গুৰুপত্নী সত্যা আই - (মনোৰমা দাস মেধি)

সত্যা আই বৈষ্ণৱ সাহিত্যৰ কোনো অলৌকিক চৰিত্ৰ নহয়। নিতান্তই সাধাৰণ এজনী মানুহ। ‘কথাগুৰুচৰিত’ৰ শেষৰপিনে ‘হৰিহৰ আতাৰ চৰিত’ শীর্ষক এটা অধ্যায় আছে। সেই হৰিহৰ আতাৰে বিবাহিতা পত্নী সত্যা আই‌। পিতৃৰ নাম সত্য বৰদলৈ‌। চৰিত পুথিত সাধাৰণতে বৈষ্ণৱ গুৰু দুজনাৰ কাৰ্য-কলাপ ভক্তিসহকাৰে বৰ্ণনা কৰা হয়। শঙ্কৰদেৱৰ তিৰোধানৰ পিছত মাধৱদেৱে চৈধ্য প্রসংগৰ সময়ত গুৰুজনাৰ চৰিত চর্চা কৰিবলৈ আৰম্ভ কৰে। এই চর্চা চলিছিল আলাপ-আলোচনাৰ ৰূপত। শঙ্কৰদেৱৰ সোঁহাত-স্বৰূপ আছিল তেওঁৰ প্রিয় শিষ্য মাধৱদেৱ। গতিকে অন্যান্য ভকতসকলৰ তুলনাত তেওঁ শঙ্কৰদেৱক ঘনিষ্ঠভাৱে জানিছিল আৰু বুজিছিল। বিভিন্ন পৰিস্থিতিত শঙ্কৰদেৱৰ ভূমিকা বা কাৰ্য-কলাপ তেওঁ যেনেভাৱে নিৰীক্ষণ কৰিছিল, তেনেভাৱে ভকতসকলৰ আগত বর্ণনা কৰি তেওঁ নিশ্চয় গুৰুৰ মাহাত্ম্য প্রচাৰত ব্ৰতী হৈছিল। মাধৱদেৱৰো যেতিয়া তিৰোধান ঘটিল, তেতিয়া ভকতসকলে শঙ্কৰদেৱৰ লগতে মাধৱদেৱৰো চৰিত চর্চা কৰিবলৈ ধৰে। পৰৱৰ্তী কালৰ ভকতসকলে আলাপ-আলোচনাৰ মাজেদি চৰিত চর্চা কৰাৰ উপৰিও এইবোৰ লিপিবদ্ধ কৰিবলৈ ল'লে। সেয়া বোধহয় সপ্তদশ শতিকাৰ দ্বিতীয়-তৃতীয় দশকমানৰ কথা। এই কাৰণেই চৰিত-পুথিৰ বৰ্ণনা-ৰীতিত স্বাভাৱিক কথন-ভঙ্গিমাটো থাকি গ’ল।

যিহেতু ‘হৰিহৰ আতাৰ চৰিত’ নামৰ অধ্যায় এটা ‘কথাগুৰুচৰিত’ৰ শেষৰ পিনে আছে, গতিকে বুজা যায় যে হৰিহৰ এগৰাকী প্রভাৱশালী বৈষ্ণৱ গুৰু আছিল। তেওঁৰো গুণমুগ্ধ ভকতসকল আছিল। তেওঁৰ মাহাত্ম্য বা চৰিতৰ বিষয়ে চৈধ্য প্রসঙ্গৰ সময়ত ভক্তিভাৱে শ্ৰৱণ-কীৰ্তন কৰা হৈছিল। সম্ভৱতঃ তেওঁ কেৱল বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰকাৰ্যতে ব্ৰতী আছিল আৰু শাস্ত্রৰ ব্যাখ্যা বা ধর্ম-তত্ত্বৰ ব্যাখ্যাত অতি পাৰদৰ্শী ব্যক্তি আছিল। কাব্য বা নাট ৰচনা কৰাহেঁতেন, তেওঁৰ নামটো নিশ্চয় অসমীয়া সাহিত্যৰ বুৰঞ্জীত পোৱা গ'লহেঁতেন। হৰিদেৱ নামৰ এগৰাকী বৈষ্ণৱ কবিৰ নাম অৱশ্যে আছে, যিয়ে বৰপেটাত থাকি ভাগৱতৰ ৫ম স্কন্ধৰ পদ ৰচনা কৰিছিল। হৰিহৰ দেৱ বা কেৱল হৰিহৰ নামৰ কোনো বৈষ্ণৱ সাহিত্যিকৰ উল্লেখ পোৱা নাযায়।

‘কথাগুৰুচৰিত’তো হৰিহৰ আতাৰ কোনো সাহিত্য-কৰ্মৰ উল্লেখ নাই। শঙ্কৰদেৱৰ একান্ত ভক্ত, বৈষ্ণৱ ধৰ্ম প্ৰচাৰত একান্ত ব্ৰতী, প্ৰখৰ স্মৃতিশক্তিধাৰী হৰিহৰ আতা আছিল অতি নিষ্ঠাৱান লোক। শঙ্কৰদেৱৰ পৰামর্শ মানি তেওঁ বিয়া কৰাইছিল সত্যা আইক। এই সত্যা আই অকালতে ঢুকাইছিল স্বামীৰ নিদাৰুণ প্রত্যাখ্যান আৰু অবর্ণনীয় দুখ-বেদনা, জ্বালা-যন্ত্রণা তিল তিলকৈ সহি সহি।

প্রথমতে হৰিহৰ আতাৰ প্ৰখৰ স্মৃতিশক্তি আৰু অটল ধৰ্মপৰায়ণতাৰ বিষয়ে চমুকৈ উল্লেখ কৰা যাওক। ‘আতা’ (ককাদেউতা) শব্দটোৰে বৈষ্ণৱ সমাজত মহন্ত বা বৈষ্ণৱ ধৰ্মাচার্যক সম্বোধন কৰা হয়। হৰিহৰ আতা তেতিয়া আছিল মধুপুৰ সত্ৰত। ৰামৰাম গোসাঁই আছিল পাঠক। এবাৰ ৰামৰাম গোসাঁই কামৰূপৰ পিনে আন কেইবাগৰাকীৰে সৈতে ফুৰিবলৈ আহিলত কেশ নামৰ ভকত এজনক গুৰুজনে পাঠ কৰাৰ দায়িত্ব দিলে। তেওঁৰ আকৌ বানানৰ জ্ঞান কম আছিল। ‘একাৰ ইকাৰ এৰি অশুদ্ধে যায়’। হৰিহৰ আতাই বাৰে বাৰে ভুল ধৰে। সুৰ লগাই পুথি পঢ়ি থাকোতে কোনোবাই যদি বাৰেপতি ভুল ধৰি থাকে, পাঠকৰ খং নুঠি পাৰেনে? খঙে-বেজাৰে কেশ পাঠকে গুৰুজনৰ ওচৰত গোচৰ দিলেগৈ। ‘বাপ, হৰিহৰ নিমিত্তে পঢ়িব নুৱাৰোঁ। অসূয়াকৈ সজে মাতিলেও তেওঁ ধৰে এৰি ধৰে এৰিছে বুলি’। পোনতে এই ওজৰবোৰলৈ শঙ্কৰদেৱে আওকাণ কৰি আছিল। ইপিনে কেশ পাঠকৰ সমর্থক বাঢ়িবলৈ লৈছে। বাঢ়ি বাঢ়ি পাঁচজন যেতিয়া হ’ল, পাঁচোজনে একে মুখে আপত্তি দিলেগৈ – ‘বাপ, পঢ়িবও নুৱাৰো, থাকিবও নুৱাৰোঁ। আমি পাচক লাগে নে তেওঁ একলকহে লাগে?’

শংকৰদেৱে হৰিহৰক কলে - পাঠ শুনিবলৈ তুমি কাথিতে বাহিবাচোন হৰিহৰ। ভকতসকলৰ লগত নবহিবা, আৰু একো আপত্তি নকৰি হৰিহৰ আতা কাঁথিত বহিলগৈ। কেশ পাঠকে নিশ্চিন্ত মনে পদ গাবলৈ আৰম্ভ কৰিলে। কিন্তু গাবলৈ ধৰাত লাগিল। আকৌ পাঁচোজনে গুৰুজনাক গোচৰ দিলেগৈ। শংকৰদেৱে কলে - হৰিহৰ, তুমি চোতালতে বাহিবা। এইবাৰ চোতালৰপৰাই চিঞৰি চিঞৰি আতাই ভুলবোৰ শুধৰোৱাত লাগি গ’ল। তেতিয়া কেইবাজনেও একেলগে শঙ্কৰদেৱৰ ওচৰলৈ গৈ এক প্রকাৰৰ ভাবুকিয়েই দিলেগৈ – ‘বাপ, ‘পঢ়িবও নুৱোৰো অত ৰবও নুৱাৰোঁ। এদিকি যামহে’।

হৰিহৰ আতাৰ শাস্ত্রজ্ঞান আৰু স্মৃতি-শক্তিৰ অসামান্যতাৰ হেতুকে শঙ্কৰদেৱে তেওঁক ভাল পাইছিল আৰু উচ্চ স্থান দিছিল। তলৰ কথাখিনিতে এই মনোভাব স্পষ্ট হৈ আছে। ‘আপুনি নিৰ্ম্মিলা শাস্ত্র, তাকে পঢ়া হুয়া ছাত্র। নগাই নুগুনি (অর্থাৎ নাগালেও নুশুনিলেও) এ হৃদয়তে দহে পাই আছা তুমি। সিহঁতে যে ভাগে, পাঠকে শুনিব নলাগেইচোন। হাটীতে থাকিবা বহি, নেমাতিবাও আৰু’‌। হাটী হ’ল সত্ৰত ভকতসকলে বাস কৰা ঘৰবোৰৰ শাৰী। গতিকে হৰিহৰ আতাই নিজৰ ঘৰটোতে বহি অকলে অকলে পাঠ-প্ৰসংগ কৰি থাকিল। এনেয়ে ঘৰত বহি থকাহেঁতেন অতুল স্মৃতিশক্তিৰ অধিকাৰী আতাই নিশ্চয় হাটীৰপৰাই ৰিং মাৰি মাৰি কেশ পাঠকৰ পাঠত ভুল ধৰি থাকিলেহেঁতেন। শুদ্ধ চিত্তে নাম-গুণ গাই থাকিল যেনিবা তেওঁ হৰি ভক্তিত নিমজ্জিত হৈ‌। কেশ পাঠকহঁতো ৰক্ষা পৰিল। পিছে ৰক্ষা পৰা বুলিলে ভুলহে হ’ব। আতাৰ পাঠ সলসলীয়া, নির্ভুল, মাতটোও কিজানি গমগমীয়া আৰু মন চুই যোৱাধৰণৰ আছিল। শাস্ত্রকথা তেওঁ ফটফটীয়াকৈ বুজে। গতিকে ব্যাখ্যাও কৰিব পাৰে হৃদয় পৰশাকৈ। হৰি-কথা শুনিবলৈ ইজন সিজনকৈ ভকতসকল তেওঁৰ ঘৰত গোট খাবলৈ ধৰিলে। সিপিনে নামঘৰত পাঠ-প্রসঙ্গ শুনা মানুহ কমি তেনেই সেৰেঙা হ’ল। এইটোওতো কেশ পাঠকৰ বাবে এটা সন্মানৰ প্রশ্ন। গতিকে আকৌ গ’ল শঙ্কৰদেৱৰ ওচৰলৈ। ‘বাপ, হৰিহৰে আপুনাক ভাঙি অধিকাৰ হব খুইছে। ৰাতিএ দিনে মেল-আলচহে বহাত। মানুহ দি চকচোন, মিছা কওঁ যে।’

এইবাৰ শঙ্কৰদেৱৰো চাগৈ অকণমান ধেমালি কৰিবলৈ মন গ’ল। হাঁহি এটা মাৰি সুধিলে - হৰিহৰ, তুমি হেনো মোৰ ওপৰত মহন্ত হব খুইছা হয়নে? টুটকীয়াবোৰে কৈছেহি দেখোন। এনে হেন এষাৰ কথা শুনাৰ লগে লগে হৰিহৰ আতাৰ মনত ইমান বেজাৰ লাগিল যে সেই ঠাই এৰি আঁতৰি গ’ল। এঠাইত কিছু দিন থাকে, কিবা কথাত হীন-ডেঢ়ি দেখিলেই অইন এখন ঠাইলৈ উঠি যায়। ঠাই সলাই সলাই হাইঠাবাৰীত যেতিয়া ৰৈছেগৈ, তেতিয়াই শঙ্কৰদেৱৰ পৰামর্শ অনুসৰি তেওঁ বিয়া কৰিবলৈ ৰাজী হ'ল।

ইয়াতো আন এক বিড়ম্বনাই দেখা দিলেহি। তেওঁলৈ কইনা চোৱা মানুহে যদি কয়হি সর্বসুলক্ষণা সুন্দৰী এজনী পাইছে বুলি, পোনছাটেই আতাই নাকচ কৰি দিয়ে। তেওঁৰ এটা ধাৰণা আছিল যে সর্বসুলক্ষণা সুন্দৰী নাৰী সজ হ’ব নোৱাৰে। চৰিতকাৰৰ বৰ্ণনাত তেওঁৰ ভাষ্য - “আন এটি চক সজ নহয়। তেহে আজ উপায় নেপায় সোধলে বাচে বুলি।” এইগৰাকী আই বোধহয় গুৰুজনাৰ পত্নী গোসাঁনী আই। অথবা মধুপুৰ সত্ৰৰ আশে-পাশে থকা কোনোবাগৰাকী আতৈৰ পত্নী। তেওঁ কইনাৰ সংবাদ বাহকক বুদ্ধি এটা শিকাই দিলে - “বোলে গেন্ধেলী বুলি ক’ব”। তেনেকৈয়ে ক’লেগৈ। বোলে “আতা, সজ চব বছা গ'ল, গঢ় পিত নাই, ফেদেলী বোলে সেয়েহে সজ, আনক।” হৰিহৰ আতাৰ চাগৈ ডাকৰ বচনত অগাধ বিশ্বাস আছিল। “সুফল কদলী, সুতিৰী ফেদেলী”‌। ছকুৰি টকাৰ গহনা পিন্ধাই সত্য আইক হৰিহৰ আতালৈ বিয়া দিলে। বিয়াৰ দিনাই দৰাই ক’লে - “বিয়া কৰাইছো হয়, বাক্যত নৰলে চৰা যাব।” অর্থাৎ পতিৰ কথা মতে নচলিলে পত্নী-ত্যাগ কৰিবলৈ তেওঁ দৃঢ়প্রতিজ্ঞ। পতিৰ কথা মানেনো কি? “আনি বোলে কানী তই পৰপুৰুষৰ মুখ নেচাবি, পৰদ্ৰব্য গ্রহণ নকৰিবি, বেদ বস্ত্র নেদাঙ্গিবি।” আমাৰ বাক্য ৰাখ যদি ঊৰ্ধ্বগতি হ’ব, ৰাখিম, চাৰিলে চাৰিম। এই তিনি কথাৰে সাৱধানবাণী শুনাই দি হৰিহৰ আতাই কইনাক পতিগৃহত প্রবেশ কৰোৱালে। তিয়ঁহৰ জালিৰ দৰে কোমল বয়সীয়া সুন্দৰী কইনা ঘটকালি কৰা আয়ে হৰিহৰ আতাক সংসাৰ বান্ধোনত বান্ধিবৰ বাবেহে গেন্ধেলী বুলি মিছাকৈয়ে কোৱাইছিল। পাটৰ ৰিহা-মেখেলা, শাখা-সেন্দূৰ, খাৰু-মণি, আঙঠি-উঝণ্টিৰে সত্যা আই কইনাৰ সাজত এনেকৈ উজলি উঠিল যে “চন্দ্রে সূৰ্যে ৰথ নজৰে তম্ভাই ৰাখে সতী পার্বতী সম।” অর্থাৎ চন্দ্ৰ আৰু সূৰ্যয়ে নিজৰ ৰথ ৰখাই স্তম্ভিত নয়নেৰে সত্যা আইলৈ চাই থাকিল। চন্দ্র দেৱতাইও ৰথ চলাবলৈ পাহৰি একে ঠাইতে ৰৈ থকাৰ বৰ্ণনা এটা শঙ্কৰদেৱেও দিছে ৰাসলীলাৰ অপূর্ব শোভাময় বৃত্তান্তত। শ্ৰীকৃষ্ণই সহস্ৰ ৰূপ ধাৰণ কৰি সহস্ৰ গোপিনীৰ সৈতে বৃন্দাবনত নৃত্য কৰিছে। শৰৎ কালৰ পূর্ণিমাৰ নিশা। দশোদিশে শাৰদীয় সৌন্দৰ্যৰ পয়োভৰ। উন্মুক্ত আকাশত অগণন তৰাৰ মাজত পূর্ণ চন্দ্র, পৃথিৱীত ফল-ফুল জাতিষ্কাৰ, সুবাসিত সুশীতল সুবতাহৰ সুখময় পৰশ। সহস্ৰ গোপিনীৰ অপৰূপ লাৱণ্য-কান্তি, অৰূপ ৰূপত সহস্ৰ প্রেমিক কৃষ্ণ। এই দৃশ্য দেখি চন্দ্ৰই কৰিলে কি? “তম্ভাইলন্ত ৰথ সিটো নুপুহায় ৰাতি”।

সত্যা আইৰ ৰূপত চন্দ্ৰৰ উপৰিও সূর্যয়ো তম্ভাইলন্ত ৰথ। তেওঁৰ ৰূপ কেনেকুৱা? সতী পার্বতী সম। বৃন্দাবনত কৃষ্ণৰ সৈতে কামকেলি কৰা গোপিনীসকলৰ নিচিনা ৰূপ তেওঁৰ নহয়। সতী পাৰ্বতীৰ ৰূপ। পার্বতীৰ তুলনাটো চৰিতকাৰৰ মুখলৈ এটা কাৰণত আহিব পাৰে। পার্বতীৰ স্বামী সদাশিৱ আছিল ভঙুৱা দেৱতা। ভাঙেৰেই তেওঁক মানুহে পূজে। ডিঙিত সাপৰ মালা আৰু ককালত বাঘৰ ছাল পিন্ধিছিল। ষাঁড় গৰুৰ পিন্ধিত উঠি ডম্বৰু বজাই ঘূৰি ফুৰিছিল। জোঁৱাই আদৰিবলৈ যোৱা শাহুৱেক মেনকাৰ মনৰ অৱস্থাটো কামৰূপী লোকগীতত কি সুন্দৰকৈ যে ফুটাই তুলিছে – “মাথাৰ কাপোৰ গুচাই দেখে জোঁৱাই উলঙ্গত হে . . .”। হৰিহৰ আতাৰ মনত বৈষ্ণৱ আদর্শ আৰু শাস্ৰ্ে-জ্ঞানেই আছিল একান্ত লক্ষ্য। সৌন্দৰ্যৰ প্রতি তিলমানো অনুৰাগ যে নাছিল সেয়াতো জলজল-পট্‌পট্‌। নিজৰ সৌন্দৰ্য বা পৰিপাট্যৰ প্রতিও যৎসামান্যও যেন মন-কাণ নাছিল, অধ্যায়টো পঢ়িলে তেনে ধাৰণাই হয়। কেৱল শাস্ত্র শাস্ত্ৰ কৰি থকা জলহু চেহেৰাৰ মানুহ এজনৰ পত্নীক পার্বতীৰ লগত চৰিতকাৰে তুলনা নকৰিবই বা কিয় ?

ইতিমধ্যে বিভিন্ন কথাত বিতুষ্ট হৈ হৰিহৰ আতাই বিভিন্ন স্থানত বসতি কৰি আহিছে। বাসস্থান সলাবৰ সময়ত চাৰিটা বিশেষ বস্তু তেওঁ কাহানিও এৰি নাযায়। লগতে কঢ়িয়াই নিয়ে। চৰিতকাৰৰ ভাষাত উৰল, সুমল, দ্বাৰ আৰু বিৰাল বা মাৰ্যাৰী উৰল বা উৰালৰ অর্থ সকলোৱে জানে। ধান বানিবৰ বাবে কাঠৰ সঁজুলি সুমলৰ অর্থ বোধহয় উৰাল-মাৰি। দ্বাৰ মানে দুৱাৰ। খেৰী-ঘৰত বাঁহ বা কাঠেৰে সজা দুৱাৰ এখন লগোৱা হয়। চালি, বেৰ আদি ঘৰৰ অন্যান্য সাসৰঞ্জামবোৰ য’ৰে বস্তু ত’তে এৰি আতাই বোধহয় দুৱাৰখন লগতে কঢ়িয়াই নিছিল। বিৰাল বা মাৰ্যাৰী (মাৰ্জাৰী ?) পোনপটীয়া অভ্যর্থত পোহনীয়া মেকুৰীও হ’ব পাৰে। নতুবা দুৱাৰ বন্ধ কৰিবলৈ ওপৰৰ অংশত যিডাল শলখা লগোৱা হয়, সেইডালকে বুজাব পাৰে। অভিধানত কেৱল মেকুৰী অৰ্থটোৱেই আছে। কিন্তু সৰুকালিতে দেউতাৰ মুখত এটা কথা শুনিছিলো। দুৱাৰৰ ওপৰ অংশত লগোৱা শলখাডালক স্থানীয় ভাষাত মেকুৰী-মাৰি বোলা হৈছিল হেনো। মাজৰ অংশ আৰু তলৰ অংশত লগোৱা শলখাৰ নামো কৈছিল। নাম দুটা পাহৰিছোঁ। যিয়েই নহওক, মেকুৰী বা শলখা কিবা এটাৰ সৈতে বাকী তিনিটা বস্তুৱেই আছিল হৰিহৰ আতাৰ জীৱনৰ অবিচ্ছেদ্য অংশ।

চন্দ্র-সূর্যয়ো থমকি ৰৈ মুগ্ধ নয়নে চোৱা পার্বতীসম ন-কইনাজনীৰ ওচৰত থিয় হৈ হৰিহৰ আতাই কৰিলে কি? উৰাল মাৰিডালেৰে মাটিত তিনিবাৰ ধমহ্‌ ধমহ্‌কৈ খুন্দা মাৰিলে আৰু গম্‌গমীয়া মাতেৰে নিজকে উদ্দেশ্য কৰি ক’লে, “কৰ যে কৰ।” ন গিৰিয়েকৰ মূর্তি দেখি সত্যা আইৰ কম্পমান অৱস্থা। চৰিতকাৰৰ ভাষাত আইৰ থৰহৰি কম্পমান অৱস্থা। চৰিতকাৰৰ ভাষাত, “আইৰ সেইতো আঠ অঙ্গ কুচি অত্রাহি হৈ কম্পমান হয়।” সদ্য-বিবাহিতা পত্নীক তেওঁ আৰু এটা কথা ক’লে। বোলে “কানী, অনাদি পশু পক্ষী অনেক জন্মত আকে ভোগ কৰা হৈছে। ভাৰতবৰ্ষ ধন্য, কলিত ৰাম জন্মত আকে ভোগ কৰা হৈছে। ভাৰতবৰ্ষ ধন্য, কলিত ৰাম নাম লৈ তৰিবৰ ইচ্ছা কৰ। ই বস্তু আন জন্মত নাই, আক পাই আশা নকৰিবি ক্ষুদ্র বিভৎস বিষয়।”

সত্যা আইৰ সাংসাৰিক জীৱন এনেকৈয়ে আৰম্ভ হ’ল। হৰিহৰ আতাৰ লগত যিদৰে উৰল, সুমল, দ্বাৰ আৰু বিৰাল অহৰ্নিশে সাঙোৰ খাই থাকে, সত্যা আইৰ সাংসাৰিক জীৱনকো সাঙুৰি ল’লে আতাৰ তিনিটা প্রাথমিক চর্তই, পৰপুৰষৰ মুখ নকৰিবি, পৰদ্ৰব্য গ্ৰহণ নকৰিবি, বেদবস্ত্ৰ নাদাঙিবি‌।
সত্যা আয়েনো কাৰ মুখ চাইছিল? আৰু এদিন গাঁৱৰে এখন বিয়ালৈ যায়। আই অল্প বয়স চেৰেকা কাল, বাৰ জুপি চালে। আতা অন্তৰ্যামী দীর্ঘদৃষ্টি পুৰুষ বাজতে বোলে, “কানী আমাৰ বাক্যটি পেলালি চা”‌। ঘৰৰ সন্মুখৰ আলিয়েদি পাৰ হৈ গৈছিল এদল বিবাহ-যাত্রী। বিয়া নাম, উৰুলি আৰু বাদ্য-বাজনাৰে মুখৰিত বিবাহ-যাত্ৰীৰ সমদল। কোমল বয়সীয়া সত্যা আয়ে বেৰৰ জলঙাৰে জুমি চালে। বিবাহ-যাত্ৰীৰ মাজত নাৰীৰ লগতে পুৰুষো থাকে। শিশু বা কিশোৰো থাকে। আতাই, বাহিৰৰপৰাই মাত মাতি উঠিল – “আমাৰ বাক্যটি পেলালি চা।” সত্যা আই পৰপৰুষৰ মুখ চোৱা অপৰাধত অপৰাধী সাব্যস্ত হ’ল। অর্থাৎ এটা চৰ্ত আয়ে ভাঙিলে। এনেকৈয়ে যদি আন দুটা চৰ্তও ভাঙে, পৰিনাম হ’ব ভয়ানক - এই ইঙ্গিতটোও আতাই দি থ’লে‌।

এদিন সত্যা আই পেহীয়েকৰ ঘৰলৈ ফুৰিবলৈ গৈছিল চমা সুঁতি পাৰ হৈ‌। ফুৰি-চাকি ঘৰলৈ উভতি আহিল। গিৰিয়েকে সুধিলে বোলে, “কানী পানী কিমান হ’ল? বোলে আঠুসম হ'ল। বোলে আমাৰ বাইক পেলালি ঘূৰি দহো ভিজা নাই দাঙ্গিলি?” বেদবস্ত্ৰ কেতিয়াও নাদঙিবলৈ হৰিহৰ আতাই সত্যা আইক সকীয়াই থৈছিল। একাঁঠু পানীৰ সুঁতিটো পাৰ হৈ আই পেহীয়েকৰ তালৈ গ’ল, আকৌ পাৰ হৈ উভতি আহিল - ‘বেদবস্ত্ৰ’ মানে, তেওঁৰ মেখেলাৰ তলভাগ নিতিতিল কিয়? আঁঠুলৈকে তিতি জিপজিপীয়া হৈ থাকিব লাগিছিলতো‌। তাৰ মানে সুঁতিটো পাৰ হওঁতে আয়ে আঁঠুলৈকে মেখেলা দাঙিছিল? কিয় দাঙিলে? গিৰিয়েকৰ আদেশ অমান্য কৰিলে কিয়? হৰিহৰ আতাই আকৌ সকীয়ালে – “দুইবাৰ ক্ষমিছো তিনিবাৰ চৰা যাব।”

দুটা চৰ্ত ভঙ্গ হোৱা এই ঘটনা দুটাৰপৰাই স্পষ্টকৈ বুজা যায়, হৰিহৰ আতাৰ মনত নাৰীৰ চৰিত্ৰ আৰু সততাৰ ওপৰত তিলমানো বিশ্বাস নাছিল। কিন্তু পত্নীৰপৰা অচলা ভক্তি আৰু শ্রদ্ধা দাবী কৰাৰ লগতে প্রেমো দাবী কৰিছিল। পৰপুৰুষৰ মুখলৈ চোৱাৰ বাধা, একমাত্র তেওঁৰ মুখলৈহে চাব পাৰিব। অর্থাৎ দেহে-মনে হৰিহৰ আতাক তেওঁ বিচৰাত কোনো বাধা নাই। কিন্তু ‘বেদবস্ত্র নাদাঙ্গিবি বা ৰাম নাম লৈ তৰিবৰ ইচ্ছা কৰ, আক পাই আশা নকৰিবি ক্ষুদ্র বিভৎস বিষয়', – এই বাক্যবোৰে কি সূচায়? সত্যা আয়ে বাৰু বেৰৰ জলঙাৰে বিবাহ সমদল এটালৈ ভুমুকিয়াই চায়েই পৰপুৰুষৰ মুখ চোৱা দোষত দোষী সাব্যস্ত হ’ল, কিন্তু তেওঁৰ নিজ পতিয়ে নিজ পত্নীৰ মুখলৈ কোনোবা দিন চাইছিল নে চাগৈ ? তেওঁলোকৰ সম্পর্কটো স্বামী-স্ত্রীৰ আছিল নে ভগৱান-ভক্তৰ? নে প্রভু-ভৃত্যৰহে? উৰালটোৰ সমান মর্যাদাও সত্যা আয়ে পাইছিল নে বাৰু? অথবা সুমল, দ্বাৰ, বিৰালৰ সমান?

চ’তৰ বিহুৰ তিনি দিনৰ পাছত সত্যা আইক খুড়াকে লৈ গ’ল। বিহুৰ বতৰত বৰদৈচিলাও আহে মাকৰ ঘৰলৈ। সত্যা আয়ো স্বামীৰ অনুমতি লৈ গ’ল। স্বামীয়ে মাথোন ক’লে - “সাঁদহ পিঠা নেখাবি যা।” মাকৰ ঘৰ পায়গৈ মানে গধূলি হ’ল। মাকে টৌ-খুঁটি মাৰি ৰন্ধাৰ যোগাৰ কৰি দিছে। গা-পা ধুই সত্যা আয়ে নিজৰ চাউল মুঠি সিজাবলৈ বহিল। মাকে চিৰা-পিঠা দুগ্ধ-চেনিৰে দিছে। বোলে খাই চাউল সিজা। আয়ে বোলে, “আতা বাধা কৰিছে খাবলৈ।” বোলে ভকতে বাধা যে কৰে, আমিনো অন্ধলী নে বছৰেকৰ সংক্রান্তিতো। মোৰ শপত খা। আয়ে পিঠা হাতে নি কামোৰ মাৰিছে। আতা গৈ চুপে ৰৈ চাই আছিল। বোলে “বাৰু কানী, খা৷ তই বাক্য পেলালি তিনিবাৰ হ’ল, থাক, চৰা গ’ল।” শুনি অত্ৰাহি হৈ মুখতে সৰি পৈল।

চৰা গ’ল। সঁচাকৈয়ে এৰি দিলে সত্যা আইক। বাহ্যিক দৃষ্টিত স্বামী-স্ত্রীৰ যি বন্ধন-সূত্র মেৰ খাই আছিল ইমান দিনে, সেই বন্ধন একে আঁজোৰতে ছিঙি পেলালে হৰিহৰ আতাই। স্বাভাৱিক অৱস্থাটোৰ কোনো বর্ণনা দিয়া নাই। কিন্তু অতর্কিতে, অথবা অতি স্বতঃস্ফূর্তভাৱে এটা কথা তেওঁৰ মুখৰপৰা ওলাই আহিছে “অত্ৰাহি হৈ মুখতে সৰি পৈল।” হৰিহৰ আতাৰ মাতটো শুনাৰ লগে লগে ‘অত্রাহি’ অৱস্থা তেওঁৰ বিবাহিতা পত্নীৰ‌। যেন নিদাৰুণ এটা পৰিস্থিতিত বাধ্যত পৰি চুৰ কৰিবলৈ যোৱা কোনোবা অসহায় শিশু এটাক হাতে-লোটে গৃহস্থই ধৰি পেলালে। গৃহস্থৰ মুখাবয়ৱ আৰু ফান্দত পৰা নিগনিৰ দৰে শিশুটোৰ অসহায় কৰুণ চকুহাল আমাৰ মনৰ মাজত যিদৰে স্পষ্ট হৈ উঠে, তেনেদৰেই স্পষ্ট হৈ উঠে সত্যা আই আৰু হৰিহৰ আতাৰ এই চৰ্তৰ দৃশ্যটো। ‘অত্ৰাহি’ শব্দটো ক’ত ক’ত খাটে? আচম্বিতে এটা বাঘ এটা বনৰীয়া হাতী, বা ফণা তুলি থকা এডাল সাপৰ মুখত পৰি গ’লে যি অৱস্থা হ’ব পাৰে, তেনে অৱস্থা। সত্যা আয়ে কাৰ মাত শুনিলে? হঠাতে ভূত দেখাদি কাক দেখিলে? নিজৰেই গিৰিয়েকক নে এটা বনৰীয়া হাতী বা উদ্যত বাঘ বা ফণা মেলি থকা বিষাক্ত সাপক? চৈধ্য প্রসংগৰ সময়ত হৰিহৰৰ সেই মাহাত্ম্য চর্চা কৰি থাকোতে চৰিতকাৰগৰাকীও নিজৰ অজ্ঞাতে অত্ৰাহি হৈ উঠিছিল নেকি বাৰু? নে সাধুকথা কোৱা ৰসিক কথকৰ মুখৰপৰা সাধুৰ আমেজতে ওলাই পৰিছিল ‘অত্রাহি’ শব্দটো ?

কান্দি-কাতি সত্যা আই ব্যাকুল। খুড়াকে তেওঁৰ পতিগৃহত থ’বলৈ আহিলত, কোনো পধ্যেই আতাই নাৰাখে। আতা বোলে, “আমি চাৰি আহিলো, নিয়া যক।” বোলে “বাপ, নি আমি এটা অসন্তোষহে পালো। পূর্বে তোম্ৰাৰ পদতলে মৰিবলৈ দাসীকৈ দিয়া হ’ল, কিয় নিম?” স্বামীৰ ভৰিৰ তলত মৰিবলৈকে দাসী হিচাপে বিয়া দিয়া হৈছিল সত্যা আইক। ওভতাই নিয়েনো কেনেকৈ? ঋকবেদৰ যুগত ভাৰতীয় সমাজত পত্নীৰ যি সহধর্মিণীৰ মৰ্যাদা, সেয়া ইতিমধ্যে ভূলুষ্ঠিত হৈ পৰিছে। আগতেও শব্দটোহে আছিল, অর্থ আছিল পাতৰ তলৰ লাওটোৰ দৰে। পাতবোৰ গুচাই চালেহে দেখা যাব চাগৈ অৰ্থৰ আকাৰ আৰু প্ৰকাৰ।

যিয়েই নহওক, সেই বিষম পৰিস্থিতিত সত্যা আয়ে কি ক’লে তাকেই শুনোচোন। আয়ে বোলে, “খুড়া, তুমি যোৱাগৈ। তাৰা চাৰিলেও আমি এৰিম কিয়? এই জন্মৰ দাসীনে?” হৰিহৰ আতাই তেওঁক ঘৰত সোমাব নিদিলে। চালি এখনৰ তলতে থাকিল তিনি পক্ষ অৰ্থাৎ তিনিটাকৈ পষেক। সুখময় গ্লানিময় ডেৰটা মাহ। ইয়াৰ পাছৰ ঘটনা আৰুহে শিহৰণময়। তালৈকে আহিল কামদেৱৰ দৰে এক সুদর্শন পুৰুষ‌। দানশীল ব্যক্তিয়ে যিদৰে উদাৰচিত্তে আৰু মুক্তহস্তে দান কৰে, সেইদৰে হৰিহৰ আতাই সেই কামদেউসদৃশ পুৰুষত দান দিলে সত্য আইক‌। “তেহে এটা দিব্য কামদেউ সদৃশ পুৰুষ আহিল। বোলে কানী, তোক দিছোঁ যা। সি নিলে। আই একো ভোজন নকৰে শুলে। সি নিশা কামবাণ ধর্ষি যায়। অগ্নি লগা দি লাগে, হুহকি আছে। এনেই গৈ পুৱালগৈ নিশা।” একো নোখোৱা-নোবোৱাকৈ শুই পৰা সত্যা আইৰ ছবিখন, নিশা কামবাণে ধর্ষি যোৱা ‘সি’। চৰিতকাৰৰ মতে হৰিহৰ আতাৰ ঐশ্বৰিক মাহাত্ম্যৰ গুণতে সত্যা আইক সি স্পর্শ কৰিবও নোৱাৰিলে। ‘অগ্নি’ লাগিলে যিদৰে মানুহ উচপ খাই উঠে, আৰু পিচুৱাই আহে, ঠিক তেনেকৈ সি পিছ হুহঁকি গ’ল। পিছে হৰিহৰ আতাৰ তেনে ঐশ্বৰিক মাহাত্ম্য থাকোতেও ‘সি’ মানুহটো গৈ সেই চালিখনৰ ওচৰ পাইছিল নো কেনেকৈ সেয়াওতো এটা প্রশ্ন। পতিব্ৰতা সত্যাৰ কি দৃঢ়তাৰ মাহাত্ম্যত সি পিছ হুহঁকিবলৈ বাধ্য হৈছিল, সেই মাহাত্ম্যত ঢাক খাই নাথাকিলনে পাতৰ তলত? কি অপমান, কি অসন্মান, কি আতঙ্ক আৰু কি ধিক্কাৰৰ সত্যা আয়ে তেনে দৃঢ়তাৰ মাহাত্ম্য আয়ত্ত কৰিছিল, সেয়াতো ইমান অবোধ্য তত্ত্বকথা নহয়। এনেকুৱা মাহাত্ম্য যে, সি নিজৰ দিব্য গৃহ-বাৰীত সত্যা আইক ৰক্ষিতাৰূপে ৰাখিব আৰু নোৱাৰিলে। “পাচে গৃহতো ৰব নুৱাৰে দাহ তাপত, আনি শোধাই গ’লহি।” তেহে আতা বোলে, “ৰামৰাম, মাৰক এটি গৃহকৈ থনি, আমাৰ ভাৱনা আজিতে এৰি পেলাক।” ৰামায়ণত ৰামচন্দ্ৰই যিদৰে ভায়েক লক্ষ্মণক দায়িত্ব দিছিল-গভীৰ বনৰ মাজত সীতাক এৰি থৈ আহিবলৈ, তেনেদৰেই ৰামৰাম আতৈক দায়িত্ব দিলে - এটা পৃথক ঘৰত সত্যা আইক থৈ আহিবলৈ। নির্বাসন দণ্ড মূৰ পাতি লৈ আয়ে এষাৰ কথা ক’লে। “আএ বোলে মোৰ জন্মে জন্মে চৰণৰ দাসী, কিঙ্কৰী, টিকৰ স্বামী। সীতা বুইলে ৰাজা শশুৰ হৈবন্ত, কোশ ল্যা শাশু।” অৰ্থাৎ প্রত্যেকটো জন্মতে তোমাৰ চৰণৰে দাসী মই। তুমিয়েই মোৰ প্ৰতিটো জন্মৰে স্বামী। সীতা বুলি ক’লে কেৱল ৰামৰ ভাৰ্যা অর্থটোৱেই প্রকাশ নহয়, একেলগে এই অৰ্থত প্রকাশ হয় যে সীতা দশৰথ ৰজাৰ বোৱাৰী, কৌশল্যা তেওঁৰ শাহুৱেকৰ নাম। এই কথাখিনিৰে সত্যা আয়ে চাগৈ বুজাব খুজিছিল যে স্বামী হৰিহৰ আতাৰ ইচ্ছানুসৰি তেওঁৰ যি পৰিণতি হৈছে আৰু আগলৈও যি হ’ব, সেই পৰিণতিৰ লগত হৰিহৰ আতাৰ নামটোও চিৰকাল জড়িত হৈ থকাৰ লগতে জন্মসূত্রে আতাৰ যি পৰিচয়, - তেওঁৰ পিতৃ-মাতৃৰ মান, এইবোৰো অবিচ্ছিন্নভাৱে জড়িত হৈ আছে, আৰু থাকিব। তেওঁ চিৰকালেই হৰিহৰৰ পত্নী, হৰিহৰৰ পিতৃ আৰু মাতৃয়েই তেওঁৰ চিৰকলীয়া শহুৰ আৰু শাহু। এই সম্পর্কৰ ভাঙোন নাই। দোষে-গুণে, সুখে-দুখে, আবাসনে-নিৰ্বাসনে অখণ্ডনীয় এই সম্পর্ক। ভাৰতীয় সমাজৰ পতিব্ৰতা বা সতী নাৰীৰ অবিচল সততাৰেই অবিকল প্রতিমূর্তি আই সত্যা। এনেকুৱা এটা প্রতিকূল পৰিস্থিতিতো তেওঁৰ আত্মবিশ্বাস সামান্যও টুটি যোৱা নাই। বৰঞ্চ বাঢ়িহে গৈছে। হৰিহৰ আতাৰ আঁকোৰগোজ আত্মবিশ্বাসক তল পেলাই তেওঁৰ আত্মবিশ্বাসৰ দৃঢ়তা আৰু স্নিগ্ধতাই বহু ওপৰত অৱস্থান কৰিছেগৈ। এনে অনুভৱ হয়, যেন স্বামীগৰাকীৰ আঁকোৰগোজালিবোৰ দুৰ্বলতাৰহে পৰিচায়ক। তাৰ তুলনাত অনেক গুণে সবল সত্যা আইৰ বিচাৰ-বিশ্লেষণ‌।

ধৈর্য আৰু জীৱনবোধ থাকক বা নাথাকক, হৰিহৰ আতা কিন্তু সঁচাকৈয়ে এগৰাকী অতি নৈষ্ঠিক আৰু শাস্ত্রজ্ঞ বৈষ্ণৱ আছিল। সত্যা আয়ে যেতিয়া সীতাৰ পটন্তৰটো দাঙি ধৰিলে, আতাৰ কঠিন হৃদয় সামান্য কুমলিল। এই মানুহজনীৰ মনত যে কিছু বোধ জ্ঞান আছে, সেইটোও বুজি পালে। তেহে আতা ডাঠ বুদ্ধি দেখি বোলে স্বামী ভাও এৰি গুৰুবোধে চিন্তিব। ৰাম ৰাম কৈ ধান চিৰি দিনতে যি মুঠি চাই উলপ খাব, আমাক পাবগৈ পৰজন্মে। এতিয়াৰেপৰা হৰিহৰ আতাক স্বামী বুলি নাভাবি সত্যা আয়ে গুৰু বুলি ভাবিব লাগিব। মুখেৰে অনবৰতে ভগৱানৰ নাম লৈ ‘ধান চিৰি” অর্থাৎ ধানৰ পৰা চাউল উলিয়াই দিনৰ ভাগতে এসাঁজ আহাৰ গ্ৰহণ কৰিব লাগিব। ৰাতিৰ আহাৰ বন্ধ। “উলপ খাব” অর্থাৎ কম পৰিমাণে খাব লাগিব, তেহে পৰজন্মত আতাক স্বামীৰূপে লাভ কৰিব সত্যা আয়ে।

ইয়াৰ পাছত দুটা বাক্যৰে সত্যা আইৰ কাহিনী চৰিতকাৰে সামৰি থৈছে। “আতৈয়ে নি এটি গৃহকৈ থলেনি। সেইদৰে গাই খাই অলপতে চলি পালেগৈ।” আন এটা ঘৰত অকলশৰীয়া আয়ে সেই মতেই ভগৱানৰ নামো গালে, “ধান চিৰি” ভাতো এসাঁজকৈ খালে। তাৰ পিছত অলপ দিনৰ ভিতৰতে তেওঁ প্রয়াণ কৰিলে। ধান চিৰি নিতে যে অলপকৈ এসাঁজ ভাত খাবলৈ ক’লে হৰিহৰ আতাই - এই কথাটোৱেও আমাক এই বিষয়ে অলপ চিন্তা কৰিবলৈ প্রণোদিত কৰে। পত্নীক আনৰ ঘৰত ধান বানি ভাতমুঠি মোকলাবলৈ ক’লে, নে আন এটা উৰাল পত্নীৰ আছুতীয়া ঘৰটোত যোগাৰ কৰি দি ভকতে যোগান ধৰা ধান নিজে বানি ভাত এমুঠি খাবলৈ ক’লে, নে আন কিবা মাঙ্গলিক বিধি-বিধানৰ কথা ক’লে? হৰিহৰ আতাৰ নিচিনা এগৰাকী শ্রদ্ধেয় ব্যক্তিৰ পত্নীৰ হতুৱাই মানুহে ধান বনা কামটো কৰাব, কথাটো বিশ্বাস কৰিবলৈ অলপ টান হয়। নিজৰ ঘৰতে নিজে উৰালত ধান বানি চাউল এমুঠি উলিয়াই খাবলৈ কোৱাত অৱশ্যে অস্বাভাৱিকতা একো নাই। কিন্তু সেই কথাটোনো তেওঁ ক’ব কিয়? নিজৰ যদিহে এটা উৰাল থাকে, ভকতে বা আতাই নিজে যদিহে মাজে-সময়ে ধান অলপমানৰ যোগান ধৰে, তেন্তে সত্যা আয়েনো বাৰু ধান এমুঠা সিজাই খাবনে? নিশ্চয় উৰালত বানি ল’ব। এইটো দিহা হৰিহৰ আতাই তেওঁক দিয়াৰ কোনো প্রয়োজনেই নাই। জীয়ৰী কালৰেপৰাই নিশ্চয় তেওঁ জানে - ধানৰপৰা কিদৰে চাউল হয়, চাউলৰপৰা ভাত। অৱশ্যে নিতৌ মাথোন এসাঁজ ভাত অলপকৈ খোৱাৰ নির্দেশটো সত্যা আইৰ বাবেও এটা নতুন কথা। গেন্ধেলী বুলি মিছাকৈয়ে সংবাদ পঠিয়াই তেওঁৰ বিয়াখন ঠিক-ঠাক কৰা কথাটো যিদৰে নতুন এটা অভিজ্ঞতা আছিল, তাৰ পিছত সেই তিনিটা চৰ্ত, তাৰো পিছত উৰাল মাৰিৰে মাটিৰ বুকুত তিনিটা ধমহ্‌ ধমহ্‌ খুন্দা, সেই মুহূর্তবোৰে এটা এটা নতুন চমকেৰে যিদৰে চমকাই তুলিছিল ন-কইনাজীৰ বুকু, ঠিক তেনেকুৱাই আৰু এটা নতুন অভিজ্ঞতা। আৰু এটা কথাই মনত খুদুৱাই আছে। সৰুতে দেখিছিলো, গোসাঁই-ঘৰত যেতিয়া গাখীৰৰ ভোগ ৰান্ধে, তেতিয়া ভোগৰ জহাচাউলখিনিৰ লগত মিহলাই দিবৰ বাবে এমুঠিমান জহা ধানৰ বাকলি নখেৰে চিকুটি এৰুৱাই দিয়া হয়। বাকলি এৰুওৱাৰ দায়িত্বটো কেতিয়াবা আমাৰ ওপৰতো পৰিছিল। মাঙ্গলিক কিবা বিধি-নির্দেশনা থকা হেতুকে বোধহয় এনে কৰা হৈছিল। এনেকৈ ধানৰ বাকলি নখেৰে চিকুটি এৰুৱাই যি চাউল উলিওৱা হয়, - সেইখিনিক পবিত্র বা শুদ্ধ বুলি ভবা হয় নেকি! পূজা-পাতল সম্পর্কে প্রত্যক্ষ জ্ঞান থকা মানুহে এই বিষয়ে স্পষ্টকৈ জানিব নিশ্চয়। ভয় লাগিছে, সত্যা আইক তেনেকৈ ধান চিৰিবলৈকে কোৱা হৈছিল নেকি বাৰু? কিমানটা ধানৰ চাউল উলিয়াব পৰা যাব তেনেকৈ? দৃশ্য এটা কল্পনা কৰোচোন। সন্মুখত একাঁজলি ধান। শাখা-সেন্দূৰ পৰিহিতা অৱগুষ্ঠিত এক ষোড়শী বা সপ্তদশীয়ে তলমূলৰকৈ ধানৰ বাকলি এৰুৱাইছে। শীৰ্ণ আঙুলিৰ চেপাত এটা ধান। তাৰপৰা এটা চাউল কাঁহী এখনত এটা এটাকৈ চাউল তেওঁ থৈ গৈছে। “উলপ খাব”। তেহে পৰজন্মত পাবগৈ পূজনীয় স্বামীৰ সন্নিধ্য। ভাবিলেই গাটো শিয়ৰি উঠে, কি পাপৰ কি শাস্তি!

ইয়াৰ পাছত আৰু একো নাই। সত্যা আইৰ কাহিনী শেষ হৈ গৈছে। চৰিতকাৰেতো সত্যা আইৰ কাহিনী কওঁ বুলি কোৱাও নাই। হৰিহৰ আতাৰ কথাহে শ্রদ্ধাৰে স্মৰণ কৰিছে। যেতিয়া সত্যা আয়ে স্বামীৰ নির্দেশ অনুসাৰে গাই খাই অলপতে চলি পালেগৈ, তেতিয়াও হৰিহৰ আতাৰ নানানধৰণৰ কর্মকাণ্ড চলি আছে। সেইবোৰ বৰ্ণনা কৰাত চৰিতকাৰ ব্যস্ত হ’ল।

আলোচিত বৃত্তান্তৰ মাজত দুই-এবাৰ সত্য আইৰ মাকৰ সামান্য উল্লেখ আছে। হৰিহৰ আতাই সত্যা আইক কানী বুলি মাতে। মাকজনীয়ে মনত বৰ কষ্ট পায় সেই সম্বোধনটো শুনি। এদিন কৈয়ো পঠালে - মোৰ আইটি সৰ্বসুলক্ষণা সুন্দৰী শুনিবলৈঅ ভাল, আতা কানী বোলে। বোলে আমাৰ গণকৰ গণকালি দেখি কানী বোলাত দোষ নাই যা কবি৷” কানী বুলি মাতোতেই মাকৰ দুখ, তাৰ পিছত যি পৰিণতি ঘটিল, তেতিয়া কেনেকৈ সহিছিল চাগৈ মাকজনীয়ে। কোৱা নাই। কিয় ক’ব চৰিতকাৰে ? চৈধ্য প্রসংগৰ মাজত এই কথা কোৱাৰ প্রশ্নই নুঠে।

ভক্তি-তত্ত্বত অটল বিশ্বাসী অসমৰ বৈষ্ণৱ সমাজখনৰ বিষয়ে ধ্ৰুৱজ্যোতি বৰাই কৈছে - ‘বৈষ্ণৱ ধৰ্মৰ মূল আদর্শগত ভিত্তি আছিল ভক্তিবাদ'। এই ভক্তিবাদৰ আদৰ্শৰ লগত জড়িত হৈ আছে যুক্তিহীন বিশ্বাস আৰু অলপ-অচৰ আনুগত্যৰ প্রশ্ন। লগতে তেওঁ আৰু এটা কথা কৈছে - সামন্ততন্ত্রই সৃষ্টি কৰিছিল তাৰ প্রয়োজনীয় ভক্তি আৰু আনুগত্যৰ আদর্শ। আৰু এই আদর্শই প্রকাশ পাইছিল অসমত নৱবৈষ্ণৱ মতাদর্শৰ মাজেদি। তদুপৰি এই মতাদর্শগত হাথিয়াৰে সামন্ততন্ত্ৰৰ ভিত্তিৰ সপক্ষে থিয় দি ইয়াক ব্যাপক আৰু শক্তিশালী কৰি তোলাত অৰিহণা যোগাইছিল। হায়, কাৰ গজগজীয়া প্রতিষ্ঠাৰ স্বাৰ্থত কোনে যে নিজৰ অজানিতে নিয়ম-নিয়ম বুলি অন্ধ-আচৰণকে সত্য বুলি মানি লয়। অন্ধ হ’লেও একপ্ৰকাৰে ভালেই। হৰিহৰ আতাৰ লগতে এখন সম্পূর্ণ সমাজৰো দৃষ্টিবোধ সলনি হৈ যোৱাটো যে আৰু ভয়ানক কথা। এজন ধর্মাচাৰ্যৰ সমস্ত উদ্ভট কর্মকাণ্ডবোৰ সমাজখনে নির্বিকাৰচিত্তে চাই থকাৰ অর্থ দুটা হ’ব পাৰে। প্রথমতে, ভাৰতীয় সমাজত ইতিমধ্যে চলি অহা নাৰীৰ সামাজিক অৱস্থান। সত্যা আই মানুহেই নহয় সমাজখনৰ দৃষ্টিত। হৰিহৰ আতাৰ পত্নীহে‌। তেওঁক হৰিহৰে ৰাখিলেও ৰাখিব, মাৰিলেও মাৰিব। সেইটোৱেই সংসাৰৰ উচিত ধর্ম। এই ধর্ম মানি চলিব পাৰিলেহে পত্নীয়ে ঊৰ্ধগতি লাভ কৰিব।

দ্বিতীয়তে বৈষ্ণৱ সাহিত্যত প্রতিষ্ঠিত প্রেম ভক্তিৰ মাহাত্ম্য। শ্ৰীকৃষ্ণৰ সৈতে গোপিনীসকলৰ প্রেম, ৰাসলীলা, গোপিনীসকলৰ বস্ত্ৰ হৰণ কৰি শ্ৰীকৃষ্ণ কদম গছত উঠি থকা আৰু তাৰেপৰাই বিবস্ত্র দেহেৰে গোপিনীসলক বস্তু খুজিবলৈ বাধ্য কৰা - এই সকলোবোৰ কাহিনীতে ভক্তি তত্ত্ব আৰোপিত হৈছে। বাস্তৱ জীৱনত এই তত্ত্বৰে প্রেম ভাবটো বর্জিত হৈ কেৱল ভক্তি ভাবটোৰ ওপৰতে সমস্ত গুৰুত্ব প্রদান কৰা হৈছিল বুলি ভবাৰ যথেষ্ট থল আছে। প্রেম ভক্তিৰ লগতে দাস্য ভক্তিও বৈষ্ণৱ সাহিত্যৰ প্রাণবস্তু। যি ভক্তি হৰিহৰ আতাই পত্নীৰপৰা দাবী কৰিছিল, তাৰ লগতে দাস্য ভাবটোও প্রধান ৰূপত থকাটো তেওঁ বোধহয় কামনা কৰিছিল। এই দাস্য ভক্তিভাবৰ অধিপত্যৰ হেতুকেই চৈধ্য প্রসংগত হৰিহৰ আতাৰ উদ্ভট কাণ্ডবোৰ ভকত সমাজে উদাসীন চিত্তে অথবা ভক্তিৰসত আপ্লুত মনেৰে শ্ৰৱণ-কীৰ্তন কৰিছিল বুলি ধৰি লোৱাৰো যুক্তিযুক্ততা আছে‌। এটা কথা স্পষ্ট যে এডাল চুলিৰ মানো হেৰফেৰ নকৰাকৈ নিজৰ সিদ্ধান্তত চলা বাবেই হৰিহৰ আতা চৈধ্য প্রসংগৰ সময়ত স্থান পাবৰ যোগ্য‌। চৰিত চর্চাৰ বিষয়। সেই সিদ্ধান্তবোৰ এডাল চুলিৰ মানো হেৰফেৰ নোহোৱাকৈ নতশিৰে মানি যোৱা বাবেই সত্যা নামৰ দুখুনী নাৰীগৰাকী হৈ উঠিল আই। তেওঁ যেন বসুমতী আই। সেই বসুমতীৰ বুকুত ভৰি থৈ বুকু ফিন্দাই মূৰ ওখ কৰি থিয় হৈ ৰ’ল হৰিহৰ আতাৰ শ্ৰৱণ-কীৰ্তন-স্মৰণ-বন্দনযোগ্য অমৰ অস্তিত্ব।

আৰু এটা কথা। ‘হৰিহৰ আতাৰ চৰিত’ অধ্যায়ৰ আৰম্ভণিতে শঙ্কৰদেৱৰ উল্লেখো চৰিতকাৰে কৰিছে। সেই মতে তেওঁক বিয়াৰ পৰামৰ্শটো শঙ্কৰদেৱেই দিছিল। সত্যা আইৰ মৃত্যুৰ সময়লৈকে শঙ্কৰদেৱ আছিল নে নাই, সেই কথা অৱশ্যে জানিব পৰা নাযায়। কিন্তু শঙ্কৰদেৱ নাথাকিলেও মাধৱদেৱ বা ভবানীপুৰীয়া গোপাল আতা আদিৰ দৰে নমস্য ব্যক্তি নিশ্চয় আছিল। হৰিহৰ আতাক আৰম্ভণিতে শঙ্কৰদেৱে যেনেকৈ আজ্ঞা, পৰামর্শ বা বাধা দিছিল, পিছৰপিনে, ইমান অকার্য কৰা সত্ত্বেও পূৰ্বৰ ভূমিকা কিয় গ্রহণ কৰা নাছিল - সেইটোও এটা চিন্তনীয় বিষয়। দাস্য ভক্তিৰ পৰাকাষ্ঠাৰ বাবেই নে স্ত্রী, শূদ্র আদি বুলি নিম্ন শ্রেণীটোৰ বিষয়ে সর্বদাই উল্লেখ কৰা সামন্তীয় মনোবৃত্তিৰ ক্রিয়াৰ বাবে?

প্ৰসংগ পুথি :
১। কথাগুৰুচৰিত, উপেন্দ্র চন্দ্র লেখাৰু সম্পাদিত।
২৷ অসমীয়া সাহিত্যৰ ৰূপৰেখা, ড০ মহেশ্বৰ নেওগ।
৩। মোৱামৰীয়া গণ অভ্যুত্থান, ধ্ৰুৱজ্যোতি বৰা।
৪। বৈষ্ণৱবাদৰপৰা মায়ামৰীয়া বিদ্রোহলৈ, ড০ অমলেন্দু গুহ।

Share Button
Print Friendly, PDF & Email

No Comments : "গুৰুপত্নী সত্যা আই - (মনোৰমা দাস মেধি)"

Leave a Comment

Your email address will not be published. Required fields are marked *