বিবিধ চিন্তা

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ঘটনা সন্দৰ্ভত ৰাইজলৈ গোহাৰি

যোৱা ৯ ফেব্ৰুৱাৰি তাৰিখে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত DSU (Democratic Students Union) নামৰ ছাত্ৰসংগঠনটোৰ কেইজনমান প্ৰাক্তন ছাত্ৰই আয়োজন কৰা অনুষ্ঠান এটাক লৈ শেহতীয়াকৈ দেশত মুক্ত চিন্তা ৰোধ কৰাৰ যি গভীৰ আৰু ব্যাপক ষড়যন্ত্ৰ চলিছে তাৰ প্ৰতি আমি গভীৰ উদ্বেগ প্ৰকাশ কৰি এই বিবৃতি প্ৰেৰণ কৰিছো‌। শাসকপক্ষৰ স্বাৰ্থজড়িত হস্তক্ষেপৰ উপৰি কেতবোৰ দল-সংগঠনৰ ভূমিকা আৰু এচাম সোঁপন্থী জনতাৰ হিংস্ৰ কাৰ্যকলাপে সেই ষড়যন্ত্ৰক ফেচিবাদৰ আগজাননী বুলি ভাবিবলৈ আমাক বাধ্য কৰিছে‌।

ইতিমধ্যে বিশ্ববিদ্যালয়ৰ কেইজনমান ছাত্ৰক দেশদ্ৰোহিতাৰ অপৰাধত অভিযুক্ত কৰি গ্ৰেপ্তাৰ কৰা হৈছে, কেইজনমান অভিযুক্ত এতিয়াও বিশ্ববিদ্যালয়ৰ চৌহদত আছে‌। ইতিমধ্যে Indian Express, The Hindu আদি কেইখনমান ৰাষ্ট্ৰীয় প্ৰচাৰ থকা বাতৰিকাকতত নিৰ্ভৰযোগ্যভাৱে প্ৰকাশ পাইছে যে যিবোৰ আলোকচিত্ৰ আৰু ভিডিঅ’ অভিযোগৰ সাক্ষ্য প্ৰমাণ হিচাপে দাঙি ধৰা হৈছে, সেইবোৰত কাৰিকৰী কৌশলেৰে বিকৃতি ঘটাই ভুৱা তথ্য সন্নিৱিষ্ট কৰা হৈছে‌। অথচ গোচৰ প্ৰক্ৰিয়া দীঘলীয়া কৰি ৰখা হৈছে, তাক এক গুৰুতৰ অভিযোগৰ ৰূপ দিবলৈ‌। জনসাধাৰণৰ মাজত এনেকুৱা এটা ধাৰণা প্ৰচাৰ কৰাৰ চেষ্টা কৰা হৈছে যেন বিশ্ববিদ্যালয়ৰ প্ৰত্যেকজন ছাত্ৰই দেশদ্ৰোহী‌ আৰু বিশ্ববিদ্যালয়খন দেশদ্ৰোহীৰ ঘাটি‌। অথচ ইমান দিনে বিশ্ববিদ্যালয়খন সজীৱ বিদ্যাচৰ্চাৰ বাবেই প্ৰসিদ্ধ আছিল‌।

মানুহৰ আবেগক উতলা কৰিবলৈ কাশ্মীৰৰ বিচ্ছিন্নতাবাদৰ সমৰ্থনত এমুঠি ছাত্ৰৰ শ্লোগানক আঙুলিয়াই দিয়া হৈছে‌। কিন্তু তাৰ মূল সমস্যাটো বহুদিনীয়া‌। কাশ্মীৰী ছাত্ৰকেইজনৰ মতামতো তাৰেই এক প্ৰতিফলন‌। কাশ্মীৰৰ বিচ্ছিন্নতাবাদ সম্পৰ্কে কাৰোবাৰ ভিন্নমত থাকিব পাৰে‌। গতিকে সেই সম্পৰ্কীয় আলোচনা হোৱাটোত ভীতিগ্ৰস্ত হোৱাৰ কোনো কাৰণ থাকিব নালাগে‌। কোনোবাই তেনে আলোচনা কৰিব খুজিলেই তাক দেশদ্ৰোহিতাৰ আৰোপ লগাই, পুলিচৰদ্বাৰা কণ্ঠৰুদ্ধ কৰাৰ প্ৰচেষ্টা কোনো গুণেই সমৰ্থনযোগ্য নহয়‌‌।

বিকৃত তথ্যৰে গণতন্ত্ৰ আৰু বাক-স্বাধীনতাৰ পৰিবেশ ব্যাহত কৰাৰ এই অপচেষ্টাৰ প্ৰতি সজাগ আৰু সক্ৰিয় হ’বলৈ সকলোকে আহ্বান জনোৱা হ’ল‌। নহ’লে এই অপশক্তিৰ হাতত জনগণৰ গণতান্ত্ৰিক অধিকাৰ আৰু প্ৰগতি চিৰদিনলৈ ব্যাহত হ’ব‌।

 

ইতি‌ –

১) ড০ হীৰেন গোঁহাই
২) অনিমা গুহ
৩) নিৰুপমা বৰগোহাঞি
৪) তোষপ্ৰভা কলিতা
৫) অৰুণ শৰ্মা
৬) সন্ধ্যা দেবী
৭) প্ৰসেনজিৎ চৌধুৰী
৮) পৰমানন্দ মজুমদাৰ
৯) ইন্দিবৰ দেউৰী
১০) জুনু বৰা
১১) লোকনাথ গোস্বামী
১২) দেবব্ৰত দাস
১৩) দেবকান্ত সন্দিকৈ
১৪) বৰ্ণালী বৰুৱা দাস
১৫) কৌশিক দাস
১৬) ৰিপুঞ্জয় গগৈ
১৭) প্ৰিয়ম্বদা দাস
১৮) জিতেন বেজবৰুৱা
১৯) ময়ূৰ চেতিয়া
২০) ইচফাকুৰ ৰহমান
২১) দিনেশ বৈশ্য
২২) নৰেন বৰা
২৩) সমীন্দ্ৰ হুজুৰী
২৪) আবু নাছাৰ চাঈদ আহমদ
২৫) অংশুমান শৰ্মা
২৬) নিৰংকুশ নাথ
২৭) হীৰ’ শৰণীয়া
২৮) সুজাতা হাতীবৰুৱা
২৯) আবিদ আজাদ
৩০) গৌৰীশংকৰ ভূঞা
৩১) আশ্ৰাফুল হুচেইন
৩২) শৈলেন গোঁহাই
৩৩) অঞ্জু বৰকটকী
৩৪) সমীৰ তাঁতী
৩৫) ৱাল্টাৰ ফাৰ্ণান্ডেজ
৩৬) মেলভিল পেৰেইৰা
৩৭) ননি টেৰন
৩৮) আবু মহম্মদ ফাৰহাদ হুচেইন
৩৯) ত্ৰিদীব নীলিম দত্ত
৪০) সুপৰ্ণা লাহিড়ি বৰুৱা
৪১) মনোজ শৰ্মা
৪২) ইন্দ্ৰানী শৰ্মা
৪৩) য়াচমিন হুচেইন
৪৪) সুশান্ত কৰ
৪৫) নৱজ্যোতি বৰগোহাঁহাই
৪৬) নিতুল চাংমাই
৪৭) ৰূপালীম দত্ত
৪৮) টুনুজ্যোতি গগৈ
৪৯) কমল কুমাৰ তাঁতী
৫০) আব্দুল কামাল আজাদ
৫১) ড০ হাফিজ আহমেদ
৫২) অভিষেক চক্ৰবৰ্তী
৫৩) তপন মহন্ত
৫৪) দিগন্ত শৰ্মা
৫৫) ৰশ্মিৰেখা বৰা
৫৬) অমিতাভ মহন্ত
৫৭) শুভপ্রসাদ নন্দি মজুমদাৰ
৫৮) আশু পাল
৫৯) দেবলীনা সেনগুপ্ত
৬০) সুমনা চৌধুৰী।
৬১) মৃন্ময় দেব।
৬২) জয়শ্রী ভূষণ।
৬৩) শুভ্র্রব্রত চৌধুৰী
৬৪) দেবাশিস ভট্টাচার্য
৬৫) অৰূপ বৈশ্য
৬৬) জাকিৰ হুছেইন
৬৭) চাজ্জাদ হুছেইন
৬৯) চাৰ্বাক
৭০) অনিন্দ্য সেন
৭১) কালিকা প্ৰসাদ ভট্টাচাৰ্য
৭২) তাহা আমিন মজুমদাৰ
৭৩) অমিতাভ দেব চৌধুৰী
৭৪) অনিন্দ্য শ্যাম চৌধুৰী
৭৫) বিদ্যুৎ সৰকাৰ
৭৬) মানস দাস
৭৭) দেবী প্রসাদ সিনহা
৭৮) বাসব ৰায়
৭৯) ঝুমুর পাণ্ডে
৮০) সৌগত পুৰকায়স্থ
৮১) সন্দীপন ভট্টাচার্য
৮২) অজয়লাল দত্ত
৮৩) দ্বিজেন্দ্ৰনাথ শৰ্মা

 

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *