বিশ্ববীক্ষা, বিশ্বমানৱতা আৰু বিশ্ব বজাৰ

(বিশিষ্ট সংগীত শিল্পী, প্ৰগতিশীল সাংস্কৃতিক কৰ্মী তথা লেখক লোকনাথ গোস্বামীৰ এই প্ৰবন্ধটি আমি অডিঅ’ ৰূপত সংগ্ৰহ কৰিছিলোঁ। সম্পাদনাৰ অনুমতি তেখেতে দিছিলে যদিও, তেখেতৰ কথকতাৰ অনুভৱখিনি হীন-ডেঢ়ি যাতে নহয় – সেই উদ্দেশ্যৰে পাৰ্যমানে অসম্পাদিত ৰূপত আমি কথাখিনি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ। – সম্পাদক)

 

বিশ্বমানৱতাৰ উদাৰ দৃষ্টি বনাম জাতীয়তাবাদৰ ভাবধাৰা – এই বিষয়বিলাক এতিয়া অতি তাত্‍পৰ্যপূৰ্ণ আৰু প্ৰাসংগিক হৈছে এইকাৰণেই যে বিশ্বৰ কনচেপ্ট সলনি হৈ গৈছে। বিষ্ণু ৰাভাৰ বিশ্বৰ যি কনচেপ্ট আছিল –এতিয়াৰ বিশ্বৰ কনচেপ্টৰ লগত তাৰ আকাশ-পাতাল পাৰ্থক্য। তেওঁৰ সেই বিশ্বৰ ধাৰণাটো আছিল বিশ্ববীক্ষা-বিশ্বমানৱতা-বিশ্বজ্ঞান;এটা প্ৰমূল্যৰ জাগৰণ। আৰু এতিয়া বিশ্ব মানে বিশ্ব বজাৰ। এতিয়া আৰ্থিক মুনাফাৰ জাগৰণ।

গতিকে বিষয়টোত অকণমান বহল আলোচনাৰ প্ৰয়োজন হৈ পৰে।

আৰু এই গোটেই বিষয়টোৰ এটা ভাৰসাম্য বা সন্তুলন ৰক্ষা কৰিবলৈ আটাইতকৈ দৰকাৰী কথাটো হ’ল এক সুস্পষ্ট মতাদৰ্শগত স্থিতি। কিন্তু সেইবুলি স্থিতপ্ৰজ্ঞ হৈ চাৰিবেৰৰ মাজতে সোমাই থাকিলেও নহ’ব। ভূপেনদাৰ আটাইতকৈ উল্লেখযোগ্য বৈশিষ্ট্য আছিল এইটোৱেই। তেওঁ আছিল এজন অতি সফল পাৰ্ফৰমিং আৰ্টিষ্ট;আৰু পাৰ্ফৰমিং আৰ্টিষ্টবিলাক স্বাভাৱিকতেই জনপ্ৰিয়। মোৰ নিজৰ এনেকুৱা ধাৰণা যে এজন ভাল পাৰ্ফৰমিং আৰ্টিষ্ট এজন ভাল শিক্ষক হ’ব পাৰে। ম‍ই শেহতীয়াকৈ নিজে এইটো অনুভৱ কৰিছোঁ যে এজন শিক্ষকে এটা শ্ৰেণীকোঠাত ৩০-৪০-৫০ জন ছাত্ৰক শিক্ষা দিয়ে। এজন ভাল পাৰ্ফৰমিং আৰ্টিষ্টে মঞ্চৰপৰা হেজাৰ বা লক্ষজনক শিক্ষা দিব পাৰে। ভূপেনদাই এই কামটো খুব সুন্দৰকৈ কৰিব পাৰিছিলে।

কিন্তু পিছত ৰাজনৈতিকভাৱে গণনাট্য সংঘ-কম্যুনিষ্ট পাৰ্টি এইবিলাকৰ মাজত যেতিয়া খেলিমেলি আহি গ’ল,তেতিয়া ভূপেনদাৰো কিছু খেলিমেলি দেখা গ’ল। কাৰণ তেওঁ সেইখিনিক base হিচাপে লৈয়েই আৰম্ভ কৰিছিল;আৰু baseটোত যেতিয়া খেলিমেলি হয় – য’ৰ ওপৰত থিয় হয় তাতেই যদি ভূমিকম্প হয় – তেতিয়া ওপৰত থকা মানুহৰো কম্পন আৰম্ভ হয়।

আচলতে এই কথাটোৰ কাৰণে ভূপেন হাজৰিকায়েই কেৱল নহয়,সেই সময়ৰ ৰাজনৈতিক প্ৰেক্ষাপট বা নেতৃত্বৰ যি দুৰ্বলতা – সেয়াও সমানে দায়ী।

যিহেতু বিষয়টো ভূপেনদা-কেন্দ্ৰিক,সেয়ে তেওঁৰ কথাৰেই আৰম্ভ কৰিছোঁ। অকণমান তেওঁৰ চিন্তাৰ ধৰণবিলাক আমি জানিবলৈ চেষ্টা কৰিব লাগিব,তেতিয়াহে আলোচনাটো সঠিক হ’ব। ভূপেনদা কেতিয়াও নেতা নাছিল,ওজা আছিল। সাংস্কৃতিক কৰ্মীসকল সদায় নেতা হ’ব বুলি ভবাটো আমাৰ আচলতে আমাৰ বৰ ডাঙৰ ভুল। এই কথাটো হেমাংগদাই (হেমাংগ বিশ্বাস) বাৰে বাৰে কৈছিল। হেমাংগদা কিন্তু নেতা আছিল। তেখেতক এজন খুব ভাল পাৰ্ফৰমাৰ বা খুব সাংঘাতিক স্ৰষ্টা বুলি আমি ক’ব নোৱাৰোঁ। কিন্তু দিগ-দৰ্শক তেওঁ।

পিছে,ভূপেনদাৰ ক্ষেত্ৰত কি হ’ল – তেওঁৰ আধাৰটো, মানে গণনাট্য বা কম্যুনিষ্ট পাৰ্টিৰ কথা-কাণ্ডবোৰ যেতিয়া সোলোক-ঢোলোক হৈ গ’ল,তেতিয়া তেওঁ, মতাদৰ্শগত স্থিতিটো সুদৃঢ় নোহোৱাৰ বাবে দোদুল্যমান বা confused হ’ল – খেলিমেলি হ’ল।

সেইকাৰণে তেওঁ যেতিয়া নতুনকৈ কিবা এটা দেখে, নতুন আশা দেখি অন্তঃকৰণেৰে তাক ভাল বুলি ভাবে – তাত তেওঁ কিন্তু আপোচ নকৰে;সেইটো সুবিধাবাদ নহয়। যেনেকৈ অসম আন্দোলনৰ সময়ত বা আলফাৰ উত্থানৰ সময়ত তেওঁ হয়তো নিজাববীয়াকৈ এইটো ভাবিছিল যে এই আন্দোলনটো জাতিটোৰ বাবে ভাল,এটা জাগৰণ। সেইবু্লি ভাবি তেওঁ সেই সময়ত অসম আন্দোলনক লৈ উত্‍সাহিত হৈ কিবা কিবি গালে-লিখিলে।

পিছে আমি দেখিলোঁ,আৰম্ভণিৰ সময়ছোৱাত তেওঁৰ যি উচ্ছ্বাস আছিল সেয়া কিন্তু পিছলৈ নাইকিয়া হৈ গ’ল। আকৌ তেওঁ যেতিয়া জনসাংস্কৃতিক পৰিষদৰ লগত যুক্ত হ’ল তেতিয়া তেওঁ দেখিলে যে ৰংপী ৰাভা বসুমতাৰী – অসমৰ যুৱ প্ৰজন্ম ইয়াৰ লগত জড়িত হৈ পৰিলে;তেতিয়া তেওঁৰ মনত আকৌ সেই সাম্যবাদী চিন্তাই পুনৰ সাৰ পাই উঠিল। তেতিয়াই লিখিলে – “কাঁচিখনত শান দিলোঁ সাহস ভৰি পৰে . . .”।

আকৌ যেতিয়া আলফাৰ উত্থান আহিল,তেওঁ ভাবিলে ল’ৰাহঁতে ভাল কাম কৰিছে বা কৰিব;গতিকে সেই সময়ত তেওঁ আগ-পিছ নুগুণি গাই দিলে – “ৰাইফল ষ্টেনগান চিৰ লগৰী . . .”।

একে সময়তে তেওঁ কিন্তু বিষ্ণু ৰাভাৰ গীতৰ লং প্লেয়িং ৰেকৰ্ডিঙো কৰিছে . . .

অসম আন্দোলনৰ সেই সময়,বিধস্ত হৈছে অসম। কোকৰাঝাৰলৈ যাব নোৱাৰি,ওদালগুৰিলৈ যাব নোৱাৰি,কাৰ্বি আংলংলৈ যাব নোৱাৰি,গহপুৰলৈ যাব নোৱাৰি . . . সেই সময়ত একমাত্ৰ মানুহ ভূপেন হাজৰিকা যি সাংস্কৃতিক বাহিনী লৈ গাঁৱে-ভূঁয়ে সকলো মানুহৰ ওচৰলৈ গৈ,অন্ততঃ সাময়িকভাৱে মানুহৰ মাজলৈ এটা সকাহ আনিছিলে।

এনেকৈ শেষৰ ফালে তেওঁ নিজে দেখিছে যে পৃথিৱীখন ধুৱলী-কুঁৱলী হৈ পৰিছে . . .

সুখ নাই

দুখ নাই

একো যেন নাই

কাৰ নীতি কেনি যায়

পৰিণতি একো নাই

মৃত্যুৱে দেখোঁ আজি পাশা খেলি যায়

সুন্দৰতাও আজি ভাঙি-ছিঙি যায়

উপলব্ধিটো কিন্তু তেওঁৰ ঠিকেই আছে – যি হৈ আছে,সুখকৰ নহয়। সুখো নাই-দুখো নাই;ইয়াতকৈ ভয়াৱহ,ইয়াতকৈ দুৰ্ভাগ্যজনক কি থাকিব পাৰে?

তেওঁ প্ৰত্যক্ষভাৱেই সাম্যৰ সৰগ ৰচিম, সাম্যৰ সৰগ ৰচোঁতা, সাম্যই উকিয়াই . . . এনেকৈ বেছিভাগ গানতেই সাম্যবাদৰ জয়গান গাইছে।। যি সময়ত অসহিষ্ণুতাৰ কথা আহিছে – সেই সময়ত তেওঁ জাত-পাত, ধৰ্মৰ বিৰুদ্ধে গান লিখিছে – মহাত্মাই হাঁসি বোলে ৰাম ৰহিম . . .

ঠিক তেনেকৈ,

যুৱতী অনামিকা গোস্বামী আৰু যুৱক প্ৰশান্ত দাসৰ কথা

 

বা,

সৰুদৈ আইদেউৰ কি হ’ল

কি হ’ল

সৰুকণত বহিবৰ মন গ’ল

লেঠা হ’ল

সমাজে অনুমতি নিদিলে

দুয়োৰে জাত-পাত নিমিলে

সৰুদৈ সৰুকণে বিজুলীৰ পোহৰত

সৰু সৰু সমাজক এৰে . . .

জাত-পাতৰ পৰিচয় ওফৰাই দিয়া গান এইবোৰ। সাম্যৰ গান . . .

 

আকৌ জাতি-সীমা-ধৰ্মৰ ঊৰ্ধ্বত যে মানুহ সকলো একেই, সেয়া বহুতো গানত কৈছে। গংগা মোৰ মা, বা পদ্দাৰ ধুমুহাৰ কথা। যাযাবৰ জীৱনত তেওঁ দেখিছে চব মানুহৰে নোপোৱাৰ বেদনা একেই, দেশ-কাল বুলি কথা নাই। তাকো তেওঁ গাইছে-লিখিছে।

গতিকে টোটেলিটিত যদি আমি চাওঁ,দেখোঁ যে ভূপেনদাৰ ভুল-ভ্ৰান্তিখিনি বাৰু আছে – কিন্তু আফটাৰ অল হি ৱাজ ফৰ পিপল,হি ৱাজ নট এণ্টি-পিপল। ভুল-ভ্ৰান্তি কৰিলেও,হি ৱাজ নট ৰিয়েকচনাৰি;আমি যে তত্‍ক্ষণাৎ কওঁ ভূপেন হাজৰিকা প্ৰতিক্ৰিয়াশীল – সেইটো নহয়। অসমৰ সেই তাহানিৰ সাংবাদিকতাৰ যুগৰপৰাই,গুৱাহাটী য়ুনিভাৰ্ছিটিত চাকৰি কৰা যুগৰপৰাই যি গীত-মাত লিখিছিল – শেষলৈকে . . . মানুহৰপৰা আঁতৰি যোৱা নছিল। পাতল হৈছে ক’ৰবাত অলপ,এই যে নৈ কিছুমানৰ বালিচৰ ওলায় যে কিন্তু শীৰ্ণ ধাৰা বৈয়েই থাকে, বৈ আছে  . . .। ক’ৰবাত একেবাৰে দোকোলটকা বান আহিছে,ক’ৰবাত শীৰ্ণ হৈছে,কিন্তু ধাৰাটো বৈ আছে।

সেইবাবে ম‍ই ভাবোঁ অসমৰ জাতীয় জীৱ্নৰ বাবে ব্ৰহ্মপুত্ৰ বা বিহুৰ দৰেই ভূপেন হাজৰিকাও থাকিব। কিন্তু তেওঁৰ মূল্যায়নৰ ক্ষেত্ৰত আমাৰ বৌদ্ধিক জগতখনে আজিও সচেতন প্ৰয়াস লোৱা নাই বুলি ম‍ই অনুভৱ কৰোঁ। যদি সচেতন প্ৰয়াস লয়, তেন্তে তেওঁৰ সেই সাম্যবাদী গানৰপৰা জাতীয়তাবাদী গানলৈকে – দুয়োটা ধাৰা যাদি আমি ভালকৈ মিলাব পাৰোঁ, তেতিয়াহ’লে আমি হয়তো এটা নতুন গতিপথ পাব পাৰোঁ।

 

 

এতিয়া বিশ্বমানৱতা আৰু জাতীয়তাবাদ, দুয়োটা ইটো সিটোৰ বিৰোধী নেকি? সেইটো‍ও এটা প্ৰশ্ন।

অসমীয়া জাতীয়্তাবাদ – মানে সুস্থ জাতীয়তাবাদৰ সাৰ্থক প্ৰগতিশীল ৰূপ এটা বিষ্ণু ৰাভাই দাঙি ধৰিছিল। কিন্তু বিষ্ণু ৰাভাইও কৈছিল,বিশ্বৰ ছন্দে ছন্দে নাচা। বিশ্বৰ ছন্দত মিলাৰ কথাটো এইবাবেই আহিছিল যে,সেই সময়ত যি পৃথিৱীজোৰা সাম্যবাদী আন্দোলন হৈছিল – অসমৰ তেজপুৰতেই থাকক,কণিহাতেই থাকক বা বেলতলাতেই থাকক – তাৰপৰাই হাতবাউলি দি মাতিছিল আৰু তেনেকৈ সেই সময়ত বিশ্বৰ প্ৰেক্ষাপটৰ সৈতে স্থানীয় প্ৰেক্ষাপটৰ এটা সংযোগ ঘটিছিল।

আকৌ,এটা সময়ত – দ্বিতীয় বিশ্বযুদ্ধৰ পাছত,মোটমুটি চল্লিছৰ দশকৰ কালছোৱাত,প্ৰগতিশীল সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনত দেখা গৈছিল এক পুঁজিবাদ-বিৰোধী সুৰ। ৰোমা ৰঁলাৰপৰা,ৰবীন্দ্ৰনাথৰপৰা,আমাৰ একেবাৰে প্ৰেমচন্দৰপৰা অসমৰ প্ৰগতিশীল সংস্কৃতিৰ লগত জড়িত মানুহবোৰ এই ধাৰাৰ লগত যুক্ত হৈছিল। ভূপেনদাৰ নিচিনা মানুহ ৫০ৰ দশকত ফিনলেণ্ডলৈ গৈছিল,হেলছিংকিলৈ গৈছিল।

বিষ্ণু ৰাভাই কৈছিল – জ্যোতিপ্ৰসাদেও কৈছিল, নিজৰ মাটিত প্ৰথমে খোপনিটো ল’ব লাগিব। যেনেকৈ এজোপা গছ – মাটিত,তলত খোপনিটো ল’ব লাগিব আৰু বিস্তাৰিতভাৱে ওপৰলৈ গৈ থাকিব . . . ডাল-পাত বিস্তাৰিতভাৱে;কিন্তু খোপনিটো হেৰুৱাব নালাগিব। মানে ক’বলৈ গ’লে – think globally act locally . . . এইধৰণৰ কথাটো . . .

কিন্তু বিশ্বমানৱতাৰ ধাৰাটোতো থাকিব‍ই। মানুহ বুলি ক’লে সকলো ধৰ্ম-জাতিৰ ঊৰ্ধ্বত মানুহ বুলি ভাবিবলৈ শিকোৱা ধাৰাটোতো থাকিব‍ই লাগিব। নহ’লে আমি শ্বেইক্সপিয়েৰ কিয় পঢ়োঁ? বাৰ্নাড শ্ব কিয় পঢ়োঁ? ৰবীন্দ্ৰনাথ কিয় চাওঁ? মোপাচাঁৰ গল্প কিয় পঢ়োঁ? আমি চীনৰ সভ্যতা-গ্ৰীক সভ্যতা বা পৃথিৱীৰ সভ্যতা লৈ কিয় ইমান উদ্বিগ্ন? এই কথাবোৰে, মানুহে মানুহক ভাল পোৱাৰ যি চিৰন্তন প্ৰবৃত্তি – এইবিলাক যদি নাথাকে তেতিয়া আমি জাত-পাত,ধৰ্ম-ভাষা আদিৰ সংকীৰ্ণতাত ভুগিম। আৰু নাদৰ ভেকুলীৰ দৰে ছটফটাই থাকিব লাগিব।

পিছে সমস্যাটো হ’ল বিশ্বৰ কনচেপ্টটো কি হ’ব? বিশ্ববীক্ষা নে বিশ্ব বজাৰ?সেইটো ম‍ই একেবাৰে প্ৰথমতেই কৈছিলোঁ।

বস্তুবোৰ সন্মোহনী ৰূপত আহে,কোম্পানিয়ে ইমান ধুনীয়াকৈ লৈ আহে . . . এই পুতনা ৰাক্ষসীৰ কাহিনীটোৰ নিচিনাকৈ; আমি ধৰিব‍ই নোৱাৰোঁ বিশ্বমানৱ্তা নে বিশ্ব বজাৰ!

ব্ৰিটিছ আহোঁতে বহুত কিবাকিবি লৈ আহিছিল; সভ্যতা-সংস্কৃতি-ভাষা-সাহিত্যৰ নতুন নতুন ঢেৰ উপাদান লৈ আহিছিল। তাৰে বহুখিনি সমল অসমীয়া জাতীয় জীৱনৰ সম্পদ হৈ আছে। কিন্তু ব্ৰিটিছৰ মূল লক্ষ্যটো আছিল শোষণ আৰু শাসন। গতিকে যিকোনো ক্ষেত্ৰতে মটিভটো চাব লাগিব। যিমান ভাল কাম কৰা লাগিলে,মটিভটো যদি এণ্টি-পিপল,এণ্টি-ছচাইটি; তেতিয়া আমি গ্ৰহণ কৰিব নোৱাৰোঁ। কৰিলেও এণ্টি-পিপ’ল উপাদানখিনি আঁতৰাই,সচেতনভাৱে আমি তাক ব্যৱহাৰ কৰিম।

বিষ্ণু ৰাভা এইক্ষেত্ৰত খুব সাৰ্থক প্ৰতীক। তেওঁ কৈছিল অসমৰ খাটিখোৱা মানুহৰ জীৱনক বাদ দি কেতিয়াও বিশ্ববীক্ষা পৰিপূৰ্ণ নহ’ব। আৰু বিশ্ববীক্ষাৰ নামত সকলোকে সামৰি লোৱাটো‍ও নহ’ব।

সমাজৰ কোনখিনি মানুহ গৰিষ্ঠসংখ্যক? সমাজৰ,বা এটা জাতিৰ মূলটো ক’ত আছে? ইয়াতেই ক্লাছ দৃষ্টিভংগীটো লাগিব।

বিষ্ণু ৰাভাই ক্লাছটো বুজি পাইছিল। জ্যোতিপ্ৰসাদৰ ক্লাছ-কনচেপ্টটো ইমান স্পষ্ট নহয়। তেওঁ খুব বহল উদাৰ মনৰ মানুহ আছিল,কিন্তু ক্লাছ এংগলটো স্পষ্ট নাছিল।

অসমীয়া জাতীয়তাবাদৰ প্ৰসংগত বিষ্ণু ৰাভাই কৈছিল, অসমীয়াৰ জাগৰণ হ’ব লাগিব; কিন্তু কোনখিনি অসমীয়াৰ জাগৰণ? ভাৰতীয় মানুহৰ বিকাশ হ’ব লাগিব, কিন্তু টাটা-বিৰলাৰ হ’ব নে ঘটিৰাম-বাতিৰামৰ বিকাশ হ’ব লাগিব? কৃষক, হাতুৰি-বটালি-কাঁচি, শ্ৰমিক, ৰোৱনী-দাৱনী – যি শ্ৰেণীৰ ওপৰত সমাজখন নিৰ্ভৰশীল, সেই শ্ৰেণীক বাদ দি কেৱল ওপৰুৱাকৈ – মিডল ক্লাছ বা মধ্যবিত্তৰ বিকাশ হ’লেই হ’বনে?

এই যে আমাৰ জাতীয়তাবাদী আন্দোলনবোৰ, যেনে অসম আন্দোলন-আলফা আদি টিকি থকা নাই, তাৰ মূল কাৰণ হৈছে ক্লাছটো তেওঁলোকে ধৰিব পৰা নাই। ক্লাছটো ইউজ কৰে,কিন্তু ক্লাছটোৰ বিকাশৰ কথা তেওঁলোকে ক’ব পৰা নাই; বাট দেখুৱাব পৰা নাই।

গতিকে তেওঁলোক টিকি থকা নাই; নোহোৱা হৈ গৈছে। কিন্তু বিষ্ণু ৰাভা আজিও নোহোৱা হৈ যোৱা নাই। ভূপেনদাৰ যদিও ত্ৰুটি-বিচ্যুতি আছে,তথাপিও হি ৱাজ ৱিথ দি ক্লাছ। ভূপেনদাৰ সেই পানেইৰ পোনাকণ,সেই ৰংমন,সেই কাঞ্চীজনী . . . আজিও আছে।

গতিকে সুস্থ জাতীয়তাবাদৰ মূল ভেঁটি হোৱা উচিত শ্ৰেণী-দৃষ্টিভংগী। গৰিষ্ঠসংখ্যক মানুহক লৈ,সমাজৰ মজ্জাটো যিখিনি মানুহৰ মাজত থাকে, সেইখিনি মানুহৰ শ্ৰেণীৰপৰা নহ’লে সেইটো জাতীয়তাবাদে জাতিটোক কেনেকৈ প্ৰতিনিধিত্ব কৰিব?

কিন্তু আমি ভাবোঁ কি? গুৱাহাটী-ডিব্ৰুগড়-শিৱসাগৰ-যোৰহাটৰ কিছু ভব্য-গব্য মানুহ, সেইখিনি মানুহক লৈয়েই আমাৰ অসমীয়া জাতীয়তাবাদ! কাৰণ আমাৰ ক্লাছ এংগল ক্লিয়েৰ নাই।

বিকাশ সকলোৰে হ’ব লাগিব, কিন্তু মূলটো‍ও চিনিব লাগিব।

তেনেকুৱা ক্লাছ এংগল ক্লিয়েৰ থকা জাতীয়তাবাদেৰে উদ্বুদ্ধ কোনো মানুহেই অসমীয়া-বঙালীৰ উপৰুৱা জাতীয়তাবাদী যুদ্ধত নামিবলৈ নাযায়। সেয়া যে অৰ্থহীন তাক বুজি পাব। কাৰণ প্ৰতিটো জাতিৰ মজ্জা যিখিনি মানুহৰ মাজত থাকে, সেই শ্ৰেণীৰ মানুহৰ সমস্যাবোৰ জাতি নিৰ্বিশেষে একেই . . .

বিশ্বমানৱতা আৰু জাতীয়তাবাদৰ সংঘাতটোৰ আচল কাৰণটো হ’ল আমাৰ অস্পষ্ট শ্ৰেণী দৃষ্টিভংগী। জাতীয়তাবাদৰ লগত বিশ্বমানৱতাৰ সংঘাত হ’ব‍ই নালাগে। কিন্তু যিকোনো ক্ষেত্ৰত সংঘাত বস্তুটো লোৱাজনৰ ওপৰতো নিৰ্ভৰ কৰে। একেখন গাড়ীয়েই চলাব জানিলে ইয়াৰপৰা দিল্লীলৈয়ো যাবগৈ পাৰি, নাজানিলে গুৱাহাটীতে দুৰ্ঘটনা হয়। কিন্তু অসমৰ গাড়ী দিল্লীলৈ নাযাব বুলিতো কথা নাই।

কিন্তু এই দুয়োটা ধাৰা কণ্ট্ৰাডিক্টৰি যেন লাগে। কাৰণ তেনেকৈ উপস্থাপন কৰা হৈছে। কালচাৰ লিড কৰিছে কোনে? কোম্পানিয়ে। মানুহে কৰা নাই; সৰ্বসাধাৰণে কৰা নাই। গতিকে কোম্পানিয়ে যি উদ্দেশ্যে কৰিছে তাত তেওঁলোক সফল হৈছে। আৰু আমি প্ৰকৃত জাতীয়তাবাদৰ বিকল্প দেখুৱাব পৰা নাই।

আৰু ইয়াৰ ৰূপৰেখা এটা টনাটোৱেই হ’ল সাম্যবাদী চিন্তা।

এতিয়া সাম্যবাদ বুলি ক’লে মানুহে উচপ খাই যায়। বহুতে ভুলকৈ বুজি অবাস্তৱ বুলিও ভাবে। কিন্তু মানুহে এতিয়া সাম্যবাদৰ পিনেই গৈ আছে, গম নোপোৱাকৈ . . . অধিকাৰ যে বিচাৰে, সেয়া দেখোন সাম্যবাদেই একপ্ৰকাৰ।

কিন্তু সমস্যাটো হ’ল থিয়ৰিটো বুজি পোৱা নাই। সেইকাৰণেই খেলিমেলিবোৰ . . .

যিকোনো কথাত থিয়ৰি ফাৰ্ষ্ট। তত্ত্বতহে চাইকেলখন চলে। কিন্তু তত্ত্ব নোহোৱাকৈ চাইকেলখন চলোৱাৰ কথা যদি ভাবিলেহেতেঁন সেইটো সম্ভৱ নহ’লহেঁতেন। কোনো মানুহে কল্পনা কৰিব নোৱাৰে যে দুটা চকাৰ ওপৰত চাইকেলখন চলিব – যদি তত্ত্ব নাথাকে। কিন্তু ফিজিক্সৰ মানুহে ক’ব – নহয়, তাৰ এটা ইনাৰ্চিয়া থাকিব, এটা এংগুলাৰ ম’মেণ্টাম থাকিব – গতিকে দুটা চকাতে চাইকেলখন চলিব, ই সম্ভৱ।

সেইকাৰণে ছায়েণ্টিফিক আৰ্টিষ্টবিলাকক আৰম্ভণিতে পাগল বুলি কয় চবেই। অদ্ভুত কথা কয়। কিন্তু অদ্ভুত কথাটো এইকাৰণেই ক’ব পাৰে যে তেওঁলোকে থিয়ৰিটো জানে – বুজি পায়।

গতিকে সাংস্কৃতিক ক্ষেত্ৰত কাম কৰিব বিচৰা, ছিৰিয়াছ কাম কৰিব বিচৰা প্ৰতিজন লোকেই প্ৰথমে থিয়ৰিটো ক্লিয়েৰ হৈ ল’ব লাগিব।

~লোকনাথ গোস্বামী

Share Button
Print Friendly, PDF & Email

1 Comment : "বিশ্ববীক্ষা, বিশ্বমানৱতা আৰু বিশ্ব বজাৰ"

  1. Dr. Sukumar Baishya

    সাম্প্ৰতিক প্ৰেক্ষাপটত ভূপেনদাৰ এক সঠিক সামগ্ৰিক মূল্যায়ন । লিখনিটো পঢ়ি আপ্লুত হ'লোঁ ।

Leave a Comment

Your email address will not be published. Required fields are marked *