জনস্বাস্থ্য আৰু বিজ্ঞান - (জেহেৰুল ইছলাম)

আমাৰ দৈনন্দিন জীৱনৰ লগত জড়িত শতকৰ পিছত শতক গৰকি অহা "অৰ্থদস্ক" পদ্ধতিৰ ব্যৱহাৰ এতিয়াও সমাজত প্ৰচলিত হৈ আছে। যিবোৰ পদ্ধতিৰ প্রচলনে অকল দুই এটা পৰিয়ালত নহয়, একো একোখন গাঁও, চহৰ, জিলা বা দেশত জনস্বাস্থ্যৰ ওপৰত কুপ্ৰভাব পেলায়। উন্নয়নশীল দেশবোৰত মূলতঃ ইয়াৰ প্ৰভাৱ বেছি। ইয়াৰ কাৰণ হ'ল আৰ্থিক, সামাজিক আৰু শৈক্ষিক দিশত উপযুক্ত বিকাশৰ অভাৱ। লগতে বিজ্ঞানসন্মত পদ্ধতিৰ বহল প্রয়োগৰ বাবে জনগণৰ মাজত সজাগতাৰ অভাৱো ইয়াৰ অন্যতম কাৰণ। অসমৰ ক্ষেত্ৰত লক্ষ্য কৰিলে গাঁও এলেকাৰ লগতে সমানেই চহৰ অঞ্চলত নিম্ন মানৰ কিছুমান পদ্ধতি ব্যৱহাৰ কৰা দৃষ্টিগোচৰ হয়। বিজ্ঞান বা কাৰিকৰীৰ কিছু বহল প্ৰয়োগৰ সজাগতা সৃষ্টি হ'লেহে জনস্বাস্থ্যৰ পৰিৱৰ্তন অনাটো সম্ভৱপৰ হ'ব। উদাহৰণস্বৰূপে, গছ এজোপাৰ গুৰিতে সাৰ-পানী যোগান ধৰি যত্ন নল'লে, কেৱল ঠানি-পাতৰ যত্ন ল'লে লাভ হ'ব জানো? সেয়ে, স্বাস্থ্য অৱনতি হোৱাৰ আগতে বা ডাক্তৰৰ ওচৰত চিকিৎসাৰ বাবে যাবলগীয়া হোৱাৰ আগতেই সজাগতা সৃষ্টিৰ প্ৰয়োজন আছে। কিছু প্ৰচলিত পদ্ধতিৰ সলনি বিজ্ঞান বা বিজ্ঞানসন্মত পদ্ধতি ব্যৱহাৰৰ পৰাই জনস্বাস্থ্যৰ অৱনতি হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে। তাৰেই ওপৰত সজাগতা সৃষ্টিৰ বাবে দুই এটা বিষয় আলোচনা কৰা হ'ল।

খোৱা পানী/ ব্যৱহাৰিত পানী আৰু ইয়াৰ ওপৰত sewageৰ প্ৰভাৱ:

খোৱা পানীয়েই হওক বা ব্যৱহাৰিত পানীয়েই হওক, উপযুক্ত নিষ্কাশন পদ্ধতিৰে উপযোগী নকৰিলে জনস্বাস্থ্যৰ ওপৰত কুপ্ৰভাব পেলাব পাৰে৷ দিনক দিনে মানুহৰ দৈনন্দিন জীৱন ধাৰণত ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ বাঢ়ি গৈ আছে। তাৰেই কিছু কাৰ্যকলাপৰ প্ৰভাৱত বিভিন্ন মাধ্যমৰ জৰিয়তে পানীৰ লগত ৰাসায়নিক দ্ৰব্য মিহলি হৈ যায়। কিন্তু তাৰ বিপৰীতে সমানেই উন্নত নিষ্কাশন পদ্ধতিৰ ব্যৱহাৰৰ বাবে জনগণৰ মাজত সচেতনতা নাই।

চহৰ বা নগৰ অঞ্চলত দৈনন্দিন বিভিন্ন কাৰ্যকলাপত ব্যৱহৃত পানী sewage হিচাপে নলা-নৰ্দমাৰে বৈ গৈ নদী বা বিল আদি জলাশয়ত পৰা দেখা যায়। অসমৰ ক্ষেত্ৰত মন কৰিলে দেখা যায় যে এই sewageয়ে কেতিয়াবা নদী-উপনদীৰে বৈ গৈ ব্ৰহ্মপুত্ৰৰ পানীত মিহলি হৈ যায়। গুৱাহাটী চহৰৰ ক্ষেত্ৰত মন কৰিলে, এই sewage প্রত্যক্ষভাবে ব্ৰহ্মপুত্ৰৰ বুকুত মিলিত হয়। sewageত থকা সকলো দুৰ্গন্ধময় পদাৰ্থৰ লগতে ৰাসায়নিক পদাৰ্থও নলা নৰ্দমাৰে বৈ নদীত পৰে। চহৰ অঞ্চলত বাস কৰা লোকৰ বিভিন্ন কাৰ্যকলাপ, হোটেল বা হস্পিতাল আদিৰ বিভিন্ন বাণিজ্যিক কাৰ্যকলাপৰ ফলত ব্যৱহৃত পেলনীয়া পানীয়েও sewage হিচাপে নলা-নৰ্দমাৰে বৈ যায়। কিন্ত হোটেল বা হস্পিতাল আদি বাণিজ্যিক প্ৰতিষ্ঠানে পেলনীয়া পানী বিভিন্ন শোধিত ব্যৱস্থা ETP (effluent treatment plant)ৰ জৰিয়তে কিছু পৰিমাণে পৰিষ্কাৰ কৰি নলাত পেলাই দিয়ে যদিও অবাণিজ্যিক কাৰ্যকলাপৰ পৰা ওলাই অহা আন অপৰিশোধিত পানীৰ লগত মিহলি হৈ একেই হৈ যায়। সেয়ে, এই সমস্যাৰ পৰা উপশম পাবলৈ নিৰ্মাণ কৰিব লাগিব উপযুক্ত শোধিত ব্যৱস্থা STP (sewage treatment plant)। STP ব্যৱস্থাৰ জৰিয়তে চহৰৰ অঞ্চলৰ পৰা নলা-নৰ্দমাৰে বৈ যোৱা sewage শোধিত কৰি ইয়াক পেলাই দিব পৰা যাব। নগৰ উন্নয়ন পৰিষদ বা পৌৰসভাই ইয়াৰ বাবে প্ৰথম দায়িত্ব পালনকাৰী হিচাপে আছে যদিও আজিলৈ দেশৰ ৰাজধানী দিল্লীতেই হওক বা অসমৰ ৰাজধানী চহৰ গুৱাহাটীতেই হওক, উপযুক্ত শোধিত ব্যৱস্থা STPৰ নিৰ্মাণ কৰা দেখা নাযায়। আমাৰ দেশত নগৰ/চহৰ উন্নয়ন পৰিষদ বিফল হোৱাৰ একমাত্ৰ কাৰণ হ'ব এই STP নিৰ্মাণৰ বাবে উপযুক্ত পুঁজিৰ অভাৱ। দেশৰ উন্নয়নৰ নামত হাজাৰ কোটি পুঁজি ব্যৱহাৰ হৈ আছে যদিও এইবোৰ ক্ষেত্ৰত জনগণৰ লগতে চৰকাৰৰ অমনোযোগিতাৰ বাবে হয়তো STP নিৰ্মাণৰ বাবে পুঁজিৰ অভাৱ হৈছে। উন্নত দেশবোৰত ইতিমধ্যে উন্নত মানৰ STP ব্যৱহাৰ হোৱা দেখিবলৈ পোৱা যায়। চুইডেনৰ "ষ্টক্লহম" চহৰত STPত শোধিত পানী ইচ্ছা কৰিলে পুনঃব্যৱহাৰ কৰিব পৰা যায়।

