জাতীয়তাবাদ (৩য় তথা অন্তিম খণ্ড) - (ডা. ধ্ৰুৱজ্যোতি বৰা)

(যোৱা সংখ্যাৰ পিছৰপৰা) 

অসমৰ জাতীয়তাবাদী আন্দোলন

আধুনিক যুগত অসমীয়া জাতীয়তাবাদৰ উন্মেষ কেতিয়া ঘটিছে বুলি প্ৰশ্ন কৰিলে আমি হয়তো উত্তৰ দিব লাগিব যে ব্ৰিটিছ শাসনকালত অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠাৰ সংগ্ৰামৰ মাজেদিয়েই অসমীয়া জাতীয়তাবাদৰ আধুনিক ৰূপে জন্ম লাভ কৰে।

১৮৩৬ চনত ব্ৰিটিছ ঔপনিবেশিক শাসকসকলে অসমত অসমীয়াৰ পৰিবৰ্তে স্কুল-কলেজ, কাছাৰী আৰু প্ৰশাসনৰ কামত বাংলা ভাষাৰ প্ৰবৰ্তনৰ পাছৰপৰা ক্ৰমে অসমীয়া শিক্ষিত মধ্যবিত্ত সমাজৰ মাজত এই ব্যৱস্থাৰ বিৰোধিতা আৰু অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠাৰ বাবে সচেতনতা আৰু সক্ৰিয়তা বাঢ়ি আহে। এমেৰিকান বেপ্টিষ্ট মিছনেৰিসকলৰ সক্ৰিয় সহায়-সহযোগিতাত সুদীৰ্ঘ ৩৬ বছৰৰ প্ৰচেষ্টাৰ ফলত ১৮৭২-৭৩ চনত অসমৰ কাছাৰী, প্ৰশাসন আৰু স্কুল-কলেজত শিক্ষাৰ মাধ্যম হিচাপে অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠা হ'ল।

এই কালছোৱাতেই আধুনিক অৰ্থত অসমীয়া জাতীয়তাবাদী চিন্তা-চৰ্চাৰো জন্ম হ'ল। আৰু এই জাতীয়তাবাদত জন্মলগ্নৰপৰাই ভাষাৰ বিষয়টোৱে এক প্ৰধান স্থান দখল কৰি আহিছে। সেয়ে ইয়াক বহুতে ভাষিক জাতীয়তাবাদো বোলে।

স্বাধীনতাৰ পৰৱৰ্তী কালত ১৯৬০ চনৰ অসমীয়া ৰাজ্যভাষা আন্দোলন আৰু (সেই বছৰ ৰাজ্যভাষা বিধেয়কখন গৃহীত হৈছিল, তাৰ আগৰপৰা ইয়াৰ বাবে বিভিন্ন দাবী উত্থাপিত হৈ আহিছিল) আৰু ১৯৭০-৭২ চনলৈ হোৱা মাধ্যম আন্দোলনৰ জৰিয়তে অসমীয়া ভাষিক জাতীয়তাবাদ শক্তিশালী হৈ পৰিছিল।

ইতিমধ্যে বঙ্গভংগ আন্দোলনৰ সময়ত পূৰ্ববংগক অসমৰ লগত জুৰি দিয়া আৰু স্বাধীনতাৰ সময়ত চিলেটৰ বিচ্ছেদৰ প্ৰশ্নটোত অসমীয়া আধুনিক জাতীয়তাবাদৰ ভৌগোলিক পৰিসীমাৰ ৰূপো ক্ৰমে স্পষ্ট হৈ পৰিছিল। অসমীয়া জাতীয়তাবাদে পূৰ্ববংগ বা চিলেটক কোনোদিনে লগত বিচৰা নাছিল, কিন্তু কাষৰীয়া পাৰ্বত্য অঞ্চলবোৰক ইয়াৰ স্বাভাৱিক প্ৰভাৱৰ এলেকা হিচাপে গণ্য কৰিছিল।
ইতিহাসৰ গতিত বৰ্তমান অসমীয়া জাতীয়তাবাদৰ ক্ষেত্ৰ সংকুচিত হৈ আহি ব্ৰহ্মপুত্ৰ উপত্যকাত সীমিত হৈ পৰিছেহি আৰু এই এলেকাতো ই অন্যান্য নৃগোষ্ঠীৰ লগত একেলগে থাকিবলৈ সন্মত হোৱাৰ অৱস্থা এটা পাইছেহি।

চৰিত্ৰগত দিশৰপৰা অসমীয়া জাতীয়তাবাদ এক নাগৰিক বা চিভিক চৰিত্ৰৰ জাতীয়তাবাদ। ইয়াৰ কেন্দ্ৰীয় বিষয় হ'ল অসমীয়া ভাষা। অসমীয়া ভাষাক গ্ৰহণ কৰা যিকোনো জাতি-জনগোষ্ঠী বা ভাষা ধৰ্মৰ লোকৰ বাবে এই জাতীয়তাবাদৰ দুৱাৰ মুকলি। অসমৰ বৃহৎ ইছলামধৰ্মী অভিবাসী সমাজক এইবাবেই ই নিজৰ মাজত সামৰি ল'ব বিচাৰে আৰু এইক্ষেত্ৰত ই বহুদূৰ কৃতকাৰ্যও নোহোৱা নহয়।

তেনেদৰে বিভিন্ন জনজাতি, নৃগোষ্ঠীৰ লোকসকলক কিছুদূৰ ই নিজৰ বৃত্তলৈ আনিবলৈ সক্ষম হৈছে। যদিও এই নৃগোষ্ঠীবোৰৰ মাজত শেহতীয়াকৈ নিজা নিজা নৃগোষ্ঠীগত জাতীয়তাবাদ মূৰ দাঙি উঠিছে তথাপিও অসমীয়া জাতীয়তাবাদৰ লগত এইবোৰ জাতীয়তাবাদে সততে সংঘৰ্ষমুখী অৱস্থান গ্ৰহণ কৰাতকৈ এক সহাৱস্থানৰ স্থিতি গ্ৰহণ কৰাটো পৰিলক্ষিত হৈছে।

এই সৰু সৰু নৃগোষ্ঠীগত জাতীয়তাবাদৰ উন্মেষ, প্ৰকাশ আৰু এইবোৰৰ কাউঞ্চিল আদি প্ৰশাসনিক গাঁথনিৰ জৰিয়তে একোখণ্ড এলেকাৰ ওপৰত কিছুদূৰ প্ৰশাসনিক নিয়ন্ত্ৰণ প্ৰতিষ্ঠাৰ আকাংক্ষাক অসমীয়া জাতীয়তাবাদে মুকলিকৈ বিৰোধিতা নকৰাটোৱেই হয়তো ইয়াৰ মূল কাৰণ। যদিও অসমীয়া জাতীয়তাবাদীসকলৰ কঠোৰ অংশটো এনেধৰণৰ একম'ডেশ্যনৰ সমৰ্থক নহয়, কিন্তু তেওঁলোকো ৰাজহুৱাভাৱে নীৰৱ হৈ থকাত এই প্ৰক্ৰিয়াটো সংঘৰ্ষমুখী হৈ উঠা নাই। এই একম'ডেশ্যনক দুৰ্বলতা বুলি গণ্য কৰাতকৈ অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ এক ঐতিহাসিক বৈশিষ্ট্য বুলিয়েই গণ্য কৰা উচিত হ'ব।

এইটো বাস্তৱ সত্য যে অসম বা ব্ৰহ্মপুত্ৰ উপত্যকা, বিভিন্ন ঐতিহাসিকভাৱে বিকাশ লাভ কৰা নৃগোষ্ঠী তথা জনসমষ্টিৰ উমৈহতীয়া আবাসভূমি। এই আবাসভূমিতেই সকলো মিলি-জুলি একেলগে থাকিব লাগিব। সকলোৱেই ইয়াতেই নিজৰ জাতীয় আশা-আকাংক্ষা পূৰণৰ পথ সন্ধান কৰিব লাগিব। এনেদৰে এটা পৰ্যায়লৈ সকলোৰে সন্মিলিত অংগ্ৰহণেৰে এখন উমৈহতীয়া সমাজ যেনেদৰে সম্ভৱপৰ হ'ব, তেনেদৰে এই সমাজৰ মাজতেই আটায়ে নিজৰ স্বকীয়তা ৰক্ষা কৰিবলৈকো সক্ষম হ'ব। এক বহুত্ববাদী সমাজৰ ধাৰণাত জাতীয়তাবাদী ধ্যান-ধাৰণাবোৰৰ পৰস্পৰৰ মাজত বিনিময় আৰু একম’ডেশ্যনৰ প্ৰয়োজন হ'ব। সংঘৰ্ষ নহয়, বুজাবুজি, মৈত্ৰী আৰু সহাৱস্থানৰ প্ৰয়োজন হ'ব।

জাতীয়তাবাদ এক ৰাজনৈতিক প্ৰকল্প

জাতীয়তাবাদ সম্পৰ্কে সাধাৰণ ধাৰণা আমাৰ সকলোৰে আছে, কিন্তু এই জাতীয়তাবাদ সম্পৰ্কে বিশ্বৰ যিবোৰ সৰ্বাধুনিক বৌদ্ধিক আলোচনা হৈছে সেই বিষয়ে আমি সকলো কথা নাজানো। আমি এই কথা স্পষ্টকৈ বুজি পাব লাগিব যে জাতীয়তাবাদ মূলতেই হ'ল এটা ৰাজনৈতিক প্ৰকল্প বা প্ৰজেক্ট। ইয়াক আনধৰণে চোৱাটো ঐতিহাসিকভাৱে ভুল হ'ব।

আধুনিক জাতি এটাক সমাজবিজ্ঞানীসকলে এটা অৰ্ধকৃত্ৰিম নিৰ্মাণ (semiartificial construct) বুলি অভিহিত কৰিছে। তেনেদৰে জাতি গঠনৰ যি মতাদৰ্শ বা আইডিয়ল'জি সিও এটা নিৰ্মাণ কৰি লোৱা বস্তু। ই মানুহৰ এক বিশেষধৰণৰ বৌদ্ধিক চিন্তা-চৰ্চাৰ ফচল। নাগৰিক জাতীয়তাবাদেই হওক বা নৃগোষ্ঠীগত জাতীয়তাবাদেই হওক দুই ক্ষেত্ৰতেই ই সমানেই সঁচা।

এনে জাতীয়তাবাদ বা জাতি শূন্যত নিৰ্মাণ কৰিব নোৱাৰি। বাস্তৱত থকা কিছুমান আধাৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই এনে নিৰ্মাণৰ কাম হাতত লোৱা হয়। এনে আধাৰ সমূহৰ ভিতৰত কেন্দ্ৰীয় বা objective বিষয়বোৰ হ'ল এক নিৰ্দিষ্ট ভৌগোলিক এলেকা, এটা উমৈহতীয়া ভাষা, সংস্কৃতি, পৰম্পৰা-ঐতিহ্য আৰু এক উমৈহতীয়া ঐতিহাসিক অভিজ্ঞতা। Subjective বিষয়বোৰৰ ভিতৰত নৃগোষ্ঠী এটাই বা জাতি গঠন কৰিব বিচৰা জনগোষ্ঠীবোৰে নিজকে এটা জাতি বুলি ভবা, ভাবিবলৈ লোৱা আৰু বিশ্বাস কৰাটোও এটা গুৰুত্বপূৰ্ণ কথা। এই বিশ্বাস জন্ম হ'লেহে তেওঁলোকে জাতি গঠনৰ প্ৰক্ৰিয়াটোত চামিল হ'বলৈ আৰু ইয়াৰ স্বাৰ্থত ত্যাগ কৰিবলৈ, আনকি প্ৰয়োজনত ইয়াৰ বাবে চৰম আত্মত্যাগ কৰিবলৈকো প্ৰস্তুত হয়।

জাতি গঠনৰ চালিকাশক্তি

জাতি গঠনৰ কাম-কাজ আৰু জাতীয়তাবাদী মতাদৰ্শ আগ বঢ়াই নিবলৈ সমাজত এটা শক্তিশালী সামাজিক বৰ্গ সৃষ্টি হোৱাৰো প্ৰায়োজন। সাধাৰণতেই সমাজখনৰ বুৰ্জোৱা আৰু পেটিবুৰ্জোৱা তথা শিক্ষিত মধ্যবিত্ত শ্ৰেণীয়েই হ'ল এই সামাজিক বৰ্গ। ফৰাচী বিপ্লৱ তথা ফৰাচী জাতীয়তাবাদ, জাৰ্মান জাতীয়তাবাদ, ইটালীয় জাতীয়তাবাদৰ মূল চালিকাশক্তি আছিল এই আধুনিক বুৰ্জোৱা শ্ৰেণীৰ প্ৰতিনিধিসকল। সেই ক্লাছিকেল যুগৰ অৱসানৰ পাছত আজিৰ পৃথিৱীত জাতীয়তাবাদৰ মূল সমৰ্থক হ'ল সমাজৰ শিক্ষিত মধ্যশ্ৰেণী।

জাতীয়তাবাদৰ সদায় এটা ৰাজনৈতিক লক্ষ্য থাকে। এক ভৌগোলিক এলেকাৰ ওপৰত এটা জাতিৰ ৰাজনৈতিক নিয়ন্ত্ৰণ প্ৰতিষ্ঠাই হ'ল সাধাৰণভাৱে এই ৰাজনৈতিক লক্ষ্য, আৰু এই লক্ষ্য স্বাধীন দেশ গঠনৰপৰা পৰিস্থিতি সাপেক্ষে বিভিন্নধৰণৰ স্বায়ত্তশাসন হয়। জাতীয়তাবাদী মতাদৰ্শৰ সহায়ত ইয়াৰ মূল বাহক মধ্যশ্ৰেণীয়ে নিজৰ স্বাৰ্থ আৰু ৰাজনৈতিক আকাংক্ষা পূৰণ কৰাৰ প্ৰয়াস কৰে। এনে অন্যতম আকাংক্ষা হ'ল সমাজ আৰু নিৰ্দিষ্ট এলেকাৰ ওপৰত ইয়াৰ আধিপত্য (হেজিমনি) প্ৰতিষ্ঠা কৰা।

জাতীয়তাবাদী কাৰ্যসূচীৰ ঐতিহাসিক ৰূপৰেখা

প্ৰত্যেক প্ৰকল্পৰ দৰে জাতীয়তাবাদী প্ৰকল্পৰো এখন কাৰ্যসূচী থাকে। এই কাৰ্যসূচীয়েই ইয়াৰ মূল চালক। আধুনিক জাতীয়তাবাদৰ কাৰ্যসূচীৰ কিছুমান অতি শক্তিশালী বৈশিষ্ট্য থাকে যিবোৰে জাতীয়তাবাদী প্ৰকল্পটোক কেতবোৰ বিশেষ চৰিত্ৰ প্ৰদান কৰে। এইবাৰ আমি এই বৈশিষ্ট্যবোৰৰ বিষয়ে আলোচনা কৰিম। এই আলোচনাই আমাক অসমৰ জাতীয়তাবাদৰ চৰিত্ৰ সম্পৰ্কেও বুজি উঠাত সহায় কৰিব।

জাতীয়তাবাদ : আধুনিকীকৰণ, পশ্চিমীয়াকৰণ

আধুনিক জাতীয়তাবাদৰ এটা প্ৰধান লক্ষণ হ'ল যে ই জাতিটোক অতি কম সময়ৰ ভিতৰতে আধুনিকীকৰণ কৰিব বিচাৰে। আধুনিক যুগলৈ দ্ৰুতভাৱে যোৱাৰ উগ্ৰ ইচ্ছা হ'ল আধুনিক জাতীয়তাবাদৰ এটা মূল বৈশিষ্ট্য। ব্যৱহাৰিক ক্ষেত্ৰত এই আধুনিকতাৰ অৰ্থ হ'ল পশ্চিমীয়াকৰণ – westernisation. আধুনিক জাতীয়তাবাদে ইয়াৰ সদস্যসকলক দ্ৰুতভাৱে পশ্চিমীয়া চিন্তা-চৰ্চা, আদব-কায়দা আৰু জীৱন-যাপনৰ পৰিমণ্ডললৈ লৈ যাব বিচাৰে। এই modernisation আৰু westernisationঅৰ সচেতন কাৰ্যসূচী অবিহনে আচলতে আধুনিক জাতীয়তাবাদী চিন্তা আৰু প্ৰকল্প আধৰুৱা বা অসম্পূৰ্ণ হৈ থাকে। আধুনিকতা আৰু পশ্চিমীয়াকৰণ - মডাৰ্নাইজেশ্যন আৰু ৱেষ্টাৰনাইজেশ্যনক জাতীয়তাবাদে ইয়াৰ এক প্ৰধান কাৰ্যসূচী হিচাপে গ্ৰহণ কৰাৰ কিছুমান জৰুৰী ৰাজনৈতিক আৰু ব্যৱহাৰিক কাৰণো থাকে। এই কথাটো বুজিলেহে এই কাৰ্যসূচীৰ গুৰুত্বটো ধৰিব পাৰি।

আধুনিকতাৰ প্ৰতি আকৰ্ষণ সাম্প্ৰতিক যুগত কম-বেছি পৰিমাণে সমাজৰ সকলো অংশৰ লোকৰে থাকে। আধুনিক বুৰ্জোৱা, পেটিবুৰ্জোৱা - মধ্যবিত্ত, নিম্ন মধ্যবিত্ত, ঔদ্যোগিক শ্ৰমিক, আনকি বহুশ্ৰেণীৰ স্তৰবিশিষ্ট বহুল খেতিয়ক সমাজখনৰ মাজতো এনে আকৰ্ষণ আছে। বৰ্তমান পৃথিৱীৰ বিকশিত যোগাযোগ আৰু বাণিজ্যৰ যুগত এনে আকৰ্ষণ অধিক দুৰ্বাৰ হৈহে উঠিছে। আমাৰ সমাজত এনে আকৰ্ষণৰ এটা সাধাৰণ প্ৰকাশ হ'ল নিজৰ ল'ৰা-ছোৱালীক ইংৰাজী ভাষাৰ বিদ্যালয়ত পঢ়োৱাৰ প্ৰৱণতা।

মূল কথাটো হ'ল - বহু শ্ৰেণী, বহু স্তৰবিশিষ্ট সমাজ এখনত - য'ত বিভিন্ন ভাষা-ধৰ্মৰ মানুহ বাস কৰে, বিভিন্ন সাংস্কৃতিক পৰিমণ্ডলৰ মানুহে কাম কৰে, বিভিন্ন সৰু-বৰ নৃগোষ্ঠীৰ মানুহো বাস কৰে, তেনে সমাজত আধুনিকতা আৰু পশ্চিমীয়াকৰণৰ কাৰ্যসূচীয়ে সমাজখনৰ এক বুজন অংশৰ লোকক এটা নতুন স্তৰত ঐক্যবদ্ধ কৰিব পাৰে, নতুন ভবিষ্যত, উজ্জ্বল ভবিষ্যতৰ সপোন দেখুৱাব পাৰে। এনে কাৰ্যসূচীয়ে ডেকাচামক অধিক উৎসাহিত কৰে - ঐক্যবদ্ধ কৰে জাতীয়তাবাদী পতাকাৰ তলত। আৰু পশ্চাৎপদ, বহুধাবিভক্ত সমাজখনৰ মাজৰ বিভেদবোৰ বহুদূৰ অতিক্ৰম কৰি এক নতুন দিশেৰে আগ বঢ়াত ই আন্দোলনটোক সহায় কৰে।

পশ্চাৎপদ আৰু পশ্চাৎমুখী, গোড়া মানসিকতাৰ সামাজিক শক্তি আৰু গোটবোৰক ই বহুদূৰ অকামিলা বা নিউট্ৰেলাইজো কৰি পেলায়। নহ'লে বহু ক্ষেত্ৰত সামাজিকভাৱে প্ৰতিপত্তিশীল অথচ প্ৰাচীনপন্থী আৰু প্ৰতিক্ৰিয়াশীল সামন্তীয় শক্তিবোৰ, পুৰোহিত শ্ৰেণী, সন্ত-মহন্ত, সত্ৰাধিকাৰ, ধৰ্মৰ বেপাৰী আদি শক্তিবোৰক কাবু কৰাই কঠিন হৈ পৰে। এবাৰ এইবোৰ শক্তিয়ে জাতীয়তাবাদী আন্দোলনত দপদপাবলৈ পালে ইহঁতে আন্দোলনটোক ঐক্যৰ পৰিবৰ্তে বিভেদৰ, প্ৰগতিৰ পৰিবৰ্তে প্ৰতিক্ৰিয়াৰ আন্দোলনলৈ ৰূপান্তৰ ঘটাই পেলায়।

জাতীয়তাবাদ : যুক্তিবাদ আৰু বৈজ্ঞানিক মানসিকতা

আধুনিক অন্বেষণে জাতীয়তাবাদলৈ অৱধাৰিতভাৱে লৈ আহে পশ্চিমীয়া যুক্তিবাদী (Western rationalistic) চিন্তা-চৰ্চাক।
আধুনিক জাতীয়তাবাদে সদায় যুক্তিবাদক ইয়াৰ মূল অস্ত্ৰ হিচাপে গ্ৰহণ কৰে। যুক্তিৰ কষটি শিলত পৰীক্ষিত হ'লেহে যিকোনো বস্তু গ্ৰহণ কৰা হয় নাইবা বৰ্জন কৰা হয়। এই যুক্তিবাদ আধুনিক জাতীয়তাবাদী চিন্তা-চেতনা, কাৰ্যসূচী তথা প্ৰকল্প নিৰ্মাণৰ ক্ষেত্ৰত সদায় এটা কেন্দ্ৰীয় বিষয় হয়।
ইয়াৰ লগতে আধুনিক জাতীয়তাবাদে বিজ্ঞান আৰু বৈজ্ঞানিক মানসিকতাক দৃঢ়ভাৱে গ্ৰহণ কৰে। জীৱনৰ প্ৰতিটো দিশত, ই বিজ্ঞানক ব্যৱহাৰ কৰাৰ প্ৰয়াস কৰে আৰু সমাজত এনে বিজ্ঞানৰ ব্যৱহাৰ আৰু বৈজ্ঞানিক মানসিকতা গঢ়ি তোলাৰ ক্ষেত্ৰত ই সচেতন কাৰ্যসূচী গ্ৰহণ কৰে।
এই দুটা প্ৰধান দিশে আধুনিক জাতীয়তাবাদক ইয়াৰ মূল বৈশিষ্ট্য প্ৰদান কৰে। অসমত উদ্ভৱ হোৱা জাতীয়তাবাদৰ ক্ষেত্ৰত এইবোৰ বৈশিষ্ট্য আছিলনে নাই সেইটো আমি সকলোৰে বিচাৰ কৰি চাব লাগিব।

আধুনিক জাতীয়তাবাদ আৰু ধৰ্মনিৰপেক্ষতা

এই তিনিটা প্ৰধান দিশৰ লগতে আধুনিক জাতীয়তাবাদৰ আন যিটো প্ৰধান বৈশিষ্ট্য সেইটো হ'ল খুব দৃঢ় ধৰ্মনিৰপেক্ষতা - ছেকুলাৰিজম। আধুনিক জাতীয়তাবাদে ধৰ্মনিৰপেক্ষতাক ইয়াৰ এটা প্ৰধান চৰ্ত হিচাপে গণ্য কৰে।

ঐতিহাসিকভাৱে ফৰাচী বিপ্লৱৰ লগে লগে যি আধুনিক জাতীয়তাবাদৰ জন্ম হৈছিল। তাত বিপ্লৱোত্তৰ প্ৰথম এটা প্ৰধান কাম আছিল ধৰ্ম আৰু ৰাষ্ট্ৰ - চাৰ্চ এণ্ড ষ্টেটৰ সম্পূৰ্ণ পৃথকীকৰণ। নাগৰিক চৰিত্ৰৰ জাতীয়তাবাদে যাতে দেশখনৰ সকলো ধৰ্মৰ লোককেই সামৰি জাতি আৰু জাতি-ৰাষ্ট্ৰ গঠনৰ দিশত আগ বাঢ়ি যাব পাৰে তাৰ বাবে জাতীয়তাবাদৰপৰা ধৰ্মক সদায় আঁতৰত ৰাখি নাগৰিকসকলৰ মাজত ঐক্যৰ স্বাৰ্থতে ধৰ্ম আৰু ৰাষ্ট্ৰক কঠোৰভাৱে পৃথক কৰি ধৰ্মনিৰপেক্ষ নীতি লয়।

নৃগোষ্ঠীগত জাতীয়তাবাদৰ ক্ষেত্ৰত নৃগোষ্ঠীটোৰ ধৰ্ম একেটাই হ'লে জাতীয়তাবাদী প্ৰকল্পত ধৰ্মৰ প্ৰশ্নটো হয়তো গৌণ হৈ পৰে। হয়তো বুলি এই কাৰণেই কোৱা হৈছে যে কেতিয়াবা ধৰ্মৰ পুৰোহিত বা যাজক শ্ৰেণীটোও জাতীয়তাবাদৰ প্ৰধান প্ৰবক্তা হৈ পৰিব পাৰে। তেতিয়া জাতীয়তাবাদ আৰু ‘পুৰোহিততন্ত্ৰ' একাকাৰ হৈ পৰে। কিন্তু নৃগোষ্ঠীটোৰ মাজতো বিভিন্ন ধৰ্মমতৰ প্ৰচলন থাকিলে নৃগোষ্ঠীগত জাতীয়তাবাদেও ধৰ্মনিৰপেক্ষতাৰ নীতিয়েই গ্ৰহণ কৰিবলৈ বাধ্য হয়। জাতীয়তাবাদ আৰু জাতিগঠনৰ বাটত ধৰ্ম যাতে এক কৃত্ৰিম দেৱাল হ'ব নোৱাৰে তাৰ বাবেই এনে ব্যৱস্থা।

অসমীয়া জাতি বিভিন্ন ধৰ্মৰ মানুহৰদ্বাৰা গঢ়ি উঠিছে। কুৰি শতিকাৰ প্ৰথম আৰু মাজভাগত পূৰ্ব বংগৰপৰা অহা ইছলামধৰ্মী লোকসকলে অসমীয়া ভাষা গ্ৰহণ কৰাৰ জৰিয়তে স্বাৰ্থহীনভাৱে অসমীয়া জাতিৰ অংশ হৈ পৰে। অসমীয়া জাতীয়তাবাদীৰ সুস্থ অংশই সেয়ে অসমীয়া জাতি আৰু জাতীয়তাবাদক কঠোৰভাৱে ধৰ্মনিৰপেক্ষ কৰি ৰাখিব খোজে, যাতে ধৰ্মৰ প্ৰশ্নটো জাতি গঠনৰ ক্ষেত্ৰত অনৈক্য আৰু বিভেদৰ কাৰণ হৈ নপৰে। কিন্তু একাংশ হিন্দু মৌলবাদীয়ে নিজৰ ধৰ্মীয় সংকীৰ্ণ চিন্তাধাৰাৰে অসমীয়া জাতি আৰু জাতীয়তাবাদক হিন্দু অসমীয়াসকলৰ মাজতে সীমাবদ্ধ কৰি ৰাখিব বিচাৰে। এনে চিন্তা নিৰ্বাচনী ৰাজনীতিৰ বুজাবুজিৰ ক্ষেত্ৰখনলৈকে সম্প্ৰসাৰিত কৰিব বিচৰা হয়। এই দিশবোৰলৈ সচেতন সকলোৱে মনোযোগ দিয়া উচিত। তেনে প্ৰৱণতা বাঢ়ি আহিলে অসমীয়া জাতীয়তাবাদ এদিন ধৰ্মৰ ভিত্তিত খণ্ডিত হৈ পৰিব সেইটো অৱধাৰিত।

আধুনিক জাতীয়তাবাদ আৰু নীতিনিষ্ঠ কৰ্মসংস্কৃতি

আধুনিক জাতীয়তাবাদৰ এটা অন্যতম প্ৰধান বৈশিষ্ট্য হৈছে যে ই এক দৃঢ় আৰু নীতিনিষ্ঠ কৰ্মসংস্কৃতি গঢ়ি তোলাৰ পৃষ্ঠপোষকতা কৰে। কাম কৰাৰ, বেছিকৈ কাম কৰাৰ আৰু সুচাৰুৰূপে কাম কৰাৰ এক মানসিকতা গঢ়ি তোলাৰ চেষ্টা কৰে। এই কামকে Developing a protestant work culture বুলি কোৱা হয়।

দেশ আৰু জাতি গঢ়িবৰ বাবে সুদক্ষ খেতিয়ক, শ্ৰমিক, সাহসী সৈনিক, দক্ষ প্ৰশাসক, ভাল শিক্ষক, ভাল ছাত্ৰ-ছাত্ৰী, সুদক্ষ চিকিৎসক, অভিযন্তা, বৈজ্ঞানিক - সমাজজীৱনৰ প্ৰয়োজনীয় সকলোধৰণৰ নাগৰিক সৃষ্টি কৰা আৰু তেওঁলোকে ভালদৰে কাম কৰি দেশ আৰু জাতিক আগ বঢ়াই নিয়াৰ বাবে প্ৰয়োজনীয় কৰ্মসংস্কৃতি গঢ়ি তোলাৰ প্ৰয়াস কৰে আধুনিক জাতীয়তাবাদে।

আধুনিক জাতীয়তাবাদ আৰু অতীজৰ লগত স্পষ্ট বিভাজন

আধুনিক জাতীয়তাবাদৰ অন্য এটা বৈশিষ্ট্য হৈছে যে ই অতীতৰ লগত এটা স্পষ্ট বিভাজন ঘটায়।
অন্ধ অতীতপ্ৰীতি আধুনিক জাতীয়তাবাদৰ লক্ষণ নহয়। বৰঞ্চ অতীতে ইয়াক দ্ৰুতভাৱে আধুনিকতাৰ দিশত আগ বাঢ়ি যোৱাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা বুলিহে ধৰা হয়। অতীতৰ লগত স্পষ্ট বিভাজন ঘটোৱাৰ মূল উপায় হ'ল সমাজৰ ক্ষমতাবাহী শ্ৰেণীটোৰ ক্ষমতা, প্ৰভুত্ব তথা আধিপত্য শেষ কৰাটো। ইয়াৰ বাবে পুৰণা শাসক, শাসন ব্যৱস্থা আৰু তাৰ ধাৰক-বাহকসকলক আঁতৰ কৰা হয়। সমাজৰ উত্থানশীল আধুনিক বুৰ্জোৱা, পেটিবুৰ্জোৱা শ্ৰেণীটোৱে ফৰাচী বিপ্লৱৰ ক্ষেত্ৰত পূৰ্ব বংশৰ সম্ৰাটসকলৰ ক্ষমতা নিঃশেষ কৰাই নহয়, ফ্ৰান্সৰ সামন্তবাদী সমগ্ৰ অভিজাত শ্ৰেণীটোকেই ধ্বংস কৰিছিল।

এইটো এটা ক্লাছিকেল তথা ধ্ৰুপদী আৰু চৰম উদাহৰণ। কিন্তু মন কৰিবলগীয়া কথা এইটোহে যে য'ত য'ত আধুনিক জাতীয়তাবাদৰ উন্মেষ ঘটিছে তাতেই অতীতৰ লগত স্পষ্ট বিভাজন ঘটোৱা হৈছে আৰু তেনে কৰোতে পুৰণা শাসক সুবিধাভোগী শ্ৰেণীটোক ক্ষমতাহীন কৰি পেলোৱা হৈছে। পৰিস্থিতি অনুসৰি ইয়াৰ ৰূপভেদ বা মাত্ৰাৰ তাৰতম্য ঘটিছে। কিন্তু মূল দিশটো একেই আছে।

সাধাৰণতে জাতীয়তাবাদে ৰাজতন্ত্ৰ-অভিজাততন্ত্ৰৰ অৱসান ঘটাই আধুনিক প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠাৰ পোষকতা কৰে - কিন্তু এই কাম কৰে গণতান্ত্ৰিক পন্থাৰে। নাইবা কেতিয়াবা সামৰিক শক্তিৰ সহায় লৈ গণতন্ত্ৰৰ মাজেদিও শক্তিশালী স্বৈৰতান্ত্ৰিক শাসক বা শাসন ব্যৱস্থা জাতীয়তাবাদে জন্ম দিব পাৰে। সাহিত্য, ধ্ৰুপদী কলা আৰু লোককলা তথা সংস্কৃতিৰ অতীতৰ সম্পদখিনিৰ বাহিৰে আধুনিক জাতীয়তাবাদে অতীতৰ অন্য কোনো দিশকেই বিশেষ স্বীকৃতি নিদিয়ে - বিশেষকৈ সামাজিক নীতি-নিয়ম, বিশ্বাস, পৰম্পৰা, ৰীতি-নীতি আদি বহুত দিশেই পৰিত্যাগ কৰি আধুনিকতা তথা পশ্চিমীয়া ধৰণ-কৰণক গ্ৰহণ কৰে।

আধুনিক জাতীয়তাবাদৰ আধুনিকীকৰণ তথা পশ্চিমীয়াকৰণৰ অন্তৰালত যিটো বিষয় ক্ৰিয়াশীল হয়, সেইটো হ'ল পূৰ্বৰ বিভেদ, বিভাজন, অনৈক্যৰ সকলো অৱশেষ শেষ কৰি দি সমগ্ৰ সদস্যসকলৰ মাজত এটা নতুন পৰ্যায়ৰ ঐক্য স্থাপন কৰা। ইয়াৰ জৰিয়তে আগবঢ়া, পাছপৰা সকলো সামাজিক শ্ৰেণীকে একত্ৰিত কৰিব পৰা যায়।

জাতীয়তাবাদ এটা প্ৰকল্প

এই কথাখিনিৰে মই যিটো বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব খুজিছো সেইটো হ'ল যে জাতীয়তাবাদ মূলতেই এটা প্ৰকল্প আৰু ই প্ৰধানতঃ এটা ৰাজনৈতিক তথা সামাজিক প্ৰকল্প যাৰ লগত সাংস্কৃতিক দিশটো অগাংগীভাৱে জড়িত হৈ থাকে। আৰু যিহেতু ই এটা ৰাজনৈতিক প্ৰকল্প, ইয়াৰ এখন ঘোষিত কাৰ্যসূচী আৰু পৰিকল্পনা থাকে - যি জাতীয়তাবাদক গতি দিয়ে, মাৰ্গ দৰ্শন কৰোৱায়।

এনে কাৰ্যসূচী নিৰ্মাণ কৰে জাতীয়তাবাদী বুদ্ধিজীৱী আৰু নেতাসকলে। জাতীয়তাবাদ কেৱল স্বতঃস্ফূৰ্ততাৰ ওপৰত গঢ় লৈ নুঠে। ই এটা পৰিকল্পিত আৰু কষ্টকৰ কাম। অসমৰ জাতীয়তাবাদী আন্দোলনৰ যিহেতু এনে কোনো কাৰ্যসূচী আৰু প্ৰকল্প নাছিল, গতিকে দুবাৰো ৰাজ্য পৰ্যায়ৰ ক্ষমতালৈ আহিও ই খেৰৰ জুইৰ দৰে হ'ল - ইয়াৰ স্থায়ী কোনো সাঁচটো সমাজত নাথাকিলেই, বৰঞ্চ ইয়াৰ বিভিন্ন কাৰ্যসূচী ইয়াৰ বিৰোধী আৰু সৰ্বভাৰতীয় দলবোৰে ‘হাইজেক' কৰি ল'লে।

আধুনিক জাতীয়তাবাদী প্ৰকল্প নিৰ্মাণ কিমান গভীৰ আৰু সৰ্বব্যাপক হয় তাক মই এটা উদাহৰণ দি শেষ কৰিব খুজিছো। পৃথিৱীৰ সকলো প্ৰধান ঠাইত - ফ্ৰান্স, জাৰ্মানি, ৰাছিয়া, ইটালি, চীন, জাপান সকলোতে নিজা নিজা ধৰণে একে ঘটনাই ঘটিছিল। কিন্তু মই উদাহৰণৰূপে দিব খুজিছো ইউৰোপৰ সীমাত থকা এছিয়াৰ এখন দেশ তুৰস্ক আৰু তুৰ্কী জাতীয়তাবাদৰ।

এসময়ত তুৰ্কী অটমেন সাম্ৰাজ্যই পৃথিৱী কঁপাই আছিল। এই অটমেন সাম্ৰাজ্যৰ শেষৰ ফাললৈ তুৰস্কত জাতীয়তাবাদী চিন্তা-চৰ্চাৰ আৰম্ভ হৈছিল। অষ্টাদশ শতিকাত আৰম্ভ হোৱা আধুনিকীকৰণৰ প্ৰচেষ্টা ঊনবিংশ আৰু কুৰি শতিকালৈ এক প্ৰচণ্ড জাতীয়তাবাদী জাগৰণত পৰিণত হ'ল - বিশেষকৈ তুৰ্কী সাম্ৰাজ্যৰ যুদ্ধত পৰাজয়ৰ পাছত।

এই জাগৰণৰ ফলত তুৰস্কত মুস্তাফা কামাল আতাতুৰ্কৰ নেতৃত্বত পুৰণা ৰাজতন্ত্ৰৰ অৱসান ঘটাই তুৰস্কত এখন আধুনিক প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা কৰা হ'ল। অভিজাতপন্থীসকলক ৰাজনৈতিক ক্ষমতা আৰু সামাজিক জীৱনৰপৰা সম্পূৰ্ণভাৱে অপসাৰিত কৰা হ'ল। আনকি যি তুৰ্কী সাম্ৰাজ্যৰ সামৰিক শক্তিৰ ধ্বনিস্বৰূপ বংশানুক্ৰমিক বিখ্যাত তুৰ্কী জেনিচেৰি সামৰিক বাহিনী আছিল তাকো সম্পূৰ্ণৰূপে ভাঙি দি এক আধুনিক ‘প্ৰফেছনেল' সামৰিক বাহিনী গঢ়ি তোলা হ'ল। এনেদৰে তুৰ্কী জাতীয়তাবাদে অতীজৰ লগত এক স্পষ্ট আৰু সম্পূৰ্ণ জলচ্ছেদ বা বিলগ্নতাৰ সৃষ্টি কৰি তুৰস্কৰ আধুনিকীকৰণৰ বাট মুকলি কৰি ল'লে।

অতীতক বিসৰ্জন দি নতুন-আধুনিকক অতি সোনকালে গ্ৰহণ কৰিবলৈ তেওঁলোকৰ উদগ্ৰ বাসনাৰ সামাজিক-সাংস্কৃতিক প্ৰকাশবোৰ চাওক।
তুৰস্ক এখন প্ৰধানতঃ ইছলামিক দেশ। কিন্তু জাতীয়তাবাদীসকলে ইছলামিক মোল্লাতন্ত্ৰৰ শক্তি খৰ্ব কৰি তেওঁলোকক মছজিদ, মাদ্ৰাছাৰ মাজত আৰু ধৰ্মৰ ক্ষেত্ৰতহে একেবাৰে সীমাবদ্ধ কৰি ৰাখিলে। দেশৰ মূল শিক্ষাব্যৱস্থাক আধুনিক আৰু ধৰ্মনিৰপেক্ষ শিক্ষা ব্যৱস্থা হিচাপে গঢ়ি তোলা হ'ল। তুৰ্কী ভাষাৰ সংস্কাৰ কৰি ইমানদিনে চলি অহা আৰবী লিপি পৰিত্যাগ কৰি ৰোমান লিপি গ্ৰহণ কৰা হ'ল। নাৰীক পুৰুষৰ সমান স্বাধীনতা আইনৰ সহায়ত প্ৰদান কৰা হ'ল। আনকি পৰম্পৰাগতভাৱে তুৰ্কী ইছলামধৰ্মী নাৰীসকলে মূৰত বান্ধি অহা স্কাৰ্ফখন আইনৰ সহায়ত বে-আইনী ঘোষণা কৰা হ'ল। আধুনিকতাবাদীসকলৰ বাবে এই স্কাৰ্ফখন শতিকাজোৰা পুৰুষশাসিত সমাজত নাৰী নিপীড়নৰ প্ৰতীক হৈ পৰিল।

সাজ-পোছাকৰ ক্ষেত্ৰতো ফেজ টুপী, পুৰণা পোছাক সকলো আইনৰ সহায়ত পৰিত্যাগ কৰি সম্পূৰ্ণ পশ্চিমীয়া সাজ-পাৰ - কোট, পেন্ট, ছুট আৰু মহিলাৰ স্কাৰ্ফ গ্ৰহণ কৰা হ'ল। সাংস্কৃতিক ক্ষেত্ৰত চুফীবাদী দৰবেশসকলৰ জমায়তৰ গৃহবোৰ ভাঙি দি আৰু তেওঁলোকৰ বিশেষধৰণৰ ধৰ্মীয় নৃত্য বে-আইনী ঘোষণা কৰি বন্ধ কৰি দিয়া হ'ল। সংগীত আৰু নৃত্যৰ ক্ষেত্ৰত, চিত্ৰকলাৰ ক্ষেত্ৰত প্ৰাচীন পৰম্পৰাবোৰ বাদ দি স্বাৰ্থহীনভাৱে পশ্চিমীয়া ধ্ৰুপদী চিত্ৰকলা, সংগীত আৰু নৃত্যক গ্ৰহণ কৰা হ'ল।

এনেদৰে তুৰস্কৰ জাতীয়তাবাদী সকলে যুক্তি, বিজ্ঞান, পশ্চিমীয়া দৰ্শন আৰু চিন্তাভাৱনাৰ সহায় লৈ প্ৰায় মধ্যযুগীয় তুৰ্কী সাম্ৰাজ্যৰ পশ্চাৎপদতাত পোত খাই থকা তুৰ্কসকলক দ্ৰুতভাৱে আধুনিকতাৰ দিশলৈ আগ বঢ়াই নি এটা শক্তিশালী আধুনিক জাতি হিচাপে গঢ়ি তুলিবলৈ সক্ষম হ'ল। তুৰস্কৰ উদাহৰণটো নিশ্চিতভাৱে এটা চৰম উদাহৰণ। কিন্তু অকণমান ভালকৈ চালেই দেখা যায় যে এনে একেধৰণৰ ঘটনাই পৃথিৱীৰ বিভিন্ন ঠাইত জাতীয়তাবাদী আন্দোলনবোৰৰ মাজত ঘটি আহিছে।

সামৰণি

আমি ভাবো যে আমি জাতীয়তাবাদ সম্পৰ্কে আমি বহুত জানো। কাৰণ আমি আমাৰ ভাষাত ‘পৃথিৱী কঁপোৱা' আন্দোলন কৰি আহিছো। কিন্তু ওপৰৰ সাধাৰণ আলোচনাৰপৰাই এইটো স্পষ্ট হৈ পৰে যে জাতীয়তাবাদ সম্পৰ্কে আমাৰ বোধ আৰু উপলব্ধি নিতান্তই সীমিত। শেহতীয়াকৈ অসমত নৃগোষ্ঠীগত জাতীয়তাবাদৰ যিবোৰ প্ৰকাশ ঘটিছে, সেই বিষয়েতো আমি অধিক দিশহাৰা। বৰ্তমান সময়ত এই আন্দোলনবিলাকৰ বিষয়ে প্ৰচুৰ বিদ্যায়তনিক চিন্তা-চৰ্চা আৰু গৱেষণাৰ প্ৰয়োজন হৈ পৰিছে – আশা কৰো এই আলোচনাই কাৰোবাক এই দিশত অনুসন্ধান আৰু গৱেষণাৰ বাবে অনুপ্ৰাণিত কৰিব। ৰাজনীতিজ্ঞসকলে তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থত নিজা নিজা কাম কৰি গৈ থাকিব। কিন্তু শিক্ষাসদী অনুষ্ঠান-প্ৰতিষ্ঠানবোৰত থকা একাডেমিকসকলে নিজৰ কাম নকৰিলে দোষে চুব। আমাৰ কাম পলিটিচিয়ানক বাট দেখুওৱা নহয়। আমাৰ কাম - ৰাইজক ন-কৈ চিন্তা-চৰ্চা কৰিবলৈ, ভাবিবলৈ, প্ৰশ্ন কৰিবলৈ সচেতন আৰু সক্ষম কৰি তোলা। আমাৰ কাম নাগৰিক সমাজত।

(কৃতজ্ঞতা স্বীকাৰ : ডা. ধ্ৰুৱজ্যোতি বৰাদেৱৰপৰা এই লেখাটো সংগ্ৰহ কৰি অনাৰ বাবে মনোজ কুমাৰ মহন্ত আৰু আবিদ আজাদলৈ কৃতজ্ঞতা জ্ঞাপন কৰা হ’ল। – সম্পাদনা সমিতি।)

Share Button
Print Friendly, PDF & Email

No Comments : "জাতীয়তাবাদ (৩য় তথা অন্তিম খণ্ড) - (ডা. ধ্ৰুৱজ্যোতি বৰা)"

Leave a Comment

Your email address will not be published. Required fields are marked *