প্ৰগতিশীল প্ৰতিবাদী নাটক সম্পৰ্কত ড০ সীতানাথ লহকৰৰ সৈতে সাক্ষাৎকাৰ(কল্যাণী বৰুৱা)

‘প্ৰতিবাদ’ - সমাজত চলি থকা নানা অন্যায়, অবিচাৰ বা শোষণৰ বিৰুদ্ধে যুজাঁৰ/সমস্যাবোৰ সন্মুখলৈ অনাৰ একমাত্ৰ বাট। প্ৰতিবাদ মানে কেৱল ৰাজপথৰ আন্দোলনেই নহয়। প্ৰতিবাদৰ বিভিন্ন ভাষা থাকে। নাটক হ’ল প্ৰতিবাদৰ এনে এক শক্তিশালী গণ মাধ্যম, যি মনোৰঞ্জনৰ লগতে সমাজৰ প্ৰকৃত অৱস্থাক উদঙাই মানুহৰ মাজত চেতনা জগাই তুলিব পাৰে। অসমৰ প্ৰতিবাদী নাটক বুলিলেই সততে মনলৈ অহা ব্যক্তিজন হৈছে – বিশিষ্ট নাট্যকাৰ, শিক্ষাবিদ, সু-লেখক তথা কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ ড° সীতানাথ লহকৰ। প্ৰতিবাদী নাটক কি, সমাজত ইয়াৰ স্থিতি আৰু তেখেতৰ নিজা সৃষ্টিৰ বিষয়ে জানিবৰ বাবে আমি তেখেতৰ কাষ চাপিছিলোঁ। ড° সীতানাথ লহকৰৰ সৈতে হোৱা সাক্ষাৎকাৰটি তলত তুলি ধৰা হ’ল।

প্ৰশ্ন :- প্ৰগতিশীল নাটক মানে কি? প্ৰগতিশীল নাটক সংক্ৰান্তত আপোনাৰ ধাৰণা?

উঃ- আমাৰ সমাজখন এতিয়া যিটো পৰ্য্যায়ত আছে, তাৰপৰা আৰু আগুৱাই যোৱাৰ প্ৰয়োজন আছে। অগ্ৰগতিৰ প্ৰয়োজন আছে। তাৰবাবে যিবিলাক চিন্তাৰ প্ৰয়োজন বা যিবোৰ চিন্তাৰ বিষয়বস্তু মানুহৰ সন্মুখলৈ অনাৰ দৰকাৰ, সেই বিষয়বস্তুক লৈ যিখিনি নাটক সৃষ্টি হয়, সেইখিনিয়ে আচলতে প্ৰগতিশীল নাটক। সমাজৰ প্ৰগতিৰ স্বাৰ্থত যিবিলাক নাটক ৰচিত হয়, সেইখিনিয়েই প্ৰগতিশীল নাটক। প্ৰগতিশীল নাটকৰ ধাৰণা সৃষ্টি হোৱা প্ৰথমখন আধুনিক অসমীয়া নাটক হৈছে- জ্ঞানদাভিৰাম বৰুৱাৰ ৰামনৱমী(১৮৫৭)। সেই নাটকখনে তেতিয়াই বিধৱা বিৱাহৰ সপক্ষে মত দান কৰিছিল। যিটো সময়ত বিধৱা বিৱাহক এক পাপ বা অপৰাধ বুলি গণ্য কৰা হৈছিল। দ্বিতীয়তে ক’ব পাৰি ওজা হেমচন্দ্ৰ বৰুৱাৰ ‘কানীয়াৰ কীৰ্ত্তন’। কানি যিটো বৰবিহ, সেই কানিৰ প্ৰতিবাদত এই নাটকখন ৰচিত হৈছে। আমাৰ সমাজৰ যি অন্যায় ব্যৱস্থা, বিপদগ্ৰস্ততা, বিপদত পৰা সমাজক মুক্ত কৰাৰ যি প্ৰয়াস নাটকখনত সেইয়া প্ৰতিফলিত হৈছে। এইধৰণৰ মানুহক অগ্ৰগতিৰ বাট দিয়া, চিন্তা কৰোৱা নানা ধৰণৰ বিষয় হ’ব পাৰে।আৰু স্বৰূপাৰ্থত নাটক দুটা শিবিৰত বিভক্ত সদায়। এটা হৈছে ৰজাঘৰীয়া নাটক আৰু আনটো প্ৰজাৰ লগৰীয়া নাটক। প্ৰগতিশীল নাটক কিন্তু সদায় প্ৰজাৰ লগৰীয়া নাটক। জনসাধাৰণৰ সপক্ষে যদি নহয়, সেই নাটক কেতিয়াও প্ৰগতিশীল নাটক হ’ব নোৱাৰে। এই প্ৰসংগত উৎপল দত্তই কৈছিল-“যি নাটকৰ ৰাজনীতি ভুল, তাৰ সকলো ভুল।“ আমি যিমানেই যি নকৰোঁ ৰাজনীতি থাকিবই। এই কথাটো মিছা কোৱা হয়, কোনোৱে জানি মিছা মাতে আৰু কোনোৱে নাজানেই।

প্ৰশ্ন :- প্ৰগতিশীল নাটক মানেই প্ৰতিবাদী নাটক বুলিব পাৰি নেকি?

উ:- হয়। প্ৰগতিশীল নাটকত প্ৰতিবাদ থাকিবই। কাৰণ, প্ৰগতিশীল নাটক কেতিয়াও কাল্পনিক নহয়। ইয়াত সদায় এটা বাস্তৱ বা Political কথা থাকিবই। সমাজত যি হৈছে তাৰেই খুউৱ বাস্তৱমুখী উপস্থাপন হয় প্ৰগতিশীল নাটকত। গতিকে, প্ৰগতিশীল নাটক বুলিলেই প্ৰতিবাদী নাটক বুলিব পাৰি।

প্ৰশ্ন :- অসমত প্ৰগতিশীল নাটকৰ প্ৰভাৱ বা স্থিতি সম্পৰ্কত আপুনি কি ব্যাখ্যা দিব?

উ:- আগতেই কৈছোঁ, প্ৰগতিশীল নাটকৰ ক্ষেত্ৰত দুখন অসমীয়া নাটকে এটা অতি সুন্দৰ আৰম্ভণি কৰিলে। কিন্তু তাৰপাছত অসমৰ প্ৰগতিশীল নাটকৰ ভাণ্ডাৰ একেবাৰে শূন্য বুলি ক’লেও বেছি কোৱা নহ’ব। বেছিভাগেই প্ৰাতিষ্ঠানিক নাটক, ৰজাঘৰীয়া নাটক। থিয়েটাৰৰ দুটা ভাগ হৈছে- Aristotelian theatre আৰু Brechtian theatre, অসমত Aristotelian theatre ৰ চৰ্চা বেছি। তাৰফলত নাটকে সমাজত যি ধৰণৰ ধনাত্মক প্ৰভাৱ পেলাব লাগিছিল, অসমত তেনে প্ৰভাৱ একেবাৰেই কম। আৰু সেই কাৰণেই আজিও যেতিয়া আমি পশ্চিমবংগ বা মহাৰাষ্ট্ৰৰ কথা চাম তেতিয়া দেখিম যে নাটক চাবলৈ তাত দৰ্শকৰ বৃহৎ লানী থাকে। অৰ্থাৎ, নাটকত তেওঁলোকে জীৱন সম্পৰ্কে, সমাজ সম্পৰ্কে কিবা বিচাৰি পায়। অসমত সেই কথাটো নাই। কাৰণ, অসমত বেছিভাগ নাটকেই যিটো সমাজ বাস্তৱতা তাৰ লগত জড়িত নহয়। অৰ্থাৎ জনসাধাৰণৰ সমস্যাৰ লগত জড়িত নহয়। তাৰ মাজতো দুই তিনিখন ব্যতিক্ৰমী নাটক অৱশ্যেই আছে। উদাহৰণস্বৰুপে আমি জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘কাৰেঙৰ লিগিৰীৰ কথা ক’ব পাৰোঁ। সেই খনেই এখন নাটক, যি সামন্তবাদৰ মুখত প্ৰচণ্ড আঘাত হানিছে। ৰজাঘৰীয়া যি জাত্যাভিমান, সামন্তবাদী যি নীতি তাৰ বিৰুদ্ধে মাতমতা প্ৰথমখন নাটক হ’ল- ‘কাৰেঙৰ লিগিৰী’। জ্যোতিপ্ৰসাদ আগৰৱালাৰেই আন এখন নাটক ‘লভিতা’, যি বৃটিছৰ সাম্ৰাজ্যবাদী শাসনৰ বিৰোধিতা কৰিছিল। আনহাতে, বিষ্ণুপ্ৰসাদ ৰাভাৰ নাটক সোণামুৱা গাওঁ, ৰেঙনি-গেঙণিআদিও উল্লেখযোগ্য। সাম্প্ৰতিক সময়ত দুই এখন ক’ৰবাত সৃষ্টি হৈছে যদিও সংখ্যাত নগণ্য।

প্ৰশ্ন:-‘কাৰেঙৰ লিগিৰী’ৰ কথা কওঁতে এটা কথা মনলৈ আহিছে, কাৰেঙৰ লিগিৰীৰ মাজেৰে নাৰী স্বাধীনতা বা নাৰীৰ ভালপোৱাৰ স্বাধীনতাক খৰ্ব কৰা হৈছে। এই সম্পৰ্কেআপোনাৰ কেনে মতামত?

উ:- আচলতে সেইটো এটা ৰাজনীতি। প্ৰেমৰ মাজেৰে তাত দেখুৱাইছে, সুন্দৰ কোঁৱৰে যিজনী ছোৱালী শেৱালিক ভাল পাইছিল, তেওঁ আছিল পৰিচাৰিকা। কথাটো হ’ল শেৱালি যদি ৰাজকুমাৰী হ’লহেঁতেন তেতিয়া কোনো প্ৰশ্নই নাহিলহেঁতেন, আহিছে কেৱল পৰিচাৰিকাক কুঁৱৰী কৰিব খোজা বাবে। সেইয়া ৰজাঘৰীয়া জাত্যাভিমান, যি আজিও আছে আমাৰ সমাজত। আজিও আছে সামন্তবাদী মনোবৃত্তিৰ মানুহ। প্ৰেম আমাৰ সমস্যা নহয়, কিন্তু জাতিৰ যি উচ্চ-নিম্ন বৰ্গসেইটো এতিয়াও আমাৰ সমাজত এক সমস্যা হৈ আছে। জ্যোতিপ্ৰসাদে এই বৰ্ণবাদকে আক্ৰমণ কৰিছে নাটকখনৰ মাজেৰে।

প্ৰশ্ন :- অসমত প্ৰগতিশীল বা প্ৰতিবাদী নাটক নোহোৱাৰ কাৰণ বা বেলেগ ঠাইতকৈ তুলনা কৰিলে বহু কম হোৱাৰ কাৰণ কি?

উ:- প্ৰতিবাদী নাটকে জনগণৰ মানসিকতাৰ উত্তৰণ ঘটাই সমাজ ব্যৱস্থা সলনি কৰিব পাৰে। বেষ্টবেংগলত ‘যাত্ৰা’ বহুলভাৱে প্ৰচলিত। তাত যিটো ৰাজনৈতিক বা সামাজিক চেতনা, সেইটো ভাৰতবৰ্ষৰ ভিতৰতে আগবঢ়া। তেওঁলোকে ‘লেনিন’ কৰিছে, ‘কাৰ্লমাৰ্ক্স’ কৰিছে, ‘হো চি মিন’ কৰিছে আৰু এইবিলাকৰ মাজেৰে যি চিন্তা-চেতনা মানুহৰ মনলৈ সোমাই গৈছে, সেইবোৰে এক ডাঙৰ ভূমিকা পালন কৰি আহিছে। কিন্তু অসমত এইক্ষেত্ৰত ভূমিকা একেবাৰে ব্যৰ্থ বুলিবই পাৰি।জ্যোতিপ্ৰসাদৰ কাৰেঙৰ লিগিৰী চলি থকা সময়ত মানুহে বৰ বেয়াকৈ গালি-গালাজ পাৰি উঠি গৈছিল। কাৰণ, সামন্তবাদী শক্তিটোৱে সেইয়া মানি ল’ব পৰা নাছিল। অথচ, সেইখন নাটক তোমালোক নতুনসকলে সুন্দৰকৈ আকোৱালি লৈছা। প্ৰতিবাদী নাটকে কাৰোবাক নহয় কাৰোবাক আঘাত কৰিবই। এই আঘাতৰ মাজেৰেই মানুহৰ চেতনাৰ বৃদ্ধি হ’ব। তুমি যেতিয়া এটা বিতৰ্কৰ সৃষ্টি কৰি দিবা, সেই বিতৰ্কৰ মাজেৰেই চেতনাৰ উত্তৰণো ঘটিব।

শংকৰদেৱৰ দিনতেই নাটকৰ এটা সুস্থ ৰূপ আছিল। এইটো গুৰুত্বপূৰ্ণ যে- what will be the purpose।গুৰুজনাৰ নাটকত purpose বা উদ্দেশ্য আছিল। ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য তেৰাই নাটক, ভাওনা সৃষ্টি কৰিছিল। সেই সময়ত সমাজৰ যি বিশৃংখল ৰূপ, নৰবলি প্ৰথালৈকে গৈছিল সমাজ। সেইখন সমাজক ঘূৰাই অনাৰ যি প্ৰচেষ্টা, সমসাময়িক কালত সেই প্ৰচেষ্টাক আমি প্ৰগতিশীল বুলি ক’ব পাৰোঁ। আৰু সকলোতকৈ ডাঙৰ কথাটো হ’ল, যে গণতান্তিককতাও আছিল তাত। কাৰণ, তেওঁ কোনো জাতিক বাচ-বিচাৰ কৰা নাছিল। জনজাতিৰ পৰা আৰম্ভ কৰি মুছলমানলৈকে সকলোকে তেওঁৰ শিষ্য কৰিছিল। আনকি চান্দসাঁইৰ দ্বাৰা বৰপেটা কীৰ্তনঘৰৰখুটাটোওউঠাইছিল। শংকৰদেৱৰ পাছৰে পৰা নাটকৰ purposiveness টো হেৰাই গ’ল।

আৰু বৃটিছৰ শাসনৰ সময়ত যিখিনি নাটক লিখা হৈছিল, সেইবোৰত শাসকলৈ থকা ভয়, শাসকক সন্তুষ্ট কৰাৰ প্ৰয়াস, বঁটা – বাহনৰ মোহ সকলো আছিল। আৰু যি কেইখন নাটকে অসন্তুষ্ট কৰিছিল, যেনে- অম্বিকাগিৰী ৰায়চৌধুৰীৰ ‘বন্দিনী ভাৰত’ বেণ্ড কৰি দিয়া হৈছিল। গতিকে তাত সাহসৰ কথাও আছে, আৰু দেশৰ স্বাৰ্থও আছে।  যদি দেশতকৈ একোৱেই ডাঙৰ নহয় বুলি লোৱা যায় সেইটো এটা কথা আনহাতে, প্ৰথিতযশা নাট্যকাৰ, নাট্যশিল্পী হ’ম, বঁটা-বাহন গ্ৰহণ কৰিম, সকলোৱে মোক বাহ্বাহ্ দিব সেইটো আন এটা কথা। আৰু পিছৰটোৱেই অসমত বেছি, যাৰ কাৰণে প্ৰজাৰ লগৰীয়া নাটকৰ সৃষ্টি অতি কম। আৰ্ট যেতিয়া সৃষ্টি হয়, তাৰ লগত প্ৰচলিত ৰাজনীতিৰো এটা সম্পৰ্কথাকে। কোন ৰাজনীতি চলিছে বা grow কৰিব ধৰিছে, সেইবোৰৰো কথা আছে। ৰাজনৈতিক অচেতনতাত প্ৰগতিশীল সৃষ্টি সম্ভৱ নহয়। এতিয়া বিষ্ণু ৰাভাৰ কথালেই যদি আহোঁ, তেওঁৰ সৃষ্টিত সকলো প্ৰতিফলিত হৈছিল। কিন্তু, তেওঁকতো সেই সময়ত এচামে এজন নষ্ট চৰিত্ৰৰ মানুহ হিচাবে গণ্য কৰা কৰিছিল।অৰ্থাৎ সমাজে তেওঁক গ্ৰহণ কৰা নাছিল, চেতনাৰ অভাৱৰ বাবেই। ইয়াৰ লগতে বামপন্থী আন্দোলনৰ দুৰ্বলতাও আছিল, যাৰ কাৰণে বৃহত্তৰ অংশৰ মানুহক সামৰি ল’ব নোৱাৰিলে। আন এটা কথা হ’ল সামন্তবাদী শক্তিটো অতি শক্তিশালী আছিল। তাৰ এটা উদাহৰণ, নলবাৰীত তৰমাথা বুলি এখন গাওঁ আছে, সেই তৰমাথাৰেহৰপতি মহাজনৰ এটা যাত্ৰাদল আছিল। তেওঁলোকে জমিদাৰৰ বিৰুদ্ধে কৃষক বিদ্ৰোহ থকা বেষ্টবেংগল বাংলা নাটক এখন অনুবাদ কৰি ‘আকালৰ দেশ’ নাম দিছিল। এইখন নাটক যেতিয়া কৰিবলৈ ধৰিছিল তেতিয়া নলবাৰী অঞ্চলৰ গোটেই জমিদাৰ, মহাজন সকলো লগ লাগি বৃটিছক এনেকে আপত্তি কৰিলে যে নাটকখন নিষিদ্ধ কৰি দিলে। আন এখন নাটক অৰুণ নাট্যসংঘই ‘কৃষক শক্তি’ নাম দি কৰিছিল। তাৰ বিষয়বস্তুও আছিল কৃষক বিদ্ৰোহ। সেইখন নাটকো নিষিদ্ধ কৰি দিয়া হৈছিল আৰু নাটকৰ সকলো শিল্পীকে টিহুত এটা গুদামৰ ভিতৰত জেলৰ দৰে বন্ধ কৰি থৈছিল।

প্ৰশ্ন :- অসমৰ প্ৰগতিশীল বা প্ৰতিবাদী নাট্যধাৰাত ‘সমাহাৰ’ নাট্যগোষ্ঠীৰ নাম নল’লে নহ’ব। সমাহাৰ কেনেকৈ আহিল, কি চিন্তাধাৰাত আৰম্ভ কৰিলে সেই বিষয়ে অকণমান জনাব।

উ:- সমাহাৰৰ জন্ম হৈছিল, ১৯৮৪ চনৰ ফেব্ৰুৱাৰী মাহত। জন্মৰ সময়টো মন কৰিবলগীয়া। সেই সময়ত অসমৰ ছবছৰীয়া আন্দোলনটো চলি আছিল। যাৰ অন্যতম উদ্দেশ্য আছিল, বামপন্থী চিন্তাৰ বিৰোধিতা, প্ৰগতিশীল সাংস্কৃতিক কৰ্ম–কাণ্ডৰ বিৰোধিতা। তেতিয়া মই নিজে Indian peoples' Theatre Association (IPTA) ৰ সদস্য আছিলোঁ। ভাৰতত ১৯৪৩ চনত IPTAৰ জন্ম হৈছিল এক সাংঘাতিক প্ৰগতিশীল ভূমিকাৰ মাজেৰে। এফালে স্বাধীনতা সংগ্ৰাম, জনগণৰ ওপৰত চলা অত্যাচাৰ, সামন্তবাদ, কৃষকৰ ওপৰত চলা অত্যাচাৰ, তেলেংগানা বিদ্ৰোহ আদিৰে এক অস্থিৰঅৱস্থা। ইয়াৰ মাজেৰেই কিন্তু এচাম প্ৰগতিশীল সাহিত্যিক, সাংস্কৃতিক কৰ্মীয়ে জন্ম দিছিল IPTAৰ। অসমতো ঠিক একেই পৰিবেশত ১৯৪৬ চনত জন্ম হয়প্ৰগতিশীল সংস্কৃতি চৰ্চাৰ অসমৰ প্ৰথমটো অনুষ্ঠান। প্ৰজাৰ লগৰীয়া নাটক কৰা অনুষ্ঠান। তেনে এটা অনুষ্ঠানৰ প্ৰয়োজন অনুভৱ কৰিছিলোঁ আমাৰ হেঙেৰাবাৰী অঞ্চলটো। IPTAৰ লগত আদৰ্শগত মিল থকা এটা অনুষ্ঠান কৰোঁ বুলি,IPTA ৰ লগত সম্পৰ্কৰাখিয়েই ‘সমাহাৰ’ নাট্যগোষ্ঠীৰ জন্ম হৈছিল। উদ্দেশ্য আছিল নতুন-নতুন ল’ৰা-ছোৱালীক নতুন নাট্য- চিন্তাৰে উদ্বুদ্ধ কৰা, প্ৰেৰণা দিয়া। এক কথাত ‘মানুহৰ কাৰণে নাটক’ -এই উদ্দেশ্য লৈয়েই ‘সমাহাৰ’ নাট্য- গোষ্ঠীৰ জন্ম।

প্ৰশ্ন :- চৰ্চিত যে ‘সমাহাৰ’ নাট্যগোষ্ঠীৰ নাটকে তুলনামূলকভাৱে সংখ্যাত কম হ’লেও কিছু লোকক ধৰি ৰাখিব পাৰিছে আৰু সমাজলৈ এটা বাৰ্তা দিয়াত সফল হৈছে। আমি বিচাৰো ৰাজনৈতিক, সামাজিক ভাৱে সচেতনতা অনা এই নাটকসমূহ মানুহৰ মাজত প্ৰচাৰ হওক। আপোনাৰ এতিয়ালৈকে সৃষ্টি হোৱা নাটকসমূহৰ ভিতৰত উল্লেখনীয় দুখনমান নাটকৰ বিষয়ে আমি জানিব বিচাৰিছোঁ।

উ:- নাটকৰ ভিতৰত প্ৰায় কুৰিখন মঞ্চনাট আৰু প্ৰায় পঁচিশখন বাটৰ নাট সৃষ্টি হৈছে। ইয়াৰ উপৰিও সমাহাৰৰ উদ্যোগতে বা মোৰ ব্যক্তিগত উদ্যোগতে কেইবাখনো ৰেডিঅ’ নাটৰো সৃষ্টি হৈছে। সকলোবোৰ মিলি প্ৰায় পঞ্চাশৰো ওপৰ নাটক ৰচনা হৈছে। সমাজৰ প্ৰায়বোৰ মূখ্য সমস্যাক সামৰি লিখা এই সকলোবোৰেই প্ৰগতিশীল নাটক।

*মানুহৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰা ‘সমাহাৰ’ৰ এখন নাটক হ’ল ‘মহাযজ্ঞ্য’। ৰচনা কাল আছিল ১৯৯০ চনৰ ডিচেম্বৰ। নাটখন এটা ৰূপক আছিল বাবৰি মছজিদ সমস্যাৰ। বাবৰি মছজিদ ভাঙিছিল ১৯৯২ চনৰ ৬ ডিচেম্বৰত। ইয়াত দেখুওৱা হৈছে যদি শাসক শ্ৰেণীটো জড়িত নাথাকে তেনেহ’লে কেতিয়াও জনসাধাৰণৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ লাগিব নোৱাৰে। কোনো শ্ৰমকাৰী মানুহ এনে সংঘৰ্ষৰ পৰা উপকৃত নহয়, কেতিয়াও হোৱা নাই। আৰু কোনো এজন শাসক গোষ্ঠীৰ মানুহৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰা অনিষ্ট হোৱা নাই। এই মূল কথাটোকে ভাবি চালে সাধাৰণ মানুহে চিন্তাৰ খোৰাক পাব পাৰে।

* দ্বিতীয়তে, আন এখন নাটক আছিল আধাৰশিলা। Folk culture আৰু ইয়াক কেন্দ্ৰ কৰি কিদৰে ৰাজনীতি কৰা যায় তাক দেখুওৱা হৈছে। উত্তৰ-পূৱৰ প্ৰতি দিল্লীৰ শাসক গোষ্ঠীৰ অৱহেলা চিৰদিনীয়া। কিন্তু, উত্তৰ-পূৱৰ লোক-সংস্কৃতিয়ে ৰাজনৈতিকভাৱে ব্যৱহৃত হ’ব পাৰে শাসকৰ স্বাৰ্থত, তাক দেখুওৱা হৈছে। লগতে সন্ত্ৰাসবাদ সৃষ্টিত শাসকৰ ভূমিকা কি তাকো উপস্থাপন কৰা হৈছে নাটখনত।

* চন্দীদাস’ নামৰ নাটকখন আছিল Surrendered militants ৰ ওপৰত। সেই সময়ত (১৯৯৬-৯৭) বহু সন্ত্ৰাসবাদীয়ে আত্মসমৰ্পণ কৰিছিল। চৰকাৰৰ ফালৰ পৰা প্ৰতিজন সমৰ্পণকাৰীকে নগদ টকা, গাড়ী, ব্যৱসায়ৰ সুবিধা দিয়া হৈছিল। এইবোৰে চোৰ এটাৰ মনত সৃষ্টি কৰা প্ৰলোভনেই নাটকখনৰ বিষয়বস্তু। এইখন এখন ব্যংগাত্মক নাটক। আমাৰ সংস্থাপনৰ যি অৱস্থা, সহজলভ্য কাম লৈ যি আকৰ্ষণ অথবা প্ৰলোভন তাকেই দেখুৱাবলৈ যত্ন কৰিছোঁ। এইখন আটাইতকৈ বেছি মঞ্চায়ন হোৱা নাটক (৩০ৰ বেছি)।

* ‘ত্ৰিকালজ্ঞ’ নাটকখনৰ আধাৰ আছিল তিনিটা কাল। এটা হ’ল ১৯৪৮ ৰ সময়ত যি RCPI movement (সশস্ত্ৰ), অসম আন্দোলনৰ মাজেৰে সৃষ্টি হোৱা armed struggle আৰু তাৰ পিছৰ পৰ্য্যায়টো।

* মোৰ খুউৱ আত্মসন্তুষ্টি থকা নাটক হৈছে ‘মা নিষাদ’। মহৰ্ষি বাল্মীকিয়ে মতা চাটক চৰাইটোক হত্যা কৰা নিষাদ(ব্যাধ) জনক “মা নিষাদ প্ৰতিষ্ঠাং…”, যি অভিশাপ দিছিল তাৰ অৱলম্বনত ৰচিত ‘মা-নিষাদ’ নাটক। ত্ৰেতা, দ্বাপৰকে ধৰি আজি পৰ্যন্ত যি শূদ্ৰ নিগ্ৰহ চলি আহিছে, সি নাটকখনৰ চালিকা শক্তি। দ্বাপৰত একলব্য এই নিগ্ৰহৰ বলি। আজিৰ ভাৰতবৰ্ষতো শূদ্ৰৰ প্ৰতিষ্ঠাত যে বাধা আছে তাকে উত্থাপন কৰা হৈছে ‘মা নিষাদত’।

বিপ্লৱী বিবেকানন্দ নাটকৰ দৃশ্য

* বিপ্লৱী বিবেকানন্দ:- বিবেকানন্দক আজিও একাংশ হিন্দু সংগঠনে এজন গোড়া হিন্দু সন্যাসী বুলি দেখুৱাব বিচাৰে, যাতে সাম্প্ৰদায়িক কাম- কাজত তেওঁক ব্যৱহাৰ কৰিব পাৰে। আচলতে তেওঁ যে এজন মানৱতাবাদী, প্ৰগতিশীল সন্যাসী তাকেই নাটকখনত ব্যক্ত কৰিছিলোঁ।

চাৰ্বাক নাটকৰ এটি দৃশ্য

* আত্মাৰ অস্তিত্ব অস্বীকাৰ কৰা ‘ চাৰ্বাক- দৰ্শনৰ আধাৰত ৰচিত ‘চাৰ্বাক নাট। ই আচলতে এক ৰাজনৈতিক ৰূপক যাৰ মাজেৰে যুদ্ধ আৰু শূদ্ৰ নিপীড়নৰ বিৰোধিতা কৰা হৈছে।

যুঁজ নাটকৰ এটি দৃশ্য

ইয়াৰোপৰি ব্ৰজ শৰ্মাৰ জীৱনৰ ওপৰত আধাৰিত ‘মহানায়ক’ লোক- সংস্কৃতিৰ শিল্পীসকলৰ দুৰৱস্থাৰ বিষয়ে ‘যুগসন্ধি’,পানী যোগান প্ৰকল্পৰ চৰকাৰী ভ্ৰষ্টাচাৰ আৰু অনৈতিকতাৰ ওপৰত ‘PIL- 99’, মন্দিৰ মছজিদত চুৰ কৰিও ধৰা নপৰা চোৰৰ কথাৰে ভগৱানৰ অস্তিত্বক অস্বীকাৰ কৰা নাটক ‘চোৰ-উবাচ’ আদি। আৰু কেইবাখনো গুৰুত্বপূৰ্ণ নাটক আছে যদিও এইখিনি সময়ত সকলো কোৱাটো সম্ভৱ নহয়।

প্ৰশ্ন :- আপোনাক বাটৰ নাটৰ ক্ষেত্ৰত অসমৰ ছফদৰ হাছমী বুলি কয়। এই প্ৰসংগত কি ক’ব ?

উ:- হা: হা: হা:। আচলতে ১৯৯৭ চনৰ ১ নৱেম্বৰত ‘দৈনিক অসম’ কাকতত অৰুণ গোস্বামীয়ে লিখিছিল। হেড লাইন আছিল “ সীতানাথ লহকৰ সাম্প্ৰতিক অসমৰ ছফদৰ হাছমী”। কিন্তু ছফদৰৰ তুলনাত মই বহুত কম কাম কৰিব পাৰিছোঁ।

প্ৰশ্ন :- বাটৰ নাট কি, কেতিয়া বাটৰ নাটৰ ধাৰণাটো আহিছিল আৰু সমাহাৰৰ বা আপোনাৰ সৃষ্টি বাটৰ নাট, এই সকলোবোৰ সামৰি চমুকৈ অলপ জানিব বিচাৰিছোঁ।

উ:- বাটৰ নাটৰ জন্মই হয় ৰাজনৈতিক ভাৱে। ই প্ৰায় ১৬০ বছৰ পুৰণি। বিশেষকৈ ইউৰোপত কমিউনিষ্ট নাট্যকাৰ বাৰ্টল্টব্ৰেখট আৰু তেওঁৰ গুৰু আৰভিনপিস্কাটাৰ, এওঁলোক দুজনকেই বাটৰ নাটৰ সৃষ্টিকৰ্তা বুলিব পাৰি। শ্ৰমিকৰ প্ৰাপ্য, অধিকাৰ, শোষণৰ বিৰুদ্ধে হোৱা প্ৰতিবাদক লৈয়েই বাটৰ নাটৰ সৃষ্টি হৈছিল। ভাৰতত ১৯৫২ চনত বাটৰ নাটৰ প্ৰচলন হয়আৰু সেইয়া হৈছিল নিৰ্বাচনী প্ৰচাৰৰ প্ৰয়োজনত, কংগ্ৰেছৰ বিৰুদ্ধে। স্বাধীনতা সংগ্ৰাম বাটৰ নাটৰ প্ৰকৃত পটভূমি।

সমাহাৰে বাটৰ নাটৰ আৰম্ভ কৰিছিল ১৯৮৯ চনৰপৰা। ছফদৰহাছমী তেতিয়া বাটৰ নাটৰ সম্ৰাট আছিল। তেওঁৰ নাটকবোৰ ৰাজনৈতিক নাটক। আচলতে বাটৰ নাট মানেই ৰাজনৈতিক নাট।

আমি ‘সমাহাৰ’ নাট্যগোষ্ঠীয়ে বাটৰ নাট কৰিবলৈ লওঁ ১৯৮৯ চনৰ ১২ এপ্ৰিলৰ পৰা। এক ৰাজনৈতিক/ ঐতিহাসিক পৰিস্থিতিত পৰি।ছফদৰহাছমীৰ দল ‘জননাট্য মঞ্চৰ’ বাটৰ নাটৰ চৰ্চা তেতিয়া তুংগত। শ্ৰমকাৰী সাধাৰণ জনগণৰ মাজত তেওঁৰ নাটকৰ প্ৰভাৱ আছিল যথেষ্ট। ১৯৮৯ চনৰ ১ জানুৱাৰীত ‘জননাট্যমঞ্চ’ই উত্তৰপ্ৰদেশৰ চাহিবাবাদত বাটৰ নাট কৰি থাকোঁতেই শাসক দল কংগ্ৰেছৰ গুণ্ডাবাহিনীয়ে অতৰ্কিতে আক্ৰমণ কৰে, যাৰ ফলত পিছদিনা ২ জানুৱাৰীত ছফদৰৰ মৃত্যু হয়। সমগ্ৰ দেশৰ মানুহ বিশেষকৈ শিল্পীকুল প্ৰতিবাদ, বিক্ষোভত ফাটি পৰে। যি ছফদৰক বাটৰ নাট কৰি থাকোঁতেই হত্যা কৰা হ’ল, তেওঁৰ জন্মদিন ১২ এপ্ৰিলৰ দিনটো ‘ ৰাষ্টীয় বাটৰ নাট দিৱস’ হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত হয়। তেতিয়াৰে পৰা দেশৰ অগণন নাট্যদলৰ লগতে সমাহাৰ নাট্যগোষ্ঠীয়েও তেওঁলোকৰ প্ৰথম বাটৰ নাট ‘সন্ধিক্ষণ’ লৈ বাটত নামে। তাৰপিচত মহাযাত্ৰা, নীলা সপোন-ৰঙা সপোন, বিপন্ন স্বদেশ, যুদ্ধ, উত্তৰাধিকাৰ, কান্ধতমিলাও কান্ধআদি নাটকৰ মাধ্যমত চলি থাকিল এই যাত্ৰা। এই যাত্ৰাৰ উল্লেখনীয় দুখন নাটক হ’ল উত্তৰাধিকাৰ,(বিষ্ণুৰাভাৰ আদৰ্শৰ উত্তৰাধিকাৰৰ ওপৰত) আৰু সাম্প্ৰদায়িকতাৰ আধাৰত ৰচিত ‘ কান্ধত মিলাও কান্ধ’।

প্ৰশ্ন:- আপোনাৰ নাটকসমূহ যিহেতু প্ৰতিবাদী নাটক, এইক্ষেত্ৰত শাসকগোষ্ঠীৰ পৰা বা অন্য কিবা বাধাৰ সন্মুখীন হৈছিল নেকি ?

উ:- বাধা আছিল। কিন্তু তাৰ পাছতো স্বীকাৰ কৰোঁ কংগ্ৰেছৰ শাসনকালত অসমত আমি যথেষ্ট স্বাধীনতা পাইছিলোঁ।

১৯৯৩ চনত অসম আন্দোলনৰ ওপৰত ৰচিত অগ্নিগৰ্ভ নাটক মঞ্চস্থ হোৱাৰ আগমুহুৰ্তত আমাক ৰবীন্দ্ৰ ভৱনৰ পৰা গ্ৰেপ্তাৰ কৰি লৈ গৈছিল। শিল্পীকুলৰ তৰফৰ পৰা কোনো প্ৰতিবাদ হোৱা  নাছিল কিন্তু। ১৯৯৩ চনতে সৰভোগলৈ বাটৰ নাট কৰিবলৈ গৈছিলোঁ তিনিদিনীয়া কাৰ্য্যসূচীৰে। প্ৰথম দিনাই নাটক কৰিবলৈ গৈ দেখোঁ (ডেকাৰ গাঁৱত বোধহয়) ‘আদমসেনা’ৰ পোষ্টাৰ – ইয়াত নাটক কৰিলে পৰিণতি ভীষণ হ’ব। নাটক পিছে কৰিলোঁ। পৰিস্থিতিও ভীষণ নহ’ল।আকৌ ১৯৯৫ চনত বৰমাত ‘কান্ধত মিলাও কান্ধ’ কৰি থাকোঁতে পাতলীয়া শিলা-বৰ্ষণ হ’ল। আয়োজক সকলে শিল নিক্ষেপকাৰীকধৰিলে, এজন RSS ৰ সদস্য। গতিকে বাধা থাকিবই বিশেষকৈ প্ৰজাৰ লগৰীয়া নাটক কৰিলে। সেই বাধা নেওচিব লাগিব প্ৰজাৰেই স্বাৰ্থত।

প্ৰশ্ন:- আপোনালোকৰ নাটকসমূহৰ সমাজৰ ওপৰত প্ৰভাৱ কেনে?

উ:- সেই প্ৰভাৱৰ ফলাফল হয়তো পৰৱৰ্তী কালত দেখা যাব পাৰে। নাযাবও পাৰে। কিন্তু তাৎক্ষণিকভাৱে প্ৰভাৱৰ ইংগিত পোৱা যায়, যেতিয়া দৰ্শকে দলটোক আশীৰ্বাদ দি ভৱিষ্যতে সমাহাৰৰ নতুন নাটক চোৱাৰ ইচ্ছা প্ৰকাশ কৰে। ক’ৰবাত হয়তো নাটকৰ শেষত প্ৰেক্ষাগৃহৰ পৰা উঠি যোৱাৰ ইচ্ছা হোৱা নাই বুলি জনায়। আমি সঁচাকৈয়ে উৎসাহিত হওঁ।

প্ৰশ্ন :- আমি আহি শেষ পৰ্য্যায়ত উপনীত হৈছোঁহি। যদিও এই বিষয়বস্তুৰ লগত পোন-পটীয়া সম্পৰ্কনাই তথাপিও প্ৰয়োজনীয় বুলি ভাবি এটা কথা সুধিছোঁ। নাটক কৰোঁতে সন্মুখীন হোৱা অসুবিধা কি কি ?

উ: - অসুবিধাটো আছেই কিন্তু চিন্তাৰ কথা হৈছে – ই দিনে দিনে বাঢ়ি আহিছে। প্ৰথম কথা হৈছে – প্ৰেক্ষাগৃহৰ অভাৱ। বিশাল গুৱাহাটীত নাটক কৰিব পৰা প্ৰেক্ষাগৃহ এটাই, ‘ৰবীন্দ্ৰ ভৱন’। তাৰো ভাড়া যথেষ্ট। অপেচাদাৰী দলে বহন কৰিব নোৱাৰা অৱস্থা । কলাক্ষেত্ৰত থকা শংকৰদেৱ প্ৰেক্ষাগৃহৰ ভাড়া আৰু বেছি, মাধৱদেৱ প্ৰেক্ষাগৃহৰো ভাড়া কম নহয়। অপেচাদাৰী নাট্যদলৰ সামৰ্থ অনুযায়ী কম ভাড়াৰ প্ৰেক্ষাগৃহৰ বৰ প্ৰয়োজন গুৱাহাটীত। আন এটা সমস্যা হৈছে গুৱাহাটীত নাটক কৰা ল’ৰা-ছোৱালীৰ অভাৱ দিনে দিনে বাঢ়ি গৈছে। ই বৰ্তমান সময়ৰ এক সাংস্কৃতিক সংকট। আকৌ, বেছিভাগ অপেচাদাৰী নাট্যগোষ্ঠীয়ে প্ৰেক্ষাগৃহৰ ভাড়া ৰেহাই বা অনুদানৰ বিনিময়ত কৰা বিনামূলীয়া প্ৰদৰ্শনী (Free show) আন এটা সমস্যা হৈ উঠিছে। ই এমাহ বা ডেৰমাহ আখৰা কৰি প্ৰস্তুত কৰা নাট্য প্ৰযোজনাক মূল্যহীন কৰি তুলিছে,নাট্য কৰ্মীসকলৰ স্বাভিমানতআঘাত কৰিছে। বেছিভাগ নাটকৰ বাস্তৱ বিবৰ্জিত বিষয়বস্তুৱেওঅসমৰ নাট্য জগতৰ সংকট নমাই আনিছে। নাটকৰ দৰ্শক পৰ্য্যাপ্ত নোহোৱা কথাই আন এক চিন্তাৰ কাৰণ হৈ পৰিছে।

(শেষত) ……………আপোনাৰ যথেষ্ট মূল্যবান সময় আমাক দিলে। আপোনাক ধন্যবাদ।

Share Button
Print Friendly, PDF & Email

No Comments : "প্ৰগতিশীল প্ৰতিবাদী নাটক সম্পৰ্কত ড০ সীতানাথ লহকৰৰ সৈতে সাক্ষাৎকাৰ(কল্যাণী বৰুৱা)"

Leave a Comment

Your email address will not be published. Required fields are marked *