যাৰ তেজেৰে চাহৰ ৰং ৰঙা- (অংশুমান শৰ্মা)

ব্ৰিটিছে অসমত ভালকৈ খোপনি পোতাৰ আগলৈ অসমখন আছিল চাৰিওফালে হাবি-জংঘল, খাল-ডোঙেৰে আৱৰা। অসমত তেতিয়াও মধ্যযুগ । হীৰেন গোহাঁইৰ মতে ‘আমোলাতান্ত্ৰিক সামন্তবাদ’‌। আনহাতে অমলেন্দু গুহৰ মতে ‘আধা জনজাতীয় সামন্তবাদ’ । মুঠতে এনে এখন সমাজ য’ত সামন্তবাদো সম্পূৰ্ণকৈ বিকাশ হোৱা নাই, আধা-আধি জনজাতীয় । তেনে এখন সমাজত চাহ উদ্যোগ গঢ়াৰ স্বাৰ্থত আৰু খনিজ তেলৰ লোভত ব্ৰিটিছ পুঁজিৰ আগমন ঘটিছিল অষ্টাদশ শতাব্দীৰ শেষৰ ফালে । ৰবাৰ্ট ব্ৰুছে চিংফৌ ৰজাৰপৰা চাহ উৎপাদনৰ কৌশল শিকাৰ পিছত বহু ভবা-চিন্তা তথা গৱেষণা কৰি ব্ৰিটিছে অসমত চাহ বাগান গঢ়ি তোলাৰ সিদ্ধান্ত লয়। কিন্তু ১৮৫৯ চনত এজন ব্ৰিটিছ চাহাবে ওপৰৰ কৰ্তৃপক্ষলৈ লিখিয়ে পঠায় যে অসমত একো উদ্যোগ গঢ়ি তোলা সম্ভৱ নহয় । কাৰণ অসমত গাড়ী চলিব পৰা ৰাস্তা এটাও নাই । কিন্তু ব্ৰিটিছ পুঁজিৰ আগমনে অসমৰ চেহেৰাই সলনি কৰি দিয়ে । চাহ আৰু তেল উদ্যোগৰ খাতিৰতে ৰাস্তা-পদূলি গঢ়ি তোলা হ’ল । ৰে’ল-পথ নিৰ্মাণ কৰা হ’ল । জলপথৰ বিকাশ ঘটিল । একে সময়তে চাহ বাগানত শ্ৰমশক্তিৰ প্ৰয়োজন পূৰাবলৈ অনা হ’ল মধ্য ভাৰতৰ আকালপীড়িত আদিবাসী মানুহক । কাৰখানাৰ বাবে আহিল চীনা কৌশল । একে সময়তে এই সকলোবোৰে অসমলৈ কঢ়িয়াই আনিলে আধুনিকতা । বিশ্বজগতৰ সৈতে অসমৰ যোগাযোগ বাঢ়িল । ৰে’ল, তেল আৰু চাহ উদ্যোগত কাম কৰিবলৈ আমদানি কৰা হ’ল ইতিমধ্যে আধুনিক শিক্ষাৰে শিক্ষিত বাঙালী মানুহ একাংশ । বাঙালী বাবুক দেখি অসমৰ ডেকাচামেও আধুনিকতাৰ চিৰি বগাবলৈ মন মেলিলে । মণিৰাম দেৱানৰ দৰে সাহসী অসমীয়াই ব্ৰিটিছৰ ‘চুকত থাকি বুকত কামুৰি’ নিজেই চাহ খেতিত লাগিল । লাহেকৈ একাংশই কলকাতালৈ গৈ উচ্চ শিক্ষিতও হ’ল। এইদৰেই নতুনকৈ উদ্ভৱ হ’ল অসমীয়া আধুনিক মধ্যবিত্ত শ্ৰেণীৰ, যাৰ গৰ্ভতেই পৰৱৰ্তী সময়ত অসমীয়া জাতীয়তাবাদৰো জন্ম হ’ল । কিন্তু যি সময়ত এই সকলোবোৰ ঘটিল সেই সময়ত আধুনিকতাৰ পোহৰ বিলোৱা এই চাকিৰ তলৰ অন্ধকাৰত নিমজ্জিত হৈ থাকিল চাহ বাগানৰ বনুৱাসকল । অথচ তেওঁলোকৰ তেজ, ঘামৰ বলতেই অসমত গঢ়ি উঠিছিল সমসাময়িক বিশ্বৰ বৃহত্তম উদ্যান শস্যভিত্তিক উদ্যোগ ।
পিছলৈ ব্ৰিটিছ গ’ল । ভাৰত পৰিণত হ’ল অৰ্ধ পুঁজিবাদী-অৰ্ধ সামন্তবাদী ৰাষ্ট্ৰত । কিন্তু চাহ বাগানবোৰত ঔপনিৱেশিকতাবাদৰ অৱশিষ্ট বাকী থাকিল । যেনে, বেছিভাগ বাগনতে এতিয়াও এটা অঘোষিত নিয়ম প্ৰচলিত হৈ আছে। বাগানৰ বনুৱাৰ বেমাৰ হ’লে বাগানৰে চিকিৎসালয়ে যি ঔষধ খাবলৈ দিয়ে সেয়া বনুৱা জন/জনীয়ে ঘৰলৈ লৈ আহিব নোৱাৰে। ঔষধ খাবৰ সময়ত নিজেই চিকিৎসালয়লৈ গৈ খাই আহিব লাগিব। গতিকে বেমাৰী দেহাৰেই, আনকি গৰ্ভৱতী মাতৃয়েও খোজ কাঢ়ি বা চাইকেলত কেতিয়াবা দুই কিলোমিটাৰ পৰ্যন্ত দূৰত থকা চিকিৎসালয়লৈ যাব লাগে ঔষধ খাবলৈ। এই লিখকে কেইবাখনো বাগান চিকিৎসালয়ৰ চিকিৎসকক সুধিছিলো, এনে আচৰিত নিয়মৰ প্ৰয়োজন কি বুলি। কেইজনমানে একো উত্তৰ নিদিলে । আন কেইজনমানে মানি ল’লে, এয়া ব্ৰিটিছৰ দিনৰেপৰা চলি অহা এক “অঘোষিত নিয়ম”। কৈ থোৱা ভাল, অসমত বাগান প্ৰতিষ্ঠাৰ আদিকালত এই বনুৱাসকলক ঠগ-প্ৰৱঞ্চনাৰে অসমলৈ অনা হৈছিল আৰু আনি দাসৰ দৰে ব্যৱহাৰ কৰা হৈছিল । বন-জংঘল চফা কৰি চাহ বাগান প্ৰতিষ্ঠা কৰা কাম আছিল অত্যন্ত কষ্টকৰ । ব্ৰিটিছে ছল-বল-কৌশল, বহু চেষ্টা কৰিও অসমৰ মানুহক সেই কামত নিয়োজিত কৰিব পৰা নাছিল । পিছত আন ঠাইৰ মানুহ ঠগাই মাতি আনি বলেৰে দাসৰ দৰে কামত লগাইছিল । অমলেন্দু গুহৰ Planter raj to Swaraj গ্ৰন্থত সেই হৃদয়বিদাৰক ইতিহাসৰ তথ্য-সমৃদ্ধ বৰ্ণনা আছে । সেই ব্ৰিটিছ যুগৰপৰাই উক্ত “অঘোষিত নিয়ম” চলি আছে , যাতে শাৰীৰিক অসুস্থতাৰ অজুহাত দেখুৱাই কোনেও কষ্টকৰ বাগানৰ কামৰপৰা হাত সাৰিব নোৱাৰে। এতিয়াত অসুখ-বিসুখৰ বাবে ছুটী ল’লেও অসুখ হোৱা বুলি প্ৰমাণ দিলেই নহ’ব, দিনে দুই-তিনিবাৰ চিকিৎসালয়লৈ গৈ ঔষধ খাব লাগিব, যাতে কৰ্তৃপক্ষৰ দৃষ্টিৰ (সেই সময়ত ব্ৰিটিছৰ দৃষ্টিৰপৰা)পৰা কোনেও সাৰি যাব নোৱাৰে । বাগানৰ বাহিৰৰ জগতখনত যিকোনো মধ্যবিত্ত মানুহে চিকিৎসা ছুটী (Medical leave) লৈ ঔষধ খোৱাৰ সময়ত চিকিৎসালয়লৈ ঢাপলি মেলাৰ কথা ভাবিবও পাৰে নে ? চাহ বাগানৰ বাহিৰ আৰু ভিতৰৰ মাজত অতি কমেও চাগে দুশ বছৰৰ পাৰ্থক্য । যোৱা কেইবছৰমানত ডিছ টিভি আৰু ম’বাইলৰ প্ৰচলন নোহোৱা হ’লে ছাৰ আৰ্থাৰ কোনান ডয়েলৰ ‘বিলুপ্ত জগত’ বুলিয়েই ক’ব পৰা গ’লহেঁতেন কিছুমান চাহ বাগানক ।
কিন্তু প্ৰশ্ন হ’ল, এখন গণতান্ত্ৰিক দেশৰ ভিতৰত কোনো ঠাইত এইদৰে ঔপনিৱেশিক পৰিবেশ টিকি থাকিব পাৰেনে ? পাৰে। সমাজতত্ত্ববিদ জেমছ স্কটৰ মতে, এয়া হৈছে অভ্যন্তৰীণ ঔপনিৱেশিকতাবাদ (Internal Colonialism)। বহিৰ্বিশ্বৰ সৈতে সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, আনকি আইনগতভাৱেও যথাসম্ভৱ বিচ্ছিন্ন; নিৰ্দিষ্ট উদ্যোগ বা ব্যৱসায়ভিত্তিক তথা য’ত যথেষ্ট পৰিমাণৰ বাহ্যিক পুঁজি বিনিয়োগ হৈ থাকে তাক অৰ্থতত্ত্বত নাম দিয়া হৈছে Enclave। এই Enclaveবোৰত ঔপনিৱেশিক সামাজিক ব্যৱস্থা সযত্নে টিকাই ৰখা হয় । এই Enclave Economyৰ নামকৰণ মাৰ্ক্সবাদী অৰ্থনীতিবিদ পল এম ছুইজিৰ । লেটিন আমেৰিকাৰ বৃহৎ বৃহৎ উদ্যান শস্যৰ পামবোৰত কিদৰে এই Enclave Economy টিকাই ৰখা হৈছে তাৰ চমৎকাৰ বৰ্ণনা দিছে ছুইজিয়ে । সেউজ চাহ গছেৰে আৱৰা এইবোৰ যেন কোম্পানিবোৰৰ একোখন সৰু উপনিৱেশ । এই উপনিৱেশত বস্তুতঃ বাগান কৰ্তৃপক্ষই সৰ্বেসৰ্বা, কেৱল অৰ্থনৈতিক ক্ষেত্ৰতে নহয়, সামাজিক-ৰাজনৈতিক সকলো ক্ষেত্ৰতে । অৰ্থনৈতিক শোষণৰ বাবে আছে কটকটীয়া সামাজিক বান্ধোন ।

নব্য উদাৰতাবাদৰ যুগত চাহ শ্ৰমিকসকল
চাহ বাগান আৰু ভূপেন হাজৰিকা, এই দুটা নাম একেলগে শুনিলেই যিখন ঠাইৰ কথা সকলোৰে মনত পৰে সেই সেইখন হ’ল ৰতনপুৰ। চৰাইদেউ জিলাৰ ভজো চাৰিআলিৰপৰা প্ৰায় ১৫ কিলোমিটাৰ । এই ৰতনপুৰ চাহ বাগিচাৰেই বাসিন্দা হেৰমন লাক্ৰা। বিশ্বায়নৰ যুগত থাইলেণ্ড, শ্ৰীলঙ্কা, চীনৰ সৈতে ফেৰ মাৰিবলৈ অসমৰ বাগিচাকো লাগে অধিক উৎপাদন‌। তাৰ বাবে বাগিচাতো ৰাসায়নিক সাৰ, কীটনাশক প্ৰয়োগ কৰা হৈছে পাৰ্যমানে । পিঠিত ৰসায়নবোৰৰ বাকচ বান্ধি লৈ ছটিওৱা কাম কৰে হেৰমান লাক্ৰাৰ দৰে মানুহে । আইন মতে তেনে কাম কৰা মানুহক বিশেষ মুখা (mask), বিশেষ পোছাক, বুট জোটা আদি দিব লাগে । কিন্তু সেয়া আইনৰ কিতাপত থকা কথা । অচিন চৰ্মৰোগত আক্ৰান্ত হেৰমান লাক্ৰাৰ দৰে চাহ বনুৱা। অচিন আৰু সংক্ৰামক । লাক্ৰাৰ তিনি বছৰীয়া শিশুও আক্ৰান্ত । চৰ্মৰোগৰ বাবে কাম পোৱা নাই "ফাল্টু" বনুৱা (casual worker) হেৰমন লাক্ৰাই । নব্য উদাৰবাদী অৰ্থনীতিৰ আন এক ফলাফল casualisation । হেৰমন লাক্ৰাৰ এক বছৰীয়া শিশু ভীষণ গৰমতো খাল যেন পেটটো লৈ শুই আছে । হেৰমন লাক্ৰাৰ ১৯ বছৰীয়া পত্নী, ৩ বছৰীয়া সন্তানৰ মাতৃ সুশীলা লাক্ৰাই বাগানত 'পাত তোলে' । মাকো casual worker, বাগানৰ ভাষাত ফাল্টু বনুৱা। ফাল্টু বনুৱাসকলে প্ৰসূতি ছুটী নাপায়, বাগানৰ ঘৰ নাপায়, বাগান স্বাস্থ্য কেন্দ্ৰত বিনামূলীয়া স্বাস্থ্যসেৱাও নাপায়। ৰেচন পায় মাত্ৰ বাগানত কাম পোৱা মাহকেইটাতহে। গতিকে নিজৰ শিশুক আধাপেটীকৈ এৰি হ’লেও পাত তুলিব যাবলৈ বাধ্য হেৰমন লাক্ৰাৰ ১৯ বছৰীয়া পত্নী। আৰু মাক নহালৈ খাল যেন পেটৰ এবছৰীয়া ভায়েকক শুৱাই ৰাখে চৰ্মৰোগাক্ৰান্ত মান্সি লাক্ৰাই । ৰতনপুৰ বাগিছাত দুই বছৰ আগতে অঙ্গনৱাড়ী কেন্দ্ৰ এটা হৈছে। কিন্তু তিনিবছৰীয়া মাঞ্চি লাক্ৰা তালৈ নাযায়। এইদৰে বাগানৰ ভিতৰৰ জগতখনত অসাৰ হৈ পৰে বহু চৰকাৰী আঁচনি। এই হেৰমন লাক্ৰাৰ পৰিয়ালতেই একেলগে স্পষ্টকৈ দেখিব নব্য উদাৰবাদে বাগানৰ বনুৱাৰ জীৱনলৈ কঢ়িয়াই অনা মূলতঃ তিনিটা নতুনধৰণৰ সংকট।

(ক) উৎপাদনশীলতা বৃদ্ধিৰ বাবে অ-সম প্ৰতিযোগিতা : বহুতে এতিয়াও ভবাৰ দৰে ভাৰত পৃথিৱীৰ বৃহত্তম চাহ উৎপাদক নহয় । ২০০৪ চনতেই চীনক প্ৰথম স্থান এৰি দিবলগা হৈছে ভাৰতে। বিশ্বজুৰি চাহৰ চাহিদা বাঢ়িছে। সেইদৰে বাঢ়িছে চাহ উৎপাদন কৰা আৰু ৰপ্তানি কৰা দেশৰ সংখ্যা । বিশেষকৈ চীন, ভিয়েটনাম আৰু শ্ৰীলঙ্কাৰ চাহে ভাৰতৰ চাহ কোম্পানিবোৰক তীব্ৰ প্ৰতিযোগিতাত পেলাইছে। ভাৰতৰ চাহ উদ্যোগ বৰ্তমান একপ্ৰকাৰ সংকটৰ মুখত। কিয়নো কম খৰছত অধিক উৎপাদন কৰিব নোৱাৰিলে বিশ্ব বজাৰত টিকি থাকিব নোৱাৰিব। কিন্তু চাকি জ্বলোৱাৰ আগত শলিতা পকোৱাৰো একোটা কাহিনী থাকে। এই সংকটৰ নেপথ্যতো বিশ্ব ৰাজনীতিৰ পট পৰিৱৰ্তনৰ এটা গুৰুত্বপূৰ্ণ ঘটনা আছে। ১৯৯১ চনত ছোভিয়েট শিবিৰৰ পতন হয়। আশীৰ দশকৰপৰা ১৯৯১ চনলৈ ছোভিয়েট ৰাছিয়া আৰু সেই শিবিৰৰ দেশসমূহেই আছিল ভাৰতৰ চাহৰ মুখ্য আমদানিকাৰী । ১৯৯১ চনত ভাৰতৰপৰা মুঠ ৰপ্তানি হোৱা চাহৰ ৫২%ই গৈছিল ছোভিয়েট ৰাছিয়া আৰু কমনৱেলথ্‌ দেশসমূহলৈ। ছোভিয়েট শিবিৰৰ পতনৰ পিছত ভাৰতীয় চাহ উদ্যোগে এক নিশ্চিত বাণিজ্যিক সহযোগীক হেৰুৱায়। প্ৰাক্তন ছোভিয়েট দেশসমূহলৈ ভাৰতৰ চাহ ৰপ্তানি দহ বছৰৰ ভিতৰত অৰ্থাৎ ২০০১ চনত ৪৫% লৈ, আৰু মাত্ৰ তিনি বছৰৰ ভিতৰত অৰ্থাৎ ২০০৪ চনত ২৭% লৈ নামি আহে। ইতিমধ্যে চাহৰ বিশ্ব বজাৰত দোপত দোপে আগ বাঢ়ি আহে চীন, কেনিয়া আৰু ভিয়েটনাম । ১৯৬১ চনত বিশ্বৰ মুঠ চাহ উৎপাদন ৩৬.০২% আছিল ভাৰতৰ উৎপাদন। ২০০৮ চনত এই অংশীদাৰিত্ব কমি ২০% হয়। এনেকুৱা নহয় যে ভাৰতত চাহৰ উৎপাদন কমিছে । আচল কথা হ’ল ভাৰততকৈ চীন, কেনিয়া, ভিয়েটনাম আদি দেশত ভাৰততকৈ দ্ৰুত হাৰত চাহৰ উৎপাদন বৃদ্ধি হৈছে ।

চাহৰ বিশ্ব উৎপাদনত অংশিদাৰিত্ব
দেশ ১৯৬১ ১৯৭১ ১৯৮১ ১৯৯১ ২০০১ ২০০৪ ২০০৮
চীন ৯,৮৭% ১৩,৭৬% ১৯,৫২% ২১,৯৮% ২৩,৪৯% ২৪,৯৬% ৩২,৭৫%
ভাৰত ৩৬,০২% ৩৩,২৮% ২৯,৬৭% ২৮,১৩% ২৭,৫৮% ২৫,৬২% ২০,৬৮%
কেনিয়া ১,২৮% ২,৭৭% ৪,৮২% ৭,৯৫% ৯,৫৯% ৮,৯৯% ৮,৮৮%
ভিয়েটনাম ০,৭৬% ১,১৮% ১,১২% ১,২৯% ২,৪৬% ২,৯৪% ৪,৪৯%

গতিকে ভাৰতৰ চাহ উদ্যোগেও দ্ৰুত গতিত আৰু কম খৰছত অধিক চাহ উৎপাদনৰ তীব্ৰ প্ৰতিযোগিতাত নামিবলগা হৈছে । অৱধাৰিতভাৱে তাৰ প্ৰভাৱ পৰিছে অসমত। দেশৰ ৫২% চাহ উৎপাদন হয় অসমত। ভাৰতৰ মুঠ চাহ উৎপাদন হোৱা ৫,৬৩,৯৮০ হেক্টৰ মাটিৰ ৩,১৯,১৪১, হেক্টৰ মাটি অৰ্থাৎ ৫৬, ৫৮% মাটিয়েই হ’ল অসমত। গতিকে এতিয়া অসমতো উৎপাদনশীলতা (productivity) বৃদ্ধিৰ ধুম। কিন্তু অসমত চাহ বাগানবোৰে নিজৰ চাহ খেতিৰ মাটি বৃদ্ধি কৰিবলৈ সুযোগ কম। গতিকে তেনে এক পৰিস্থিতিতেই ২০০৮ চনত চৰকাৰে ক্ষুদ্ৰ চাহ খেতি কৰাত সন্মতি প্ৰদান কৰে। তাৰ পিছতেই বিশেষকৈ উজনি আৰু উত্তৰ অসমত হো হোৱাই ক্ষুদ্ৰ চাহ খেতিয়কৰ সংখ্যা বৃদ্ধি হ’বলৈ ধৰে। কিন্তু চাহ খেতিৰ বাবে, চাহ গছৰ কলম কৰিবলৈ, চাহপাত তুলিবলৈ দক্ষ বনুৱাও লাগিব। ইমান দিনে আদিবাসী চাহ জনগোষ্ঠীৰ মানুহসকলেহে এইবোৰ কাম কৰি আহিছে। গতিকে প্ৰথমবাৰৰ বাবে বাগানৰ বাহিৰতো তেওঁলোকৰ কামৰ বাবে চাহিদাৰ সৃষ্টি হৈছে। আনহাতে, একেই উৎপাদনশীলতা (productivity) বৃদ্ধিৰ ধুমত পৰি বাগানবোৰেও ৰাসায়নিক সাৰ, কীটনাশক আদি অত্যধিক প্ৰয়োগ কৰিবলৈ লৈছে। অৱশ্যে এটা কথা কৈ নথ’লে পক্ষপাতদুষ্টতা কৰা হ’ব। অসমৰ বেছিভাগ বৃহৎ বাগানেই বহু পুৰণি। সেইবোৰৰ মাটিৰ উৰ্বৰতাও কমি আহিছে আৰু চাহ গছবোৰো বৃদ্ধ হৈছে। পুৰণি বাগানবোৰত উৎপাদন কমাৰ সেয়াও এটা কাৰণ। আনহাতে, প্ৰতিযোগিতাত টিকি থাকিবলৈ হ’লে কম খৰছত অধিক উৎপাদন কৰিবই লাগিব, গতিকে বাগানবোৰে এফালে নিজৰ কাৰখানাৰ বাবে ওচৰৰ ক্ষুদ্ৰ চাহ খেতিয়কৰপৰা কেঁচা চাহপাত কিনিছে, আনহাতে নিজৰ বাগানতে ৰাসায়নিক প্ৰয়োগ কৰি উৎপাদন বৃদ্ধি কৰাৰ চেষ্টা কৰিছে । ফলস্বৰূপে বাগানত এতিয়া এনে বহু শ্ৰমিক নিয়োজিত হৈ আছে যি ৰাসায়নিক দ্ৰব্য ছটিওৱাৰ কাম কৰিব লাগে। এই দ্ৰব্যবোৰ হ’ল অত্যন্ত বিষাক্ত। ১৯৫১ চনৰ উদ্যান শ্ৰমিক আইন (Plantation labour Act, 1951)খন ২০১০ চনত সময়োপোযোগী কৰা হয়। প্ৰয়োজনীয় বহু কথাই এৰাই চলা হয় যদিও এটা গুৰুত্বপূৰ্ণ কথা সংযোগ কৰা হয়। সেয়া হ’ল, চাহ বাগানত ৰাসায়নিক সামগ্ৰীৰ সৈতে কাম কৰা বনুৱাক মুখা (mask), বিশেষ পোছাক, বুট জোটা আদি মুঠ ৯বিধ সুৰক্ষা সামগ্ৰী বাগান কৰ্তৃপক্ষই যোগান ধৰিব লাগিব। পিছে আইনৰ কিতাপত থকা আৰু বাস্তৱত থকাৰ মাজত পাৰ্থক্যটো যে কিমান বৃহৎ সেয়া বোধ হয় যিকোনো পাঠকেই জানে। এতিয়া বহু বাগানত এনে কিছু চৰ্মৰোগ দেখা দিছে যাৰ কথা শুনি অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকো হতভম্ব হৈ গৈছে।

উৎপাদনশীলতা বৃদ্ধিৰ চেষ্টা অইন একধৰণেও কৰা হৈছে । চাহ বাগানবোৰত আগৰেপৰাই প্ৰচলিত আন এক নিয়ম আছে । নিজৰ দৈনিক মজুৰি পাবলৈ হ’লে বনুৱা এজনে এদিনত নিৰ্দিষ্ট এক পৰিমাণৰ চাহপাত তুলিবই লাগিব। যেনে যোৱা বছৰলৈ এই নিৰ্দিষ্ট পৰিমাণটো আছিল ২৩ কে জি। এদিনত ২৩ কেজিতকৈ কম চাহপাত তুলিলে কেজিয়ে প্ৰতি এটকা বা দুটকা বনুৱাজনৰ মজুৰিৰপৰা কৰ্তন কৰা হয়। আৰু ১৯ কেজিতকৈ কম তুলিলে ততোধিক মজুৰি কৰ্তন কৰা হয় বা সেই গোটেই দিনটোৰ দৰ্মহাও কেতিয়াবা কৰ্তন কৰা হয়। তাতকৈ বেছি তুলিলে ৩০ কেজিলৈ প্ৰতি কিলো ১ টকা আৰু ৩০ কেজিতকৈ বেছি তুলিলে প্ৰতি কিলোত ১.৫০ টকা অতিৰিক্ত দিয়া হয়। এইদৰেই ইমান দিনে ঔপনিৱেশিক কাঠামোৰ সুযোগ লৈ সামান্য ধনৰ বিনিময়ত অধিক উৎপাদন কৰাই কোম্পানিবোৰে নিজৰ চৰম উদ্বৃত্ত মূল্য (Absolute Surplus Value) বৃদ্ধি কৰি আহিছে । এই বছৰ এই নিৰ্দিষ্ট পৰিমাণ ২৩ কেজিৰপৰা ২৫ কেজিলৈ বৃদ্ধি কৰা হৈছে। কিন্তু এই বৃদ্ধি কৰা হৈছে চাহ শ্ৰমিকৰ মাজত আটাইতকৈ বেছি প্ৰভাৱশালী ইউনিয়ন অসম চাহ মজদুৰ সংঘৰ সন্মতি মৰ্মে। কংগ্ৰেছ দল পৰিচালিত এই ইউনিয়নটোৱে জন্মলগ্নৰেপৰা মালিকৰ পক্ষ লৈ চাহ বাগানৰ মানুহৰ লগত ‘গাদ্দাৰি’ কৰি আহিছে। চাহ বনুৱাসকলৰ এতিয়াৰ মৰ্মান্তিক অৱস্থাৰ বাবে এওঁলোকো সমানেই জগৰীয়া।
(খ) চাহ শ্ৰমিকৰ অস্থায়ীকৰণ : বিশ্বায়িত বজাৰত তীব্ৰ প্ৰতিযোগিতাৰ মুখামুখি হৈ চাহ কোম্পানিবোৰে দিনে-ৰাতি চাহ উৎপাদনৰ ব্যয় হ্ৰাস কৰাৰ চেষ্টাত ব্ৰতী হৈছে। উৎপাদন ব্যয় হ্ৰাস কৰিবলৈ তেওঁলোকৰ সহজ উপায়টো হ’ল শ্ৰম ব্যয় হ্ৰাস কৰা। কিন্তু স্বাধীনতাৰ পিছত আৰু নব্য উদাৰবাদী নীতিয়ে আমাৰ দেশ গ্ৰাস কৰাৰ আগলৈ বাগানৰ ভিতৰত বেছিভাগ শ্ৰমিকেই আছিল স্থায়ী শ্ৰমিক। বাগান মালিকে তেওঁলোকক ঘৰ দিব, চিকিৎসালয় পাতি দিব, খোৱা ৰেচনো আনি দিব; কিন্তু তাৰ বিনিময়ত দৰ্মহাও কম দিব। ব্ৰিটিছ যুগত এয়া আছিল এই মানুহখিনিক বাগানৰ ভিতৰতে আবদ্ধ কৰি ৰখাৰ চক্ৰান্তৰ অংশ। স্বাধীনতাৰ পিছত ১৯৫১ চনৰ উদ্যান শ্ৰমিক আইনত এই ব্যৱস্থাকে বৈধতা প্ৰদান কৰা হয়। কিন্তু দৰমহাৰ উপৰিও কি কি বস্তু দিব লাগিব নিৰ্দিষ্ট কৰি দিয়া হয়। গতিকে শ্ৰমিকসকলেও অন্ততঃ থাকিবলৈ ঘৰ, বছৰত এটাকৈ ছাতি, ছেণ্ডেল, বোনাছ, চিকিৎসালয়ত বিনামূলীয়া চিকিৎসা, কম দামতে চাউল আৰু আটা আদি অন্ততঃ কিছু হ’লেও পাই আছিল। কিন্তু নব্য উদাৰবাদৰ যুগত শ্ৰম ব্যয় হ্ৰাস কৰিবলৈ এই দৰ্মহাৰ উপৰিও দিয়া বস্তুবোৰ হ্ৰাস কৰাৰ ব্যৱস্থা কৰা হ’ল। অৰ্থাৎ স্থায়ী শ্ৰমিকৰ সলনি যিমান পাৰে বেছিকৈ অস্থায়ী শ্ৰমিক নিয়োগ কৰা হ’ল। বাগানত অলপ-চলপ অস্থায়ী শ্ৰমিক ১৯৯১ চনৰ আগতেও আছিল। কিয়নো চাহপাতৰ উৎপাদন ঋতুভিত্তিক। এপ্ৰিলৰপৰা ছেপ্টেম্বৰ-অক্টোবৰলৈ চাহপাত তোলা কামত অধিক মানুহৰ দৰকাৰ হয়। তেতিয়া কিছু