বিবিধ চিন্তা

গণতন্ত্ৰৰ সম্প্ৰসাৰণৰ বাধাবোৰ-(দূর্লভ গগৈ)

আমেৰিকান বিপ্লৱ,ফৰাচী বিপ্লৱকে ধৰি পশ্চিমীয়া দেশবোৰত হোৱা বিভিন্ন বিপ্লৱ আৰু গৃহযুদ্ধবোৰ আছিল শাসকে ‘অধিকাৰহীন’ কৰি ৰখা মানুহৰ মুক্তিৰ সংগ্ৰাম, যিবোৰেবিশ্বত গণতান্ত্ৰিক ৰাজনৈতিক ব্যৱস্থাৰ বীজ ৰোপণ কৰিছিল।

কেৱল সমাজ বিজ্ঞানী আৰু ৰাজনীতি বিজ্ঞানীয়েই নহয়, আজিৰ বিশ্বৰ বেছি সংখ্যক দেশৰ নাগৰিকেই গণতন্ত্ৰক আটাইতকৈ উত্তম চৰকাৰ ব্যৱস্থা বুলি মানি লৈছে।ইতিহাসত বিশ্বৰ বহু দেশে নাগৰিকৰ প্ৰবল দাবী, আন্দোলনত সেও মানি আন ৰাজনৈতিক ব্যৱস্থাৰ পৰা গণতন্ত্ৰলৈ যাবলৈ বাধ্য হৈছে। নেপালক এটা শেহতীয়া উদাহৰণত ধৰিব পাৰি। সৌ সিদিনালৈকে শক্তিশালী অথচ সংখ্যালঘু উপনিৱেশিক জনাংশৰ দ্বাৰা খিলঞ্জীয়া কৃষ্ণাংগসকলৰ মানৱীয় অধিকাৰ হৰণ কৰা দক্ষিণ আফ্ৰিকাও এটা উত্তম উদাহৰণ। সংখ্যালঘু শ্বেতাংগ শাসকে আৰোপ কৰা ভয়ংকৰ এপাৰ্টহেইড (apartheid) ব্যৱস্থাই কৃষ্ণাংগসকলক নিজৰ ঠাইতে সকলো গণতান্ত্ৰিক আৰু মানৱীয় অধিকাৰৰ পৰা বঞ্চিত কৰিছিল।কৃষ্ণাংগসকলে শ্বেতাংগসকলৰ সৈতে একেই হস্পিটেল, একেই এম্বুলেন্স ব্যৱহাৰ কৰিব নোৱাৰিছিল, -এইটো আন বহুতো চৰম আৰু অমানৱীয় বৈষম্য-বঞ্চনাৰ মাজৰ এটা মাত্ৰ উদাহৰণ। এইবোৰৰ পৰা নিপীড়িত মানুহে মুক্তি পাইছিল গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱাৰ জৰিয়তে। নিম্নতম মানৱীয় অধিকাৰসহ জীয়াই থকাৰ পৰা বঞ্চিত দেশখনৰ নাগৰিকক গণতন্ত্ৰই মৰ্য্যাদা, সমতা আৰু নাগৰিক অধিকাৰ কি, তাৰ সোৱাদ দিলে। গতিকে গণতন্ত্ৰক আমি জনগণৰ মুক্তিৰ মাৰ্গ হিচাপে ইয়াৰ মহত্ত্বক অক্ষয় কৰি ৰাখিব লাগিব। জনগণৰ বৃহত্তৰ স্বাৰ্থতে ইয়াৰ সংকোচনক বা ইয়াক সীমাবদ্ধ কৰাৰ চৰকাৰী পক্ষৰ অপকৌশলক বাধা দিব লাগিব। সময়ৰ লগত মিলাই ইয়াৰ সম্প্ৰসাৰণো কৰিব লাগিব।

গণতন্ত্ৰই এখন দেশৰ সৰ্বস্তৰৰ নাগৰিকক মৰ্য্যাদা, সমতা আৰু অধিকাৰসহ জীয়াই থকাৰ সুবিধা আগ বঢ়ায়। মৌলিক অধিকাৰবোৰকে ধৰি নাগৰিক অধিকাৰবোৰ (civil rights)ৰ প্ৰতি চৰকাৰৰ শ্ৰদ্ধা আৰু নিষ্ঠা কিমান তাতে গণতান্ত্ৰিক চৰকাৰ এখনৰ স্বৰূপৰ কিছু আভাস পাব পাৰি। আজিৰ বিশ্বত দেখা পোৱা ভাল কথাটো হ’ল- বিশ্বৰ মানৱ অধিকাৰ গোটবোৰে মানুহৰ অধিকাৰৰ হকে অবিৰাম যুঁজ দি থাকে। কিছুমান অধিকাৰক নতুনকৈ চিহ্নিত কৰা হৈছে।বিশ্বত প্ৰতিজন মানুহৰ থকা উচিত বুলি যিবোৰ মানৱ অধিকাৰ চিহ্নিত কৰা হয়, ভাল গণতান্ত্ৰিক দেশবোৰে সেইবোৰৰ বেছিভাগেই নাগৰিকক প্ৰদান কৰে।এইবোৰৰ কিছুমান মৌলিক অধিকাৰ আৰু কিছুমান সাধাৰণ নাগৰিক অধিকাৰ (civil rights) হিচাপে দেশবোৰে সংবিধানত লিপিবদ্ধ কৰে বা আইনৰ দ্বাৰা তাক সুৰক্ষিত কৰে।গণতন্ত্ৰত কোনো মানুহ অধিকাৰবিহীন আৰু মৰ্য্যাদাবিহীন হ’ব নোৱাৰে। বৰং এইটোহে সত্য যে গণতন্ত্ৰত চৰকাৰ বা শাসক সদায়ে সংবিধানৰ বুনিয়াদী নিয়মবোৰ আৰু নাগৰিকৰ অধিকাৰবোৰৰ দ্বাৰা সীমাবদ্ধ। অৰ্থাত চৰকাৰ এখন সংবিধান আৰু নাগৰিকৰ অধিকাৰবোৰতকৈ ডাঙৰ নহয়। সংবিধানে নিৰ্ধাৰণ কৰি দিয়া এই অধিকাৰবোৰক আলম কৰি চৰকাৰ বা শাসকলৈ ভয় নকৰাকৈ নাগৰিকে এটা মুকলিমূৰীয়া জীৱন যাপন কৰিব পাৰে। জনগণৰ যদি তেওঁলোকক শাসন কৰা শাসকক পচন্দ নহয়, তেন্তে সলনি কৰিব পাৰে। সেই সুযোগ চৰকাৰখনে নিজেই দিয়ে, মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ জৰিয়তে। গণতন্ত্ৰৰ আটাইতকৈ মহত্ত্বপূৰ্ণ দিশটোৱেই এইটো। কিন্তু কেৱল এই সংজ্ঞাটোক আলম কৰিলে এনেকুৱা লাগিব পাৰে যে নিৰ্বাচন অনুষ্ঠিত কৰা প্ৰতিখন দেশেই গণতন্ত্ৰ। বিশ্বৰ ঘটনাৱলীয়ে প্ৰমাণ কৰিছে, গণতান্ত্ৰিক ব্যৱস্থাৰে শাসিত দেশ এখনতো দেশৰ নাগৰিকে সঠিক মৰ্য্যাদা আৰু অধিকাৰসহ জীয়াই থাকিবলৈ পোৱা নাই। সমতাৰ ঠাইত বৈষম্যৰ বলি হৈছে, আইনৰ জোৰ-জুলুমে নিৰীহক ঘটিয়ে ঘটিয়ে পানী খুৱাইছে, শাসকৰ বিৰুদ্ধে নিৰ্ভয়ে মাত মতাৰ নাগৰিকৰ স্বাধীনতা কাঢ়ি লোৱা হৈছে, নিৰ্বাচন ব্যৱস্থাটোক জনগণে আশা কৰা ধৰণৰ নিকা হোৱাৰ ঠাইত অপকৌশলৰ ব্যৱহাৰ কৰি ক্ষমতাত থকাৰ দিহা হৈছে। তেনে দেশ গণতান্ত্ৰিক ব্যৱস্থাৰ মাজত থাকিও অগণতান্ত্ৰিক।

সামাজিক ধ্যান-ধাৰণাবোৰৰ বিৱৰ্তনীয় গতিধাৰাই (trend) যিহেতু নতুন বিন্দু স্পৰ্শ কৰাটোৱে কাম্য, জনগণৰ নতুন ধৰণৰ অধিকাৰৰ কথাটো আমি অস্বীকাৰ কৰিব নোৱাৰো আৰু সেইবোৰৰ প্ৰতি নিস্পৃহ হ’ব নোৱাৰো।অলপতে আমেৰিকাৰ নিউয়ৰ্ক চিটি কাউন্সিলে এনেকুৱা এখন বিধেয়ক আনিছে, যি কৰ্মৰ সময়ছোৱাৰ বাহিৰে আন সময়ত এজন কৰ্মচাৰীক কামৰ চিন্তা মূৰত জাপি দিয়াৰ পৰা নিয়োগকৰ্তাক বিৰত ৰাখিব। দেখাত সাধাৰণ যেন লাগিলেও ই এটা প্ৰয়োজনীয় নাগৰিক অধিকাৰ, যিটোৱে গণতন্ত্ৰৰ এটা সবল দিশক প্ৰতিফলিত কৰিছে। এজন কৰ্মচাৰীয়ে তেওঁৰ ব্যক্তিগত জীৱনত ‘বছ’ৰ কৰ্তৃত্বৰ বোজাৰ পৰা সকাহ পাব, যিটো নিজকে এজন মুক্ত মানুহ হিচাপে উপলব্ধি কৰিবলৈ প্ৰয়োজনীয়। এইবোৰ গণতন্ত্ৰৰ সম্প্ৰসাৰণ আৰু নাগৰিক অধিকাৰৰ নতুন মাত্ৰা। প্ৰশংসনীয় দিশটো হৈছে, এখন গণতান্ত্ৰিক দেশৰ চৰকাৰে নিজেই এই অধিকাৰ দিবলৈ আগ বাঢ়ি আহিছে। ভাৰতত শিক্ষাৰ অধিকাৰ আইন, খাদ্যৰ অধিকাৰক জীৱনৰ অধিকাৰৰ অপৰিহাৰ্য্য অংগ হিচাপে দিয়া স্বীকৃতি আদিও এনেকুৱা উদাহৰণ।

গণতন্ত্ৰক ইয়াৰ প্ৰকৃত মহত্ত্বৰ সৈতে অটুট ৰখাৰ ক্ষেত্ৰত গণতান্ত্ৰিক দেশৰ চৰকাৰখনৰ দায়িত্ব বহুত। সংবিধানখনৰ মৰ্য্যাদাৰ এচুলিমানো যাতে ক্ষমতাশীলসকলে টুটাব নোৱাৰে সেইটো চৰকাৰে নিশ্চিত কৰিব লাগিব। ক্ষমতাৱানসকলে দুৰ্বল, দৰিদ্ৰক যাতে অসন্মান কৰিবলৈ সাহস কৰিব নোৱাৰে সেইবোৰ চৰকাৰেই নিশ্চিত কৰিব লাগিব। দেশত যাতে “সহিষ্ণুতা”ৰ পৰিৱেশ থাকে সেইটো নিশ্চিত কৰাটোও গণতান্ত্ৰিক চৰকাৰৰ দায়িত্ব। সহিষ্ণুতাৰ এটা লক্ষণ হ’ল বিভিন্ন সামাজিক গোট বা জনসমষ্টিয়ে তেওঁলোকৰবোৰতকৈ পৃথক ধৰণৰ ধৰ্মাচাৰ আৰু জীৱন প্ৰণালী অনুসৰণ কৰাটো মানি লোৱাটো। ইয়াৰ অৰ্থ হ’ল- আনৰ মত, স্থিতি, নিয়ম-নীতি, খাদ্যভ্যাস এজন লোকৰ নিজৰ পৰা সুকীয়া ধৰণৰ হ’ব পাৰে- এইটো মানি লোৱাটো আৰু সেইবোৰত আপত্তি প্ৰদৰ্শন নকৰাটো। এইদৰেও কোৱা হয়-গণতন্ত্ৰৰ সফলাতৰ সম্ভাৱনা সমাজত থকা সহিষ্ণুতাৰ ব্যাপ্তিৰ সমানুপাতিক (Possibility of democracy’s success is proportionate to the extent of tolerance in the society)।অসহিষ্ণুতাৰ উত্স সাধাৰণতে সংখ্যাগুৰুৰ মনোভাবতে লুকাই থাকে। সংখ্যালঘিষ্ঠসকলে সংখ্যাগৰিষ্ঠৰ দৃষ্টিভংগি নিচৰ্তে মানিব লাগিব বুলি এটা ভ্ৰম যেতিয়া জনপ্ৰিয় হৈ পৰে, তেতিয়াই দেশত অসহিষ্ণুতা বৃদ্ধি পায়।কিন্তু চৰকাৰৰ দায়িত্ব হ’ল সংখ্যাগুৰুৰ এনে মনোভাবৰ পৰা সংখ্যালঘুসকলক সুৰক্ষা দিয়া। সংবিধানত তাৰ বাবে কিছু ব্যৱস্থা কৰা দৰকাৰ, যিবোৰে নিশ্চিত কৰে যে সংখ্যাগুৰুসকলে যি ইচ্ছা তাকে কৰিব নোৱাৰিব।

কেতিয়াবা কেতিয়াবা নিৰ্বাচিত চৰকাৰে নিজৰ নাগৰিকৰ অধিকাৰবোৰক সুৰক্ষা নিদিব পাৰে। সুৰক্ষা নিদিয়াটো ইচ্ছাপূৰ্বক হোৱাটোও আচৰিত নহয়। আনকি অধিকাৰবোৰ বা ইয়াৰ কিছুমানৰ ওপৰত চৰকাৰে নিজেই আক্ৰমণ কৰিবও পাৰে।

সেই কাৰণেইকিছুমান অধিকাৰক চৰকাৰতকৈ ঊৰ্ধ্বত স্থান দি ৰখাৰ প্ৰয়োজন হয়, যাতে সেইবোৰ চৰকাৰে উলংঘা কৰিব নোৱাৰে।শাসকে নাগৰিকক দিবই লগীয়া এই অধিকাৰবোৰগণতান্ত্ৰিক ৰাজনৈতিক ব্যৱস্থাত সংবিধান আৰু ন্যায়ালয়েনিশ্চিত কৰে।নাগৰিকৰ অধিকাৰক অৱমাননা কৰা চৰকাৰ এখন অগণতান্ত্ৰিক আৰু নাগৰিকৰ অধিকাৰক সুৰক্ষা নিদিয়া চৰকাৰ এখন অপ্ৰয়োজনীয়। কাজেই অন্য এখন চৰকাৰৰ দ্বাৰা স্থলাভিষিক্তৰ যোগ্য। নাগৰিকে যাতে সেইটো কৰিবলৈ যথাযথ সুযোগ পায়, গণতন্ত্ৰই তাক নিশ্চিত কৰিব লাগিব। কেৱল নিৰ্বাচন অনুষ্ঠিত কৰাটোৱেই যথেষ্ট নহয়। এই নিৰ্বাচনবোৰে প্ৰকৃত বিকল্প আগ বঢ়াব লাগিব আৰু জনগণক ক্ষমতাত থকা তেওঁলোকৰ অপচন্দৰ শাসকসকলক আঁতৰাবলৈ ক্ষমতা দিব লাগিব।

নিৰ্বাচনৰ মাজেৰে গঠিত চৰকাৰ থকা বহুতো দেশতোশাসক বা শাসকৰ বিশেষ অনুগ্ৰহথকা সংখ্যাগৰিষ্ঠৰ (সংখ্যাগৰিষ্ঠ মানে হিন্দু, মুছলমান, খ্ৰীষ্টান, বৌদ্ধ, বা যিকোনো নৃগোষ্ঠীয় সম্প্ৰদায় হ’ব পাৰে) দ্বাৰা আন একাংশ জনতাৰ ওপৰত অন্যায়-অবিচাৰ-উৎপীড়ন চলে। এইবোৰত শাসক পক্ষটো সাধাৰণে সংখ্যাগৰিষ্ঠ জনাংশৰপ্ৰতিনিধিৰে গঠিত হয়। শাসকে গণতান্ত্ৰিক চৰিত্ৰ বৰ্তাই ৰখা আৰু সংবিধানক অৱমাননা নকৰাটো বিশ্বৰ সন্মুখত দেখুৱাবলৈ পোনপটীয়াকৈ এইবোৰ সমৰ্থন নকৰে। কিন্তু এইবোৰ অন্যায়ৰ প্ৰতি ইচ্ছাপূৰ্বক নিস্পৃহতাৰে পৰোক্ষ সমৰ্থন আগ বঢ়ায়। গতিকে সংবিধান সমৰ্থিত গণতান্ত্ৰিক ব্যৱস্থা এটাৰ মাজতো আধিপত্যবাদ, স্বৈৰাচাৰ, একনায়কত্ববাদ, প্ৰভুত্ববাদে ছদ্মৱেশ ধৰি কাম কৰি থাকিব পাৰ। গণতান্ত্ৰিক প্ৰমূল্যবোৰৰ প্ৰতি ভাবুকিএনেকুৱা আধিপত্যবাদৰ চৰম ধৰণৰ এটা উদাহৰণ দিব পাৰিকোছোভোৰ আলবেনিয়ানসকলৰ কাহিনীৰে।য়ুগোশ্লাভিয়াৰ পৰা এখন দেশ হিচাপে পৃথক হোৱাৰ পূৰ্বে কোছোভোৰ সংখ্যালঘু নৃগোষ্ঠীয় আলবেনিয়ানসকল সংখ্যাগৰিষ্ঠছাৰ্বসকলৰ নিৰ্মম নিৰ্য্যাতনৰ সন্মুখীন হৈছিল, য’ত চৰকাৰ আৰু চৰকাৰী বাহিনীবোৰ প্ৰত্যক্ষ-পৰোক্ষভাৱে জড়িত আছিল। আলবেনিয়ানসকল চৰকাৰী বাহিনীবোৰৰ গণহত্যাৰো সন্মুখীন হৈছিল। সংখ্যালঘু আলবেনিয়ানসকল সামুহিকভাৱে এই দুৰ্ভাগ্যৰ সন্মুখীন হোৱাৰ সময়ত য়ুগোশ্লাভিয়াৰ প্ৰদেশছাৰ্বিয়াত (য’ত কছোভো অন্তৰ্গত আছিল)Slobodan Milosevic নামৰ সংকীৰ্ণমনা ছাৰ্ব এজন ৰাষ্ট্ৰপতি আছিল।তেওঁ ছাৰ্বসকলে দেশখনত আধিপত্যৰ সৈতে থকাটো বিচাৰিছিল। আন বহুতো ছাৰ্ব নেতাই বিশ্বাস কৰিছিল যে আলবেনিয়ানসকলৰ দৰে নৃগোষ্ঠীয় সংখ্যালঘুসকলে হয় দেশখনৰ পৰা গুচি যাওক, অথবা ছাৰ্বসকলৰ আধিপত্য মানি লওক। প্ৰধানকৈ আলবেনিয়ান আৰু মুছলিমসকলে নিজকে তুৰ্কীমূলীয় হিচাপে মানি লৈ তুৰস্কলৈ গুচি যোৱাটো বিচৰা হৈছিল।অৱশ্যে ইয়াৰ বীজ ছাৰ্বসকলক কোছোভোত আলবেনিয়ানসকলে কৰা দমনৰ ইতিহাসত ৰোপিত হৈ আছিল বুলি কোৱা হয়। কিন্তুএনেকুৱা প্ৰতিশোধৰ পুনৰাবৃত্তি ঘটা নাছিল দক্ষিণ আফ্ৰিকা প্ৰজাতন্ত্ৰৰ ক্ষেত্ৰত। কাৰণ তাত অহা নতুন শাসকে নীতিৰ ক্ষেত্ৰত ইতিহাসৰ ঘটনাৱলীতকৈ গণতান্ত্ৰিকপ্ৰমূল্যবোৰক অধিক উচ্চস্থান দিছিল। তাত নিপীড়ক শ্বেতাংগসকলকো সম অধিকাৰ আৰু চৰকাৰত অংশগ্ৰহণৰ সুযোগ দিয়া হ’ল সম্পূৰ্ণ সাংবিধানিক ব্যৱস্থাৰ মাজেৰে। সেয়ে দক্ষিণ আফ্ৰিকাৰ সংবিধানখনবিশ্বৰ ভিতৰতে সৰ্বোত্তম সংবিধানবোৰৰ অন্যতম, য’ত নাগৰিক অধিকাৰবোৰ আৰু সমতাক দৃষ্টান্তমূলক উচ্চস্থান দিয়া হৈছে। বিপৰীতে একেই শ্বেতাংগৰ নিপীড়নৰ ইতিহাস থকা জিম্বাবুৱেৰ ৰাষ্ট্ৰপতি মুগাবেৰ শাসনকাল অনুকৰণীয় নহয়। তাত পূৰ্বৰ নিপীড়ক শ্বেতা্ংগসকলৰ ওপৰত ওলোটাইনিপীড়নচলোৱা হ’ল।গতিকে নতুন শাসকেও গণতান্ত্ৰিক মূল্যবোধৰ পৰিৱৰ্তে ইতিহাসৰ ঘটনাৱলীৰ ভিত্তিত আগ বাঢ়ি গণতন্ত্ৰৰ সম্প্ৰসাৰণক বাধা দিলে। গণতন্ত্ৰ প্ৰতিষ্ঠা হৈও মুগাবেঅগণতান্ত্ৰিক কাৰ্য্যকলাপ আৰু শ্বেতাংগ বিদ্বেষক উচটনি দিলে। নিজৰ ক্ষমতা বৃদ্ধি কৰা আৰু তেওঁক কম জবাবদিহি কৰাৰ উদ্দেশ্যে মুগাবেইৰ দ্বাৰা সংবিধানখন বহুবাৰ সলনি কৰা হৈছিল।

বহু ক্ষেত্ৰত সংখ্যাগৰিষ্ঠতাৰ জোৰ থকা গণতান্ত্ৰিক চৰকাৰ এখনে নিজৰেজনসাধাৰণৰ মতামতক উপেক্ষা কৰা দেখা যায় বা নাগৰিকৰ মত লোৱাঅপ্ৰয়োজন যেন মনোভাবেৰে কাম কৰি যায়।সমাজৰ এক বৃহত অংশৰ স্বাৰ্থ আৰু তেওঁলোকৰ মতক আওকাণ কৰি সিদ্ধান্ত জাপি দিব পাৰে (উদাহৰণ : নাগৰিকত্ব বিধেয়ক)।তেতিয়া জনগণে স্বীকৃত ৰাজনৈতিক ক্ৰিয়াকলাপ, যেনে- চৰকাৰৰ স্থিতি আৰু নীতিৰ প্ৰতি অসন্তুষ্টি প্ৰকাশৰ বাবে ধৰ্ণা, প্ৰতিবাদ, আন্দোলন কৰাৰ দৰকাৰ হয়। নাগৰিকক এই অধিকাৰ গণতান্ত্ৰিক চৰকাৰ এখনে দিবই লাগিব। যেতিয়া চৰকাৰৰ বিৰুদ্ধে হোৱাএনেকুৱা ৰাজহুৱা প্ৰতিবাদ আৰু ধৰ্ণাবোৰক অবৈধ ঘোষণা কৰা হয়, নাগৰিকৰ কণ্ঠক কৌশলে দমন কৰিব খোজা হয়, তেতিয়াই চৰকাৰৰ স্বৈৰাচাৰী ৰূপ প্ৰকট হয়। সান্ধ্য আইন প্ৰয়োগ কৰি, সভা-সমিতি, ধৰ্ণ, প্ৰতিবাদ নিষেধ কৰি, বিৰোধী ৰাজনৈতিক নেতাবোৰক গৃহবন্দী কৰি জাপি দিয়া সিদ্ধান্তও স্বৈৰাচাৰিতাৰ নিৰদৰ্শন। দেশদ্ৰোহিতাৰ অজুহাত ব্যৱহাৰ কৰাও একেই স্বৈৰাচাৰিতাৰ নিদৰ্শন।চৰকাৰ যে এনেকুৱা অগণতান্ত্ৰিক কাৰ্য্যাৱলীৰ ক্ষেত্ৰত অকলশৰীয়া তেনে নহয়। হিটলাৰৰ বৰ্বৰ কাৰ্য্যাৱলীত সমৰ্থনৰ নাটনি হোৱা নাছিল। আনকি বহুতে এনেকৈ ভাবে যে দেশে সন্মুখীন হোৱা সমস্যাবোৰ সমাধান কৰিবলৈ এজন শক্তিশালী বা একনায়কত্ববাদী চৰিত্ৰৰ নেতাৰ প্ৰয়োজন। এনেকুৱা ভ্ৰমৰ বাবেই নাগৰিকৰ অধিকাৰ আৰু অসুবিধাবোৰক আওকাণ কৰি কঠোৰতম সিদ্ধান্তবোৰ ল’ব পৰাজনক শক্তিশালী নেতা বুলি ভবা হয়। ৰাষ্ট্ৰযন্ত্ৰক শক্তিশালী কৰাৰ অজুহাত, দেশৰ সংহতি-নিৰাপত্তা আদিৰ অজুহাত ইয়াৰ সপক্ষে যুক্তি হিচাপে ব্যৱহাৰ কৰা হয়। আনকি প্ৰতিখন সমাজতে সামৰিক শাসনৰ হকেও কিছুমান মানুহৰ মত থাকে। এনেবোৰ ভাবনাও গণতন্ত্ৰৰ সম্প্ৰসাৰণৰ বাধা।

বিৰোধীক কথা ক’বলৈ সুযোগ নিদিয়া, চৰকাৰৰ পৰিৱৰ্তে বিৰোধীক আক্ৰমণ কৰা আৰু চৰকাৰৰ দোষ লুকুওৱা সংবাদ প্ৰতিষ্ঠানবোৰো গণতন্ত্ৰৰ সম্প্ৰসাৰণৰ বাধা।

জনাংশৰ ক্ষেত্ৰতো একেই কথা। নিজৰ প্ৰিয় দলটোৰ চৰকাৰ বাবেই চৰকাৰৰ দমনমূলক নীতি আৰু নাগৰিক অধিকাৰবোৰৰ ওপৰত কৰা আঘাতক মুকলিকৈ সমৰ্থন কৰা, শত্ৰু যেন ভবা বা পৰ যেন ভবা জনাংশই চৰকাৰৰ নীতিৰ দ্বাৰা ভুগি থকা সমস্যাৰ প্ৰতি নিস্পৃহতা দেখুওৱা জনাংশ গণতন্ত্ৰৰ সম্প্ৰসাৰণৰ বাধা।

চৰকাৰ কৰা দল সলনি হ’ব পাৰে আৰু এইটো হয়েই। দল যিয়েই নহওক, গণতন্ত্ৰৰ সম্প্ৰসাৰণৰ বাট মুকলি ৰাখিবলৈ জনগণে সদায়ে গণতান্ত্ৰিক প্ৰমূল্যবোৰত আপোচহীন স্থিতি ল’ব লাগিব আৰু ইয়াৰ বাধাবোৰ চিহ্নিত কৰি সেইবোৰক দূৰত ৰাখিব লাগিব।

গতিকে কেতিয়াবা চৰকাৰ আৰু কেতিয়াবা জনাংশ আৰু কেতিয়াবা উভয়েই একেলগে গণতন্ত্ৰৰ সম্প্ৰসাৰণৰ বাধা হৈ থিয় দিব পাৰে। প্ৰধানকৈ নাগৰিকৰ সৰহ সংখ্যকৰ মাজত যেতিয়া গণতান্ত্ৰিক মনোভাব নাথাকে, গণতান্ত্ৰিক প্ৰমূল্যৰ প্ৰতি শ্ৰদ্ধা নাথাকে, তেতিয়া গণতন্ত্ৰৰ সম্প্ৰসাৰণ অসম্ভৱ। সেয়ে নাগৰিকৰ মাজত এইবোৰ বিকাশ হোৱাৰ সুযোগ থাকিব লাগিব। সমাজ আৰু শিক্ষা ব্যৱস্থাই সেই সুযোগ দিব লাগিব। গণতান্ত্ৰিক মূল্যবোধ সম্পন্ন সমাজ এখন স্বয়ংক্ৰিয়ভাৱেই অনেক সমস্যাৰ পৰা মুক্ত হয় আৰু ফলত অৰ্থনৈতিক উন্নয়নৰ অৱকাশ প্ৰচুৰ থাকে।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *