জেহিৰুল হুছেইনৰ কবিতা - (নয়নমণি মেধি)

শোষিত-নিষ্পেষিত শ্ৰমজীৱী জনগণৰ জীৱন আৰু সংগ্ৰামৰ পটভূমিত গল্প ৰচনা কৰি অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনত প্ৰতিষ্ঠা তথা স্বকীয় পৰিচিতি লাভ কৰা জেহিৰুল হুছেইনে এৰাধৰাকৈ হ'লেও যে কাব্যচৰ্চাও কৰিছিল, সেই কথা আমাৰ বহুতৰে বাবে অজানা। দৰাচলতে তেওঁৰ কোনো কাব্যসংকলন প্ৰকাশ পোৱা নাছিল। ২০০৭ চনত নতুন সাহিত্য পৰিষদৰ গোলাঘাট শাখাই প্ৰকাশ কৰি উলিওৱা 'জেহিৰুল হুছেইন ৰচনাৱলী'ত সম্পাদনা সমিতিয়ে অ'ত-ত'ত সিঁচৰতি হৈ থকা তেওঁৰ কেইটিমান কবিতা সংকলিত কৰি গল্পকাৰ হুছেইনক এগৰাকী মননশীল কবিৰূপেও পাঠকৰ সমুখত তুলি ধৰিছে। সংখ্যাত নিতান্তই তাকৰীয়া হ'লেও সেই কবিতাকেইটিৰ যোগেদিয়ে জেহিৰুল হুছেইনৰ জীৱনবীক্ষা, কাব্যনিষ্ঠা আৰু সামাজিক দায়বদ্ধতা আদিৰ দৰে দিশবোৰ উদ্ভাসিত হৈ উঠিছে।

কলা সাধনাৰ দুটা ধাৰা সমান্তৰালকৈ বিকশিত হৈছে – 'কলাৰ বাবে কলা' আৰু 'জনগণৰ বাবে কলা।' শ্ৰমজীৱী জনসাধাৰণৰ মুক্তি সংগ্ৰামৰ সৈতে আজীৱন নিজকে জড়িত কৰি ৰখা, মাৰ্ক্সীয় আদৰ্শৰ প্ৰতি আস্থাশীল জেহিৰুল হুছেইন স্বাভাৱিকতে দ্বিতীয়টো ধাৰাৰ অনুগামী। কাব্য সাধনাৰ ক্ষেত্ৰতো তেওঁৰ দৃষ্টিভংগী অতি স্পষ্ট। সাহিত্যৰথী বেজবৰুৱাই কোৱাৰ দৰে কবিতা কল্পনাময়ী কবিৰ বাঞ্ছিত বুলিয়েই তেওঁ বিশ্বাস নকৰে। হুছেইনৰ মতে কবিতা পাঠকবৰ্গৰো বাঞ্ছিত হোৱাটো অতিশয় প্ৰয়োজনীয়।

গোলাঘাটৰ ফৰকাটিঙৰপৰা প্ৰকাশিত 'গণকণ্ঠ' নামৰ কাব্যালোচনী এখনৰ কোনো এটা সংখ্যাত প্ৰকাশ পোৱা কবিতাসমূহৰ সমালোচনা প্ৰসংগত তেওঁৰ স্পষ্ট মত :

"ইতিহাস যদি মানুহৰ হয়, মানুহৰ কবিতা, মানুহৰ বাবে লিখা কবিতাহে জীয়াই ৰ'ব। গতিকে আমাক বাঞ্ছিত মানুহৰ কবিতাৰহে প্ৰয়োজন, ফুল-তৰা-গান নহয়।" (জেহিৰুল হুছেইন ৰচনাৱলী, পৃ: ৩৬৫)।

হুছেইনৰ এনে দৃষ্টিভংগী তেওঁৰ কাব্য সাধনাতো প্ৰতিফলিত হৈছে।

জেহিৰুল হুছেইন মানুহৰ কবি। তেওঁৰ কবিতাৰ মূল বিষয় মানুহ। সাধাৰণ জনতাৰ দুখ-যন্ত্ৰণা আৰু প্ৰাত্যহিক ৰূঢ়তাৰ ছবিখন অতি সহজেই তেওঁৰ কবিতাত ধৰা দিয়ে— "বৰ জাৰ পৰিছে/ বৰ কাপোৰ এখনকে বৈ দিয়া/ তাঁতী/ উলংগ মানুহজাক/ জাৰত কঁপিছে/ এতিয়া সিহঁতৰ আত্মাটো/ বেশ্যাৰ ঘৰত বন্ধকত আছে" (কবীৰ)।

গল্পকাৰ হিচাপে খ্যাত যদিও কাব্যচৰ্চাৰ প্ৰতি তেওঁৰ হৃদয়ত হয়তো এক দুৰ্বাৰ আকৰ্ষণ আছিল। কবিতাৰ শব্দবোৰ বেছি শক্তিমন্ত। শব্দ-শক্তিৰ মহিমা ভালদৰে বুজি পোৱা কবিয়ে উপলব্ধি কৰিছে যে শব্দৰ মাধ্যমেদিহে দুৰ্দশাগ্ৰস্ত মানুহৰ কথাবোৰ সঠিকভাৱে প্ৰকাশ কৰিব পাৰি। মানুহৰ কঠোৰ শ্ৰমেৰে লুণীয়া হোৱা আৰু সপোনৰ পানীপটাত পোত গৈ থকা শব্দবোৰ তেওঁ বিচাৰি আনি মানুহৰ নিভৃততম অনুভূতিখিনিক প্ৰকাশ কৰিব বিচাৰে—"কবি হোৱাটোৱেই শ্ৰেয়/ কবি হ'লেহে / ছাকি চাব পাৰি/ মানুহৰ ঘামেৰে/ লুণীয়া হোৱা/ শব্দবোৰ/ …… খান্দি উলিয়াব পাৰি/ মানুহৰ সপোনৰ / পানীপটাত/ পোত গৈ থকা/ শব্দবোৰ" (গণতন্ত্ৰৰ মৃত্যুত)।

জীৱিকাসূত্ৰে কবিয়ে নগৰৰ মধ্যবিত্ত সমাজত বাস কৰে যদিও কবিয়ে মধ্যবিত্তীয় গণ্ডী অতিক্ৰম কৰি নিৰ্যাতিত কৃষক ৰাইজৰ পক্ষত অৱস্থান গ্ৰহণ কৰে। যোৱা শতিকাৰ আশীৰ দশকৰ প্ৰাৰম্ভণিতে চলা দৈয়াঙৰ কৃষক আন্দোলনৰ লগত কবি সৰ্বতোপ্ৰকাৰে জড়িত হৈ আছিল। দৈয়াং বনাঞ্চলৰ দৰিদ্ৰ কৃষকসকলৰ উচ্ছেদবিৰোধী আন্দোলনৰ সৈতে চামিল হৈ কবিয়ে সেই নিৰ্মম সময়ৰ ভয়াৰ্ত ছবি এখন অংকন কৰিছে—"এতিয়া উশাহত চিতাৰ জুইবোৰ/ লকলককৈ নাকে-মুখে সোমাই আহে/ বগলী পাখিৰপৰাও সৰি পৰে তেজ/ টোপাটোপে তেজ" (স্বীকাৰোক্তি)। চৰকাৰী পক্ষৰদ্বাৰা দৈয়াঙৰ কৃষকৰ ওপৰত চলা অত্যাচাৰে কবিক বেদনাহত কৰিলেও কবি কিন্তু নিৰাশ নহয়। মানুহৰ সংগ্ৰামী সত্তা আৰু অপাৰ সম্ভাৱনা সম্পৰ্কে তেওঁ সদা সচেতন। স্বাধীন দেশৰ চৰকাৰে কৃষক-জনতাৰ ওপৰত চলোৱা অত্যাচাৰ প্ৰতিহত কৰিবলৈ তেওঁ তৰুণ সংগ্ৰামীসকললৈ আহ্বান জনাইছে— "যুঁজৰ টঙালি দৈয়াঙৰ জেঙত/ ফিচিকি ওলমি আছে/ তৰুণ বন্ধু মোৰ/ ধোঁৱা বলি থকা অৰণ্যৰ ফালে/ চেকুৰ ধৰা, চেকুৰ ধৰা" (অ-সংকলিত কবিতা)। কৃষকৰ মুক্তিৰ বাবে জীৱন পাত কৰা সৈনিক শিল্পী বিষ্ণু ৰাভাৰ সংগ্ৰামী মনোবল হুছেইনৰ ভাবনাতো ধৰা দিছে – "তেল চিকটি লগা গাৰুটোতে/ ওপৰ মু-কৈ শোৱাহি আহা/ ভুজলং কাকা/ কাষত ষ্টেনগান লৈ ৰৈ আছে অতন্দ্ৰ কৃষক-প্ৰহৰী/ এটা পঠা এতিয়াও যে বলি দিয়া হোৱা নাই" (এটা পঠা এতিয়াও বলি দিয়া হোৱা নাই)। দেশৰ স্বাধীনতাৰ নামত ব্ৰিটিছৰপৰা দেশীয় চৰকাৰলৈ ক্ষমতাৰ হস্তান্তৰে যে কৃষক, শ্ৰমিকৰ অৱস্থাৰ পৰিৱৰ্তন সাধিব নোৱাৰে—এই কথা বিষ্ণু ৰাভাই সাতচল্লিছ চনতে উপলব্ধি কৰিছিল আৰু বাস্তৱত সেয়াই হৈছে। দেশৰ স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া অসমৰ চাহ বনুৱা সম্প্ৰদায়ৰ প্ৰথমগৰাকী শ্বহীদ বাংকু ওৰাঙকো হুছেইনে 'ইন্দ্ৰজিৎ মালতী' শীৰ্ষক এটা কবিতাৰ মাজলৈ টানি আনিছে। কবি ভাবনাত এই 'ইন্দ্ৰজিৎ মালতী' যৌৱনৰ প্ৰতীক। সাম্ৰাজ্যবাদ-বিৰোধী দেশৰ স্বাধীনতা সংগ্ৰামত বহু ডেকাৰ জীৱন-যৌৱন উৎসৰ্গিত হৈছে।

এইখিনিতে এইটো মন কৰিবলগীয়া যে হুছেইনে সাময়িকভাৱে এটা অতি বিপ্লৱী বামপন্থী দলৰ সৈতে জড়িত আছিল যদিও তেওঁৰ কাব্যত কিন্তু অতি বিপ্লৱীসকলৰ হঠকাৰী কাৰ্যকলাপক সমৰ্থন জনোৱা নাই। "ভেটগুটীয়া ল'ৰাটো তাৰ ইম্মানটো সাহ/ গেজেপ মৰা ভলুকানিত ওভোতাই টানে বাঁহ/ ধনপুৰীয়া সাউদক নি ধনঞ্জয় গোৰ মাৰি/ ৰেওচানি কাটি গঢ়িব হেনো মানুহৰ ইতিহাস!" (এজন ফুকলীয়া কবিৰ পদ্য)।

নক্সালপন্থীসকলৰ দৰে বিপ্লৱ কৰি ৰাতাৰাতি সমাজ পৰিৱৰ্তন সম্ভৱ নহয়। কবিৰ মতে বিপ্লৱৰ প্ৰধান চালিকা শক্তি হ'ল জনগণহে, অস্ত্ৰ-শস্ত্ৰ বা বাহুবল নহয়। সেয়ে তেনে ফুকলীয়া বিপ্লৱীসকলক তেওঁ ৰাইজৰ ওচৰত শিৰ নত কৰিবলৈ আহ্বান জনাইছে – "ফেপেৰি পাতিবলৈ যোৱাৰ আগতে/ ৰাইজক হেৰ'/ সেৱা এটা কৰি ল'বি" (এজন ফুকলীয়া কবিৰ পদ্য)।

ৰাষ্ট্ৰযন্ত্ৰৰদ্বাৰা সৃষ্ট ত্ৰাসৰ ৰাজনীতিয়ে মানৱতাবাদী কবিক মৰ্মাহত কৰি তোলে। ত্ৰাসৰ ৰাজনীতিত কাশ্মীৰী জনগণ যেন বিভ্ৰান্ত। সেয়ে সৰ্বত্ৰ বোমা-বাৰুদৰ ধোঁৱা আৰু ৰক্তৰ নদীয়ে কবিক বেদনাহত কৰি যায়। কবিৰ মতে মানুহ আৰু মানৱতা সকলোৰে ঊৰ্ধত। সাম্প্ৰদায়িকতা-বিৰোধী চেতনাৰে কবিয়ে উপলব্ধি কৰিছে – "মন্দিৰ-মছজিদ হ'লে কি হ'ব !/ যদিহে দেশখন গোধৰা হয়!" (গোধৰা)। গোধৰা এখন ঠাই নহয়, এয়া যেন মানৱতাৰে বধ্যভূমিস্বৰূপ। বিপৰ্যস্ত মানৱতাবোধ আৰু মৈত্ৰী ভাবনা উদ্ধাৰৰ বাবে হুছেইনৰ কবি প্ৰাণ সদাসচেতন।

হুছেইনে ব্যংগ কবিতাৰ কেইটিমান স্তৱকো ৰচনা কৰিছে। গণতন্ত্ৰৰ নামত দেশনেতাসকলৰ স্বেচ্ছাচাৰিতা আৰু পুঁজিবাদী শোষণৰ স্বৰূপ উন্মোচিত হোৱা আজিৰপৰা ডেৰ দশকৰ পূৰ্বে ৰচনা কৰা দুটা স্তৱক উদ্ধৃত কৰা হ'ল। আজিৰ পটভূমিৰ সৈতে ইয়াৰ কিবা সাদৃশ্য আছে নেকি সেয়া পাঠকে বিচাৰ কৰিব।

"ডেমক্ৰেচিৰ যদি চলাওঁতে ৰথ
পোৱা কেতিয়াবা বাধা
চিন্তা কিহৰ মন্ত্ৰী প্ৰবৰ
লগাই দিয়া টাডা" (অপ্ৰকাশিত এথুপি কবিতা)

আকৌ,

"গংগাৰ পাৰত শেঠজীয়ে আজি শুনালে নতুন ধূন।
"বহতী হুইয়ে নদীয়োকী হাম পীতে হেঁয় খুন।।" (অপ্ৰকাশিত এথুপি কবিতা)‌

নিয়মীয়াকৈ অনুশীলন কৰা হ'লে জেহিৰুল হুছেইনৰ কবিতাই আৰু অধিক সাৰ্থকতা লাভ কৰিলেহেঁতেন। বস্তুনিষ্ঠ দৃষ্টিভংগী, স্পষ্টবাদিতা, গভীৰ মানৱতাবোধ আৰু সৌন্দৰ্যচেতনাই হুছেইনৰ কাব্যক শুৱনি কৰিছে।

Share Button
Print Friendly, PDF & Email

No Comments : "জেহিৰুল হুছেইনৰ কবিতা - (নয়নমণি মেধি)"

Leave a Comment

Your email address will not be published. Required fields are marked *