শ্ৰমিক অস্থায়ীৰূপে নিয়োগ কৰা হয়। কিন্তু এতিয়া বহু বাগানত অস্থায়ী শ্ৰমিকৰ সংখ্যাই বেছি হৈ পৰিছে। এই অস্থায়ী শ্ৰমিক মূলতঃ দুই প্ৰকাৰৰ : (১) একাংশ হ’ল casual worker বা বাগানৰ ভাষাত “ফাল্টু” । তেওঁলোকে বাৰ মাহেই কাম কৰিব লাগে, কিন্তু স্থায়ী শ্ৰমিকে পোৱা অন্যান্য সুবিধা, যেনে, ঘৰ, বিনামূলীয়া চিকিৎসা, কম্বল, ছেণ্ডেল আদি নাপায়। কোনো কোনো বাগানত তেওঁলোকে ৰেচন পায় যদিও কমকৈ পায়। কিন্তু কোনোবা দিনা গৈ পোৱাত দেৰি হ’লে কামো নাপাব পাৰে। এটা পষেকত যিমান দিন কাম কৰে সিমান দিনৰ বাবে দিনে প্ৰতি বৰ্তমান ১২৬ টকাকৈ (স্থায়ী শ্ৰমিকৰ সমানেই) দিয়া হয়‌। (২) temporary worker : তেওঁলোকক একমাত্ৰ পাত তোলা ঋতুতহে মাতি আনি কামত লগোৱা হয় । দৈনিক হাজিৰাৰ বাদে আন কোনো সুবিধা এওঁলোকে নাপায়। অৱশ্যে অস্থায়ী শ্ৰমিক নিয়োগৰ ক্ষেত্ৰত বাগান বিশেষে কিছু তাৰতম্য আছে। কিন্তু মুঠ কথা হ’ল স্থায়ীৰ পৰিৱৰ্তে অস্থায়ী শ্ৰমিক নিয়োগৰদ্বাৰা মালিকসকলে শ্ৰম ব্যয় হ্ৰাস কৰিছে আৰু একে সময়তে হ্ৰাস হৈছে শ্ৰমিকসকলৰ সামাজিক সুৰক্ষা। যি সামাজিক সুৰক্ষা চাহ শ্ৰমিকৰ বাবে ইতিমধ্যেই আছিল নিম্নতম, এতিয়া সেইখিনিৰো মুদা মৰিছে।

(গ) চৰকাৰী আঁচনিৰ অসাৰতা : জানি আচৰিত হ’ব, চাহ বাগানৰ মানুহক দৰিদ্ৰ সীমাৰেখাৰ তলত বুলি গণ্য কৰা নহয় চৰকাৰীভাৱে। গতিকে ২০০৪-০৫ চনলৈ বাগানৰ ভিতৰত কোনো অঙ্গনৱাড়ী কেন্দ্ৰ নাছিল। এতিয়া হৈছে। কিন্তু বাগানৰ প্ৰায় সকলো মহিলাই বাগানৰ শ্ৰমিক। পুৱাই তেওঁলোকে কামলৈ গুচি যায়। ঘৰত কেঁচুৱা সন্তানত চোৱা-চিতা কৰিবলৈ বা ইখন-সিখন কৰিবলৈ একমাত্ৰ মানুহ থাকিল অলপ ডাঙৰ হোৱা ল’ৰা বা ছোৱালীজনী। গতিকে সেই ল’ৰা বা ছোৱালীজনীৰো অঙ্গনৱাড়ী কেন্দ্ৰলৈ যোৱাৰ মুদা মৰে। ল’ৰা বা ছোৱালীজনীক লৈ যাবলৈও কোনো নাথাকে। বাগানৰ ভিতৰত কাম কৰা বহু অঙ্গনৱাড়ী কৰ্মীয়ে নিজেই ঘৰৰপৰা শিশু লৈ যাবলগীয়া হয়। তাৰোপৰি এই কেন্দ্ৰবোৰত বস্তু-বাহানিৰ অভাৱ, বনুৱাসকলৰ অশিক্ষা-কৰ্মব্যস্ততাৰ সুযোগ লৈ কেন্দ্ৰ পৰিচালনা কমিটিত একাংশ মানুহে কৰা দুৰ্নীতি আদিতো আছেই। বাগানত অঙ্গনৱাড়ী কেন্দ্ৰ স্থাপনত আন এক অসুবিধাও আছে। চাহ বাগানৰ ভিতৰত কোনো চৰকাৰী বা ৰাজহুৱা মাটি নাই। গতিকে অঙ্গনৱাড়ী কেন্দ্ৰ স্থাপন কৰিবলৈ বাগানৰ ভিতৰৰ যি অকণমান মাটি ব্যৱহাৰ কৰাৰ বাবে বাগান কৰ্তৃপক্ষৰপৰা এখন NOC (No Objection Certificate) আনিবলগা হয়। কিন্তু সেইখন সহজে দিব নোখোজে কৰ্তৃপক্ষই। বিভিন্ন ঠাইত বহু সংগ্ৰাম কৰিহে সেইখন আহৰণ কৰাৰ উদাহৰণ আছে।
২০০৭ চনৰপৰা চাহ বাগানবোৰো ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান (National Rural Health Mission)ৰ আওতালৈ অনা হয়। অসম চৰকাৰৰো প্ৰসূতি আৰু শিশু ৰক্ষা কৰাৰ বাবে কেইবাখনো আঁচনি আছে। কিন্তু ইতিমধ্যেই উল্লেখ কৰা হৈছে, এতিয়া অধিকাংশ শ্ৰমিকেই হৈছে অস্থায়ী। অস্থায়ী শ্ৰমিকসকলে প্ৰসূতি ছুটী নাপায়। গতিকে কেতিয়াবা প্ৰসৱ বেদনা হোৱাৰ আগদিনালৈও বাগানত কাম কৰি থাকিব লগীয়া হয়। তেওঁলোকৰ বহুতেই চিকিৎসালয়ৰ পৰিৱৰ্তে এতিয়াও ঘৰতেই সন্তান প্ৰসৱ কৰে। গতিকে তেওঁলোকে অসম চৰকাৰৰ ‘মমতা’, ‘মৰম’ আৰু ‘মামণি’ – এই তিনিওখন আঁচনিৰপৰাই বঞ্চিত হয়‌।
নমুনা পঞ্জীকৰণ ব্যৱস্থা (Sample Registration System ) ২০১১ চনৰ তথ্য মতে অসমত মাতৃত্বজনিত মৃত্যুৰ হাৰ দেশৰ ভিতৰত সৰ্বাধিক, প্ৰতি ১ লাখ প্ৰসৱৰ ভিতৰত ৩০০। ইয়াৰ কাৰণ বিশষকৈ দুটা অঞ্চল, চৰ অঞ্চল আৰু চাহ বাগানবোৰৰ ভিতৰত স্বাস্থ্যসেৱাৰ অতি দুখ লগা অৱস্থা। ডাঙৰ চাহ বাগানবোৰত স্বাস্থ্যকেন্দ্ৰবোৰ আছে। কিন্তু বাগানৰ শ্ৰমিকসকলৰ মাজত ৰক্তাল্পতা ইমানেই বেছি যে প্ৰসৱৰ সময়ত সামান্য ৰক্তক্ষৰণতো মহিলাৰ মৃত্যু হয়। শেহতীয়া এক সমীক্ষা মতে অসমৰ ৪৬.৬% মহিলাই ৰক্তহীনতাত ভুগি আছে। অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি বিভাগৰ মুৰব্বীৰ মতে চাহ বাগানৰ মহিলাৰ মাজত এই হাৰ ৮০%তকৈও বেছি। কিন্তু বাগানৰ মানুহৰ স্বাস্থ্যৰ এই অৱস্থা কেৱল মৰ্মান্তিকেই নহয়, সামগ্ৰিকভাৱে ভয়ানকো। ডিব্ৰুগড়ত থকা Indian Council of Medical Researchঅৰ অধীনৰ আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰই প্ৰকাশ কৰা প্ৰতিবেদন আৰু গৱেষণাপত্ৰত উল্লেখ কৰা মতে চাহ বাগানত কলেৰা, ডিপথেৰিয়া আদি এনে কিছুমান ৰোগ শেহতীয়াকৈ আকৌ দেখা দিছে যাক বিশ্ব স্বাস্থ্য সন্থাই (World Health organisation) পৃথিৱীৰপৰা নিৰ্মূল কৰা বুলি দাবী কৰিছিল‌।

এইদৰে দুশ বছৰীয়া ঔপনিৱেশিক শাসনৰ গাঁথনি, সত্তৰ বছৰীয়া 'স্বাধীন ভাৰতৰ প্ৰৱঞ্চনা’ আৰু এতিয়া বিগত ২৫ বছৰে নব্য উদাৰবাদৰ অক্টোপাছ হাতোৰা – এই সকলো মিলি ইতিমধ্যেই সৰ্বহাৰা হোৱা চাহ বনুৱাসকলৰ জীৱন আৰু অধিক দুৰ্বিষহ কৰি তুলিছে।

Share Button
Print Friendly, PDF & Email

No Comments : "যাৰ তেজেৰে চাহৰ ৰং ৰঙা- (অংশুমান শৰ্মা)"

Leave a Comment

Your email address will not be published. Required fields are marked *