অতিথি সম্পাদকৰ চ'ৰাচতুৰ্থ সংখ্যা (প্ৰথম বছৰ)

অতিথি শিতানৰ সম্পাদকৰ একলম : চতুৰ্থ সংখ্যা

গংগা মোৰ মা পদ্দাও মোৰ মা

ৰাজনৈতিক সীমাৰ শক্তি কিমান? শাসনৰ সুবিধাৰ বাবে মাটিৰ ওপৰেৰে কল্পনা কৰি লোৱা “সীমা” বোলা একো একোডাল ৰেখা মানুহৰ আৱেগ-অনুভূতি আৰু প্ৰয়োজনবোৰৰ স্বৰূপ নিৰ্ধাৰণ কৰিব পৰাকৈ শক্তিশালী হয় নে?

সীমাৰ এইপাৰৰ “আমাৰ মানুহখিনি”ৰ আৰু সীমাৰ সিপাৰৰ “সিহঁতৰ মানুহখিনি”ৰ নোপোৱাৰ হা-হুতাশখিনিৰ পাৰ্থক্য জানো আছে?

…ভূপেন হাজৰিকাৰ গীতসমূহত এইধৰণৰ চিন্তাৰ পূৰঠ প্ৰতিফলন প্ৰায়েই দেখা যায়। দেশ বা জাতি-ধৰ্মৰ ঊৰ্ধ্বত মানৱতাৰ সুৰৰ ধ্বনি ভূপেন হাজৰিকাৰ প্ৰায়বোৰ গানৰ এক গুৰুত্বপূৰ্ণ উপাদান।

একে আকাশ একে বতাহ

দুই কলিজাত একে উশাহ

…..

একে প্ৰেম একে আশা

কান্দোন হাঁহিৰ একে ভাষা

সুখ দুখৰ বুকুৰ মাজত

একে যন্ত্ৰণা

বিষ্ণু ৰাভাৰ পৰা সাম্যবাদী চিন্তা আৰু জ্যোতিপ্ৰসাদৰ পৰা গান্ধীবাদী দৰ্শন সৰুতেই হৃদয়ংগম কৰা ভূপেন হাজৰিকাই এই দুই চিন্তাক সজাই-পৰাই নিজৰ জীৱনৰ বাবে এটি আদৰ্শ স্পষ্ট কৰি লৈছিল; আৰু সেই আদৰ্শ হ’ল –“বিশ্বমানৱতা”।

গোটেই বিশ্বৰ নিষ্পেষিত জনতাক মানৱতাৰ এনাজৰীৰে বান্ধি সাম্যৰ পিনে একেলগে আগুৱাই নিব বিচৰা এই বিশ্বমানৱতাৰ ধাৰণাটোত স্থান নাই কোনো দেশ, জাতি, ধৰ্ম বা বৰ্ণৰ ভেদাভেদ; স্থান আছে কেৱল সমগ্ৰ নিষ্পেষিত জনতাই একেলগ হৈ নিজৰ প্ৰাপ্যৰ বাবে শোষকহঁতৰ বিৰুদ্ধে কৰা বিপ্লৱৰ।
নোপোৱাৰ বেদনা নাই ক’ত? সাধাৰণ দুৰ্বল শ্ৰেণী শোষণত পিষ্ট হোৱা নাই ক’ত? গোটেই পৃথিৱীতেই একেই ছবি –

ম‍ই দেখিছোঁ অনেক গগণচুম্বী অট্টালিকাৰ শাৰী

তাৰ ছায়াতেই দেখিছোঁ কতনা গৃহহীন নৰ নাৰী

ম‍ই দেখিছোঁ কিছু ঘৰৰ সমুখ বাগিছাৰে আছে ভৰি

আৰু দেখিছোঁ মৰহা ফুলৰ পাপৰি অকালতে পৰা সৰি

(গীত : ‘ম‍ই এটি যাযাবৰ’, ৰচনাকাল ১৯৬৮)

 

সকলো মানুহৰে একেই হুমুনিয়াহ, নোপোৱাৰ বেদনাখিনিও একেই; পিছে সেইখিনি মানুহ – অৰ্থাৎ আমি দেশ, জাতি বা ধৰ্মৰ পৰিচয়ক লৈ নিজৰ মাজতে সংঘাত সৃষ্টি কৰিহে মৰিছোঁ। ফলস্বৰূপে আমাৰ হুমুনিয়াহবোৰ হুমুনিয়াহ হৈয়েই থাকি গৈছে।

পিছে, বিশ্বমানৱতা বা বিশ্ববীক্ষাই নিজৰ গীতসমূহৰ মূল দৰ্শন বুলি স্পষ্টকৈ ঘোষণা কৰা ভূপেন হাজৰিকাৰপৰাই আমি শুনো –

“বিশ্বপ্ৰেম বিনন্দীয়া বুলি অনুভৱ কৰা প্ৰতিজন অসমীয়া

তুমিওতো জানা এটি কথা

আপোন মাতৃৰ অশ্ৰূ নমচিলে বিশ্বপ্ৰেম হ’ব বৃথা

তুমি বিশ্বৰ শৰীৰত পংগু অংগ হ’লে

বিশ্ব‍ই জানো ভাল পাব?

পৃথিৱীত জনমি সচেতন নহ’লে

প্ৰাপ্যও থিতাতে হেৰাব” – এয়াওতো সঁচা কথা।

বিশ্বখনক নিজৰ বুলি ভাবি নিজকেই যদি পাহৰোঁ তেনেহ’লে সেই বিশ্বপ্ৰেমে আমাক গোলকীয়কৰণৰ ভটিয়নী সোঁততেই উটুৱাই নিব। সেই সোঁতত উটি যোৱা জনসমষ্টিয়ে কিদৰে বিশ্বৰ শত-সহস্ৰ নিষ্পেষিত জনতাৰ চকুৰ পানীৰ ভাষা বুজি পাব?

ইফালে জাতীয়তাবাদৰ নামত এটা জাতিৰ লগত আন এটা জাতিৰ খৰিয়াল আমাৰ, বিশেষকৈ অসমীয়া মানুহৰ বাবে তেনেই চিনাকি। ভাষা আন্দোলন, অসম আন্দোলন আদিৰ বীভত্‍স ঘটনাৰাজি এতিয়াও বেছি দিনৰ পুৰণি নহয়। নিজৰ জাতিটোক ভাল পোৱাৰ নামতেই একেই যন্ত্ৰণা বুকুত কঢ়িয়াই ফুৰা সাধাৰণ মানুহে নিজৰ মাজতে কটা-মৰা কৰি কোনোপধ্যেই সেই সাম্যৰ সমাজখন ৰচনা কৰিব নোৱাৰে।

আকৌ মনত পৰে ভূপেন হাজৰিকাৰেই গীতৰ কলি –

“মোৰ আইক ভাল পাওঁ বুলিলে আনৰ আইক জানো ঘিণ কৰাটো বুজাব?”

এই কথা স্পষ্ট যে ভূপেন হাজৰিকাই যি বিশ্বপ্ৰেমৰ কথা কৈছিল, সেয়া পৃথিৱীৰ শক্তিশালী শ্ৰেণীটোৱে ঠিক কৰি দিয়া জীৱন দৰ্শনৰ সোঁতত উটি গৈ বিলাসিতাৰ গ্ৰাহক হোৱাৰ কথা নাছিল; বৰং সেই বিশ্বপ্ৰেম আছিল বিশ্বৰ লাখ-কোটি নিষ্পেষিত জনতাৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি হাতে হাত ধৰি সাম্যৰ পৃথিৱীখনৰ বাবে যুঁজ দিয়াৰ এক দৰ্শনহে।

পিছে বৰ্তমানে আন্তৰ্জাতিকতাবাদ মানে সেই সাম্যৰ পৃথিৱীৰ ৰূপৰেখা প্ৰস্তুত কৰা দৰ্শন হৈ থকা নাই, বৰঞ্চ ই হৈ পৰিছে শোষক শ্ৰেণীৰ এক হাতিয়াৰ। সেই শ্ৰেণীটোৱে ঠিক কৰি দিয়া জনবিচ্ছিন্ন সংস্কৃতিয়েই এতিয়া বিশ্ব-সংস্কৃতি, সেই শ্ৰেণীয়ে ৰচনা কৰা বজাৰখনৰ ভাল গ্ৰাহক হোৱাৰ হেতা-ওপৰা।

আনহাতে, জাতীয়তাবাদ মানে হৈ পৰিছে নিষ্পেষিত মানুহবিলাকে নিজৰ মাজতেই নিজে যুদ্ধ কৰি দুৰ্বল হৈ পৰাৰ এক পথ। ইয়াৰপৰা কোনটো শ্ৰেণীৰ লাভ হৈছে সেয়া স্পষ্ট।

 

ভূপেন হাজৰিকাক লৈ বিভিন্ন প্ৰক্ষেপণেৰে বিভিন্ন আলোচনা হৈছে। বেছিভাগ আলোচনাই তেখেতৰ গীতৰ ৰাজনৈতিক আদৰ্শৰ প্ৰসংগটো কৌশলেৰে এৰাই যোৱাও পৰিলক্ষিত হয়। আমাৰ ধাৰণা, এয়া একপ্ৰকাৰৰ সচেতন প্ৰয়াস।

গোলকীয় সাংস্কৃতিক আগ্ৰাসন আৰু জাতীয়তাবাদী খিয়লা-খিয়লিৰ এই পৰিস্থিতিত এই বিষয়বোৰৰ সম্পৰ্কে এক সুস্থ বিতৰ্ক তথা আলোচনাৰ পৰিবেশ অতি জৰুৰী হৈ পৰিছে।

সেয়ে এনে আলোচনাৰ পৰিবেশ সৃষ্টি কৰাৰ স্বাৰ্থতে এইবাৰৰ ‘মুক্ত চিন্তা’ ই-আলোচনীৰ এইবাৰৰ অতিথি চ’ৰাৰ বিষয়ৰূপে বাছি লোৱা হৈছে “ভূপেন হাজৰিকাৰ গীতত আন্তৰ্জাতিকতাবাদ আৰু জাতীয়তাবাদ”।

আশা কৰোঁ, ভূপেন হাজৰিকাৰ গীতৰ সেই দিশবোৰ – যিবোৰ মূলসুঁতিৰ সাংস্কৃতিক চৰ্চাত প্ৰায়ে এৰাই যোৱা হয় – সেইবোৰৰ ওপৰত পোহৰ পৰাৰ উপৰিও জাতীয়তাবাদ-বিশ্ববীক্ষা ইত্যাদি বিষয়বোৰৰ ওপৰত এক আলোচনাৰ পৰিবেশ ৰচনা হ’ব।

সেই আশাৰেই ‘মুক্ত চিন্তা’ ই-আলোচনীৰ অতিথি চ’ৰাটো ৰাইজৰ মাজলৈ আগ বঢ়ালোঁ।

গৌৰীশংকৰ ভূঞা

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *