হানিকাৰক বাপু - (নিখিলেশ্বৰ বৰুৱা)

‘দংগল’ চালো। প্ৰথম কথা - বাধ্যতামূলক দেশপ্ৰেমৰ প্ৰথম সোৱাদ পালো, দেশপ্ৰেমৰ ভয়ত ইমান দিনে চিনেমাই চোৱা নাছিলো। ‘দংগল’ বলিউডৰ পৰিসৰেৰে চালে এখন প্ৰায় নিখুঁত চিনেমা - নিৰ্মাণ আৰু পৰিবেশন সুন্দৰ (আৱহ সংগীত আৰু দুই-এটা অদৰকাৰী গান বাদ দি), অতিনাটকীয়তা আছে যদিও তুলনামূলকভাৱে কম। খেল বিষয়ক চিনেমাৰ সঁচা অৰ্থত কোনো উৎকণ্ঠা নাথাকে, কাৰণ মূল ব্যক্তি বা দলটো যে জিকিব সেয়া আমি জানোৱেই। তথাপিও এটা উত্তেজনাৰ পৰিবেশ তৈয়াৰ কৰি দৰ্শকক শেষ মুহূৰ্তলে ধৰি ৰাখিব পৰাটোৱেই খেল বিষয়ক চিনেমাৰ প্ৰধান সফলতা। সেই ক্ষেত্ৰতো ‘দংগল’ সফল বুলিব পাৰি। তদুপৰি কুস্তি প্ৰতিযোগিতাবোৰৰ ইমান সুন্দৰ উপস্থাপন, যেন চিনেমা নহয় আচল প্ৰতিযোগিতাহে। ‘দংগল’ৰ সৰ্বশ্ৰেষ্ঠ দিশটো হ'ল অভিনয়, প্ৰতিটো চৰিত্ৰৰ, আনকি সৰুসুৰা চৰিত্ৰবোৰো, অভিনয় সুন্দৰ। বিশেষকে সৰু ছোৱালী দুজনীৰ অভিনয় অভিনৱ। আমিৰ খানৰ জীৱনৰ এয়া সৰ্বশ্ৰেষ্ঠ অভিনয় বুলিলে বোধহয় ভুল নহ'ব। তেনেহ'লে হাত চাপৰি বজোৱাহে কথা, নে কি কয়?

মই পিছে হাতচাপৰি বজাব নোৱাৰিলো। চিনেমাখনক, নিৰ্মাতাৰ ফালৰপৰাও আৰু কিছু সমালোচকৰ ফালৰপৰাও, নাৰীশক্তিৰ বিজয়ৰ আখ্যান বোলা হৈছে। এফালৰপৰা চাবলৈ গ'লে কথাটো হয়, হাৰিয়ানাৰ দৰে অতি পুৰুষতান্ত্ৰিক ৰাজ্য এখনত মহিলা কুস্তিৰ সফলতা আশ্চৰ্যজনক (শেহতীয়া উদাহৰণ সাক্ষী মালিক), তাত মহাবীৰ সিং ফোগতৰ (‘দংগল’ তেখেতৰ জীৱনৰ ওপৰত আধাৰিত) বিশেষ অৱদান আছে। তেওঁৰ আচল জীৱন কাহিনী নাজানো, কিন্তু ‘দংগল’ৰ মূল বিষয় নাৰীশক্তি নহয়, বৰং পুৰুষ অহংকাৰ তথা নিষ্ঠুৰ অভিলাষহে।

এজনীৰ পিছত এজনীকে চাৰিজনী কন্যা সন্তানৰ জন্মত বাপেক একেবাৰে নিৰাশ, কাৰণ তেঁওৰ সপোন আছিল পুত্ৰ জন্ম হৈ তেওঁ নিজে জিকিব নোৱৰা মেডেলবোৰ জিকিব। বিফল সপোনেৰে ভাগি পৰা মানুহজনে ঘটনাক্ৰমে ডাঙৰ জী দুজনীৰ মাজতে ভগ্ন স্বপ্ন পূৰ্ণ হোৱাৰ আশা বিচাৰি পালে। চিনেমাখনৰ প্ৰথমভাগটো প্ৰশিক্ষণৰ নামত দুজনী সৰু ছোৱালীক দেউতাকে কৰা চূড়ান্ত অত্যাচাৰ। মাকৰ মতামতৰ কোনো মূল্য নাই, নিজৰ জীয়েকৰ ওপৰত কোনো অধিকাৰ নাই। জীয়েক দুজনীৰ কোনো ইচ্ছা নাই, কুচকাৱাজৰ নামত নিজৰ শৈশৱ জলাঞ্জলি দিয়াৰ বাদে। কিন্তু বাপেকে নিজৰ সপোন পূৰা কৰিবই, হাতত এচাৰি লৈ হ'লেও।

সপোন সফল হোৱাৰ পথত আগ বাঢ়িল। ডাঙৰজনী ছোৱালী ৰাষ্ট্ৰীয় শিখৰ পাৰ হৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণ ল'বলে national sports academyলৈ গ'ল। বাপেকৰ নিশ্চয় আনন্দই কুলাই-পাচিয়ে নধৰা হ'ব? অ', তেখেতৰ আক' মনত বৰ বেজাৰ। কি বেজাৰ? ছোৱালী হাতৰপৰা ওলাই গ'ল, তাই নতুন গুৰুৰ তলত প্ৰশিক্ষণ ল'ব! নতুন গুৰুৰ শিক্ষা ভুল প্ৰমাণ কৰিবলে জীয়েকৰ লগত কুস্তিও যুজিলে! কিন্তু শুভচিন্তক বাপেককতো খলনায়ক বুলি দেখুৱাব নোৱাৰি, আনহাতে খলনায়ক অবিহনে বলিউডৰ সোৱাদ নুঠে। সেয়ে খলনায়কৰ আবিৰ্ভাব হ'ল নতুন প্ৰশিক্ষকজনৰ ৰূপত। খেল বিভাগৰ বিষয়ববীয়াৰ কাম-কাজে ভাৰতীয় খেল জগতখনক চহকী কৰি তোলাৰ পথত হেঙাৰ হোৱা - এইধৰণৰ এটা প্ৰাসংগিক বিষয়ে চিনেমাখনত এক বেলেগ মাত্ৰা দিয়াৰ অৱকাশ আছিল (ইংগিত অৱশ্যে আছে, বিশেষকে স্থানীয় বিষয়াজনে আৰ্থিক সাহায্যৰ নিবেদন অতি তৰলভাৱে উৰুৱাই দিয়া ঘটনাটোত)। কিন্তু বলিউডৰ সহজাত ঠেক গণ্ডীৰ ঊৰ্ধ্বলে' যোৱাৰ কোনো প্ৰয়াস দেখা নগ'ল। খলনায়কৰ চৰিত্ৰটোৰ নিজস্ব কোনো ভূমিকা নাই, তাৰ একমাত্ৰ ভূমিকা হ'ল দেউতাকৰ চৰিত্ৰটোক নিষ্ঠুৰ পৌৰষিকতাৰপৰা প্ৰশংসাপাত্ৰ সফল নায়কলে' ৰূপান্তৰ কৰা। সেয়েহে উদ্যমহীনতা তথা (সম্ভৱতঃ) অক্ষমতা খলনায়ক হোৱাৰ অৰ্হতা হিচাপে যথেষ্ট নহয়, দৰ্শকৰ বুকুত প্ৰত্যক্ষভাৱে হান মাৰিব পৰা বেয়া কাম কৰিবই লাগিব, খলনায়কৰ ঈৰ্ষাই নায়কৰ জীৱনলে' কৰ্ঢ়িয়াই আনিব লাগিব অসহায় সংকট। আচলতে ‘দংগল’ৰ খলনায়ক আছিল পুৰুষতান্ত্ৰিক সমাজখন, আৰু তাক চিনেমাখনত সফলতাৰে উপস্থাপনো কৰা হৈছে, বিশেষকে ছোৱালী দুজনীয়ে গাঁৱত ল'ৰা প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে ‘দংগল’ খেলিবলৈ যাওঁতে উপস্থিত দৰ্শকসকলে কৰা নিছক আৰু যৌনগন্ধী মন্তব্যবোৰৰ জৰিয়তে। কিন্ত নায়ক/খলনায়কৰ দ্বিমুখী সৰলীকৰণে সেই সম্ভাৱনাক তৰল ৰগৰৰ পৰ্যায়তে সীমাবদ্ধ ৰাখিলে।

দেউতাকৰ চৰিত্ৰটো বাস্তৱ জীৱনৰ ওপৰত আধাৰিত, যদি সঁচা জীৱনত মানুহজন তেনেকুৱাই আছিল তেনেহ'লে চিনেমাত তেনে দেখুওৱাত কি আপত্তি থাকিব পাৰে? বাস্তৱ একক আৰু পৰম (singular and absolute) নহয়, গতিকে বাস্তৱৰ কোনটো দিশত দৃষ্টিপাত কৰিম আৰু কেনেদৰে কৰিম সিয়ে দেখুৱাব আমাৰ স্থিতি তথা উদ্দেশ্য। ‘দংগল’ চিনেমাখনক দেউতাকৰ চৰিত্ৰটোৰ ওপৰত কেন্দ্ৰীভূত কৰা, আৰু শেষত তেঁওৰ কেৱল উদ্দেশ্যই নহয়, প্ৰণালীও শুদ্ধ বুলি চৰিত্ৰটো মহিমাময় কৰি তোলাটো কাহিনীৰ বাস্তৱতাৰ সীমাবদ্ধতা নহয়, বৰং এটি দিশক অগ্ৰাধিকাৰ দিয়াৰ সচেতন বাছনি। সেয়েহে পুৰুষ হ'ল হৰ্তা কৰ্তা বিধাতা, নাৰী মাথোন খেলনা -এনে এটা বাৰ্তা চিনেমাখনত ভাহি উঠা যেন লাগিল (যিদৰে আন এখন নাৰীশক্তিৰ আখ্যান ‘পিংক’ চিনেমাখনত ভাহি উঠা ভাবটো আছিল – উদ্ধাৰকৰ্তা পুৰুষ অবিহনে নাৰী নিঃসহায়)।

Share Button
Print Friendly, PDF & Email

No Comments : "হানিকাৰক বাপু - (নিখিলেশ্বৰ বৰুৱা)"

Leave a Comment

Your email address will not be published. Required fields are marked *