জীৱন-যন্ত্ৰণাৰ নিৰ্মম চিত্ৰণ জেহিৰুল হুছেইনৰ 'বাঘ মানুহ' - (মীনাক্ষী বৰুৱা)

বিংশ শতিকাৰ প্ৰচাৰবিমুখ সচেতন লেখকসকলৰ ভিতৰত জেহিৰুল হুছেইন অন্যতম । তেওঁৰ কলমত সামাজিক দায়বদ্ধতাৰ চিন স্পষ্ট । সমাজৰ নিম্ন মধ্যবিত্ত শ্ৰেণীৰ শোষণ আৰু বঞ্চনাৰ বিৰুদ্ধে তেখেতে সত্তৰ, আশী আৰু নব্বৈৰ দশকত সৃষ্টি কৰিছিল বহুতো প্ৰতিবাদী গল্প । কেৱল গল্পই নহয়, নাটক, প্ৰবন্ধ, ব্যংগ আদিৰ জৰিয়তেও তেখেতে অসমীয়া সাহিত্য জগতত নিজৰ স্থান নিকপকপীয়া কৰি থৈ গৈছে । প্ৰগতিশীল চিন্তাধাৰাৰে জীৱন উছৰ্গিত কৰা গোলাঘটীয়া এই তীক্ষ্ণধী লেখকজনৰ গল্পসমূহত প্ৰকাশ হৈছিল সাধাৰণ মানুহৰ জীৱন-যন্ত্ৰণাৰ অনেক দুঃসহ ছবি । 'বাঘ মানুহ' নামৰ গল্পটোৱে বহন কৰিছে তাৰেই স্পষ্ট ইঙ্গিত ।

গল্পটোৰ প্ৰথমাংশই নিঃসংগ বৃদ্ধা এগৰাকীৰ দুৰ্বল মনস্তত্ত্ব সৰল বাৰ্তালাপৰ মাজেৰে সুন্দৰ ৰূপত পৰিস্ফুট কৰি তুলিছে । যশোদা এগৰাকী আশীৰ ঊৰ্ধ্বৰ নিঃসংগ মহিলা । মায়ঙৰ বেজৰ অভিশাপেৰে অভিশপ্ত হৈ পৰা বৰগোহাঁই মৌজাদাৰৰ বৰ বোৱাৰী হৈ বিশ বছৰ বয়সতে যশোদা গাঁওখনলৈ আহিছিল । এই 'মৌজাদাৰ' খিতাপটো শহুৰেকে পাইছিল ব্ৰিটিছ চৰকাৰৰপৰা, সেই কথা লৈ বৰ বোৱাৰী যশোদাও গৌৰৱান্বিত । কাহিনীটো আৰম্ভ কৰা হৈছে গোহাঁই মন্দিৰৰ পাৰত ৰজাই পাতাল ফুটাই পানী উলিওৱা ৰহঢলা পুখুৰীটোক কেন্দ্ৰ কৰি । 'বাঘ মানুহ' গল্পটো সাধু সাধু লগা, মুখে মুখে চলি অহা এক অলৌকিক ঘটনাৰ আলমত ৰচনা কৰা হৈছে । ইয়াৰ যোগেদি গল্পকাৰ হুছেইনে অন্ধবিশ্বাসৰ কবলত চেপা খাই থকা সমাজৰ ৰুগ্ন দিশটোও পঢ়ুৱৈৰ সমুখত মুকলি কৰি দিয়াৰ প্ৰয়াস কৰিছে । যশোদাই উক্ত কাহিনীটো শাহুৱেকৰ মুখতে প্ৰথম শুনিছিল । সেই তেতিয়াৰেপৰাই, অৰ্থাৎ কুৰি বছৰ বয়সৰপৰাই  তেওঁ বুকুত কঢ়িয়াই ফুৰিছে এক ভয়ঙ্কৰ বিশ্বাস । সোণৰ নাও উদ্ধাৰৰ উদ্দেশ্যে দ পানীত বুৰ মৰা বেজ ঢেঁকীয়াপতীয়া বাঘ হৈ উভতি অহাৰ লগে লগে গল্পৰ কাহিনীয়ে মোৰ সলালে । পৰিস্থিতি আতংকময় হৈ পৰিল, যেতিয়া বাঘৰূপী বেজে প্ৰতিশোধাৰ্থে মৌজাদাৰৰ বংশ থানবান কৰি পেলালে । পৰৱৰ্তী সময়ত সেই বৃহৎ ঘৰটিত এক অচিন সন্ত্ৰাস বুকুত বান্ধি ৰৈ গ'ল একমাত্ৰ যশোদা আৰু সেই কাহিনীৰ সাক্ষী হৈ থাকিল শাহুৱেকে দি যোৱা বেজৰ হাতৰ এখন মন্ত্ৰপূত গামোচা । দিনবোৰ এনেকৈয়ে গৈ থাকিল । স্বামীৰ মৃত্যুৰ পিছত নিঃসঙ্গতা নিৰ্মূলৰ উদ্দেশ্যে অকলশৰীয়া যশোদাই দূৰ সম্পৰ্কীয় দৰিদ্ৰ ঘৰৰ ঘাতমাউৰা কণমানি ছোৱালী গীতিক লৈ আনিলে তেওঁৰ সাৰথি কৰি । পিছলৈ ষোড়শী গীতিয়ে আইতাকৰ মনস্তত্ত্ব আন্তৰিকতাৰে উপলব্ধি কৰি তেওঁৰ মানসিক দুৰ্বলতা হ্ৰাস কৰাৰ নিষ্ফল চেষ্টা কৰে।

এইখিনিলৈকে কাহিনীয়ে গ্ৰাম্য সৰলতাৰ নিৰ্ভেজাল ছবি এখন সুন্দৰ ৰূপত ফুটাই তুলিছে । মন্ত্ৰপূত গামোচাখন বাঘৰ শৰীৰত পেলাব নোৱৰাপৰ্যন্ত মৌজাদাৰৰ বংশ আৰু গাঁওখন এই অভিশাপৰপৰা মুক্ত হোৱাৰ কোনো আশা নাই । বাঘৰ গোজৰণিত ত্ৰাসিত হৈ পৰা সময়তে হঠাতে যশোদাই এটা নতুন উপায় বিচাৰি পালে । বহু বছৰ আগতে বাঘৰ ভয়ত গুৱাহাটীলৈ গুচি যোৱা দেওৰেকৰ বংশত সাহসী নাতি থকাৰ কথা তেওঁ শুনিছে । মন্ত্ৰপূত গামোচাখন বাঘটোৰ গাত পেলাবলৈ সিহঁতৰ এটাকে মাতি আনিলে কেনে হয় ? যশোদাৰ ভাবনাই গল্পৰ গতিক এক নতুন মোৰ দিবলৈ সমৰ্থ হৈছে । অবাস্তৱ জগতত মন্থৰ হৈ পৰা পঢ়ুৱৈৰ অলস চেতনাক বাস্তৱ উপস্থাপনে হঠাৎ সচেতন কৰি তুলিছে । যশোদাৰ আকস্মিক আমন্ত্ৰণত গুৱাহাটীৰ বাসিন্দা দেওৰেকৰ ঘৰখন সা-সম্পত্তিৰ লালসা আৰু হিচাপ-নিকাচত ব্যস্ত হৈ উঠিছে । এনে জীৱন্ত উপস্থাপনে পঢ়ুৱৈক কাহিনীৰ সৈতে একাত্ম হৈ পৰাৰ সুযোগ দিছে । পৃথিৱীৰ গৰিষ্ঠসংখ্যক লোকৰে সম্পত্তিৰ প্ৰতি আছে অদম্য লালসা । এয়া এক অপ্ৰিয় সত্য ! আইতাকৰ সৈতে আত্মীয়তাৰ পৰিচয় নথকা নাতি ল'ৰাটিক তাৰ পিতৃ-মাতৃয়ে সম্পত্তিৰ লোভত গাঁৱলৈ যাবলৈ প্ৰৰোচিত কৰিলে ।

চহৰীয়া নাতিয়ে ককাকৰ দিনৰেপৰা আইতাকে বুকুত কঢ়িয়াই ফুৰা ভীতিগ্ৰস্ততাৰ ভু পাবলৈ সক্ষম হ'লনে? নাতি উদয় আৰু তাৰ বন্ধু জাভেদৰ চৰিত্ৰ দুটিৰে গল্পকাৰ জেহিৰুল হুছেইনে তথাকথিত চহৰীয়া উদণ্ড ডেকাৰ অসংস্কৃত আচৰণৰ পৰিষ্কাৰ ছবি এখন ফুটাই তুলিবলৈ সক্ষম হৈছে।

"চাফ চাফ কৈ দিয়া বাঘটো ধৰিব পাৰিলে আমাক কি ইনাম দিবা ?"

এনে দুৰ্বোধ্য শব্দ শুনি যশোদাই অনুমান কৰি ল'লে যে বাঘ ধৰাৰ বিনিময়ত উদয়ে টকা বিচাৰিছে । আৰু জাভেদ ? জাভেদৰ মুখৰ অচিন ভাষা বুজিবৰ বাবে যশোদাই গীতিৰ সহায় ল'লে !

"চুপি চুপি বাঘৰ পিচা কৰা কিমান খটৰনাগ আপুনি নুবুজে আইতা । জিন্দা শ্বেৰ ।"

'খটৰনাগ' শব্দৰ অসমীয়া প্ৰতিশব্দ বিচাৰি হাবাথুৰি খোৱা উদয়ে আইতাকক বুজাই দিলে ইয়াৰ অৰ্থ 'ডেনজেৰাছ' ! তেনে সময়তে গীতিৰ মুখত অসমীয়া 'ভয়ঙ্কৰ' শব্দটো শুনি জাভেদ অত্যধিক উচ্ছ্বসিত হৈ উঠিল - "হাঁ ভণ্টি, ঠিক ধৰিছা । জিন্দা বাঘ কাবু কৰা চোজা কাম নহয় ।"

নাতি উদয় আৰু তাৰ বন্ধু জাভেদৰ উচ্ছৃংখল চাৰিত্ৰিক বৰ্ণনাই পঢ়ুৱৈক পৰিস্থিতিৰ প্ৰতি অধিক সচেতন আৰু মনোযোগী হ'বলৈ বাধ্য কৰায় । টকাৰ লোভত দুই লম্পট যুৱক সেইনিশা অনিচ্ছাসত্ত্বেও যশোদাৰ ঘৰত থাকিবলৈ বাধ্য হৈ পৰিল । মৌজাদাৰৰ দিনৰে প্ৰকাণ্ড ঘৰটিত নিশা এমূৰে থাকিল নৈতিকতাৰ পাঠ নিশিকা দুজন উদণ্ড ডেকা আৰু আনমূৰে যুগৰ পৰিবৰ্তনৰ উমান নোপোৱা অসহায় আইতাকৰ সৈতে গাভৰু গীতি । মানসিক ভাৰসাম্য হেৰুৱাই এখন কাল্পনিক জগতত বাস কৰি থকা বৃদ্ধা যশোদাই অনুমান কৰিব পৰা নাছিল গাঁওখন আৰু বংশটোৰ উপকাৰৰ বাবে মাতি অনা সুৰাসক্ত নাতিহঁতৰ মন-মগজুত সেই নিশা কি কীটে কিলবিলাই আছিল ! মাজনিশা গীতিয়ে হঠাতে ফেঁকুৰি উঠিছিল । এক ভয়াৰ্ত আৱেগত আইতাকক তাই গবা মাৰি ধৰিছিল । তাইৰ কান্দোন দেখি আইতাক যশোদাই বাঘিনীৰ দৰে গৰ্জি উঠিছিল আৰু ৰখীয়া তোলনক বন্দুকত গুলি ভৰাবলৈ নিৰ্দেশ দিছিল । কিন্তু সৰল বোধশক্তিৰে গীতিয়ে অনুমান কৰিব পাৰিছিল ইয়াৰ পৰিণাম কি হ'ব পাৰে । বদনামৰ ভয়ত গাঁৱত মুখ উলিয়াব নোৱৰা হোৱাৰ আশংকাত তাই আইতাকক তেনে নকৰিবলৈ বাধা প্ৰদান কৰিলে ।

গল্পটোৰ পৰিসমাপ্তি প্ৰতীকাত্মক । আত্মসন্মানৰ আঘাতত যশোদাৰ প্ৰতিবাদী সত্তা পুনৰ জাগ্ৰত হৈ উঠে শেষনিশা । আৰু ঠিক সেই সময়তে বাহিৰত তেওঁ শুনিবলৈ পাইছিল ঢেঁকীয়াপতীয়া বাঘৰ অবিৰাম হুকৰণি । মানসিক অন্তৰ্দ্বন্দ্বত ভুগি থকা যশোদা মুহূৰ্ততে হৈ উঠে দুৰ্দান্ত সাহসী । মৃত্যুভয় গৌণ হৈ পৰে তেওঁৰ । এই ভয়ঙ্কৰ সমস্যাৰ সমাধানৰ ব্যৱস্থা তেওঁ নিজেই কৰিব লাগিব । ইতিমধ্যে বাঘটোৰ মাত ক্ৰমান্বয়ে ওচৰ চাপি ঘৰৰ চৌহদ পালেহি । মন্ত্ৰপূত গামোচাখন তাৰ গাত পেলাই খুলি খুলি খাই থকা এই অভিশাপৰপৰা মুক্ত হ'বলৈ যশোদা বদ্ধপৰিকৰ হ'ল । এই উত্তেজনাময় অৱস্থাতে তেওঁৰ উশাহেদি সোমাই আহিল বাঘৰ সেই চিনাকি গোন্ধ । এই গোন্ধৰ উৎস বিচাৰি যশোদা সন্তৰ্পণে ওলাই আহিল কোঠাৰ ভিতৰৰপৰা । এখোজ-দোখোজকৈ আগুৱাই গৈ যশোদাই বাঘটোৰ ছায়ামূৰ্তি উদয়-জাভেদ শুই থকা কোঠাটোৰ কাষত প্ৰত্যক্ষ কৰিলেগৈ । কোঠাৰ দুৱাৰ মুকলি । আধাপোৰা চিগাৰেট, সুৰাৰ খালী বটল, ঘামৰ উৎকট গোন্ধ, গেলা মোজাৰ দুৰ্গন্ধ আৰু নাকৰ ঘোৰঘোৰ শব্দৰ মাজত বিলীন হৈ পৰিল ঢেঁকীয়াপতীয়া বাঘৰ গোন্ধ । দুই যুৱকৰ শৰীৰৰ উতঙ্গ মধ্যাংশত কামনাৰ চিন পৰিস্ফুট । অনাকাংক্ষিত এই দৃশ্যই যশোদাৰ বাস্তৱ চেতনাত দেশৰ ৰাজনৈতিক আৰু সামাজিক প্ৰেক্ষাপটৰ নিষ্ঠুৰ ছবিখন জলজল-পটপট কৰি তুলিলে । বিষণ্ণ ঘোলা চকু দুটিৰে তেওঁ লক্ষ্য কৰিলে সাহিয়াল নাতিহঁতৰ বিছনাৰ কাষত দুটি ক'লা স্বয়ংক্ৰিয় অস্ত্ৰ । হঠাতে উচুপি উঠি যশোদাই মন্ত্ৰপূত গামোচাখনেৰে দুই 'বাঘ মানুহ'ৰ গা দুটা ঢাকি দিলে ।

অতি হৃদয়স্পৰ্শী এই গল্পটোৰ জৰিয়তে গল্পকাৰ জেহিৰুল হুছেইনে দেশৰ বিশৃংখল সমাজ ব্যৱস্থাৰ নিদাৰুণ ছবিখন সচেতন পাঠকৰ মাজত উন্মোচিত কৰি তুলিছে । সাম্প্রতিক সময়তো দেশৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক প্ৰেক্ষাপটত তেখেতৰ সৃষ্টিৰাজি প্ৰাসংগিক । এনে গল্পই সাধাৰণ পাঠকৰ চেতনাৰ উত্তৰণৰ লগতে সামাজিক দায়বদ্ধতাৰ দিশত যে সুদূৰপ্ৰসাৰী ভূমিকা গ্ৰহণ কৰিবলৈ সমৰ্থ হ'ব সেই কথা সহজেই অনুমেয় ।

Share Button
Print Friendly, PDF & Email

No Comments : "জীৱন-যন্ত্ৰণাৰ নিৰ্মম চিত্ৰণ জেহিৰুল হুছেইনৰ 'বাঘ মানুহ' - (মীনাক্ষী বৰুৱা)"

Leave a Comment

Your email address will not be published. Required fields are marked *