হিন্দুত্ববাদীৰ কোপদৃষ্টিত খ্ৰীষ্টান সম্প্ৰদায়-(শৈলেন বৰকটকী)

সাম্ৰাজ্যবাদী পৰ্তুগীজসকল বিশেষকৈ ব্ৰিটিছসকলে ভাৰতত সাম্ৰাজ্য বিস্তাৰৰ লগে লগে খ্ৰীষ্টান মিছনাৰিসকলেও খ্ৰীষ্টধৰ্ম প্ৰচাৰৰ বাবে ভাৰতলৈ আহে। ঔপনিবেশিক ব্ৰিটিছ শাসকসকলে তেওঁলোকৰ সাম্ৰাজ্য বিস্তাৰৰ ক্ষেত্ৰত খ্ৰীষ্টধৰ্মক সহায়ক হিচাপে লৈছিল আৰু তাৰ বাবে খ্ৰীষ্টান মিছনাৰিসকলক বহু সা-সুবিধাও প্ৰদান কৰিছিল। ঔপনিবেশিক শাসকগোষ্ঠীৰ উদ্দেশ্য যিয়ে নাথাকক কিয়, এই কথা ঐতিহাসিকভাৱে সত্য যে বহু কালজুৰি উচ্চবৰ্ণ হিন্দুৰদ্বাৰা পৰিচালিত হিন্দু ধৰ্মই সমাজৰ নিম্নবৰ্ণৰ লোকসকলক যি নিৰ্মম শোষণ-নিষ্পেষণ চলাই আহিছিল যীশুখ্ৰীষ্টৰ একেশ্বৰবাদী ধৰ্ম আৰু শান্তি-সাম্যৰ বাণীয়ে সেই নিষ্পেষিত হিন্দু ধৰ্মাৱলম্বীসকলক সহজেই আকৃষ্ট কৰিছিল আৰু খ্ৰীষ্ট ধৰ্মলৈ স্বেচ্ছাই ধৰ্মান্তৰিত হৈছিল। হিন্দু ধৰ্মৰ মাজত সক্ৰিয় হৈ থকা ব্ৰাহ্মণ্যবাদৰ আধিপত্যই সমাজত নানা জাত-পাতৰ সৃষ্টি কৰি, বিভিন্ন দেৱ-দেৱীৰ পূজা-অৰ্চনাৰ নামত শূদ্ৰ আৰু সমাজৰ একেবাৰে নিম্ন বৰ্ণৰ লোকসকলৰ ওপৰত ধৰ্মীয় তথা সামাজিক শোষণ-নিষ্পেষণ কৰি তেওঁলোকৰ জীৱন বিষময় কৰি তুলিছিল। হিন্দু ধৰ্মৰ এই নিৰ্দয়, পৈশাচিক আৰু আধিপত্যবাদী আচৰণ আৰু কঠোৰ নিদেৰ্শাৱলীৰপৰা তেওঁলোকে মুক্তি বিচাৰিছিল। কোনো ধৰ্মীয় আনুষ্ঠানিকতাৰ আড়ম্বৰ নথকা, বাহুল্যবৰ্জিত খ্ৰীষ্ট ধৰ্মই তেওঁলোকৰ জীৱনলৈ মুক্তিৰ বাণী কঢ়িয়াই আনিছিল। ডুবন্ত কোনো মানুহে খেৰ-কুটাকেই সাৰথি হিচাপে লোৱাৰ দৰে এই শোষিত নিম্নবৰ্ণৰ হিন্দুসকলেও মুক্তভাৱে খ্ৰীষ্টধৰ্মক আকোঁৱালি ল'বলৈ আগ বাঢ়ি আহিছিল। আমাৰ অসমৰ কেওট কুলত ওপজা নিধিৰামেও খ্ৰীষ্টধৰ্মত দীক্ষিত হৈছিল। পিছলৈ এই নিধিৰামেই নিধি-লিবাই ফাৰোৱাল নামে জনাজাত হৈ অসমীয়া ভাষা-সাহিত্যৰ উন্নতিত মনোযোগ দিছিল।

এটা সময়ত খ্ৰীষ্ট ধৰ্মত বিশ্বাসী ব্ৰিটিছ শাসকশ্ৰেণীয়ে দেশৰ শাসনভাৰ ভাৰতীয়সকলক গতাই দি স্বদেশলৈ প্ৰত্যাগমন কৰিলে। কিন্তু যিসকল ভাৰতীয়ই খ্ৰীষ্টধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল আৰু যিসকল বিদেশী মূলৰ সতি-সন্ততিয়ে খ্ৰীষ্টধৰ্ম গ্ৰহণ কৰি ভাৰততে থাকি গৈছিল সেইসকলে মহান ভাৰতীয় সভ্যতা-সংস্কৃতিৰ লগত মিলি যাবলৈ যত্ন কৰিছিল। তেওঁলোকে খ্ৰীষ্ট ধৰ্ম গ্ৰহণ কৰা বাবে আন খ্ৰীষ্টান প্ৰাধান্য থকা দেশলৈ গমন নকৰি এই দেশৰ মাটি-পানী-বায়ুৰ লগত একাকাৰ হৈ ভাৰতৰ বাৰেৰহণীয়া সংস্কৃতিক সমৃদ্ধ কৰি তুলিছে। তেওঁলোক আজি বৃহৎ ভাৰতীয় সভ্যতা-সংস্কৃতিৰ এক এৰাব নোৱৰা অংশীদাৰ।

১৯৫০ চনত বলবৎ হোৱা ভাৰতীয় সংবিধানে সকলো ভাৰতীয় নাগৰিককে ধৰ্মীয় স্বাধীনতা প্ৰদান কৰিছে আৰু ভাৰত যে এখন ‘ধৰ্মনিৰপেক্ষ' দেশ তাক স্পষ্টভাৱে ঘোষণা কৰিছে। সংবিধানৰ ২৫নং অনুচ্ছেদ অনুসৰি প্ৰত্যেকজন ভাৰতীয় ব্যক্তিয়ে সাৰ্বজনিক ব্যৱস্থা, সদাচাৰ আৰু স্বাস্থ্যসাপেক্ষে স্বাধীনভাৱে ধৰ্ম গ্ৰহণ, আচৰণ আৰু প্ৰচাৰৰ অধিকাৰ ভোগ কৰিব পাৰে। ২৬নং অনুচ্ছেদ অনুসৰি প্ৰত্যেক ধৰ্মসম্প্ৰদায়ৰ মানুহে ধৰ্মীয় উদ্দেশ্যত সংস্থা স্থাপন কৰি তাৰ পৃষ্ঠপোষকতা কৰিব পাৰে। গতিকে, দেখা যায় যে হিন্দু, বৌদ্ধ, জৈন, শিখ ধৰ্মাৱলম্বীসকলৰ দৰে খ্ৰীষ্টান আৰু ইছলাম ধৰ্মাৱলম্বীসকলকো ভাৰতীয় সংবিধানে সমানে ধৰ্মীয় স্বাধীনতা উপভোগ কৰাৰ অধিকাৰ দিছে।

দুৰ্ভাগ্যৰ কথা এইটোৱেই যে সংবিধানে ভাৰতীয় নাগৰিকক প্ৰদান কৰা এই ধৰ্মীয় স্বাধীনতাক বাৰে বাৰে পদাঘাত কৰি আহিছে হিন্দুত্ববাদী বৰ্বৰসকলে। বহুত্ববাদী ভাৰত ৰাষ্ট্ৰখনক বলপূৰ্বকভাৱে এক হিন্দু ৰাষ্ট্ৰ, এক হিন্দু জাতি গঢ়াৰ স্বাৰ্থত এওঁলোকে ইছলাম ধৰ্মাৱলম্বীসকলৰ দৰে খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলকো বহু সময়ত বৰ্বৰভাৱে আক্ৰমণ, হত্যা কৰাৰ উপৰিও খ্ৰীষ্টান মহিলাসকলক ধৰ্ষণ কৰি আহিছে। খ্ৰীষ্টানসকলৰ প্ৰতি হিন্দুত্ববাদী বীৰ পুংগৱসকলে কেনে নৃশংস আৰু নিৰ্দয় আচৰণ কৰি আহিছে তাৰ প্ৰমাণ স্বাধীন ভাৰতৰ ইতিহাসত দেধাৰ আছে।

১৯৬৪-১৯৯৬ চনৰ ভিতৰত ভাৰতত খ্ৰীষ্টানসকলৰ বিৰুদ্ধে হিংসাত্মক ঘটনা সংঘটিত হৈছিল কম পক্ষেও ৩৮টা, ১৯৯৭ চনত ২৪টা। ১৯৯৮ চনৰপৰা আজিলৈকে খ্ৰীষ্টানসকলে ভয়-শংকাৰ মাজেৰে জীৱন অতিবাহিত কৰি আহিছে। ১৯৯৮ চনৰ বৰ্ষতেই এওঁলোকৰ বিৰুদ্ধে ৯০টা হিংসাত্মক ঘটনা সংঘটিত হৈছিল। তুলনামূলকভাৱে অসমত কম হ'লেও ভাৰতৰ প্ৰত্যেকখন ৰাজ্যতেই হিন্দুত্ববাদীসকলে খ্ৰীষ্টানসকলৰ বিৰুদ্ধে হিংসাত্মক কাৰ্যত লিপ্ত হৈ আহিছে। ১৯৯৭ চনত গুজৰাটত ২২টা গীৰ্জাঘৰ এদল হিন্দুত্ববাদী গুণ্ডাই পুৰি ছাৰখাৰ কৰে আৰু অন্য ১৬টা গীৰ্জাঘৰ ক্ষতিগ্ৰস্ত কৰে। এনেকৈয়ে সন্ত্ৰাস সৃষ্টি কৰি দুহেজাৰ খ্ৰীষ্টানধৰ্মী জনজাতীয় লোকক বলপূৰ্বকভাৱে হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত কৰা হয়। ২০১৪ চনৰ ছেপ্টেম্বৰ মাহত মধ্যপ্ৰদেশত থকা এটি গীৰ্জাঘৰ ধ্বংস কৰি পেলোৱা হৈছিল আৰু মান্দলা জিলাত বাইবেলসমূহ জ্বলাই দিয়া হৈছিল। ২০১৫ চনৰ মাৰ্চ মাহত জবলপুৰত ধৰ্মান্তৰকৰণ অনুষ্ঠান হৈ থকা বুলি অভিযোগ তুলি হিন্দুত্ববাদীসকলে বাইবেল প্ৰতিনিধি সভা এখনক আক্ৰোশমূলকভাৱে আক্ৰমণ কৰিছিল। সেই সময়ত খ্ৰীষ্টানধৰ্মী জনজাতীয় লোকসকলে বৰ্বৰ হিন্দুত্ববাদীসকলৰ ভাবুকিত আতংকৰ মাজত দিন অতিবাহিত কৰিবলগীয়া হৈছিল। বহুতে ক'ব খোজে ২০০৩ আৰু ২০১৪ চনত মধ্যপ্ৰদেশৰ শাসন ক্ষমতা ‘বিজেপি'ৰ হাতলৈ যোৱাত তাত খ্ৰীষ্টানসকলৰ ওপৰত আতিশয্য চলোৱাৰ প্ৰকোপ বাঢ়ি গৈছিল। কৰ্ণাটক ৰাজ্যতো হিন্দুত্ববাদী ভ্ৰাতৃসংগঠন বজৰং দলে শাসকীয় বিজেপি চৰকাৰৰ সহযোগত ২০০৮ চনত গীৰ্জাঘৰসমূহৰ ওপৰত আক্ৰমণ আৰম্ভ কৰি দিছিল। এনেকৈয়ে কৰ্ণাটকৰ বিভিন্ন জিলাত থকা ২০টা গীৰ্জাঘৰ বৰ্বৰভাৱে ধ্বংস কৰি পেলোৱা হয়। ১৯৯৯ চনত উৰিষ্যাত হিন্দুত্ববাদীসকলে এক ভয়ানক কাণ্ড সংঘটিত কৰে। এজন অষ্ট্ৰেলিয়ান মিছনাৰি গ্ৰাহাম ষ্টেইন আৰু তেওঁৰ দুই শিশুপুত্ৰ ১০ বছৰীয়া টিমিথি আৰু ৬ বছৰীয়া ফিলিপক শুই থকা অৱস্থাত জীৱন্তে পুৰি মাৰে। এই ঘটনাত অভিযুক্ত হৈ পৰিছিল ‘আৰ এছ এছ'ৰদ্বাৰা প্ৰশিক্ষিত দাৰা সিং নামৰ পালোৱানজন। গ্ৰাহাম ষ্টেইনৰ দোষ আছিল এক অষ্ট্ৰেলিয়ান মিছনাৰি ছ'চাইটি পৰিচালনা কৰি খ্ৰীষ্টধৰ্ম প্ৰচাৰ কৰাটো। সেইদৰে ২০০৭ চনৰ ২৪ ডিচেম্বৰৰ দিনা কন্ধমল জিলাৰ বামুণিগ্ৰাম নামৰ ঠাইত উদযাপন কৰিবলৈ বিচৰা খ্ৰীষ্টমাষ্টৰ সকলো আয়োজনক বলপূৰ্বকভাৱে এচাম হিন্দুত্ববাদী দুৰ্বৃত্তই উচ্ছেদ কৰি খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলৰ ধৰ্মানুভূতিত আঘাত হানিছিল। কন্ধমল জিলাত বসবাস কৰা আদিবাসীসকল হ'ল খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক। এই লোকসকলক হিন্দু ধৰ্মত পুনৰ দীক্ষিত কৰিবলৈ আৰু খ্ৰীষ্টান মিছনাৰিসকলক বাধা দিবলৈ আগ বাঢ়ি আহিছিল স্বামী লক্ষ্মনানন্দ নামৰ ‘বিশ্ব হিন্দু পৰিষদ'ৰ এজন গুণ্ডাপ্ৰকৃতিৰ সাধুবাবা। তেওঁ ‘আৰ এছ এছ'ৰ সহযোগত অতি কৌশলেৰে আদিবাসীসকলৰ মাজত হিন্দু ধৰ্ম প্ৰচাৰ কৰিবলৈ ধৰে আৰু ঘোষণা কৰে যে বনবাসী (আদিবাসী)সকল আচলতে হিন্দুৱেই। এনেকৈয়ে চল-চাতুৰি কৰি তেওঁ খ্ৰীষ্টানধৰ্মী আদিবাসী-দলিতসকলৰ বহুতকে হিন্দুধৰ্মলৈ ধৰ্মান্তৰিত কৰিবলৈ যত্ন কৰে। কিন্তু মাওবাদী উগ্ৰপন্থী সংগঠনটোৱে লক্ষ্মনানন্দৰ এই চল-চক্ৰান্ত ধৰা পেলোৱাৰ উপৰিও আদিবাসী সমাজখনক ভাগ ভাগ কৰাৰ অপৰাধত ২০০৮ চনৰ আগষ্ট মাহত লক্ষ্মনানন্দ আৰু তেওঁৰ চাৰি সহযোগীক হত্যা কৰে। লক্ষ্মনানন্দৰ হত্যাই তাত থকা খ্ৰীষ্টানধৰ্মীসকলৰ মাজলৈ বিভীষিকা মাতি আনে। হিন্দুত্ববাদী মাতব্বৰসকলে এই হত্যাকাণ্ডৰ সকলো দোষৰ বোজা খ্ৰীষ্টানসকলৰ ওপৰত জাপি দি তেওঁলোকৰ ওপৰত অকথ্য নিৰ্যাতন-নিপীড়ন আৰম্ভ কৰি দিয়ে। ইয়াৰ ফলত ৰাজ্যখনৰ ছশতকৈও অধিক গাঁৱলৈ হিংসাত্মক ঘটনা বিয়পি পৰে। ৫,৬০০টা খ্ৰীষ্টান পৰিয়ালৰ ঘৰ ভষ্মীভূত কৰা হয় আৰু ৫৪,০০০ লোক গৃহহীন হয়, বহুসংখ্যক খ্ৰীষ্টানক হত্যা কৰা হয় আৰু ওঠৰ হেজাৰ লোক আঘাতপ্ৰাপ্ত হয়, ২৯৫টা গীৰ্জা আৰু প্ৰাৰ্থনা ঘৰ ধ্বংসপ্ৰাপ্ত কৰা হয়। দুখৰ আৰু পৰিতাপৰ কথা যে এই খ্ৰীষ্টানধৰ্মী ক্ষতিগ্ৰস্ত লোকসকলৰ অধিকাংশই ন্যায় আৰু সংস্থাপন পাবলৈ এতিয়াও বাকী।

২০১৬ চনৰ প্ৰথমাৰ্ধৰপৰা ভাৰতৰ অন্যান্য ৰাজ্যতকৈ উত্তৰ প্ৰদেশত খ্ৰীষ্টানসকলৰ বিৰুদ্ধে তীব্ৰ ঘৃণাৰ ভাব পোষণ কৰি অহা হৈছে। এই ৰাজ্যৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নেতৃত্বাধীন হিন্দুত্ববাদী বিজেপি চৰকাৰখনৰ দিনত এই ঘৃণাৰ ভাব প্ৰবল হ'বলৈ ধৰিছে। তেওঁৰ এশ দিনৰ কাৰ্যকালত খ্ৰীষ্টানসকলৰ বিৰুদ্ধে হিন্দুত্ববাদীসকলে সংঘটিত কৰা অপৰাধমূলক কৰ্মৰ আংশিক বিৱৰণ এনেদৰে দিব পাৰিঃ [১] ২০১৭ চনৰ ১৯ মাৰ্চত হাৰ্দই অঞ্চলৰ এগৰাকী ধৰ্মযাজকক আৰ এছ এছ-ৰ গুণ্ডাবাহিনীয়ে সংবাদমাধ্যমৰ সন্মুখতেই ভাবুকি প্ৰদান কৰি আদেশ দিয়ে যে ভৱিষ্যতে দেওবৰীয়া প্ৰাৰ্থনা সভা যাতে তেওঁ অনুষ্ঠিত নকৰে। [২] ২৬ মাৰ্চত লখীমপুৰৰ খেৰি অঞ্চলত প্ৰায় ৫০ জন হিন্দু দুৰ্বৃত্তই এখন প্ৰাৰ্থনা সভা লণ্ড-ভণ্ড কৰি পেলাইছিল আৰু সেই সভাৰ ধৰ্মযাজককে ধৰি তেওঁৰ অনুগামীসকলক আৰক্ষীৰ হতুৱাই গ্ৰেপ্তাৰ কৰোৱাই পিছত এৰি দিছিল। [৩] ২৯ মাৰ্চত আগ্ৰাত প্ৰাৰ্থনাৰপৰা ঘৰলৈ ঘূৰি অহা ৬ জন খ্ৰীষ্টানক ২০ জনীয়া এটি হিন্দু দুৰ্বৃত্তৰ দলে বেয়াকৈ মাৰপিট কৰে আৰু স্থানীয় আৰক্ষীৰ হাতত গতাই দিয়ে। [৪] ৯ এপ্ৰিলত ঘাজিপুৰত এজন সুৰা বেপাৰীয়ে এদল হিন্দু গুণ্ডাৰ সহায়ত এজন ধৰ্মযাজকক আক্ৰমণ কৰে। ধৰ্মযাজকজনৰ দোষ আছিল গীৰ্জাঘৰৰ ওচৰত মদৰ দোকান দিয়াত বাধা প্ৰদান কৰাটোত। [৫] ১২ এপ্ৰিলত জৌনপুৰত এজন ধৰ্মযাজকৰ ঘৰ খানাতালাচী কৰা হয় যাতে তেওঁ ‘ইষ্টাৰ' উদযাপন কৰিব নোৱাৰে। [৬] ১ মে'ত ঘাজিপুৰ জিলাত হিন্দু দুৰ্বৃত্তই ২০ টা খ্ৰীষ্টান পৰিয়ালক আক্ৰমণ কৰে আৰু মহিলা ধৰ্মযাজকগৰাকীক মাৰধৰ কৰে। এই ক্ষেত্ৰত পুলিচ প্ৰশাসনে তেওঁক কোনোধৰণৰ সহায় আগ নবঢ়ালে। [৭] ৭ মে'ৰ দিনাখন জৌনপুৰৰ আৰক্ষীয়ে দেওবাৰে হৈ থকা প্ৰাৰ্থনা সভাখন ভঙ্গ কৰি দিয়ে আৰু সেই গাঁৱৰ গোড়া হিন্দুসকলৰ অনুৰোধত মহিলা ধৰ্মযাজকগৰাকীক গ্ৰেপ্তাৰ কৰে। [৮] ৯ মে'ৰ দিনা মৌ অঞ্চলত ৬জন খ্ৰীষ্টানে এখন প্ৰাৰ্থনা সভা আয়োজন কৰাত তাতে টিঙিৰিতুলা হৈ হিন্দুত্ববাদীহঁতে তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী প্ৰশাসনক প্ৰৰোচিত কৰে। [৯] ১৪ মে' দিনা ঘাজীবাদ অঞ্চলত হিন্দু গুণ্ডাবাহিনীয়ে এটা গীৰ্জাত হৈ থকা প্ৰাৰ্থনা সভা ভংগ কৰে আৰু ইয়াৰ ধৰ্মযাজকজনকে ধৰি তেওঁৰ অনুগামীসকলক বেয়াকৈ মাৰপিট কৰে। আক্ৰমণকাৰীসকলে গীৰ্জাঘৰটোৰ সা-সম্পত্তিও নষ্ট কৰে। [১০] ১৯ মে' দিনা ভদহী অঞ্চলত প্ৰায় ২৫-৩০ জনীয়া এটি উগ্ৰ হিন্দু দলে এটা গীৰ্জাঘৰৰ চাৰিওফালে খ্ৰীষ্টানবিৰোধী শ্লোগান দিয়ে আৰু তাৰ ধৰ্মযাজকজনক চাকৰি এৰি গুচি যাবলৈ আদেশ দিয়ে। [১১] ২৫ জুনত চিতাপুৰ আৰু বেৰেইল্লী অঞ্চলত দেওবৰীয়া প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰিবলৈ দিয়া নাছিল হিন্দুত্ববাদী আৰু তাৰ স্থানীয় পুলিচ প্ৰশাসনে।

এয়া হ'ল যোগী আদিত্যনাথৰ এশদিনীয়া শাসনকালত খ্ৰীষ্টানসকলৰ বিৰুদ্ধে হিন্দুত্ববাদীসকলে চলোৱা বৰ্বৰোচিত কাৰ্যকলাপৰ এটি আংশিক প্ৰতিচ্ছবিহে। আৰু পাঁচ বছৰৰ ভিতৰত খ্ৰীষ্টানসকলৰ বিৰুদ্ধে ক’ত কিমান ঘটনা ঘটিব বোধহয় তাৰ সীমা-সংখ্যা নহ'ব।

২০১৪ চনৰপৰা কেন্দ্ৰত মোডী নেতৃত্বাধীন বিজেপি চৰকাৰ অহাৰ পিছৰপৰা খ্ৰীষ্টানসকলৰ বিৰুদ্ধে হিংসাত্মক ঘটনা সঘনাই ঘটিবলৈ ধৰিছে। ২০১৪ চনৰ ডিচেম্বৰ মাহৰপৰা ৰাজধানী দিল্লীতেই কেইবাটাও গীৰ্জাঘৰত আক্ৰমণ কৰা হৈছে। ২০১৫ চনত পশ্চিমবঙ্গত এগৰাকী ৭১ বছৰীয়া বৃদ্ধা ‘নান'ক দলবদ্ধভাৱে ধৰ্ষণ কৰা হৈছিল। ঠিক তেনেদৰে ভাৰতৰ প্ৰায়বোৰ চহৰতে খ্ৰীষ্টানসকলক আৰু তেওঁলোকৰ উপাসনাস্থলীক হিন্দুত্ববাদীসকলে বাৰে বাৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছে। এয়া যে ফেচিষ্টৰ লক্ষণ তাক বহলাই নক'লেও হ'ব।

হিন্দুত্ববাদীসকলে চত্তিশগড়ৰ বাস্তাৰ জিলাৰ খ্ৰীষ্টানধৰ্মী আদিবাসী লোকসকলৰ ওপৰত যিধৰণৰ  নিষ্ঠুৰ আৰু অমানৱীয় আচৰণ কৰি আছে সি সঁচাকৈয়ে চকু কপালত উঠিবলগীয়া। তাত বজৰং দলে খ্ৰীষ্টানধৰ্মী মৃত ব্যক্তিকো সৎকাৰ কৰাত বাধা প্ৰদান কৰে। গ্ৰাম পঞ্চায়তৰপৰা অনুজ্ঞাপত্ৰ পোৱাৰ পিছতো বজৰং দলে তাত কোনো খ্ৰীষ্টান অনুষ্ঠান-প্ৰতিষ্ঠান পাতিবলৈ ধৰ্মযাজকসকলক অনুমতি নিদিয়ে আৰু কিবাকৈ পাতিলেও সেইবিলাক বজৰং দলে লণ্ড-ভণ্ড কৰে আৰু ধৰ্মযাজক আৰু তেওঁৰ অনুগামীসকলক প্ৰচণ্ড মাৰপিট কৰে। এই সন্দৰ্ভত জন মাচিহ নামৰ এগৰাকী ধৰ্মযাজকৰ বক্তব্য মন কৰকঃ ‘‘... I was summoned by the gram panchayat to explain the construction. I told them I had the NOC and that I wanted to construct a community bhawan because Christians donot have a hall for social gathering like marriages and so on. The panchayat leader told me I was not allowed to construct the building. If the government and other authorities upheld my right to construct, they said they could call the Bajrang Dal to get me beaten up.”

মুছলিম ধৰ্মীয় সম্প্ৰদায়ৰ দৰে ভাৰতীয় খ্ৰীষ্টান সম্প্ৰদায়ৰ বিৰুদ্ধে নানা কূটাঘাতমূলক কাম-কাজ তথা অপপ্ৰচাৰৰ গুৰিতে আছে ফেচিষ্ট হিন্দুত্ববাদী সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ) আৰু ইয়াৰ ভ্ৰাতৃ-ভগ্নী সংগঠনসমূহ, যেনে বিশ্ব হিন্দু পৰিষদ, বজৰং দল, দুৰ্গা বাহিনী, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, শিৱসেনা, ভাৰতীয় জনতা পাৰ্টীৰ উপৰিও কিছুসংখ্যক সংবাদ মাধ্যম আৰু স্থানীয় আৰক্ষী প্ৰশাসন। এওঁলোকক বৌদ্ধিকভাৱে প্ৰশিক্ষিত আৰু উৎসাহিত কৰি আহিছে সীতাৰাম গোৱেল, ৰাম স্বৰূপ আদিকে ধৰি বহুসংখ্যক শ্ৰীমুখী শক্তিৰ বিপৰীতে যোৱা দুষ্কৃতিৰ উপাসক হিন্দুত্ববাদী বুদ্ধিজীৱী-সাংবাদিকে। ৰাম স্বৰূপ বোলা ব্ৰাহ্মণ্যবাদী কল্কী অৱতাৰ জনে– Hindu View of Christianity and Islamনামৰ পুথিখনত নিজৰ ‘স্বৰূপ' উদঙাই ইছলাম আৰু খ্ৰীষ্ট ধৰ্মৰ বিৰুদ্ধে পাৰেমানে বিষোদগাৰ আৰু অপপ্ৰচাৰ কাৰ্যত লিপ্ত হৈছে। তেওঁৰ মতে খ্ৰীষ্টান আৰু ইছলাম ধৰ্মত হিন্দু ধৰ্মৰ দৰে ধৰ্মীয় সহিষ্ণুতা নাই। এই দুই ধৰ্মী লোকসকলে অন্য ধৰ্মৰ মঠ-মন্দিৰ ভাঙি সেইবোৰ নিজৰ দখললৈ নিছিল– ‘‘If religious tolerance is a value, Christianity as well as Islam lack it badly. Wherever they have gone, they have carried fire and sword and oppressed and destroyed so far as it lay in their power. They demolished and occupied the temples and shrines of others.” (pp. 42, 80) এই সাম্প্ৰদায়িক বুদ্ধিজীৱীজনাই সদম্ভে ঘোষণা কৰিছে যে হিন্দুৰ পৰিচয় পুনৰ লাভ কৰিবলৈ হ'লে খ্ৰীষ্টান আৰু ইছলামধৰ্মী লোকসকলৰ বিৰুদ্ধে আমি পুনৰ স্বাধীনতা সংগ্ৰামত লিপ্ত হ'ব লাগিব। [পৃ. ১১২] সীতৰাম গোৱেল বোলা আন এগৰাকী কল্কী অৱতাৰৰূপে জন্ম গ্ৰহণ কৰা হিন্দুত্ববাদী বুদ্ধিজীৱীয়ে তেওঁৰ History of Hindu-Christian Encounter নামৰ বৃহৎ গ্ৰন্থখনত অভিযোগ কৰি কৈছে যে নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আদিকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত বিচ্ছিন্নতাবাদী আৰু উগ্ৰবাদী শক্তিসমূহৰ উত্থানত খ্ৰীষ্টান মিছনাৰিসকলৰ হাত আছে। [পৃ. ৩১৪] কিন্তু, সেই ৰাজ্যবোৰত কি ৰাজনৈতিক-সামাজিক তথা অৰ্থনৈতিক কাৰণত বিচ্ছিন্নতাবাদী আৰু উগ্ৰবাদী কাৰ্যকলাপৰ উত্থান ঘটিছিল তাৰ বিশদ ব্যাখ্যা গোৱেলে নিদি আক্ৰোশমূলকভাৱে চিধাই খ্ৰীষ্টান মিছনাৰিসকলক দোষাৰোপ কৰি অকল অপপ্ৰচাৰতেই লিপ্ত হোৱা নাই, আনকি ইতিহাসকো বিকৃত কৰিছে।

সম্প্ৰতি দেশত হিন্দু সাম্প্ৰদায়িকতাৰ উত্থান ঘটাত হিন্দুত্ববাদীসকলে সৰল-সহজ খ্ৰীষ্টধৰ্মী আদিবাসী আৰু জনজাতীয় লোকসকলক পুনৰ হিন্দু ধৰ্মলৈ ধৰ্মান্তৰকৰণৰ বাবে তৎপৰ হোৱা দেখা গৈছে। তাৰ বাবে তেওঁলোকে কেতিয়াবা জোৰজবৰদস্তিও কৰা দেখা গৈছে। ইয়াৰ ফল যে অতি বিষময় হ'ব তাত কোনো সন্দেহ নাই। অৱশ্যে, আমি এই কথা ক'ব খোজা নাই যে খ্ৰীষ্টান মিছনাৰিসকল ধোৱা তুলসীৰ পাত। তেওঁলোকেও সময়ে সময়ে নানা চল-চাতুৰি কৰি দুখীয়া-নিছলা লোকসকলক খ্ৰীষ্ট ধৰ্মলৈ ধৰ্মান্তৰিত কৰাৰ অভিযোগ আমি শুনিবলৈ পাওঁ। তাৰ বাবে হিংসাত্মক ঘটনাও সংঘটিত হৈছে। কিন্তু কথা হ'ল, তাৰ কাৰণে মূলতঃ দায়ী কোন? আমি আগতে কৈ অহাৰ দৰে হিন্দু ধৰ্মৰ গৰ্ভত থকা ব্ৰাহ্মণ্যবাদৰ আধিপত্য, জাত-পাতৰ বিচাৰ, হিন্দুত্ববাদীসকলৰ পৈশাচিক ফেচিষ্ট চৰিত্ৰই তাৰ বাবে দায়ী নহয়নে? হিন্দু ধৰ্মৰ নিৰ্দয়, বৰ্বৰ জাতপ্ৰথা কুৰি শতিকাৰ আদিভাগলৈকেই ভাৰতত দপদপাই আছিল আৰু আজিও বহু ৰাজ্যত তাৰ চোক কমি যোৱা নাই। নিম্নবৰ্ণৰ দলিতসকলক, আদিবাসীসকলক আজিৰ তাৰিখতো হিন্দুত্ববাদী, উচ্চবৰ্ণৰ লোকে নিষ্ঠুৰভাৱে অত্যাচাৰ আৰু হত্যা কৰি আছে। এনে পৰিস্থিতিত হিন্দু ধৰ্মৰ বিপৰীতে কোন ধৰ্মীয় সংগঠন বা মিছনাৰিয়ে তাৰ পূৰ্ণ সুযোগ নল'ব? ভাৰতৰ দৰে ধৰ্মনিৰপেক্ষ দেশত সকলোৱেইতো নিজৰ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ ঘটাবলৈ বিচাৰিব। তাত বাধা দিয়াৰ অধিকাৰ হিন্দুত্ববাদীসকলে ক'ত পালে? এই সত্য কথাবোৰ হিন্দুত্ববাদীসকলে গাপ দি বা অস্বীকাৰ কৰি অকল তেওঁলোকৰেই ক্ষতি কৰা নাই, আনকি ভাৰতীয় সংবিধানে প্ৰদান কৰা নাগৰিকসকলৰ ধৰ্মীয় স্বাধীনতাক তথা তেওঁলাকৰ ধৰ্মানুভূতিক পদাঘাত কৰিছে। ইয়াৰ ফল তেওঁলোকে এদিন ভুগিব লাগিব। এনে ক্ষেত্ৰত দেশৰ সকলো গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ লোকে হিন্দুত্ববাদীহঁতৰ এই ফেচিষ্ট চৰিত্ৰক প্ৰতিৰোধ কৰিবলৈ আগ বাঢ়ি আহিবই লাগিব– এয়া সময়ৰ দাবী।

Share Button
Print Friendly, PDF & Email

No Comments : "হিন্দুত্ববাদীৰ কোপদৃষ্টিত খ্ৰীষ্টান সম্প্ৰদায়-(শৈলেন বৰকটকী)"

Leave a Comment

Your email address will not be published. Required fields are marked *