হাৱা-পানীৰ বুদবুদ - (গৌৰীশংকৰ দাস)

 

 শুকান মৰা ঠাৰিৰে আমি দুটা বস্তু সাজিছিলোঁ

খেলনাৰ ভৰ জাল আৰু ভাত বৰশীৰ পুঙা,

যিবোৰ উজানৰ দিনত কেতিয়াও কামত নাহিছিল৷‌

 

সৰুতে মোৰ সপোন আছিল বাজিকৰ হোৱাৰ,

কিন্তু এসময়ত সেইবোৰ সকলো আয়াৰীৰ মোনাটোৰ লগতে হেৰাই ভূত হৈ গৈছিল

হয়তো কোনোবা এটা বাৰিষাত; ধল পানীৰ লগত৷

 

সেইবোৰ থাকক৷

আজি এটা পুৰণি কথা মনত পৰিছে৷

 

তামৰঙী আবেলি এটাত

ফুটফুটীয়া ছোৱালীজনীক লাগে

এটা ৰঙা ফিছাৰ মাছ,

ভাত বৰশী টোপাই তাক ধৰিছোঁ৷

তাইক দিবলৈ আহোঁতে দেখোঁ - দলঙত থিয়া থি কৰি আছে তাইৰ এটি হাঁহি

 

তাইৰ হাতত এটা ৰঙা ফিছাৰ মাছ আৰু এখন কাঁচৰ চিলা,

তাই আকৌ লাহেকৈ হাঁহি দিলে আৰু

কাঁচৰ চিলাখন থনককৈ ভাগি উৰি গৈ পানীত লুকাই পৰিল৷

 

এৰি দিলোঁ,

ৰঙা ফিছাৰ মাছটো মই পানীত এৰি দিলোঁ;

পানী পাই সিও এটা হাঁহি মাৰিলে;

হাৱা-পানীৰ সমিলমিলত এটা বুদবুদ উঠি আহিল আৰু

ক'ৰবাত লুকাই থকা কাঁচৰ গুৰিবোৰত লাগি ফুটি থাকিল ৷

 

তৰাং পানীযুঁৱলিবোৰে পুনৰ মোক উপহাস কৰিলে,

আয়াৰীৰ মোনাটো হেৰাওঁতে যেনেকৈ কৰিছিল তেনেকৈ৷

 

এইবোৰ বহুত কথা ৷

আজিকালি বৰকৈ উজান পৰে,

কেতিয়াবা থল মাটিতো ৷

উজানত খেলনাৰ ভৰ জালৰ কাম নাই

আৰু বাজিকৰৰ দুনিয়াত কাম নাই ধোদৰ,

ধোদে নাজানে হাৱা-পানীৰ বুদবুদৰ ৰহস্য,

কিন্তু চতুৰ বাজিকৰে জানে মুদ্ৰাৰ তল ৰূপান্তৰৰ ৰহস্য ৷

 

কথাবোৰ মই বহুত দেৰিকৈ বুজোঁ ৷

শুকান মৰাৰ ঠাৰিৰে

সেয়ে আজিকালি বন্দুক সাজোঁ ৷

Share Button
Print Friendly, PDF & Email

No Comments : "হাৱা-পানীৰ বুদবুদ - (গৌৰীশংকৰ দাস)"

Leave a Comment

Your email address will not be published. Required fields are marked *