প্ৰাত্যহিকতাৰ দেহবিচাৰ (অতিথি সম্পাদকৰ কলম: সমুদ্ৰ কাজল শইকীয়া)

1c

এইবাৰৰ মুক্ত চিন্তাৰ 'অতিথি সম্পাদকৰ শিতান'ৰ বিষয়বস্তু হিচাপে প্ৰস্তাৱ কৰিছিলোঁ 'দিন প্ৰতিদিনৰ ৰাজনীতি'। দিন-প্ৰতিদিন, প্ৰাত্যহিকতা, দৈনন্দিন আদি বিভিন্ন সমাৰ্থক শব্দ ব্যৱহাৰ কৰিলেও সমসাময়িক চিন্তাধাৰাত 'Everyday Life' এটা তাত্ত্বিক পৰিভাষা। দৈনন্দিন জীৱনৰ পৰ্যবেক্ষণ অথবা দৈনন্দিন জীৱনৰ উপস্থাপন কিম্বা প্ৰয়োগ একেবাৰে নতুন কথা নহয়। সহজ যেন লাগিলেও একেবাৰে সহজো নহয়। এইখিনিতে দহ বছৰমানৰ আগৰ কিছু চিন্তা-চৰ্চা মনলৈ আহিছে।

*

2c

৬ ফেব্ৰুৱাৰি, ২০০৭ তাৰিখে 'ৰাৱণ কথা, a disposable theatre', পৰিবেশিত হয় বৰোদাৰ সায়াজী ৰাও বিশ্ববিদ্যালয়ৰ ফেকাল্টি অব ফাইন আৰ্টছৰ প্ৰাংগণত। ই আছিল শিল্প ইতিহাস বিভাগৰদ্বাৰা আয়োজিত Cultural Practice and Discourses on the “minor শীৰ্ষক ছেমিনাৰখনৰ অংশবিশেষ। 'ৰাৱণ কথা' পৰিবেশনৰ দহ বছৰ সম্পূৰ্ণ হওঁ হওঁ। ইয়াৰ পাঠভাগ লিখি উলিয়াবলৈকো আকৌ দহ বছৰমান লাগিছিল। ৰাৱণৰ চৰিত্ৰটোৱে শিশু-বৃদ্ধ সকলোকে কৌতূহলৰ বশৱৰ্তী কৰি ৰাখে। বিশেষকৈ ২০০৩ চনত এবাৰ মাজুলীলৈ যাওতে অকস্মাৎ বাটতে ভেটাভেটি হৈছিলোঁ সেই বিৰাটাকাৰ বিখ্যাত দহোমূৰীয়া ৰাৱণৰ মুখাটোৰ সৈতে। কেইবাজনো মানুহে কোনোমতে সেইটো দাঙি লৈ গৈ আছিল। তেতিয়াই মনতে পুহি ৰখা বাসনাটো তীব্ৰতৰ হৈছিল – এই চৰিত্ৰটো আৰু অধ্যয়ন কৰিব লাগিব। পাৰিলে পাছলৈ কিবা কাম কৰিম। পাছলৈ ওলালগৈ 'ৰাৱণ কথা'।

ৰাৱণ মহাকায়িক, মহাকাব্যিক। বৰ্ণনাত, উপমাত, চিত্ৰকল্পত, কল্পনাত, দৃশ্যায়নত, উপস্থাপনাত, ব্যঞ্জনাত, ব্যাখ্যাত, পুনৰ্ব্যাখ্যাত – সকলোতে ৰাৱণ সদায়ে বিৰাট। ৰাৱণৰ মুখাৰ আকাৰৰ আগত ৰামৰ মুখাৰ তুলনাই নহয়। দশমীৰ দহ্যমান ৰাৱণৰ অবয়ৱ গগণচুম্বী। ইলোৰাৰ ষোল নম্বৰ গুহাত থকা কৈলাশ পৰ্বত কঁপাই তোলা ৰাৱণ শিৱ আৰু পাৰ্বতীতকৈয়ো ডাঙৰ। কিন্তু সেই ৰাৱণেই আমাৰ কাব্যত হৈ পৰিল দিনে প্ৰতিদিনে আহোতে-যাওঁতে 'এনেয়ে' লগ পোৱা এক নিমাখিত যুৱক মাত্ৰ।

3c

কিবা প্ৰকাৰে 'ৰাৱণ কথা' হৈ উঠিল – প্ৰাত্যহিকতাৰ অভিমুখে এখন ক্ষণভংগুৰ থিয়েটাৰ, এটা মহাকাব্যিক চৰিত্ৰৰ সৈতে বাটে-ঘাটে লগ পোৱা এক যুৱকৰ মুখামুখি। [An orientation towards everyday ordinariness, and towards grandiosity... A subject essentially from our times and an object from the classical myth]

*

... বেটুপাত উৱলি যায়। পৃষ্ঠা ক্ৰমাংক আউল লাগি নাজানো কি পাগুলি ৰওঁ।

এই যেন বাল্মীকিৰ লগত একেলগে বহি চাহৰ কাপত সোহাটো মাৰোঁ

এই যেন হঠাৎ হোমাৰৰ স'তে সুৰা-কাজল-সমুদ্ৰত মেলি দিওঁ নাও।

এইবাৰ তিনিআলিৰ মূৰত আপোনাসবে দেখিব মোৰ নতুন পুৰণা ভাও...

আহ্! মোৰ নীলা শৰীৰ। আকাশ উন্মুখ মই নশ্বৰ পাৰ্থিৱ।

মই, মই, মই দশগ্ৰীৱ।

...

[প্ৰথম স্কন্ধ, "ৰাৱণ কথা", ২০০৭]

*

এহাতে এই বিশেষ নাট্যৰূপটোৰ আঁৰত আছিল অভিনেতা আৰু দৰ্শকৰ জটিল পাৰস্পৰিক সম্পৰ্কটোৰ প্ৰতি আমাৰ কৌতূহল আৰু গৱেষণা। এফালৰপৰা চাবলৈ গ'লে ৰাৱণ কথা আছিল এটা ফৰ্মেল পৰীক্ষা মাত্ৰ। কিন্তু সেয়ে আছিল জানো শেষ কথা?

আমাৰ ৰাৱণ আছিল এজনৰ মাজতে সমাহিত থকা দহজন পৰস্পৰ ভিন্ন ৰাৱণৰ সমন্বয়। অন্যত্ৰ বিভিন্ন ব্যক্তিৰ অধ্যয়নপ্ৰসূত উদ্ধৃতিসহকাৰে আমি প্ৰতিপন্ন কৰিছোঁ যে ৰাৱণৰ দহোটা মূৰ আচলতে এটা ৰূপক মাত্ৰ। আৰম্ভণিৰেপৰাই ৰাৱণ চৰিত্ৰটোৱে বহন কৰি আহিছে কল্পনাৰ অবাধ বিচৰণ আৰু বৰ্ণনাৰ বেলিকা অতিশয়োক্তিৰ প্ৰাবল্য। এজন মানুহে যদি কান্ধৰ ওপৰত সঁচাকৈয়ে দহটা মূৰ বহন কৰিবলগীয়া হয় কি হ'ব বাৰু? ৰাৱণ বুলিলে আমাৰ সকলোৰে মনত এনে এখন ছবিয়েই ভাহি উঠে। সেই দহোটা মূৰে যদি দহোটা ভিন্ন মস্তিষ্কৰে দহোটা বেলেগ বেলেগ ব্যক্তিত্বক প্ৰতিনিধিত্ব কৰে, তেতিয়া?

প্ৰাথমিক ধাৰণাৰ সূত্ৰপাত সেইখিনিতেই। ৰাৱণৰ ব্যক্তিত্বৰ মাজত সেই বহুত্বৰ বোধ নিহিত আছিল। ৰাৱণ অকলেই বহুবচন। বহুধাবিভক্ত ব্যক্তিত্বৰ প্ৰতিনিধি ৰাৱণ, যি একে সময়তে ব্ৰাহ্মণ আৰু ৰাক্ষস, মানৱ আৰু দানৱ, ৰামৰ চিৰশত্ৰু আৰু ৰামৰে গোপন উপাসক, বুদ্ধিদীপ্ত পণ্ডিত আৰু অহংকাৰী অল্পমতি। ৰাৱণৰ চৰিত্ৰৰ মাজতে ৰামায়ণখনৰ চৰিত্ৰৰ আঁহটো সোমাই আছে, যি একে সময়তে কল্পকাহিনী আৰু বাস্তৱতাৰো ইতিহাস। এজনৰ মাজতে বহুজন নিহিত থকাৰ কথাটোও নতুন একো নহয়। ছুফী বাউল-ফকীৰেও বহুকালৰেপৰা গাই আহিছে, তোমাৰ ঘৰত কেইজনে বাস কৰে নুবুজিলা মন... (তোমাৰ ঘৰে বসত কৰে কয়জনা, মন জানো না...)। জৰ্জ লুই বৰ্হেছৰ শ্বেইক্সপীয়েৰে নাজানিছিল গোটেই জীৱনজুৰি তেওঁ কিমানটা ৰূপত নিজৰ ভূমিকা পালন কৰিছিল। মৃত্যুৰ মাত্ৰ আগে আগে অথবা মৃত্যুৰ পিছত তেওঁৰ ভগৱানৰ সৈতে মুখামুখি হয়, “... মই, যিয়ে ইমানবোৰ বিভিন্ন মানুহ হৈ জীৱনটো পাত কৰিলোঁ, আজি মাত্ৰ এজন মানুহ হ'বলৈ বিচাৰিছোঁ, মই নিজে”। একে ধৰণেৰেই ভগৱানৰ উত্তৰ শুনা যায়, “মই নিজেওতো এজন মাত্ৰ নহয়, তুমি তোমাৰ কৰ্মৰাজিক যেনেকৈ বিভিন্ন ৰূপত গঢ় দিছিলা, ময়ো কল্পনা কৰি লৈছিলোঁ এই জগতখনক তেনেকৈয়ে, শ্বেইক্সপীয়েৰ, আৰু সেই বিভিন্ন ৰূপবোৰৰ মাজতে এটা কল্পনা হ'লা তুমি, যি মোৰ দৰেই, বহুতো মানুহ – আৰু একে সময়তে কোনো নহয়”।

আমাৰ ৰাৱণ, যাক আমি পৰিবেশন কৰিছিলোঁ বৰোদাত, সিও আছিল বহুতো মানুহ – আৰু একে সময়তে কোনো নহয়, many persons – and none. আমাৰ ৰাৱণ নিশ্চয়কৈ ৰামচন্দ্ৰৰ বিৰোধী নহয়। তেওঁ বিৰোধী কেৱল তথাকথিত ভাল আৰু বেয়াৰ মাজৰ যুদ্ধখনৰ। এই ভাল আৰু বেয়াৰ মাজৰ যুদ্ধখন ইতিহাসৰ আঁহে আঁহে দেখি আহিছো, গ্ৰীক ট্ৰেজেডিৰপৰা খ্ৰিষ্টোফাৰ মাৰ্লোলৈকে, গোয়েথেৰপৰা স্পাইডাৰমেনলৈকে। এই ভাল বেয়াৰ কাজিয়াখনে আধুনিকতাবাদী মধ্যবিত্তৰ প্ৰভুত্ব (hegemony) বিস্তাৰত যে অফুৰন্ত অৰিহণা যোগাই আহিছে সেয়া আমাৰ ৰাৱণে জানে।

এতিয়া আকৌ এবাৰ ভাবি চাইছোঁ যে এটা বিৰাট মহাকাব্যিক চৰিত্ৰক প্ৰাত্যহিকতাৰ তুচ্ছতাৰ সৈতে একাকাৰ কৰি চাবলৈ যি প্ৰয়াস চলোৱা হৈছিল, তাৰ প্ৰয়োজনীয়তা বা তাগিদাখিনি ক'ৰপৰা আহিছিল?

*

মিখাইল কেলিয়ে তেখেতৰ "দৈনন্দিন জীৱনৰ ঐতিহাসিক উত্থান" নামক কিতাপখনৰ আৰম্ভণিতে কৈছে, "দৈনন্দিন জীৱন" এনে এটা ধাৰণা যিটো সদায়েই প্ৰতিফলিত হৈ আহিছে যেন লাগে। সেয়েহে ইয়াৰো এটা ইতিহাস আছে বুলি কোনোবাই দাবী কৰিলে আচৰিত হ'বৰে কথা। কিন্তু যিসকলে সামাজিক আৰু ৰাজনৈতিক বিশ্লেষণত দৈনন্দিন জীৱনৰ ধাৰণাটোৰ ব্যৱহাৰৰ সৈতে অভ্যস্ত হৈ পৰিছে – তেওঁলোকৰ বাবে কেনেকৈনো এই ধাৰণাটো বা বিষয়টোৱে এটা গুৰুত্ব পাবলৈ ল'লে তাৰ প্ৰতি এবাৰ নজৰ দিয়াটো জৰুৰী হ'ব পাৰে। যুদ্ধোত্তৰ ফ্ৰান্সৰ এটা বিশেষ মুহূৰ্তত ইয়াৰ অগ্ৰগতিৰ পৰ্যবেক্ষণ কৰি, কেলিয়ে তেওঁৰ লেখাত দেখুৱাইছে কেনেকৈ ই এটা জটিল বৌদ্ধিক আৰু সামাজিক পদ্ধতিৰ মাজেৰে উঠি আহিছিল, আৰু কিয় ই প্ৰভুত্বশালী সামাজিক আৰু ৰাজনৈতিক কাঠামোৰ প্ৰতিৰোধৰ কৌশলসমূহক সহযোগ কৰি চলিছিল।

এফালৰপৰা চাবলৈ গ'লে দৈনন্দিন জীৱনৰ ঐতিহাসিক উত্থান এটা পস্পৰবিৰোধী সাঁথৰৰ লেখীয়া বিষয়। স্বাভাৱিকভাৱেই, মানৱতাৰ অস্তিত্ব যেতিয়াৰেপৰা আছে, তেতিয়াৰেপৰাই দিন-প্ৰতিদিনৰ জীৱনৰ কথা আছে, আৰু তেনেকৈয়ে, 'দৈনন্দিন জীৱন' পৰিভাষাটো, বা ইয়াৰ সম্ভাব্য বহুখিনি সমাৰ্থক ৰূপ যেনে – দিন-প্ৰতিদিন, প্ৰাত্যহিক, সচৰাচৰ, গতানুগতিক, দৈনিকৰ কথা নিশ্চয় সদায়ে গতানুগতিক ৰূপত ব্যৱহাৰ হৈয়ে আহিছে। তেনেহ'লে দৈনন্দিন জীৱন বিষয়টোৰ উত্থানৰো যে এটা ইতিহাস থাকিব পাৰে সেইটো কেনেকৈ ভাবিব পাৰি? সম্যকভাৱে উত্তৰটো হ'ব পাৰে, ইতিহাসৰ তথ্যায়নে বিশেষ গুৰুত্ব থকা ঘটনাহে সম্বলন কৰে বা অৱলোকন কৰে, আৰু দৈনন্দিন জীৱনৰ স্বাভাৱিকতা বা গতানুগতিকতা বহুকাল ধৰি একপ্ৰকাৰে বুৰঞ্জী বা ইতিহাসৰ ঠিক ওলোটাটো বুলিয়েই ধৰি লোৱা হৈ থাকিল। (দ্রষ্টব্য – Michael Kelly, The Historical Emergence of Everyday Life)।

'দৈনন্দিন'ৰ প্ৰাথমিক অৰ্থই হ'ল – দৈনন্দিন ধাৰাবাহিকতা (ৰুটিন), ঘৰুৱা, যিটো লেখত ল'বলগীয়া নহয়েই। কিন্তু অলপ মন কৰি চালেই বুজিবলৈ অসুবিধা নহয় যে কিছুমান ঐতিহাসিক আৰু ৰাজনৈতিক কাৰ্যকাৰণ আৰু মুহূৰ্তই সকীয়নিৰে আমাক সোঁৱৰাই দিয়ে যে কেৱল বিৰাট গুৰুত্বপূৰ্ণ বা বিশাল-ব্যাপক কাৰবাৰবোৰৰ বাহিৰে আপাততুচ্ছতাৰ দিশেও গুৰুত্বসহকাৰে নজৰ দিয়াটো জৰুৰী। সকীয়নি বোলোতে আটাইতকৈ উজুকৈ বুজিবলৈ হ'লে ভূপেন হাজৰিকাৰ গীতফাকিলৈ মনত পেলালেই হ'ল – 'অতীতৰ বুৰঞ্জী লেখকে লিখিছিল ৰজা মহাৰজাৰ কথা, আজিৰ বুৰঞ্জী লিখকে লিখিছে মানুহৰ মুকুতিৰ কথা।'

একে সময়তে বহুখিনি কথাই জুমুৰি দি ধৰিছে। মধ্যযুগীয় ধৰ্মীয় প্ৰভুত্বৰ বাহিৰত চৰ্চিত হোৱা কলা-সংস্কৃতিৰ বিশ্লেষণে অন্যধৰণৰ দৈনন্দিন জীৱনৰ আভাস দিব পাৰে। আধুনিকতাবাদৰ উত্থানৰ কালছোৱাৰ অধ্যয়নেও অন্য এটা মোৰ ল'ব পাৰে – যেতিয়াৰেপৰা মানুহ হৈ পৰিল ব্ৰহ্মাণ্ডৰ কেন্দ্রবিন্দু (চেন্টাৰ অব দা ইউনিভাৰ্ছ)। কিন্তু আধুনিকতাবাদৰ অৱসান (?) অথবা তাতোকৈ ভালকৈ ক'বলৈ হ'লে, যেতিয়াৰপৰা আধুনিকতাবাদী প্ৰপঞ্চবোৰ প্ৰশ্ন আৰু সন্দেহত আৱৰ্তত ঘূৰিবলৈ ল'লে তেতিয়াৰ সময়খিনিহে আমাৰ বাবে আটাইতকৈ বেছি আগ্ৰহৰ।

*

কেলিয়ে কোৱাৰ দৰে আমি যে 'দৈনন্দিন' জীৱনৰ কথা সকলোতে সদায়ে আছিলেই বুলি ভাবি লওঁ, তাৰে অচিলা লৈ অলপ সাধাৰণীকৰণ কৰি ইতিহাসৰ ফালে অলপ চাব পাৰোঁ। অসমীয়া আধুনিকতাৰ ক্ষেত্ৰত বেজবৰুৱাই এটা সুন্দৰ উদাহৰণ। বেজবৰুৱাৰ 'জয়মতী কুঁৱৰী'ৰ লেখীয়া ঐতিহাসিক লেখা আছে যদিও আমি বেজবৰুৱাক বেছিকৈ জানো বা মানো দুটা কাৰণত। খুহুটীয়া আৰু ব্যঙ্গাত্মক চুটিগল্পবোৰ আৰু 'বুঢ়ীআইৰ সাধু'খন। চুটিগল্পবোৰ আছিল দৈনন্দিন জীৱনৰ একো একোটা দিশৰ প্ৰতিফলন, আৰু নিছক কাহিনী বা বৰ্ণনা যেন লাগিলেও সেই সময়ৰ পৰিপ্ৰেক্ষিতত তাৰ অন্তৰালত নিহিত থকা বেজবৰুৱাৰ ৰাজনৈতিক দায়িত্ববোধ আমি উলাই নকৰোঁ। অসমীয়া ভাষা আৰু জাতীয়তাবোধৰ উন্মেষৰ একো একোটা আহিলাস্বৰূপ হৈ উঠিছিল সাধাৰণ জীৱনযাত্ৰাৰ কিছুমান ঘটনাৰ খুহুটীয়া বৰ্ণনা। আনহাতে, 'বুঢ়ীআইৰ সাধু'ৰ সাধুখিনিও আছিল দৈনন্দিন জীৱনৰ দৈনন্দিন অভ্যাসৰ এটা দৈনন্দিন উপাদান। সাধাৰণ মানুহৰ মুখৰ কথা, অলিখিত সম্পদৰাজিও যে গুৰুত্বপূৰ্ণ সেই বোধটোৰ উন্মেষ এটা বিশেষ মুহূৰ্ততহে ঘটিছিল। সেই ফালৰপৰা চাবলৈ গ'লে, অসমীয়া ভাষা-সাহিত্য-শিল্পৰ উন্মেষৰ লগত দৈনন্দিন জীৱনৰ প্ৰতিফলনৰ এটা প্ৰত্যক্ষ আৰু এৰাব নোৱৰা সম্পৰ্ক আছেই।

*

শ্ৰীধৰ কন্দলীৰ 'কাণখোৱা' সম্পৰ্কে আমি অন্যত্ৰ কে'বাবাৰো আলোচনা কৰিছোঁ। 'জয় গুৰু শংকৰ' বুলি আমি আচলতে ইমানেই জোৰেৰে মাতো যে তাৰ সন্মুখত শঙ্কৰী আৰু উত্তৰ-শঙ্কৰী যুগৰ আন বহুতো দুৰ্ধৰ্ষ লেখক-চিন্তক-পণ্ডিতৰ নাম তল পৰি ৰয়। অসমত তেতিয়া নব্য বৈষ্ণৱবাদৰ সম্প্ৰসাৰণৰ সময়। পাকে-প্ৰকাৰে নামধৰ্ম প্ৰচাৰ কৰিব লাগে। সেই ধাৰাৰ মাজতো শ্ৰীধৰ কন্দলীৰ ৰচনাতে মাজতে আহি সোমালহি 'কাণখোৱা'। তাৰ আগলৈকে হয়তো আছিল – 'হাতত নগা যাঠি, মূৰত ৰঙা টুপী - ল'ৰাৰ কাণ খাই ফুৰে' - এয়ে কাণখোৱাৰ বৰ্ণনা। শ্ৰীকৃষ্ণই বিষ্ণুৰ অনন্য ৰূপ বুলি দৰ্শাবলৈ গৈ এই কাব্যত দশ-অৱতাৰৰেই ব্যাখান কৰা হৈছে। কিন্তু বৰ্ণনাৰ পদ্ধতিত আছে মাতৃ আৰু শিশুৰ নিভৃত আলাপ। 'কেনেকুৱা গোটে কাণখাই ফুলে চিনোৱা হাবিতলী আই' বোলোতে কৃষ্ণই যশোদাক 'হাবিতলী আই' বোলাটোও মন কৰিবলগীয়া।

সেই কালত আজিৰ দৰে সম্পূৰ্ণ স্বধীনচিতীয়া ব্যক্তিমনৰ প্ৰকাশ 'উচ্চ-সাহিত্যত' হয়তো সম্ভৱ নাছিল। কিন্তু তাৰ পাছতো বুদ্ধিমত্তাৰে একোটা লোকায়ত উপাদানক যথাযথ কৰি লোৱাটো মন কৰিবলগীয়া। মাধৱদেৱৰ বৰগীতৰ বৰ্ণনাখিনিলৈ মনযোগেৰে চালেও এনে বহুখিনি দিশ আঁহে আঁহে চকুত পৰিব।

কিন্তু তাৰো আগলৈ গৈ সামগ্ৰিকভাৱে ভক্তি আন্দোলনৰ কবিকূলৰ কথা এই প্ৰসঙ্গতে নকৈ নোৱাৰি। কবীৰ দাসৰ কামেই আছিল ধৰ্ম আৰু ভক্তিক উচ্চস্তৰৰ মানুহৰ মাজৰপৰা সাধাৰণ মানুহৰ দৈনন্দিন জীৱনলৈ নমাই অনা আৰু সাধাৰণ মানুহৰ দৈনন্দিন অভ্যাসক 'উচ্চস্তৰীয়' চৰ্চাৰ অঙ্গীভূত কৰি তোলা। যি সময়ত আনবোৰ মানুহে মন্দিৰলৈ বাট বুলিছিল, কবীৰ ওলাই গৈছিল বজাৰলৈ। মাজ বজাৰত ৰৈ কবীৰে নিজৰো ঘৰটো জ্বলাই দিয়াৰ কথা কৈছিল আৰু আনকো কৈছিল – যিয়ে নিজৰ ঘৰটোত জুই দিব পাৰে সিহে তেওঁৰ লগত আহিব পাৰে। কাৰো সৈতে শত্ৰুতা মিত্ৰতাৰ ভাব নাৰাখি মাজ বজাৰত ৰৈ থাকে কবীৰ।

আজিও বিশেষকৈ যিসকল বাউল বা ফকীৰ গীতৰ সৈতে পৰিচিত তেওঁলোকে জানে কেনেকৈ দৈনন্দিন জীৱনৰ এটা এটা সূক্ষ্ম সূক্ষ্ম উপমা বা কল্পৰূপে তাত কাম কৰে। উচ্চবৰ্ণীয় আসনাধীস্থ পণ্ডিতকূলৰ বিপৰীতে তাত কোৱা হয় – "সহজ মানুষ ভজে দেখ না ৰে মন..."।

*

কিন্তু বিংশ শতাব্দীৰ দ্বিতীয়াৰ্ধৰ এটা তাত্ত্বিক পৰিভাষা হিচাপে দৈনন্দিন জীৱনৰ এটা বিশেষ দৃষ্টিকোণ বা প্ৰসংগ আছে। আলথুজাৰে মতাদৰ্শ বা আইডিও'ল'জিক দৈনন্দিন জীৱনৰ সৈতে সংপৃক্ত কৰাৰ ঘটনাটো এটা এৰাব নোৱৰা প্ৰসংগ হৈ থাকিল। উত্তৰ-সংগঠনবাদ আৰু তাৰ হাত ধৰাধৰিকৈ অহা উত্তৰ-আধুনিকতাবাদী চিন্তাধাৰাই যি মুহূৰ্তত আধুনিকতাবাদক সমালোচনা কৰিবলৈ আৰম্ভ কৰিলে সেই মুহূৰ্ততে ঐককেন্দ্ৰিক সমস্ত চিন্তা-প্ৰণালী মষিমূৰ হ'বলৈ ল'লে আৰু বহুধাবিভক্ত হ'বলৈ ল'লে মানুহৰ দৃষ্টিকোণ। এনে সময়ত দৈনন্দিন জীৱনৰ অভ্যাস বা কথা বাৰ্তাবোৰে পালে এটা নতুন মাত্ৰা।

মিশ্চেল ডি চাৰ্ট্যু নামৰ ফৰাচী লেখকজনৰ লেখাই আমাক আকৃষ্ট কৰিছিল। মিশ্চেল ডি চাৰ্ট্যুৱে ইতিহাস, সাংস্কৃতিক অধ্যয়ন, নৃগোষ্ঠী অধ্যয়ন, সমাজবিদ্যা, মনোবিজ্ঞান, সাহিত্য, দৰ্শন আৰু নৃতত্ত্ব আটাইবোৰৰে অন্তৰ্হিত ভাব প্ৰয়োগ কৰি কেনেকৈ সাধাৰণ বা তুচ্ছ (অৰডিনেৰি) ব্যক্তিয়ে বাণিজ্য, ৰাজনীতি আৰু সংস্কৃতিৰ সৰ্বগ্ৰাসী প্ৰভাৱৰপৰা তেওঁৰ সাধাৰণ জীৱনত স্বয়ংক্ৰিয়তা দাবী কৰে তাক ফঁহিয়াই চাবৰ বাবে এক নতুন আৰু উৎসাহপ্ৰদ তাত্ত্বিক পৰিকাঠামো নিৰ্মাণ পদ্ধতি গ্ৰহণ কৰে।  চাৰ্ট্যুৰ ভাষাত – "যি প্ৰক্ৰিয়াৰে সাধাৰণ মানুহখিনিক প্ৰতিষ্ঠিত ৰীতি-নীতিৰদ্বাৰা পৰিচালিত আৰু নিষ্ক্ৰিয় মাত্ৰ বুলি সততে ধৰি লোৱা হয় - এই ৰচনাখন সেইবোৰৰ ওপৰত চলি থকা এক অনুসন্ধানৰ অংশ"। ডি চাৰ্ট্যুৱে আমাৰ সহজাত বা সাধাৰণ জ্ঞানে দিয়া দৈনন্দিন জীৱনৰ অভ্যাসৰ ধাৰণাক প্ৰতিৰোধ কৰে, বৰঞ্চ তেওঁ আমাৰ দৈনন্দিন, প্ৰাত্যহিক বা দিন-প্ৰতিদিনৰ আচৰণক বখানিবৰ উপায় বিচাৰি এলানি তাত্ত্বিক প্ৰশ্ন, পদ্ধতি, শ্ৰেণীবিভাজন আৰু পৰিপ্ৰেক্ষিতৰ অৱতাৰণা কৰিব খোজে। সি যি নহওক, চাৰ্ট্যুৱে কিন্তু এটা সকীয়নিও দিব খোজে যে এই আচৰণৰ পৰ্যবেক্ষণ ব্যক্তিবাদৰ প্ৰতি ওভতনি যাত্ৰা নহয়। (দ্ৰষ্টব্য, Michel de Certeau, 'The Practice of Everyday Life')।

*

আধুনিকতাবাদী বিৰাট ইতিহাসে দেখুৱাইছিল যে ইতিহাসৰ এটা সৰলৰৈখিক গতি আছে। কিন্তু দৈনন্দিন জীৱনৰ অভিজ্ঞতাৰ অনুধাৱনে দেখুৱালে যে ইতিহাস নিৰৱচ্ছিন্ন নহয়। ই একক বস্তুপদ নহয়েই। ডাৰউইনীয় ক্ৰমবিৱৰ্তন ইতিহাসৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’বও পাৰে। মানুহ এই বিশ্বসংসাৰৰ কেন্দ্ৰবিন্দু বুলি ক'ব খোজা আধুনিকতাবাদক প্ৰশ্ন কৰা হ'ল আৰু দেখুওৱা হ'ল যে মানুহেই কেন্দ্ৰবিন্দু বুলি শ্ৰেষ্ঠত্বৰ বিচাৰসভাখন বহুৱাবলৈ গৈ ভাল-বেয়া, উচ-নীচ, উন্নত-অনুন্নত, অতীত-বৰ্তমান, নিয়ম-অনিয়ম, ক'লা-বগা, পুৰুষ-নাৰী, মানুহ-প্ৰকৃতি আদি বৈপৰীত্য বা দ্বিত্ববাদেৰে বহুখিনি আঁসোৱাহেৰে সমাজখন বহুকাল ধৰি ভৰাই ৰখা হ'ল। 'অতীতত যি আছিল সকলো ভাল আছিল আৰু আজি যি ঘটিব লাগিছে সকলো বেয়া' বুলি একধৰণৰ অতীতপ্ৰীতিকো আধুনিকতাবাদে প্ৰশ্ৰয় দি আহিছিল (আজিও আমাৰ বহুতকে তাহানিৰ দিন জয়মতীৰ দিন, লাচিত-মূলাগাভৰুৰ দিন বুলি পৰম তৃপ্তিত গদ গদ হৈ থকা দেখা যায়)। কিন্তু দৈনন্দিন জীৱনৰ প্ৰতি এটা অৱলোকনে কয় অন্য এটা কথা। আপাততুচ্ছ বা তেনেই স্বাভাৱিক এক প্ৰৱণতা বা মানুহৰ সহজাত এটা ভাব যেন লাগিলেও এই অতীতপ্ৰীতিয়ে আচলতে বুৰঞ্জী লেখকৰ এটা বিশেষ শ্ৰেণী বা ঘটনালানি বা মতাদৰ্শৰ প্ৰতি থকা অনুকম্পাকহে সন্তুষ্ট কৰে আৰু প্ৰকাৰান্তৰে ই সহজ মানুহৰ সহজ দিন-প্ৰতিদিনক উপহাস কৰে।

এই লেখাত অগা-পিছাকৈ আমি কে'বাটাও প্ৰসংগ উনুকিয়াবহে পাৰিলোঁ। কিন্তু আটাইকেইটা দৃষ্টিকোণেই জটিল আৰু একান্ত মনোযোগৰ দাবী কৰে। কেৱল মাৰ্ক্সীয় দৰ্শনৰ ভিতৰতেই দৈনন্দিন জীৱনৰ প্ৰতি অৱলোকনৰ পদ্ধতি, উপপাদ্য আৰু সিদ্ধান্তৰ মাজত বহুতো মতানৈক্য আৰু বাদ-বিবাদ আছে। এনেকৈ সকলোবোৰ সাঙুৰি লোৱাটো আচলতে এট বিপদজনক কাৰবাৰ। সময়ে সময়ে বহলাই লেখাৰ ইচ্ছা আছে।

*

অজিত কুমাৰ পটঙ্গীয়া, অঙ্কুৰ তামুলীফুকন, অনুপমা বৰগোহাঁই, দিগন্ত কুমাৰ ভট্টাচাৰ্য, সাগৰ সৌৰভ, শান্তনু ৰৌমূৰীয়া, সৃষ্টি শ্ৰেয়ম, টুনুজ্যোতি গগৈ আৰু আবিদ আজাদৰ ভিন্নসুৰীয়া লেখাৰে মুক্ত চিন্তাৰ এই খণ্ডটো পুষ্ট। এইবাৰৰ এই শিতানটোৰ বিশেষত্ব সম্ভৱতঃ এয়াই হ'ব যে ইয়াৰ প্ৰত্যেকটো লেখাই বিষয়বস্তু বা শৈলী- সকলো ফালৰপৰাই সুকীয়া আৰু ভিন্নস্বাদৰ। অঙ্কুৰ তামুলীফুকনৰ লেখাই এটা বিশেষ ঐতিহাসিক পটভূমিৰ পৰ্যবেক্ষণ আগ বঢ়াইছে আৰু প্ৰসংগ সঙ্গতিৰ লগতে লেখকৰ পৰিপ্ৰেক্ষিতৰ কাৰণেও আজিৰ তাৰিখত ইয়াক গুৰুত্বসহকাৰে লোৱা উচিত। লেখকে উদাহৰণ দেখুৱাইছে গঠনমূলক সুস্থ সমালোচনাৰ। অনুপমা বৰগোঁহাইৰ লেখাটোৱে ব্যক্তিসত্তা আৰু সামাজিক দায়িত্ববোধৰ প্ৰশ্নখিনিক অতি-সাম্প্ৰতিক ঘটনাৱলীৰ পটভূমিত সুন্দৰকৈ উপস্থাপন কৰিছে। সৃষ্টি শ্ৰেয়মৰ লেখাই অভিজ্ঞতাভিত্তিক কিছুমান পৰ্যবেক্ষণ সাঙুৰিছে আৰু ব্যক্তিগত কিছু মতামত এখন বহল ক্ষেত্ৰলৈ আগ বঢ়াই দিবলৈ চেষ্টা কৰিছে। দিগন্ত কুমাৰ ভট্টাচাৰ্য, সাগৰ সৌৰভ, আৰু শান্তনু ৰৌমূৰীয়াৰ তিনিওটি লেখা বেছ মজাৰ। তীর্যক ব্যংগ তিনিওটা লেখাৰে উপাদান আৰু তিনিওটা লেখাতে আছে কেইটামান সমসাময়িক বাস্তৱতাৰ স্নেপশ্বট। হ'লেও তিনিওটা ভিন্ন শৈলীৰ আৰু আবেদনৰ ফালৰপৰাও সম্পূৰ্ণৰূপে স্বকীয়তাৰে ভৰা। টুনুজ্যোতি গগৈৰ লেখাৰ সাৰভাগ, "খাটিখোৱা সৰ্বসাধাৰণ ৰাজনৈতিকভাৱে সচেতন নোহোৱালৈকে ভাৰতীয় সংসদীয় নিৰ্বাচনী ব্যৱস্থাত সঁচা অৰ্থত পৰিৱৰ্তনকামী [বাওঁপন্থী?] ৰাজনৈতিক দলবোৰৰ জয়ো নাই, পৰাজয়ো নাই : আছে কেৱল অসীম দায়বদ্ধতা।" – এয়া আমাৰো কথা।

Share Button
Print Friendly, PDF & Email

1 Comment : "প্ৰাত্যহিকতাৰ দেহবিচাৰ (অতিথি সম্পাদকৰ কলম: সমুদ্ৰ কাজল শইকীয়া)"

  1. Nilutpal Baruah

    অসমীয়া সাহিত্যৰ গতিধাৰালৈ মুক্ত চিন্তা এক বিষ্ফোৰক অৱদান। কালান্তৰত মুক্ত চিন্তাক বাটকটীয়া অভিধাৰে আখ্যায়িত কৰা হ'ব; আমি নি:শ্চিত।

Leave a Comment

Your email address will not be published. Required fields are marked *