যোৰহাটৰ শামুকভঙা কলনি : এক প্রাৰম্ভিক পৰ্যবেক্ষণ (নন্দ গগৈ)

যোৱাটো বছৰৰ (২০১৭ চন) জুলাই মাহৰ শেষভাগত যোৰহাট নগৰৰ মাজমজিয়াৰ ডি চি বি ৰোডত আমি চাৰিজোপা গছত শামুকভঙা চৰায়ে বাহ সজাৰ দৃশ্য দেখিবলৈ পাইছিলোঁ। চাৰিজোপা গছৰ ভিতৰত দুজোপা আছিল আম, এজোপা কঁঠাল আৰু এজোপা আছিল কমবয়সীয়া কদম গছ। তাৰ উপৰিও, গুৰুকূল একাডেমীৰ পিছফালে আৰু দুজোপা গছত চৰাইবিধে বাহ সজা প্রত্যক্ষ কৰিছিলোঁ। অঞ্চলটোত পূৰ্বৰ বাহ সজা গছ নাইকিয়া হোৱাত, প্ৰথমবাৰৰ বাবে চৰাইবিধে নতুনকৈ ছজোপা গছ বাহ সাজি পোৱালি প্রতিপালন কৰিবলৈ নির্বাচন কৰিলে। আমি জনা মতে শামুকভঙা চৰায়ে বাহ সাজিবলৈ নির্বাচন কৰা গছজোপালৈ কেইটামান চৰাই প্রথমতে আহি বাহ সজাৰ কাম আৰম্ভ কৰাৰ পিছতেই বিভিন্ন স্থানত বিচৰণ কৰি থকা শামুকভঙা চৰাইবোৰে সেই একেজোপা গছতে বাহ সাজিবলৈ লয়। লাহে লাহে গছজোপাত বাহৰ পৰিমাণ বাঢ়ি গৈ দৃষ্টিনন্দন দৃশ্যৰ সৃষ্টি কৰে।

উত্তৰ-পূর্বাঞ্চলত দেখা পোৱা ষ্টর্ক পৰিয়ালৰ দীঘলঠেঙীয়া এই শামুকভঙা জলচৰ চৰাইবিধৰ ইংৰাজী নাম Asian openbill Stork।  বৈজ্ঞানিক নাম হৈছে Anastomas oscitams। দেহ ধোঁৱাবৰণীয়া, ডেউকাৰ আগ অংশ ক’লা বৰণৰ। চৰাইটোৰ ঠোঁট জাপ খোৱা অৱস্থাত ঠোঁটৰ মাজৰ অংশত এটা ফাঁক থাকে। এই ঠোঁটৰ ফাঁকটোৱে চৰাইটোৰ বৈশিষ্ট্য নিৰূপণ কৰে।

যোৰহাট নগৰৰ সেই শামুকভঙা কলনিটো আমি মাজে-সময়ে পৰ্যবেক্ষণ কৰিছিলোঁ। তেনে প্রাৰম্ভিক পৰ্যবেক্ষণে আমাৰ মনত বহুতো চিন্তাৰ খোৰাক যোগান ধৰিছিল। সচৰাচৰ একোটা বাহত চাৰিটাকৈ পোৱালি ডাঙৰ-দীঘল হোৱা পৰিলক্ষিত হৈছিল। পোৱালিৰ বাবে মাক-বাপেকে নিজৰ খাদ্যনলীত খাদ্য আনি, সেইবোৰ অর্ধগলিত অৱস্থাত বাহত উগাৰি উলিয়াই দিয়া যেন অনুমান হৈছিল। তেনে কৰাৰ পিছতে পোৱালিকেইটাই বাহটোৰপৰা একেলগে কিছু সময়লৈ খাদ্য গ্রহণ কৰি বাহটোৰ তলিত খাদ্যৰ বাবে খুঁটিয়াই থকা দেখা গৈছিল। আচৰিত যেন লাগিলেও সঁচা যে চৰাইবোৰৰ তেনে কাৰ্যৰ ফলত চৌ-কাষৰ পৰিৱেশত কোনো নেতিবাচক প্রভাৱ পৰা নাছিল। কিয়নো সিহঁতে বাহ সাজিবলৈ ব্যৱহাৰ কৰিছিল ইউকেলিপটাছ গছৰ ডাল-পাত। সম্ভৱতঃ দুর্গন্ধৰপৰা পৰিত্ৰাণ পাবলৈ আৰু চৌকাষৰ পৰিৱেশ দুর্গন্ধময় নহ'বলৈয়ে হয়তো সিহঁতে নিতৌ ইউকেলিপটাছ গছৰ কেঁচা ডাল-পাত ব্যৱহাৰ কৰিছিল। ইউকেলিপ্টাছৰ ডাল-পাত ব্যৱহাৰে বাহটো পৰিষ্কাৰ-পৰিচ্ছন্ন কৰাৰ কথাই বুজায়। নিচেই ওচৰতে ইউকেলিপটাছ গছৰ প্ৰাচুৰ্যৰ বাবেই হয়তো ইহঁতে উক্ত স্থান বাহ সজাৰ বাবে নির্বাচন কৰিছিল। আমি লক্ষ্য কৰিছিলোঁ, গীতার্থী পুলিচ পইণ্টৰ ওচৰৰপৰা জগন্নাথ বৰুৱা মহাবিদ্যাললৈ ৭০ জোপাৰো অধিক ইউকেলিপটাছ গছ আছে। এই গছসমূহৰ সৰু ঠানি পুৱাৰভাগত শামুকভঙা চৰায়ে ভাঙি কঢ়িয়াই নিয়া দেখা যায়। আনহাতে, ৰাজমাও পুখুৰীৰ দক্ষিণ পাৰত ১২ডাল, জলসিঞ্চন বিভাগৰ কাৰ্যালয় চৌহদত ৭ডাল আৰু আবৰ্ত-ভৱন চৌহদত ২৮ডাল ইউকেলিপটাছ গছ আছে।

বতাহ-বৰষুণ আদিৰ দৰে বিপদসংকুল পৰিৱেশত ৭০/৮০টা চৰাইৰ মৃত্যু হ’লেও অনুমানিক ৫০০ৰো অধিক শামুকভঙা চৰাই ডাঙৰ-দীঘল হৈছিল জুলাই মাহৰ শেষভাগৰপৰা নৱেম্বৰ মাহৰ শেষভাগলৈ। নৱেম্বৰ মাহৰ শেষৰ ফালৰপৰা লাহে লাহে বাহবোৰত চৰাইৰ উপস্থিতি কমি আহিছিল। চৰাইবোৰ বিভিন্ন দিশলৈ বিচৰণ কৰিবলৈ আঁতৰি যোৱাত বাহবোৰ ক্রমাৎ উৰুঙা হৈ পৰিছিল।

প্রকৃতিৰ এই শুৱনি চৰাইবোৰ আজি নানা বাধা-বিঘিনিত পৰি কমি অহা পৰিলক্ষিত হৈছে। বাহ সজাৰ উপযুক্ত গছ-গছনিৰ অভাৱত চৰাইবিধে বাহ সাজি পোৱালি লালন-পালন কৰাত বহুতো সমস্যাৰ মুখামুখি হৈছে। সেইবাবে, চৰাইবিধক সংৰক্ষণ কৰিবলৈ হ’লে সিহঁতে বাহ সজা গছ-গছনিসমূহক ৰক্ষা কৰাটো হ’ল এটা প্রাথমিক পূৰ্বচৰ্ত।

Share Button
Print Friendly, PDF & Email

No Comments : "যোৰহাটৰ শামুকভঙা কলনি : এক প্রাৰম্ভিক পৰ্যবেক্ষণ (নন্দ গগৈ)"

Leave a Comment

Your email address will not be published. Required fields are marked *