কলম্বাচৰ দেশত ছমাহ (গিৰিজা গৌতম)

প্রাচীন সভ্যতাৰ এখন ঐতিহ্যপূৰ্ণ দেশ স্পেইন। এই দেশখনতে মই মোৰ কলেজীয়া জীৱনৰ অন্তিম বছৰৰ ছটা মাহ কটোৱাৰ সুবিধা পাইছিলো। ইউৰোপীয়ান ইউনিয়নৰ অন্তৰ্গত কিছুমান ইউৰোপীয়ান  ইউনিভাৰচিটি আৰু অসম কৃষি বিশ্ৱবিদ্যালয়ৰ সহযোগত পৰিচালিত ব্রেভ নামৰ এটি প্রজেক্টৰ যোগেদি আমি স্পেইনৰ এখন ইউনিভাৰ্চিটিত কাম কৰাৰ সুযোগ পাইছিলোঁ আৰু সেই সময়চোৱাত ছমাহৰ বাবে আমি এটি স্কলাৰশ্বিপো পাইছিলো। বহু সপোন আৰু আগ্রহে মনত বহু ধৰণৰ প্রশ্নৰ সৃষ্টি কৰিছিল। ২০১৪ চন, ২৭ ডিচেম্বৰ নিশা মই আৰু মোৰ সহপাঠী ত্রিবেণীয়ে এই অভাৱনীয় যাত্রা আৰম্ভ কৰিছিলোঁ। বহু আশা, সুখ, বিশ্ৱাস আৰু তাৰ মাজতে উগুল-থুগুল মনৰ এটাৰে স্পেইনলৈ বুলি যাত্রা আৰম্ভ কৰিছিলোঁ। মোৰ মনটো আশা-উদ্দীপনাৰে ভৰি পৰিছিল কাৰণ এই যাত্রা মোৰ জীৱনৰ বাবে এক অকল্পনীয় আছিল। কিন্তু তাৰ লগতে, পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ পৰা বহুদিনলৈ আঁতৰি থাকিবলগীয়া হোৱাৰ বাবে মোৰ মনটো বিষাদেও মেঘাচ্ছন্ন কৰি পেলাইছিল। উৰাজাহাজৰ বহিৰৰ দৃশ্যবোৰে নিচুকাবলৈ চেষ্টা কৰিছিল মোৰ বিষাদেৰে পূৰ্ণ মনটোক। দূৰ-দূৰণি জিলিকি থকা পৰ্বত-পাহাৰবোৰে মোৰ মনটোক ঘৰলৈ আৰু মোৰ প্রিয়জনৰ কাষলৈ টানি লৈ গৈছিল। তথাপিও মই মোৰ মনটোক বান্ধি ৰাখিছিলোঁ। যাত্রাৰ সময়চোৱাত উৰাজাহাজত থকা ধুনীয়া হাঁহিমুখীয়া এয়াৰ হ’ষ্টেচ কেইগৰাকীয়ে আমাক নানা শুশ্ৰুষা কৰিছিল আৰু আমিও এক নতুন পৰিৱেশত বিমল আনন্দ অনুভৱ কৰিছিলোঁ। সুদীৰ্ঘ এক দীঘলীয়া যাত্রাৰ অন্তত পুৱা উপস্থিত হৈছিলোঁ বিশ্বৰ আটাইতকৈ সৌন্দ্যৰ্য্যপূৰ্ণ, আকৰ্ষণীয় চহৰ পেৰিচত। পেৰিচৰ আটাইতকৈ বৃহৎ বিমান-বন্দৰ Charles-de-Gaulle ত আমি ৩ ঘন্টা জিৰণি পাইছিলোঁ। সেই মুহুৰ্তত বিমানবন্দৰত দুজন ভাৰতীয়ক দেখি এনে লাগিছিল যেন অচিন দেশত আপোনজনক  কাষত পাইছোঁ। তাৰ পাছতে আমি পৰৱৰ্তী বিমানখনত উঠিলোঁ আৰু অৱশেষত ৩ ঘন্টাৰ যাত্রাৰ অন্তত  আমাৰ লক্ষ্যস্থান মাদ্রিদত উপস্থিত হৈছিলোঁগৈ।

GIRIJA_2প্রথমে মাদ্রিদ চহৰত ভৰি দিয়েই তাৰ ঠাণ্ডা বতাহজাকে মোৰ মনটোক চুই গৈছিল। তাৰ চাফ্‌-চিকুনতাই মোৰ মনটোক পুলকিত কৰি পেলাইছিল। ক্ষন্তেক সময়ৰ বাবে মই স্তব্ধ হৈ পৰিছিলোঁ  আৰু অনুভৱ কৰিছিলোঁ নিজকে এক নতুন পৰিৱেশত। এনেতে আমাৰ চকুত পৰিছিল এজন ব্যক্তিয়ে আমাৰ নাম লিখা কাগজ এখন হাতত লৈ অপেক্ষাত থকা। মানুহজন দেখাত বেচ ভদ্র আছিল আৰু তেখেতেই আমাৰ বাবে সাঁজু কৰি থোৱা ঘৰটোত থৈ আহিছিলগৈ।

                         ২৯ ডিচেম্বৰৰ পুৱা আমি বিশ্ববিদ্যালয়খন চাবলৈ বুলি ওলালোঁ। সেই সময়ত খ্রীষ্টমাচ আৰু নৱ-বৰ্ষ উপলক্ষে বিশ্বাবিদ্যালয়ৰ বিভাগসমূহ বন্ধ আছিল আৰু সেইবাবে আমাৰ মুখ্য কো-অৰ্ডিনেটৰজনো ছুটিত আছিল। কিন্তু সৌভাগ্যক্রমে সেইদিনা তেখেত বিশ্ববিদ্যালয়লৈ অহা বাবে তেখেতক লগ পাবলৈ সক্ষম হলোঁ। আমাৰ চিনাকিটো দিবলৈ লওঁতেই তেওঁ আমাক আদৰণি জনাই পিছত দেখা হ’ম বুলি কৈ আমাৰ মাজৰ পৰা বিদায় ললে। সেই সময়ত কথাটো অখজা লাগিছিল যদিও পিছত গম পালো যে বন্ধৰ দিনত তেখেতসকলে বিশ্ববিদ্যালয়ৰ কোনোধৰণৰ কাৰ্যত লিপ্ত হ’ব নিবিচাৰে। এইটো অভিজ্ঞতা আমাৰ বাবে অভিনৱ আছিল। তাৰ পিছত আমিও তাৰ পৰা বিদায় লৈ ঘৰমুৱা হলোঁ। এনেদৰে এদিন দুদিনকৈ দিনবোৰ বাগৰি যাবলৈ ধৰিলে আৰু আমিও এই সময়ত নানা ব্যৱহাৰিক বিষয়ত অভিজ্ঞতা লাভ কৰিছিলোঁ। তাৰে কিছুমান মুহুর্তৰ কথা মই উনুকিয়াব বিছাৰিছোঁ।

(ক) স্পেইনৰ খাদ্যাভ্যাস আমাৰ ভাৰততকৈ সম্পূৰ্ণ বেলেগ। সেইবাবে আমাৰ কাৰণে স্পেনীয় খাদ্যই এটি নতুন ধৰণৰ সোৱাদ আৰু অভিজ্ঞতা কঢ়িয়াই আনিছিল। এদিনাখন আমি দুপৰীয়া আহাৰৰ বাবে আমাৰ বিশ্বাবিদ্যালয়ৰে কেন্টীনলৈ গৈছিলোঁ। কিন্তু: কেন্টীনৰ মেনুখনত আমি খাব পৰা কোনো ধৰণৰ চিনাকী খাদ্য নেদেখিলোঁ। সেইবাবে স্পেনিচসকলৰ মাজত জনপ্রিয় তেওঁলোকৰ সুস্বাদু পোলাও-সদৃশ খাদ্য পাএয়া (Palella) অৰ্ডাৰ দিলোঁ। পাএয়া দেখি মনটো অতি ভাল লাগিছিল কিয়নো খাদ্য-সামগ্রীটো আমাৰ ভাৰতীয় খাদ্যৰ লগত প্রায় দেখিবলৈ একে যেন লাগিছিল। মনৰ আনন্দ আৰু ভোকৰ তাড়ণাত আমি খাবলৈ আৰম্ভ কৰিছিলোঁ, কিন্তু দুচামুচমান খোৱাৰ পিছত মই খাদ্যত বস্তু এটা আৱিস্কাৰ কৰিছিলোঁ। সেইটো আছিল সাগৰীয় শামুকৰ খোলা এটাৰ দৰে বস্তু। সেইটোৱে মোৰ মনত ঘৃণাৰ সৃষ্টি কৰিছিল আৰু মই সেই খাদ্য দুনাই খাবলৈ আগ্রহ কৰিব পৰা নাছিলোঁ‌।

(খ) পৃ্থিৱীৰ অন্যান্য উন্নত দেশৰ দৰেই স্পেইনো শিক্ষাৰ ক্ষেত্রত অতি আগৰণুৱা। আমিও তেনে এখন দেশত শিক্ষাগ্রহণৰ সুযোগ পোৱা বাবে নিজকে ধন্য অনুভৱ কৰিছিলোঁ। অতি উন্নত প্রযুক্তিবিদ্যাৰে সজ্জিত আৰু সম্পূৰ্ণ বীজাণুমুক্ত পৰীক্ষাগাৰবোৰত কাম কৰিবলৈ পাই অতি আনন্দিত হৈছিলোঁ। বিভিন্ন ধৰণৰ কাম কৰিবলৈ আমাৰ আগ্রহ বৃদ্ধি হৈছিল‌। মই লক্ষ্য কৰিছিলোঁ যে তেওঁলোকৰ শিক্ষাব্যৱস্থাত বহু সৰুৰেপৰা ছাত্র-ছা্ত্রীসকলে উন্নত ধৰণৰ পৰীক্ষাগাৰত  কাম কৰিবলৈ সুবিধা পায়। সেইবাবে তেওঁলোকে বহু সৰুৰেপৰা নানা প্রযুক্তিবিদ্যাৰ জ্ঞান আয়ত্ত কৰে। তদুপৰি শিক্ষক আৰু ছাত্র-ছাত্রীৰ মাজত এক বন্ধুত্ৱপূৰ্ণ সম্পৰ্ক বিৰাজ কৰা দেখা যায়‌।

(গ) আমাৰ দেশৰ তুলনাত তেওঁলোকৰ যাতায়ত ব্যৱস্থাও বহু উন্নত। বাছবোৰত কাৰ্ড চিষ্টেমৰ ব্যৱস্থা আছিল আৰু বাছত শাৰী পাতি ৰ’ব লগা হৈছিল। এদিন ক্লাছলৈ যাওতে ৩ ছেকেণ্ড মানৰ পলম হোৱা বাবে ইউনিভাৰ্চিটিলৈ যোৱা বাছখন ধৰিব নোৱাৰিলোঁ। পৰৱৰ্তী বাছখন আছিল আধা ঘন্টাৰ পাছত। বাছখনৰ ডাইভাৰজনে আমাক দেখিও বাছৰ দৰ্জাখন খুলি দিয়া নাছিল। সেই দেশৰ লোকসকলৰ সময় সচেতনতা দেখি তবধ মানিছিলোঁ। এই ঘটনাই আমাৰ জীৱনলৈ সময়ৰ মূল্যৰ প্রতি এক গভীৰ সচেতনতা গঢ়ি তুলিলে।

জীৱন মানেই হৈছে অভিজ্ঞতা। এই অভিজ্ঞতাই মানুহৰ জীৱনলৈ বহু স্মৃতি কঢ়িয়াই আনে। এই স্মৃতি হয়তো সুখৰো হ’ব পাৰে নতুবা দুখৰো। পৃথিৱীবিখ্যাত বুল-ফাইট আৰু লা-টমাটিনা ফেষ্টিভেলৰ দেশত কটোৱা এই ছমাহে মোৰ জীৱনলৈ বহু অভিজ্ঞতা কঢ়িয়াই আনিলে যিবোৰ মোৰ মনসপটত সুমধুৰ স্মৃতি হৈ ৰ’ব।

Share Button
Print Friendly, PDF & Email

No Comments : "কলম্বাচৰ দেশত ছমাহ (গিৰিজা গৌতম)"

Leave a Comment

Your email address will not be published. Required fields are marked *