হিন্দী চিনেমাৰ ৰাজনীতি-(মানস প্ৰতীম কলিতা)

আচলতে আমি দেখি থকা হিন্দী চিনেমা, অৰ্থাৎ মুখ্যতঃ বলিউদী চিনেমাৰ ৰাজনীতিটো কি? যিহেতু সমাজ পাতি জীয়াই থকা পৃথিৱীৰ যিকোনো অংশৰেই কলা সাহিত্য- সংস্কৃতি অৰাজনৈতিক নহয়, তেনেস্থলত তথাকথিত হিন্দী চিনেমাৰ ইংগিত সমূহ কেনেকুৱা? মেইন-ষ্ট্ৰীম নিৰ্দেশকৰ, প্ৰযোজকৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনীতি সম্পৰ্কে ধাৰণা সমূহ কেনে? কবলৈ গৈ আছো ১৯৯৮ চনত মুক্তিলাভ কৰা, দক্ষিণৰ এজন সুপ্ৰতিষ্ঠিত নিৰ্মাতা মনিৰত্নমৰ দ্বাৰা ৰচিত পৰিচালিত আৰু শ্বাহৰুখ খান, মনীষা কৈৰালা অভিনীত ছবি "দিল ছে"ৰ কথা। বলিউদী পাৰ্টি, গছিপ, বিতৰ্ক আৰু এৱাৰ্ড শ্ব' সমূহৰ পৰা দূৰত থকা মণিৰত্নম আনসমূহতকৈ কিছু ব্যতিক্ৰম আৰু তেওঁৰ ছবিসমূহ বিশেষকৈ ৰোজা, দিল ছে আৰু বম্বে ভাৰতৰ তিনিটা জলন্ত সংকটৰ ওপৰত নিৰ্মিত আছিল আৰু খুব সম্ভৱ তেৱেঁই প্ৰথম নিৰ্দেশক যিয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমস্যা হিন্দী ছবি যোগে উপস্থাপন কৰিছিল। যিহেতু insurgency অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে আজিও এটি স্পৰ্শকাতৰ বিষয় আৰু ভাৰতৰ অখণ্ডতাৰ প্ৰতি এটা ভাবুকি, গতিকে দিল ছেৰ কাহিনী, চিত্ৰনাট্য, পৰিসমাপ্তি আৰু সামগ্ৰিক ট্ৰিটমেণ্ট উলাই কৰাটো যুগুত নহব।

মূল কাহিনী থুলমুলকৈ: অমৰকান্ত বাৰ্মা অল ইণ্ডিয়া ৰেডিঅ'ৰ প্রগ্ৰেম এক্সিকিউটিভ যি অসমলৈ আহে স্বাধীনতাৰ পঞ্চাশ বছৰ পিছত মানুহৰ অনুভূতি কেনেধৰণৰ, সেই সম্পৰ্কে এটা অনুষ্ঠান কৰিবলৈ। এই গোটেই সময়ছোৱাত এজনী অচিনাকি ছোৱালী লগ পায় যি উগ্ৰপন্থীৰ লগত জড়িত। অমৰৰ ছোৱালীজনীৰ প্ৰতি অনুৰাগ বৃদ্ধি পায়,শেষত ছোৱালীজনীৰ লগতে অন্যান্য উগ্ৰপন্থীৰ দিল্লীৰ গণৰাজ্য দিৱসত বোমা দিয়াৰ পৰিকল্পনা অমৰে নিজৰ প্ৰাণ আহুতি দি বিফল কৰে ।

দেখাত নিমাখিত আৰু ৰোমান্টিক ট্ৰেজেদীৰ ছায়া থকা এই ছবিখন বাৰপাচি ভুলেৰে ভৰা, ৰাজনৈতিক ভাবে পক্ষপাতদুষ্ট আৰু কাহিনীকাৰ তথা পৰিচালকৰ অসম আৰু নৰ্থ ইষ্ট সম্পৰ্কে থকা ভ্ৰান্ত ধাৰণা সুস্পষ্ট। প্ৰথমতেই আহো বিখ্যাত ছৈয়া ছৈয়া গীতটোৰ দৃশ্যাংশলৈ। বলিউদী ছবিৰ পূৰণি বেমাৰ- ছিকুৱেন্স, ভৌগোলিক পৰিসীমাৰ লগত সামঞ্জস্য নথকা এটা মছলা চং। বৰাক ভেলি এক্সপ্ৰেছত আহি থকা ট্ৰেইনৰ ওপৰত মলাইকা অৰোৰা খানৰ লগতে অন্যান্য সহ-নৃত্যশিল্পী সকলৰ ৰাজস্থানী ৱেশভূষাৰ প্ৰয়োজনীয়তা বুজা নগল। অৱশ্যে মাজে মাজে ফ্ৰেমত দুই এটা ট্ৰাইবেল শিশু, জাপি আৰু গামোচা দুখন মান সোমাই আহে যিয়ে হয়তো অসম বুজাবলৈ চেষ্টা কৰে, বা বুজাইছে। অমৰৰ চৰিত্ৰা‌ংকন এনেধৰণৰ যিয়ে অসমলৈ নতুনকৈ আহিছে, অসম সম্পৰ্কে অৱগত নহয়, অথচ কিছু এডভেঞ্চাৰেছ যিটো আনন্দদায়ক, গানটোৰ পালচটো তেনেকুৱা। ইয়াৰ পিছৰ দৃশ্যত দেখা গৈছে অমৰে বিভিন্ন ঠাইৰ মানুহৰ পৰা জানিব খুজিছে স্বাধীনতাৰ পঞ্চাশ বছৰৰ পিছত আপোনালকৰ কি উন্নতি হৈছে- প্ৰত্যুত্তৰত হোজা গাঁৱলীয়া মানুহবোৰে কিবা কিবি কৈছে। ইয়াত মন কৰিব লগা কথা এইটো যে কোনো এটা চৰিত্ৰই ইয়াত উচ্চ শিক্ষিত নহয় বা তেনে ভাবে সৃষ্টি কৰা হোৱা নাই, বা এনে এক চৰিত্ৰৰ উপস্থাপনেই কৰা নহল, হয়তো সেই চৰিত্ৰটোৰে উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ অব্যক্ত কথাবোৰ কিছু হলেও কব পৰা গলহেঁতেন। কিন্তু কাহিনীকাৰে তেনেকুৱা সুযোগ হেৰুৱালে। আকৌ এই দৃশ্যতেই দুই এটি শিশুৰ মুখেৰে" ইণ্ডিয়া ইজ দা বেষ্ট" ধৰণৰ বাক্য কোৱাইছে যিয়ে উত্তৰ পূৰ্বাঞ্চলৰ মানুহ ভাৰতৰ ঐক্য সংহতিৰ প্ৰতি আচলতে শ্রদ্ধাবান, এই ধাৰণা পোষণ কৰোৱাইছে । এঠাইত অমৰে ষ্টেচন ডিৰেক্টৰক সুধিছে " আপুনি এই আতংকবাদী সকলক বা ইহঁতৰ লীডাৰক লগ পাইছে নেকি?" ইয়াতে মন কৰিব অমৰৰ দ্বাৰা ইতিমধ্যেই প্ৰমাণিত হ'ল যে ৰাষ্ট্ৰৰ বিৰুদ্ধে সংগ্ৰাম কৰি থকা মানুহবোৰ আচলতে "আতংকবাদী" যিটো শব্দ অত্যন্ত অপমানজনক । যেনে ধৰা হ'ল আলফাৰ পৰেশ বৰুৱা সহিতে অন্যান্য কিছু বিষয়ববীয়াৰ নীতি আদৰ্শ , কৰ্মপন্থাৰ ভিত্তিত তেওঁলোক আতংকবাদী হয়নে নহয় সেয়া তৰ্কৰ বিষয় কিন্তু কবিৰঞ্জন শইকীয়াক আতংকবাদী বুলিবলৈ অন্তত: অসমত কোনো নোলাব। অৱশ্যে এই ধাৰণাৰে ছে গুৱেভাৰাকে ধৰি সমুহ অস্ত্ৰ ধাৰণকাৰীসকল আতংকবাদী। বহুতে অভিযোগ তুলিব পাৰে এই লেখাৰ জৰিয়তে আলফা বা অন্য কোনো সংগঠনৰ সংগ্ৰামক ন্যায্যতা প্ৰদান কৰিছো বুলি। কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন বিচ্ছিন্নতাবাদী সংগঠনৰ ক্ৰিয়াকলাপ সংগ্ৰাম নে উগ্ৰপন্থা নে আতংকবাদ এই বিষয়ে আলোচনাৰ থল আছে আৰু থাকিব। কিন্তু পোনছাটেই আতংকবাদী লেবেলিং কৰাৰ পিছত ভাৰতৰ অন্য দর্শকেও উত্তৰ পূৰ্বাঞ্চল সম্পৰ্কে কি ধাৰণা লব, বা এই ঠাইৰ ৰাজনৈতিক সমস্যা সমূহৰ সমাধান সূত্ৰ ৰ বাবে আলোচনা কৰোতে তেওঁলোকৰ মানসিক স্থিতি কেনে হব, সেইটো অনুমেয়। ইয়াৰ পিছত বন্দুক লোৱা মানুহৰ সমস্যা সম্পৰ্কে কোনো দর্শকেই সহমৰ্মিতা প্ৰকাশ নকৰে আৰু নকৰিব। ইয়াৰ পিছত সশস্ত্ৰ বিচ্ছিন্নতাবাদী এক সংগঠনৰ জংঘলস্থিত শিবিৰত অমৰ উপস্থিত হয় যত সেই সংগঠনৰ নেতাৰ সাক্ষাৎকাৰ লোৱা হব। নেতাজনক অমৰে সোধে " আপোনালোকে অস্ত্ৰ শস্ত্ৰ ক'ৰ পৰা পাইছে, শুনিছোঁ চীন পাকিস্তানৰ পৰা আহে ? " ইয়াতে নেতাজনৰ শাৰীৰিক অভিব্যক্তিলৈ লক্ষ্য কৰক, পৰিচালকৰ নিৰ্দেশ মতে, এইটোৱে সূচায় যে মুখ্য কথাটো অমৰে সোধাৰ বাবে নেতাজনৰ খং উঠিছে, তাৰমানে এইটোৱেই মূল কথা। লক্ষ্য কৰক, ৰাষ্ট্ৰ ব্যৱস্থাই তেওঁলোকৰ প্ৰতি আহিব পৰা ভাবুকিৰ মূল কাৰণ বা সমস্যাৰ সমাধানসূত্ৰতকৈ ক্ষোভিত মানুহৰ প্ৰতিবাদৰ আহিলা সমূহৰ উৎস লৈহে বেছি চিন্তিত। ইংগিতটো স্পষ্ট যে আচলতে বাহিৰৰ কিছু শক্তিয়েহে বিচ্ছিন্নতাবাদীক উচটাই আছে অন্যথা উত্তৰ পূৰ্বাঞ্চলৰ নিজৰ বুলিবলৈ একো সমস্যা নায়েই, যি সমস্যা আছে তাৰ বাবে চৰকাৰে চেষ্টা চলায়েই আছে। বিচ্ছিন্নতাবাদীৰ প্ৰতিবাদৰ মূল চালিকা শক্তি বঞ্চনা আৰু ক্ষোভ নহয়, বিদেশী শক্তিহে। ইয়াৰ পিছত অমৰে আকৌ কৈছে," সৰু ল'ৰা ছোৱালীৰ হাতত বন্দুক তুলি নিজৰ স্বাৰ্থ কিয় পূৰণ কৰিছে?" স্মৰ্তব্য যে কোনো সংগঠনেই আজিকোপতি সৰু ল'ৰাৰ হাতত বন্দুক তুলি দিয়াৰ প্ৰত্যক্ষ উদাহৰণ নাই। ভাত কাপোৰৰ বিকল্প হিচাপে সংগঠনত ভৰ্তি হোৱা কিছুদুৰলৈ সত্য যদিও সশস্ত্ৰ শিশুৰ ব্যৱহাৰে যিকোনো মানুহকে উত্তৰ পূৰ্বাঞ্চলৰ সমস্যা বা প্ৰতিবাদ সম্পৰ্কে সন্দেহৰ বীজাণু বিয়পোৱাত সহায় কৰিব। নিজৰ স্বাৰ্থৰ কথা যে সুধিছে, ইয়াতে অসমৰ পটভূমি বুলি ধৰি ললোঁ আলফাৰ পৰেশ বৰুৱাৰ কথাকেই কৈছে, কিন্তু তেওঁৰ বিপক্ষেও নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণৰ যি অভিযোগ সেয়া আগতে শুনা পোৱা নাযায়। এবাৰ সৈন্য এজনক ট্ৰেইনত লগ পাওঁতে হোৱা কথা বতৰাত কৈছিল - "নৰ্থ ইষ্ট মে আতংকবাদ এক বিজিনেছ হেয়।" অৱশ্যে তেওঁক সোধা নিষ্প্ৰয়োজন যে আতংকবাদেই বিজনেছ কিয় হল, দোকান পোহাৰ কিয় নহ'ল, তেনে এটা পৰিস্থিতিৰ বাবে কোন দায়ী! নে ইয়াৰে মানুহবোৰে এদিন হঠাৎ টোপনিৰ পৰা সাৰ পাই হাতত বন্দুক তুলি লৈছিল! ইয়াৰ কিছু দৃশ্যৰ পিছত আহে সেই বিখ্যাত গান " দিল ছে",যত ইনচাৰজেন্সিৰ ধোঁৱাই ছানি ধৰা পৰিবেশত অমৰৰ প্ৰেমৰ দীপ্ত অংকুৰণ প্ৰকাশিত হৈছে।ধ্বংসাবেশৰ মাজতো প্ৰেমৰ সন্ধান কৰিছে অমৰে, যি ভুচুং পহু সদৃশ। বন্দুকৰ গুলিত ৰাতি পুওৱা পৰিবেশত অমৰে আৰ্মিৰ পৰা লুকাই লুকাই প্ৰেম নিবেদন কৰাটো অসহ্যকৰেই নহয় হাস্যকৰ, যে অমৰ বা কাহিনীকাৰ এজন নাৰচিছাছ ৰোগত আক্ৰান্ত ব্যক্তি যাৰ প্ৰেমৰ বিৰহ বেদনাৰ চিৎকাৰবোৰ সময় অনুসাৰে লঘূ। হয়তো অমৰৰ প্ৰেম ইয়াত মূল উপজীৱ্য অথচ প্ৰেমিকাৰ ঘৰৰ, গাঁৱৰ, চহৰৰ আৰ্থ-ৰাজনৈতিক পৰিবেশ গৌণ।ইয়াৰ পিছত অমৰক ছোৱালীজনীৰ লগত দেখিবলৈ পোৱা কেইজন মান ব্যক্তিয়ে উঠাই আনে যিহেতু হাফলং ষ্টেচনত দেখাৰ পৰা এই গোটেইখিনি সময় ছোৱালীজনীক অমৰে ব্যতিব্যস্ত কৰি আহিছিল। স্মৰ্তব্য যে অসমীয়া কথা কোৱাৰ লগতে অসমীয়া কথা কোৱা মানুহৰ ঠাইলৈ যেতিয়া উঠাই আনিছে ঠাইখিনি অসমৰ। এতিয়া মানুহ কেইজনৰ লগত হতাহতিৰ মুহূৰ্তত অমৰে কয়," মই কি জানো, তাই বিবাহিত বুলি, এনেও তহঁতৰ পাঁচজনে এজনী পত্নী ৰাখে।" এইটো অত্যন্ত দুখজনক, আশ্বৰ্যজনক আৰু ভয়ানক ভুল নৰ্থ ইষ্ট সম্পৰ্কে। নৰ্থ ইষ্টত বিশেষকৈ অসমত দ্ৰৌপদী প্ৰথা নাই, পাহাৰ মুলীয় কিছু অন্য ৰাজ্যত হে আছে। এইটো অত্যন্ত বিসংগতিপূৰ্ণ উপস্থাপন অসম বা নৰ্থ ইষ্ট সম্পৰ্কে। আচৰিত যে এই অভিযোগৰ কোনো প্ৰত্যুত্তৰ দিয়া নাই, বা দিয়াৰ কোনো সুযোগেই নাই। তাৰ মানে এয়া সত্য। ইয়াৰ পিছৰ দৃশ্যাংশত নায়িকাৰ সৈতে হোৱা তৰ্কত অমৰে বিনাদ্বিধাই কৈ গৈছে, কেনেদৰে নৰ্থ ইষ্টৰ মানুহে নিজৰ মাজতে গুলিয়াগুলীকৈ মৰিছে, কেনেদৰে সশস্ত্ৰ সংগ্রামে ইয়াক মূল্য দিব নোৱাৰে, আচলতে সৈন্য বাহিনীহে মূল, যিয়ে দেশখন টুকুৰা নোহোৱাকৈ ৰক্ষা কৰি আছে। এটা Jingoistic approach ৰ সহায়ত সমস্ত প্ৰতিবাদৰ ভিত্তি নস্যাত কৰিবলৈ বাৰম্বাৰ চেষ্টা কৰিছে এই চৰিত্ৰটোৱে। হাস্যকৰ যে এই সৈন্যই কাৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ যত্নবান আৰু কেনেদৰে ই প্ৰতিবাদৰ সমস্ত ভাষাক বুলেটৰ চিঞাহীৰে বাৰম্বাৰ মচি আহিছে ,সেয়া কাহিনীকাৰৰ আয়ত্তলৈ নাহিল , বা অনা নহ'ল। শেষ অংশত নায়িকাই গণৰাজ্য দিৱস বোমাৰে উৰুৱাই দিয়াৰ পৰিকল্পনা কৰে য'ত চুইছাইড বম্বিঙৰ প্ৰসঙ্গ আনিছে যিটো আচলতে তালিবানী কাৰবাৰ, উত্তৰ পূৰ্বাঞ্চলত এনে ঘটনা হোৱা নাই। অমৰে শেষত নায়িকাক সাৱটি বোমা বিস্ফোৰণ ঘটাই দিল্লীক ৰক্তাক্ত হোৱাৰ পৰা ৰক্ষা কৰে।

মন কৰিব কাহিনীকাৰৰ চতুৰালিয়েই বোলক বা নৰ্থ ইষ্টৰ সংগ্ৰামৰ প্ৰতি থকা ভিত্তিহীন বিতুষ্টিয়েই বোলক, শেষ দৃশ্যত মুখ্য কথাটো স্পষ্ট হৈছে।মানে সংগ্ৰামক ইয়াত অস্ত্ৰেৰে বাধা নিদি প্ৰেমৰ এক প্ৰলেপ সানি দিয়া হৈছে।ইয়াত হিন্দী বলয়ৰ ৰাজনীতি স্পষ্ট যে যিকোনো প্ৰতিবাদক ৰোধ কৰিবই লাগিব ছলে বলে কৌশলে। ইয়াত প্ৰতিবাদৰ মূল কথা সমূহ তল পৰি ৰল। বোমা দিয়াৰ ফলত উদ্ভৱ হব পৰা ঘৃণাখিনি জীয়াই ৰাখিলে।অমৰৰ আত্মবলিদানে দৰ্শকক এই সংগ্ৰামৰ (লাগিলে কৰ্মপন্থা যিমানেই ভুলৰ ওপৰত প্ৰতিষ্ঠিত নহওক কিয়) প্ৰতি ঘৃণাৰ ভাব পোষণ কৰিবলৈ পৰোক্ষভাবে আহ্বান জনাইছে। হাতত অস্ত্ৰ তুলি লোৱাৰ যি ৰাজনীতি সি ইয়াত গুৰুত্বহীন। এনে প্ৰয়াসক শিপাৰ সৈতে উঘালি নেপেলাই কেৱল প্ৰতিবাদ দমনহে মূল বিষয়। ৰোমান্টিক ট্ৰেজেদীৰ কি যে বিফল প্ৰয়োগক্ষেত্ৰ! অথচ ইয়াৰ আঁৰৰ ৰাজনীতি চমৎকাৰ।

এই ধৰণেই নহয় আৰু বহু প্ৰকাৰে, বিকৃত হৈছে নৰ্থ ইষ্ট, যত বাৰম্বাৰ হেয় হৈছে এই অনগ্ৰসৰ অঞ্চল। মূল কথাটো হল, ৰাষ্ট্ৰযন্ত্ৰৰ প্ৰত্যক্ষ অৱদমন যিকোনো প্ৰকাৰে বৰ্তাই ৰখা , আৰু ইয়াত বলিউদী চিনেমাই এই কাম খুব ভালকৈ, চতুৰভাবে সমাপন কৰি থাকে।

Share Button
Print Friendly, PDF & Email

No Comments : "হিন্দী চিনেমাৰ ৰাজনীতি-(মানস প্ৰতীম কলিতা)"

Leave a Comment

Your email address will not be published. Required fields are marked *