অতিথি সম্পাদকৰ চ'ৰাষষ্ঠ সংখ্যা (দ্বিতীয় বছৰ)

জৰায়ু-(পূজা নিৰালা)

 

মই অহা-যোৱা কৰা বাটটোত নিষিদ্ধ বৰষুণ

পবিত্রতাৰ লক্ষ্মণৰেখা নেওচি

ইন্দ্ৰ সভাত নৰ্তকী মই

জুয়ে পুৰা সোণ মই নহওঁ

গংগাজলে ধোৱা সাধ্ৱীও নহওঁ

যুগে যুগে খান্দি যাওঁ পুতি-গন্ধময় গহ্বৰ

সেই গহ্বৰত নিজৰেই পঁচা কামীহাড় সাঁচি থওঁ

তাত ফুল নুফুলে

গজে অস্পৃশ্য জৰায়ু

( বিঃদ্ৰঃ জৰায়ুক কেন্দ্ৰ কৰিয়ে পবিত্ৰতা -অপবিত্ৰতাৰ যত হিচাপ-নিকাচ

সতীত্বৰ সংহিতা

জৰায়ুবিহীন দুনিয়াত সতীত্ব জোখা তুলাচনীৰ প্ৰয়োজন নহয়)

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *