অতিথি শিতানৰ সম্পাদকৰ একলম : তৃতীয় সংখ্যা

মানৱ সভ্যতাৰ বিৱৰ্তনৰ লগে লগে সফলতম সৃষ্টিকৰ্ম সংঘটিত হোৱা অধ্যায়টোৱেই হৈছে সংগীত। কথা, সুৰ, বাদ্য, নৃত্য সমন্বিতে অনেক উপাদানেৰে মহিমামণ্ডিত এই সংগীত নামৰ কলাবিধ। সভ্যতাৰ সৌধ নিৰ্মাণত জড়িত বিভিন্ন কৰ্মৰাজিৰ সৈতে সংগতি ৰাখি সংগীত কলাই ব্যাপক পৰিসৰত মানৱজাতিৰ সৈতে প্ৰতিনিয়ত এক আন্তৰিক, আবেগিক সম্পৰ্ক স্থাপন কৰি আহিছে যি স্থানভেদে ভিন্নৰূপত অতীতৰপৰা বৰ্তমানলৈ প্ৰৱাহিত হৈ আহিছে আৰু ভৱিষ্যতলৈও থাকিব। শ্ৰমজীৱী জনজীৱনৰ বিভিন্ন সংস্কৃতিত যি সংগীতে একাধিক শতিকাজুৰি এক বিশেষ ভূমিকা গ্ৰহণ কৰে সেই সকলোবোৰকেই আমি লোকসংগীত বুলিব পাৰো। এখন সমাজত একে ৰীতি-নীতি আৰু পাৰস্পৰিক সৌহাৰ্দ্যৰে বসবাস কৰা এজাক মানুহৰ সুখ-দুখ, আবেগৰ সুৰীয়া লয়যুক্ত মুখনিঃসৃত তথা বাদ্যনিৰ্গত শব্দধ্বনি আৰু বিশেষ আচৰণ, অংগীভংগীযুক্ত প্ৰকাশভংগীয়ে লোকসংগীতৰ সংজ্ঞা প্ৰদান কৰে।

লোকসংগীতৰ আটাইতকৈ অনুপম আৰু মন কৰিবলগীয়া বৈশিষ্ট্য হ'ল ইয়াৰ স্ৰষ্টাৰ নিৰ্দিষ্টকৈ কোনো নাম নাথাকে। মানুহৰ মুখে মুখে শতিকাজুৰি বাগৰি পৰিৱৰ্তিত সময়ৰ সৈতে ভিন্নৰূপ পৰিগ্ৰহ কৰি লোকসংগীতৰ যাত্ৰা অব্যাহত হৈ ৰয়। কিন্তু ইয়াৰ মূল কাঠামোটো অপৰিৱৰ্তিত হৈ ৰয়। সেই সংগীতৰ মূল চৰিত্ৰ প্ৰথমজন স্ৰষ্টাৰ মতেহে নিৰূপিত হৈ ৰয়। ক’ৰবাত দুই-এজন স্ৰষ্টাৰ নাম আহিলেও সেইসকল স্ৰষ্টা কিম্বদন্তীসদৃশহে। চিত্ৰ, ভাস্কৰ্য আদি শিল্পকৰ্মৰ দৰে লোকসংগীতৰ যোগেদিও পৃথিৱীৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ ইতিহাস, ৰীতি-নীতি, আচাৰ, সংস্কৃতিৰ উমান পাব পাৰি।

ভাৰতীয় উপমহাদেশৰ পূৰ্বত অৱস্থিত অসম নামৰ ভূখন্ডত স্থাপিত আৰু প্ৰতিপালিত অসমীয়া নামেৰে সাংস্কৃতিক আৰু ৰাজনৈতিকভাৱে একত্ৰিত জনগোষ্ঠীটোৰ হাজাৰ বছৰীয়া ইতিহাসৰ স’তেও জড়িত হৈ আছে বিভিন্ন ৰং-ৰূপ-আবেগেৰে সমৃদ্ধ লোকসংগীত। এই লোকসংগীতৰ হাজাৰ বছৰীয়া পৰিক্ৰমাৰ ফলতেই অসমীয়া নামৰ জাতি এটা এই অসমভূমিত মিলা-প্ৰীতিৰে বসবাস কৰি থন ধৰি আজিৰ পৰ্যায় পাইছেহি। বিভিন্ন সামাজিক, ৰাজনৈতিক ঘাত-প্ৰতিঘাত সহ্য কৰি অসমীয়া লোকসংগীতে এতিয়াও অসমৰ জনজীৱনত বিশেষ প্ৰভাৱ বিস্তাৰ কৰি আহিছে।

অসমৰ লোকসংগীতৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে ইতিমধ্যে সাহিত্যৰ অগ্ৰণী লিখকসকলে বিভিন্ন গৱেষণাপত্ৰ, লিখনি, আলোচনা, প্ৰবন্ধ-পাতিৰ মাজেৰে লিখি থৈ গৈছে। পুনৰায় দোহৰাৰ প্ৰয়োজন নাই যদিও সংক্ষেপে বৈশিষ্ট্য অনুযায়ী অসমীয়া লোকসংগীতৰ বিভিন্ন ভাগবোৰৰ এটি সম্যক ধাৰণা উপস্থাপনৰ প্ৰয়াস কৰিছোঁ।

অসমৰ লোকসংগীতক মুখ্যতঃ আমি তিনিটা বিভাগত ৰাখিব পাৰো।

ক) উৎসৱৰ গীত বা আনুষ্ঠানিক গীত

খ) মালিতা বা আখ্যান গীত

গ) অনানুষ্ঠানিক ভিন্ন গীত

ধৰ্মীয় অনুষ্ঠানবোৰৰ লগত সংগতি ৰাখি বিভিন্নধৰণৰ লোকসংগীতে অসমৰ সমাজজীৱনত বিশেষ প্ৰভাৱ বিস্তাৰ কৰি আহিছে। আইনাম, দিহানাম, মনসা পূজা, লক্ষ্মী আদৰা, শীতলা আইৰ নাম ইত্যাদি বিভিন্ন পৌৰাণিক কল্পকাহিনী জড়িত, ঈশ্বৰৰ উপাসনাৰ নিমিত্তে সৃষ্ট অসমৰ লোকসংগীত। কৃষিভিত্তিক উৎসৱ বিহু উপলক্ষে গোৱা হুঁচৰি, বিহুনামবোৰেই বোধহয় অধিক জনসমাদৃত লোকসংগীত আজিৰ সময়ত।

ধৰ্মীয় আৰু পুৰাণ কথাৰ ওপৰত আধাৰিত, জনশ্ৰুতিমূলক আৰু কাল্পনিক কাহিনী আধাৰিত গীতসমূহক মালিতা বা আখ্যানমূলক গীত হিচাপে চিনাক্ত কৰিব পাৰি। অসমৰ লোকসংগীত মালিতাৰ প্ৰাচুৰ্যৰে বিনন্দীয়া। এনে গীতবোৰ এসময়ত গোৱা হৈছিল যদিও বৰ্তমান সময়ত ই পাহৰণিৰ গৰ্ভলৈ গৈ থকা পৰিলক্ষিত হৈছে। মূলাগাভৰুৰ গীত, জনাগাভৰুৰ গীত, ফুলকোঁৱৰৰ গীত, মণিৰাম দেৱানৰ গীত, পিয়লি ফুকনৰ গীত, নাহৰৰ গীত, কমলা কুৱঁৰীৰ গীত আদিকে কৰি অনেক মালিতাৰে অসমীয়া লোকসংগীতৰ ভঁৰাল চহকী হৈছে। অসমীয়া ভাষাত মালিতাৰ তালিকাখন যথেষ্ট দীঘলীয়া। দুখৰ বিষয়, সংগীত শিল্পীসকলৰ অমনোযোগিতা আৰু অনভ্যাসৰ বাবে বহুতো মালিতা বৰ্তমান বিস্মৃতিৰ গৰ্ভত বিলীন হৈ গৈছে। মালিতাবোৰৰ গীতিসাহিত্য যথেষ্ট উচ্চ মানৰ। বৰ্তমান প্ৰজন্মৰ সংগীত শিল্পীসকলে আধুনিক গীতৰ বাবে দিয়া সময়ৰ এক-দশমাংশ সময়ো যদি মালিতাৰ চৰ্চাত দিয়ে তেনেহ’লে ইয়াৰ কথা-সুৰ সংৰক্ষিত হোৱাৰ সম্ভাৱনা থাকে।

অনানুষ্ঠানিক গীতৰ ভাগত কামৰূপী, গোৱালপৰীয়া লোকগীত, দেহবিচাৰৰ গীত আটাইতকৈ জনপ্ৰিয় লোকসংগীত। এই গীতবোৰত মানৱী জীৱনৰ আধ্যাত্মিক, দাৰ্শনিক চিন্তাবোৰৰ বিশেষ প্ৰতিফলন দেখা পোৱা যায়। তদুপৰি নিচুকনি গীত, নাওখেলৰ গীত, হোলি গীত, ঝুমইৰ, কুশান গীত, ওজাপালিকে আদি কৰি বিভিন্নধৰণৰ লোকসংগীতে অসমীয়া সমাজৰ দৈনন্দিন জীৱনচৰ্যাত বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰে।

বিশ্বায়ন আৰু মুক্ত অৰ্থনীতিৰ ধামখুমীয়াত অসমৰ বাৰেৰহণীয়া, বৈচিত্ৰ্যময় লোকসংগীতসমূহৰ ইতিমধ্যেই বিকৃতকৰণ আৰম্ভ হৈছে। কিছুমান লোকসংগীত বিলুপ্তিৰ পথত। অসমৰ চহকী লোকসংগীতৰ পৰম্পৰা ৰক্ষা কৰাৰ বাবে সুধীসমাজ আৰু নৱ প্ৰজন্ম আগ্ৰহী হোৱাটো নিতান্তই প্ৰয়োজনীয়। বিশেষকৈ লোকসংগীত চৰ্চা কৰা লোকশিল্পীসকলৰ আৰ্থিক দৈন্যই লোকসংগীতৰ জয়যাত্ৰাত বাধাৰ সৃষ্টি কৰিছে। চৰকাৰীভাৱেও কৰণীয়খিনি কৰা হোৱা নাই। লোকসংগীতৰ প্ৰচাৰ, প্ৰসাৰৰ নামত সৃষ্ট এন জি অ’বোৰেও মনোযোগ দিয়া পৰিলক্ষিত নহয়। বিশ্বপটত অসমীয়া জাতিৰ চিনাকী তথা বৈশিষ্ট্য অটুট ৰখাত অন্যতম মুখ্য ভূমিকা গ্ৰহণ কৰা অসমীয়া লোকসংগীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আমি সমূহ অসমবাসী সজাগ হোৱাৰ সময় আহি পৰিছে।

অভিজিৎ বৰ্মণ

Share Button
Print Friendly, PDF & Email

No Comments : "অতিথি শিতানৰ সম্পাদকৰ একলম : তৃতীয় সংখ্যা"

Leave a Comment

Your email address will not be published. Required fields are marked *