জাতি, মাটি আৰু মুক্তিচেতনা : জাতীয় সংগ্ৰাম আৰু শ্ৰেণী সংগ্ৰাম

মই জাতীয়তাবাদী । অসমক ভাল পাওঁ যেনেকৈ মোৰ আইক মই ভাল পাওঁ ।

মোৰ জাতীয়তাবাদ হ’ল ঔপনিবেশিক শক্তিৰ হাতত নিৰ্যাতিত জাতিৰ জাতীয়তাবাদ ৷ বিশ্বৰ সকলো নিৰ্যাতিত জাতিৰ জাতীয় সংগ্ৰামক মই কেৱল সমৰ্থনেই নকৰো, মৈত্ৰীবন্ধন স্থাপনৰ মাজেৰেই বিশ্ব সাম্ৰাজ্যবাদী শক্তিৰ বিৰূদ্ধে উমৈহতীয়া সংগ্ৰামে নিৰ্যাতিত আৰু নব্য উপনিবেশবাদৰদ্বাৰা পীড়িত জাতি-জাতিসত্তাৰ মুক্তি সম্ভৱ বুলি বিশ্বাস কৰোঁ ৷ সেয়ে আমি আন্তৰ্জাতিকতাবাদকো শ্ৰদ্ধা কৰোঁ ৷ কাৰণ লেনিন-ষ্টেলিনৰ নেতৃত্বত তাহানিতেই কমিউনিষ্ট পাৰ্টিৰ তৃতীয় আন্তৰ্জাতিকত সিদ্ধান্ত কৰা হৈছিল যে নিৰ্যাতিত জাতিৰ মুক্তি সংগ্ৰাম সাম্ৰাজ্যবাদ-বিৰোধী সংগ্ৰামৰ অংশবিশেষ ৷ সেয়া সঠিক বুলি মই মনে-প্ৰাণে বিশ্বাস কৰো । সেয়ে মাৰ্ক্সবাদী দৰ্শন আমাৰ পাথেয় ৷

নিৰ্যাতিত জাতিৰ জাতীয়তাবাদ বা জাতীয় মুক্তিৰ চেতনা অবিহনে অন্য সকলো জাতীয়তাবাদ প্ৰকৃততে পোছাকধাৰী শোষক ৰাষ্ট্ৰৰ প্ৰতিক্ৰিয়াশীল ষড়যন্ত্ৰৰ অংশ, নহয়তো জাতীয় মুক্তিৰ চেতনাক ধ্বংস কৰিবলৈ সংকীৰ্ণ বিভেদবাদ ৷ দুয়ো প্ৰকাৰ জাতীয়তাবাদক একাকাৰ কৰি জাতীয় সংগ্ৰাম ধ্বংস কৰাৰ চক্ৰান্তত লিপ্ত এচাম নব্য মাৰ্ক্সবাদীও নতুনকৈ ওলাইছে ৷
নিৰ্যাতিত জাতিৰ জাতীয়তাবাদৰ মিত্ৰ শ্ৰমজীৱী জনতা আৰু দ্বিতীয় শ্ৰেণীৰ জাতীয়তাবাদৰ মিত্ৰ ৰাষ্ট্ৰৰ ঔপনিবেশিক পুঁজি ভোগ কৰি জীয়াই থকা ধনিক-মধ্যবিত্ত শ্ৰেণী ৷ যিসকলে নিজৰ স্বাৰ্থত জাতীয়তাবাদৰ ৰাজনীতি কৰে আৰু শোষক ৰাষ্ট্ৰবাদৰ সৈতেও সনা-পিটিকা কৰে ৷ নিৰ্যাতিত জাতিৰ জাতীয় চেতনাৰ ধাৰাই অসমীয়া জাতীয়তাবাদৰ সেইটো ধাৰাক সমৰ্থন নকৰে যিটো ধাৰাই অসমীয়া ভাষা আন জনগোষ্ঠীৰ ওপৰত জাপি দিব খোজে বা যাৰ সকলো চেতনা নিয়ন্ত্ৰণ কৰে আৰ্যবাদী ভাৰতীয় দৃষ্টিভংগীয়ে ৷ আনপ্ৰকাৰ জাতীয়তাবাদ গণমুক্তিৰ চেতনাৰে বিকশমান,যিয়ে প্ৰত্যেকটো জাতি-জনগোষ্ঠীৰ সম অধিকাৰ আৰু সমমৰ্যাদাৰ সমৰ্থক ৷

এইটো সত্য যে যদিও ঐতিহাসিকভাৱে অসম ভাৰতৰ অংগ নাছিল, কিন্তু ভাৰতৰ দীৰ্ঘকাল শাসন আৰু সৰ্বভাৰতীয় প্ৰচাৰে মানুহক বহু পৰিমাণে ভাৰতীয় কৰি পেলাইছে । সৰ্বভাৰতীয় প্ৰচাৰত অসমৰ স্বতন্ত্ৰ ইতিহাস ম্লান হৈ পৰিছে আৰু হোৱাটো স্বাভাৱিক। এই কথা এতিয়া বেছিভাগ অসমীয়াই নাজানে যে ইয়াণ্ডাবু সন্ধি আহোম ৰজাই কৰা নাছিল। ইংৰাজ আৰু আভা ৰজা (মান)ৰ সৈতেহে হৈছিল। অসমৰ শাসন আহোম স্বৰ্গদেউৰ হাতত গতাই দিয়াৰ ভুৱা প্ৰতিশ্ৰুতিৰেহে ইংৰাজে অসম দখল কৰি ভাৰতৰ সৈতে চামিল কৰিছিল। ভাৰত স্বাধীনতা আইনৰ ১৯৪৭ৰ জৰিয়তে দেশ বিভাজনৰ নিৰ্দেশ আছিল আৰু কংগ্ৰেছ ৱৰ্কিং কমিটিৰ লগতে জৱাহৰলাল নেহৰু,জিন্না আৰু মাউন্টবেটেনৰ তত্পৰতাত অসমক পূব পাকিস্তানৰ সৈতে চামিল কৰাৰ সিদ্ধান্ত হৈছিল । অন্য উত্তৰ-পূবৰ ৰাজ্যবোৰ যেনে ত্ৰিপুৰা,মণিপুৰ আদি ১৯৪৯ চনতহে ভাৰতীয় ইউনিয়নৰ সৈতে চামিল হৈছিল । অধিকাংশই যড়যন্ত্ৰমূলক আছিল। নাগালেণ্ডক ১০ বছৰৰ কাৰণে নগা ঐক্য স্থাপনৰ পিছত স্বাধীনতা অৰ্পণ কৰাৰ চুক্তি কৰিহে ভাৰতৰ অধীনলৈ আনিছিল।

স্বাধীনতাৰ আগতেই অম্বিকাগিৰি ৰায়চৌধুৰী,জ্ঞাননাথ বৰা,মহেন্দ্ৰনাথ ডেকাফুকন আদিয়ে অসমৰ বাবে পৃথক শাসন দাবী কৰি গুৱাহাটীত বিশাল সমাবেশ কৰিছিল । অসমৰ স্বতন্ত্ৰতাৰ দাবীত জাতীয় মহাসভাৰ জন্ম দি জাতীয় কংগ্ৰেছৰ সমান্তৰাল শক্তি হিচাপে পৰিগণিত হৈছিল ।

আগতেই কওঁ, ভাৰতীয় বাঁও দলবোৰে এইবোৰ প্ৰসংগ সমৰ্থন নকৰে । জাতীয় মুক্তিৰ চেতনা এক অস্পৃশ্য বিষয় তেওঁলোকৰ বাবে ৷ তাতেই তেওঁলোকৰ সৈতে মোৰ আদৰ্শগত বিৰোধ । নগা বিদ্ৰোহী নেতা আংগামী জাপো ফিজোৱে আৰ চি পি আইৰ বিষ্ণু ৰাভাক এটা শিবিৰত লগ কৰি ভাৰতৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ প্ৰস্তাৱ ৰাভাদেৱে নাকচ নকৰাহেঁতেন অসমৰ আজিৰ ছবিখনেই সলনি হৈ গ’লহেঁতেন হয়তো। বিষ্ণু ৰাভাদেৱে সঠিক সিদ্ধান্ত লৈছিল নে ভুল সিদ্ধান্ত সেয়া মোৰ বক্তব্যৰ উদ্দেশ্য নহয় । কিন্তু বিপ্লৱী কমিউনিষ্ট পাৰ্টি যে ভাৰতীয় দলহে আৰু আৰু নিজকে ভাৰতৰ সৈতে একাত্ম অনুভৱ কৰে সেয়াই তাৰ প্ৰমাণ।

নিৰ্যাতিত জাতিৰ জাতীয়তাবাদৰ সৈতে মাৰ্ক্সবাদৰ কোনো দ্বন্দ্ব নাই, সেই কথা ভাৰতীয় বাঁও দলবোৰেও মানি নলয় আৰু অসমৰ তথাকথিত জাতীয়তাবাদীসকলেও মানি নলয়। ভাৰতীয় বাঁওসকলৰ মতে জাতীয়তাবাদ শ্ৰমিক ঐক্যৰ বিৰোধী । অসম বা উত্তৰ-পূবৰ নিৰ্যাতিত জাতিৰ জাতীয় মুক্তিৰ চেতনাক তেওঁলোকে সমৰ্থন নকৰে ঠিকেই, কিন্তু কিউবা-বলিভিয়া বা পেলেষ্টাইনৰ জাতীয় মুক্তি সংগ্ৰামৰ সমৰ্থন কৰিবলৈ উঠি-পৰি লাগে ৷ কাৰণ এইসকল হ’ল সৰ্বভাৰতীয়বাদী বাঁওপন্থী ৷

মই ভাবো, এই ধাৰণাৰ বাবে দায়ী সৰ্বভাৰতীয়বোধ,অসমৰ স্বতন্ত্ৰ ইতিহাসক অস্বীকাৰ বা বুজিব নোখোজাৰ মানসিকতা। আনফালে, জাতীয়তাবাদে যাতে সাম্ৰাজ্যবাদ-বিৰোধী শক্তিলৈ উত্তৰণ ঘটিব নোৱাৰে তাৰ বাবে ৰাষ্ট্ৰৰদ্বাৰা নিযুক্ত কিছুমানক জাতীয়তাবাদী শিবিৰলৈ কৌশলেৰে সুমুৱাই দিয়া আৰু ব্লেক প্ৰপাগাণ্ডাৰে জনমানসত পৰিকল্পিত মাৰ্ক্সবাদ-বিৰোধী ধাৰণাৰ বিকাশ সাধন কৰা ৰাষ্ট্ৰৰ কৌশল। কাৰণ মাৰ্ক্সবাদেই হ’ল সাম্ৰাজ্যবাদৰ বিৰূদ্ধে সংগ্ৰামৰ আদিপাঠ ৷

ভাৰতত স্বাধীনতাৰ আগৰেপৰা ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ নেতৃত্বত জনগণৰ অৰ্থনৈতিক স্বাধীনতাৰ বাবে সশস্ত্ৰ সংগ্ৰাম চলি আহিছিল। নেহৰুৰ নেতৃত্বত বিশ্বত ভাৰতৰ সমাজবাদী ফোফোৱনি আৰু স্বাধীন ভাৰতত সশস্ত্ৰ সংগ্ৰামে নতুনকৈ ছোভিয়েট-ভাৰত সম্পৰ্ক অৱনতি হ’ব পাৰে বুলি, কাৰণ ছোভিয়েটৰ সমৰ্থনত ভাৰতত সমাজবাদ প্ৰতিষ্ঠা হোৱাৰ সপোন দেখি ভাৰতৰ কমিউনিষ্ট পাৰ্টিয়ে সংসদীয় পথ গ্ৰহণ কৰে। তেতিয়াই দলটো দুটা ভাগত বিভক্ত হয়। এই সিদ্ধান্ত এচামে হঠকাৰী বুলি ধৰি লৈ উগ্ৰ বাঁওপন্থীসকলে সংগ্ৰাম চলাই যায় । কানু সান্যাল,চাৰু মজুমদাৰ আদিয়ে ১৯৬৭ চনত চীনৰ পথেৰে জনগণৰ মুক্তি সম্ভৱ বুলি আৰু ভাৰত-চীন যুদ্ধ সমাজবাদ-পুঁজিবাদৰ যুদ্ধ বুলি অভিযোগ কৰি ‘চীনৰ চেয়াৰমেন আমাৰ চেয়াৰমেন’ ধ্বনি দিয়ে । ১৯৬২ চনত যুদ্ধত চীনক সমৰ্থন কৰা বুলি দেশদ্ৰোহিতাৰ অভিযোগ আনি এই গোটটোৰ সৈতে ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ বহু সদস্যক বিনা বিচাৰে জে’লত থয় । কিন্তু দোষী সাব্যস্ত নহয় বাবে আদালতে পিছলৈ ৰেহাই দিয়ে। চীনৰ ৰাজনৈতিক মতবাদৰ সৈতে সহমৰ্মিতা প্ৰকাশ কৰা এক আদৰ্শগত বিষয়হে। ৰাষ্ট্ৰৰ বাবে সেয়া দেশদ্ৰোহিতা হ’বই পাৰে , কিন্তু জনগণৰ বাবে নহয়, যি জনগণ ৰাষ্ট্ৰ ব্যৱস্থাৰ অৱদমন-শোষণ-নিৰ্যাতনৰ বলি ।

চীন-ভাৰত যুদ্ধৰ আঁৰৰ প্ৰকৃত ছবিখন এতিয়াহে ওলাইছে । ইমানদিনে যে কংগ্ৰেছ চৰকাৰে আভুৱা ভাঁৰি আছিল সেয়া প্ৰমাণিত হৈছে । নেহৰুৰ এফালে সমাজবাদ-গোষ্ঠী নিৰপেক্ষতাৰ ধ্বনি, আনফালে সাম্ৰাজ্যবাদী ফৰৱাৰ্ড পলিচিয়েই যে ভাৰত-চীন সংঘাতৰ মূল কাৰণ সেয়া এতিয়া সকলোৱেই জনা হ’ল। ১৯৪৭ চনৰ মাজনিশা কোনেও নজনাকৈ ব্ৰিটিছৰ সৈতে গোপন চৰ্তত ক্ষমতা হস্তান্তৰৰ চুক্তি কৰা নেহৰু-জিন্নাসকল দেশপ্ৰমিক হৈ ৰ’ল আৰু জনতাৰ অৰ্থনৈতিক মুক্তিৰ সপোন দেখা বাঁও দলবোৰ দেশদ্ৰোহী হৈ ৰ’ল ।আজিৰ তাৰিখত বাঁও দলবোৰৰ ওপৰত সেই অভিযোগৰো কোনো মূল্য নাই । কাৰণ সকলো বাঁও দলেই এতিয়া সংসদীয় পথ গ্ৰহণ কৰি ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাৰ অংগ হৈ পৰিছে। সত্তৰৰ দশকৰ সেই তেজ নাই,‘চীনৰ চেয়াৰমেন আমাৰ চেয়াৰমেন’ বোলা সেই মানসিকতাও নাই। তেওঁলোকে এতিয়া আৰু বিপ্লৱৰ কথা নকয়, সংসদৰ মাজেৰেই সমাজবাদ স্থাপনৰ সপোন দেখে। মাওবাদীসকলো তেওঁলোকৰ শত্ৰুহে, মিত্ৰ নহয়।

এতিয়া আহো, আমাৰ অসমীয়াৰ বাবে দেশদ্ৰোহী কোন? ১৯৭১ চনক বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ হ’ব লাগে বুলি বাঁও দলবোৰে কৈছিল বাবে,বিদেশী বাংলাদেশী বিতাড়নৰ নামত থলুৱা অসমীয়া মুছলমানৰো ঘৰ পুৰিবলৈ যোৱা এচাম আৱেগিক জাতীয়তাবাদীৰ খাটাত নাম নেলেখা বাবে বাঁওপন্থী বহুতকে কালী মন্দিৰত গোসাঁনীৰ আগত বলি দিয়া হৈছিল। কিন্তু বিদেশী কেইজন খেদিলে? এই সমস্যাটোৰ সমাধান আৱেগিকভাৱে হ’ব জানো? বিদেশী বিতাড়নৰ নামত জাতীয়তাবাদী আৰু হিন্দুত্ববাদী একেলগ হৈছিল। যদিও সেই উদ্দেশ্য অসম আন্দোলনত জড়িত সাধাৰণ অসমীয়াৰ নাছিল। বিদেশী বিতাড়ন এটি জটিল বিষয়। ১৯৩৫ চনৰপৰাই এই বিষয়টোৱে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখন উত্তপ্ত কৰি ৰাখিছে। তাৰ বাবে দায়ী কিন্তু ভাৰত চৰকাৰহে। ব্ৰিটিছে সেই পুলিটো ৰুই গৈছিল।
বাঁও দলবোৰে সেই কথা উপলব্ধি কৰিব নোৱাৰিলে আৰু সেই কাৰণে জনগণৰ আন্দোলনক নেতৃত্ব দিয়াত ব্যৰ্থ হ’ল। কিন্তু আন্দোলনত নিৰ্যাতিত সংখ্যালঘুৰ কাষত থিয় দিয়া বাবে তেওঁলোকক দোষী কৰাও অযুক্তিকৰ । তেতিয়া ষড়যন্ত্ৰমূলকভাৱে বাঁওবিৰোধী এক প্ৰচাৰ চলোৱা বুলি বহুতে সন্দেহ কৰে। চীন সীমান্তৰ বাবে অসম এক ৰণনৈতিক ক্ষেত্ৰ ভাৰতৰ বাবে। প্ৰকৃততে ভৱিষ্যতে বাঁও ভাবধাৰাক বাধা দিয়া (অসমত কৃষক আন্দোলনৰ ইতিহাস),অসমৰ জাতীয় জীৱনক বিভক্ত কৰা আৰু অসমত যাতে নগা-মিজোসকলৰ দৰে স্বাধীনতাৰ বাবে সংগ্ৰামে মূৰ দাঙি নুঠে তাৰ বাবে,জনগণৰ প্ৰকৃত জাতীয়তাবাদী ধাৰাৰ জন্ম নহয়, তাৰ বাবেই অসম আন্দোলনক বিপথে পৰিচালিত কৰা হৈছিল।
অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে সম্পদৰ ওপৰত অধিকাৰৰ বাবে যি সময়ত বাঁও ভাবধাৰাৰ দলৰ প্ৰয়োজন আছিল, তেতিয়া কিন্তু বাঁও দলবোৰে সঠিক সময়ত সেই পথ বা নেতৃত্ব ল’ব নোৱাৰিলে বা হয়তো নোৱাৰিবও কাহানিও । কাৰণ তেওঁলোক আৰ্যবাদী সৰ্বভাৰতীয় ৷
সেই কাৰণতেই মই ভাৰতীয় বাঁও দলৰ সমৰ্থন নকৰো,যদিও তেওঁলোকৰ সাম্ৰাজ্যবাদ-বিৰোধী অৱস্থানৰ সৈতে মই সহমত প্ৰকাশ কৰো ।
আজি মানুহে এক প্ৰকৃত জাতীয়তাবাদী পথ বিচাৰে। যি জাতীয়তাবাদী পথে শ্ৰমজীৱী অসমৰ সমাজখনক ঐক্যবদ্ধভাৱে প্ৰতিনিধিত্ব কৰিব পাৰে আৰু তাৰ চৰিত্ৰ সাম্ৰাজ্যবাদ-বিৰোধী হয়। নিৰ্যাতিত জাতিৰ কাৰণে জাতীয়তাবাদেই প্ৰধান অস্ত্ৰ । এয়াই নিৰ্যাতিত জাতিৰ জনগণৰ প্ৰকৃত আৰু সুস্থ জাতীয়তাবাদ ৷ জাতিৰ মুক্তিৰ চেতনাৰ সৈতে আন্তৰ্জাতিকতাবাদক আঁকোৱালি লোৱা এই জাতীয়তাবাদেই শ্ৰমজীৱী জনতাৰ শক্তি ৷

আন্তৰ্জাতিকতাবাদক উপেক্ষা কৰা যিকোনো মতাদৰ্শই যিদৰে সংকীৰ্ণ আৰু প্ৰতিক্ৰিয়াশীল, তেনেকৈ জাতীয় মুক্তিৰ ন্যায্যতাক উপেক্ষা কৰি শোষক ৰাষ্ট্ৰক মহিমামণ্ডিত কৰা বাঁওবাদো প্ৰতিক্ৰিয়াশীল ৷ তেনেকৈ সাম্ৰাজ্যবাদ আৰু ঔপনিবেশিকতাবাদৰ তৈলমৰ্দন কৰা জাতীয়তাবাদো প্ৰতিক্ৰিয়াশীল ৷

এইক্ষেত্ৰত ভূপেন হাজৰিকাৰ চেতনা এক আদৰ্শ হ’ব পাৰে ৷ গণনাট্যৰ আদৰ্শত জন্ম ভূপেন হাজৰিকাই আন্তৰ্জাতিকতাৰ গীতো গাইছিল আৰু একেলগে স্বদেশৰ মুক্তিৰ গীতো গাইছিল ৷ কাৰণ তেওঁ জানিছিল,প্ৰকৃত জাতীয়তাবাদ আৰু প্ৰকৃত গণ আদৰ্শ এয়াই ৷ যি আদৰ্শ আছিল জ্যোতিপ্ৰসাদ-বিষ্ণু ৰাভাৰ ৷ সেয়ে ভূপেনদাই যিদৰে পল ৰবছনৰ সুৰত আন্তৰ্জাতিকতাবাদৰ গীত গাইছিল তেনেকৈ গাব পাৰিছিল জাতীয়তাবাদৰ গীতো,
"আই মই বংগৰ সীমাত ঘৰ সাজিছো
শতৰুৰ চাম ৰেহৰূপ ৷"
বা গাইছিল ,
আকৌ শৰাইঘাটৰ গীত ৷

সৰ্বভাৰতীয় ধাৰণাৰ ভাৰতীয় বাঁও দলবোৰৰপৰা আমি জাতিটোৰ স্বতন্ত্ৰতাৰ কাৰণে বা হিন্দুস্থানী আধিপত্যবাদৰপৰা মুক্ত হোৱাৰ আশা নিশ্চয়কৈ কৰিব নোৱাৰো । অন্য সৰ্বভাৰতীয় দলবোৰেও সেই আশা পূৰণ কৰিব নোৱাৰে,যিমানে তালফাল নকৰক কিয়। কিন্তু ভাৰত ৰাষ্ট্ৰৰ প্ৰপাডাণ্ডাৰ সৈতে সুৰ মিলাই আমি সাম্ৰাজ্যবাদ-বিৰোধী দুৰ্নীতি-বিৰোধী বাঁওসকলক দেশদ্ৰোহী বুলি নাকচ কৰিম নেকি? মাণিক সৰকাৰৰ দৰে দৰিদ্ৰ মুখ্যমন্ত্ৰীতকৈ বিদেশত ক’লাধনৰ পাহাৰ গঢ়া নেতাবোৰক,বণিক গোষ্ঠীৰ আঙুলিৰ ঠাঁৰত নচাসকলক অধিক দেশপ্ৰমিক হ’বলৈ দিম নেকি? সাধাৰণ জনতাৰ বাবে সৰ্বভাৰতীয় পৰ্যায়ক যিহেতু উপেক্ষা কৰা সম্ভৱ নহয়,মই ভাবো কংগ্ৰেছ-বিজেপিতকৈ বাঁওপন্থী দলবোৰক ভোট দিয়াই শ্ৰেয়,অন্তত বিদেশৰ হাতত দেশখন বিক্ৰী কৰাত বাধা দিব পাৰিব।

অসমত এতিয়া দুতৰপীয়া সংগ্ৰামৰ প্ৰয়োজন জাতীয় অস্তিত্ব ৰক্ষাৰ বাবে। (১) জাতিৰ স্বঅধিকাৰ প্ৰাপ্তিৰ বাবে ঐক্যবদ্ধ সংগ্ৰাম । (২) সংসদৰ মজিয়াত বহুজাতিক বণিক গোষ্ঠীৰ হাতোৰাৰপৰা জনগণক ৰক্ষাৰ বাবে সংগ্ৰাম। এই দুতৰপীয়া সংগ্ৰামৰ প্ৰতি লক্ষ্য ৰাখিয়েই অসমীয়াই আগন্তুক লোকসভা নিৰ্বাচনত সিদ্ধান্ত লোৱা উচিত। বাঁও দলবোৰেও পুনৰ চিন্তা কৰা উচিত ৷ নিৰ্যাতিত জাতিৰ সংগ্ৰামক সমৰ্থন আৰু সহমৰ্মিতা প্ৰকাশ কৰিব নোৱাৰিলে তেওঁলোক কেৱল এটা বিচ্ছিন্ন সৰ্বভাৰতীয় ৰাজনৈতিক দল হৈয়েই ৰৈ যাব অসমৰ জনগণৰ মাজত ৷ জাতীয়তাবাদকো চৰকাৰী আৰু কৰ্প’ৰেট প্ৰপাগাণ্ডাৰ পৰা আঁতৰত থাকিব নোৱাৰিলে আমি সদায় টুপী পিন্ধিয়েই থাকিব লাগিব । বাঁওবাদ আৰু জাতীয়তাবাদৰ ওপৰত এটা সুস্থ ধাৰণাইহে সচেতনসকলক সঠিক সিদ্ধান্ত লোৱাত সহায় কৰিব ৷

 

 ~ৰক্তিম শৰ্মা

Share Button
Print Friendly, PDF & Email

No Comments : "জাতি, মাটি আৰু মুক্তিচেতনা : জাতীয় সংগ্ৰাম আৰু শ্ৰেণী সংগ্ৰাম"

Leave a Comment

Your email address will not be published. Required fields are marked *