‘গালিবৰ শ্বেৰ’ আৰু ‘দুশ্বম্বেৰ মিনাৰ’ৰ সন্ধানত

মই লুইতৰপৰা মিছিছিপি হৈ ভলগাৰ ৰূপ চালোঁ, 
টোৱাৰপৰা অষ্ট্ৰিয়া হৈ পেৰিছ সাবটি ল'লোঁ; 
মই ইলোৰাৰপৰা পুৰণি ৰহ চিকাগ'লে কঢ়িয়ালোঁ, 
গালিবৰ শ্বেৰ দুশ্বম্বেৰ মিনাৰত শুনা পালোঁ৷

তাজিকিস্তানৰ দুশ্বম্বে চহৰত গালিবৰ শ্বেৰৰ (গজলৰ) গুঞ্জন! অক্লান্ত যাযাবৰ ভূপেন হাজৰিকাই দুশ্বম্বে চহৰৰ মিনাৰত এনেকুৱা কি আৱিষ্কাৰ কৰিছিলে যে তাত তেওঁ গালিবৰ অমৰ শ্বেৰ শুনিবলৈ পাইছিলে! গভীৰ অৰ্থবহনকাৰী গীতটিৰ গালিবৰ শ্বেৰ দুশ্বম্বেৰ মিনাৰত শুনা পালোঁ পংক্তিটোৱে মনত সদায় তীব্ৰ কৌতূহল জগাই আহিছে। গীতটি বাজি থাকিলে এই পংক্তিটোত সদায় বিশেষভাৱে আজিও মনোযোগ দিওঁ। প্ৰতিবাৰেই অৰ্থ উলিয়াবলৈ চেষ্টা কৰোঁ - ‘গালিবৰ শ্বেৰ’আৰু ‘দুশ্বম্বেৰ মিনাৰ’ৰ মাজত।

দুশ্বম্বে হৈছে তাজিকিস্তানৰ ৰাজধানী চহৰ। এসময়ত আছিল এটা তেনেই সাধাৰণ গাঁও৷ তাজিক ভাষাত দুশ্বম্বেৰ অৰ্থ হৈছে ‘সোমবাৰ’। একালত গাঁওখনত সোমবৰীয়া বজাৰ বহিছিল। সেই সোমবৰীয়া বজাৰৰ নামেৰেই ঠাইখনৰ নাম হৈ পৰিছিল দুশ্বম্বে বজাৰ। পাহাৰ-পৰ্বতেৰে ভৰা দেশ তাজিকিস্তান। অৱধাৰিতভাৱে দুশ্বম্বে ঠাইখনো পাহাৰেৰে আৱৰা এখন মনোৰম নৈসৰ্গিক ঠাই। বিশ্ববিশ্ৰুত গজলকাৰ, উদাৰবাদী ছুফি সাধক মিৰ্জা গালিবৰ পূৰ্বজ ভাৰতবৰ্ষলৈ আহিছিল সেই তাজিকিস্তানৰে সীমামূৰীয়া দেশ উজবেকিস্তানৰপৰা। উজবেকিস্তান হৈছে দুশ্বম্বেৰ (তাজিকিস্তানৰ) গাতে গা লাগি থকা দেশ। ‘মই এটি যাযাবৰ’গীতটিৰ ৰচনা কালত (১৯৬৮) এই পৃথক দেশদুখন একেখন দেশৰে অন্তৰ্গত আছিল। অৰ্থাৎ ছোভিয়েট যুক্তৰাষ্ট্ৰৰ অন্তৰ্গত আছিল৷

১৯৬৭ চনৰ দহ অক্টোবৰৰ দিনাখন পোলেণ্ডৰ কোনো এক ঠাইত বহি ড° ভূপেন হাজৰিকাই লিখিছিল – “কালি নিশা মস্কোৰপৰা জেট এখনত উৰি আহিছোঁ। কাইলৈ কানচাৰ্ট চাই,চহৰৰ আন সাংস্কৃতিক সংস্থাবোৰৰ সৈতে আলোচনা কৰি ৰাছিয়াৰ সিটো মূৰলৈ উৰি যামগৈ। ক’লৈ? তাছখণ্ডলৈ। মনত পৰিছে,লালবাহাদুৰ শাস্ত্ৰীৰ কথা। তেওঁ ক’ত শেষ নিশ্বাস পেলালে,চামগৈ নিজ চকুৰে। ভালো লাগিছে। আঙ্গুৰ খাই ছমৰখণ্ড বোখ্‌ৰা হাফিজৰ দেশত ঘূৰি ফুৰিমগৈ”। (উৎস : ‘ভলগাৰ দেশলৈ আকৌ এবাৰ’, অসম বাণী, ৩ নৱেম্বৰ, ১৯৬৭,ভূপেন হাজৰিকাৰ ৰচনাৱলী) ছমৰখণ্ড হৈছে তাছখণ্ডৰ পিছতে উজবেকিস্তানৰ দ্বিতীয় বৃহত্তম চহৰ। ছোভিয়েট ৰাছিয়াৰ শাসনকালত ছমৰখণ্ড, তাছখণ্ড, দুশ্বম্বে আদি চহৰবোৰ একেখন ৰাজনৈতিক ভূ-খণ্ডৰে অন্তৰ্গত আছিল। এয়া বিশেষভাৱে মন কৰিবলগীয়া যে – ড° হাজৰিকা মধ্য এছিয়ালৈ যোৱাৰ ছয় বছৰ পূৰ্বলৈ;অৰ্থাৎ ১৯৩১ৰপৰা ১৯৬১ চনলৈ তেতিয়াৰ ছোভিয়েট ৰাছিয়াৰ অন্তৰ্গত চহৰ দুশ্বম্বেৰ নাম আছিল স্তেলিনাবাদ। আজীৱন বিশ্ব-ভাতৃত্বৰ স্বপ্ন দেখা যিজন সুধাকন্ঠই লুইতৰপৰা মিছিছিপি হৈ ভলগাৰ ৰূপ চাব পাৰে,অটোৱাৰপৰা অষ্ট্রিয়া হৈ পেৰিছ সাবটি ল'ব পাৰে;যিজন বিশ্বজনীন শিল্পকাৰে ইলোৰাৰপৰা পুৰণি ৰহণ আধুনিকতাৰ পীঠস্থান চিকাগোলৈ কঢ়িয়াই নিব পাৰে; যিজন মানৱদৰদী স্বপ্নদ্ৰষ্টাই সাম্ৰাজ্যবাদ-বিৰোধী আমেৰিকান লিখক মাৰ্ক টোৱেইনৰ সমাধিত বহি সমাজতন্ত্ৰৰ পোষক ছোভিয়েট লিখক-ৰাজনীতিক মেক্সিম গৰ্কিৰ কথা ক'ব পাৰে - তেনে লক্ষ্যসম্পন্ন যাযাবৰীৰ বাবে দুশ্বম্বেৰ মিনাৰত ছুফিবাদী উম্মাদ কবি গালিবৰ শ্বেৰ শুনা জানো আচৰিত কথা হ'ব পাৰে!

উল্লেখযোগ্য যে ‘মই এটি যাযাবৰ’ গীতটিৰগালিবৰ শ্বেৰ দুশ্বম্বেৰ  মিনাৰত শুনা পালোঁ’ পংক্তিটিৰ  বাংলা সংস্কৰণত  'দুশ্বম্বে'ৰ ঠাইত 'তাছখণ্ড' কৰি গীতটি লিখা হৈছে এইদৰে—আমি গালিবেৰ শ্বেৰ তাছখণ্ডেৰ মিনাৰে বসে শুনেছি। তাছখণ্ড হৈছে উজবেকিস্তানৰ ৰাজধানী চহৰ। দুশ্বম্বেৰ ঠাইত তাছখণ্ড কৰাৰ কাৰণটো হয়তো ভাৰত-পাক যুদ্ধৰ পাছত হোৱা বিখ্যাত তাছখণ্ড চুক্তি,১৯৬৬। কাশ্মীৰক কেন্দ্ৰ কৰি ১৯৬৫ৰ ভাৰত-পাক যুদ্ধত পাকিস্তান বেয়াকৈ হৰাৰ পাছত ৰাছিয়াৰ হস্তক্ষেপত তেতিয়াৰ ছোভিয়েট যুক্তৰাষ্ট্ৰৰ অন্তৰ্গত তাছখণ্ডত ১৯৬৬ চনত যি চুক্তি হৈছিল,তাৰপৰাই ভাৰতবৰ্ষত তাছখণ্ড বিখ্যাত হৈ পৰিছিল। আনহাতে, সেই চুক্তি সম্পন্ন কৰাৰ নিশা তেতিয়াৰ প্ৰধানমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীৰো তাতেই আকস্মিক মৃত্যু ঘটিছিল! তাছখণ্ডৰ ঐতিহাসিক গুৰুত্ব বুজিয়ে হয়তো পিছলৈ বাংলালৈ তৰ্জমা কৰা এই গীতটিত,দুশ্বম্বেৰ ঠাইত তাছখণ্ড সংযোজন কৰা হৈছিল। তাছখণ্ড আৰু দুশ্বম্বেৰ মাজৰ দূৰত্ব মাথোঁ চাৰে চাৰিশ কিলোমিটাৰ হোৱাৰ উপৰিও সেই সময়ত এই দুই চহৰ একে ৰাজনৈতিক ভূখণ্ডৰে অন্তৰ্গত আছিল। গতিকে গীতটিত 'দুশ্বম্বে'গৈ 'তাছখণ্ড'হ'লেও আমাৰ বাবে অৰ্থ কিন্তু প্ৰায় একেই।

গীতটিৰ বাংলা সংস্কৰণৰ আন এটি দিশ মন কৰিবলগীয়া। মূল গীতৰ – বহু যাযাবৰ লক্ষ্যবিহীন মোৰ পিছে আছে পণ, ৰঙৰ খনি যতেই দেখিছোঁ ভগাই দিয়াৰ মনবাংলালৈ অনূদিত হওঁতে দ্বিতীয় অংশছোৱা হৈ গ’ল – ৰঙেৰ খনি যেখানে দেখেছি,ৰাঙিয়ে নিয়েছি মন। ৰং ভগাই ভগাই দিহিঙে-দিপাঙে ঘূৰি ফুৰা যাযাবৰগৰাকী অসমৰপৰা আঁতৰি গৈ হঠাৎ কেনেকৈ নিজেই সেই ৰঙত ৰঙীন হোৱাৰ গীত গাব পাৰিলে ভাবিলে অলপ আচৰিত  লাগে। এয়া ঠিক যে গীতটি শিৱদাশ বন্দোপাধ্যায়ে বাংলালৈ তৰ্জমা কৰা গীতহে। কিন্তু গীতৰ মূল ৰচক ড° হাজৰিকাৰ অজ্ঞাতেতো পংক্তিবোৰ সলাব নোৱাৰে!তাকো সম্পূৰ্ণ বিপৰীত অৰ্থ প্ৰকাশ কৰাকৈ। হাজৰিকাৰ দৰে সচেতন শব্দশিল্পী এজনে সেয়া লক্ষ্য নাই কৰা সেয়াওতো হ’ব নোৱাৰে। বহু দেশে দেশে গৃহদাহ দেখি চিন্তিত হওঁ  বৰ, মনৰ মানুহ বহুতেই দেখোঁ ঘৰতে হৈছে পৰপংক্তি দুটি সলনি হৈ হ’লগৈ –প্রেমহীন ভালবাসা দেশে দেশে ভেঙেছে সুখেৰ ঘৰ,পথেৰ মানুষ আপন হয়েছে, আপন হয়েছে পৰ। মই লুইতৰপৰা মিছিছিপি হৈ ভলগাৰ ৰূপ চালোঁ- পংক্তিটোতো ‘লুইত’ৰ ঠাইত ‘গংগা’ কৰা হ’ল। কবিগুৰুৱে ‘জন-গণ-মন’ত লুইতক বাদ দিয়াৰ দৰে শিৱদাশ বন্দোপাধ্যায়েও যেন বাদ দিলে লুইতক – তাকো অসমপ্ৰাণ সুধাকণ্ঠৰ নিজৰ গীতত। বিশ্বাস কৰিবলৈয়ে টান লাগে। যি নহওক,কিছু শাব্দিক পৰিৱৰ্তন হ’লেও এয়া অনস্বীকাৰ্য যে নিজৰ ঠাইত বাংলা গীতটিও শুনিবলৈ অতি সুমধুৰ। গীতটিৰ মূল ভাবাৰ্থৰো বিশেষ ডাঙৰ পৰিৱৰ্তন হোৱা নাই।

 

 ~আবিদ আজাদ

Share Button
Print Friendly, PDF & Email

No Comments : "‘গালিবৰ শ্বেৰ’ আৰু ‘দুশ্বম্বেৰ মিনাৰ’ৰ সন্ধানত"

Leave a Comment

Your email address will not be published. Required fields are marked *