যেতিয়া প্ৰান্তীয় কণ্ঠস্বৰ হৈ উঠে মূলসুঁতিৰ শক্তিশালী কণ্ঠস্বৰ-(ড: কমল কুমাৰ তাঁতী)

সাম্প্রতিক কিছু ঘটনাপ্রবাহে এই কথা প্রমাণিত কৰি আহিছে যে - আমি ‘অসমীয়া’ জাতি হিচাপে আগতকৈ বহুত পৈণত হৈছোঁ, সুসংহত হৈছোঁ; পুৰণি ভুল-ভ্রান্তিৰপৰা আমি শিকিছোঁ আৰু সেই ভুলবোৰ পুনৰাই নকৰাৰ সিদ্ধান্ত সজ্ঞানে লৈছোঁ। তেনে এটা শেহতীয়া উদাহৰণ হৈছে - অসমীয়া কবিতাৰ এটা সুকীয়া, শক্তিশালী ধাৰাৰ স্ৰষ্টা, মূলতঃ ৰাজনৈতিক কবি আৰু অসমৰ সকলোতকৈ প্রৌজ্জ্বল প্রান্তীয় কণ্ঠস্বৰ সনন্ত তাঁতিলৈ ২০১৮ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা আগ বঢ়োৱাটো।

 

যদিও কেৱল বঁটা প্রান্তিয়েই সনন্ত তাঁতিৰ দৰে ‘উজ্জ্বল নক্ষত্র’, সংগ্রামী-প্রতিবাদী কবিৰ একমাত্র লক্ষ্য কেতিয়াও নহয় বা হ'ব নোৱাৰে, তৎসত্ত্বেও কিন্তু, সনন্ত তাঁতিৰ এই বঁটাপ্রাপ্তি কেইবাটাও কাৰণত তাৎপর্যপূর্ণ অথবা বিৰল হিাপে বিবেচিত হৈছে বুলি অসমৰ লেখক-পাঠক আৰু বিজ্ঞমহলে মত প্ৰকাশ কৰিছে। তাৰে প্ৰথমটো কাৰণ হৈছে - ব্ৰিটিছ সাম্রাজ্যবাদী শাসন-আগ্রাসনৰ সময়ৰেপৰা আর্থসামাজিক-ৰাজনৈতিক দিশৰপৰা ভাৰতৰ সকলোতকৈ অধিক আৰু সৰ্বাতোপ্ৰকাৰে ক্ষতিগ্ৰস্ত জনসমষ্টি আদিবাসীসকল অথবা (প্রাক-স্বাধীনতাৰ যুগত অসমলৈ প্ৰব্ৰজন কৰা আদিবাসীমূলীয়) চাহ-জনগোষ্ঠীৰ লোকসকলৰ মাজৰপৰা, ‘এজন লেখক বা কবিয়ে অসমীয়া সাহিত্য-জগতত সর্বোচ্চ বুলি বিবেচিত এক বিৰল সন্মান পোনপ্ৰথমবাৰৰ বাবে লাভ কৰিছে। দ্বিতীয় কাৰণটো হৈছে - বোধকৰোঁ পোনপ্ৰথমবাৰৰ বাবে সাহিত্য অকাডেমী বঁটা অসমৰ বৰাক উপত্যকাত জন্মগ্রহণ কৰা এজন লেখক বা কবিয়ে লাভ কৰিছে।

আন এটা তাৎপর্যপূর্ণ দিশ হৈছে - বৰাক উপত্যকাৰ অন্তৰ্গত কৰিমগঞ্জ জিলাৰ কালিনগৰ চাহবাগিছাৰ এটা উড়িয়াভাষী পৰিয়ালত জন্মলাভ কৰি, শৈশৱ আৰু কৈশোৰত বাংলা ভাষাত শিক্ষালাভ কৰা তাঁতিয়ে জীৱনৰ প্ৰথমটো কবিতা লিখিছিল বাংলা ভাষাত - এটা গীতিধর্মী প্ৰেমৰ কবিতা। পিছলৈ যৌৱনৰ দুৱাৰডলিত ভৰি দিবলৈ আগ বঢ়া কবিয়ে উচ্চশিক্ষা লাভৰ বাবে উজনি অসমৰ যোৰহাটলৈ আহি অসমীয়া ভাষাটো নতুনকৈ আয়ত্ত কৰি পৰৱৰ্তী সময়ত অসমীয়া ভাষাতে কবিতা লিখিবলৈ আৰম্ভ কৰে। সেই হিচাপে অসমীয়া ভাষাটো তেওঁৰ বাবে এটা 'adopted’ ভাষা। এটি ‘adopted’ ভাষাত কাব্য-চর্চা আৰম্ভ কৰি, সেই ভাষাৰ কাব্য-জগতত এক সুকীয়া, শক্তিশালী ধাৰাৰ সূচনা কৰি এক সংগ্রামী, তেজোময় ৰাজনৈতিক কবি হিচাপে আত্মপ্রকাশ কৰাটো সঁচাকৈয়ে এক বিৰল ঘটনা। তেনে সময়ত আমি আনন্দিত আৰু আশাবাদী নহৈ নোৱাৰোঁ - অসমীয়া কবিতাৰ ভৱিষ্যৎ সম্পর্কে, সুৱদী-সুৰীয়া প্ৰাণৰ অসমীয়া ভাষা সম্পর্কে আৰু সামগ্রিকভাৱে, নতুন শতিকাৰ অসমীয়া জাতিটোৰ আত্মানুসন্ধান আৰু ভৱিষ্যত সম্পর্কে।

যোৱাটো শতিকাৰ শেষৰ দশকৰ আৰম্ভণিতে অসমীয়া কাব্য-জগতত এজাক প্রচণ্ড বা-মাৰলিৰ দৰে প্ৰবেশ কৰি অসমীয়া কবিতাৰ স্থান-কাল-পাত্র-সমূহক সম্পূৰ্ণৰূপে নতুনকৈ গঢ়ি তুলি অসমীয়া কবিতাক, বিশেষকৈ প্ৰতিবাদী গণমুখী ধাৰাৰ অসমীয়া কবিতাক এক নতুন উচ্চতালৈ লৈ যাবলৈ সক্ষম হোৱা কবি সনন্ত তাঁতিয়ে ১৯৮১ চনত ঘোষণা কৰে - তেওঁ এক উজ্জ্বল নক্ষত্ৰৰ সন্ধানত ওলাই আহিছে। সেই সন্ধানৰ প্রক্রিয়া চলি থাকোঁতেই তেওঁ নিজৰ শক্তিশালী কণ্ঠেৰে চিঞৰি উঠে - ‘মই মানুহৰ অমল উচ্ছ্বাস'।

২০১৭ চনত প্ৰকাশিত হোৱা সনন্ত তাঁতি নির্বাচিত অসমীয়া কবিতা-সমগ্ৰৰ ইংৰাজীলৈ অনূদিত কাব্যসংকলন - “Selected Poems, Sananta Tanty-ত প্রকাশিত এটা লেখাত কবিগৰাকীৰ এই সময়ছোৱাৰ কাব্য-অন্বেষণ আৰু কাব্য-উত্তৰণৰ প্ৰসংগৰ কথা আলোচনা কৰিবলৈ গৈ মই লিখিছিলোঁ - "Closely followed by another poet who shared his background, Sameer Tanti, Tanty gave Assamese poetry a new lease of life, a voice of political concern and social urgency. This was in stark contrast with the mainstay of modern Assamese poetry, which still grappled with the influences of English modernism and the residues of romanticism. Tanty brought poetry down to the concerns to immediate reality. He paved a new path for future poets to follow - a path strewn with lyricism of poetry and politics of protest." (Selected Poems of Sananta Tanty, I write imprint, New Delhi, February, 2017, Pp. 288)

সনন্ত তাঁতিয়ে তেওঁৰ প্ৰতিটো কবিতাই লিখে মানুহৰ বাবে। তেওঁৰ সকলো কবিতাৰেই মূল বিষয় হৈছে মানুহ আৰু মানুহৰ জীৱন। উপৰুক্ত লেখাটোত সেয়ে মই লিখিছিলোঁ যে – “He speaks of the agony and misery of his own people, and at the same time, he talks about the injustice towards marginal communities elsewhere. This begins as a personal journey, and by virtue of his political moorings, Tanty makes the experience universal.” (পৃষ্ঠা ২৮৮)। সেইবাবেই হযতো কোনোদিনেই নিজকে আদিবাসী বা চাহ-জনগোষ্ঠীৰ এজন প্রতিনিধি বুলি মুকলিকৈ ক’বলৈ সংকোচ নকৰা কবিয়ে নিজৰ সমস্ত সততা আৰু সাহসেৰে ঘোষণা কৰিব পৰিছে যে - “কাইলৈৰ দিনটো আমাৰ হ'ব”।

সনন্ত তাঁতিৰ কবিতাৰ আত্মা ‘অসমীয়া ভাষা’ হ'লেও; গাঁথনিগত স্বতঃস্ফূর্ত পৰিভ্ৰমণ আৰু নির্মাণ, বাক-বৈশিষ্ট্যৰ কালিকা আৰু তাৰ লগতে সুললিত ভাষাৰ সংযোগ আৰু গুণৰ ফলস্বৰূপে সনন্ত তাঁতিৰ কবিতাত ‘সনন্ত তাঁতি আৰু প্ৰতিবাদ’ হৈ উঠে সমার্থক। সেইবাবেই হয়তা কোনা সংকোচ নোহোৱাকৈ, মুকলিভাৱে বিদ্রোহী কবিয়ে লিখিব পাৰিছিল - “মই থিয় হ'লোঁ কমৰেড,/ আৰু থিয় হৈয়েই উগাৰি দিলোঁ মোৰ ঘৃণা/ মই পাঁচোটা আঙুলিতেই লগালোঁ মোৰ বুকুৰ তেজ / আচলতে মই প্রতিজ্ঞাবদ্ধ হ'লোঁ -/ মোৰ দেশ মোৰ জনতাৰ মোৰ অস্তিত্বৰ/উমি উমি জ্বলি উঠা উগ্ৰ জুইকুৰা লৈয়েই।......... মই দীর্ঘ প্রস্তুতিৰ পিছত থিয় হ'লোঁ কমৰেড -/ বগা কামিজৰ ঘৃণিত শোষণকাৰীৰ বন্দুকৰ মুখামুখি,/ এই বন্দুকেৰেই সিহঁতে মোৰ সংগ্রামী পিতাৰ বুকুবিদ্ধ কৰিছিল। এই বন্দুকৰ বেয়নেটে খুচি খুচিয়েই সিহঁতে মোৰ শ্রমিক আইক হত্যা কৰিছিল।”

 

এজন কবি অথবা এজন মানুহ নিজৰ অভ্যন্তৰৰপৰা প্ৰবল শক্তিশালী হ'লে, সৎ হ'লে, কোনোদিনেই ভণ্ডামি অথবা মিথ্যাচাৰৰ আশ্ৰয় নল’লে, সেইজন মানুহে নিজৰ সম্পর্কে কি ধৰণৰ মত প্রকাশ কৰিব পাৰে, তাৰেই এটা উজ্জ্বল উদাহৰণ হৈছে - ১৯৯১ চনত প্ৰকাশিত “ধোঁৱা-ছাইৰ সপান” শীর্ষক কাব্যগ্রন্থখনত সন্নিবিষ্ট ‘সনন্ত তাঁতি সম্পর্কে সনন্ত তাঁতি' শীর্ষক লিখনীটো, যত কবিয়ে মুকলিকৈ কৈছে - “ময়েই বোধকৰো একমাত্র ব্যক্তি যিজনে সনন্ত তাঁতিক ভালদৰে চিনি পাওঁ। তেওঁৰ জন্ম মুহূর্তৰে পৰাইতো মই তেওঁৰ পাছে পাছে  ঘূৰি ফুৰিছো। তেওঁ য'লৈকে যায় মই অনুসৰণ কৰো। সেয়ে মোৰ সমুখত তেওঁৰ কোনো গোপনীয়তা নাই। তেওঁ মোৰ সমুখতে এক নিৰাভৰণ সনন্ত তাঁতি।”

এসময়ত বাঁওপন্থী আন্দোলনৰ সৈতে জড়িত কবি সনন্ত তাঁতি উত্তৰ-ঔপনিবেশিক যুগৰ অসমীয়া সাহিত্য জগতখনত প্ৰান্তীয় কণ্ঠস্বৰসমূহৰ উত্থানৰ এগৰাকী প্রধান ৰূপকাৰ। অসমত সামন্ততন্ত্ৰ-ৰাজতন্ত্ৰৰ বিনাশ ঘটি ঔপনিৱেশিকতা আৰু সাম্রাজ্যবাদৰ প্ৰকৃত অর্থৰ সূচনা হয় তেতিয়া - যেতিয়া অসমত নতুনকৈ গঢ় লৈ উঠা চাহ-বাগিচাবোৰত কাম কৰোৱাবলৈ তদানীন্তন ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশৰ পৰা আদিবাসী লোকসকলৰ বলপূর্বক প্ৰব্ৰজন কৰোৱা হয় আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ সূচনা হয় শ্রমিক আৰু শ্ৰমৰ বলপূর্বক স্থানান্তৰিকৰণৰ জৰিয়তে। দুটা শতিকাজুৰি এই লোকসকলে যি অবর্ণনীয় অন্যায় অত্যাচাৰ-শোষণ-নিপীড়ন - যাৰ মুখামুখি হৈছিল, কবি সনন্ত তাঁতিয়ে তেওঁৰ কবিতাৰ জৰিয়তে সেই ভয়াবহ ইতিহাসৰ বহু তেজলগা পৃষ্ঠা পাঠকৰ সন্মুখত মুকলি কৰি দিয়েই ক্ষান্ত থকা নাই, বৰং তেওঁৰ প্রতিবাদী-ৰাজনৈতিক কবিতাগুচ্ছৰ জৰিয়তে মানুহৰ মনত উকমুকনি তুলি থকা বহু জটিল প্ৰশ্নৰ উত্তৰ বিচাৰিছে। সেয়ে সনন্ত তাঁতিয়ে প্ৰকৃততে প্রতিনিধিত্ব কৰিছে সেই দুটা লুপ্ত শতিকাৰ; আৰু তাৰ লগে লগে হেৰাই যাব খোজা বহু ইতিহাসৰ পুনৰ-মুকলি কৰি অনাগত দিনবোৰত শ্রমজীৱী মানুহৰ বাবে এক নতুন পথৰ সন্ধান দিছে। আৰু তাতেই প্ৰকৃততে কবি-লেখক হিচাপে সনন্ত তাঁতিৰ প্ৰধানতম সফলতা। সেইবাবেই এসময়ৰ প্ৰান্তীয় কণ্ঠৰ সনন্ত তাঁতি হৈ উঠিছে ‘মূলসুঁতিৰ প্ৰধানতম, শক্তিশালী কণ্ঠস্বৰ’।

(লেখাটি অসমীয়া 'প্ৰতিদিন কাকত'তো প্ৰকাশ পাইছে।)

Share Button
Print Friendly, PDF & Email

No Comments : "যেতিয়া প্ৰান্তীয় কণ্ঠস্বৰ হৈ উঠে মূলসুঁতিৰ শক্তিশালী কণ্ঠস্বৰ-(ড: কমল কুমাৰ তাঁতী)"

Leave a Comment

Your email address will not be published. Required fields are marked *