শিল্প-কলা-সংস্কৃতি

জন হেন্‌ৰি : আমেৰিকাৰ ‘মহত্তম মালিতা’টো – (বৰ্ণালী বৰুৱা দাস)

…পাহাৰ কাটি ৰেলৰ সুৰংগ পথ কাটিবলৈ প্ৰচণ্ড শক্তিৰে হাতুৰি কোবোৱা জন হেন্‌ৰি আফ্ৰিকা-আমেৰিকাৰ কৃষ্ণাংগ লোক-কথাৰ নায়ক‌। এই লোক-কাহিনী অনুসৰি বগা চৰ্দাৰে সেই কামৰ বাবে ষ্টিম-ড্ৰিলাৰ অনাত শ্ৰমিকসকল ক্ষুব্ধ হয়‌। জন হেন্‌ৰিয়ে বুকু ডাঠি কয়, কোনো যন্ত্ৰৰে এই কামত তেওঁক পৰাস্ত কৰা সম্ভৱ নহয়‌। সেই অনুসৰি আৰম্ভ হয় মানুহ আৰু যন্ত্ৰৰ প্ৰতিযোগিতা‌। পাহাৰৰ গভীৰৰপৰা গভীৰতৰলৈ সুৰংগ পথ কটাৰ প্ৰতিযোগিতা‌। এফালে হেন্‌ৰি আৰু আনফালে ষ্টিম ড্ৰিলাৰ। সূৰ্যাস্তৰ আগেয়েই পাহাৰৰ ১৫ ফুট গভীৰত প্ৰবেশ কৰে হেন্‌ৰি‌। যন্ত্ৰ তেতিয়াও পৰি ৰৈছে ৯ ফুটত‌ (The man that invented the stream drill/ Thought he was mighty fine,/ But John Henry made fifteen feet; The steam drill only made nine.)। পিছে শক্তি পৰীক্ষাৰ এই জয়ৰ স’তেই জন হেন্‌ৰিও মাটিত বাগৰি পৰে চিৰদিনলৈ‌।

সত্তৰ দশকৰ এই লোক-কাহিনীটোৰ আলম লৈ সৃষ্টি হৈছিল ‘জন হেন্‌ৰি’ শীৰ্ষক বিখ্যাত আমেৰিকান মালিতা (Ballad)টোৰ‌। কাহিনীত উল্লিখিত প্ৰতিযোগিতাৰ স্থান বিভিন্নজনে বিভিন্নধৰণেৰে উল্লেখ কৰে‌। যেনে, পশ্চিম ভাৰ্জিনিয়াৰ বিগ বেণ্ড সুৰংগ, ভাৰ্জিনিয়াৰ লুইচ সুৰংগ বা আলাবামাৰ ক’চা পৰ্বতৰ সুৰংগ ইত্যাদি‌। সেইদৰে গীতৰ কথাংশতো ভিন্নতা দেখা যায়‌। তথাপি মালিতাটোৰ সাৰ্বজনীন আবেদন সকলোতে একেই আছে‌। বিখ্যাত আমেৰিকান লোক-সংগীত শিল্পী পিট ছিগাৰৰ মতে ই আমেৰিকাৰ মহত্তম মালিতা (Noblest Ballad)‌। মালিতাটো বহু খ্যাত-অখ্যাত গায়কে বিভিন্নধৰণেৰে গাইছে‌। পল ৰবছন, উডি গাথৰি, পিট ছিগাৰ, ডক ৱাটছন আৰু বহু গায়কৰ সুকীয়া গায়ন শৈলীৰে গোৱা গীতটো ইচ্ছুকসকলে Youtubeঅৰ তলত দিয়া লিংকত শুনিব পাৰিব‌।
গণশিল্পী হেমাংগ বিশ্বাসে এই মালিতাটো বাংলা আৰু অসমীয়া দুয়োটা ভাষালৈ অনুবাদ কৰি নিজা কণ্ঠত ৰেকৰ্ডিঙো কৰে‌। হেমাংগ বিশ্বাসৰ কণ্ঠৰ বাংলা গীতটোও You tubeঅত উপলবদ্ধ‌। অনূদিত হেমাংগ বিশ্বাসৰ গীতটোত এটা স্বকীয়তাও আছে‌। বিশেষকৈ হেমাংগ বিশ্বাসৰ কণ্ঠত গানটোৱে মাটিৰ সুৰৰ পৰশ লাভ কৰিছে‌। লগতে সি সম্পূৰ্ণকৈ দেশ-কালৰ ঊৰ্ধত হৈ পৰিছে‌।

জন হেন্‌ৰিৰ কণমানি জীয়ৰী
শিলৰ বুকুৰে যেন নিজৰা
মাকৰ কোলাত বহি বাট চাই আছে কাৰ
কোনে দিব দেউতাৰ বতৰা‌।

এনেকুৱা চিত্ৰকল্পৰে উপস্থিত জন হেন্‌ৰিৰ কণমানি জীয়ৰীজনী আমাৰ চিৰ আপোন সেই “খোলা ডিঙিৰ বুটাম খোলা ফুটফুটীয়া ফ্ৰক” পিন্ধা কণমানিজনীয়েই হৈ পৰেহি‌। মাকৰ কোলাত বহি দেউতাকলৈ বাট চাই ৰোৱা আমাৰ চিনাকি কণমানিজনী আৰু তাইৰ দুখুনী মাক‌। অৱশ্যে দুখ থাকিলেও তাত কিন্তু হতাশা নাই‌। ইংৰাজীটোত কোৱা হৈছে –

John Henry had a little baby.
You could hold him in the palm of your
Hand.
The last words I heard that poor boy say,
“My daddy was steel-driving man. Lord,
Lord.
My daddy was a steel-driving.”

ঠিক তাৰ পাছতেই সেই কণমানি ল’ৰাটোৰ (ইংৰাজীটোত হেন্‌ৰিৰ পুত্ৰহে) গুণগুণনিটো যেন বতাহত উৰি ফুৰিল, হেন্‌ৰিৰ বীৰগাথা হৈ –
When the bluebirds begin to sing.
You can hear John Henry a mile or more.
You can hear John Henry’s hammer ring.
Lord, Lord.
You can hear John Henry’s hammer ring.

হেমাংগ বিশ্বাসে কৰা বাংলা অনুবাদটোতো বৰ অৰ্থৱহভাবে এই শাৰীকেইটা গোৱা হৈছে—

পাখীৰ কাকলি ভৰা ভোৰে
পূবালি আকাশ যাবে ৰঙীন
হেনৰিৰ বীৰগাথা বাতাসে ছড়িয়ে দিয়ে
সিটি দিয়ে চলে যায় ইঞ্জিন‌।

হেমাংগ বিশ্বাসে কৰা অসমীয়া অনুবাদটোতো এই কলিটো আছিল এনেদৰে –

পখীৰ কাকলি ভৰা পুৱতি
পূবৰ আকাশ হয় ৰঙীন
হেনৰিৰ জয়গান বতাহত ছটিয়াই
উকি মাৰি চলি যায় ইঞ্জিন‌।

(উৎস: নতুন পদাতিক, ফেব্ৰুৱাৰি, ২০১৩)

১৯৭৮ চনত ‘বিশ্বপ্ৰবাহী লুইত’ নামৰ ৰেকৰ্ডখনত অৱশ্যে ওপৰত উল্লিখিত ‘পখীৰ কাকলি ভৰা পুৱতি’ কলিটো গোৱা নাছিল‌। ৰেকৰ্ডৰ নিৰ্ধাৰিত সময় মিলাবলৈকে এই কলিটো বাদ দিয়াৰ সম্ভাৱনা আছে‌। উক্ত কলিটো পৰমানন্দ মজুমদাৰে সম্পাদনা কৰা ‘হেমাংগ বিশ্বাস ৰচনাৱলী’ত সন্নিৱিষ্ট গীতটোতো নাই‌। আনহাতে, অৱনী চক্ৰৱৰ্তী আৰু যতীন বৰগোহাঞিয়ে অনবাদ কৰি সংকলন কৰা “কৃষ্ণাংগ কবিৰ কবিতা” নামৰ পুথিখনত সন্নিৱিষ্ট গীতটোতো নাই‌। দুয়ো ক্ষেত্ৰতে বোধহয় মালিতাটো ‘বিশ্বপ্ৰবাহী লুইত’ৰপৰা লোৱাৰ বাবেই উক্ত কলিটো বাদ পৰে‌। কিন্তু হেমাংগ বিশ্বাসে কৰা মূল অনুবাদটোত থকা উক্ত কলিটোৰ আৱশ্যকতা বাংলা গীতটো শুনিলে উপলব্ধি কৰিব পাৰি‌।
যিটো ৰে’লপথ নিৰ্মাণ কৰিবলৈ গৈ হেন্‌ৰিৰ মৃত্যু হ’ল, সেই ৰে’লপথেৰে পাৰ হৈ যোৱা ৰে’লখনে যেন উকি মাৰি হেন্‌ৰিৰ বীৰগাথাকেই কৈ যায়‌।সেই বীৰগাথা বতাহত ভাহি ফুৰে শ্ৰমিকৰ জয়গান হৈ‌।

প্ৰতি মে’ দিৱসৰ গানে গানে
নীল আকাশৰ তলে দূৰ
শ্ৰমিকৰ জয়গানত কাণ পাতি শুনা সৌ
হেন্‌ৰিৰে হাতুৰিৰ সুৰ‌।

বাংলাটোত “শ্ৰমিকৰ জয়গানে কাণ পেতে শুনবই হেন্‌ৰিৰ হাতুৰিৰ সুৰ” এই শাৰীটো শেষত ক’ৰাছত অভাৰলেপিং কৰি গাওঁতে এনেকুৱা এটা এফেক্ট আহিছে যেন দূৰৈৰপৰা ৰে’লগাড়ী এখনৰ দবাত ভৰি থকা অজস্ৰ মানুহে হেন্‌ৰিৰ জয়গান গাই গাই আহি আছে‌। এই এদল মানুহ আহিছে এটা দবাত, সেইটো পাৰ হৈ যাওঁতে-নাযাওঁতেই আনটো দবাৰ মানুহদলৰ সমবেত কণ্ঠ যেন ভাহি আহিছে‌ – “হ’ হ’ হ’ হ’ হেন্‌ৰিৰ হাতুৰিৰ সুৰ”‌। আকাশে-বতাহে বিয়পি পৰিছে হেন্‌ৰিৰ হাতুৰিৰ সুৰ, আৰু এইদৰেই যেন মৰিও অমৰ হৈ ৰৈছে জন হেন্‌ৰিৰ দৰে অজস্ৰ শ্ৰমিক‌ৰ হাতুৰিৰ গান।

প্ৰখ্যাত বাংলা গায়ক কবিৰ সুমনেও জন হেন্‌ৰিক লৈ সৃষ্টি কৰা গীতটিত এই আশাবাদ বাংময় হৈ পৰিছে এনেকৈ –

জন হেন্‌ৰিৰা মৰেও মৰে না গানে গানে থেকে যায়
কাণ পেতে শুন হাতুৰি এখনো শ্ৰমিকেৰ গান গায়‌।
গায় শ্ৰমিকেৰ গান গায়‌।
জন হেনৰিৰ গান গায়‌।

‘বিশ্বপ্ৰবাহী লুইত’ত হেমাংগ বিশ্বাসে নিজ কণ্ঠত কৰা ৰেকৰ্ডিং বৰ্তমান বৰ সুলভ নহয়‌। এই আপুৰুগীয়া গীতটি নিজা বলিষ্ঠ কণ্ঠত ৰেকৰ্ডিং কৰি সংৰক্ষণ কৰাৰ মহৎ দায়িত্ব এটা পালন কৰিলে স্বনামধন্য গায়ক লোকনাথ গোস্বামীয়ে‌। ‘জন হেন্‌ৰি’ নামৰ এলবামটোত কেৱল এই গীতটোৱেই নহয়, লগতে হেমাংগ বিশ্বাসৰ আৰু কেইবাটাও যুগজয়ী গীত ৰেকৰ্ড কৰা হৈছে‌। আগ্ৰহী শ্ৰোতাই এলবামটো শুনি এক নতুন সোৱাদ পাব‌।
লোকনাথ গোস্বামীৰ এলবামটোতো আগতে উল্লেখ কৰা “পখীৰ কাকলি ভৰা পুৱতি” কলিটো নাই‌। আনহাতে, মূল হেমাংগ বিশ্বাসৰ গীতটোৰ ৰে’লৰ এফেক্টটোও অনুপস্থিত‌। মূল গীতটোত হেন্‌ৰিৰ হৃৎপিণ্ড স্তব্ধ হোৱাৰ মুহূৰ্ততহে সকলো বাদ্যযন্ত্ৰ স্তব্ধ কৰি বিলম্বিত সুৰত গোৱা হয় – “আগ্নেয়গিৰিৰ মুখ ৰুদ্ধ, থমকি ৰ’ল হাতুৰিৰ শব্দ, হেন্‌ৰিৰ জয়ধ্বনি চৌপাশে যেতিয়া হৃৎপিণ্ড তাৰ স্তব্ধ‌”‌। কিন্তু এই শাৰীটো লোকনাথ গোস্বামীৰ কণ্ঠত একেটা লয়তে গোৱা হয়‌। তাৰ পাছৰ শাৰীটোহে বিলম্বিত কৰা হয়‌। সি যি নহওক, তথাপিও গানটোৰ সামগ্ৰিক আবেদন ৰক্ষা পৰিছে‌।
আশা কৰিছো এই মহত্তম মালিতাটো তাৰ নিজস্ব আবেদন ৰক্ষা কৰি আৰু নতুন নতুন শিল্পীৰ কণ্ঠত শুনিবলৈ পাম‌।

গীতটোৰ বিভিন্ন সূত্ৰ:
১) পল ৰবছন (https://www.youtube.com/watch?v=em8QtaDOZt0 )
২) উডি গাথৰি (https://www.youtube.com/watch?v=66r3zZoO4dQ )
৩) পিট ছিগাৰ (https://www.youtube.com/watch?v=A9Zt0O2lyhk )
৪) ডক ৱাটছন (https://www.youtube.com/watch?v=Xaq0t9OQOd8 )
৫) হেমাংগ বিশ্বাস, বাংলা (https://www.youtube.com/watch?v=_SXh_gPfZiQ )
৬) কবিৰ সুমনৰ স্বৰচিত (https://www.youtube.com/watch?v=egXHK-6fblA&app=desktop )
৭) গণশিল্পী হেমাংগ বিশ্বাসৰ জন্ম শতবৰ্ষৰ শ্ৰদ্ধাৰ্ঘ এলবাম – শিল্পী লোকনাথ গোস্বামী (SEUJ Production, New guwahati)
৮) হেমাংগ বিশ্বাস, অসমীয়া (গ্ৰাম’ফোন ৰেকৰ্ড – বিশ্বপ্ৰবাহী লুইত, ১৯৭৮ চন)

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *