জন হেনৰী-(বৰ্ণালী বৰুৱা)

১. প্ৰস্তাৱনা

লৌহ মানৱ তেওঁ
বৰ্ম আচ্ছাদিত
সুঠাম কৃষ্ণ-দেহ ।
শিলৰ বাহু ! ভৰসাৰে কোমল ,
শিলৰ বুকু ! প্ৰেমেৰে সিক্ত !

প্ৰথম দিনাই তেওঁ
মোৰ দুচকুৰ সাঁকোৰে ,
ধুমুহা হৈ
বুকুলৈ সোমাই আহিছিল।

বুলনিত ক্ষণিকো নোৰোৱাকৈয়ে !

মই কঁপিছিলোঁ ,
কঁপি থাকোঁ আজিও !

বন্য আছিল তেওঁৰ মন
হৃদয়
প্ৰেম
আকুতি
সকলো !!

আন্তৰিক
সৰল
নিৰ্ভেজাল
প্ৰাকৃতিক !

২.যন্ত্ৰৰ আমদানি
_______________

সিদিনা !

বাচাৰ স'তে মই
গুণগুণাই আছিলোঁ
পৃথিৱী জিনাৰ গান !

খোজৰ শব্দত
মূৰ তুলি চালোঁ।

তেওঁৰ মৰমসনা চকুদুটাত
দুটা অঙঠা পকি আছিল।

অশান্ত অস্থিৰ
উদগ্ৰীৱ !

দুৰ্ভাৱনাই মোক
শংকিত কৰি তুলিলে।

তেওঁৰ অস্থিৰতাৰ
উঁহ বিচাৰি ঘুৰ্মুটিয়ালোঁ
বিচাৰি পালোঁ
এটি দুটি ফিৰিঙতি !
তাৰে পৰাই যে
খাণ্ডৱদাহৰ পূৰ্বাভাস ।

তেওঁ অক্লান্ত শ্ৰমিক
শ্ৰমৰ পূজাৰী।
ক'লা বুকুৰ মাজৰ
প্ৰেমময় কলিজা
বগা ত্বকৰ বাবে অস্পৃশ্য !

দুৰ্মদ পাহাৰ কাটি সজা
ৰেলৰ আলিয়ে
শুহি নিব শ্ৰমিকৰ
ভাগৰুৱা দেহৰ ঘামৰ টোপাল ।

হাতুৰী চলাই ক'লা মানুহবোৰে
বুকুত বান্ধি সূৰুযমুখী সপোন।
জীৱন আৰু জীৱিকাই য'ত
পাখি মেলি উৰে।

আমাৰ পৃথিৱীৰ
মৌ - কুঁহি পুলিবোৰে
এদিন বৃক্ষ হৈ আকাশ চুব !
ক'লা বুলি কেৱে নাহাঁহিব।

শ্বেতবৰ্ণৰ শাসকে
শোষকৰ ৰূপ ধৰে।
ক'লা মানুহৰ দুহাতৰ কাম
লৈ যায় চিঙি।
কৰে ,
ক্ষিপ্ৰ , ধাৰাল
যন্ত্ৰৰ আমদানি !!

হাজাৰজন বনুৱাৰ মাজৰ
তেজোদ্দীপ্ত ৰণুৱাৰ
দুহাত চিঙাৰ
কি যে
কুন্ধচ ৰণকৌশল !!

৩. বনুৱাসকল হৈ উঠিল ৰণুৱা
________________________

বনুৱা সকল ,
ৰণুৱা হৈ উঠিল !
হৈ উঠিল তেজাল বেলি।

প্ৰতিবিন্দু তেজৰ বিনিময়ত
আঁজুৰিলে , বাঁকুহিলে কাম।

কিদৰে গ্ৰহণীয়
কৰ্মহীনতা !
খাটি খোৱা
বাতি খোৱা
শ্ৰমিকৰ বাবে !

যন্ত্ৰ চলাবলৈও যে
মানুহকেই লাগে !

ই কৰ্মৰ যুঁজ নহয় ।
শতাব্দী জোৰা ,
ই যে বৰ্ণৰ যুঁজ
শ্বেত আৰু কৃষ্ণ !!

মাৰ বান্ধি ঠিয় দিলে
প্ৰত্যেক ৰণুৱা
আঁটি লৈ
কঁকালৰ টঙালি।

যুঁজ হওক শ্ৰমৰ
যুঁজ হওক ন্যায়ৰ।
প্ৰতিটোপা ঘাম আৰু তেজৰ ।

তেওঁ হ'ল অগ্নিযুঁজৰ
মূল হোতা !!

৪. একাকাৰ শ্ৰম আৰু প্ৰেম
________________________

বাঢ়ি গ'ল শ্ৰমৰ তাগিদা ! শ্বেতৰ !
বাঢ়ি গ'ল মনৰ তাগিদা ! কৃষ্ণৰ !

মানুহৰ প্ৰতিদ্বন্দ্বী যন্ত্ৰ !
বাহ্ ! শ্বেতবৰ্ণ
লাল চালাম !

আমাৰ শৰীৰৰ তেজ
নহয় নেকি ৰঙা ?
নে তহঁতৰ তেজ
বগা আৰু ঢেলা !!

প্ৰতিনিশা তেওঁৰ তেজলগা শীতল দুহাত
মোৰ দুওঁঠেৰে সেকোঁ।

মমতাৰ বটীয়াৰে সীওঁ
তেওঁৰ চিৰাচিৰ দুভৰি।

সমস্ত মৰমৰ আধাৰ
তেওঁৰ চকুত
চকু থৈ কান্দোঁ।

অমৃতৰ সন্তান তেওঁ !
মধুৰ গম্ভীৰ কণ্ঠৰে
বুকুৰ প্ৰচ্ছায়াত
জুৰ দিয়ে

শিৰৰ নক্ষত্ৰ হৈ
মোক জ্যোতিৰ্ময়ী কৰে

প্ৰতিদিনে এটি
কোমল কবিতা হৈ দোলে !

মোৰ কলিজাৰ কৱচ পিন্ধি
পিছদিনা পুনৰ যুদ্ধ যাত্ৰা ।

৫. মানুহৰ জয় জয়কাৰ
_____________________

বৰ্ণ যুঁজৰ এই
নিৰ্লজ , নিৰ্মম ইতিহাসত
কৃষ্ণৰ সাৰথি মানুহ
শ্বেতৰ সাৰথি যন্ত্ৰ ।

মানুহৰ স'তে যন্ত্ৰ প্ৰতিদ্বন্দ্বী
যন্ত্ৰৰ স'তে মানুহৰ যুঁজ।

এদল মানুহে
দুহাতে আঁজুৰিলে
নিৰৱচ্ছিন্ন কৰ্মৰ কঠীয়া।

হাতুৰী বটালিৰে
বৰষিলে বিজুলী
নামি আহে মেঘ
ক'লা মানুহৰ কণ্ঠত
সমস্বৰ মেঘমল্লাৰ !

তেজৰ নদীত সাঁতুৰিলে
তেওঁৰ হাতুৰীৰ ছন্দ
হাঁহিৰ জোৱাৰত চলি ৰ'ল
শোষকৰ নিষ্প্ৰাণ যন্ত্ৰ ।

চমকি উঠিল বিশ্ব
মেচিনৰ স'তে
মানুহৰ দেখি সমৰকলা
হেনৰীৰ কণ্ঠত বাজে
শ্ৰম আৰু প্ৰেমেৰে
হৃদয় জিনাৰ মন্ত্ৰ !

এসময়ত মেচিনৰ ,
শব্দ নোহোৱা হ'ল।
ফিটা চিগিল
নে তেল শেষ হ'ল
নে যন্ত্ৰ চলোৱা মানুহজনৰ
শক্তি নাটনি হ'ল !!

হেনৰীৰ হাতুৰীৰ তাল কিন্তু
অবিৰাম বাজি ৰ'ল
শেষ বিন্দু তেজলৈকে
শ্ৰমৰ মান ৰাখি গ'ল।

বতাহত কঁপে জন হেনৰীৰ
বিজয় নিচান।
কৃষ্ণ বৰ্ণৰ ইতিহাসত
গৌৰৱৰ সোণালী আখৰ

চৌদিশে জয়গান।
জয় জয়কাৰ !

তেওঁ ক'ত
ক'ত তেওঁ

চকুৰ পানীৰে
বুকু ধুৱাবলৈ
ক'ত মোৰ প্ৰিয়তম পুৰুষ !

সৌৱা !
কেঁচামাটিৰ আলফুল দলিছাত
শুই আছে হেনৰী

অৰ্ধ নিমিলীত দুচকুত
একাকাৰ
শ্ৰম আৰু প্ৰেম

কিন্তু !!

তেওঁৰ বুকুখন শব্দহীন কিয় !
কিয় ?

তেওঁৰ উষ্ণ উশাহে
মোৰ মুখ আদ্ৰিত
কৰা নাই কিয় !
কিয় ?

তেওঁৰ অন্তৰ্ভেদী দৃষ্টিয়ে
মোক বিদ্ধ কৰা নাই কিয় !!
কিয়
কিয়
কিয় ??

বাচা.............

বাচা ঐ
ঐ বাচা
পোনাটি মোৰ

পিতাৰক জগাই দে

জগাই দে পিতাৰক ।

কাইলৈ যুঁজ !!

বগা তেজৰ স'তে
ক'লা তেজৰ যুঁজ !

সাজু হ'বৰ হ'ল !!

তেজপিয়া বোৰ বধিবৰ হ'ল ।

পিতাৰক জগাই দে বাচা
শুবৰ সময় নাই।

জগাই দে পিতাৰক !
জগাই দে..

___________

 

( শিল্প বিপ্লৱৰ সময়ৰ এক সঁচা কাহিনীৰ আলমত , আমেৰিকাৰ কোনো অজ্ঞাত লোকশিল্পীয়ে ৰচনা কৰা এক কাহিনীগীতৰ আধাৰত সৃষ্ট ৷ অসমত হেমাংগ বিশ্বাসে লোকগীতটি জনপ্ৰিয় কৰি তুলিছিল )

Share Button
Print Friendly, PDF & Email

No Comments : "জন হেনৰী-(বৰ্ণালী বৰুৱা)"

Leave a Comment

Your email address will not be published. Required fields are marked *