গৰুৰ বিষয়ে এখন ৰচনা (টুনুজ্যোতি গগৈ)

 

জীৱনত লিখা প্ৰথম ৰচনাখন ৰ বিষয়বস্তু আছিল – গৰু৷ কেৱল ময়েই নহয়, আমাৰ প্ৰজন্মৰ অসমীয়া মাধ্যমত শিক্ষাগ্ৰহণ কৰা প্ৰায়বোৰ ছাত্ৰ-ছাত্ৰীয়েই জীৱনত প্ৰথমবাৰৰ বাবে গৰু ৰচনাখন লিখিব লগা হৈছিল৷ গাঁৱৰ কৃষক পৰিয়ালৰ সন্তান হিচাবে বুজন হ'বৰ বয়সৰপৰাই গৰুৰ সৈতে আমাৰ নিকট সম্পৰ্ক আছিল; সেয়ে ৰচনা কিতাপখনত ‘গৰুৰ ঠেং চাৰিটা', ‘শিং নথকা গৰুক লাওমূৰা বোলে', ‘গৰুৰ গোবৰ উত্তম সাৰ' আদি বাক্যবোৰ পঢ়িবলৈ পাই আমোদো পাইছিলো৷ আনুষ্ঠানিক শিক্ষা সাং কৰাৰ পাছত গৰুক লৈ যে আকৌ এখন ৰচনা লিখিব লগা হ'ব পাৰে, সেয়া ভবা নাছিলো৷ কিন্তু, অবোধ প্ৰাণীবিধক লৈ সাম্প্ৰতিক ভাৰতীয় ৰাজনীতিয়েই উত্তাল হৈ থকাত বা গৰুৱেই ভাৰতীয় ৰাজনীতি নিয়ন্ত্ৰণ কৰাৰ এক অশুভ পৰম্পৰা সূচনা হোৱাত গৰুৰ বিষয়ে কিছু কথা নতুনকৈ লিখাৰ প্ৰয়োজনবোধ কৰিছো৷ অৱশ্যে, এই ৰচনাখনত কৃষকৰ পৰম বন্ধু ঘৰচীয়া গৰুটোৰ বিষয়ে একো নিলিখো; ৰাজনৈতিক গৰুটোৰ বিষয়েহে লিখিম৷

নক'লেও হয় যে ভাৰতৰ হিন্দু সমাজত গৰুৰ স্থান অতি উচ্চ – পূজা-পাতলৰ পৰা কৃষি কৰ্ষণ কৰালৈকে প্ৰায় সকলো ক্ষেত্ৰতে গৰুৰ গুৰুত্ব পৰিলক্ষিত হয়৷ এই সম্পৰ্কত ডঃ ৰামপ্ৰসাদ মিশ্ৰই কৈছে– ‘The Hinduism of the Vedic period was very colourful. Fortunately, it has retained this colourfulness even now. It may retain it for ever because it is very vigorous, very delightful. It is full of music and songs. It worships all most all the objects of nature; from the sun to the tree, from the milky-way to a river, from the Almighty to a cow.’ (Hinduism, S S Publishers, Delhi, 1981). বৈদিক যুগৰ পৰাই হিন্দু সমাজত গৰুৰ এনে উচ্চ স্থান থাকিলেও প্ৰাচীন কালত হিন্দুসকলে নিয়মিত গো-মাংস ভক্ষণ কৰিছিল৷ প্ৰাচীন হিন্দু শাস্ত্ৰসমূহত গো-মাংস ভক্ষণ সম্পৰ্কীয় কেতবোৰ তথ্য পোৱা যায়৷

ঋগবেদ সংহিতা (১০৷৭৷৬)ত অগ্নিৰ ওচৰত কৰা প্ৰাৰ্থনাত গাভিনী গৰুক খণ্ড খণ্ডকৈ ছেদন কৰাৰ বিষয়ে উল্লেখ আছে৷ সেইদৰে অৰ্থব বেদত উল্লেখ আছে যে প্ৰাচীন ভাৰতত ব্ৰাহ্মণসকলেও গো-মাংস ভক্ষণ কৰিছিল৷ ‘তৈত্তিৰীয় ব্ৰাহ্মণ', ‘বৃহদাৰণ্যক উপনিষদ', ‘বশিষ্ঠাস্মৃতি', ‘মনুস্মৃতি' আদিতো প্ৰাচীন কালত গো-মাংস ভক্ষণৰ তথ্য পোৱা যায়৷ প্ৰাচীন হিন্দু সমাজত গৰুকে ধৰি শ শ জীৱ বলি দিহে বিভিন্ন যজ্ঞ সম্পন্ন কৰা হৈছিল৷ ৰজা, শিক্ষাগুৰু, পুৰোহিত আদিৰ দৰে সন্মানীয় অতিথিসকলৰ আপ্যায়নৰ বাবেও গো-বধ কৰা হৈছিল৷ দীৰ্ঘজীৱী পুত্ৰ সন্তানৰ আশাতো বহুতে উপনিষদীয় নিদান অনুসৰি গো-মাংস ভক্ষণ কৰিছিল৷ প্ৰখ্যাত ইতিহাসবিদ দ্বিজেন্দ্ৰ নাৰায়ণ ঝাৰ মতে–‘Cattle and other animals were killed not only in public sacrifices but also in ordinary and domestic rites of daily life. The later Vedic and post- Vedic texts mention many rites and rituals associated with agricultural and other activities and, in at least some of them, the killing of animals including cattle was de rigueur. Among the rites relating to agriculture, which tended to become stable from the later Vedic period onwards, mention may be made of the shålagava (sacrifice of "the ox on the spit"). In this sacrifice a spit-ox was killed for Rudra; its tail and skin etc were thrown into the fire and its blood was poured out on the kusha or darbha grass for the snakes.’ (The Myth of the Holy Cow, Verso Books, London, 2004)

উল্লেখ্য যে ‘শতপথ ব্ৰাহ্মণ'ত গো-মাংস ভক্ষণ সম্পৰ্কত নিষেধাজ্ঞা আৰোপ কৰিলেও এই মাংসবিধ ভক্ষণৰ সপক্ষে চৰ্তও ৰাখিছিল৷ শাস্ত্ৰখনৰ এটা শ্লোকত কোৱা হৈছে যে দেৱতাসকলে পৃথিৱীৰ সমগ্ৰ শক্তি আৰু বীৰ্য গাইগৰু আৰু ষাঁড় গৰুৰ মাজত সুমুৱাই ৰাখিছে বাবে গো-মাংস ভক্ষণ কৰাটো পাপ৷ শাস্ত্ৰখনৰ ৰচক যাজ্ঞবল্ক্যই এয়াও কৈছিল– গো-মাস ভক্ষণ পাপ হ'লেও কোমল মাংস হ'লে তেওঁ ভক্ষণ কৰিব৷ কালক্ৰমত হিন্দু সমাজত গো-মাংস ভক্ষণ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হয়৷ একালত যি মাংস ভক্ষণ নকৰিলে হিন্দু এজনক খাঁটি হিন্দু বুলি গণ্য কৰা নহৈছিল, যি মাংসৰ অবিহনে সকলো উৎসৱ-পাৰ্বণ অসম্পূৰ্ণ হৈ ৰৈছিল; সেই মাংসবিধৰ নিষিদ্ধকৰণৰ সপক্ষে মতপ্ৰকাশ কৰি স্বামী বিবেকান্দই কৈছে যে আধুনিক ভাৰতবৰ্ষই পুৰণি প্ৰথাবোৰ ত্যাগ কৰি কেৱল বেদৰ আধ্যাত্মিক অংশ গ্ৰহণ কৰিছে–‘You will be astonished if I tell you that, according to the old ceremonials, he is not a good Hindu who does not eat beef. On certain occasions he must sacrifice a bull and eat it. That is disgusting now. However they may differ from each other in India, in that they are all one-they never eat beef. The ancient sacrifices and the ancient gods, they are all gone; modern India belongs to the spiritual part of the Vedas.’(The complete works of Swami Vivekananda, Volume 3, Advaita Ashrama, India, 1997) ৷

বিবেকানন্দৰ মতে, কৃষিজীৱী ভাৰতীয়সকলৰ ভৱিষ্যতৰ কথা ভাবিয়েই গো-নিধন প্ৰথা বিলুপ্ত কৰাৰ লগতে গো-নিধনক মহাপাপ বুলি গণ্য কৰা হ'ল – ‘There was a time in this very India when, without eating beef, no Brahmin could remain a Brahmin; you read in the Vedas how, when a Sannyasin, a king, or a great man came into a house, the best bullock was killed; how in time it was found that as we were an agricultural race, killing the best bulls meant annihilation of the race. Therefore the practice was stopped, and a voice was raised against the killing of cows.’ (Ibid)

হিন্দু সমাজত গো-মাংস নিষিদ্ধ হোৱাৰ সম্পৰ্কত প্ৰখ্যাত সমাজ বিজ্ঞানী আল বিৰুণীয়ে দুটা ব্যাখ্যা আগবঢ়াইছে৷ প্ৰথমটো ব্যাখ্যা হ'ল– বৈদিক যুগত মানুহৰ চাৰিত্ৰিক শক্তি সবল আছিল বাবে গো-মাংস ভক্ষণত কোনো বাধা-নিষেধ নাছিল৷ কিন্তু, পাছলৈ মানুহৰ চাৰিত্ৰিক শক্তি দুৰ্বল হৈ পৰাত মানুহৰ জীৱনশৈলী সুষম কৰি তুলিবলৈ গো-মাংস ভক্ষণ নিষিদ্ধ কৰা হ'ল৷ অৱশ্যে, এনে নিষেধাজ্ঞাৰ ফলত ভাৰতীয় মানুহৰ জীৱনশৈলী পূৰ্বতকৈ অধিক কঠিনহে হয় বুলি আল-বিৰুণীয়ে বিশ্লেষণ আগবঢ়াইছে৷ দ্বিতীয়টো ব্যাখ্যা হ'ল– ভাৰতবাসীৰ শৰীৰৰ ভিতৰৰ উষ্ণতাতকৈ বাহিৰৰ অৰ্থাৎ প্ৰকৃতিৰ উষ্ণতা বেছি হোৱাৰ ফলত আহাৰ হজম কৰোতে বেছি সময়ৰ প্ৰয়োজন হয়৷ গো-মাংসৰ দৰে গধূৰ মাংস হজম কৰাটো বহুতৰ বাবেই কঠিন হৈ পৰে৷ এনে কাৰণতেই হিন্দু সমাজত গো-মাংসৰ ভক্ষণ নিষিদ্ধ কৰা হৈছিল৷ (India, Qeyamuddin Ahmad (ed.), National Book Trust, Delhi, 2005)

মূলতঃ অৰ্থনৈতিক স্থবিৰতা আৰু দৈহিক দুৰ্বলতা দূৰ কৰিবৰ বাবেই ভাৰতৰ হিন্দু সমাজত গো-নিধন নিষিদ্ধ কৰা হৈছিল বুলি ভাবিব পাৰি৷ এসময়ত অৰ্থনৈতিক কাৰণতে চীনৰ লগতে পৃথিৱীৰ অন্যান্য দেশত গো-হত্যা নিষিদ্ধ কৰা হৈছিল৷ নিয়মিতভাৱে গো-হত্যা অব্যাহত ৰাখিলে কৃষিকৰ্মত বাধাৰ সৃষ্টি হ'ব বা গাখীৰ-সাৰ আদিৰ উৎপাদন কমি যাব বুলি ভাবিয়েই উক্ত দেশসমূহত গো-হত্যা নিষিদ্ধ কৰাটো প্ৰয়োজন হৈ পৰিছিল৷ উল্লেখ্য যে ভাৰতৰ সামাজিক আৰু প্ৰাকৃতিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি বহু সময়ত মুছলমান শাসক, জমিদাৰ আৰু ৰাজনৈতিক নেতাসকলেও গো-নিধনৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছিল৷ কাশ্মীৰৰ শাসক জয়নাল আবেদিনে গো-নিধনৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰাই নহয়, নিষেধাজ্ঞা ভংগ কৰিলে দহ বছৰৰ বাবে কাৰদণ্ড বিহাৰ ব্যৱস্থাও কৰিছিল৷ সম্ৰাট বাবৰে তেওঁৰ পুত্ৰ হুমায়ুনক পৰামৰ্শ দিছিল যে ভাৰতৰ জনগণৰ হৃদয়ত স্থান পাবলৈ হ'লে গো-নিধনৰপৰা বিৰত থকা উচিত৷ স্বাধীনতা আন্দোলনৰ সময়তো হাকিম আজমল খাঁ, মৌলানা আব্দুল বাৰী আদি অগ্ৰণী নেতাসকলে গো-হত্যা বন্ধ কৰিবৰ বাবে মুছলমানসকলৰ প্ৰতি আহ্বান জনাইছিল৷ ( Pande, B. N.; Islam and Indian culture, Khuda Bakhsh Oriental Public Library, Patna, 1987 )

লক্ষ্যণীয় যে গো-নিধনক কেন্দ্ৰ কৰি প্ৰাচীন বা মধ্য যুগৰ ভাৰতত তেনে কোনো ৰক্তক্ষয়ী ধৰ্মীয় সংঘাত সৃষ্টি হোৱা নাছিল৷ এই লৈ ঊনবিংশ শতিকাৰ শেষৰ পিনেহে অৰ্থাৎ ১৮৮২ চনত আৰ্য সমাজৰ প্ৰতিষ্ঠাপক দয়ানন্দ সৰস্বতীয়ে ‘গো-হত্যা নিবাৰণী সভা' প্ৰতিষ্ঠা কৰাৰ পাছৰ পৰাহে বিতৰ্ক আৰু ধৰ্মীয় সংঘাত আৰম্ভ হয়৷ সভাৰ সদস্যসকলে বিভিন্ন অঞ্চলত গো-হত্যা নিবাৰণ আৰু গো-ৰক্ষাৰ আদৰ্শ প্ৰচাৰ কৰিছিল৷ লাহে লাহে অবিভক্ত ভাৰতৰ বিভিন্ন অঞ্চলত গো-নিধনৰ বিৰুদ্ধে বিভিন্ন সভা-সমিতি গঠন হ'বলৈ ধৰে৷ সেই সভা-সমিতিসমূহ গো-হত্যা নিবাৰণী সভা বা গো-ৰক্ষিণী সভা নামেৰেই পৰিচিত আছিল৷ সেই সভাসমূহে পুস্তিকা আৰু পত্ৰ-পত্ৰিকাৰ মাধ্যমেৰেও গো-হত্যা বিৰোধী ব্যাপক প্ৰচাৰ চলাইছিল৷

১৮৮৭ চনত কংগ্ৰেছৰ মাদ্ৰাজ অধিৱেশনতো বংগৰ ৰাজশাহীৰ তাহিৰপুৰৰ জমিদাৰ শশিশেখৰ ৰায়ে গো-হত্যা নিবাৰণ সন্দৰ্ভত এক প্ৰস্তাৱ উত্থাপন কৰিছিল৷ প্ৰস্তাৱটোৱে হিন্দু সমাজত যথেষ্ট গুৰুত্ব আৰু চৰ্চা লাভ কৰিলেও পাছলৈ মুছলমানসকলৰ খাদ্যাভাসত আঘাত হনা হ'ব বুলি ভাবি প্ৰস্তাৱটো বাতিল কৰা হয়৷ কিন্তু, ১৮৯১ চনত কংগ্ৰেছৰ নাগপুৰ অধিৱেশনত গো-হত্যা নিবাৰণী সভাৰ সদস্যসকলে কংগ্ৰেছৰ পেণ্ডেলৰ তলতে সভা অনুষ্ঠিত কৰাৰ অনুমতি লাভ কৰে৷ কংগ্ৰেছৰ নেতৃত্ব বহন কৰা ভালে কেইজন ৰাজনৈতিক নেতাই গো-নিধন বিৰোধী আন্দোলনৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল৷

সি যি নহওক, ১৮৯২-৯৩ চনত উত্তৰ প্ৰদেশত গো-ৰক্ষিণী সভাৰ আন্দোলনৰ মাধ্যমেৰে প্ৰথমবাৰৰ বাবে আক্ৰমণাত্মক হিন্দুসত্তা নিৰ্মাণৰ ৰাজনীতি আৰম্ভ হয়৷ সভাৰ ঘোষিত আন্দোলনৰ কৰ্মসূচীয়ে মুছলমানসকলৰ ধৰ্মীয় পৰম্পৰাকেই আক্ৰমণৰ লক্ষ্য কৰি লৈছিল৷ অৰ্থাৎ গো-ৰক্ষাৰ আন্দোলনে ঈদৰ সময়ত কোৰবানি প্ৰথাৰ বিৰোধিতা কৰি মুছলমানসকলৰ ধৰ্মীয় অনুভূতিত আঘাত হানিছিল৷ সেই সময়ছোৱাত কোৰবানি প্ৰথা যোত্ৰবান মুছলমান পৰিয়ালৰ মাজতহে আবদ্ধ আছিল আৰু মুছলমানসকলে গো-মাংস ভক্ষণ কৰিলেও পৰিমিত পৰিমাণেহে ভক্ষণ কৰিছিল৷ কিন্তু, হিন্দুত্ববাদীসকলৰ হিন্দুসত্তা নিৰ্মাণৰ ৰাজনীতিয়ে মুছলমানসকলকো মুছলমানসত্তা নিৰ্মাণৰ বাবে উৎসাহিত কৰিলে৷ সেই ঘটনাৰ পাছৰ পৰাই সাধাৰণ মুছলমান পৰিয়ালৰ মাজতো কোৰবানি প্ৰথা প্ৰচলিত হ'ল আৰু গো-ৰক্ষিণী সভাৰ উগ্ৰ সাম্প্ৰদায়িক প্ৰচাৰ তথা মুছলমান বিদ্বেষৰ প্ৰতিবাদতেই মুছলমানসকলে ব্যাপক হাৰত গো-মাংস ভক্ষণ কৰিবলৈ ধৰে৷
গো-ৰক্ষিণী সভাৰ গো-ৰক্ষাৰ আন্দোলন কেৱল মুছলমানসকলৰ বিৰুদ্ধে নাছিল, দলিতসকলৰ বিৰুদ্ধেও আছিল৷ দলিতসকলৰ চৰ্মকাৰ শ্ৰেণীৰ জীৱিকা গৰুৰ ছাল নিৰ্ভৰ আছিল বাবে গো-ৰক্ষিণী সভাৰ সদস্য আৰু হিন্দু সমাজৰ বৃহৎ অংশই দলিতসকলো গো-নিধনত জড়িত বুলি ভাবিছিল৷ মুছলসকলৰ বিৰুদ্ধে নিৰ্মাণ কৰা হিন্দুসত্তাই দলিতসকলৰো বিৰোধিতা কৰাৰ ফলত সেই হিন্দুসত্তা ব্ৰাহ্মণ্যবাদী হৈ পৰিছিল৷ অৱশ্যে, পৰৱৰ্তী সময়ত সেই হিন্দুসত্তাৰ ধাৰণাৰ কিছু পৰিৱৰ্তন হয় আৰু সম্পূৰ্ণভাৱে এক মুছলমান বিৰোধী হিন্দুসত্তা নিৰ্মাণৰ ক্ষেত্ৰত গো-ৰক্ষাৰ বিষয়টো ব্যৱহাৰ কৰা হয়৷ [S. Rawat, Ramnarayan; Reconsidering Untouchability : Chamars and Dalit History in North India, Indiana University Press, 2011]

১৯২১ চনত হিন্দু সমাজত গো-হত্যাৰ বিৰুদ্ধে পুনৰ বিক্ষোভৰ সৃষ্টি হয়৷ বোম্বাই কংগ্ৰেছ অধিৱেশনৰ পাছত মহাত্মা গান্ধী, মৌলানা মহম্মদ আলি, মৌলানা আজাদ চোভানী, ডঃ ৰাজেন্দ্ৰ প্ৰসাদ আদিয়ে বিহাৰৰ সাহাবাদ, গয়া, পাটনা আদি জিলা ভ্ৰমণ কৰি গো-নিধন নিয়ন্ত্ৰণৰ বাবে প্ৰচাৰ চলাইছিল৷ কংগ্ৰেছী নেতা সুৰেন্দ্ৰ নাথ বেনাৰ্জী, শৰৎ চন্দ্ৰ চট্টোপাধ্যায়, বাল গংগাধৰ তিলক, চৰ্দাৰ বল্লভ ভাই পেটেল আদিয়েও গো-নিধন সম্পৰ্কত গো-ৰক্ষিণী সভাৰ দৃষ্টিভংগীকে মানি লৈছিল৷ এনে কাৰণতেই কংগ্ৰেছ দলৰ মাজত হিন্দু-মুছলমান হিচাবে বিভাজনমুখী মানসিকতা গঢ়ি উঠিছিল৷ লক্ষ্যণীয় যে গো-নিধন সম্পৰ্কত মহাত্মা গান্ধীয়ে এক স্ববিৰোধী নীতি গ্ৰহণ কৰিছিল৷ হিন্দুসকলে তেওঁলোকৰ গোকেন্দ্ৰিক ধৰ্মীয় বিশ্বাসৰ গইনা লৈ অন্য ধৰ্মাৱলম্বীৰ খাদ্যাভ্যাসত হস্তক্ষেপ কৰা কাৰ্যৰ বিৰোধিতা কৰি গান্ধীয়ে কৈছিল যে ভাৰতত কেৱল হিন্দুসকলেই বাস নকৰেÊ, ইয়াত মুছলমান, খ্ৰীষ্টান, পাৰ্ছী আদি ধৰ্মৰ লোকো বসবাস কৰে৷ সেয়ে একাংশ হিন্দুৱে ভাৰতবৰ্ষ কেৱল হিন্দুসকলৰ দেশ বুলি ভবাটো ভ্ৰান্ত ধাৰণা৷

গান্ধীয়ে এই বুলিও কৈছিল– "Cow protection is an article of faith in Hinduism. Apart from its religious sanctity, it is an ennobling creed. But we, Hindus, have today little regard for the cow and her progeny. In no country in the world are cattle so ill-fed and ill-kept as in India. In beef-eating England it would be difficult to find cattle with bones sticking out of their flesh. Most of our pinjrapoles1 are ill-managed and ill-kept. Instead of being a real blessing to the animal world, they are perhaps simply receiving-depots for dying animals. We say nothing to the English in India for whose sake hundreds of cows are slaughtered daily. Our rajas do not hesitate to provide beef for their English guests. Our protection of the cow, therefore, extends to rescuing her from Mussulman hands. This reverse method of cow protection has led to endless feuds and bad blood between Hindus and Mussulmans. It has probably caused greater slaughter of cows than otherwise would have been the case if we had begun the propaganda in the right order." (The collected works of Mahatma Gandhi, Publications Division Ministry of Information and Broadcasting Governent of India, 1994)

আকৌ  ‘... no one can call himself a Hindu and partake of beef. Sacredness of the cow and her worship are an integral part of Hinduism. (All are Equal in the Eyes of God: Selections from Mahatma Gandhi, Publications Division, Ministry of Information and Broadcasting, Government of India, 1964)

মহাত্মা গান্ধীৰ এনে মন্তব্যসমূহৰ পৰা এয়া স্পষ্ট হয় যে গো-নিধন সন্দৰ্ভত তেওঁৰ স্থিতি গো-ৰক্ষিণী সভাৰ প্ৰতিষ্ঠাপক দয়ানন্দ সৰস্বতীৰ দৰেই স্ব-বিৰোধী আছিল৷ গো-ৰক্ষিণী সভাৰ প্ৰতিষ্ঠাৰ পূৰ্বেই তেওঁ ১৮৭৪ চনত এটি প্ৰবন্ধ লিখি প্ৰাচীন ভাৰতত হিন্দুসকলে গো-মাংস ভক্ষণ কৰাৰ প্ৰসংগ উল্লেখ কৰি সেই প্ৰাচীন খাদ্যাভ্যাসক সমৰ্থনো কৰিছিল৷  [An English translation of the Satyarth Prakash: literally, Expose of right sense (of Vedic religion) of Maharshi Swami Dayanand Saraswati, 'The Luther of India,' being a guide to Vedic hermeneutics, University of Toronto Libraries , 1908)

স্মৰণীয় যে গৰুক এবিধ ৰাজনৈতিক প্ৰাণীলৈ পৰিণত কৰাৰ ক্ষেত্ৰত ব্ৰিটিছৰ ‘ডিভাইড এণ্ড ৰুল' নীতিৰো ভূমিকা আছে৷ চিপাহী বিদ্ৰোহৰ সময়ত একাংশ স্বাধীনতাকামী নেতাই প্ৰচাৰ চলাইছিল যে ব্ৰিটিছে চিপাহীসকলক ব্যৱহাৰ কৰিবলৈ দিয়া এনফিল্ড ৰাইফলৰ কাৰ্টিজবোৰৰ আৱৰণত গৰু আৰু গাহৰিৰ চৰ্বি আছে৷ কাৰ্টিজবোৰ ব্যৱহাৰ কৰোতে আৱৰণবোৰ দাঁতেৰে কামুৰি আঁতৰাই ল'ব লগা হৈছিল বাবে হিন্দু আৰু মুছলমান উভয় ধৰ্মৰ চিপাহীসকল বিতুষ্ট হৈ পৰিছিল৷ তেওঁলোকে ঐক্যবদ্ধভাৱে ব্ৰিটিছ প্ৰশাসনৰ বিৰুদ্ধে থিয় দি চিপাহী বিদ্ৰোহক এক মহাবিদ্ৰোহলৈ ৰূপান্তৰিত কৰাত ব্ৰিটিছ প্ৰশাসনে উপলব্ধি কৰিলে যে গো-মাংসক লৈ ভাৰতৰ হিন্দুসকল খুবেই স্পৰ্শকাতৰ৷ চতুৰ ব্ৰিটিছসকলে তাৰেই সুযোগ লৈ হিন্দু-মুছলমানৰ মাজত বিভাজনৰ বীজ সিঁচিবলৈ তৎপৰ হৈ উঠিল৷ ব্ৰিটিছ প্ৰশাসনে গৰুক অতি পৱিত্ৰ জন্তু বুলি প্ৰচাৰ চলাই ইয়াক হত্যা কৰাটো দণ্ডনীয় অপৰাধ বুলি ঘোষণা কৰিলে৷ ইপিনে, ব্ৰিটিছ প্ৰশাসনৰ বহতীয়া এলাহবাদ উচ্চ ন্যায়ালয়ে প্ৰশাসনৰ ঘোষণাক খাৰিজ কৰি মুছলমানসকলক গো-নিধনৰ বাবে দায়ী কৰিব নোৱাৰিব বুলি ৰায়দান কৰে৷ সেই ৰায়দানে গো-মাংসক লৈ হিন্দু আৰু মুছলমানৰ মাজত বিদ্বেষভাৱ তীব্ৰতৰ কৰি তোলে আৰু অতি কম সময়ৰ ভিতৰত উভয় পক্ষৰ মাজত সাম্প্ৰদায়িক সংষৰ্ষৰ সৃষ্টি হয়৷ ব্ৰিটিছ শাসিত ভাৰতৰ বিভিন্ন ঠাইত ৪৫ টা সাম্প্ৰদায়িক সংঘৰ্ষ হোৱাৰ বিপৰীতে প্ৰায় ১০৭ জনৰ মৃত্যু হয়৷

সি যি নহওক, স্বাধীনতা প্ৰাপ্তিৰ পাছতো ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰখনক গো-নিধন প্ৰসংগই উত্তাল কৰি ৰাখিছিল৷ ভাৰতীয় সংবিধান প্ৰণয়নৰ সময়ত, বিশেষকৈ ১৯৪৯-৫০ চনত গো-নিধন নিষিদ্ধকৰণৰ প্ৰসংগত ৰাজনীতিকসকলৰ মাজত তীব্ৰ বাদানুবাদৰ সৃষ্টি হৈছিল৷ এই বিষয়টোক লৈ সংবিধানী সভাৰ অধিৱেশনত সভাৰ ৰক্ষণশীল সদস্যসকলে জৱাহৰলাল নেহৰুৰ সৈতে দীঘলীয়া বিতৰ্কত লিপ্ত হৈছিল৷ শেষত এই বিষয়টো সংবিধানৰ নিৰ্দেশমূলক নীতিৰ অন্তৰ্ভুক্ত কৰা হয়৷ ইয়াৰ সুযোগ লৈয়ে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই গো-নিধন নিষিদ্ধকৰণৰ বাবে ১৯৫২ আৰু ১৯৫৪ চনত প্ৰতিবাদী আন্দোলন গঢ়ি তোলাৰ চেষ্টা চলায়৷ সংঘৰ সেই আন্দোলনে ভাৰতবাসীৰ মাজত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিলেও সংঘৰ নেতৃত্বত হিন্দুত্ববাদী সংগঠনসকলে গো-নিধন প্ৰসংগটো ভাৰতীয় ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ কৰি তুলিবলৈ চেষ্টা অব্যাহত ৰাখে৷

গো-নিধন নিষিদ্ধকৰণৰ প্ৰসংগত কংগ্ৰেছ দলৰ একাংশ ৰক্ষণশীল নেতায়ো আৰ এছ এছৰ দৰেই কঠোৰ স্থিতি গ্ৰহণ কৰিছিল৷ এইক্ষেত্ৰত পৌনাৰৰ সন্ত আচাৰ্য বিনোৱা ভাৱৰ নাম পোনেই ল'ব লাগিব৷ বিনোৱা ভাৱে দীৰ্ঘ সময়ৰ বাবে গো-নিধন বিৰোধী আন্দোলনৰ সৈতে জড়িত আছিল৷ বিনোৱা ভাৱৰ সৈতে কংগ্ৰেছ নেত্ৰী ইন্দিৰা গান্ধীৰ ঘনিষ্ঠতা আছিল বাবেই ১৯৬৭ চনৰ ২৯ নৱেম্বৰত গান্ধীৰ পৌৰোহিত্যত অনুষ্ঠিত কংগ্ৰেছ দলৰ কাৰ্যনিৰ্বাহক সভাই সমগ্ৰ দেশ জুৰি গো-নিধন নিষিদ্ধ কৰাৰ সপক্ষে মত প্ৰকাশ কৰিছিল৷ উল্লেখ্য যে সত্তৰ দশকৰ প্ৰথম ভাগত বিনোৱা ভাৱে ভূ-দান আন্দোলনৰ নেতৃত্ব লৈছিল৷ কিন্তু, সেই আন্দোলন ব্যৰ্থ হোৱাত নিজৰ ৰাজনৈতিক প্ৰভাৱ অক্ষুণ্ণ ৰখাৰ স্বাৰ্থতে তেওঁ গো-নিধন আৰু গো-মাংস ভক্ষণ নিষিদ্ধকৰণৰ বাবে আইন প্ৰণয়নৰ দাবীত আন্দোলন চলাই নিছিল৷ তেওঁৰ আন্দোলনৰ প্ৰতি হিন্দুত্ববাদী সংগঠনসমূহে পূৰ্ণ সমৰ্থন আগবঢ়োৱাত ১৯৭৮ চনত জনতা চৰকাৰৰ দিনত তেওঁৰ গো-নিধন বিৰোধী অৱস্থানে এক জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছিল৷ চৰকাৰে দেশজুৰি গো-নিধন বন্ধ নকৰিলে তেওঁ আমৃত্যু অনশন কৰি যাব বুলি ঘোষণা কৰাত চৰকাৰ চৰম অস্বস্তিত পৰিছিল৷

সাংবিধানিকভাৱে ধৰ্ম নিৰপেক্ষ দেশ ভাৰতবৰ্ষত গো-নিধন সম্পৰ্কীয় নিয়ন্ত্ৰণ আৰু নিষেধাজ্ঞাও নথকা নহয়৷ ১৯৫০ চনত জাৰি কৰা প্ৰাণী নিয়ন্ত্ৰণ আইন মতে গো-নিধন কৰিব বিচাৰিলে কচাইখানাতহে কৰিব পাৰিব, অন্য মুকলি ঠাইত নহয়৷ উচ্চতম ন্যায়ালয়ৰ এক ৰায়ত কোৱা হৈছিল যে মুছলমান ধৰ্মত গো-নিধন বাধ্যতামূলক নহয় বাবে গো-নিধনৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ মানি চলা উচিত৷ মুছলমানসকলে এই নিয়ন্ত্ৰণ নীতি মানি চলি আহিছে যদিও কেতিয়াবা নিয়ন্ত্ৰণ হেৰুৱাই পেলালেই সাম্প্ৰদায়িক ৰাজনীতিৰ পৃষ্ঠপোষকতাত হিন্দু ধৰ্মাৱলম্বীসকলৰ সৈতে সংঘাতৰ সৃষ্টি হয়৷

লক্ষ্যণীয় যে উগ্ৰ হিন্দুত্ববাদীসকলে অৰ্থনৈতিক কাৰণ দেখুৱাই গো-হত্যা নিষিদ্ধ কৰিব বিচাৰিলেও ইয়াৰ আঁৰত ধৰ্মীয় কাৰণসমূহে বেছি প্ৰাধান্য লাভ কৰে৷ সংঘ পৰিবাৰৰ দৰে সংগঠনে অহৰহ প্ৰচাৰ চলাই আহিছে যে হিন্দুসকলৰ বাবে গৰু দেৱতাস্বৰূপ বা মাতৃৰূপিনী, মাতৃক হত্যা কৰা মহাপাপ৷ ক'বলৈ গ'লে, স্বাধীনতাৰ পূৰ্বৰ পৰাই ‘ভাৰত মাতা' সত্তা নিৰ্মাণৰ সমান্তৰালকৈ ‘গো-মাতা'ৰ সত্তা নিৰ্মাণ কৰি গো-নিধন বন্ধৰ সপক্ষে প্ৰচাৰ চলোৱা হৈছিল৷ [Gupta, Charu, The Icon of Mother in Late Colonial North India: ‘Bharat Mata’, ‘Matri Bhasha’ and ‘Gau Mata’, Economic and Political Weekly, 24 November, 2001)

হিন্দুত্ববাদীসকলে তেওঁলোকৰ ধৰ্মত গৰুক লৈ প্ৰচলিত কিছুমান কঠোৰ নীতি-নিয়ম ধৰ্ম নিৰপেক্ষ দেশখনৰ অন্যান্য ধৰ্মাৱলম্বী লোকৰ ওপৰতো জোৰ-জুলুমভাৱে জাপি দিব বিচাৰে বাবেই এই বিষয়টোক কেন্দ্ৰ কৰি ভাৰতত বহুবাৰ সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত হৈছে৷ আচলতে, গো-ৰক্ষিণী সভাৰ প্ৰতিষ্ঠাৰ প্ৰায় ডেৰশ বছৰৰ পাছতো গো-কেন্দ্ৰিক হিন্দুত্ববাদী ৰাজনীতিৰ মূলগত পৰিৱৰ্তন হোৱা নাই৷  শেহতীয়াভাৱে বিজেপি চৰকাৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত এনে সাম্প্ৰদায়িক ৰাজনীতিয়ে এক নতুন গতিহে লৈছে৷ সৌ সিদিনা ঘৰত গো-মাংস ৰখাৰ অপৰাধতে দাদৰিৰ এজন মুছলমান ব্যক্তি গণ প্ৰহাৰত নিহত হ'বলগীয়া হ'ল৷ তাৰ পাছতো গো-মাংস ভক্ষণ বা ঘৰত গো-মাংস ৰখাৰ অপৰাধত বহু ব্যক্তিক শাৰীৰিক-মানসিকভাৱে নিৰ্যাতন চলাই থকা হৈছে৷ এই ঘটনাবোৰৰ সৈতে ‘গো-ৰক্ষা সমিতি'ৰ কৰ্মী জড়িত থকাৰ অভিযোগ উঠিছে৷

অসমৰ অন্যতম বৃহৎ জনগোষ্ঠী আহোমসকলেও হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ পূৰ্বলৈকে গো-মাংস ভক্ষণ কৰিছিল৷ গদাধৰ সিংহই প্ৰতি সাঁজ আহাৰত গৰু পোৱালি এটা পুৰি খাইছিল বুলি বুৰঞ্জীত উল্লেখ আছে৷ শেহতীয়াকৈ বহু আহোম লোকেই ফুৰালুং ধৰ্ম গ্ৰহণ কৰাত তেওঁলোকৰ মাজত গো-মাংস ভক্ষণৰ অভ্যাস পুনৰ প্ৰচলিত হৈছে৷  এইখিনিতে প্ৰশ্ন হয়, আহোম জনগোষ্ঠীয়ে যুগ যুগ ধৰি হিন্দু ধৰ্মৰ আচাৰ-নীতি পালন কৰি অহাৰ পাছত শেহতীয়াকৈ স্বধৰ্মলৈ প্ৰত্যাৱৰ্তন কৰিব বিচাৰিছে কিয়? এই প্ৰশ্নৰ উত্তৰ দিয়াৰ পূৰ্বে, আহোম জনগোষ্ঠীৰ এজন যুৱক হিচাপে আমি কেনেধৰণৰ হিন্দু আছিলো, সেই বিষয়ে অলপ ব্যাখা আগবঢ়াব লাগিব৷

শিৱসিংহৰ ৰাজত্বৰ সময়ৰ পৰাই আহোম জনগোষ্ঠীয়ে স্বধৰ্ম ত্যাগ কৰি হিন্দুধৰ্ম গ্ৰহণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু মহন-দেওধাই-বাইলুং পৰিয়ালকেইটাৰ বাদে কালক্ৰমত সকলো আহোম পৰিয়ালেই হিন্দুধৰ্ম গ্ৰহণ কৰিছিল৷ হিন্দু ধৰ্ম গ্ৰহণ কৰিলেও আহোম জনগোষ্ঠীয়ে পূৰ্বৰ কেতবোৰ ধৰ্মীয় পৰম্পৰা ত্যাগ কৰা নাছিল বা সনাতন হিন্দু ধৰ্মৰ বহু পৰম্পৰাই গ্ৰহণ কৰা নাছিল৷ আমি সৰুৰে পৰা চুকত দিয়া, আয়ুস তোলা আদি আচাৰ-অনুষ্ঠান দেখি আহিছিলো৷ বৰ্তমান আড়ম্বৰ উৎসৱৰূপে পালিত মে-ডাম-মে-ফিৰ ক্ষুদ্ৰ আৰু ঘৰুৱা সংস্কৰণ আছিল মৃতকৰ সকাম৷ এই অনুষ্ঠানটো নিশাৰ ভাগত, আনে নজনাকৈ ঘৰৰ এচুকত সম্পন্ন কৰা হৈছিল বাবে ইয়াক চুকত দিয়া প্ৰথা বুলিও কোৱা হৈছিল৷ বুঢ়া-মেথাসকলে কৈছিল যে বিভিন্ন পূজা-পাতল কৰিলেও পৰিয়াল-পৰিজনৰ মংগল নহ'ব পাৰে, যেতিয়ালৈকে মৃতক অৰ্থাৎ উপৰি পুৰুষক ‘সন্তুষ্ট' কৰা নহয়৷ আমাৰ আইতাহঁতে গোপিনী সবাহ, নামলোৱা-চাউলখোৱা আদি ধৰ্মীয় আচাৰ-অনুষ্ঠান পৰম নিষ্ঠাৰে পালন কৰিলেও দুৰ্গাপূজা, লক্ষীপূজা আদিৰ প্ৰতি বিশেষ আগ্ৰহ দেখুওৱা নাছিল৷ সত্য নাৰায়ণ পূজা নামৰ অনুষ্ঠানটোৰ কথা আমি কিতাপতহে পঢিছিলো৷

হিন্দু ধৰ্মৰ এই সৰলীকৃত ৰূপটো অসমৰ আহোম, মৰাণ, মটক, মিচিং আদি জনগোষ্ঠীবোৰে প্ৰশ্নহীনভাৱে গ্ৰহণ কৰি আহিছে৷ কিন্তু, শেহতীয়াকৈ এই জনগোষ্ঠীসমূহৰ ওপৰত উত্তৰ ভাৰতৰ সংস্কৃতি জাপি দিব বিচাৰিলে হিন্দু ধৰ্মৰেই বেছি ক্ষতি হোৱাৰ সম্ভাৱনা আছে৷ হিন্দুধৰ্ম গ্ৰহণ কৰাৰ পাছৰ পৰাই যে আহোম জনগোষ্ঠীৰ সামাজিক মান অৱনমিত হ'ল, সেই কথা জনগোষ্ঠীটোৰ নতুন প্ৰজন্মই উপলব্ধি কৰিছে বাবেই ধাৰ্মিকসকলে স্বধৰ্মলৈ প্ৰত্যাৱৰ্তন কৰিব বিচাৰিছে৷ উত্তৰ ভাৰতীয় সংস্কৃতিৰ আগ্ৰাসনত শংকিত হৈ অসমৰ অন্যান্য জনগোষ্ঠীসমূহেও স্বধৰ্মলৈ প্ৰত্যাৱৰ্তন কৰিব বিচাৰিলে, আচৰিত হ'বলগীয়া একো নাই৷

 শেষত ডঃ ভূপেন হাজৰিকাৰ এটি গীতৰ কলি ইফাল-সিফাল কৰিয়েই ক'ব বিচাৰো–

জীয়াই থাকিম– জীয়াই থাকি

এখন সমাজ গঢ়িবৰ মন আছে

য'ত গৰুতকৈ মানুহৰ দাম

অলপ হ'লেও, অলপ হ'লেও বেছি আছে৷'

 

Share Button
Print Friendly, PDF & Email

No Comments : "গৰুৰ বিষয়ে এখন ৰচনা (টুনুজ্যোতি গগৈ)"

Leave a Comment

Your email address will not be published. Required fields are marked *