অসমত উগ্ৰ জাতিসত্তাবাদৰ অৱসান হওক

কোৱা হয়, আমি অসমীয়াসকল অতি আৱেগিক। আৱেগ থকা ভাল। পিছে অত্যধিক আৱেগত যেতিয়া যুক্তি হেৰাই যায়, ভাল-বেয়া, শুদ্ধ-অশুদ্ধ বিচাৰ কৰাৰ ক্ষমতা নোহোৱা হয়, তেতিয়া আমাৰ সেই আৱেগৰ সুবিধা লয় এচাম সুবিধাবাদী ৰাজনৈতিক, অৰাজনৈতিক (!)নেতা-পালিনেতাই। অলপতে শুনিলো, অসমত পুনৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন আৰম্ভ কৰাৰ যো-জা চলিছে। ১৯৭৯ৰ ২৭ নৱেম্বৰত আছু আৰু সদৌ অসম গণসংগ্ৰাম পৰিষদৰ উদ্যোগত বিদেশী বহিষ্কাৰ কৰি অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে আৰম্ভ কৰা আন্দোলন ১৯৮৫ৰ ১৫ আগষ্টত অসম চুক্তিৰে সমাপ্তি ঘটে। পৰৱৰ্তী সময়ত ১৯৮৫ আৰু ১৯৯৬ত দুটা কাৰ্যকালৰ বাবে অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনকাৰী নেতাসকলেৰে গঠিত অসম গণ পৰিষদ দলে অসমৰ শাসনভাৰ লোৱাৰ পাছতো অসমীয়াভাষীৰ অস্তিত্ব ৰক্ষাৰ আকাংক্ষা কিয় আজি অসমৰ অস্তিত্ব বিনাশত পৰিণত হ'ল সেয়া বিচাৰ কৰাৰ সময় আহিছে। বড়ো,ৰাভা,মিচিং,তিৱা,কাৰ্বি,আহোম,কোচ-ৰাজবংশী,চুতীয়া,লালুং আদিকে ধৰি অসমীয়া জাতিসত্তা গঠন হোৱা উপাদান পঞ্চাছটাতকৈয়ো অধিক সম্প্ৰদায়-জনগোষ্ঠীৰ বহুতেই আজি সুকীয়া পৰিচয় বিচাৰি উদ্বাউল হৈ পৰিছে। অসমখন ৰাজ্য হৈ থাকিব নে নাই,চিন্তাৰ বিষয় হৈ পৰিছে। সন্দেহ নাই যে ৰাজ্যখনত স্বৰাজোত্তৰ সময়ত অধিক কাল ক্ষমতাসীন কংগ্ৰেছ দলে ব্ৰিটিছৰ দৰে 'ভাগ কৰা আৰু শাসন কৰা (Divide and Rule)' নীতি অনুসৰণ কৰায়েই নহয়, অধিক বৃদ্ধি কৰাৰ চেষ্টাত লিপ্ত হৈ শেহতীয়াকৈ অসমৰ কিছুমান জনগোষ্ঠীয়ে বিচৰা-নিবিচৰাকৈয়ো স্বায়ত্তশাসিত আৰু উন্নয়ন পৰিষদসমূহ গঠন কৰি অসমৰ জনগণক বহুধাবিভক্ত কৰি পেলালে। পিছে ইয়াৰ কাৰকসমূহ জন্ম দিলে কোনে? জোৰ পুৰি ইতিমধ্যে হাত পালেহি। ইতিহাসক আমি ওলোটাই ঘূৰাব নোৱাৰো। তথাপিও আমি অসমীয়াসকলে আত্মসমালোচনা কৰি শুদ্ধ পথ বিচাৰি ল'লে নিজৰেই মঙ্গল।

সমগ্ৰ পৃথিৱীত ভাৰত বিভিন্ন ভাষা-সংস্কৃতিৰ মিলন ক্ষেত্ৰ হিচাপে পৰিচিত। আমি সৰুৰেপৰা পঢ়ি আহিছো, ভাৰত হৈছে "বৈচিত্ৰ্যৰ মাজত ঐক্য"ৰে গঢ়ি উঠা এখন দেশ। প্ৰাকৃতিক সম্পদ, সংস্কৃতি সকলো ফালৰপৰা চহকী অসমখনতো তাতোকৈ বৈচিত্ৰ্যময়ী ৰাজ্য। বহুতো সৰু সৰু জনজাতীয় জনগোষ্ঠী, অজনজাতি, বিভিন্ন ভাষা আৰু দোৱান,ধৰ্ম,আচাৰ-ব্যৱহাৰত বিশ্বাসী মানুহৰ মিলনভূমি - ভাৰতৰ এটা ক্ষুদ্ৰ সংস্কৰণ। পিছে এই ৰাজ্যখনৰ একতা ৰক্ষা নহ'ল কিয়? স্বাধীনতাৰ পিছত যেতিয়া অসমখন গঢ়ি উঠিছিল তেতিয়া মিজো, খাচী, কাৰ্বি, বড়োসহ অসমৰ সকলো জনজাতি জনগোষ্ঠীয়ে ইচ্ছাকৃতভাৱে অসমৰ লগত একীভূত হৈছিল; নগাসকলে ভাৰতৰ লগতেই নাথাকো বুলি কোৱাৰ বাহিৰে। তেনেহ'লে অসমৰ খিলঞ্জীয়া জনজাতি আৰু অজনজাতি জনগণৰ মাজত যিখিনি স্বেচ্ছাপ্ৰণোদিত সংমিশ্ৰণ ঘটি গোষ্ঠীবাদৰ ঊৰ্ধ্বত এটা সংহত অসমীয়া জাতিসত্তা গঠন তথা ভাষাৰ স্বেচ্ছাপ্ৰণোদিত মিশ্ৰণ (নাগামিজ, নেফামিজৰ দৰে ভাষা সৃষ্টিৰ আৰম্ভণিৰ জৰিয়তে)ৰ পাতনি মেলিছিল সেইখিনি কেৱল বাধাপ্ৰাপ্ত হোৱাই নহয়, পৰৱৰ্তী সময়ত জনজাতিসমূহৰ অসমীয়াভাষীৰ প্ৰতিয়েই এটা সন্দেহ ভাবৰ সৃষ্টি হ'ল কিয়?

অসমীয়া এটা উন্নত আধুনিক ভাষা। পিছে ই অসমৰ সমগ্ৰ জনসাধাৰণৰ মাতৃভাষা নহয়। অসমীয়াভাষীসকলে যেনেকৈ নিজৰ ভাষা-সংস্কৃতিক লৈ গৌৰৱ অনুভৱ কৰে, বড়ো,ৰাভা, মিচিং বা কাৰ্বি এজনেও নিজ নিজ মাতৃভাষা-সংস্কৃতিক লৈ গৌৰৱ অনুভৱ কৰে। এটা স্বাভাৱিক সুস্থ পৰিবেশত সমতাৰ ভিত্তিত দীৰ্ঘদিনৰ আদান-প্ৰদানৰ মাজেৰে সংমিশ্ৰণৰ বিজ্ঞানসন্মত প্ৰক্ৰিয়া বাদ দি স্বাধীনতাৰ পিছত অসমত থাকিও অন্ন-বস্ত্ৰ-গৃহ-শিক্ষাৰ দিশত অৱহেলিত জনজাতীয়সকলক জোৰ কৰি অসমীয়া কৰাৰ চেষ্টাৰ বাহিৰে তেওঁলোকৰ অৰ্থনেতিক অৱস্থাৰ উন্নয়ন তথা ভাষা-সংস্কৃতিৰ প্ৰতি থকা আৱেগ-অনুভূতিৰ প্ৰতি কোনো লক্ষ্য ৰখা নহ'ল। যেতিয়া ১৯৬০ত ইংৰাজী সম্পূৰ্ণভাৱে উঠাই দি অসমীয়া ভাষাক অসমৰ চৰকাৰী ভাষা হিচাপে ঘোষণা কৰা হ'ল, তেতিয়া তেওঁলোকে অনুভৱ কৰিলে – অসমখন তেওঁলোকৰ নহয়, কাৰণ তেতিয়া অসমীয়া জাতিসত্তা গঠনৰ প্ৰক্ৰিয়া মাথোঁ আৰম্ভহে হৈছে, তেওঁলোকে নিজকে অসমীয়া হিচাপে অনুভৱ কৰাই নাছিল। আমি বৃহত্তৰ অসমীয়া জাতি গঠনৰ কথা কোৱাসকলেও তেওঁলোকক অস্পৃশ্য নগা, মিজো, বড়ো বা খাচী বুলিয়েই ভাবিছিলো - এইটোৱেইতো আছিল বাস্তৱ সত্য। তেনেহ'লে অসমত বিভেদৰ বীজ সিঁচিলে কোনে? জনতাৰ শিল্পী জ্যোতিপ্ৰসাদে 'নতুনৰ পূজা' লিখনিত মহাপুৰুষ শঙ্কৰদেৱে তেওঁৰ সময়ত বহুধাবিভক্ত অসমৰ জনগোষ্ঠীসমূহক ঐক্যবদ্ধ কৰাৰ ইতিহাসক বিজ্ঞানসন্মত পদ্ধতিৰে বিশ্লেষণ কৰাৰ কথা উল্লেখ কৰি কৈছে যে অসমৰ পৰ্বতে-ভৈয়ামে জকমকাই থকা নানা ভাষাভাষী মানুহৰ বিচিত্ৰ সংস্কৃতি,তেওঁলোকৰ মাতৃভাষা, দোৱান আদি এৰিবলৈ কোৱাটো মহাপুৰুষজনাৰ সমন্বয় নীতিৰ ফালৰপৰাও অসঙ্গত। শঙ্কৰদেৱে সংস্কৃতিৰ এই সমন্বয় কৰিবলৈ যাওঁতে যেনেকৈ নিজৰ ভিতৰত বৈপ্লৱিক ৰূপান্তৰ ঘটাইছিল, সেইদৰে যাৰ সৈতে সমন্বয় কৰিছিল তাৰো জাতীয় ৰীতি-নীতি,বৈশিষ্ট্য নষ্ট হ'বলৈ নিদিয়াকৈ নতুন সংস্কৃতিৰ পোহৰত চালি-জাৰি অসমীয়া সংস্কৃতিৰ এক নৱ প্ৰকাশ ঘটাব বিচাৰিছিল।

ব্ৰিটিছ শাসকসকলে বিশ শতিকাৰ আগভাগত পূৰ্ববঙ্গ আৰু অসমক এটা প্ৰশাসনিক গোটৰ ভিতৰত ৰাখে। সেই সময়ত পূৰ্ববঙ্গৰ মাটিহীন কৃষক বহুতেই মাটি বিচাৰি অসমলৈ আহিব ধৰে আৰু ছাদুল্লাৰ মন্ত্ৰিত্বৰ কালত ই এক পৰিকল্পিত ৰূপ পায় আৰু বিপুলসংখ্যক মাটিহীন খেতিয়কক স্থায়ীভাৱে মাটি পট্টন দি অসমত বসবাস কৰিবলৈ দিয়া হয়। লক্ষণীয় যে এই প্ৰব্ৰজন আছিল তেতিয়াৰ ভাৰতৰ এখন প্ৰদেশৰপৰা আন এখন প্ৰদেশলৈ। আজিৰ অভিবাসী মুছলমানসকল হৈছে এওঁলোকৰেই বংশধৰ।

এসময়ত কংগ্ৰেছ আৰু মুছলিম লিগৰ নেতা এচামৰ ৰাজনৈতিক অভিলাষ পূৰণ কৰিবলৈ ভাৰতবৰ্ষক কৃত্ৰিমভাৱে দুভাগত ভাগ কৰা হৈছিল। তাৰ ফলত দেশখন ভাগ হোৱাৰ লগে লগে জীৱনৰ নিৰাপত্তা বিঘ্নিত হোৱাত বা হোৱাৰ আশঙ্কাত পাকিস্তানৰপৰা বহুতো হিন্দু ধৰ্মাৱলম্বী লোক ভাৰতলৈ গুচি আহিবলগা হৈছিল। এনেদৰে যিসকল আহিছিল তেওঁলোকে ভাৰতক হাড়ে-হিমজুৱে আপোন বুলি ভাবিয়েই ইয়ালৈ আহিছিল। দেশ বিভাজনৰ ফলত পূব আৰু পশ্চিম পাকিস্তানৰ সংখ্যালঘু মানুহে নিৰাপত্তাহীন অনুভৱ কৰাৰ ফলত এনে এটা পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে বুলি অনুমান কৰিয়েই তেতিয়াৰ ৰাজনৈতিক নেতাসকলে কৈছিল, ‘ভাৰতৰ দুৱাৰ তোমালোকৰ বাবে খোলা আছে’।

অসমত বিদেশী বহিষ্কৰণৰ বাবে যি আন্দোলন গঢ়ি উঠিছিল তাৰ মূল কথা আছিল : লক্ষ লক্ষ বিদেশী বাংলাদেশৰপৰা অবৈধভাৱে অসমত অনুপ্ৰৱেশ কৰাৰ ফলত অসমীয়া জনসাধাৰণৰ অৰ্থনৈতিক স্বাৰ্থয়েই বিঘ্নিত হৈছে এনে নহয়, ভাষা-সংস্কৃতিও মাৰাত্মকভাৱে বিপদাপন্ন হৈছে আৰু সংখ্যালঘুত পৰিণত হৈ ৰাজনৈতিক ক্ষমতা হেৰুৱাই পেলোৱাৰ আশংকাই দেখা দিছে, গতিকে অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ শেষ সংগ্ৰামৰ বাবে অসমীয়া জনগণ ওলাই আহিব লাগে। সেই সময়ত বা আজিও প্ৰকৃত বিদেশী অনুপ্ৰৱেশকাৰীসকলক আইন মতে বিচাৰি উলিয়াই বহিষ্কাৰ কৰাৰ প্ৰশ্নত অসমৰ অসমীয়া,অনাঅসমীয়া,হিন্দু,মুছলমান কোনো অংশৰ জনগণৰ মাজত কোনো দ্বিমত নাই।

বিদেশী শাসন-শোষণ, অত্যাচাৰ, অবিচাৰৰ বিৰুদ্ধে যিকোনো দেশতেই যেতিয়াই কোনো আন্দোলন গঢ়ি উঠিছে তেতিয়াই সেই দেশৰ জনগণৰ ঐক্য আৰু সম্প্ৰীতি সুদৃঢ় হৈছে, আনকি আন্দোলনত পোনপটীয়াকৈ অংশ নোলোৱা জনসাধাৰণৰ নৈতিক সমৰ্থনো লাভ কৰিছে। কিন্তু অসমৰ বিদেশী বিতাড়নৰ আন্দোলনৰ সময়ত ই বিদেশী অনুপ্ৰবেশ ৰোধ তথা বহিষ্কাৰ কৰাৰ আন্দোলন হ'লেও আন্দোলনকাৰী এচামৰ মাজত অসমৰ বঙালী আৰু অভিবাসী মুছলমানসকলৰ বিৰুদ্ধে প্ৰচণ্ড বিদ্বেষ ভাব গঢ়ি উঠিল আৰু অতি সোনকালে সেইবোৰে ভয়ানক সাম্প্ৰদায়িক সংঘৰ্ষৰ ৰূপ ল'লে। ভাৰতৰ স্বাধীনতা আন্দোলনৰ পিছত গান্ধীবাদৰ আদৰ্শৰে পৰিচালিত বিশ্বৰ বৃহত্তম অহিংস আন্দোলন হিচাপে আখ্যা দিয়া অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত সমগ্ৰ বিশ্বত অসমীয়াক লজ্জানত কৰা নেলীৰ দৰে বৰ্বৰ সংখ্যালঘুৰ সামূহিক নিধন আৰু অন্যান্য হত্যাকাণ্ডবোৰ সংঘটিত হ'ল। আনকি এটা সময়ত এচাম নেতাৰ প্ৰৰোচনাত ‘বিদেশী বহিষ্কাৰ'ৰ ঠাইত সেই আন্দোলন কিছুমানৰ বাবে 'বহিৰাগত বহিষ্কাৰ আন্দোলন' হৈ পৰিল। অৰ্থাৎ, ভাৰতৰ বিভিন্ন ঠাইৰপৰা অসমত বসবাস কৰা মানুহ বা তেওঁলোকৰ সতি-সন্ততি, যিসকলৰ বেছিভাগেই খাটিখোৱা মানুহ, তেওঁলোকৰ বিৰুদ্ধেও এই আন্দোলন পৰিচালিত হ'ব ধৰিলে। অসমৰ জনগণৰ মাজত থকা পৰম্পৰাগত সম্প্ৰীতি আৰু ঐক্য থানবান হৈ গ'ল। অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত পাৰস্পৰিক সন্দেহ, অবিশ্বাস, অনৈক্য আৰু বিভেদ গঢ়ি উঠিল। সেই সময়ত অসমৰ বিপুলসংখ্যক ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু সম্প্ৰদায়ভুক্ত ভাৰতীয় নাগৰিকক জোৰেৰে বিদেশী বনোৱা, তেওঁলোকৰ নাম ভোটাৰ তালিকাৰপৰা বাদ দিয়া আৰু অৱশেষত তেওঁলোকক বহিষ্কাৰ কৰিব বিচৰাটোৱেই এচাম আন্দোলনকাৰীৰ উদ্দেশ্য হৈ উঠিল। উগ্ৰ চিন্তাই আৰু উগ্ৰ চিন্তাৰ জন্ম দিয়ে,অসমীয়াভাষীসকলৰ এই পৃথকতাবাদী মনোভাবে বৃহত্তৰ অসমীয়া জাতিসত্তা গঢ়ি উঠাৰ উপাদান অসমৰ বিভিন্ন জনজাতীয় জনগোষ্ঠীৰ মাজতো নিজৰ ভাষা-সংস্কৃতিৰে অস্তিত্ব ৰক্ষাৰ মনোভাবেৰে পৃথকতাবাদী চিন্তাৰ জন্ম দিলে।

প্ৰব্ৰজন হৈছে এটা অৰ্থনৈতিক পৰিঘটনা। সাধাৰণতে অৰ্থনৈতিক কাৰণতেই এঠাইৰপৰা শ্ৰমশক্তি আনঠাইলৈ যায় আৰু তেওঁলোক খাটিখোৱা মানুহ হোৱা বাবেই কিবা নহয় কিবা পণ্যৰ উৎপাদন বা সেৱা কৰি নিজেও জীৱন ধাৰণ কৰে আৰু য'লৈ যায় তাত উৎপাদন বৃদ্ধি কৰি সেই অঞ্চলৰ উন্নয়নত সহায় কৰে। প্ৰব্ৰজিত মানুহৰ দেশ হিচাপে পৰিচিত আমেৰিকা, কানাডাৰপৰা অষ্ট্ৰেলিয়ালৈকে উন্নত দেশবোৰ উন্নয়নৰ শীৰ্ষত উপনীত হৈছে এইধৰণৰে প্ৰব্ৰজিত কৰ্মঠ মানুহৰ সহায়ৰে। অৰ্থনৈতিক কাৰণত উৎপাদন বৃদ্ধি আৰু সেৱাৰ সুযোগ য'ত নাই শ্ৰমশক্তি যোৱাও তাত বন্ধ হৈ যায়। এটা বিশেষ সময়ত কোনো এঠাইত তাৰ জনসাধাৰণৰ যি উৎপাদন আৰু সেৱা প্ৰয়োজনীয়,স্থানীয় শ্ৰমশক্তিৰে সেয়া সম্ভৱপৰ হৈ উঠিলে বাহিৰৰপৰা শ্ৰমশক্তি তাত নাযায়, যোৱাৰ প্ৰয়োজনো নহয়। যোৱা এশ বছৰ অসমলৈ যিধৰণৰ মানুহ আহিছে, বিহাৰ, উৰিষ্যাৰপৰাই হওক বা পূব পাকিস্তান (বৰ্তমানৰ বাংলাদেশ)ৰপৰায়েই হওক, তেওঁলোকৰ কাম-কাজ যদি আমি চালি-জাৰি চাওঁ, তেনেহ'লে দেখিবলৈ পাম যে শ্ৰমিক নাইবা কৃষক-শ্ৰমজীৱী শ্ৰেণীৰ কৰ্মঠ মানুহ অসমলৈ অহাৰ ফলস্বৰূপে অসমৰ অনগ্ৰসৰতা বহুখিনি দূৰ হৈছে,বহুতো কৃষিজাত সামগ্ৰী বেছিভাগ চৰ অঞ্চল আৰু ছন পৰি থকা মাটিতে উৎপাদন কৰি অসমক বহু পৰিমাণে আত্মনিৰ্ভৰশীল কৰাৰ লগতে বিভিন্ন সেৱা বৃদ্ধিত অৰিহণা যোগাইছে, ফলত অসমীয়া জনগণৰ জীৱনৰ মান উন্নততৰ হৈছে। তেওঁলোকে নিজৰ প্ৰয়োজনতে অসমৰ প্ৰধান ভাষা অসমীয়া নিজে শিকি লৈছে। সৌ সিদিনালৈকে আলফাৰদ্বাৰা শ্ৰমজীৱী দুখীয়া হিন্দীভাষীক হত্যা কৰা হৈছিল। পিছে তেওঁলোকেতো কাকো শোষণ কৰা নাই। বৰং অসমৰ অৰ্থনীতি সবল কৰাত তেওঁলোকে শ্ৰমেৰে বৰঙণি যোগাইছে। প্ৰকৃততে ভাষা, সংস্কৃতি, জনগণৰ ৰাজনৈতিক ক্ষমতা, এইবোৰৰ কোনোটোৱেই শ্ৰমজীৱী জনগণৰ আগমনে ক্ষুণ্ণ নকৰে। অৰ্থনৈতিক ক্ষেত্ৰত সৰুসুৰা দ্বন্দ্ব সাময়িকভাৱে দেখা দিলেও শেষত গৈ সেয়া নাইকিয়া হয়। স্বাভাৱিক নিয়ম অনুসৰিয়েই অসমত যিমানেই বিশেষ উৎপাদনমূলক আৰু সেৱাৰ কামৰ বাবে যোগ্য শ্ৰমজীৱী মানুহ ওলাব সিমানেই অসমলৈ বাহিৰৰপৰা অহাটো কমি যাব।

ভাৰতবৰ্ষ ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সম্পৰ্কীয় চুক্তিৰ স্বাক্ষৰকাৰী দেশ নহয় আৰু ভাৰত আৰু বাংলাদেশৰ মাজতো শৰণাৰ্থী প্ৰত্যাবৰ্তনৰ বাবে তেনে কোনো বিশেষ চুক্তি নাই। তাৰোপৰি ভাৰতে চহী কৰি দায়বদ্ধ হোৱা Universal Declaration of Human Rights, International Convention of Civil and Political Rights, UN Declaration on Territorial Asylum 1967অৰ মতে, যদি কোনো এখন দেশৰ মানুহে প্ৰাণৰ শংকাত সেই দেশ ত্যাগ কৰি ভাৰতত ভগনীয়া হিচাপে আহে আৰু সেই দেশলৈ ঘূৰি যাবলৈ অনিচ্ছুক হয়, তেন্তে আন্তৰ্জাতিক মানৱ অধিকাৰৰ আধাৰত তেনে লোকক আশ্ৰয় নিদি স্বদেশলৈ উভতি যাবলৈ বাধ্য কৰিব নোৱাৰিব। দেশ বিভাজনৰ ঐতিহাসিক প্ৰেক্ষাপটত দীৰ্ঘদিন ধৰি ভাৰতত বসবাস কৰি অহা লোকসকলক বিদেশী হিচাপে গণ্য কৰাটোও এটা অন্যায়। আমি যিমানেই নিচিঞৰো কিয়, কাৰ্যতঃ ১৯৭১ চনৰ পিছত অহা বাংলাদেশীকো আমি বাংলাদেশলৈ ঘূৰাই পঠাবলৈ যে সমৰ্থ হ'ম তাৰ আশা কম।

ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগলৈকে বৰ্তমান বাংলাদেশৰ অন্তৰ্ভুক্ত বৃহৎ জিলা ছিলেট অসমত অন্তৰ্ভুক্ত আছিল। আজিৰ নাগালেণ্ড, মিজোৰাম আৰু মেঘালয়ো অসমৰ ভিতৰত আছিল। সিদিনা অসমত অসমীয়াভাষী সংখ্যাধিক্যৰ নাছিল। তথাপিও সেই সময়ত অসমীয়া ভাষাৰ এই অঞ্চলত দ্ৰুত বিকাশ ঘটিছে আৰু ইয়াৰ প্ৰধান ভাষাৰ মৰ্যাদা লাভ কৰিছে। স্বাধীনতাৰ পিছত ইয়াক অসমৰ ৰাজ্যভাষা কৰা হৈছিল আৰু সকলোৱে তাক স্বাভাৱিক হিচাপে মানি লৈছিল। অসমত অসমীয়া আৰু অনাঅসমীয়া জনগণৰ সংখ্যাগত ব্যৱধান বৰ বেছি নহ'লেও সেয়া এই ক্ষেত্ৰত বাধা হোৱা নাই। ভাষা জীয়াই থকা-নথকাৰ কথাটো কোনোপধ্যে সংখ্যাৰ লগত যুক্ত নহয়। অন্য ভাষাৰ সংস্পৰ্শলৈ আহিলে বা আদান-প্ৰদান ঘটিলে ভাষা বিলুপ্ত হৈ যায়, এই ধাৰণা ইতিহাসসন্মত নহয়। অন্যান্য উন্নত ভাষাৰ সংস্পৰ্শলৈ আহি বিকশিত হোৱা ব্ৰিটিছ ইংৰাজী বা অসমীয়া ভাষাৰ বিকাশৰ ইতিহাসে সেইটো নুসূচায়। এই ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে ক্ৰমবৰ্ধমান প্ৰয়োজন পূৰণ কৰিব পৰাকৈ ভাষাটোক সৰ্বাধুনিক কৰি তোলা হৈছে নে নাই আৰু ইয়াক সৰ্বাধুনিক কৰি তুলিবলৈ কঠোৰ পৰিশ্ৰম কৰিবৰ বাবে সাজু এনে এটা জনগোষ্ঠী আছে নে নাই! সৌহাৰ্দ্যমূলক পৰিৱেশতহে অনাঅসমীয়াভাষী জনগণে অসমীয়া ভাষা শিকাৰ কাৰণে ক্ৰমাৎ বেছি আগ্ৰহী হ'ব আৰু এই অঞ্চলৰ যোগাযোগৰ মাধ্যম হিচাপে স্বেচ্ছাই শিকিবলৈ বাধ্য। তাৰ পৰিবৰ্তে অসমত থাকিলে অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ কৰিবই লাগিব, নকৰিলে হাত-ভৰি ভাঙি দিয়া হ'ব বা অসমত অসমীয়াৰহে দাদাগিৰি চলিব – এইজাতীয় মনোভাবে অনাঅসমীয়া লোকসকলক অসমীয়া ভাষা-সংস্কৃতিক আপোন কৰি অসমৰ প্ৰতি একাত্ম হোৱাৰ প্ৰতি অকল বীতশ্ৰদ্ধই কৰি নোতোলে, লগতে শক্তিশালী বিৰোধী মনোভাবৰো সৃষ্টি কৰিব, যিটো অসমৰ জনজাতিসকলৰ মাজত হৈ উঠিছে। নাগালেণ্ড, মেঘালয়, মিজোৰাম, অৰুণাচল সৃষ্টিৰ কাৰকসমূহ অসমীয়া ভাষিক উগ্ৰজাতিসত্তাবাদেই যোগালে অথচ আমি অসমীয়াসকলৰ এচামে তাৰপৰা এতিয়াও একো শিক্ষা নল'লো। অসমীয়া ভাষিক উগ্ৰজাতিসত্তাবাদ নাথাকিলে অৰুণাচলো এসময়ত অসমত অন্তৰ্ভুক্ত হৈ বৃহৎ অসমীয়া সমাজৰ অংশ হোৱাৰ সম্ভাৱনা আছিল।

অসম আন্দোলনৰ জৰিয়তে স্বৰাজোত্তৰ অসমত কংগ্ৰেছৰ অপশাসনৰ ফলত জৰ্জৰিত লাখ লাখ অসমীয়াভাষী জনসাধাৰণে নিজৰ অৰ্থনেতিক দুৰ্দশাৰ বাবে বিদেশীকে দায়ী কৰি, বিদেশীৰদ্বাৰা অসম দখলৰ কৰাৰ সম্ভাৱনা দূৰ কৰিবলৈ,অসমীয়া ভাষা-সংস্কৃতিক যুগমীয়া কৰিবৰ বাবে, জনগণৰ ন্যায্য অৰ্থনৈতিক স্বাৰ্থ সুৰক্ষা কৰিবৰ বাবে সকলো পণ কৰি দেশাত্মবোধৰে আন্দোলনত জঁপিয়াই পৰি প্ৰভূত ত্যাগ স্বীকাৰ কৰি, তেজ ঢালি তেওঁলোকৰ অসাধাৰণ দেশপ্ৰেমৰ চিনাকি দিছিল। 'চুক্তিয়ে আমাক মুক্তি দিলে, কংগ্ৰেছৰ অন্যায় আৰু অপশাসনৰ ওৰ পৰিল, এই চৰকাৰে ৰাইজৰ দুখ-দুৰ্দশা দূৰ কৰিব'– এই বিশ্বাস লৈয়েই অসমৰ জনসাধাৰণে আন সকলো ৰাজনৈতিক দলক বৰ্জন কৰি হিয়াভৰা মৰমেৰে অসম গণ পৰিষদক ক্ষমতাত বহুৱাইছিল। পিছে বাংলাদেশৰপৰা বিদেশী অনুপ্ৰবেশ বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰেপৰা অসমৰ মানুহৰ জীৱন-জীৱিকাৰ মৌলিক সমস্যাসমূহ সমাধান আৰু চৰকাৰ পৰিচালনাৰ ক্ষেত্ৰত কংগ্ৰেছ (আই) চৰকাৰৰ লগত অসম গণ পৰিষদ চৰকাৰৰ কোনো মূলগত পাৰ্থক্য দেখা নগ'ল। অসমীয়া জনগণে নিজৰ সন্তানৰ দৰে মৰম কৰা অসম গণ পৰিষদৰ অধিকাংশ উচ্চ পৰ্যায়ৰ নেতাই দুটা কাৰ্যকালৰ বাবে ক্ষমতাৰ গাদীত বহি সোণৰ অসম গঢ়িম বুলি সাতপুৰুষ বহি খাব পৰাকৈ নিজৰহে সোণৰ সংসাৰ গঢ়িলে। ই অসমৰ জনসাধাৰণক কম দুখ-বেদনা দিয়া নাই! নিজৰ নিষ্ঠুৰ সন্তানে পিতৃ-মাতৃক দুখ দিয়াৰ দৰে। তেওঁলোকৰ ভাষ্য, বিদেশী বহিষ্কাৰ কৰিব নোৱাৰিলে বা সীমান্ত ছিল কৰিব নোৱাৰিলে কেন্দ্ৰৰ আগ্ৰহ নথকাৰ বাবেহে। যদি সেয়াই সত্য হয় তাৰ বাবে তেওঁলোকে অসমৰ জনগণক আকৌ আন্দোলনৰ আহ্বান নিদিলে কিয়? সমগ্ৰ অসমীয়া জনগণতো তেতিয়া তেওঁলোকৰ লগত আছিল। সেই সময়ৰ শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামীয়ে অসমৰ দৰে এখন বিভিন্ন ভাষাভাষী অধ্যুষিত ৰাজ্যত অতীতত কংগ্ৰেছে কৰা ভুলৰ দৰে অসমৰ সকলো জনজাতীয় জনগোষ্ঠীৰ লগত আলোচনা নকৰাকৈ অপৰিকল্পিতভাৱে অসমীয়া ভাষা বাধ্যতামূলক কৰিবলৈ আইন প্ৰণয়নৰ বাবে খৰখেদাকৈ লোৱা ব্যৱস্থাই বড়ো, কাৰ্বি আদি জনগোষ্ঠীক অধিক বিচ্ছিন্নতাবাদৰ ফাললৈ লৈ যোৱাত কিমানখিনি প্ৰৰোচিত কৰিছিল তাৰ কথা নক'লোৱেইবা! অথচ অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত বড়ো, কাৰ্বিসকলেও অসমীয়াভাষীৰ কান্ধত কান্ধ মিলাই থিয় হৈছিল।

স্বৰাজোত্তৰ অসমত অধিকাংশ সময় শাসনৰ গাদীত থকা কংগ্ৰেছ সৰ্বভাৰতীয় দল হ'লেও তেওঁলোকৰ অসমৰ নেতাসকল অনা-অসমীয়া নহয়! তথাপিও ভাৰতৰ অৰ্থনীতিলৈ যথেষ্ট অৰিহণা যোগোৱা অসম আজি স্বৰাজোত্তৰ ৬৮ বছৰৰ পাছতো সৰ্বভাৰতীয় ২১.৯২ শতাংশৰ বিপৰীতে এখন ৩১.৯৮ শতাংশ দাৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা মানুহৰ ৰাজ্য হৈ থাকিল – কেন্দ্ৰৰ বা হিন্দিভাষী নেতাসকলৰ চক্ৰান্তত নে অসমৰ অধিকাংশ দুৰ্নীতিপৰায়ণ আৰু আপোনপেটীয়া খাঁটি (!) অসমীয়া ৰাজনৈতিক নেতাসকলৰ অপদাৰ্থতাৰ বাবে? অসমৰ দৰিদ্ৰ জনগণ আৰু কিমান দিন এই ধূৰ্ত অসমীয়া ৰাজনৈতিক নেতাৰ হাতত প্ৰতাৰিত হৈ থাকিব?

‘অসমৰ অস্তিত্ব ৰক্ষা’ শব্দকেইটা যদিও শুনিবলৈ ভাল লগা, ই অসমীয়াভাষী জনগণক এটা অংশক অতীতৰ দৰে বিভ্ৰান্ত আৰু আৱেগিক কৰি পুনৰ উগ্ৰ জাতীয়তাবাদীত (বা উগ্ৰ জাতিসত্তাবাদীত,যদি সমগ্ৰ ভাৰতবৰ্ষক আমি এটা জাতি বুলি ধৰো) পৰিণত কৰাৰ যথেষ্ট থল আছে। আমি যদি এজন উগ্ৰ অসমীয়া – সেইটো এজন বড়োক উগ্ৰ বড়ো, এজন বঙালীক উগ্ৰ বঙালী বা এজন অনাঅসমীয়াক উগ্ৰ অনাঅসমীয়া হ'বলৈ কৰা এটা প্ৰৰোচনা মাত্ৰ। এই মুহূৰ্তত বাস্তৱ পৰিস্থিতি এয়ে যে আজিৰ অসমত সংখ্যাগুৰু আৰু সংখ্যালঘু জনগণৰ মাজত ব্যৱধান অত্যন্ত কম। এচাম ধুৰন্ধৰ ক্ষমতালোভী জাতিসত্তাবাদী (!) নেতাৰ প্ৰৰোচনাত অতীতত অসমীয়াভাষীসকলে বহুতো ভুল কৰি আহিছে। গতিকে ধ্বংসাত্মক উগ্ৰ জাতিসত্তাবাদী চিন্তা-চৰ্চা আমি অসমীয়াই এৰিবই লাগিব। তাৰ পৰিবৰ্তে উদাৰ আৰু সহনশীল দৃষ্টিভঙ্গীৰে অসমত বসবাস কৰা সকলো জনগোষ্ঠীৰ ন্যায়সঙ্গত সাংবিধানিক অধিকাৰসমূহ মানি ল'লে আৰু জীৱন আৰু জীৱিকা সংক্ৰান্ত সকলো সমস্যাৰ সমাধানকল্পে অসমৰ সকলো ভাষাভাষী আৰু জনগোষ্ঠীৰ দুখীয়া-নিছলা ৰাইজক ঐক্যবদ্ধ গণতান্ত্ৰিক সমাজৰ বাবে একত্ৰিত কৰিব পাৰিলে, তাৰ এটা উপযোগী বাতাবৰণ সৃষ্টি কৰিব পাৰিলেহে ভৱিষ্যতে অসমীয়া ভাষা-সংস্কৃতিৰ আৰু অসমীয়াৰ অস্তিত্ব, ক্ৰমোন্নতি আৰু মৰ্যাদাৰ সুৰক্ষাৰ বিষয়ত কোনো বাস্তৱ আশংকা নাথাকিব।

ডা° অজিত কুমাৰ পটঙ্গীয়া

Share Button
Print Friendly, PDF & Email

No Comments : "অসমত উগ্ৰ জাতিসত্তাবাদৰ অৱসান হওক"

Leave a Comment

Your email address will not be published. Required fields are marked *