপূর্ণ কাৰণেহে বণিক শ্রেণীৰ দাবীৰ প্রতি নৈতিক সমর্থন আগ বঢ়োৱা বৌদ্ধধর্মই এই শিক্ষা দিছে। কোৱা বাহুল্য যে ভট্টাচাৰ্যৰ এই সিদ্ধান্তক সম্পূর্ণভাৱে গ্রহণযোগ্য বুলি ক’ব নোৱাৰি— যদিও বণিকসকলৰ স্বাৰ্থৰ লগত গোবধ নিষিদ্ধকৰণৰ সম্পর্ক অনুসন্ধান কৰাৰ ক্ষেত্ৰত ই এক নতুন চিন্তা-উদ্রেককাৰী ব্যাখ্যাৰ সন্ধান দিছে। ভট্টাচাৰ্যৰ কথাখিনিৰ তাৎপর্যও এইবাবে গুৰুত্বপূর্ণ।

আমি এই আলোচনাৰ আৰম্ভণিতে উল্লেখ কৰিছোঁ যে বস্তুবাদী সমাজতত্ত্বৰ ওপৰত আস্থা থকা ঐতিহাসিকসকলে আমাৰ ঐতিহ্যৰ বিচাৰ-বিশ্লেষণৰ ক্ষেত্ৰত কাল্পনিক তথা মনে-গঢ়া সত্যতকৈ বাস্তৱ, বিষয়গত সত্যৰ ওপৰতহে সামগ্রিক গুৰুত্ব দিয়ে। সেইবাবে আলোচনা শেষ কৰাৰ আগতে গোমাংস নিষিদ্ধকৰণৰ স্পম্পর্কে আমি যি দুই-এটা বস্তুবাদী বিশ্লেষণৰ কথা জানিব পাৰিছোঁ সেই বিষয়ে কিঞ্চিৎ বহলাই ব্যাখা কৰিবলৈ যত্ন কৰিলো। বহু ক্ষেত্ৰত দেখা যায় যে আমাৰ দেশৰ অতীত ইতিহাস ব্যাখ্যা কৰোতে অ-বস্তুবাদী ঐতিহাসিকসকল সমসাময়িক ভাবাদর্শৰদ্বাৰা নিয়ন্ত্রিত হয়। অৱশ্যে কেতিয়াবা ভাবাদর্শৰ এই নিয়ন্ত্রণকার্য অজ্ঞাতেই চলে; কিন্তু হ’লেও— শেষ বিচাৰত— এনে ধৰণৰ ইতিহাস-ৰচনাই সমসাময়িক ভাবাদর্শৰ সনাতনত্ব প্রমাণ কৰিব বিচৰা কিম্বা জাতীয় ঐতিহ্য সম্পর্কে ভিত্তিহীন তথা অহেতুক গর্ববোধৰ জন্ম দিব বিচৰা শক্তিবোৰৰ হাততেই হাতিয়াৰ তুলি দিয়ে। গোবধ বা গোমাংস ভক্ষণৰ ক্ষেত্ৰত এইধৰণৰ অপব্যাখ্যা বা ভুলৰ সম্ভাৱনা পূৰামাত্রাই আছে– কাৰণ এই বিষয়ত হিন্দু সমাজ– আনকি শিক্ষিত হিন্দুসকলো— ধর্ম-সচেতন। কিন্তু সমসাময়িক হিন্দু সমাজত গোবধ, গোমাংস ইত্যাদি সম্পর্কে যিবোৰ ধাৰণা চলি আছে সেইবোৰৰদ্বাৰা নিয়ন্ত্রিত দৃষ্টিভংগীৰে বিচাৰ কৰিলে আমাৰ ঐতিহ্য সম্পর্কে জানো সঠিক ধাৰণা পোৱাটো সম্ভৱ? আমাৰ দীর্ঘ আলোচনাৰ মাজতেই এই প্রশ্নৰ উত্তৰ নিহিত আছে। বস্তুবাদী ঐতিহাসিকসকলৰ বিচাৰ-বিশ্লেষণ অবৈজ্ঞানিক আৰু বিষয়ীগত দৃষ্টিভংগীৰপৰা মুক্ত আৰু সেইবাবে আমি তেওঁলোকৰ লিখনিৰপৰা যি অতীতৰ পৃথিৱীৰ কথা জানিবলৈ পাওঁ সেইখন পৃথিৱী সাধাৰণতে আমাৰ দৰে নহয়, আমাতকৈ গুণগতভাৱে ভিন্ন— আৰু এই ভিন্নতা দৰাচলতে সমাজৰ গতিশীলতাৰেই প্রমাণ। কোৱা বাহুল্য যে আমাৰ আলোচ্য বিষয়ৰ ক্ষেত্ৰত এই গতিশীলতাৰ ভূমিকা গুৰুত্বপূর্ণ, কাৰণ ইতিমধ্যে আমি দেখিছোঁ যে সমাজৰ পৰিবর্তনশীলতাৰ বাবেই এটা সময়ত আমাৰ সমাজত গোবধ আৰু গোমাংস ভক্ষণক নিষিদ্ধ কৰা হৈছিল। এইধৰণৰ ব্যাখ্যা অৱশো বহুতৰেই বাবে গ্রহণযোগ্য নহয়। প্রাচীন ভাৰতীয় সমাজত গোমাংসৰ প্রচলনৰ কথা বহুতে ইতস্ততঃভাৱে স্বীকাৰ কৰিলেও গোবধ নিষিদ্ধকৰণক নৈতিক অগ্রগতি হিচাপে ভবা মানুহৰ অভাৱ আমাৰ সমাজত নাই। গতিকে এইধৰণৰ নৈতিক অগ্রগতিৰ লগত উৎপাদন-ব্যৱস্থাৰ পৰিবর্তন, কৃষি অর্থনীতি, বিনিময়ৰ মাধ্যম হিচাপে গৰুৰ গুৰুত্বৰ দৰে স্থূল কথাক সম্পর্কিত কৰিলে তেওঁলোক অসন্তুষ্ট হোৱাটোৱেই স্বাভাৱিক। কিন্তু গোবধ, গোমাংস ইত্যাদি সম্পর্কে ধর্মীয় শাস্ত্র, চিকিৎসা শাস্ত্ৰ, আচাৰ-অনুষ্ঠান ইত্যাদিৰপৰা যি সত্য জনা যায় তাক বস্তুনিষ্ঠ, সমাজ-সচেতন ঐতিহাসিকে অস্বীকাৰ কৰে কেনেকৈ? ‘সমাজ-সচেতন’ বিশেষণটো আমি সচেতনভাৱে প্রয়োগ কৰিছো, কাৰণ গোবধ আৰু গোমাংসৰ প্রচলন সম্পৰ্কীয় ঐতিহাসিক সত্যৰ সন্ধান ৰাজনৈতিক সমস্যাৰ স’তেও জড়িত হৈ পৰিছে। আনকি গোমাংসৰ প্রশ্নক কেন্দ্ৰ কৰি হিন্দু-অহিন্দুৰ মাজত কেতিয়াবা তিক্ত অনৈক্যৰ সৃষ্টি হোৱা দেখা যায় : গো-প্রীতিয়ে দৰাচলতে হিন্দুসকলৰ মানৱ-প্রীতি একবিন্দুও বঢ়াব পৰা নাই।(৪২) গতিকে এই সম্পর্কে সমাজ-সচেন ঐতিহাসিকসকল তৎপৰ হোৱা উচিত। জনসাধাৰণৰ অজ্ঞতাৰ সুযোগ লৈ ন্যস্ত স্বার্থই জাতিদম্ভ, সাম্প্রদায়িক কুৎসা, ধর্মীয় কুসংস্কাৰ ইত্যাদিৰদ্বাৰা নানা প্রকাৰৰ বিভেদ সৃষ্টি কৰিবলৈ চেষ্টা কৰে আৰু কিছু ক্ষেত্ৰত সফলো হয়। বস্তুবাদী ঐতিহাসিকসকলৰ গৱেষণালব্ধ সত্য আৰু শিক্ষাৰ সহজবোধ্য ব্যাপক প্রচাৰ এই অকল্যাণকামী অজ্ঞতাৰ বিৰুদ্ধে এক শক্তিশালী হাতিয়াৰ‌। সীমিত বিদ্যা-বুদ্ধিৰে আমি বর্তমান নিবন্ধত এই মংগলময় হাতিয়াৰৰ ব্যৱহাৰ শিকিবলৈ যত্ন কৰিছোঁ।

সূত্র নির্দেশ আৰু প্রাসংগিক টোকা :

(১) Cow (Hindu), Encyclopaedia of Religion and Ethics (Ed. J. Hastings p. 225) মহাভাৰতৰ এই উদ্ধৃতিৰ পাছত লিখকজনে কৈছে : “The same feeling is already present, but not yet so strongly developed, in Vedic times.’ (p.225) এইধৰণৰ উক্তিয়ে এনে ধাৰণাৰ সৃষ্টি কৰাৰ সম্ভাৱনা থাকে যে বৈদিক যুগত গোবধ নিষিদ্ধ আছিল। উল্লেখযোগ্য যে Beef in Ancient Indiaৰ পাতনিত স্বামী ভূমানন্দই ‘মহাভাৰত’ৰপৰা এটা তাৎপর্যপূর্ণ উদ্ধতি দিছে। উদ্ধৃতিটোৰ সাৰাংশ হ’ল : প্রাচীন কালত ৰজা ৰন্তিদেৱৰ ৰন্ধনশালত দৈনিক দুহেজাৰ গৰু বধ কৰা হৈছিল। কালিদাসৰ ‘মেঘদূত’ কাব্যত ৰজা ৰন্তিদেৱে যজ্ঞত বধ কৰা গৰুৰ চৰ্মস্তূপৰপৰা প্রৱাহিত শোণিত-উদ্ভূত নদীৰ উল্লেখ আছে। (দ্রষ্টব্য : কালিদাসেৰ মেঘদুত, অনুবাদক : অমূল্য চন্দ্র সেন, পৃঃ ৪৪)।

(২) এই প্রবন্ধটো মিত্ৰৰ Indo-Aryans গ্রন্থৰ অন্তর্ভুক্ত কৰা হয়। পৰৱৰ্তী কালত প্রবন্ধটো পৃথকভাৱে প্রকাশ কৰা হয়।

(৩) ধর্মানন্দ কৌসম্বী, ভগৱান বুদ্ধ (অনুবাদক, চক্ৰেশ্বৰ ভট্টাচার্য), পৃঃ ২৮৩।

(8) C. Kunhan. Raja, The Quintessence of the Rigveda, p. 119. বেদত গোবধ, গোমাংস ইত্যাদিৰ কথা আছে বুলি ক’লে বহুতো ঐতিহ্যপন্থী নাৰাজ হয়। অলপতে এইধৰণৰ উক্তিৰ উত্তৰত এখন ধর্ম-প্রচাৰৰ পত্রিকাই বেছ গৰ্বেৰে লিখিছে যে বেদত গোবধ নিষিদ্ধ কৰা নির্দেশৰ সংখ্যা শতাধিক হ’ব। (Truth, 25th May 1979) হয়তো এই নির্দেশসমূহ গোমাংসৰ প্রতি আসক্তি নথকা আৰ্যায়িত অনাৰ্যৰ ৰচনাও হ’ব পাৰে। (Mahadev Chakrabarty, ‘Beef-Eating in Ancient India’, Social Scientist, June, 1979) ইয়াৰ উপৰি এই নির্দেশবোৰ পৰৱৰ্তী কালৰ সংযোজন হয় নে নহয় কিম্বা গৰুৰ প্ৰতি থকা এই শ্রদ্ধাৰ ক্ষেত্ৰত ক্রমবিকশমান পশুপালক সমাজৰ প্ৰভাৱ কিধৰণৰ সেই বিষয়ে পর্যাপ্ত অধ্যয়ন থকা লোকৰপৰাহে জনা যাব। পিছে কুনহানে তেওঁৰ কিতাপখনত ঋকবেদৰপৰা উদ্ধৃত কৰা উদাহৰণৰপৰা বুজা যায় যে ঋকবেদে গোবধ, গোমাংস ভক্ষণ ইত্যাদি পাপৰপৰা মুক্ত নহয় : ‘To the fire who has the bull as food, who has the cow as food - we offer these songs "For whom horses, buffaloes, oxen, cows and goats were brought out and offered in that fire'. ‘The heroes cooked the spotted bull’. উল্লেখযোগ্য যে কুনহান বস্তুবাদী নহয়, তেওঁৰ ঐতিহ্য-গর্ব বহু ক্ষেত্ৰত পীড়াদায়ক।

(৫) A. A. Macdonell & A. B. Keith, Vedic Index of Name and Subjects, p. 233.

(৬) সুৰেশচন্দ্র বন্দোপাধ্যায়, তিন হাজাৰ বছৰেৰ লোকায়ত জীৱন, পৃঃ ১৪৯।

(৭) Romila Thapar & others, Communalism and the Writing of Indian History, p. 11.

(৮) R. S. Sarmah, In Defence of Ancient India, pp. 20-21.

(৯) ৰাহুল সাংকৃত্যায়ন, মানব সমাজ, পৃঃ ১৩৪-১৩৫।

(১০) ঐ, পৃঃ ৬১।

(১১) D. D., Kosambi, The Culture and Civilization of Ancient India in Historical Outline, p. 102.

(১২) R. Mitra, Beef in Ancient India, p. 8.

(১৩) Ibid, p. 20.

(১8) Ibid, p. 30.

(১৫) ধর্মানন্দ কৌসম্বী, ভগৱান বুদ্ধ, পৃঃ ২৮৪।

(১৬) R. Mitra, ‘Beef in Ancient India’, PP 5-6 :fr: efe: 'Coilo offo asso & 1. Destructive to cows 2. One who has killed a cow. 3. One for whom a cow is killed, a guest. (Apte, The Practical Sanskrit-English Dictionary). লক্ষণীয় যে তৃতীয় অর্থটোৱে প্রাচীন প্রথাৰ স্মৃতি বহন কৰিছে।

(১৭) R. Mitra, Beef in Ancient India, pp. 6-7.

(১৮) Ibid, 7.

(১৯) Debiprasad Chattopadhyaya, Science and Society In Ancient India, pp. 381-382.

(২০) Ibid, p. 16.

(২১) Ibid, p. 387.

(২২) Ibid, p. 385.

(২৩) ৰাহুল সাংকৃত্যায়ন, বৈজ্ঞানিক বস্তুবাদ, পৃঃ ৩৩।

(২৪) Quoted in L.S.S. O'Malley, Indian Caste Customs, p.120.

(২৫) R. Mitra,‘Beef in Ancient India’, p. 34.

(২৬) M.K. Gandhi, Non-Violence in Peace and War (Vol-1), p.6.

(২৭) R. Mitra, ‘Beef in Ancient India’, p. 35. এই প্ৰসংগত আমি হাট্টনৰ মত উল্লেখ কৰিব পাৰোঁ। তেওঁৰ মতে, হিন্দুশাস্ত্রত গোবধ নিষিদ্ধকৰণৰ লগত 'public feeling’অৰ প্রতি সন্মান প্রদর্শনৰ যি সম্পর্ক দেখা যায় সি হ’ল ‘a clear indication of the contrast between the religions of the socially superior Aryan invaders and the cattle-cherishing inhabitants who formed the bulk of the population. (J.H. Hutton, Caste in India, p. 228.) অতএব, ‘the reverence paid to cattle predates the RigVedic invasion'. (Ibid, 227) এই কথা অৱশ্যে সহজেই অনুমান কৰা যায় যে হাট্টন-উল্লেখিত ‘Cattle Cherishing inhabitants'সকল মূলতঃ কৃষিজীৱী— আৰু কৃষিজীৱী হোৱাৰ কাৰণে তেওঁলোকৰ সমাজত গোবধ নিষিদ্ধ হোৱাটো স্বাভাৱিক। এইখিনিতে উল্লেখ কৰা উচিত হ’ব যে সিন্ধু-সভ্যতাৰ গৱেষণাৰ লগত বিশেষভাৱে যুক্ত অতুল সুৰৰ মতে সিন্ধু-সভ্যতাৰ ধাৰকসকলে গোমাংস নাখাইছিল। (দ্রষ্টব্য : অতুল সুৰ, সিন্ধু-সভ্যতাৰ স্বৰূপ ও অবদান, পৃঃ ৪৬) সিন্ধু সভ্যতা মূলতঃ কৃষিভিত্তিক কাৰণে তাত গোমাংসৰ প্রচলন নাছিল নেকি?

(২৮) ধর্মানন্দ কৌসম্বী, ভগৱান বুদ্ধ, পৃঃ ২৮২

(২৯) ঐ, পৃঃ ২২৮-২২৯।

(৩০) ঐ, পৃঃ ২৩৪।

(৩১) D. D., Kosambi, The Culture and Civilization of Ancient India in Historical Outline, p, 162.

(৩২) ধর্মানন্দ কৌসম্বী, ভগৱান বুদ্ধ, পৃঃ ২৩৫।

(৩৩) সন্দেহ হয়, যাগ-যজ্ঞৰ উদ্দেশ্যে সাধাৰণ খেতিয়কৰ গৰু-ছাগলী কাঢ়ি অনাৰ মাজত অর্থনৈতিক উদ্দেশ্যও লুকাই আছিল। কাৰণ সাধাৰণ খেতিয়ক যিমানেই নিঃস্ব হয় আৰু যিমানেই দাৰিদ্ৰ্যৰ মাজত ডুব যায় সিমানেই তেওঁলোক কিছু ক্ষেত্ৰত মহাজন, জমিদাৰ ইত্যাদিৰ ওপৰত অধিক নির্ভৰশীল হৈ পৰে।

(৩৪) D. D. Kosambi, “The Decline of Buddisim in India”, Exasperating Essays, p. 65.

(৩৫) D. D. Kosambi, The Culture and Civilization of India in Historical Outline, p. 103. বৌদ্ধ সাহিত্যৰ গাথা উদ্ধৃত কৰাৰ পাছত কৌসম্বীয়ে কৈছিল, ‘There was no question of beef-eating as a sin in the earlier days of the ban’. ইয়াৰপৰা সহজেই অনুমান কৰা যায় যে পৰৱৰ্তী কালত ব্রাহ্মণসকলে এই নিষিদ্ধকৰণক ধর্মীয় কুসংস্কাৰলৈ ৰূপান্তৰিত কৰে : যি ব্রাহ্মণসকল এসময়ত গোমাতাৰ প্রধান ভক্ষক আছিল তেওঁলোকেই হৈ পৰিল গোমাতাৰ প্রধান ৰক্ষক। গো-ভক্তি সম্পৰ্কীয় ধর্মীয় কুসংস্কাৰৰ সামাজিক-ৰাজনৈতিক তাৎপৰ্যৰ বিষয়ে দেবীপ্রসাদ চট্টোপাধ্যায় : ‘For the purpose of ruling the people effectively, the law-givers and statesmen found a cluster of superstitions extremely useful, which therefore they wanted systematically to enforce. The religious reverence for the cows and Brahmins belongs to this cluster. (D. Chattopadhyaya, Science and Society in Ancient India, p. 386).

(৩৬) M. Harris, Cows, Pigs, Wars and Witches, p. 22.

(৩৭) ৰাহুল সাংকৃত্যায়ন, মানব সমাজ, পৃঃ ১১৭-১১৮।

(৩৮) A. L. Basham, Aspects of Ancient Indian Culture, pp. 32-33.

(৩৯) N. N. Bhattacharya, Ancient Indian Rituals and their Social Content, p. 16.

(80) Ibid, p. 15.

(৪১) Ibid, p. 16, এই প্রসংগত এংগেলছৰ এই কথাকেইষাৰ উল্লেখ্য : ‘The principal article which the pastoral tribes offered their neighbours for exchange was cattle, ... in short, cattle assumed the function of money and served as money already at this stage.’ (F. Engels, The Origin of the Family, Private Property and the State, pp. 156-7), লক্ষণীয় যে cattle শব্দৰ লগত অৰ্থ আৰু সম্পদ বিষয়ক কেইবাটাও শব্দ সম্পর্কিত : ‘The word pecuniary is derived from the Latin pecus, cattle, and the words cattle, chattel and capital are related.’ (The Columbia Encyclopaedia, p. 364) ঋকবেদত গৰু আৰু অস্থাৱৰ সম্পদৰ অর্থত পশু শব্দটো ব্যৱহাৰ হোৱাৰ সম্ভাৱনাৰ কথাও ঐতিহাসিকসকলে অনুমান কৰে। (R. S. Sarmah, ‘Forms of Property in the Early Portions of the Rg Veda’ in Indian History Congress, Vol. 1, p. 96) উল্লেখযোগ্য যে গোবধ নিষিদ্ধকৰণৰ লগত কিছু ক্ষেত্ৰত বণিক শ্রেণীৰ অন্যান্য স্বার্থও পৰোক্ষভাৱে জড়িত থকাৰ সম্ভাৱনা নথকা নহয়। যেনে, যি বৈদিক যাগযজ্ঞৰ বলিদান প্রথাই সাধাৰণ কৃষিজীৱী ৰাইজৰ গোসম্পদ ধ্বংস কৰি তেওঁলোকৰ ক্রয়-ক্ষমতা কমাই দিছিল সেই বলিদান প্রথাৰ বিৰুদ্ধে কোৱা কথা জানো বণিক শ্ৰেণীৰ স্বাৰ্থৰ সপক্ষেও নাযায়? আকৌ, নিজ পক্ষক শক্তিশালী কৰিবলৈ আৰু জনসমর্থন লাভৰ খাতিৰত সেই সময়ৰ বণিক শ্রেণীয়ে হয়তো এনে কিছু দাবীৰ প্রতি সমর্থন আগ বঢ়াইছিল যিবোৰ মূলতঃ সাধাৰণ ৰাইজৰ প্রয়োজনোদ্ভূত। অৱশ্যে এইবোৰ আমাৰ অনুমানহে। এই বিষয়ে অধিক গৱেষণাৰ প্রয়োজন আছে।

(৪২) হ্যাৰিছৰ মন্তব্য এই প্রসংগত উল্লেখ কৰা যায় : ‘Love of cow does not stimulate love of man. Since Moslems spurn pork but eat beef, many Hindus consider them to be cow-killers. Before the partition of Indian subcontinent into India and Pakistan, bloody communal riots aimed at preventing the Moslems from killing cows became annual occurrences.' (Marvin Harris, Cows, Pigs, Wars and Witches, p. 16) অতীততো গোহত্যাৰ প্ৰশ্নই সাধাৰণ ৰাইজৰ ঐক্যক বিঘ্নিত কৰিছিল বুলি সহজেই অনুমান কৰা যায় : ‘... the horror expressed by devout Hindus over the slaughter of cattle served to strengthen the division between Hindus, Muslims and Christians in the Mughal period.' (Encyclopaedia Britannica, voll III, p. 206).

প্ৰসেনজিৎ চৌধুৰী

Share Button
Print Friendly, PDF & Email

No Comments : "গোমাতা : গোমাংস"

Leave a Comment

Your email address will not be published. Required fields are marked *