ইটো সিটো বহুতো (সৃষ্টি শ্রেয়ম)

কত ঘটনা ঘটে জীৱনত, দৈনন্দিনতাৰ অজুহাতত তাৰে কতবোৰ অৱহেলিত হৈ থাকি যায়- ক’তনো খবৰ থাকে! কেতিয়াবা অৱহেলাৰ ওৰণিখন টানিয়ে ইহঁত মিলিত হয় আৰু ঐক্যবদ্ধভাৱে  তৈয়াৰ কৰি লয় এক মজবুত চন্দ্রতাপ। কোনখিনি ৰ’দে সিহঁতক চুব, কোন খিনি বৰষুণত কেতিয়া সিহঁত তিতিব- সেইখিনিৰ ওপৰত প্রভুত্ব খটোৱাৰ অধিকাৰ আমাৰ হাতৰ পৰা কেতিয়া হেৰাই যায় আমি ক’বই নোৱাৰোঁ। নতুনত্বৰ মুখামুখি হৈহে আমি উপলব্ধি কৰোঁ যে সেই তাহানিৰ কোনো এক অৱহেলাৰ বীজেচোন বিৰাট এক বৃক্ষ তৈয়াৰ কৰি তুলিছে।

সময় সাপেক্ষে আমাৰ বহু কথাত আপত্তি থাকে। পৰিমানৰ তাৰতম্যত নির্ভৰ কৰি সিহঁতৰ লগত খোজ মিলায়ে জীৱন আগবাঢ়ে। ছাত্রী হৈ থকা কালত আমাৰো বহু আপত্তি আছিল। স্কুলৰ দিনত কিতাপ- কিতাপৰ কথা, বিদ্যালয়- বিদ্যালয়ৰ কথা- এইবোৰে জীৱনৰ কাগজী আৰু কায়িক – দুটা পৃথক ৰূপ চিনাবলে আৰম্ভ কৰি দিয়াত পর্বত সমান আপত্তি নাকটোত বহি থাকিছিল। কিতাপী আছিলো বাবেই সংঘাত হৈছিল; ঘৰত, বাহিৰত। সাধাৰনতে চুপ থাকিছিলো যদিও দৈনন্দিন জীৱনত ‘অন্যায়’ যেন লগা বহু অস্বস্তিকৰ মুহূর্ত তেতিয়া গিলিব নোৱাৰিছিলোঁ। একে অর্হতাৰ একে চাকৰিৰ পত্নীয়ে ঘৰুৱা কাম কিয় অকলে কৰিব, কিয় স্বামী-স্ত্রীৰ আচাৰ-ব্যৱহাৰ বা পাৰস্পৰিক শ্রদ্ধা প্রদর্শনত পার্থক্যৰ গোন্ধ থাকিব, নাৰীৰ ঘৰুৱা কামৰ সময় আৰু কর্মৰাজি কিয় ‘টেকেন ফৰ গ্রান্তেদ’ হ’ব ইত্যাদি ‘সৰু সৰু’ কথা। প্ৰচলিত আৰু সুলভ। প্ৰচলিত আৰু সুলভ বাবেই হয়তো আজিও আলোচনা কৰিবলৈ কপিল শৰ্মাৰ ‘চেক্সিষ্ট জ’ক’ এটাতকৈ ৰাজনৈতিকভাৱে ইয়াক আমি বেছি গুৰুত্বপূৰ্ণ বুলি নাভাবোঁ । ‘যুক্তিৰে জীৱন নচলে’- ওচৰৰ জনে মোক ক’ব লগা হয়। আজিও কথাষাৰ বুজি নাপাওঁ; পোন্ধৰ বিশ বছৰৰ আগতে বুজি পোৱাৰ প্রশ্নই নুঠে। ফলত তেতিয়াই ‘পৃথিৱীৰ আটাইতকৈ শক্তিশালী আৰু শ্রেষ্ঠ পিতৃজন’ৰ লগত মতানৈক্য আৰম্ভ হৈ গৈছিল। মতানৈক্য হৈছিল সেইদৰে ‘আটাইতকৈ স্নেহশীলা’ মাতৃৰ লগত, আইতাৰ লগত...। আন দহটা একেবাৰে নর্মেল, শিক্ষিত অসমীয়া মধ্যবিত্ত পৰিয়ালৰ দৰে এটি সাধাৰণ পৰিয়ালত ডাঙৰ হৈছিলো। য’ত ৰাতিপুৱা ল’ৰা ছোৱালীয়ে পাঠ্যপুথি পঢ়ে, চাকৰিয়াল হওক বা নহওক- মাকে ঘূর্ণি বতাহৰ দৰে চাহ-ভাত-বাচন-মজিয়া-কাপোৰ সম্বন্ধীয় কামবোৰ কৰে, চাকৰিয়াল পিতৃয়ে উৰাই ঘূৰাই বাতৰি কাকতখন পঢ়ে আৰু কাৰ্যালয়লৈ যায়। ঘৰুৱা বন কৰা অতিৰিক্ত সহায় নাথাকিলে ৰাতিও প্রায় একেধৰনৰ ছবি থকা ঘৰ এখন। ব্যক্তিগত পৰ্যায়ৰ পৰা কথাখিনি কৈছোঁ বাবে এইখিনিত এটা কথা উল্লেখ কৰিব লাগিব- আমাৰ পিতৃক অৱশ্যে বহু ক্ষেত্রত আৰু বিভিন্ন সময়ত এজন ‘চাপ’ৰ্টিভ’ স্বামী হিচাপেই দেখিছিলো। মাৰ অসুখ হ’লে হাত-ভৰিত নহৰু-তেল মালিচ কৰি দিয়া, দৈনিক ‘ৱাইপাৰে’ৰে ঘৰ মচি দিয়া- দেউতাই এইবোৰ আজিও কৰে। অন্যান্য কিছু পৰিয়ালতো এনেকুৱা উদাহৰণ দেখিছিলোঁ। কিন্তু যিটো বস্তুৱে আমাক খোঁচা-বিন্ধা কৰিছিল, সেইটো হৈছে নিৰ্ভৰশীলতাৰ পার্থক্য। আমি দেখিছিলোঁ- পুৰুষজনৰ অন্য ‘দৰকাৰী’ কাম বা ইচ্ছাই তেঁওৰ এইধৰনৰ ঘৰুৱা কামক যি কোনো সময়ত স্থানাচ্যুত কৰিব পাৰে। অতি স্বাভাৱিক ভাৱে পাৰে। সেয়ে নির্দিষ্ট কিছুমান কাম যে তেঁও কৰিবই- সেই সম্পৰ্কেও আপুনি ১০০% নিশ্চিত হৈ থাকিব নোৱাৰে। অন্য শব্দত ক’বলৈ গ’লে- ঘৰুৱা কাম তেঁওৰ ‘চেৰিটি’হে- ‘ডিউটি’ নহয়। কিন্তু নিয়মীয়া জীৱনত মহিলা এগৰাকীৰ ক্ষেত্ৰত কথাটো ওলোটা। আনকি বহুতো মধ্যবিত্ত পৰিয়ালত পুত্ৰ আৰু কন্যা সন্তানৰ ক্ষেত্ৰতো সেই একেই কথা। আজিও। প্রগতিশীল ডেকাই সৃষ্টিৰ পথাৰখনত নাৰীৰ অৱদান কিয় কম বুলি সুধিলে সেইকাৰণে টিঙিচকৈ খংটো উঠে। এনেবোৰ সৰু সৰু কথাত ঘৰখন বা আশ-পাশক লৈ তেতিয়াও অসন্তুষ্ট আছিলো কাৰণে সেই অসন্তুষ্টিয়ে বাহিৰলে বাট মেলিছিল। কিশোৰী আছিলো তেতিয়া। চৈধ্য-পোন্ধৰ বছৰ। আপোচ কৰিবলৈকো অসন্মত, ‘মাজৰ বাট’ উলিয়াই ল’বলৈও অপাৰগ। হতাশ হ’লেও সেয়ে প্রতিবাদ কৰিছিলোঁ। যি ‘আনফেয়াৰ’ যেন লাগে, যি অযুক্তিকৰ হৈও পীড়াদায়ক যেন লাগে তাৰেই প্রতিবাদ কৰিছিলোঁ। বয়সসন্ধিৰ জটীল সময়ত ছোৱালীক ‘সামাজিক সৰু বিয়া’ত বহোওৱাৰ প্রতিবাদ কৰিছিলোঁ, মাহেকীয়া হোৱাৰ বিভিন্ন নীতি নিয়মৰ বিতু্ষ্ট হৈও প্রতিবাদ কৰিছিলোঁ। এইবোৰ সমল কৰি সেইসময়ত ‘আমাৰ অসম’ কাকতত আত্মকথাৰ দৰে এটি দীঘল, অনভিজ্ঞ লেখাই বন্ধু মহলত মোক ‘নাৰীবাদী’ সজাইছিল। অথচ মামনি ৰয়ছম আৰু নিৰুপমা বৰগোহাঞি বাইদেউৰ ওপৰত বিভিন্ন জনে কোৱা ‘নাৰীবাদী লেখিকা’ মন্তব্যৰ বাহিৰত ‘নাৰীবাদ’ কি বুজিয়ে নাপাওঁ তেতিয়া। [এতিয়াও নাপাওঁ। মানৱীয় মৰ্যাদাৰ বাবে যুঁজা যুঁজক ‘মানৱতাবাদ’ বুলি নকৈ কিয় ‘নাৰীবাদ’ বুলি কোৱা হয় বুজিবলৈ অলপ কষ্ট হয়-] সি কি যি নহওক, মোৰ সৰু পৃথিবীৰ এই ধৰণৰ সৰু সুৰা অভিজ্ঞতাৰ পৰা এই ত্রিশবছৰত বুজি পালোঁ যে-

১/ ‘হ’ব লাগে’ বোৰ কাগজত ছপা হোৱাৰ ক্ষেত্রত ধ্রুৱক, ব্যৱহাৰিক জীৱনত নহয়।

২/ স্থানভেদে হোৱাৰ উপৰিও, মানুহৰ ‘প্রাকৃতিকতা’ আচলতে মানুহভেদে পৃথক হয় আৰু ‘উচিত’ ‘অনুচিত’ বুলি সমাজে বান্ধি দিয়া নিয়মত এক অদৃশ্য মাপকাঠি থাকে। ‘গ্রে এৰিয়া’!

আৰু

৩/ যুক্তিৰে জীৱন নচলে। চলাব খুজিলে তাক বুদ্ধিৰ কৱচো পিন্ধাব জানিব লাগে।

-কিমান শুদ্ধ নাজানোঁ; কিন্তু আমি ভাবোঁ, এই কথা কেইটা যদি ভালদৰে শিকা যায়, ইয়াৰ পৰাই সুচল ‘দৈনন্দিন জীৱনৰ ৰাজনীতি’ৰ বাট।

এতিয়ালৈকে উনুকিওৱা সকলো কথা আমাৰ দৈনন্দিন জীৱনৰ অঙ্গাঙ্গী। একপ্রকাৰ শেলুৱৈ লগা সামাজিক অভ্যাস। পাঠকৰ চকুত পৰক বুলিয়ে আঙুলিয়াই থ’লোঁ। এইকেইটা বিষয়ৰ লগত মানুহৰ পৰিয়াল, আত্মীয়, সম্বন্ধ ইত্যাদি সহজলভ্য কথা কিছুমান জড়িত হৈ থাকে। যিবোৰ হয়তো পূৰ্বানুমান নাইবা পূৰ্বনিৰ্ধাৰণৰ আওতালৈ নাহে। তদুপৰি সম্বন্ধৰ ৰাজনীতিত যুক্তি-বুদ্ধিয়ে ঢুকি পোৱাৰ বাহিৰৰ এক জটিল ৰাসায়নিক সমীকৰণে ক্রিয়া কৰে যিটোৰ সমাধান আমি নিজে এইপৰ্যন্ত উলিয়াব পৰা নাই। সেইবাবেই উক্ত সূক্ষ্ম বিষয়সমুহ পাঠকলৈ এৰি অলপ ফালৰি কাটি আহিব খুজিছোঁ। আলোচনাৰ বাবে আমি বাচনি কৰা এই বিষয়টোও পুৰণা। কিন্তু প্রায় দহ বছৰ আগতে ক’ব খোজা কথা এটাই যদি আজিও প্রকাশৰ বাট বিচাৰিছে, আমি ভাবোঁ- ক’ৰবাত নহয় ক’ৰবাত সি নিশ্চয় প্রাসঙ্গিকতা কঢ়িয়াই আছে।

২০০৫-০৬ চনৰ ‘কটনিয়ান’ প্রকাশৰ সময়ৰ কথা। ছাত্রীবাড়ীৰ দত্তচাৰৰ ডিটিপি চেন্টাৰৰ কামবোৰ প্রায় সম্পন্ন হৈছেগৈ। সমুখত মহাবিদ্যালয় সপ্তাহ- গতিকে খৰখেদা লাগিছে। প্রেছ, ডিটিপি, লে- আউট, আলোচনী পৰিকল্পনা ইত্যাদি সকলো ক্ষেত্রতে লগত থকা গিৰি শঙ্কৰ সিদিনা আমাতকৈ আগতেই ডিটিপি চেন্টাৰ পালেগৈ। আমি গৈ চিধা প্রুফ চোৱাৰ কামতে লাগিলো।

“দাদা এইটো ‘-দিকা’ হ’ব” আৰম্ভনী পৃষ্ঠাতে ধৰিলোঁ অপাৰেটৰজনক।

“কোনটো? সম্পাদকটো? সম্পা-‘দিকা’ লাগে নেকি?”

“অঁ”

“সেইটো সম্পাদিকা-ই দিছিলো। গিৰি দাই আহি ‘সম্পাদক’ কৰি দিলে”, তেঁও ক’লে।

গিৰি শঙ্কৰেও মাত দিলে-

“তই সম্পাদক লিখিবি নে সম্পাদিকা?”

“-দিকা”

“কিয়? আজিকালি জেন্ডাৰ ডিস্ক্রিমিনেটিং ৱৰ্ডবোৰ উঠি গৈছেতো”

“হুঁ...গম পাওঁ”

“তথাপি লিখিবি মানে?”

“ওঁ”

“মোৰ মতে তই সম্পাদক লিখা ভাল হ’ব নেকি... অমুক-হঁতেও সম্পাদক লিখে”

“দেখিছোঁ”

“চাই ল তেন্তে...”

সেইটো বিষয়ত দ্বিতীয় চিন্তা নিদিয়াকৈ যথাসময়ত ‘কটনিয়ান’ প্রকাশ পাইছিল। অপ্রত্যাশিত আছিল যদিও দুই একে সেইটো কথা আঙুলিয়াই দেখুৱালে-

“সৃষ্টি বাই সম্পাদক নিলিখিলে কিয়?”/ “তুমি সম্পাদিকা লিখিলা যে?” ধৰণৰ কথা। যিটো সময়ত কর্মক্ষেত্রত বিষয়-বাবক লৈঙ্গিক পৰিমাপেৰে নির্ণয় কৰাৰ প্রতিবাদত প্রগতিশীল আধুনিক চিন্তাধাৰাৰ লোকসকলে পুৰুষ নাৰী উভয়ৰ বাবে একেই বাবসূচক শব্দ ‘এক্টৰ’ [এক্ট্রেছ গুচাই] বা ‘সভাপতি’ [‘সভানেত্রী’ গুচাই] ইত্যাদিৰে সৰলীকৰণ কৰিছে তেনেস্থলত কটনৰ আলোচনীত ‘সম্পা-‘দিকা’ কিয়?

দহ বছৰ পাৰ হ’ল। সেই পৰিস্থিতৰ বিশেষ পৰিবর্তন নহ’ল। বিষয়টো আমাৰ নজৰত থকা বাবেই ছাগৈ কোনে ক’ত কি ব্যবহাৰ কৰে পটকৈ চকুত পৰে। সেই দিশৰ পৰা এইটো ক্ষেত্রত খুউব বেছি পার্থক্য দেখা নাপালেও এই অনুশীলন অব্যাহত থকা দেখিছোঁ। কর্মক্ষেত্রৰ বিষয়-বাব বা ‘ডেজিগনেশ্যন’ সম্পর্কে আমি দৈন্দিন জীৱনত যি অলপ কথা পাতোঁ তাত ‘পজিশ্যন’ বা ‘পোর্টফলিও’ সম্বন্ধীয় শব্দবোৰ আমি ইংৰাজীতে ব্যৱহাৰ কৰোঁ বাবেও হয়তো অসমীয়া ভাষাত উক্ত পৰিস্থিতিৰ পৰিৱৰ্তনৰ হাৰ আপাত দৃষ্টিত লেহেম যেন লাগে।

একবিংশ শতিকাত আমাৰ অসমীয়া যুৱ সমাজ অতি স্বাধীনমনা, সততাসম্পন্ন আৰু সমতাবিশ্বাসী। আজিৰ পিতৃ-মাতৃয়ে সন্তানৰ ক্ষেত্রত ল’ৰা-ছোৱালী বিচাৰ নকৰে; আজিৰ ল’ৰা-ছোৱালীয়ে সমানে ঘৰ–বাহিৰৰ কাম কৰে। আজি পাকঘৰো নাৰীৰ একচেটিয়া সম্পত্তি হৈ থকা নাই [আশাকৰোঁ ঠাণ্ডা-বাহী ভাতখিনিও এতিয়া আৰু স্নেহৰ নামত নাৰীগৰাকীয়ে ভাগ নকৰাকৈ অকলে খাব লগা নহয়]। এই ধৰণৰ সমতা সমাজখনত আমাৰ প্রজন্মটোৱে দেখিছে যিটো হয়তো অগ্রজসকলেও বৈজ্ঞানিক বুলি মানি লৈছে। দৈনন্দিন জীৱনৰ এনে সৰু সুৰা খুটিনাটিৰ জৰিয়তে সমাজখনৰ এটা বৃহৎ পৰিবর্তন ঘটিছে যিটো সঁচায়ে আদৰণীয়। কিন্তু তাকে কৰোঁতে হয়তো অন্য কোনো কোনো স্থানত আমি অলপ উজুটি খাব খুজিছোঁ। আমি নির্দিষ্টভাৱে উনুকিয়াব খোজা বিষয়টো ভাষিক। কিন্তু এই সমস্যা লৈঙ্গিক সমতা-দাবীৰ গইনা লৈ আহিছে বুলি ভবা বাবে বাৰে বাৰে নাৰীপুৰুষৰ বিভদ/ বৈষম্যৰ উল্লেখ কৰিছোঁ।

নাৰীৰ সংবিধান বা অভিধানৰ সংশোধন-পৰিৱৰ্তনত সাধাৰণতে নাৰীয়েই প্রাথমিক ভূমিকা লয়। ‘এক্ট্রেছ’ গুচাই ‘এক্টৰ’ হ’ব লগা বা ‘সম্পাদিকা’ গুচাই ‘সম্পাদক’ হ’ব লগা প্রস্তাৱো খুব সম্ভৱ নাৰীৰ পৰাই আহিছিল। সমান কর্মদক্ষতাৰ ভিত্তিত সমান কৰ্মমৰ্যাদাৰ দাবীক একেষাৰে সমৰ্থন কৰিও শব্দ সম্ভাৰৰ এই সৰলীকৰণত কিন্তু আমাৰ প্রচণ্ড আপত্তি আছে। প্রথমতেই কওঁ- কোনো লিঙ্গভিত্তিক শব্দই আমাৰ ‘বায়’লজিকেল গঠন’ সলনি কৰিব নোৱাৰে। জন্মসূত্রে ছোৱালী এজনীক ‘হৰেন’ নাম দি ল’ৰা বা ল’ৰা এজনক ‘মৃদুলা’ নাম থৈ ছোৱালী কৰি তুলিব নোৱাৰি। সেইদৰে “আমি সকলো মানুহ” বুলি বহল অৰ্থত স্বীকাৰ কৰি লোৱাটোৱে আমাৰ মানৱীয় প্ৰমূল্যৰ সতে জড়িত কিছুমান সদৃশ বিচাৰ-অনুভূতিক সাঙুৰি ল’লেও প্রকৃতি প্রদত্ত [বা হ’ৰমন প্রদত্ত] প্রাথমিক পার্থক্যখিনি থাকেই। থাকিবই। ইয়াৰ উৰ্ধত অন্য সত্য নাই। এই প্রভেদখিনি সসন্মানে স্বীকাৰ কৰি ল’লেই আচলতে সমাজখন সুচলভাবে চলে। হয়তো আৰম্ভণিতে এনে সন্মান প্রদর্শনেৰেই ব্যৱহাৰিক ক্ষেত্রতো সুবিধা হোৱাৰ মানসিকতাৰে নাৰী-পুৰুষৰ বাবে ভিন্ন ভিন্ন কর্মভিত্তিক বিশেষ্যৰ সংযোজন ঘটিছিল [যিদৰে মানুহৰ দুটা শাখা বুজাবলৈ ‘নৰ’ আৰু ‘নাৰী’ৰ দৰে শব্দবোৰ সংযোজিত হৈছিল] যিটোক এতিয়া ‘বৈষম্য’ৰ অস্ত্রৰূপে গণ্য কৰা হ’ল। আনহাতে কর্মক্ষেত্রৰ ৰাজনীতিৰ দৰাচলতে ডেজিগনেশ্যনসূচক লিঙ্গভিত্তিক শব্দাবলীৰ লগত কোনো সম্পর্ক নাই। নাৰীপুৰুষৰ বৈষম্য ব্যক্তি-মানসিকতাত সলনি নহ’লে এনেধৰণৰ পদক্ষেপ বেমাৰ ভাল হ’বলৈ চোলাক দৰৱ খুওৱাৰ দৰে কথাহে হ’ব। তাৰোপৰি এটা দিশৰ পৰা চাবলৈ গ’লে নাৰীৰ বাবে পৃথক পৃথক বাব-বোধক শব্দবোৰ এখন পুৰুষ প্রধান সমাজত নাৰীৰ বলিষ্ঠ খোজৰ স্বীকৃতি তথা খতিয়ান স্বৰূপহে; তাত ক্ষুন্ন হ’ব লগা নিশ্চয় একো দিশ নাই। কিন্তু তাৰ বিপৰীতে, সকলো একে সামর্থ্যৰ বাবে একে শব্দৰ চিনাকি বিচাৰি সৰলীকৰণ কৰাটোৱে আমাৰ অসমীয়া ভাষাৰ শব্দসম্ভাৰক পিচে দৈন্য কৰি তোলে। আমাৰ চহকী ভাষাটোৰ ফকৰা-যোঁজনা, ডাকৰ বচন ইত্যাদিবোৰ ইতিমধ্যেই অব্যৱহাৰৰ দোষত আমাৰ প্রজন্মই হেৰুৱাব ধৰিছোঁ; তেনেস্থলত তুলনামূলকভাৱে চলতি এনে শব্দবোৰ সজ্ঞানে পৰিত্যাগ কৰোঁ কিয়? সমুখৰ মানুহজনক বয়স বা মর্যাদা অনুসৰি মাথোঁ তই/তুমি/আপুনি মাতোঁতেই আমি তেওঁলোকৰ পাৰস্পৰিক সম্বন্ধৰ বিষয়ে যি আভাস পাওঁ ইংৰাজীৰ দৰে ভাষাৰ ‘ইয়ু’ ৰ পৰা সেই আভাস নাপাওঁ। অর্থাৎ আমাৰ শব্দে শব্দে ব্যঞ্জনা আছে- স্তৰীকৃতভাবে ইমান সমৃদ্ধি আছে এই ভাষাত। যদি ৰান্ধনীগৰাকী নাৰী নে পুৰুষ তাক বুজাবলৈকো অসমীয়া ভাষাত ‘ী-কাৰ’ বা ‘ি’-কাৰৰ উপস্থিতি আছে, আমি ভাবোঁ তাক সৰলীকৰণ কৰাৰ প্রয়োজন নাই। দৈনন্দিন জীৱনতে এইখিনি আয়ত্ত কৰিলে ভাষাটোৱে পাৰস্পৰিক যোগাযোগৰ ব্যৱহাৰিক ক্ষেত্রখন আমাৰ বাবে যিমান সৰল কৰি তুলিব, সৰলীকৃত ভাষাই কিন্তু মুঠেও নকৰে। ফলত উদ্দেশ্য সঠিক হ’লেও ভুল প্রক্রিয়াৰে যদি সমতাৰ বা সৰলীকৰণৰ নামত অসতর্কভাবে আমি এইধৰনৰ শব্দ-বিদায়োৎসৱত ভাগ লওঁ তেন্তে ইতিমধ্যে চহকী ভাষা এটাৰ প্রকাশ ক্ষমতা হ্ৰাস পাবলৈ বেছি দিন নাই। সেয়েহে, গোলকীকৰণৰ বতাহক ‘একাকীকৰণ’ৰ ধুমুহাত পৰিণত নকৰি নিজস্বতাখিনিৰ সতে সন্মিলনৰ মাধ্যম বুলি স্বীকাৰ কৰাতহে আমাৰ মঙ্গল বুলি ভাবোঁ।

Share Button
Print Friendly, PDF & Email

No Comments : "ইটো সিটো বহুতো (সৃষ্টি শ্রেয়ম)"

Leave a Comment

Your email address will not be published. Required fields are marked *