আমাৰ দেশত দীর্ঘম্যাদী এনে অমনোযোগিতা বা অনিচ্ছাৰ কুফল পৰিব জনস্বাস্থ্যৰ ওপৰত। খোৱা পানী/ব্যৱহৃত পানী হিচাপে নদীৰ পানী অকল চহৰ অঞ্চলতেই নহয়, গাঁও অঞ্চলতো ব্যৱহাৰ হোৱা দেখা যায়। চহৰ অঞ্চলৰ কিছু সংখ্যক লোকে খোৱা পানীৰ বাবে উন্নত মানৰ পানী নিষ্কাশনৰ বাবে "ফিল্টাৰ" ব্যৱহাৰ কৰিবলৈ সমৰ্থ্ যদিও আন কিছু সংখ্যক লোকে চৰকাৰী পানী যোগান পদ্ধতিৰ সৰল নিষ্কাশন পদ্ধতিৰ ওপৰতে ভৰসা কৰিব লগা হয়৷ বৰ্তমানৰ চৰকাৰী নিষ্কাশন পদ্ধতিৰে যোগান ধৰা পানী বিশুদ্ধ কৰিবলৈ উন্নত মানৰ নিষ্কাশন পদ্ধতি ব্যৱহাৰ হোৱা দেখিবলৈ পোৱা নাযায়। গাঁও অঞ্চলত বাস কৰা লোকে সাধাৰণ বালি ফিল্টাৰ ব্যৱহাৰতেই সন্তুষ্ট থকা দেখা যায়। ফলত উপযুক্ত খোৱা পানীৰ অভাবৰ ফলত বিভিন্ন ৰোগ দেখা দিব পাৰে। আনকি ব্যৱহাৰিত পানীৰ উপযুক্ত গুণাগুণৰ অভাৱেও চৰ্ম ৰোগ আদি বিভিন্ন বেমাৰৰ সমস্যা আনিব পাৰে৷ সেয়ে, এইবোৰ ক্ষেত্ৰত জনগণৰ সজাগতা বা সচেতনতা অবিহনে জনস্বাস্থ্যৰ ওপৰত কুপ্ৰভাব পৰিব পাৰে।

জাৱৰ-জোথৰ নিষ্কাশন পদ্ধতি:

ভাৰতৰ প্ৰায় প্ৰতিখন চহৰতে জাৱৰ-জোথৰৰ পৰা সৃষ্টি হোৱা সমস্যাৰ অন্ত পৰা নাই। যিমানেই স্বচ্ছতাৰ কথা কোৱা নহওক কিয় চহৰ বা নগৰৰ জাৱৰ-জোথৰৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰালৈ এয়া সফল নহয়। এই জাৱৰ-জোথৰৰ বাবে চৰকাৰী নিয়মাৱলী আছে যদিও কৰ্তৃপক্ষই বিশেষ গুৰুত্ব প্ৰদান কৰি ব্যৱস্থা গ্ৰহণৰ বাবে পুঁজি মোকোলাই নিদিয়ে। কেতিয়াবা পুঁজি থাকিলেও উপযুক্ত স্থান বিচাৰি পোৱা নাযায়। বিশেষকৈ অসমৰ ক্ষেত্ৰত তেনে ব্যৱস্থা স্থাপনৰ বাবে স্থান বিচাৰি পোৱা বেছি জটিল। ইয়াৰ কাৰণ হ'ল যে অসমৰ বানপানীৰ সমস্যা। বানপীড়িত অঞ্চলত জাৱৰ নিষ্কাশন পদ্ধতি স্থাপনৰ কিছু সমস্যা আছে। যিয়েই নহওক বিভিন্ন সমস্যাৰ কাৰণে তেনে ব্যৱস্থা গ্ৰহণত সফল হ'ব পৰা নাই। অৱশ্যে এইখিনিতে অসম চৰকাৰৰ দ্বাৰা গুৱাহাটী চহৰৰ জাৱৰ নিষ্কাশন পদ্ধতিৰ বাবে আঁচনিৰ শুভাৰম্ভ কৰা দেখা গৈছে। সোনকালেই এই আঁচনিৰ জৰিয়তে দশক পিছত দশক ধৰি বৰ্তি থকা সমস্যাৰ অন্ত হওক, লগতে আঁচনি যাতে সফলভাবে ৰূপায়ন হয় তাৰ প্ৰতি ৰাইজে দৃষ্টি ৰাখক। ঠিক একেদৰে আন জিলাসমূহত থকা সকলোবিলাক নগৰতে জাৱৰ নিষ্কাশন পদ্ধতিৰ ব্যৱস্থা হাতত ল'বলৈ নগৰ সমিতিক বাধ্য কৰা হওক৷

সজাগতাৰ বাবে জাৱৰৰ সমস্যাৰ ওপৰত চলিত নিয়মাৱলীৰ বিষয়ে আলোচনাৰ প্ৰয়োজন আছে। জাৱৰ নিষ্কাশন পদ্ধতিৰ নিয়মাৱলী মতে নগৰ সমিতিয়ে বা পৌৰসভাই বিভিন্ন ধৰণৰ পদক্ষেপ ল'ব লাগে। কিন্তু পৌৰসভা বা নগৰ সমিতিয়ে লোৱা যিকোনো পদক্ষেপ মুহূৰ্ততে বিফল হ'ব পাৰে যদিহে জনসাধাৰণে কিছু দায়িত্ব পালন কৰিবলৈ সজাগ নহয়৷ প্ৰথম সমস্যা হ'ল সকলো ধৰণৰ জাৱৰৰ মিশ্ৰিত ৰূপ। তিতা জাৱৰ আৰু শুকান জাৱৰৰ লগতে পুনঃ ব্যৱহাৰ কৰিব পৰা উপাদান একেলগেই মিশ্ৰিত হৈ থাকে৷ জাৱৰৰ সৃষ্টিৰ উৎসতে যদিহে তিতা আৰু শুকান জাৱৰ পৃথক কৰা নহয়, তেন্তে পৰৱৰ্ত্তী পৰ্যায়ত ইয়াৰ পৃথকীকৰণৰ সমস্যাই ইয়াৰ নিষ্কাশন পদ্ধতিক বিফল কৰিব৷ সেয়ে, পাকঘৰৰ পৰা আৰম্ভ কৰি যিকোনো ঘূৰোৱা কাৰ্যকলাপৰ ফলত সৃষ্টি হোৱা জাৱৰ উৎসতে পৃথক কৰিব লাগে। তাৰ বাবে তিতা জাৱৰ, শুকান জাৱৰ আৰু recycleable জাৱৰ নামেৰে পৃথক bin ৰাখিব লাগিব।

উপযুক্ত পদ্ধতি ব্যৱহাৰ কৰিলে তিতা জাৱৰৰ পৰা গেছ-ইন্ধনৰ লগতে সাৰ উৎপাদন কৰিব পৰা যায়, শুকান জাৱৰৰ পৰা শক্তি উৎপাদন কৰিব পৰা যায় আৰু recyleable জাৱৰৰ পৰা মূল্যবান উপাদান পৃথক কৰি পুনঃ ব্যৱহাৰ কৰিব পৰা যায়৷

এইখিনি কাম সফলভাবে ৰূপায়ণ কৰিলে আমাৰ চৌপাশৰ পৰা জাৱৰৰ সমস্যা নিৰ্মূল হ'ব আৰু স্বচ্ছ পৰিবেশ গঢ়ি তুলিব পৰা যাব আৰু ইয়াৰ পৰা জনস্বাস্থ্যৰ মান উন্নত কৰিব পৰা যাব৷

প্লাষ্টিকৰ ব্যৱহাৰ আৰু প্লাষ্টিক আৱৰ্জনা:

আমাৰ দৈনন্দিন জীৱনত প্লাষ্টিকৰ বহল ব্যৱহাৰে যিমান আমাৰ সুবিধাৰ সৃষ্টি কৰিছে সিমানেই আমাক বিপদলৈ ঠেলি দিছে৷ উল্লেখনীয় যে শিশুৰূপে জন্মৰ লাভ কৰাৰ পিছত প্লাষ্টিকৰ বটলত গাখীৰ খোৱাৰ পৰা আৰম্ভ কৰি বৃদ্ধ অৱস্থালৈ আমি অকল্পনীয়ভাবে প্লাষ্টিক ব্যৱহাৰ কৰি আছো৷ বিকল্প ব্যৱস্থা আছে যদিও সহজে কম মূল্যতে উপলব্ধ প্লাষ্টিক ব্যৱহাৰ কৰিবলৈ আমি আগ্ৰহী। স্কুলৰ টিফিন বক্স, পানী বটল, চাহৰ কাপ আদি সকলো ক্ষেত্ৰতে প্লাষ্টিক ব্যৱহাৰ কৰা দেখা যায়। ইয়াৰ উপৰি বজাৰৰ যিকোনো সামগ্ৰী কঢ়িয়াই আনিবলৈ প্লাষ্টিকৰ বেগ আমি ব্যৱহাৰ কৰি ভাল নাপাওঁ নে? ব্যৱহাৰৰ পিছত ই মূল্যহীন হৈ পৰে আৰু য'তে ত'তে পেলাই দিবলৈ কুন্ঠাবোধ নকৰো।

প্লাষ্টিকৰ উপযুক্ত ব্যৱহাৰ অভাৱেই জনস্বাস্থ্যলৈ ভয়াবহতা আনিব পাৰে। খাদ্যবস্তু প্লাষ্টিকৰ বাচন বা বেগত ৰাখিলে প্লাষ্টিকৰ পৰা নিৰ্গিত হোৱা ৰাসায়নিক দ্ৰব্য খাদ্যৰ লগত মিহলি হোৱাৰ সম্ভাৱনা থাকে। লগতে গৰম খাদ্য প্লাষ্টিকৰ বাচন বা বেগত ৰাখিলে প্লাষ্টিকৰ পৰা বিষাক্ত দ্ৰব্য খাদ্যৰ লগত মিহলি হ'ব পাৰে। সেই খাদ্য গ্ৰহণ কৰিলে কেঞ্চাৰৰ দৰে ভয়াবহ ৰোগত আক্ৰান্ত হ'ব পাৰে। প্লাষ্টিকৰ বেগ বা আৱৰ্জনাই ভূমিস্থল প্ৰদূষিত কৰিব পাৰে। প্লাষ্টিক আৱৰ্জনাৰ পৰা নিৰ্গত হোৱা ৰাসায়নিক দ্ৰব্য বা ক্লৰিন জাতীয় পদাৰ্থ ভূমিৰ লগত মিহলি হৈ যায় আৰু ক্ৰমান্বয়ে ভূমিস্থলতে পানীৰ লগত মিহলি হৈ যায়৷ ইয়াৰ অতিমাত্ৰা ৰূপে এদিন প্ৰমাণ কৰিব যে টেপৰ পানীতো বিষাক্ত ৰাসায়নিক দ্ৰব্য পোৱা গৈছে বুলি। জলস্থলৰ ক্ষেত্ৰত উল্লেখ কৰিব লাগিব যে এই প্লাষ্টিক আৱৰ্জনা সাগৰ, নদী বা বিল আদিৰ পানীৰ লগত মিহলি হৈ আছে দিনক দিনে। জলস্থলত থকা জীৱই ইয়াৰ কুপ্ৰভাব ভুগিব লগা হৈছে। জলস্থলৰ জীৱই ভুলতে প্লাষ্টিকৰ আৱৰ্জনাৰ টুকুৰা খাদ্য হিচাপে গ্ৰহণ কৰিছে৷ এক কথাত কবলৈ হ'লে আমাৰ খাদ্য-শৃংখলাত প্লাষ্টিক সোমাই আছে৷

প্লাষ্টিকৰ ব্যৱহাৰে আমাক বিপদাপন্ন কৰাৰ সময়তে বিশ্বই অহা ৫ জুনত পালন কৰিবলগীয়া বিশ্ব পৰিবেশ দিৱসত প্লাষ্টিকৰ অপব্যৱহাৰৰ বিৰুদ্ধে জনমত গঠন কৰিবলৈ পদক্ষেপ লৈছে। UNEPয়ে এইবাৰ বিশ্ব পৰিবেশ দিৱস পালনৰ বাবে ভাৰতক host countryৰ দায়িত্ব অৰ্পণ কৰিছে। “প্লাষ্টিক আৱৰ্জনাক পৰাজয় কৰা“ (Beat plastic waste) বুলি শ্লোগানৰে এইবাৰ বিশ্বত এক সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে। আৰু এই সুযোগতে আমি প্লাষ্টিকৰ উপযুক্ত ব্যৱহাৰৰ বাবে সাৱধানতা অৱলম্বন কৰিব লাগিব। প্লাষ্টিক আৱৰ্জনাৰ ভয়াবহতাৰ পৰা মুক্তি পাবলৈ বিশেষভাৱে প্লাষ্টিক বেগৰ ব্যৱহাৰ কমাই যাওক। প্লাষ্টিক বেগৰ পুনঃব্যৱহাৰ কৰিব নোৱাৰিলে, একেবাৰেই ত্যাগ কৰিব লাগিব৷ খাদ্যবস্তুৰ ক্ষেত্ৰত যিমান সম্ভৱ ত্যাগ কৰিবলৈ চেষ্টা কৰিব লাগে, নহ'লে ৰঙীন প্লাষ্টিকৰ সলনি “virgin” প্লাষ্টিকৰ ৰংবিহীন বেগ বা বাচন ব্যৱহাৰ কৰক। শেষত ক'ব লাগিব যে প্লাষ্টিকৰ উপযুক্ত ব্যৱহাৰৰ বাবে সজাগতা সৃষ্টিৰ জৰিয়তে জনস্বাস্থ্যক ক্ৰমান্বয়ে বিপদমুক্ত কৰিব লাগিব।

Share Button
Print Friendly, PDF & Email

1 Comment : "জনস্বাস্থ্য আৰু বিজ্ঞান - (জেহেৰুল ইছলাম)"

Leave a Comment

Your email address will not be published. Required fields are marked *