অতিথি শিতানৰ সম্পাদকৰ একলম : দ্বিতীয় সংখ্যা

টুনুজ্যোতি গগৈ

মুক্তচিন্তাৰ পাঠকসমাজলৈ শাৰদীয় শুভ-ইচ্ছা জ্ঞাপন কৰিছোঁ। মুক্তচিন্তাৰ এই সংখ্যাৰ অতিথি চ'ৰাটো মহান ঐতিহাসিক পুৰুষ শ্ৰীমন্ত শংকৰদেৱ-সম্পৰ্কীয় কিছু ব্যতিক্ৰমী লেখাৰে সজাই-পৰাই তোলাৰ প্ৰয়াস কৰা হৈছিল। অৱশ্যে, এইক্ষেত্ৰত বিভিন্ন দিশৰপৰা আহি পৰা সীমাবদ্ধতাক আমি অকপটে স্বীকাৰ কৰিয়েই কওঁ : শংকৰদেৱক এগৰাকী অলৌকিক গুণসম্পন্ন দেৱতা বা মহান ধৰ্মীয় গুৰু হিচাপে চোৱাৰ পৰিৱৰ্তে নিৰপেক্ষ আৰু বস্তুনিষ্ঠ দৃষ্টিভংগীৰ আলোকত তেওঁক এগৰাকী ক্ষণজন্মা মানৱ চৰিত্ৰ হিচাপে বিচাৰ কৰাই আছিল আমাৰ মূল উদ্দেশ্য।

প্ৰকৃতাৰ্থত শংকৰদেৱৰ বিয়োগৰ পৰৱৰ্তী সময়ত ৰচিত চৰিত পুথিসমূহেই আছিল শংকৰদেৱ অধ্যয়নৰ প্ৰথম প্ৰচেষ্টা। কিন্তু, চৰিত পুথিসমূহত শংকৰদেৱক কেৱল ধৰ্মীয় দিশৰপৰা বিচাৰ কৰা হৈছিল বাবে তেওঁ সেই সময়ত এগৰাকী অলৌকিক গুণসম্পন্ন দেৱতা হিচাপেহে প্ৰতিষ্ঠিত হৈছিল। তৎকালীন অসমীয়া জনমানসতো শংকৰদেৱে ধৰ্মীয় গুৰু হিচাপেই সুদৃঢ় আসন অধিকাৰ কৰি আছিল। সেয়ে, কমলাকান্ত ভট্টাচাৰ্যই আক্ষেপ কৰিছিল এনেদৰে - শংকৰদেৱ দেখোঁ জীৱনৰ চৰিত্ৰ কেৱল ভকতৰ সীমা।'

28_TUNUJYOTI_GOGOI_editorialসি যি নহওক, ঊনবিংশ শতিকাৰ নৱজাগৰণৰ প্ৰভাৱত পাশ্চাত্য শিক্ষা-সংস্কৃতিৰ সংস্পৰ্শলৈ অহাৰ পিছত অসমীয়া সাহিত্যতো শংকৰদেৱক আধুনিক দৃষ্টিকোণৰপৰা মূল্যায়নৰ প্ৰয়াস আৰম্ভ হ'ল। এইক্ষেত্ৰত অৰুনোদই সংবাদ পত্ৰই এক অনুকূল পৰিৱেশৰ সূচনা কৰিলেও প্ৰকৃতাৰ্থত বেজবৰুৱাৰ বাঁহী আলোচনীতহে শংকৰদেৱক প্ৰকৃত ৰূপত প্ৰতিষ্ঠা কৰাৰ বাবে পৰীক্ষা-নিৰীক্ষা চলিল। বেজবৰুৱাই নিজেই শংকৰদেৱৰ দুখন জীৱনীমূলক গ্ৰন্থ ৰচনা কৰাৰ উপৰি এই সম্পৰ্কীয় বিশ্লেষণাত্মক অধ্যয়নৰ বাবেও পথ প্ৰশস্ত কৰিলে। বেজবৰুৱাৰ পৰৱৰ্তী সময়তো এই ধাৰা অব্যাহত থাকে আৰু সাহিত্যৰ বিভিন্ন প্ৰকাৰত ভিন্ন দৃষ্টিকোণৰপৰা মানৱ চৰিত্ৰ হিচাপে শংকৰদেৱ উপস্থাপিত হ'বলৈ ধৰে। ফলস্বৰূপে, সাম্প্ৰতিক সময়ত বিদ্যায়তনিক দিশৰপৰা শংকৰদেৱৰ বিশ্লেষণাত্মক অধ্যয়ন হোৱাৰ উপৰি শংকৰদেৱৰ জীৱনভিত্তিক উপন্যাসো ৰচিত হ'বলৈ ধৰে। চৈয়দ আব্দুল মালিকৰ ধন্য নৰ তনু ভাল, লক্ষ্মীনন্দন বৰাৰ যাকেৰি নাহিকে উপাম, নিৰুপমা মহন্তৰ সৰ্বগুণাকৰ হ'ল শংকৰদেৱৰ এনে জীৱনভিত্তিক উপন্যাস, য'ত ধৰ্মীয় গুৰুৰ পৰিধি অতিক্ৰমি শংকৰদেৱ এগৰাকী পূৰ্ণ মানৱ চৰিত্ৰ হিচাপে উদ্ভাসিত হৈ উঠিছে।

স্বীকাৰ্য যে শংকৰদেৱৰ ভক্তি আন্দোলন মধ্যযুগৰ এক ভাববাদী আন্দোলন। কিন্তু ধৰ্মীয় শোষণ আৰু নিপীড়নৰপৰা তৎকালীন অসমৰ জনগণক মুক্তি দিয়াৰ লগতে সামাজিক সমতা আনিবলৈ সক্ষম হোৱা বাবেই এই নৱ-বৈষ্ণৱ আন্দোলন পৰৱৰ্তী চিন্তানায়কসকলৰ চিন্তাৰ সমল হৈ পৰে। শংকৰদেৱৰ কেতবোৰ কৰ্ম-পদ্ধতিত বৈপ্লৱিক চিন্তাৰ আভাস পৰিস্ফুট হোৱা বাবে আধুনিক কালৰ প্ৰগতিশীল বৃদ্ধিজীৱীকো শংকৰদেৱৰ চিন্তা আৰু কৰ্মৰাজিয়ে স্বাভাৱিকতে আকৰ্ষণ কৰিবলৈ ধৰে। সেইসকলৰ ভিতৰত অনিল ৰায়চৌধুৰী, ড হীৰেন গোহাঁই, শিৱনাথ বৰ্মন আদি অন্যতম। প্ৰগতিশীল শিবিৰৰ নিৰপেক্ষ বিচাৰ-বিশ্লেষণত শংকৰদেৱৰ মানুহ হিচাপে থাকিব পৰা স্বাভাৱিক মানৱীয় দোষ-দুৰ্বলতাও পোহৰলৈ আহিছে আৰু সাম্প্ৰতিক প্ৰেক্ষাপটত তেওঁৰ ভাবাদৰ্শ বা জীৱনাদৰ্শৰ কেতবোৰ সীমাবদ্ধতাও আৱিষ্কৃত হৈছে।

নব্য প্ৰচাৰ মাধ্যমত শংকৰদেৱ চৰ্চাৰ দিশটোক এক গতিশীল মাত্ৰা প্ৰদানৰ অৰ্থে আমাৰ এয়া এক ক্ষুদ্ৰ প্ৰয়াস মাথোঁ। আশা কৰিছোঁ, মুক্তচিন্তাৰ পঢ়ুৱৈ সমাজে আমাৰ এই প্ৰয়াসক আদৰণি জনাব আৰু ইয়াৰ ধাৰাবাহিকতা অটুট ৰাখিব।

Share Button
Print Friendly, PDF & Email

No Comments : "অতিথি শিতানৰ সম্পাদকৰ একলম : দ্বিতীয় সংখ্যা"

Leave a Comment

Your email address will not be published. Required fields are marked *