বিবিধ চিন্তা

ধৰ্ম, ঈশ্বৰ আদিৰ প্ৰয়োজনহীনতা

ধৰ্ম,ঈশ্বৰ আদিৰ প্ৰয়োজনহীনতা বিভিন্ন ধৰণেৰে প্ৰতিষ্ঠা কৰিব পাৰি। এই ক্ষেত্ৰত বৈজ্ঞানিক তথা দাৰ্শনিক বিশ্লেষণ প্ৰধান মাধ্যম। আনহাতেদি, মানৱ প্ৰজাতিৰ ইতিহাসৰপৰা ধৰ্ম তথা ঈশ্বৰৰ প্ৰভাৱৰ বিশ্লেষণ কৰিও ইবোৰৰ প্ৰয়োজনহীনতা-অৰ্থহীনতা প্ৰতিষ্ঠা কৰিব পাৰি,কিয়নো ধৰ্ম,ঈশ্বৰ আদিয়ে মানৱ জাতিৰ যিমান উপকাৰ কৰিছে,তাতকৈ বহুত বেছি কৰিছে অপকাৰ। ধৰ্ম,ঈশ্বৰ আদিৰ সৃষ্টিৰ সময়ৰপৰা বৰ্তমানলৈকে ইবোৰৰ নামতেই অনেক নিৰীহ লোক নিহত হৈছে তথা সমাজত সৃষ্টি হৈছে বিভাজন-বৈষম্য,সংঘাত-সংঘৰ্ষ আদিৰ। আনফালেদি, ধৰ্মই ‘পাপ স্খলন’ৰ উপায় দিছে কাৰণে সমাজত পাপ অৰ্থাৎ অসৎ কৰ্মৰ পৰিমাণ বাঢ়িছেহে,কিয়নো পূজা-প্ৰাৰ্থনা, বলি-বিধান আদিৰদ্বাৰা ‘পাপ স্খলন’(!) কৰি মানুহ পুনৰ অসৎ কৰ্মত লিপ্ত হৈ পৰিছে। দৰাচলতে ইবোৰৰদ্বাৰা ‘পাপ স্খলন’ হয় বুলি যি ভাবে, তেওঁৰ সমান মূৰ্খ আচলতে আন কোনো নাই। পাপ,অৰ্থাৎ কোনোবাই সংঘটিত কৰা অসৎ কৰ্মৰ প্ৰভাৱ ব্যক্তি,সমাজ অথবা প্ৰকৃতিত পৰিবই,কিন্তু কোনো পূজা-প্ৰাৰ্থনা,যাগ-যজ্ঞ তথা বলি-বিধানৰ এই ক্ষমতা নাই যে প্ৰভাৱবোৰ নাইকিয়া কৰি দিব। আৰু সেয়ে ‘পাপ স্খলন’ হ’ল বুলি ভাবি মানুহে পুনৰ পাপ কৰিবলৈ, অৰ্থাৎ অসৎ কৰ্মত লিপ্ত হ’বলৈ আৰম্ভ কৰি দিয়া কাৰণে পৃথিৱীত পাপৰ বোজা (অসৎ কৰ্মৰ প্ৰভাৱ) বাঢ়িহে গৈছে ! অৰ্থাৎ অসৎ কৰ্মত লিপ্ত হ’বলৈ বা পাপ কৰিবলৈ ধৰ্ম, ঈশ্বৰ আদিয়েই মানুহক পৰোক্ষভাৱে উত্সাহ যোগাই আছে।

ধৰ্ম,ঈশ্বৰ আদিৰ প্ৰয়োজনহীনতা প্ৰতিষ্ঠা কৰিবৰ বাবে অৱশ্যে এই লেখাটোত বৈজ্ঞানিক,দাৰ্শনিক অথবা সমাজবিজ্ঞানৰ বিশ্লেষণৰ আশ্ৰয় নলৈ আমি সাধাৰণ বিচাৰ-বিবেচনাৰহে আশ্ৰয় ল’ম। আৰু ইয়াৰ বাবে আমি মানৱ প্ৰজাতিৰ বিৱৰ্তনৰ পৰ্যায়লৈ ঘূৰি যাব লাগিব।

ধৰ্ম-ঈশ্বৰৰ প্ৰয়োজনীয়তা সন্দৰ্ভত যুক্তি আগ বঢ়োৱা হয় এইবুলি যে ঈশ্বৰে মানুহৰ লগতে পৃথিৱীৰ অন্যান্য জীৱৰ সৃষ্টি কৰিলে,আৰু সেয়ে কৃতজ্ঞতাৰ চিনস্বৰূপে জীৱই পূজা-প্ৰাৰ্থনা-উপাসনাৰ মাধ্যমেৰে ঈশ্বৰৰ গুণ-গান গোৱাটো প্ৰয়োজনীয়। আৰু জীৱই কেনেকৈ ঈশ্বৰৰ গুণ-গান গাব,সেই সন্দৰ্ভত নিৰ্দেশনা দিয়ে ধৰ্মবোৰে। কোৱা বাহুল্য যে এই আদেশ-উপদেশবোৰত যুক্তি নাই,বৰঞ্চ অযুক্তি বা অপযুক্তিহে আছে।

প্ৰথমতে ‘ঈশ্বৰে জীৱৰ সৃষ্টি কৰিলে’ বোলা ধাৰণাটোৰে কোনো ভিত্তি বিচাৰি পোৱা নাযায়,কিয়নো কিবা সৃষ্টি কৰিবলৈ হ’লে তাৰ অন্তৰালত উদ্দেশ্য থাকিব লাগিব,অথচ ‘জীৱৰ সৃষ্টিৰ’ ক্ষেত্ৰত ‘ঈশ্বৰৰ উদ্দেশ্য’ স্পষ্ট নহয়। আৰু ‘ঈশ্বৰৰ উদ্দেশ্য’ এই কাৰণেই স্পষ্ট নহয় যে পৃথিৱীত জীৱ অনন্তকাল ধৰি তিষ্ঠি নাথাকে,কিয়নো জীৱৰ লালন-পালনকৰ্তা সূৰ্যটোৱেই এদিন পৃথিৱীখনৰ লগতে জীৱৰো সম্পূৰ্ণ বিনাশ ঘটাব। গতিকে এদিন সম্পূৰ্ণ বিনাশ ঘটাবলৈকে জীৱৰ সৃষ্টি কৰাটো ঈশ্বৰৰ উদ্দেশ্য হ’ব নোৱাৰে। পৃথিৱীৰপৰা পলায়ন কৰি তথা অন্য ‘সৌৰজগতৰ’ কোনোবা পৃথিৱী-সদৃশ গ্ৰহত বসতি স্থাপন কৰিহে হয়তো জীৱই ব্ৰহ্মাণ্ডত নিজৰ অস্তিত্ব বজাই ৰাখিব পাৰিব। এই কাম কৰাৰ ক্ষমতা আছে কেৱল মানুহৰ আৰু মানুহে কামটো কৰিব বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ সহায়তহে – ধৰ্ম, ঈশ্বৰ আদিয়ে এই ক্ষেত্ৰত সহায় কৰিব নোৱাৰে।

প্ৰকাৰান্তৰে পৃথিৱীত জীৱৰ সৃষ্টি কাৰোবাৰ পৰিকল্পনাৰ ফচল নহয়, বৰঞ্চ দুৰ্ঘটনাজনিত পৰিণতিহে – সঠিক সময়,সঠিক পৰিৱেশ,সঠিক অনুপাতত অজৈৱ পদাৰ্থত ৰাসায়নিক বিক্ৰিয়া ঘটিয়েই পৃথিৱীত প্ৰথম অণুজীৱৰ সৃষ্টি হ’ল আৰু কোটি কোটি বছৰৰ ক্ৰমবিকাশৰ পাছত জীৱই বৰ্তমানৰ অৱস্থা পালেহি। দুৰ্ঘটনাক্ৰমে আৰু স্বতঃস্ফূৰ্তভাৱে সৃষ্ট কাৰণেই জীৱই বিভিন্ন আকৃতি-প্ৰকৃতি ল’লে তথা মানৱ প্ৰজাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকি হৈ পৰা জীৱৰো সৃষ্টি হ’ল। একোটা নিৰ্দিষ্ট পৰিৱেশ-পৰিস্থিতিত সৃষ্টি লাভ কৰা বহুতো জীৱই পৰিৱৰ্তিত পৰিৱেশ-পৰিস্থিতিত নিজৰ অস্তিত্ব বজাই ৰাখিব নোৱাৰিলে আৰু পৃথিৱীৰপৰাই বিলুপ্ত হৈ গ’ল। পৰিকল্পনা কৰি ঈশ্বৰে সৃষ্টি সংঘটিত কৰা হ’লে জীৱৰ এই দশা নিশ্চয় নহ’লহেঁতেন।

দ্বিতীয়তে, তৰ্কৰ খাতিৰত ঈশ্বৰে জীৱৰ সৃষ্টি কৰিলে বুলি ধৰি ল’লেও তাৰ বাবে তেৰাৰ পূজা-প্ৰাৰ্থনা-উপাসনা কৰিব লগাৰ যুক্তি নাই। সৃষ্টিকৰ্তা কাৰণে ঈশ্বৰৰ গুণ-গান গাব লাগে – এই যুক্তি মানি ল’লে ইয়াকো মানি ল’ব লাগিব যে ঈশ্বৰ মহা অহংকাৰী (ঈশ্বৰে যেন জীৱবোৰক ক’ব বিচাৰিছে : ‘মই তহঁতক সৃষ্টি কৰিলোঁ, সেয়ে তহঁতে মোৰ গুণ-গান গাব লাগিব!)। অন্যহাতেদি, পৃথিৱীত কোটি কোটি প্ৰজাতিৰ জীৱ আছে, অথচ ইবোৰৰ ভিতৰত একমাত্ৰ মানৱ প্ৰজাতিটোৰহে ঈশ্বৰৰ গুণ-গান গোৱাৰ ক্ষমতা আছে। ঈশ্বৰৰ জীৱ সৃষ্টিৰ উদ্দেশ্য যদি নিজৰ গুণ-গান গোওৱা,তেন্তে মানুহ আৰু মানৱ প্ৰজাতিটোৰ অস্তিত্ব ৰক্ষাৰ বাবে আৱশ্যকীয় প্ৰজাতিবোৰৰ সৃষ্টি কৰা হ’লেই হ’লহেঁতেন – বেক্টেৰিয়া-ভাইৰাছ,মহ-মাখি আদি মানৱ প্ৰজাতিটোৰ অস্তিত্বৰ প্ৰতি ভাবুকি হৈ পৰা তথা তেৰাৰ গুণ-গান গাব নোৱৰা অসংখ্য জীৱৰ সৃষ্টি কৰাৰ কোনো আৱশ্যকতা নাছিল।

তৃতীয়তে, ঈশ্বৰে জীৱৰ সৃষ্টি কৰিলে বুলি ধৰি ল’লেও তেৰাই মানুহৰ যে সৃষ্টি (বাইবেল আদি ধৰ্মগ্ৰন্থত বৰ্ণনা কৰাৰ দৰে) কৰা নাই,সি খাটাং,কিয়নো আজিৰপৰা ২ লাখমান বছৰৰ আগলৈকে পৃথিৱীত আধুনিক মানৱৰ কোনো অস্তিত্বই নাছিল – কোনোবা এটা বনমানুহ (Apes) প্ৰজাতিৰ বিৱৰ্তন ঘটিহে হ’ম’ছেপিয়েনছ, অৰ্থাৎ আধুনিক মানৱৰ সৃষ্টি হ’ল। অৰ্থাৎ তৰ্কৰ খাতিৰত ঈশ্বৰে জীৱৰ সৃষ্টি কৰিলে বুলি ধৰি ল’লেও তেৰাই মানুহক যে ‘মানুহ’ হিচাপে সৃষ্টি কৰা নাই,সি খাটাং। এই ফালৰপৰাও মানুহে ঈশ্বৰৰ গুণ-গান গাব লগাৰ যুক্তি নাই।

প্ৰকৃততে ঈশ্বৰ,ধৰ্ম আদি মানৱৰহে উদ্ভাৱন,আৰু এই উদ্ভাৱন পৃথিৱীত মানৱৰ সৃষ্টিৰ লগে লগেও হোৱা নাই। আজিৰপৰা প্ৰায় ১২ হাজাৰ বছৰৰ আগেয়ে মানৱে খাদ্য উত্পাদন (কৃষি তথা পশুপালনৰ জড়িয়তে) কৰিবলৈ শিকিলে – ইয়াৰ আগলৈকে মানৱ চিকাৰী তথা খাদ্য-সংগ্ৰহকাৰী আছিল। অৰ্থাৎ প্ৰজাতিটোৰ ইতিহাসৰ বেছিভাগ সময় মানৱে পাৰ কৰিলে চিকাৰী তথা খাদ্য-সংগ্ৰহকাৰী হৈ। অন্যহাতেদি, এই কালছোৱাই আছিল আটাইতকৈ কষ্টকৰ,বিপদসংকুল তথা অনিশ্চিত। খাদ্য উত্পাদন কৰিব নজনা,পদে পদে বিপদৰ আশংকা থকা,বেমাৰ-আজাৰ তথা প্ৰাকৃতিক দুৰ্যোগৰপৰা পৰিত্ৰাণ পোৱাৰ উপায় তেতিয়ালৈকে নিশিকা মানৱৰ বাবে সেই সময়ত অস্তিত্ব ৰক্ষা কৰাটোৱেই আছিল মুখ্য উদ্দেশ্য। ফলত দিনটোৰ সময়খিনি খাদ্য সংগ্ৰহ আৰু আত্মৰক্ষাতেই ব্যয় হৈছিল। এনে পৰিৱেশ-পৰিস্থিতিত মানৱে ধৰ্ম,ঈশ্বৰ আদিৰ কথা চিন্তা নকৰাটোৱেই স্বাভাৱিক।

চিকাৰী হৈ থকা কালৰ মানৱৰ জীৱন-শৈলী সঠিকভাৱে জনাৰ এতিয়া আমাৰ কোনো উপায় নাই। তথাপি সময়ে সময়ে আৱিষ্কৃত হৈ থকা আদিম গুহা-চিত্ৰবোৰে সেই সময়ৰ মানৱৰ জীৱন-শৈলীৰ কিছু আভাস দাঙি ধৰে। অথচ এই গুহা-চিত্ৰবোৰতো দেৱী-দেৱতা,ঈশ্বৰ আদিৰ অস্তিত্ব বিচাৰি পোৱা নাযায়,ইয়াৰ পৰিবৰ্তে ইবোৰত আছে বাইছন,ঘোঁৰা,হৰিণ আদি চিকাৰ কৰা জন্তুৰ তথা মানুহৰ হাতৰ ছাপ আদিৰ চিত্ৰহে। গুহা-চিত্ৰবোৰত আনকি মানৱৰ চিত্ৰও অতি বিৰল। চিত্ৰবোৰ প্ৰধানকৈ পুৰুষৰদ্বাৰা অংকিত,অৱশ্যে পেনছিলৱানিয়া ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ডিন স্ন’ৱে ফ্ৰান্স আৰু স্পেইনৰ গুহা-চিত্ৰবোৰ অধ্যয়ন কৰি মতামত দিছে যে ইবোৰত মাজে মাজে নাৰীৰ হাতৰ পৰশো পৰিছে।

গুহা-চিত্ৰবোৰত মানৱৰ চিত্ৰৰ উপস্থিতিৰ বিৰলতাৰ সন্দৰ্ভত কিছু পণ্ডিতে অৱশ্যে অনুমান আগ বঢ়াইছে এই বুলি যে ধৰ্মীয় নীতি-নিয়মে সেই যুগৰ মানৱক ইবোৰ অংকিত কৰিবলৈ বাৰণ কৰিছিল। কথাটো শুনিবলৈ যিমানে ভাল,বিশ্বাস কৰিবলৈ সিমানে টান। যি সময়ত অস্তিত্ব ৰক্ষা কৰাতেই দিনটোৰ সময়খিনি অতিবাহিত হৈছিল তথা অঘৰী,কষ্টকৰ,বিপদসংকুল জীৱন যাপন কৰিবলগীয়া হৈছিল,সেই সময়ত ধৰ্ম,ঈশ্বৰ আদিৰ কথা চিন্তা কৰাটো মানৱৰ বাবে অপ্ৰয়োজনীয়তা তথা বিলাসিতা হিচাপে পৰিগণিত হোৱাৰহে সম্ভাৱনা অধিক। ধৰ্মচিন্তাত নিমজ্জিত হ’বলৈ মানুহক লাগে সুস্থিৰ আৰু শান্তি-সমৃদ্ধিৰ পৰিৱেশ।

মানৱে এনে পৰিৱেশ পালে খাদ্য উত্পাদন কৰিবলৈ শিকাৰ পাচত,অৰ্থাৎ আজিৰপৰা প্ৰায় ১২ হাজাৰ বছৰৰ আগেয়ে। কৃষি তথা পশুপালনত ন্যস্ত হোৱাৰ পাছত মানৱৰ জীৱন-শৈলীলৈ কিছু স্থিৰতা আহিল। আগৰ অঘৰী জীৱন এৰি মানৱে কৃষিভূমিক কেন্দ্ৰ কৰি স্থায়ী বসতি পাতিলে। খাদ্যৰ উত্পাদনে আগৰ বিপদসংকুল, অনিশ্চিত জীৱনৰ অৱসান ঘটালে আৰু মানৱক মানসিক স্থিৰতা প্ৰদান কৰিলে। ৰাহি খাদ্যৰ উত্পাদনে আজৰি সময়ো উপলব্ধ কৰালে। মানৱে এতিয়া ৰাতিৰ আকাশৰ সৌন্দৰ্য উপভোগ কৰিব পৰা হ’ল। এনে সময়তে হয়তো মানৱৰ মনত ‘সৃষ্টিকৰ্তা’ৰ ধাৰণাৰ উদয় হ’ল আৰু ধৰ্ম,ঈশ্বৰ আদিয়ে বিকাশ লাভ কৰিবলৈ ধৰিলে।

অৰ্থাৎ, আজিৰপৰা প্ৰায় ১২ হাজাৰ বছৰৰ আগেয়েহে মানৱ সমাজত ধৰ্ম,ঈশ্বৰ আদিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা অধিক। মানৱ চিকাৰী হৈ থকা কালতে ইবোৰৰ সৃষ্টি হৈছিল বুলি ধৰি ল’লেও এই কাল আজিৰপৰা ৫০ হাজাৰ বছৰৰ অধিক হ’ব নালাগে। অথচ পৃথিৱীত মানৱৰ সৃষ্টি হ’ল ২ লাখমান বছৰৰ আগেয়ে। অৰ্থাৎ প্ৰায় ১.৫ লাখমান বছৰ মানৱে ধৰ্ম,ঈশ্বৰ আদিৰ অবিহনেই পাৰ কৰিলে। আৰু পাৰ কৰিলে প্ৰজাতিটোৰ ইতিহাসৰ আটাইতকৈ কঠিন সময়খিনি। মানৱে সেই সময়খিনি অতিক্ৰম নকৰা হ’লে (ধৰ্ম-ঈশ্বৰবিহীনভাৱে!) প্ৰজাতিটোৱে বৰ্তমানৰ পৰিৱেশতো উপনীত হ’ব নোৱাৰিলেহেঁতেন।

ইয়াতেই মানৱ জীৱনত ধৰ্ম,ঈশ্বৰ আদিৰ প্ৰয়োজনহীনতা স্থাপিত হয়। আনহাতেদি, ইবোৰ নাথাকিলে ধৰ্ম,ঈশ্বৰ আদিৰ নামত হৈ থকা হত্যা-নিপীড়ন,বিভাজন-বৈষম্য,সংঘাত-সংঘৰ্ষ আদিও সমাজৰপৰা নাইকিয়া হ’ব। অন্য জীৱৰপৰা পৃথক মানৱে নিজৰ বিকাশৰ বাবে মূলতঃ তিনিটা বস্তুৰ উদ্ভাৱন কৰি লৈছে – ভাষা,সংস্কৃতি আৰু ধৰ্ম। কিন্তু এই তিনিটাৰ ভিতৰত প্ৰতিক্ৰিয়াশীল উদ্ভাৱনটো হ’ল ধৰ্ম,কিয়নো ভাষা আৰু সংস্কৃতি যদি মানৱৰ বিকাশৰ বাবে প্ৰয়োজনীয়,তেন্তে ধৰ্ম একেবাৰে অপ্ৰয়োজনীয়। বিশ্বৰ সাম্প্ৰতিক পৰিস্থিতিয়েও ধৰ্মৰ এই প্ৰতিক্ৰিয়াশীলতা-অপ্ৰয়োজনীয়তাৰ প্ৰতি ইংগিত কৰে : কোনোবা এটা ধৰ্মক আনবোৰ ধৰ্মতকৈ ‘শ্ৰেষ্ঠ’ প্ৰতিপন্ন কৰাৰ প্ৰয়াসৰ ফলস্বৰূপেই বিশ্বত প্ৰতিদিনে নিহত-আহত হৈ আছে হাজাৰ হাজাৰ নিৰীহ জনতা। অথচ ধৰ্ম নিজেই যেতিয়া প্ৰয়োজনহীন-প্ৰতিক্ৰিয়াশীল উদ্ভাৱন,তেনে ক্ষেত্ৰত এটা ধৰ্মক আনটোতকৈ ‘শ্ৰেষ্ঠ’ প্ৰতিপন্ন কৰিব বিচৰাৰ আকাংক্ষা মূৰ্খালিৰ নামান্তৰহে মাথোন।

এনেয়েও ধৰ্ম,ঈশ্বৰ আদিৰ দৰ্শন তথা আনুষ্ঠানিকতাবোৰৰ সৃষ্টি হৈছিল একোটা বিশেষ কাল,জীৱন-শৈলী, পৰিৱেশ-পৰিস্থিতি তথা সেই সময়লৈ আহৰণ কৰা জ্ঞানৰ সীমাবদ্ধতাত। সেয়ে এই জ্ঞান পৰম সত্য হ’ব নোৱাৰে। পৰিৱৰ্তিত সময়ৰ জ্ঞান,জীৱন-শৈলী,পৰিৱেশ-পৰিস্থিতি আদিৰ অনুকূলে ধৰ্ম,ঈশ্বৰ আদিলৈ সংশোধন আনিলে ইবোৰ আপোনা-আপুনি অস্তিত্বহীন হৈ পৰিব। ইয়াৰ লগে লগে বন্ধ হৈ পৰিব ধৰ্ম,ঈশ্বৰ আদিৰ নামত সমাজত চলি থকা হত্যা-হিংসা,ভণ্ডামি-ব্যৱসায়,দুৰ্নীতি-ভ্ৰষ্টাচাৰ আদি।

কানাই গগৈ

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *