অতিথি সম্পাদকৰ চ'ৰাদ্বিতীয় বছৰষষ্ঠ সংখ্যা (দ্বিতীয় বছৰ)

হিন্দুত্ববাদৰ পৃষ্ঠপোষকতাত নাৰী সবলীকৰণৰ দুঃস্বপ্ন-(সুজাতা হাতীবৰুৱা)

দুদিনমানৰ আগতে অসমৰ স্থানীয় টিভি চেনেলসমূহত দেখা পোৱা গ’ল, হোজাইত বিশ্ব হিন্দু পৰিষদৰ নাৰী গোট ‘দুৰ্গা বাহিনী’ৰ সদস্যাভুক্তা হৈ অসমৰ একাংশ হিন্দু যুৱতীয়ে আত্মৰক্ষাৰ নামত লাঠীৰে সৈতে কুচ-কাৱাজ আৰম্ভ কৰিছে। ওপৰে ওপৰে চাবলৈ গ’লে, ঘৰে-বাহিৰে, বাটে-ঘাটে মহিলাসকলৰ ওপৰত চলা ক্ৰমবৰ্ধমান শাৰীৰিক নিৰ্যাতনৰ বিৰুদ্ধে আত্মৰক্ষামূলক সমৰ কলাৰ প্ৰশিক্ষণ এক ইতিবাচক পদক্ষেপ। কিন্তু অসমত এনে কেম্পৰ প্ৰসাৰৰ আগে আগে আমি চাব লাগিব দুৰ্গা বাহিনীয়ে আত্মৰক্ষাৰ নাম লৈ যুৱতীসকলক কেনে শাৰীৰিক আৰু মানসিক প্ৰশিক্ষণ দিয়ে।
এক ৰাষ্ট্ৰ, এক সংস্কৃতি, এক ধৰ্ম অৰ্থাৎ এক ‘হ’ম’জেনাইজড’ হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ অৰ্থে ধাৱিত হ’ব বিচৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ ( RSS)ৰ ভ্ৰাতৃ সংগঠন বিশ্ব হিন্দু পৰিষদ (VHP)। এই VHPৰে মহিলা গোট দুৰ্গা বাহিনী। 1991 চনত জন্ম লোৱা এই সংগঠনৰ প্ৰতিষ্ঠাত্ৰী সাধ্বী ৰিতাম্বৰা। তেখেত বাবৰি মছজিদ ধ্বংস কাৰ্যত পোনপটীয়াকৈ জড়িত থকাৰ অভিযোগেৰে অভিযুক্তা। বিশ্ব হিন্দু পৰিষদৰ অফিচিয়েল ৱেবছাইটত দুৰ্গা বাহিনীৰ বিষয়ে উল্লেখ আছে এইদৰে-ল”The sisters between 15 to 35 years can join Durga Vahini. Durga Vahini is an unequalled organisation of Hindu Yuwatis, which is committed to protection of Rashtra-Dharma and Sanskriti through bringing about a renaissance in the Hindu society with Service, Security and Sanskars as its motto”.

প্ৰতিষ্ঠা কালৰেপৰা দুৰ্গা বাহিনীয়ে মহিলা সবলীকৰণৰ নাম লৈ ভাৰতৰ বিভিন্ন প্ৰান্তৰ শিৱিৰবোৰত যুৱতীসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আহিছে। পিছে আমোদজনক বা মন কৰিবলগীয়া কথাটো হ’ল, মনুবাদ অৰ্থাৎ পুৰুষতান্ত্ৰিক সমাজব্যৱস্থাৰ ঘোৰ সমৰ্থক RSSৰ সহযোগী তথা VHPৰ নাৰী গোট দুৰ্গা বাহিনীয়ে আচলতে কেনেদৰেনো ‘নাৰী সবলীকৰণ’ৰ দিশত নিজৰ অৰিহণা আগবঢ়াব পাৰিছে।

নাৰীৰ ওপৰত শাৰীৰিক-মানসিক নিৰ্যাতন, আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ আৰু নিৰাময়ৰ অংশ হিচাপে অন্যান্য দিশসমূহৰ উপৰিও সবাতোকৈ গুৰুত্বপূৰ্ণ পদক্ষেপটোৱেই হৈছে সমাজৰ পুৰুষতান্ত্ৰিক মানসিকতাৰ পৰিৱৰ্তন। কিন্তু সমাজৰ এচাম লোকে এতিয়াও বিশ্বাস কৰে যে মহিলাসকলে আত্মৰক্ষাৰ বাবে নিজে অস্ত্ৰ-শস্ত্ৰ তুলি ল’লে নাৰী নিৰ্যাতন কমি যাব। কিন্তু আত্মৰক্ষাৰ বাবে নাৰীয়ে ‘পুৰুষ’ৰ বিৰুদ্ধে কেৱল অস্ত্ৰ তুলি ল’ব বা ব্যৱহাৰ কৰিব জানিলেই নহ’ব। সবাতোকৈ গুৰুত্বপূৰ্ণ অংগ হিচাপে ‘পুৰুষতন্ত্ৰ’ক প্ৰশ্ন কৰিবলৈ মানসিকভাৱে সবল হৈ ল’ব লাগিব। অন্যথা ই এক বিফল প্ৰয়াসত পৰিণত হ’ব।

আত্মৰক্ষাৰ নামত, সবল কৰাৰ নামত যান্ত্ৰিকভাৱে অস্ত্ৰ চালনাৰ শিক্ষাই কিদৰে নাৰীৰ বা বহলভাৱে সমাজৰ কোনো ইতিবাচক পৰিৱৰ্তন সাধিব নোৱাৰে তাৰ সাৰ্থক উদাহৰণ হল দুৰ্গা বাহিনী। ভিন্ন প্ৰান্তত বিয়পি থকা এই বাহিনীৰ শিবিৰসমূহত বাহিৰৰপৰা শাৰীৰিক কুচকাৱাজ, অস্ত্ৰচালনাৰ প্ৰশিক্ষণ দি যুৱতীসকলক শত্ৰুৰ বিৰুদ্ধে যুঁজিবলৈ শিকোৱা হয় ঠিকেই, পিছে সেই শত্ৰুসকলনো কোন? ইয়াত এক ‘others’ৰ ধাৰণা শক্তিশালী কৰি যুৱতীসকলৰ মন-মগজুত সুমুৱাই দিয়া হয় আৰু সেই ‘others’ আন কোনো নহয় -অহিন্দু, বিশেষকৈ মুছলিমসকল। এইদৰেই লিংগভিত্তিক হিংসাৰ উৎসৰ মেৰুকৰণ কৰি তাৰ কাৰণ কেৱল ‘অহিন্দু’ পুৰুষসকল বুলি পতিয়ন নিওৱা হয়। সময়ে সময়ে দুৰ্গা বাহিনীৰ লগত জড়িত মহিলা নেত্ৰীসকলৰ বক্তব্যৰপৰাই এই কথা স্পষ্ট হয়। আৰু এই আটাইবোৰ কাণ্ড-কাৰখানাকে মহিলাৰ সবলীকৰণ আখ্যা দিয়া হয়। চাবলৈ গ’লে, মহিলাসকলক কেৱল পাকঘৰৰ কাম-কাজত সুমুৱাই ৰাখিব বিচৰাৰ পক্ষপাতী ভ্ৰাতৃপ্ৰতিম সংগঠনসমূহৰ তুলনাত দুৰ্গা বাহিনীৰ এনে পদক্ষেপ যথেষ্ট প্ৰগতিশীল। কিন্তু এই ধনাত্মক যেন লগা পদক্ষেপৰ আঁৰৰ অহেতুক সাম্প্ৰদায়িক ঘৃণাই কেতিয়াও নাৰীৰ অধিকাৰ প্ৰাপ্তিৰ আকাংক্ষাক প্ৰতিনিধিত্ব কৰিব নোৱাৰে।

তাৰোপৰি দেশৰ শত্ৰু (মুছলিমসকল?!)ক ৰুধিবলৈ অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিতা দুৰ্গা বাহিনীৰ সদস্যাসকলক ভাৰতীয় সংস্কৃতিৰ পাঠ দিয়াৰ নামত মানসিকভাৱে কিদৰে এক দুৰ্বল অৱস্থালৈ লৈ যোৱা হয় তাক জানিবলৈ আগ্ৰহীসকলে 2012 চনৰ নিশা পাহুজাৰ তথ্যচিত্ৰ ‘The World Before Her’ চাব পাৰে। কাৰণ তথ্যচিত্ৰখনত দুৰ্গা বাহিনীৰ কেম্পৰ ভিতৰুৱা বহু দৃশ্য দেখুওৱা হৈছে আৰু মুক্তি দিয়াৰ পাছত VHPৰ ভীষণ আপত্তি সত্ত্বেও কোনো মৰ্ফ ভিডিঅ’ৰ অভিযোগৰপৰা মুক্ত। কেম্পত দুৰ্গা বাহিনীৰ সদস্যাসকলক ওঠৰ বছৰ বয়সতে বিয়া হৈ যাবলৈ উপদেশ দিয়া হয়। পুৰুষ আৰু মহিলাৰ সমতা এটা মিথ, আৰু মহিলাসকলৰ কৰ্তব্য পাকঘৰৰ কামত আবদ্ধ বুলি শিকোৱা হয়। পাৰম্পৰিক পুৰুষতান্ত্ৰিক ব্যৱস্থাক প্ৰশ্ন নকৰাকৈ, লিংগ বৈষম্য বা লৈংগিক হিংসাৰ বিৰুদ্ধে যুৱতীসকলক সচেতন কৰাৰ ঠাইত, কেৱল সাম্প্ৰদায়িক ঘৃণাৰ পৰিৱেশ এটা দিয়া হয়।

উল্লেখযোগ্য যে ৰামজন্মভূমি আন্দোলনত নিজকে উৎসৰ্গিত বুলি ঘোষণা কৰা দুৰ্গা বাহিনীৰ সদস্যাৰ বিৰুদ্ধে গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষত জড়িত থকাৰ অসমৰ্থিত অভিযোগো শুনিবলৈ পোৱা যায়।গতিকে দুৰ্গা বাহিনীৰ প্ৰশিক্ষণপ্ৰাপ্ত যুৱতীসকল কেনে হ’ব? যি প্ৰাতিষ্ঠানিক হিন্দু ধৰ্মৰ প্ৰতি প্ৰশ্নাতীতভাৱে উৎসৰ্গিত; কম বয়সতে বিয়া হৈ যাবলৈ প্ৰস্তুত; পুৰুষ-নাৰীৰ সংবিধানপ্ৰদত্ত সমতাৰ অধিকাৰৰ ঠাইত পুৰুষৰ আধিপত্যত বিশ্বাসী,পাকঘৰত নিজক আবদ্ধ কৰি ৰাখিবলৈ সন্মত, দেশৰ শত্ৰু বুলি কেৱল ঘাইকৈ মুছলনমানসকলক চিহ্নিত কৰি তেওঁলোকৰ বিৰুদ্ধে অস্ত্ৰৰে যুঁজিবলৈ প্ৰস্তুত মহিলা।

মহিলা-যুৱতীসকল যেতিয়া সমাজত পুৰুষতকৈ নিজৰ অৱস্থান নিজৰ ‘choice’ মতে নিম্নতৰ বুলি মানি ল’ব, তেন্তে পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থা বহুযুগলৈ সুৰক্ষিত হৈ থাকিব।সন্দেহ নাই, পুৰুষতান্ত্ৰিক ব্যৱস্থাৰ চূড়ান্ত সমৰ্থক স্থিতাৱস্থাধৰ্মী সংঘ পৰিবাৰৰ আন সংগঠনসমূহক দুৰ্গা বাহিনীৰ আদৰ্শ আৰু কাম-কাজে এই ক্ষেত্ৰত অত্যন্ত সহায় কৰি আহিছে আৰু নাৰী সবলীকৰণৰ নামত এক প্ৰসহনৰূপে থিয় দিছে। উত্তৰ-পূব ভাৰত বা ঘাইকৈ অসমৰ পটভূমিত, য’ত তুলনামূলকভাৱে যুৱতীসকল সাম্প্ৰদায়িক আবহাৱাৰপৰা মুক্ত আৰু অধিক স্বাধীনচিতীয়া; ভাৰতীয় সংস্কৃতিৰ নামত কেতবোৰ পশ্চাদগামী অসাংবিধানিক নিয়ম-নীতি প্ৰচলনেৰে অসমীয়া যুৱতীসকলক কিমানদূৰ দুৰ্গা বাহিনীৰ দৰে সংগঠনে আকৰ্ষণ কৰিব পাৰিব সেয়া সময়ে ক’ব।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *