হিন্দু জাতীয়তাবাদ আৰু ভাৰতীয় জাতি-ৰাষ্ট্ৰ : এটি আধৰুৱা টোকা- (জিতেন বেজবৰুৱা)

হিন্দুত্ব বা হিন্দু জাতীয়তাবাদ হ'ল বৰ্তমান ভাৰতৰ আটাইতকৈ সংগঠিত আৰু শক্তিশালী ৰাজনৈতিক শক্তি। ই হ'ল এটা বহুলব্যাপ্ত গণ আন্দোলন। সমাজৰ ক্ষুদ্ৰ বা বিশেষ কিছু অংশৰ মাজত আবদ্ধ ই এটা সংকীৰ্ণ প্ৰতিক্ৰিয়াশীল শক্তি মাত্ৰ নহয়, নতুবা ই কোনো এলিট ষড়যন্ত্ৰ বা পুঁজিপতিয়ে ব্যৱহাৰ কৰা গণবিৰোধী অস্ত্ৰ মাত্ৰ নহয়। গতিকে ইয়াৰ বিষয়ে কৰিবলগীয়া আলোচনাৰ প্ৰাৰম্ভতে স্পষ্ট হৈ লোৱা দৰকাৰ যে ই হ'ল নিঃসন্দেহে গণতন্ত্ৰ-বিৰোধী আন্দোলন, কিন্তু একে সময়তে ই এক গণ আন্দোলন। দ্বিতীয়টো গুৰুত্বপূৰ্ণ দিশ হ'ল নব্য উদাৰতাবাদৰ সৈতে ইয়াৰ সম্পৰ্কৰ দিশটো। সম্প্ৰতি সংঘ পৰিবাৰ তথা তাৰ ৰাজনৈতিক দল বিজেপি অৱতীৰ্ণ হৈছে হিন্দু জাতীয়তাবাদ আৰু নব্য উদাৰতাবাদৰ সমন্বিত প্ৰতিমূৰ্তি হিচাপে। ভাৰতীয় ৰাজনীতিত গণ আন্দোলনৰ ৰূপত হিন্দু জাতীয়তাবাদৰ উত্থান আৰু তাৰ সৈতে নব্য উদাৰতাবাদৰ এনে অংগাংগী সম্পৰ্ক স্থাপন কেনেকৈ সম্ভৱ হ'ল সেই সম্পৰ্কে থূলমূল আভাস দিয়াই এই আলোচনাৰ উদ্দেশ্য। অৱশ্যে দ্বিতীয়টো দিশ, অৰ্থাৎ নব্য উদাৰতাবাদৰ প্ৰশ্নটো, আমি স্বতন্ত্ৰ প্ৰশ্ন হিচাপে আলোচনা নকৰি হিন্দু জাতীয়তাবাদৰ বিকাশৰ সৈতে সংগতিপূৰ্ণ তথা সম্পৰ্কিত তাৰ কিছু দিশৰ ওপৰতহে চমুকৈ আলোকপাত কৰিবলৈ চেষ্টা কৰিম। এইখিনিতে মন কৰিবলগীয়া যে ‘হিন্দু জাতীয়তাবাদ' টাৰ্মটোৱে উক্ত আন্দোলনটোৰ ঘাইকৈ মতাদৰ্শগত-সাংস্কৃতিক আয়তনটো দাঙি ধৰে, আৰু সেই টাৰ্মটো বহন কৰা আলোচনা-বিলোচনাসমূহতো সেইটো পৰিলক্ষিত হয়। সেই ফালৰপৰা আন্দোলনটোৰ ৰাজনৈতিক আৰু সাংগঠনিক আয়তনটো দাঙি ধৰিবৰ বাবে ‘হিন্দুত্ব' টাৰ্মটোৰ প্ৰয়োগহে অধিক প্ৰশস্ত হ'ব যেন লাগে। কিন্তু পূৰ্বৰ ব্যৱহাৰৰ লগত সংগতি ৰাখি আৰু অন্যান্য কিছু সুবিধাৰ বাবে আমি মূলতঃ ‘হিন্দু জাতীয়তাবাদ' টাৰ্মটোকে ব্যৱহাৰ কৰিম।

সি যি নহওক, এই সম্পৰ্কে বাঁও-গণতান্ত্ৰিক শিবিৰত হোৱা আলোচনা-বিলোচনাবোৰত অৰ্থনীতিবাদী তথা যান্ত্ৰিক প্ৰৱণতা বৰকৈ পৰিলক্ষিত হয়। হিন্দু জাতীয়তাবাদ আৰু নব্য উদাৰতাবাদক পোনপটীয়া কাৰ্যকাৰণ সম্পৰ্কত বান্ধিবলৈ চেষ্টা কৰা হয় – হিন্দু জাতীয়তাবাদক নব্য উদাৰতাবাদৰ বা সাধাৰণভাৱে পুঁজিবাদৰ এটা প্ৰচেষ্টা বা এপাট অস্ত্ৰ হিচাপে বিবেচনা কৰা হয়, যাৰ জৰিয়তে পুঁজিবাদে শ্ৰেণীসংঘাতৰপৰা শ্ৰমজীৱী শ্ৰেণীৰ মনোযোগ আঁতৰাই নিবলৈ চেষ্টা কৰে আৰু শ্ৰেণী-উদ্ভূত ক্ষোভক সংখ্যালঘু সম্প্ৰদায়ৰ দিশে পৰিচালিত কৰিব বিচাৰে, আৰু ইয়াৰ জৰিয়তে শ্ৰমজীৱী শ্ৰেণীৰ সংগ্ৰামক পদাঘাত কৰে। এটা কথা ঠিক যে সাম্প্ৰদায়িকতা বা বিশেষ অৰ্থত হিন্দু জাতীয়তাবাদে শ্ৰমজীৱী শ্ৰেণীক নিজৰ মূল আৰ্থ-ৰাজনৈতিক প্ৰশ্নৰপৰা আঁতৰাই নিয়ে। কিন্তু উপৰোক্ত ধাৰণাটো আংশিকভাৱেহে শুদ্ধ। কিয়নো সি হিন্দু জাতীয়তাবাদী আন্দোলনৰ ব্যাপক গণভিত্তিটোৰ ব্যাখ্যা দিব নোৱাৰে। এনে ব্যাখ্যাত আন্দোলনটোৰ চক্ৰান্তমূলক চৰিত্ৰটোৰ ওপৰত অত্যধিক গুৰুত্বাৰোপ কৰা হয়, আৰু জনসাধাৰণৰ মাজত থকা ধৰ্মীয় পৰিচিতিক উচটনি যোগাই বিভ্ৰান্তিৰ সৃষ্টি কৰাটোৰ ওপৰত ভিত্তি কৰিয়েই গণভিত্তিৰ প্ৰশ্নটো মীমাংসা কৰিব বিচৰা হয়। চক্ৰান্ত, উচটনি আৰু বিভ্ৰান্তিৰ সৃষ্টি – ইয়াৰ প্ৰতিটোৱেই সত্য। কিন্তু কেৱল ইয়াৰ ওপৰত ভিত্তি কৰিয়েই আন্দোলনটো বৰ্তি থকা নাই, বৰং ইতিমধ্যে থকা গণভিত্তিক আধাৰ কৰিহে সি এইসমূহ ৰণকৌশলৰ প্ৰয়োগ কৰি আহিছে। আনহাতে, জনসাধাৰণৰ কৌটিকলীয়া ধৰ্মীয় পৰিচিতি তথা তৎজনিত আৱেগক উচটনি যোগোৱাতে আন্দোলনটো সীমাবদ্ধ নহয়, বৰং সি ইতিমধ্যে ধৰ্মীয় পৰিচিতিক নতুনকৈ নিৰ্মাণ কৰিছে – সেই পৰিচিতিৰ গুণগত ৰূপান্তৰ ঘটাই তাক নিজৰ ঠাঁচত নতুন ৰূপ দিছে। তদুপৰি আগেয়ে নহৈ বৰ্তমানৰ ঐতিহাসিক সন্ধিক্ষণতনো কিয় আৰু কেনেকৈ পুঁজিবাদে হিন্দু জাতীয়তাবাদৰ আশ্ৰয় ল'বলগা হ'ল, উপৰোক্ত ধাৰণাই এইটো ব্যাখ্যা কৰিব নোৱাৰে। সংকটৰ মুহূৰ্তত পুঁজিয়ে ইচ্ছা কৰিলে বুটলি লৈ নিজৰ উদ্দেশ্যত ব্যৱহাৰ কৰিব পৰা বিভিন্নধৰণৰ প্ৰতিক্ৰিয়াশীল মতাদৰ্শৰ মাজৰে হিন্দু জাতীয়তাবাদো এটা – এনেকুৱা ধৰণে ব্যাখ্যা কৰি ভাৰতীয় ৰাজনীতিৰ বিশেষ ঐতিহাসিক পৰিস্থিতিটোৰ মৰ্ম উদঘাটন কৰিব নোৱাৰি। আকৌ পুঁজিৰ সংকটৰ প্ৰসংগটোতো প্ৰশ্নৰ অৱতাৰণা কৰিব পাৰি। ভাৰতীয় ৰাজনীতিত হিন্দু জাতীয়তাবাদৰ উত্থানৰ ১৯৮০ৰ দশকৰ সময়ছোৱাত পুঁজি সংকটাপন্ন হোৱা বুলি ক'ব নোৱাৰি, বৰং পুঁজিৰ ভাল দিনহে চলি আছিল। মুঠতে অৰ্থনীতিবাদী তথা যান্ত্ৰিক ব্যাখ্যাৰ পৰিধি অতিক্ৰম কৰিব পাৰিলেহে ভাৰতত হিন্দু জাতীয়তাবাদৰ উত্থানৰ তথা তাৰ সৈতে নব্য উদাৰতাবাদৰ যুটীয়া স্বাৰ্থৰ ৰহস্য উন্মোচন কৰিব পৰা যাব। বিশেষভাৱে মনত ৰখা দৰকাৰ যাতে প্ৰতিক্ৰিয়াশীল হ'ল বুলিয়েই তাৰ প্ৰবল শক্তি-সামৰ্থ্য তথা ব্যাপক গণভিত্তিক লঘু ৰূপত উপস্থাপন কৰিবলৈ প্ৰয়াস কৰা নহয়।

হিন্দু জাতীয়তাবাদৰ ইতিহাস বেছ পুৰণি। ১৮৭০ৰ দশকত সাংস্কৃতিক প্ৰৱণতাৰ ৰূপত অংকুৰণ ঘটা হিন্দু জাতীয়তাবাদে সাংগঠনিক আৰু ৰাজনৈতিকভাৱে এটা আন্দোলনৰ ৰূপ পৰিগ্ৰহ কৰে ১৯১০ৰ দশকৰপৰা। তেতিয়াৰপৰাই ই জাতীয় আন্দোলনৰ সমান্তৰালভাৱে আৰু ভিতৰেদি ৰাজনৈতিক তৎপৰতা চলাই গৈছিল যদিও ইয়াৰ স্বকীয় স্থান আছিল প্ৰান্তীয়। স্বাধীনতাৰ পৰৱৰ্তী সময়ত গান্ধী-হত্যাৰ পৰিণতিস্বৰূপে হিন্দু জাতীয়তাবাদৰ নৈতিক ন্যায্যতাত ব্যাপক খহনীয়া ঘটিছিল, আৰু সমাজত ছেকুলাৰ-আধুনিকতাবাদী নতুন ভাৰতীয় জাতি-ৰাষ্ট্ৰৰ অখণ্ড আধিপত্য তথা চৰকাৰৰ সময়ানুগ হস্তক্ষেপৰ বাবে ই মূৰ দাঙি উঠিবলৈ সক্ষম হোৱা নাছিল। তলে তলে সংঘ পৰিবাৰে তাৰ বিভিন্ন সংগঠনৰ জৰিয়তে সমাজৰ বিভিন্ন স্তৰত সেৱামূলক কামৰ জৰিয়তে আৰু বিশেষকৈ কেডাৰ প্ৰশিক্ষণৰ মাজেৰে নিজৰ ভিত্তি প্ৰসাৰিত কৰাৰ চেষ্টাত ব্ৰতী আছিল। জৰুৰীকালীন অৱস্থাৰ সময়ত জয়প্ৰকাশ নাৰায়ণৰ আন্দোলনত চামিল হোৱাৰ মাজেৰে সংঘ পৰিবাৰে বহুখিনি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল। সেই সেৱামূলক কাম আৰু কেডাৰ প্ৰশিক্ষণৰ সীমিত পৰিসৰ অতিক্ৰম কৰি ই প্ৰকৃতাৰ্থত গণ জাগৰণৰ পদ্ধতি গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল ১৯৮০ৰ দশকৰপৰাহে। বৰ্তমান সময়ত আমি সংঘ পৰিবাৰে প্ৰতিনিধিত্ব কৰা যি হিন্দু জাতীয়তাবাদক জানো, সংগঠিত ৰাজনৈতিক শক্তিৰ ৰূপত তাৰ উত্থান সেই সময়ছোৱাতে ঘটিছিল। অৱশ্যে সেই সময়তো তাৰ সীমিত গণভিত্তি আৰু সংকীৰ্ণ স্বাৰ্থ বহল সমাজৰ সন্মুখত স্পষ্ট আছিল। বিজেপিক তেতিয়া ‘ব্ৰাহ্মণ-বণিয়াৰ দল' বোলা হৈছিল সঠিকভাৱেই। ই সাৰ্থক অৰ্থত গণ আন্দোলনৰ ৰূপ পৰিগ্ৰহ কৰিছিল ১৯৯০ৰ দশকত, ঘাইকৈ বাবৰি মছজিদ-কেন্দ্ৰিক জাগৰণসমূহৰ মাধ্যমেৰে। আনহাতে, আশীৰ দশকত সংঘ পৰিবাৰে ভাৰতৰ ভিতৰত বাণিজ্যৰ উদাৰীকৰণৰ পোষকতা কৰিলেও বাহিৰৰ বজাৰৰ ঢৌৰপৰা সুৰক্ষাৰ অৰ্থে সংৰক্ষণমূলক নীতিকহে সমৰ্থন জনাইছিল। কিন্তু নব্বৈৰ দশকৰ লগে লগে ই অৱতীৰ্ণ হৈছিল নব্য উদাৰতাবাদৰ উগ্ৰ পৃষ্ঠপোষক হিচাপে। গতিকে ইয়াৰপৰা কেইবাটাও প্ৰশ্ন উত্থাপিত হয়। আশীৰ দশকটোতনো ভাৰতীয় ৰাজনীতিত এনে কি ঘটনা বা পৰিবৰ্তন ঘটিছিল যাৰ ফলস্বৰূপে হিন্দু জাতীয়তাবাদে সংগঠিত আৰু শক্তিশালী ৰাজনৈতিক শক্তি হিচাপে মূৰ দাঙি উঠিবলৈ সাৰ-পানী পালে? হিন্দু জাতীয়তাবাদ আৰু নব্য উদাৰতাবাদ – এই দুই ভিন্ন প্ৰক্ৰিয়াৰ মাজত সম্পৰ্ক আৰু একাত্মতা কেনেকৈ স্থাপিত হ'ল? ইয়াৰ দুটা দিশ আছে – প্ৰথমটো গাঁথনিগত বা ব্যৱস্থাগত, দ্বিতীয়টো সাংগঠনিক। সাংগঠনিক দিশটো হ'ল সংশ্লিষ্ট দল-সংগঠন তথা নেতাৰ ৰণকৌশল আৰু কৰ্মপ্ৰচেষ্টাৰ দিশটো। এই দিশটো বহুলভাৱে আলোচিত; সেইবাবে আমাৰ আলোচনা ঘাইকৈ প্ৰথমটোৰ ওপৰতে কেন্দ্ৰীভূত ৰখা হ'ব। স্বাধীনতাৰ লগে লগে আৰম্ভ হোৱা স্বাধীন ভাৰতীয় জাতি-ৰাষ্ট্ৰৰ এক গাঁথনিগত ৰূপান্তৰ ঘটিবলৈ ধৰিছিল, বা ভিন্নাৰ্থত, তাৰ শক্তি-সামৰ্থ্যৰ এক ক্ৰমাৱক্ষয় ঘটিবলৈ আৰম্ভ কৰিছিল ষাঠিৰ দশকৰ পিছৰপৰাই। সেই ৰূপান্তৰ বা ক্ৰমাৱক্ষয় সম্পূৰ্ণ হৈছিল আশীৰ দশকত। ৰজনী কোঠাৰিয়ে ১৯৭৫ চনক ভাৰতীয় ৰাজনীতিৰ পৰ্বান্তৰৰ মুহূৰ্ত বুলি অভিহিত কৰিছে যেতিয়া নেহৰুবাদী ব্যৱস্থাটো বা ‘কংগ্ৰেছ ছিষ্টেম'টোৰ পতন আৰম্ভ হৈছে। সি যি নহওক, আশীৰ দশকত অতদিনে আধিপত্য বিস্তাৰ কৰি অহা জাতি-ৰাষ্ট্ৰৰ মডেলটো সংকটাপন্ন হোৱাৰ ফলত একপ্ৰকাৰ ৰাজনৈতিক শূন্যতাৰ সৃষ্টি হয়। সেই শূন্যতা পূৰণ কৰি ভাৰতৰ বিভিন্ন অংশত মূৰ দাঙি উঠে বিভিন্ন আঞ্চলিকতাবাদী আন্দোলন, উগ্ৰবাদী আন্দোলন, কৃষক আন্দোলন, দলিত-নিম্নবৰ্ণৰ আন্দোলন তথা আন কিছুমান সামাজিক আন্দোলন। এই বিভিন্ন আন্দোলনবোৰৰ মাজত অন্তৰ্নিহিত ঐক্য প্ৰায় ক্ষেত্ৰতে নাছিল, কিন্তু সকলোবোৰে মিলি যিটো কাম কৰিছিল সেইটো আছিল – ছেকুলাৰ-আধুনিকতাবাদী ভাৰতীয় জাতি-ৰাষ্ট্ৰৰ বৃহৎ নেৰেটিভটোৰ অৱক্ষয়ৰ ফলস্বৰূপে সৃষ্টি হোৱা শূন্যতা কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ নেৰেটিভেৰে পূৰণ কৰিছিল। হিন্দু জাতীয়তাবাদো বাকী আন্দোলনবোৰৰ নিচিনাকৈয়ে সেই সময়তে মূৰ দাঙি উঠিছিল। কিন্তু ইয়াৰ সুবিধাটো আছিল এইখিনিতে যে ই উক্ত ‘সংকীৰ্ণ' আৰু ‘খণ্ডিত' স্বাৰ্থক প্ৰতিনিধিত্ব কৰা আন্দোলনবোৰৰ বিপৰীতে ই এক সংহতিপূৰ্ণ ‘জাতীয়' স্বাৰ্থ তথা সমন্বয়ৰ প্ৰতিনিধিত্ব কৰিছিল। আৰু এইটো আছিল পুঁজিৰ স্বাৰ্থৰ অনুকূলে, সেইবাবে কম সময়ৰ ভিতৰতে পুঁজি আগ বাঢ়ি আহিছিল আন্দোলনটোৰ পৃষ্ঠপোষকতাৰ বাবে। গতিকে অতি চমুকৈ এনেকৈ ক'ব পাৰি যে ভাৰতীয় ৰাজনীতিৰ আশীৰ দশকৰ বিশৃংখলতাৰ মাজত ক্ৰমাৎ আধিপত্য বিস্তাৰ কৰিবলৈ ধৰা হিন্দু জাতীয়তাবাদে একপ্ৰকাৰ শৃংখলা আনি দিছিল। এই প্ৰক্ৰিয়াটো আছিল ভাৰতীয় অৰ্থনীতি-ৰাজনীতিলৈ নব্য উদাৰতাবাদৰ আগমনৰ সমসাময়িক আৰু অনুকূল। এনেকৈয়ে সাম্প্ৰতিক ভাৰতৰ দুটা বৃহত্তম ৰাজনৈতিক প্ৰজেক্ট – হিন্দু জাতীয়তাবাদ আৰু নব্য উদাৰতাবাদ – এটা বিন্দুত মিলিত হৈছিল। এই সমন্বিত প্ৰক্ৰিয়াৰ পূৰ্ণাংগ ৰূপ আমি আজি দেখিবলৈ পাইছো।

জাতীয়তাবাদ হ'ল আধুনিকতাৰ এক উৎপাদন। যিটো জাতীয় কৌম বা সম্প্ৰদায়ক আধাৰ কৰি জাতীয়তাবাদ বৰ্তি থাকে, প্ৰাক-আধুনিক কালৰ ৰাজনৈতিক কল্পনাত তাৰ অস্তিত্ব নাছিল। কথাটো এনেকুৱা নহয় যে অতীজৰেপৰা সমাজত বিৰাজ কৰা নানান সামাজিক পৰিচিতিৰ লগত আধুনিকতাই জাতীয়তাবাদৰ পৰিচিতিটো সংযোগ কৰি দিছিল মাত্ৰ। বৰং আধুনিকতাই সমাজত বৰ্তি থকা বিভিন্নধৰণৰ পৰিচিতিসমূহৰ গাঁথনি আৰু চৰিত্ৰৰ এক আমূল পৰিবৰ্তন ঘটাইছিল। আধুনিকতাৰ পূৰ্বেও সমাজৰ বিভিন্ন লোকে বিভিন্ন পৰিচিতি ধাৰণ কৰি জীৱন নিৰ্বাহ কৰিছিল, কিন্তু আধুনিকতাৰ পৰশে সেইসমূহ পৰিচিতিৰ এক গুণগত ৰূপান্তৰ ঘটাইছিল। সুদীপ্ত কবিৰাজৰ মতে, প্ৰাক-আধুনিক সমাজত পৰিচিতিবোৰ আছিল ওপৰাউপৰি তথা লেজুৱাধৰণৰ, তেওঁৰ পৰিভাষাত fuzzy বা অস্পষ্ট। প্ৰথমতে, এজন ব্যক্তিৰ বিভিন্নধৰণৰ পৰিচিতি আছিল আৰু সেইবোৰ বিভিন্ন সামাজিক প্ৰেক্টিচৰ মাজেৰে প্ৰকাশ পাইছিল। ব্যক্তিজন গাঁও, আঞ্চলিক সম্প্ৰদায়, বৰ্ণ, ধৰ্মীয় পন্থ, ভাষা, কুটুম্বিতা, জীৱিকা আদিৰ বিভিন্ন পৰিচিতিৰে পৰিচিত আছিল। কিন্তু ইয়াৰ ভিতৰত কোনো এটা পৰিচিতিয়েই চূড়ান্ত বা একাধিপত্যশীল নাছিল, আৰু ইটো সিটোৰ মাজত কোনো ধৰা-বন্ধা স্পষ্ট পৰিসীমা নাছিল। গতিকে পৰিচিতিসমূহ আছিল অস্পষ্ট, অসমাপ্ত আৰু ওপৰাউপৰি। দ্বিতীয়তে, যদিও পৰিচিতিসমূহ ব্যৱহাৰ কৰি মানুহে ভিন্ন পৰিচিতিৰ লোকসকলৰপৰা নিজক পৃথকীকৰণ কৰিছিল আৰু একে পৰিচিতিৰ লোকসকলৰ সৈতে সমাবেশিত হৈছিল, তথাপি তেওঁলোকে পৰিচিতিভিত্তিক সামাজিক গোটসমূহৰ বিষয়ে এক বহল আৰু সম্পূৰ্ণ ধাৰণা আহৰণ কৰিবলৈ সক্ষম হোৱা নাছিল। তাৰ বাবে প্ৰয়োজনীয় ধাৰণা তথা প্ৰযুক্তিৰ অভাৱ আছিল তেওঁলোকৰ। এনে কাৰণতে তেনে এটা পৰিচিতিক কেন্দ্ৰ কৰি সংগঠিত ৰাজনৈতিক একচনৰ চিন্তা কৰাটো তেতিয়া অকল্পনীয় আছিল। লগতে ‘আত্ম' আৰু ‘অন্য', অৰ্থাৎ ‘আমাৰ' আৰু ‘সিহঁত'ৰ মাজত কোনো চূড়ান্ত আৰু অলংঘনীয় বিভাজন সৃষ্টি কৰাটো সম্ভৱপৰ নাছিল। কিন্তু ঔপনিবেশিক ভাৰতত আধুনিকতাৰ পত্তনৰ লগে লগে পৰিচিতিৰ এই সামাজিক পৃথিৱীখনৰ পৰিবৰ্তন ঘটিছিল। বিশেষকৈ লোকপিয়ল আৰু মানচিত্ৰই পূৰ্বৰ সামাজিক পৰিচিতিসমূহৰ পৰিবৰ্তন আৰু নতুন পৰিচিতিৰ উৎপাদনত ঘাই ভূমিকা লৈছিল। সামাজিক পৃথকীকৰণৰ ধাৰণা তথা তাৰ সংগঠনৰ ৰূপ পূৰাপূৰি বদলি গৈছিল। ইয়াৰ ফলস্বৰূপে মানুহৰ সমূহীয়া সত্তাৰ বিষয়ে ধাৰণা তথা সামাজিক পৃথিৱীখনত সেই সত্তাটোৰ স্থান সম্পৰ্কে ধাৰণাই নতুন ৰূপ পৰিগ্ৰহ কৰিছিল। ইয়াৰ ৰাজনৈতিক পৰিণামসমূহ আছিল সুদূৰপ্ৰসাৰী আৰু গভীৰ। উদাহৰণস্বৰূপে, হিন্দু আৰু মুছলিম পৰিচিতি পূৰ্বৰেপৰাই আছিল, কিন্তু উপৰোক্ত প্ৰক্ৰিয়া ঘটাৰ পাছত হিন্দু আৰু মুছলিম পৰিচিতিৰ তাৎপৰ্য সলনি হৈছিল। সামাজিক পৰিচিতিৰ সৈতে সংলগ্ন হৈছিল ৰাজনৈতিক আত্মচেতনা তথা সমূহীয়া ইচ্ছাৰ ধাৰণা, যাৰ ভিত্তিত ৰাজনৈতিক একচন তথা ৰণকৌশল অৱলম্বন কৰিব পাৰি। সাধাৰণতে সমাজবিজ্ঞানত সামাজিক পৰিচিতিসমূহক আধুনিক আৰু আদিম, এইধৰণে বিভাজিত কৰা হয়। কিন্তু কবিৰাজৰ মতে, আধুনিকতাই পৰিচিতিৰ সমগ্ৰ মানচিত্ৰখনকে সলনি কৰি পেলায় – এনে কোনো পৰিচিতি নাই যাক আধুনিকতাই স্পৰ্শ নকৰে। আনহাতে, প্ৰতিটো আধুনিক পৰিচিতিয়েই হ'ল প্ৰত্যক্ষ বা পৰোক্ষভাৱে ৰাজনৈতিক। গতিকে ক'ব পাৰি যে আধুনিকতাৰ যিটো লজিকে ভাৰতীয় জাতীয়তাবাদৰ পৰিচিতি নিৰ্মাণৰ বাট প্ৰশস্ত কৰিছিল, সেই একেটা লজিকেই ধৰ্মীয় পৰিচিতিসমূহকো ৰাজনৈতিক যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ কৰাইছিল। কবিৰাজে এটা উদাহৰণ দিছে যে প্ৰথমভাগৰ বাঙালী ‘জাতীয়তাবাদী' লেখকসকলে এই লৈ খেলিমেলিত পৰিছিল যে তেওঁলোক প্ৰকৃততে কোনটো জাতিৰ অংশ – বাঙালী, হিন্দু নে ভাৰতীয়? কোৱা বাহুল্য যে ভাৰতৰ স্বাধীনতা সংগ্ৰামে ইয়াৰ ভিতৰত ভাৰতীয় পৰিচিতিটোৰে আধিপত্য প্ৰতিষ্ঠা কৰিছিল। কিন্তু সেই আধিপত্য চিৰস্থায়ী আছিলনে?

বিভিন্ন জটিলতা সত্ত্বেও ভাৰতীয় স্বাধীনতা সংগ্ৰামে এটা আধুনিক আৰু ছেকুলাৰ ভাৰতীয় জাতিৰ পক্ষেই থিয় দিছিল – যাৰ মূলনীতি তথা প্ৰতীকী উপাদানসমূহ আছিল আধুনিক। কিন্তু এইটো ভাৰতীয় জাতীয়তাবাদৰ একমাত্ৰ ধাৰণা নাছিল। বহুসংখ্যক প্ৰতিদ্বন্দ্বী আৰু সংঘৰ্ষৰত ৰাজনৈতিক কল্পনাই ভাৰতীয় জাতীয়তাবাদৰ অন্তৰ্ভাগত আধিপত্যৰ বাবে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিল – তাৰে এটা আছিল গভীৰভাৱে আধুনিক আৰু ছেকুলাৰ, কিন্তু তাক চৌপাশে আবৃত কৰি ৰাখিছিল আন কিছুমান ৰাজনৈতিক কল্পনাই, যাৰ আধুনিকতাৰ অৱদানসমূহৰ প্ৰতি মনোভাব আছিল সন্দেহজনক। এই দ্বন্দ্বটোক আনধৰণেও সংজ্ঞায়িত কৰিব পাৰি। ভাৰতীয় জাতীয়তাবাদৰ মাজত সমসত্ববাদী আৰু বহুত্ববাদী – এই দুটা প্ৰৱণতাৰ দ্বন্দ্ব পৰিলক্ষিত হৈছিল। গান্ধী আৰু নেহৰুৱে, তথা সামগ্ৰিকভাৱে স্বাধীনতা সংগ্ৰামখনে থিয় দিছিল বহুত্ববাদী প্ৰৱণতাৰ পক্ষত। স্বাধীনতাৰ পাছত নতুন জাতি-ৰাষ্ট্ৰই এই আধুনিক আৰু ছেকুলাৰ, বহুত্ববাদী ভাৰতীয় জাতীয়তাবাদৰ ধাৰাটোক প্ৰাতিষ্ঠানিক ৰূপত স্বীকৃতি দিছিল। ৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহ তথা প্ৰমূল্যৰ মাজত বহুত্ববাদৰ নীতিসমূহ প্ৰোথিত কৰা হৈছিল। ছেকুলাৰবাদে ধৰ্মাচৰণৰ বহুত্ব, ফেডাৰেলবাদে আঞ্চলিক সংস্কৃতিসমূহৰ বহুত্ব আৰু গণতন্ত্ৰই ৰাজনৈতিক আদৰ্শৰ বহুত্বক আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰিছিল। ছেকুলাৰ নাগৰিকত্বৰ ওপৰত প্ৰতিষ্ঠিত এই নাগৰিক জাতীয়তাবাদৰ দায়িত্ব বহন কৰিছিল নতুন জাতি-ৰাষ্ট্ৰই। এই জাতীয়তাবাদ তথা জাতি-ৰাষ্ট্ৰৰ একাধিপত্যই বাকী প্ৰতিদ্বন্দ্বী, সমসত্ববাদী জাতীয়তাবাদৰ ধাৰণাসমূহক সমাজৰ এচুকলৈ ঠেলি পঠিয়াইছিল। পৰৱৰ্তী সময়ত যেতিয়া এই নেহৰুবাদী জাতীয়তাবাদ তথা তাক ধৰি ৰখা জাতি-ৰাষ্ট্ৰৰ আধুনিকতাবাদী-ছেকুলাৰ মডেলটোৰ অৱক্ষয় ঘটিছিল, সেই প্ৰেক্ষাপটত মূৰ দাঙি উঠিছিল উক্ত অৱদমিত জাতীয়তাবাদৰ ধাৰণাসমূহে। আশীৰ দশকত হিন্দু জাতীয়তাবাদৰ উত্থানৰ ক্ষেত্ৰতো সেই ঘটনাই ঘটিছিল।

ভাৰতীয় জাতীয়তাবাদৰ প্ৰভাৱশালী ধাৰাটোত জাতি-ৰাষ্ট্ৰক সমূহীয়া স্বাৰ্থচালিত সামাজিক ৰূপান্তৰৰ বাহক হিচাপে নিৰ্বিবাদে মানি লোৱা হৈছিল। গতিকে নতুন ভাৰতীয় জাতি-ৰাষ্ট্ৰ আছিল স্বাধীনতা সংগ্ৰামৰ সাৰ্থক আৰু ন্যায্য উত্তৰাধিকাৰী। প্ৰায় সকলোবিলাক সামাজিক গোটেই ইয়াৰ সাংবিধানিক গাঁথনিটোক ন্যায়সংগত বুলি মানি লৈছিল। আনহাতে, পৰিকল্পিত ৰাজনৈতিক-অৰ্থনৈতিক নীতি তথা আঁচনিৰ জৰিয়তে সমাজত ৰাজনৈতিক-অৰ্থনৈতিক ন্যায় প্ৰতিষ্ঠা কৰাৰ দায়িত্ব ৰাষ্ট্ৰই কান্ধ পাতি লৈছিল, আৰু এইটো আছিল জাতি-ৰাষ্ট্ৰৰ ন্যায্যতাৰ আনটো প্ৰধান উৎস। একে সময়তে ৰাষ্ট্ৰই জনসাধাৰণৰ মাজৰপৰা অহা গণতান্ত্ৰিক দাবী-দাবাবোৰো পূৰণ কৰিব লাগিছিল। কিন্তু ভাৰতীয় পৰিস্থিতিৰ জটিলতাৰ বাবে ৰাষ্ট্ৰই ভালেমান সমস্যা আৰু অন্তৰ্বিৰোধৰ সন্মুখীন হৈছিল তাৰ দায়িত্বসমূহ পূৰণ কৰিবলৈ যাওঁতে। সেই সমস্যা আৰু অন্তৰ্বিৰোধসমূহৰ পৰিণতিতেই জাতি-ৰাষ্ট্ৰৰ সংকট ক্ৰমাৎ ঘনীভূত হ'বলৈ ধৰিছিল। গতিকে আশীৰ দশকত হিন্দু জাতীয়তাবাদৰ উত্থান তথা ভাৰতীয় ৰাজনীতিৰ পৰ্বান্তৰৰ চৰিত্ৰ অনুধাৱন কৰিবলৈ হ'লে প্ৰথমে আমি স্বাধীন ভাৰতীয় জাতি-ৰাষ্ট্ৰৰ বিৱৰ্তনৰ ইতিহাসৰ কিছু ভু লোৱা দৰকাৰ। এই জটিল আৰু বিস্তৃত বিষয়টোৰ কোনো বিশেষ আলচ নকৰাকৈ আমি এই লেখাৰ ক্ষুদ্ৰ উদ্দেশ্য পূৰণাৰ্থে তাৰ দুই-এটা দিশৰ ওপৰত বিক্ষিপ্ত আলোকপাতহে কৰিব খুজিছো।

পুঁজিবাদী ৰাষ্ট্ৰৰ পৰিসীমা তথা বিকাশৰ গতিধাৰা শেষ অৰ্থত সদায়ে পুঁজিবাদী উৎপাদন ব্যৱস্থাৰ লজিকৰদ্বাৰা নিৰ্ধাৰিত হয় : ইয়াৰ অৰ্থ এইটো নহয় যে প্ৰথমটো দ্বিতীয়টোৰ নিছক প্ৰতিফলন বা হাতিয়াৰ মাত্ৰ; কিন্তু নিজৰ সমস্ত স্বায়ত্ততা সত্ত্বেও ৰাষ্ট্ৰই শেষ অৰ্থত কেতিয়াও পুঁজিবাদৰ লজিকক সমূলে অতিক্ৰম কৰি যাব নোৱাৰে। সামন্তীয় উৎপাদন ব্যৱস্থাত অৰ্থনীতি আৰু ৰাজনীতিৰ অবিচ্ছেদ্যতাৰ বিপৰীতে পুঁজিবাদী ব্যৱস্থাত ৰাষ্ট্ৰ তথা ৰাজনীতিয়ে অৰ্থনীতিৰপৰা পৃথক ৰূপত একধৰণৰ স্বায়ত্ত অস্তিত্ব বৰ্তাই ৰাখে। এনে অৱস্থাত পুঁজি-বিৰোধী শক্তিসমূহৰ সামৰ্থ্য আৰু প্ৰতিৰোধ তথা হেঁচা অনুযায়ী ৰাষ্ট্ৰ তথা ৰাজনীতিয়ে পুঁজিৰ ওপৰত ভালেখিনি নিয়ন্ত্ৰণ সাব্যস্ত কৰিব পাৰে। কিন্তু শেষ অৰ্থত পুঁজিৰ ওপৰত স্থায়ী বিজয় সাব্যস্ত কৰিবলৈ কোনো কাৰণতে সক্ষম নহয়, কাৰণ পুঁজিবাদী উৎপাদন ব্যৱস্থাত উদ্বৃত্তৰ ওপৰত কৰ্তৃত্ব কেৱল পুঁজিপতিসকলৰহে থাকে। ইয়াৰপৰা এইটোকে ক'ব পাৰি যে ৰাষ্ট্ৰই পুঁজিয়ে নিৰ্ধাৰণ কৰি দিয়া বিচৰণক্ষেত্ৰ অতিক্ৰম কৰি যোৱাটো সম্ভৱপৰ নহয়। এই দিশৰপৰা ভাৰতীয় জাতি-ৰাষ্ট্ৰৰ বিশ্লেষণ কৰিবলৈ গ'লে দুটা দিশ উদ্ভাসিত হৈ উঠে। প্ৰথমটো হ'ল গাঁথনিগত : ভাৰতীয় পুঁজিবাদৰ বিকাশ তথা বিৱৰ্তন, বিভিন্ন শ্ৰেণীসমূহৰ বিকাশ আৰু সেই শ্ৰেণীসমূহৰ মাজৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া তথা ক্ষমতাৰ ভাৰসাম্য আদি দিশ ইয়াৰ অন্তৰ্গত। আনটো হ'ল জাতি-ৰাষ্ট্ৰৰ প্ৰাতিষ্ঠানিক তথা সাংগঠনিক দিশ : চৰকাৰ, ৰাজনৈতিক দল, নেতা, ৰণনীতি, ৰাজনৈতিক আন্দোলন আদি ইয়াৰ অন্তৰ্গত। দ্বিতীয় দিশটোৰ আলোচনা কৰিবলৈ হ'লে তাক প্ৰথমটোৰ সৈতে সম্পৰ্কিত কৰাটো দৰকাৰী, কিন্তু কেৱল প্ৰথমটোৰ ভিত্তিতে বা প্ৰথমটোৰ ব্যাখ্যাৰ জৰিয়তেই দ্বিতীয়টোৰ চৰিত্ৰ উন্মোচিত কৰিব নোৱাৰি। অৰ্থনৈতিক কৰ্মপ্ৰচেষ্টা আৰু ৰাজনৈতিক নিৰাপত্তাৰ বাবে ভাৰতীয় পুঁজিবাদৰ ঐতিহাসিক পূৰ্বচৰ্ত হিচাপে ভূমিকা পালন কৰি আহিছে জাতি-ৰাষ্ট্ৰই। সি যি নহওক, ভাৰতীয় ৰাজনীতিত শাসকীয় শ্ৰেণী বুলিলে সাধাৰণতে বৃহৎ বুৰ্জোৱাজি আৰু ভূস্বামী শ্ৰেণীৰ এটা জোঁটবন্ধনকে বুজোৱা হয়। সুদীপ্ত কবিৰাজে আমোলাতান্ত্ৰিক-মেনেজাৰিয়েল শ্ৰেণীটোক শাসকীয় শ্ৰেণীৰ তৃতীয়টো অংগ বুলি অভিহিত কৰিছে। এই শ্ৰেণীটোৰ অস্তিত্ব সকলোৱে স্বীকাৰ কৰিলেও তাক ঘাইকৈ বুৰ্জোৱা শ্ৰেণীৰ বহতীয়া হিচাপে এক সৰল আৰু সঁজুলিবাদী ব্যাখ্যাহে দাঙি ধৰা হয়। কিন্তু বুৰ্জোৱা শ্ৰেণীৰ লগত ইয়াৰ সম্পৰ্কটো মূলগতভাৱে জোঁটবন্ধন-গত আৰু বন্দোবস্ত-মূলকহে। এই শ্ৰেণীটোৱে কেৱল শাসকীয় শ্ৰেণী আৰু আন শ্ৰেণীসমূহৰ মাজতেই মধ্যস্থতা নকৰে, ই শাসকীয় জোঁটৰ ভিতৰৰ শ্ৰেণীসমূহৰ মাজতো মধ্যস্থতা কৰে। ই একে সময়তে বুৰ্জোৱা শাসনৰ বাবে তত্ত্ব আৰু প্ৰাতিষ্ঠানিক কৰ্মপন্থাও যোগান ধৰে। গতিকে ক'ব পাৰি যে বুৰ্জোৱাজি, ভূস্বামী শ্ৰেণী আৰু আমোলাতান্ত্ৰিক-মেনেজাৰিয়েল শ্ৰেণী – ঘাইকৈ এই তিনিটা শ্ৰেণীয়েই ভাৰতীয় শাসকীয় শ্ৰেণীটো গঠন কৰিছে, আৰু এই তিনিটাৰ গতি-বিধি তথা আন্তঃসম্পৰ্কৰ ওপৰতেই ভাৰতীয় ৰাজনীতিৰ চৰিত্ৰ মূলতে নিৰ্ভৰ কৰে। ইয়াৰ ভিতৰত বুৰ্জোৱা শ্ৰেণীয়েই হ'ল শক্তিশালী শ্ৰেণী। ইয়েই শাসকীয় জোঁটটোৰ দিশ নিৰ্ণয় কৰিছিল আৰু ইয়েই আছিল জোঁটৰ সাৰ্বজনীনতামুখী উপাদান; মাত্ৰ ইহে এটা সংহত অৰ্থনৈতিক বিকাশৰ ধাৰণা গঢ় দিব পাৰিছিল। আনহাতে, প্ৰাক-পুঁজিবাদী উপাদান ভূস্বামী শ্ৰেণীটো আছিল ঘাইকৈ প্ৰতিক্ৰিয়াশীল শ্ৰেণী; পুঁজিবাদী বিকাশৰ ধুমুহাৰ মাজত যেনেতেনে আত্মৰক্ষাৰ ব্যৱস্থা কৰাই আছিল তাৰ লক্ষ্য। কিন্তু এই শ্ৰেণীটোৰ ৰাজনৈতিক শক্তি আছিল বিশাল। স্বাধীনতা লাভৰ লগে লগে ভাৰতীয় পুঁজিপতি শ্ৰেণীটোৰ সন্মুখত আহি পৰিছিল সেই বিৰাট প্ৰশ্নটো : প্ৰাক-পুঁজিবাদী উৎপাদন সম্পৰ্কসমূহক সমূলে উৎখাত কৰি দেশৰ অৰ্থনীতিটোক এক স্বনিৰ্ভৰশীল পুঁজিবাদী বিকাশৰ পিনে আগ বঢ়াই নিব, নে দেশৰ বাহিৰৰ সাম্ৰাজ্যবাদ আৰু দেশৰ ভিতৰৰ ভূমি-কেন্দ্ৰিক স্বাৰ্থবোৰৰ সৈতে আপোচ-মীমাংসা কৰিব? পাৰ্থ চেটাৰ্জীয়ে কৈছে যে ডাঙৰ ৰাজনৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ ভয়ত ভাৰতীয় পুঁজিপতি শ্ৰেণীটোৱে সদায়ে দ্বিতীয়টো কাম কৰি আহিছে। সেইবাবে গ্ৰামশ্চীয় ভাষাত ক'ব পাৰি যে ভাৰতীয় শাসকীয় শ্ৰেণীয়ে এক নিষ্ক্ৰিয় বিপ্লৱৰ পৰিচালনা কৰি আহিছে। সংসদীয় গণতন্ত্ৰৰ ফ্ৰেমৱৰ্কৰ মাজেৰে উক্ত শ্ৰেণীগত জোঁটটোৰ শাসন বৰ্তাই ৰখাৰ ব্যৱস্থা কৰা হৈছিল। এনে প্ৰেক্ষাপটত একোজন ‘চিজাৰসুলভ’ (Caesarist), জনসাধাৰণে সংকীৰ্ণ স্বাৰ্থৰ ‘ঊৰ্ধ্বত' অৱস্থান কৰা বুলি বিশ্বাস কৰা জনপ্ৰিয় নেতাৰো প্ৰয়োজন হয় যিজনে শাসকীয় জোঁটৰ ভিতৰত ভাৰসাম্য ৰক্ষা কৰি পুঁজিবাদী বিকাশৰ ধাৰাটো আগুৱাই লৈ যাব পাৰে। নেহৰুৱে তেনে এটা ভূমিকাই পালন কৰিছিল। পুঁজিবাদী বিকাশৰ পূৰ্বচৰ্তস্বৰূপ আন্তঃগাঁথনিগত উন্নয়ন আৰু জনসাধাৰণৰ ক্ৰয়ক্ষমতা বৃদ্ধিৰে এখন বজাৰৰ সৃষ্টি – ইয়াক পূৰণ কৰিবৰ বাবে পৰিকল্পিত অৰ্থনীতিৰ পথ বাছি লোৱা হৈছিল। সেই অনুসৰি ঔদ্যোগিক উৎপাদনৰ বহুবোৰ ক্ষেত্ৰ সম্পূৰ্ণৰূপে ৰাষ্ট্ৰৰ হাতত ৰখা হৈছিল। কিন্তু পুঁজিপতি শ্ৰেণীৰ উদ্যোগৰ স্বাধীন বিকাশৰ বাবে যথেষ্ট জেগা ৰাখি দিছিল, তদুপৰি বাহিৰৰ বজাৰৰপৰা সুৰক্ষাৰ বাবে সংৰক্ষণমূলক নীতিও গ্ৰহণ কৰিছিল।

পুঁজিবাদী বিকাশৰ এই মডেলটোৱে যথেষ্ট সফলতা লাভ কৰিছিল। ৰাষ্ট্ৰ আৰু বজাৰৰ সন্মিলিত প্ৰচেষ্টাই কম সময়ৰ ভিতৰতে এটা শক্তিশালী আধুনিক অৰ্থনীতি গঢ়ি তুলিবলৈ সক্ষম হৈছিল। লগতে ই গোটেই ভাৰতজুৰি বিয়পি থকা বিশাল আৰু বৈচিত্ৰ্যপূৰ্ণ অৰ্থনৈতিক ক্ষেত্ৰখন নিজৰ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছিল। এই ক্ষেত্ৰত আমোলাতন্ত্ৰৰো ভূমিকা আছিল গুৰুত্বপূৰ্ণ। কিন্তু এই নিয়ন্ত্ৰণ আছিল অনুশাসনমূলকহে; ই আছিল ছিদ্ৰযুক্ত আৰু অনিশ্চিত। আদিম কৃষিগত আৰু কাৰুশিল্পগত (artisnal) অৰ্থনৈতিক ব্যৱস্থাসমূহত বৰ্তি থকা প্ৰাক-পুঁজিবাদী উৎপাদন সম্পৰ্কসমূহৰ মূলোৎপাটন ঘটাব ই পৰা নাছিল, সেইসমূহ ৰৈ গৈছিল ৰূপান্তৰ নঘটাকৈ। তাৰ ঠাইত ই সেই ব্যৱস্থাসমূহৰ ওপৰত পুঁজিবাদী সঞ্চয়নৰ দাবীসমূহ ওপৰৰপৰা জাপি দিছিল মাত্ৰ। সমগ্ৰ অৰ্থনীতিৰ পুঁজিবাদী ৰূপান্তৰ ঘটিলে অৰ্থনীতি আৰু সমাজৰ যিধৰণৰ সমসত্বকৰণ ঘটে সেইটো ভাৰতত ঘটা নাছিল। পুঁজিবাদৰ এনে অ-সম বিকাশৰ ফলস্বৰূপে সমাজত আধুনিকতাই সম্পূৰ্ণ ব্যাপ্তি আৰু পোতন লাভ কৰিব নোৱাৰিলে; আধুনিকতাৰ প্ৰমূল্যসমূহে সহবাস কৰিবলগা হ'ল প্ৰাক-আধুনিক প্ৰমূল্যসমূহৰ সৈতে। সুদীপ্ত কবিৰাজে এই পৰিস্থিতিৰ বৰ্ণনা দিছে এনেধৰণে : আকাৰ, গভীৰতা আৰু ব্যাপ্তিৰ পিনৰপৰা ভাৰতৰ আধুনিক অৰ্থনীতিটো আছিল এক বিশালাকাৰ সংগঠন, ই আছিল স্বয়ংসম্পূৰ্ণ এখন পৃথিৱী; ইয়াৰ সুৰক্ষিত আৰু আৰামদায়ক পৰিসৰৰ ভিতৰত ভাৰতৰ এলিট গোষ্ঠীসমূহ আৰু সিবোৰৰ সহযোগী প্ৰফেছনেল শ্ৰেণীসমূহে আত্মতুষ্ট হৈ জীৱন নিৰ্বাহ কৰিব পাৰিছিল। কিন্তু এই পৃথিৱীখনে যেনেতেনেকৈহে ভাৰসাম্য বৰ্তাই টিকি আছিল এক বিশালতৰ, পশ্চাদপদ আৰু জনাকীৰ্ণ কৃষিগত অৰ্থনীতিৰ ওপৰত। এই কৃষিগত অৰ্থনীতিটো বিভিন্ন অন্তৰ্বিৰোধে বিদীৰ্ণ কৰি ৰাখিছিল – এয়া আছিল পুঁজিবাদী ব্যৱস্থাই তাৰ ওপৰত জাপি দিয়া দাবীসমূহৰ পৰিণাম। আনহাতে, পুঁজিবাদী অৰ্থনীতিয়ে একে সময়তে সৃষ্টি কৰিছিল আধুনিক শোষণ আৰু দমনৰ; তাৰপৰা সৃষ্ট ক্ষোভ আৰু ঘৃণায়ো আৱৰি ৰাখিছিল মধ্যবিত্তীয় জীৱনৰ চৌপাশ। এই দুইখন পৃথিৱীৰ মাজৰ বিৰোধসমূহ ক্ৰমাৎ ওপৰলৈ উঠি আহিছিল – অৰ্থনৈতিক আৰু সাংস্কৃতিক উভয় ৰূপতে। কৃষিগত আৰু কাৰুশিল্পগত অৰ্থনৈতিক পৃথিৱীৰ জনসাধাৰণে গণতান্ত্ৰিক পদ্ধতিসমূহৰ অহৰহ ব্যৱহাৰৰ মাধ্যমেৰে ৰাষ্ট্ৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল; তেওঁলোকক সম্পূৰ্ণৰূপে বঞ্চিত কৰি উন্নয়নৰ সুফলসমূহ আধুনিক বুৰ্জোৱাজি আৰু তাৰ সহযোগী শ্ৰেণীসমূহে আত্মসাৎ কৰাৰ বিৰুদ্ধে তেওঁলোকে বিদ্ৰোহ কৰি উঠিছিল। কৃষিগত যিটো শ্ৰেণী উন্নয়নৰপৰা বিশেষভাৱে লাভৱান হৈছিল সেইটো আছিল নৱগঠিত ধনিক কৃষক শ্ৰেণীটো। বিশেষকৈ জমিদাৰিৰ বিলোপ আৰু সেউজ বিপ্লৱৰ সুফলসমূহ আহৰণ কৰি এই শ্ৰেণীটো ভাৰতৰ বিভিন্ন অঞ্চলত গজগজীয়া হৈ উঠিছিল। কিন্তু অৰ্থনৈতিক সমৃদ্ধিৰ বিপৰীতে তেওঁলোকৰ ৰাজনৈতিক শক্তি আছিল তেনেই সীমিত। গতিকে তেওঁলোকে অধিক ৰাজনৈতিক ক্ষমতাৰ বাবে বিদ্ৰোহ কৰি উঠিছিল। কৃষকভিত্তিক দলৰ যোগেদি তেওঁলোকে ৰাজনৈতিক তৎপৰতা আগ বঢ়াই নিছিল যাৰ ফলস্বৰূপে আধিপত্যশীল কংগ্ৰেছ দলত খহনীয়া আৰম্ভ হৈছিল আৰু শাসকীয় শ্ৰেণীটোৰ আভ্যন্তৰীণ সমীকৰণত গুণগত পৰিবৰ্তন ঘটিছিল। নেহৰুৰ শাসনকালৰ ভিতৰতেই ভাৰতীয় ৰাজনীতিৰ এই সমস্যা আৰু অন্তৰ্বিৰোধসমূহে মূৰ দাঙি উঠিবলৈ আৰম্ভ কৰিছিল।

ভাৰতীয় জাতি-ৰাষ্ট্ৰৰ ক্ৰমাৎ ঘনীভূত হৈ অহা সংকটৰ আন ভালেমান দিশো আছিল। পৰিকল্পিত অৰ্থনৈতিক নীতিয়ে যথেষ্টখিনি সুফল দিয়াৰ পাছত এটা পৰ্যায়ত তাৰ গতি ঢিমা হৈ পৰিছিল, আশানুৰূপ সমৃদ্ধি লাভ কৰাত সি ব্যৰ্থ হৈছিল। আনহাতে, ৰাজহুৱা উদ্যোগৰ ওপৰ মহলাত ৰাজনৈতিক হস্তক্ষেপ আৰু ন্যস্ত স্বাৰ্থৰ প্ৰবেশৰ ফলস্বৰূপে উক্ত উদ্যোগসমূহৰ কাৰ্যদক্ষতা হেৰাই গৈছিল আৰু কালক্ৰমত সেইসমূহ দুৰ্নীতিৰ ঘাটিত পৰিণত হৈছিল। ইয়াৰ পৰিণামস্বৰূপে কেৱল ৰাজহুৱা খণ্ডৰ বিশ্বাসযোগ্যতা হ্ৰাস পোৱাই নহয়, ৰাষ্ট্ৰৰ কল্যাণকামী চৰিত্ৰতো সি পদাঘাত কৰিছিল। এনেকৈয়ে কল্যাণকামী ৰাষ্ট্ৰৰ নৈতিক ন্যায্যতাৰ ক্ৰমাৱক্ষয় ঘটি অনিয়ন্ত্ৰিত বজাৰৰ বাবে মতাদৰ্শগত বাট তৈয়াৰ হৈছিল। আনপিনে, ঔদ্যোগীকৰণে সামগ্ৰিকভাৱে জাতীয় অৰ্থনীতিৰ সমৃদ্ধি ঘটালেও আঞ্চলিক বৈষম্য ক্ৰমাৎ ভীষণভাৱে বৃদ্ধি কৰিছিল। ইয়াৰ ফলস্বৰূপে ভাৰতৰ বিভিন্ন ৰাজ্যত আঞ্চলিকতাবাদী আন্দোলনসমূহে মূৰ দাঙি উঠি জংগী ৰূপ ধাৰণ কৰিছিল। কেন্দ্ৰীয় শাসকীয় শ্ৰেণীটোৱে এই আন্দোলনসমূহৰ প্ৰতি কঠোৰ দমনমূলক আৰু কেন্দ্ৰীয়তাবাদী ব্যৱস্থা গ্ৰহণ কৰাত সেইসমূহে অধিক ৰাজনৈতিক ৰূপ পৰিগ্ৰহ কৰিছিল, আৰু কেন্দ্ৰীয় জাতি-ৰাষ্ট্ৰৰ প্ৰমূল্যসমূহক প্ৰশ্নৰ কাঠগৰাত থিয় কৰাইছিল। এনেকৈয়ে জাতি-ৰাষ্ট্ৰৰ সংকট ঘনীভূত হৈ আহিছিল। ইন্দিৰা গান্ধীৰ শাসনকালত দেখা দিয়া ৰাজনৈতিক উত্থান-পতনসমূহ কেৱল চৰকাৰৰে সংকট নাছিল, সেইসমূহ আছিল ক্ৰমাৎ ঘনায়মান হৈ অহা ভাৰতীয় জাতি-ৰাষ্ট্ৰৰ গাঁথনিগত সংকটৰে প্ৰকাশ। আশীৰ দশকত এই সংকটে চূড়ান্ত বিন্দু লাভ কৰিছিল, আৰু তাৰ ফলত সৃষ্টি হোৱা ৰাজনৈতিক খালী ঠাইখিনি পূৰণ কৰিছিল বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ আন্দোলনে। অৱশ্যে উক্ত আন্দোলনসমূহ নিজে ক্ষুদ্ৰ নাছিল, জাতি-ৰাষ্ট্ৰৰ বৃহৎ নেৰেটিভৰ বিপৰীতে ৰাখিহে সেইসমূহক ক্ষুদ্ৰ বোলা হৈছে। হিন্দু জাতীয়তাবাদো আছিল সেইসমূহ আন্দোলনৰ সৈতেই ওপৰলৈ উঠি অহা এটা আন্দোলন, যি পৰৱৰ্তী কালত ক্ৰমাৎ আধিপত্য বিস্তাৰৰ দিশে গতি কৰিছিল। এইখিনিতে স্পষ্টকৈ কোৱা দৰকাৰ যে আমি ভাৰতীয় জাতি-ৰাষ্ট্ৰৰ বিৱৰ্তনৰ যি চমু চিত্ৰ অংকন কৰিলো তাৰপৰা অৱশ্যম্ভাৱী পৰিণামৰ ৰূপত হিন্দু জাতীয়তাবাদৰ উদ্ভৱ হোৱা নাই, আৰু প্ৰকৃতাৰ্থত এই চিত্ৰখনক পোনে পোনে হিন্দু জাতীয়তাবাদৰ ৰাজনৈতিক উত্থানৰ ইতিহাস বুলি ক'বলৈও অসুবিধা। মূলতঃ এয়া হ'ল এক প্ৰেক্ষাপট।

আশীৰ দশকত মূৰ দাঙি উঠা বিভিন্ন আন্দোলনৰ মাজৰপৰা হিন্দু জাতীয়তাবাদে কিদৰে আধিপত্য বিস্তাৰৰ দিশে আগ বাঢ়ি যাবলৈ সক্ষম হ'ল? আৰু কিদৰে নব্য উদাৰতাবাদৰ সৈতে তাৰ মৈত্ৰী গঢ়ি উঠিল? আঞ্চলিকতাবাদী আন্দোলন, মণ্ডল-কেন্দ্ৰিক আন্দোলন, দলিত-আদিবাসীৰ আন্দোলন আদি আন্দোলনসমূহৰ বিৰুদ্ধে হিন্দু জাতীয়তাবাদ আছিল এক প্ৰতিষেধকৰ নিচিনা। ইয়াৰ মূলতে আছিল সংঘ পৰিবাৰে প্ৰচাৰ কৰা ‘সমন্বয়'ৰ ধাৰণা। এই ‘সমন্বয়'ৰ ধাৰণাই শ্ৰেণীগত, বৰ্ণগত আদি পাৰ্থক্যসমূহ আৰু তৎকেন্দ্ৰিক সংগ্ৰামসমূহৰ ন্যায্যতাক নস্যাৎ কৰি পেলায়। উদাহৰণস্বৰূপে, উদ্যোগসমূহক তেওঁলোকে একোটা পৰিয়াল বুলি অভিহিত কৰে য'ত মালিক-শ্ৰমিক সকলোৱে একেটা পৰিয়ালৰ সদস্যৰ দৰেই মিলি-জুলি কৰ্ম সম্পাদন কৰে। ইয়াৰ জৰিয়তে মালিক আৰু শ্ৰমিকৰ মাজত থকা মৌলিক শ্ৰেণীসংঘাতক নস্যাৎ কৰা হয়। উল্লেখ্য যে সকলো সদস্যই মিলি-জুলি আনন্দেৰে বসবাস কৰা সুখময় পৰিয়ালৰ ধাৰণাটোও শুদ্ধ বুলি এতিয়া গ্ৰহণ কৰা নহয়; বিশেষকৈ নাৰীবাদে তাক বিনিৰ্মাণ কৰি তাৰ ৰাজনৈতিক ৰূপটো উন্মোচন কৰিছে। এনেকৈ হিন্দু জাতীয়তাবাদৰ সামাজিক বিশ্বদৃষ্টিৰ প্ৰশ্নটো আহি পৰে। ক'বলৈ গ'লে, হিন্দু জাতীয়তাবাদৰ আধিপত্যৰ এটা ঘাই কাৰক হ'ল তাৰ সামাজিক বিশ্বদৃষ্টিৰ গভীৰ আবেদন। হিন্দু উচ্চবৰ্ণ সমাজখনত ইয়াৰ গ্ৰহণযোগ্যতা আছিল স্বাভাৱিক। কিন্তু দলিত-নিম্নবৰ্ণ, আদিবাসী আদি নিপীড়িত-অৱহেলিত অংশসমূহৰ মাজতো ই যথেষ্ট গ্ৰহণযোগ্যতা লাভ কৰিবলৈ সক্ষম হৈছিল : তাৰ ঘাই কাৰণ আছিল সেই দুৰ্বল শ্ৰেণীসমূহৰ প্ৰতি সংঘ পৰিবাৰে আগ বঢ়োৱা সামাজিক নিৰাপত্তা তথা ঊৰ্ধ্বমুখী চলনশীলতাৰ সুবিধা, ব্যক্তিসত্তাৰ স্বীকৃতি, অৰ্থনৈতিক আৰু সামাজিক সাহায্য আদি। আনহাতে, ই নাৰীৰ বাবে যোগান ধৰিছিল পৰিয়াল তথা তাৰ প্ৰমূল্যৰ ওপৰত কোনোধৰণে আঘাত নকৰাকৈ সামাজিক তথা ৰাজনৈতিক কৰ্মত প্ৰবৃত্ত হোৱাৰ আৰু সেইদৰে প্ৰসিদ্ধি অৰ্জন কৰাৰ উপায়, যিটো আন কোনো সামাজিক-ৰাজনৈতিক আন্দোলনে এনেভাৱে যোগান ধৰিব নোৱাৰে। এনেদৰে সংঘ পৰিবাৰে সমাজৰ সকলো অংশৰ ওচৰত নিজৰ গ্ৰহণযোগ্যতা প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছিল।

প্ৰশ্ন হয়, ই সমাজখনক কেনেকুৱা ধৰণে ৰূপান্তৰ কৰিব খোজে আৰু সেই প্ৰক্ৰিয়াত নিজৰ ভূমিকাক কিধৰণে চিত্ৰিত কৰে? সমাজৰ ভিতৰত মাত্ৰ কিছুমান হিন্দু সংগঠন জন্ম দিয়াটো ইয়াৰ উদ্দেশ্য নহয়, বৰং ইয়াৰ উদ্দেশ্য হ'ল সমগ্ৰ হিন্দু সমাজখনকে সংগঠিত কৰাটো। এই প্ৰক্ৰিয়াত ই নিজে সমাজখনৰপৰা পৃথক ৰূপত অৱস্থান নকৰে। ই নিজকে এনেকুৱা ধৰণে প্ৰসাৰিত কৰিব বিচাৰে যাতে সমাজৰ প্ৰতিজন ব্যক্তি আৰু পৰিয়াল, বৰ্ণ, জীৱিকা, শৈক্ষিক-ধৰ্মীয় অনুষ্ঠান আদি সকলোধৰণৰ সামাজিক অনুষ্ঠানক সি নিজৰ মাজত সুমুৱাই ল'ব পাৰে। সংঘৰ লক্ষ্য হ'ল এনে এখন সংগঠিত হিন্দু সমাজৰ জন্ম দিয়া য'ত প্ৰতিটো অংশ আৰু অনুষ্ঠানে ইটোৱে সিটোৰ সৈতে সমন্বয় আৰু সহযোগিতাৰে কৰ্ম সম্পাদন কৰে – ঠিক মানৱ শৰীৰত বিভিন্ন অংগই সম্পাদন কৰাৰ দৰে। এইটো বিশ্বদৃষ্টিয়ে বৈষম্য, শোষণ আৰু সংঘাতক অবৈধ বুলি সাব্যস্ত কৰে। মানৱ শৰীৰৰ এটা অংগৰ সৈতে আনটোৰ জানো সংঘাত থাকিব পাৰে? আনহাতে, ই এক পৰিশোধিত ব্যক্তিসত্তা নিৰ্মাণৰ ওপৰত গুৰুত্বাৰোপ কৰে, সেইটো হ'ল ‘ভাল হিন্দু'ৰ ব্যক্তিসত্তা। সংঘ পৰিবাৰে হিন্দু সমাজৰ সমস্যাসমূহৰ কাৰণ হিচাপে ঘাইকৈ চিহ্নিত কৰে ব্যক্তিৰ চৰিত্ৰগত স্খলন আৰু পতনক, আৰু সেয়ে সমস্যাসমূহৰ নিৰ্মূলকৰণৰ বাবে ই ব্যক্তিৰ মনত প্ৰোথিত কৰিব বিচাৰে ‘শুদ্ধ প্ৰমূল্য', যাৰ যোগেদি ব্যক্তি একোজন উত্তীৰ্ণ হ'ব পাৰে ‘ভাল হিন্দু'লৈ। ইয়াৰ আদৰ্শ সমাজখন গঠিত হৈছে বহুতো বিচ্ছিন্ন আৰু সদৃশ ‘ভাল হিন্দু' ব্যক্তিসত্তাৰে, যাৰ ইটো সিটোৰ মাজত কোনো পাৰ্থক্যও নাই আৰু সম্পৰ্কও নাই – কিন্তু সকলোৰে ওপৰত আছে এটা সমূহীয়া সত্তা, সেইটো হ'ল সংঘ। সংঘ হ'ল সমাজৰে আনটো নাম। শংকৰ গোপালকৃষ্ণণে দেখুওৱা মতে, এইখিনিতেই আমি মিল বিচাৰি পাওঁ হিন্দু জাতীয়তাবাদ আৰু নব্য উদাৰতাবাদৰ মাজত। ম'নাড ৰূপত, বিচ্ছিন্ন আৰু সদৃশ সত্তাৰ ৰূপত ব্যক্তিৰ ধাৰণাটো পুঁজিবাদৰ এটা ঘাই ভিত্তিস্বৰূপ। এই সম্পৰ্কে নিক'ছ পাউলাণ্টজাছে সম্যক ব্যাখ্যা দাঙি ধৰিছে individualisation ধাৰণাটোৰ মাধ্যমেৰে। পুঁজিবাদত ব্যক্তিসত্তাটো হ'ল সকলো ক্ৰিয়াকলাপৰ কেন্দ্ৰবিন্দুস্বৰূপ যাৰ ওপৰত ভিত্তি কৰিয়েই ৰাষ্ট্ৰই উৎপাদন সম্পৰ্কসমূহক পৰিচালনা কৰে। ব্যক্তিসত্তাটোৱেই হ'ল সেই ধাৰণাগত পৰিক্ষেত্ৰ যাৰ ওপৰত পুঁজিবাদৰ শ্ৰেণী-সম্পৰ্কসমূহ সংজ্ঞায়িত কৰা হয়। ইয়াত ব্যক্তিসত্তাসমূহৰ ওপৰত থাকে সকলো ঐক্যৰ প্ৰতিমূৰ্তি সমূহীয়া সত্তাটো, আৰু সেইটো হ'ল পুঁজিবাদী ৰাষ্ট্ৰ। এইপিনৰপৰা হিন্দু জাতীয়তাবাদ আৰু নব্য উদাৰতাবাদৰ মাজত পৰিলক্ষিত হয় মৌলিক মতাদৰ্শগত মিল। হিন্দু জাতীয়তাবাদে দাঙি ধৰা আদৰ্শ সমাজৰ চিত্ৰখন হ'ল পুঁজিবাদী ৰাষ্ট্ৰই দাঙি ধৰাখনৰ সৈতে একেই। এইটো স্তৰতে হিন্দু জাতীয়তাবাদৰ মতাদৰ্শগত প্ৰজেক্টটো আছিল আশীৰ দশকৰ অন্যান্য আন্দোলনসমূহৰ মতাদৰ্শগত চৰিত্ৰৰ মৌলিকভাৱে বিৰোধী। অন্যান্য আন্দোলনসমূহে বেলেগ বেলেগ ধৰণে কোনোবা সম্প্ৰদায় বা গোষ্ঠীক প্ৰতিনিধিত্ব কৰিছিল, কিন্তু হিন্দু জাতীয়তাবাদে তাৰ বিপৰীতে দাঙি ধৰিছিল এক পৰিশোধিত ব্যক্তিসত্তাৰ ধাৰণা। মতাদৰ্শগত প্ৰজেক্ট হিচাপে হিন্দু জাতীয়তাবাদে সেইসমূহ সমূহীয়া সত্তাকে বিধ্বস্ত কৰিব বিচাৰিছিল, যিসমূহক আশীৰ দশকৰ অন্যান্য আন্দোলনসমূহে ভাৰতীয় ৰাজনীতিৰ কেন্দ্ৰস্থলত স্থাপন কৰিছিল। সেই সমূহীয়া সত্তাসমূহ হৈ উঠিছিল পুঁজিৰ বিকাশৰ পথত ক্ৰমবৰ্ধমান হেঙাৰ। এনে কাৰণতে ভাৰতীয় পুঁজিয়ে আগ্ৰহেৰে আগ বাঢ়ি আহিছিল হিন্দু জাতীয়তাবাদৰ পৃষ্ঠপোষকতা কৰিবলৈ। এলিট গোষ্ঠীসমূহে ‘সংকীৰ্ণ' আৰু ‘ন্যস্ত' স্বাৰ্থৰ বিপৰীতে সংঘ পৰিবাৰৰ ‘জাতীয়তাবাদী' ৰাজনীতিৰ প্ৰতি অকুণ্ঠ সমৰ্থন আগ বঢ়াইছিল। কিছুসংখ্যকে অযোধ্যাৰ আন্দোলনটোৱে ‘আধুনিক ভাৰত'ৰ আৰম্ভণি ঘটোৱা বুলি মন্তব্য কৰিছিল। আনহাতে, সংঘৰ সমৰ্থকসকলে প্ৰচাৰ কৰি আহিছে যে হিন্দুত্বই ‘আধুনিকতা'ৰ বিকাশ সাধন কৰে। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল, পুঁজিৰ দৃষ্টিত সেই ব্যাখ্যাটো আছিল শুদ্ধ, কিয়নো হিন্দু জাতীয়তাবাদৰ ব্যক্তিসত্তা-ভিত্তিক আদৰ্শ সমাজখন এখন প্ৰকৃততেই ‘আধুনিক' সমাজ। এনেকৈয়ে হিন্দু জাতীয়তাবাদ আৰু নব্য উদাৰতাবাদৰ মাজত এক মৈত্ৰীবন্ধনৰ বাট মুকলি হৈছিল। সেই মৈত্ৰীবন্ধনৰ পৰৱৰ্তী গতিধাৰা তথা তাৰ প্ৰভাৱ-পৰিণামসমূহ সাম্প্ৰতিক ভাৰতীয় ৰাজনীতিৰ আন এক গভীৰ আৰু বিশাল অধ্যায়।

সহায়ক গ্ৰন্থ : Sudipta Kaviraj, Trajectories of the Indian State (especially its two chapters: 'The Passive Revolution and India: A Critique' and 'Crisis of the Nation-State in India'); Shankar Gopalakrishnan, Neoliberalism and Hindutva: Fascism, Free Markets and the Restructuring of Indian Capitalism; Partha Chatterjee, A Possible India.

(ৰচনাকাল : ২৫-০৭-২০১৬)

Share Button
Print Friendly, PDF & Email

No Comments : "হিন্দু জাতীয়তাবাদ আৰু ভাৰতীয় জাতি-ৰাষ্ট্ৰ : এটি আধৰুৱা টোকা- (জিতেন বেজবৰুৱা)"

Leave a Comment

Your email address will not be published. Required fields are marked *