গণতন্ত্ৰ, নৱ উদাৰবাদী অৰ্থনীতি আৰু পুঁজিবাদ-(দীপ দাস)

বস্তু-জগতত বিৱৰ্তন অনিবার্য মানৱ-সভ্যতাৰ আৰম্ভণিৰে পৰা বিৱৰ্তন মাজেদি আমি আজিৰ এই সময়ত উপনীত হৈছোঁবর্বৰ যুগৰ পৰা সম্ৰাজ্যবাদলৈ, তাৰ পাছত আজিৰ পুঁজিবাদী সমাজ-ব্যৱস্থা এই সকলো বিৱৰ্তনৰেই উদাহৰণ

এতিয়া প্ৰশ্ন আহে গণতন্ত্ৰ নো কি?

আমি সাধাৰণতে ভাবোঁ যে গণতন্ত্ৰ হৈছে সোঁপন্থী পুঁজিবাদী চিন্তাৰ সৃষ্টি। কিন্তু মই ভাৱোঁ, ইয়াৰ প্ৰকৃত সত্যানুসন্ধান কৰা হোৱা নাই, নাইবা প্ৰকৃত সত্যই এখন প্ৰচলিত সমাজ-ব্যৱস্থাক ক্ষতি কৰিব পাৰে বাবে বৰ্তমানৰ সমাজ ব্যৱস্থাত সুবিধা আদায় কৰি থকা শক্তিসমূহে সত্যক লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিছে! এৰিষ্টটলৰ মতে গণতন্ত্ৰ এখন সংবিধান য’ত মুক্ত আৰু কৃষক, শ্ৰমিক, সংখ্যাগুৰু হৈ যৌথভাৱে চৰকাৰ নিয়ন্ত্ৰণ কৰিব। তেওঁৰ এই ধাৰণা অতি প্ৰাচীন বুলি কৈ আলচটোক সামৰি থব পাৰি। কিন্তু সমালোচনামূলক চিন্তা কৰিলে এটা কথা স্পষ্ট হৈ পৰিব যে গণতন্ত্ৰ সোঁপন্থী চিন্তাৰ আৱিষ্কাৰ নহয়, কাৰণ তাহানিতে এৰিষ্টটলে মুক্ত, কৃষক আৰু শ্ৰমিকৰ নেতৃত্বত চৰকাৰ নিয়ন্ত্ৰণৰ কথা উল্লেখ কৰিছিল যিটো সোঁপন্থী সমাজব্যৱস্থাৰ পৰিপন্থী। তেন্তে গণতন্ত্ৰ সোঁপন্থী চিন্তাৰ আৱিষ্কাৰ বুলি প্ৰচাৰ কৰা কথাটো কিমানদূৰ শুদ্ধ? আনহাতে সমালোচকসকলে ক’ব যে এৰিষ্টটল নিজেই গণতন্ত্ৰৰ সমৰ্থক নাছিল। কিন্তু কোনো যুক্তিবাদী ব্যক্তিয়ে কেৱল সেইবাবেই তেওঁৰ এই ধাৰণাক নুই কৰিব পাৰিব জানোঁ !

এতিয়া প্ৰশ্ন আহে উদাৰ গণতান্ত্ৰিক সমাজ-ব্যৱস্থানো কি?

সেই কথা জানিবলৈ আমি মধ্যযুগৰ ইংলেণ্ডৰ ইতিহাসত এভুমকি মাৰিব লাগিব। ১৫ জুন, ১২১৫ খ্ৰীষ্টাব্দত বিদ্ৰোহী বাহিনী আৰু কিং জনৰ মাজত মেগনা কাৰ্টা নামৰ এখন চুক্তি স্বাক্ষৰিত হৈছিল। তাত ৰজাই বিদ্ৰোহীসকলৰ ওপৰত নিজৰ ক্ষমতা কিছু শিথিল কৰিছিল যাতে বিদ্ৰোহীসকলে কৃষক-শ্ৰমিক তথা দৰিদ্ৰসকলৰ ওপৰত কিছু ক্ষমতা বিস্তাৰ কৰিব পাৰে। এই চুক্তিখনে ঐতিহাসিকভাৱে সমাজত এক নতুন শ্ৰেণীৰ সৃষ্টি কৰাৰ লগতে আজিৰ উদাৰ গণতান্ত্ৰিক সমাজ-ব্যৱস্থাৰ প্ৰথমটো খটখটি নিৰ্মাণ কৰিছিল। তাৰ কেইশতিকাৰ পাছতে পৰ্যায়ক্ৰমে প্ৰথমে সমুদ্রৰ মাজেৰে, লগতে আন আন মাধ্যমেৰে নতুনকৈ আন্তৰ্জাতিক বাণিজ্যিক-ব্যৱস্থাৰ সৃষ্টি হ’বলৈ ধৰে। ফলত সমাজত এক নতুন পুঁজিপতি শ্ৰেণীৰ জন্ম হয় যাৰ হাতত নগদ ধন আছিল, কিন্তু কোনো ৰাজনৈতিক ক্ষমতা নাছিল। অপৰিসীম ধন থকাৰ পাছতো শাসকশ্ৰেণীয়ে তেওঁলোকক কেতিয়াও সামাজিক মৰ্যাদা প্ৰদান কৰা নাছিল। এই অৱহেলাৰ পৰিণাম স্বৰূপে ১৮ শতিকাত বৃটেইনত শিল্প-বিপ্লবৰ সূচনা ঘটে য’ত পুঁজিপতিসকল একগোট হৈ ৰজাৰ হাতৰ পৰা ৰাজনৈতিক ক্ষমতা নিজৰ হাতত আনিবলৈ এক ঐতিহাসিক বিপ্লৱৰ মাজেৰে গতি কৰি বিংশ শতিকাৰ আৰম্ভণিত উদাৰ গণতন্ত্ৰৰ প্ৰতিষ্ঠা কৰে। তেতিয়া পুঁজিপতি শক্তিসমূহে এৰিষ্টটলে বিশ্লেষণ কৰা গণতন্ত্ৰৰ পৰা মুক্ত কৃষক-শ্ৰমিকসকলক বাদ দি নতুনকৈ সৃষ্টি হোৱা পুঁজিপতি শ্ৰেণীক সংযোজন কৰে। ইয়াৰ ফলত গণতন্ত্ৰৰ প্ৰকৃত ৰূপ সলনি হয় আৰু তাৰ ঠাইত নতুন পুঁজিবাদী গণতান্ত্ৰিক সমাজ-ব্যৱস্থাৰ জন্ম হয়। এই সমাজ-ব্যৱস্থাত নতুন ধৰণেৰে সকলো শ্ৰেণীৰ লোকক নিৰ্বাচনী প্রক্রিয়াত নিজৰ মত প্ৰকাশৰ সুযোগ দি "গণতন্ত্ৰত ৰাইজেই ৰজা" বুলি এক ধাৰণা সমাজত প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰে। যদিও যুক্তিবাদী ব্যক্তিসকলে এই বাক্যশাৰী কেতিয়াও মানি ল’ব নোৱাৰে। কাৰণ গণতন্ত্ৰত কৃষক, শ্ৰমিক, দৰিদ্ৰ জনতাক প্ৰতিনিধিত্ব কৰা ব্যক্তিসকল হয়তো খোদ পুঁজিপতি অথবা পুঁজিপতিৰ এজেন্ট। যেনেকৈ চোৰ এজনৰ পৰা সততা আশা কৰিব নোৱাৰি, ঠিক তেনেকৈ এজন পুঁজিপতি অথবা তেওঁলোকৰ এজেন্টৰ পৰা কৃষক, শ্ৰমিক, দৰিদ্ৰসকলৰ হৈ মাত মতাৰ কথা কল্পনা কৰিলে সেয়া মূৰ্খামিৰ বাদে আন একো নহ’ব ।

এতিয়া প্ৰশ্ন আহে, উদাৰ গণতান্ত্ৰিক সমাজ-ব্যৱস্থাৰ সৈতে পুঁজিবাদৰ সম্পৰ্ক কি?

প্ৰকৃততে এই দুয়োটা ইটোৱে সিটোৰ পৰিপূৰক। উদাৰ গণতন্ত্ৰ এখনৰ প্ৰধান দুটি চালিকাশক্তি হ’ল ৰাজনীতি আৰু পুঁজিবাদ। মহাবিশ্বত সূৰ্য অবিহনে যেনেকৈ জীৱনৰ কল্পনা কৰিব নোৱাৰি ঠিক তেনেকৈ উদাৰ গণতান্ত্ৰিক সমাজ-ব্যৱস্থাক ৰাজনীতি আৰু পুঁজিবাদ অবিহনে কল্পনা কৰিব নোৱাৰি। কিন্তু এই দুটি শক্তিৰ চাৰিত্ৰিক গুণ কিছু পৃথক। উদাৰ গণতন্ত্ৰৰ পৰিসীমাৰ ভিতৰত আপুনি ৰাজনীতিক আৱিষ্কাৰ কৰিব পাৰিব। উদাহৰণ স্বৰূপে ৰাষ্ট্ৰৰ সংসদৰ পৰা আৰম্ভ কৰি নীতি নিৰ্মাণ কাৰ্য, আনকি চৰকাৰ পৰিৱৰ্তন পৰ্যন্ত গণতান্ত্ৰিক মাধ্যমেৰে সম্পন্ন কৰা হয়।‌

আনহাতে পুঁজিবাদত ধনী, দুখীয়া, কৃষক, শ্ৰমিক আনকি ৰাজনীতিবিদ সকলোৰো মতৰ কোনো মূল্য নাই। এক কথাত ক’বলৈ হ’লে, পুঁজিবাদ হৈছে গণতন্ত্ৰ মুক্ত অঞ্চল। খোদ পুঁজিপতিয়ে হৈছে ইয়াৰ একছত্ৰী সম্ৰাট। পুঁজিপতিয়ে নিজ ইচ্ছাৰে অৰ্থনীতিক নিয়ন্ত্ৰণ কৰাৰ উপৰিও নিজৰ সুবিধা অনুযায়ী ৰাষ্ট্ৰ এখনৰ বাহ্যিক উন্নয়ন স্থবিৰ অথবা গতিশীল কৰিব পাৰে। পুঁজিবাদৰ এই ফেচিষ্ট ব্যৱস্থাৰ বাবেই সমাজত শ্ৰমিক আৰু পুঁজিপতিসকলৰ মাজত এক সংঘাত সৃষ্টি হ’বলৈ আৰম্ভ কৰে। ঊনৈশ শতিকাৰ সমাজবিজ্ঞানী কাৰ্ল মাৰ্ক্সৰ সাম্যবাদী সমাজব্যৱস্থাৰ আৰ্হিৰ পৰা প্ৰেৰণালৈ সমাজৰ পৰা পুঁজিবাদক নির্মূল কৰাৰ বাবে ৰাচিয়াত শ্ৰমিকৰ নেতৃত্বত ঐতিহাসিক বলশেভিক বিপ্লৱৰ সুচনা ঘটে। কিউবা, চীন, ভেনিজুৱেলা, ভিয়েতনাম আদি ৰাষ্ট্ৰসমূহতো এই বিপ্লৱৰ চুনামি বিয়পি পৰে। এই প্ৰত্যেকটা বিপ্লৱৰ এক সুকীয়া চাৰিত্ৰিক গুণ আছিল যদিও মূল উদ্দেশ্য পুঁজিবাদক নির্মূল কৰি সমাজবাদ প্ৰতিষ্ঠা কৰা। কিন্তু চীনাবিপ্লৱ বাকিবোৰৰ তুলনাত কিছু পৃথক সেই বিষয়ে কেতিয়াবা পাছত আলোচনা কৰিম ।

পৃথিৱীত চৌদিশে সমাজবাদৰ উত্থানে পুঁজিবাদী সমাজব্যৱস্থাক ভীতিগ্ৰস্ত কৰিবলৈ আৰম্ভ কৰিছিল। এই বিভীষিকাৰ পৰা পৰিত্ৰাণ পাবলৈ পুঁজিবাদে এক নতুন কৌশল অৱলম্বন কৰে আৰু সেই সময়ৰ বিখ্যাত অৰ্থনীতিবিদ জন মায়নার্ড কেইনচৰ সহায়ত পুঁজিবাদৰ ভিতৰত কিছু সমাজবাদী নীতিক সন্নিবিষ্ট কৰাৰ লগতে, একে সময়তে, সমাজবাদী শক্তিসমূহৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ আৰম্ভ কৰি দিয়ে। অৱশেষত সমাজবাদী শক্তিসমূহ পুঁজিবাদৰ এই ষড়যন্ত্ৰ ৰোধ কৰাত বিফল হয় আৰু লগতে নিজেও বুদ্ধিভ্ৰষ্ট হৈ বহু ভুল সিদ্ধান্ত ল’বলৈ ধৰে। তাৰ পৰিণাম স্বৰূপে কিছু সমাজবাদী ৰাষ্ট্ৰৰ সমাজব্যৱস্থা ধ্বংসস্তূপত পৰিণত হয়। কিছু ৰাষ্ট্ৰই সমাজবাদৰ কপাহী পোচাক খুলি পুঁজিবাদৰ ৰেচমী পোচাক পৰিধান কৰে ।

নৱ উদাৰ অৰ্থনীতি নো কি?

ৰাজনীতি আৰু অৰ্থনীতিৰ নিৰপেক্ষভাৱে চিন্তা কৰা ব্যক্তিসকলে এই কথাত নিশ্চয়কৈ একমত হব যে "নৱ উদাৰবাদী অৰ্থনৈতিক ব্যৱস্থা" নিজৰ নামটোতকৈ সম্পূৰ্ণ বিপৰীত। ইয়াত নতুনত্ব, উদাৰতা আৰু কোনো গণতন্ত্ৰিক বৈশিষ্ট্য নাই। এই ব্যৱস্থাৰ মতে সমাজখনক এখন মুক্ত বজাৰলৈ পৰিৱৰ্তিত কৰাৰ লগতে অৰ্থনীতিক deregulated আৰু বেচৰকাৰীকৰণ কৰা উচিত। ইয়াতেই ক্ষান্ত নাথাকি ব্যৱস্থাটোৱে ৰাজহুৱা খণ্ডই বেচৰকাৰী খণ্ডৰ নিয়ম মনি চলাৰ উপৰিও বেচৰকাৰী খণ্ডক (subsidized) ভর্তুকি কৰিব লাগে বুলি দাবী কৰে। ইয়াৰ ফলস্বৰূপে আজিৰ নৱ উদাৰবাদী সমাজত পুঁজিবাদী শক্তি বৃদ্ধি হবলৈ ধৰে। সহজ ভাষাত ক’বলৈ গ’লে, কেৱল সেইবাবেই আজিৰ সমাজব্যৱস্থাত ৰাজনৈতিক নেতাসমূহ একো একোজন ঢাল-তৰোৱালহীন নিধিৰাম চৰ্দাৰ, যি ইচ্ছা কৰিলেও জনগণৰ প্ৰকৃত উন্নতিৰ হকে কাম কৰাত ব্যৰ্থ।

১৯৭০ চনত আমেৰিকাৰ এজন বিখ্যাত কূটনৈতিক হেনৰি কিছিঞ্জাৰে এজন বিখ্যাত অৰ্থনীতিবিদ পল ভলকাৰক প্ৰশ্ন কৰিছিল, "How can we maintain hegemony? Now that we lost our surplus...”। পল ভলকাৰে উত্তৰত কৈছিল, “If we can't recycle our own surplus we have to recycle everybody else's surplus"। অৰ্থাৎ, “আমি কেনেকৈ বিশ্বৰ অৰ্থনীতি নিজৰ দখলত ৰাখিব পাৰিম যিহেতু আমি নিজেই ঘাটিত চলি আছোঁ”; তেতিয়া পল ভলকাৰে উত্তৰ দিয়ে “যদি আমি আমাৰ নিজৰ জমা Recycle কৰিব নোৱাৰোঁ তেন্তে আমি আন সকলোৰে দেশৰ অৰ্থনীতিৰ জমা Recycle কৰিব লাগিব”।

তাৰ পাছতেই আমেৰিকাই নিজকে এক ভেকুয়াম ক্লিনাৰলৈ পৰিণত কৰে আৰু নৱ উদাৰবাদী পুঁজিবাদৰ সহায়ত পৃথিৱীৰ আন আন দেশসমূহত ব্যাপক বিনিয়োগ কৰি সকলো দেশৰ অৰ্থনীতিৰ পৰা পুঁজি চুহিবলৈ আৰম্ভ কৰে। ফলত ওয়াল ষ্ট্রিটত (Wall Street) এক বৃহৎ পুঁজিৰ চুনামি বৈ আহে। পৰিণাম স্বৰূপে বিশ্বৰ বজাৰখন নিজৰ সর্বাধিক সীমাত উপনীত হয়। তেতিয়াই চতুৰ বেংকাৰবোৰে এই পুঁজিসমূহক পুঁজিপতিৰ হৈ Financialize কৰিবলৈ আৰম্ভ কৰি দিয়ে আৰু চৰকাৰে মৌন দৰ্শকৰ ভূমিকা পালন কৰিবলৈ ধৰে। লগতে কিছু সুবিধাবাদী অৰ্থনীতিবিদে এই কাৰ্যক সমৰ্থন কৰি ইয়াক Efficient Market Hypothesis অথবা International Financial Macroeconomics-ৰ দোহাই দি এই ধূৰ্তালিক উচিত বুলি দাবী কৰিবলৈ আৰম্ভ কৰি দিয়ে। ফলত তেওঁলোকে নিজে খান্দি থোৱা গাঁতত নিজেই উজুটি খাই পৰে। ২০০৮ চনৰ বিশ্ব আৰ্থিক সংকট তাৰ জ্বলন্ত উদাহৰণ ।

এতিয়া শেষত আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন পুঁজিবাদৰ ভৱিষ্যত কি?

উত্তৰ এই লেখনিৰ প্ৰথম শাৰীতে আছে, বস্তু-জগতত বিৱৰ্তন অনিবার্য। গাণিতিকভাবে তথা গঠনগত দিশৰ পৰা পুঁজিবাদক বজাই ৰখাটো অসম্ভৱ আৰু পুঁজিবাদ অবিহনে নৱ উদাৰবাদী সমাজব্যৱস্থাক কল্পনা কৰাটো মৰুত মাছ ধৰাৰ দৰে কথা। বিজ্ঞান আৰু প্ৰযুক্তিৰ অত্যন্ত দ্ৰুত বিকাশৰ লগতে মানৱ-সমাজৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে, শুনিবলৈ ইউটোপীয়ান যেন লাগিলেও, যিদিনা আমি সমাজত কৃত্রিম বুদ্ধিমত্তা (artificial intelligence)-ক নিজৰ দাস কৰি লৈ ষ্টাৰ ট্রেক ছবিখনত দেখুওৱাৰ দৰে এখন আদৰ্শ সমাজ গঢ়িব পৰা যাব। য’ত, মানুহৰ বাবে ৰব’টে শ্ৰম কৰিব, মাটিৰ পৰা খাদ্য উৎপাদন কৰিব, শ্বপিং মলৰ পৰা দপ্তৰ পৰ্যন্ত সকলো কৃত্রিম বুদ্ধিমত্তাই মানুহৰ নিয়ন্ত্ৰণত কৰিবলৈ ধৰিব, তেতিয়া আজিৰ প্ৰচলিত সমাজব্যৱস্থাৰ পতন হোৱাটো নিশ্চিত। যিটো পুঁজিবাদক সমাজৰ পৰা উৎখাত কৰাত কাৰ্ল মাৰ্ক্স আৰু বাঁওপন্থীসকল বিফল হৈছে, সেই কাম এই বৈজ্ঞানিক বিপ্লৱৰ দ্বাৰা সম্ভৱ হ’ব বুলি ধাৰণা কৰিব পাৰি। সেইখন সমাজত কোনো পুঁজিপতি অথবা শ্ৰমিক নাথাকিব আৰু মানুহে মহাবিশ্ব অন্বেষণ কৰাৰ লগতে মানবজাতিৰ উন্নতি হকে চিন্তা কৰিব। কাৰণ এই বস্তুজগতত কেৱল মানুহেই এক প্ৰাণী যাৰ দুৰ্দান্ত চিন্তা শক্তি আছে ।

Share Button
Print Friendly, PDF & Email

No Comments : "গণতন্ত্ৰ, নৱ উদাৰবাদী অৰ্থনীতি আৰু পুঁজিবাদ-(দীপ দাস)"

Leave a Comment

Your email address will not be published. Required fields are marked *