যৌন-অপসাহিত্য সম্পৰ্কে যৎকিঞ্চিৎ - (প্রসেনজিৎ চৌধুৰী)

 

[সম্পাদকৰ টোকা : প্রসেনজিৎ চৌধুৰীদেৱৰ এই প্রবন্ধটো প্রথমে প্রকাশ হৈছিল ১৯৮৭ চনত, বিহু সংখ্যাৰ “অসম বাণী”ত। পাছলৈ, তেখেতৰ এখন যুক্তিবাদী প্রবন্ধৰ সংকলন “নিষিদ্ধ প্রসংগ”ত এই লিখাটো সংকলিত হয়। “নিষিদ্ধ প্রসংগ”ৰ প্রথম প্রকাশ ১৯৮৯ চনত ; দ্বিতীয় সংস্কৰণ প্রকাশ পাইছে ২০১১ চনত। প্রবন্ধটো ৰচনা কৰাৰ সময়ৰ সামাজিক পৰিস্থিতিত ইমান দিনে যথেষ্ট পৰিৱৰ্তন আহিছে। বৈদ্যুতিন মাধ্যমৰ বহুল প্রসাৰ তেনে পৰিৱৰ্তনৰ চকুত পৰা উদাহৰণৰ মাজৰে এটা। এই পৰিৱৰ্তিত পৰিস্থিতিতো কিন্তু প্রবন্ধটোৰ অধিকাংশ কথাই প্রাসংগিক হৈ আছে। এই দিশটো বিবেচনা কৰি চৌধুৰীদেৱৰ অনুমতি সাপেক্ষে প্রবন্ধটোৰ ইউনিকোড ৰূপ প্রদান কৰা হ’ল।]

আগ্রহ বা অভ্যাসৰ অভাৱত আমি কিছুমান কথা দ-কৈ চিন্তা নকৰোঁ। জীৱনৰ এনে বহু আপাত-তুচ্ছ দিশ আছে, যিবোৰক আমি সচৰাচৰ উপেক্ষা কৰি চলোঁ। কোনো কোনো ক্ষেত্ৰত সেইবাৰ দিশৰ অস্তিত্বৰ কথাও আমাৰ মনলৈ নাহে। বিশ্ববিশ্রুত মনীষী বাৰ্ট্ৰাণ্ড ৰাছেলে জীৱনৰ এই প্রায়-উপেক্ষিত আৰু প্রায়-অজ্ঞাত দিশ সম্পর্কে বেছ মজাৰ কিছু কথা কৈ গৈছে। তেওঁৰ সকলো ব্যাখ্যা আৰু সিদ্ধান্তক নির্বিচাৰে গ্ৰহণ কৰাটো সম্ভৱ নহয় যদিও, এই কথা বোধহয় ঘোৰ ৰাছেল-বিৰোধীয়েও স্বীকাৰ কৰিব যে তেওঁৰ মত আৰু মন্তব্যসমূহ চিন্তা-উদ্ৰেককাৰী। জীৱনত যৌনতাৰ গুৰুত্ব কিমান সেই সন্দৰ্ভত ৰাছেলে তেওঁৰ চিন্তা ব্যক্ত কৰিছে এটি তাৎপর্যপূর্ণ উক্তিত :

"Sex is a natural human need like food and drink. It is true that man can survive without it, whereas they cannot survive without food and drink, but from a psychological standpoint the desire for sex is precisely analogaus to the desire for food and drink” (B. Russell, Marriage and Morals, London, 1970, P. 145)।

ৰাছেল মূলতঃ উদাৰ ব্যক্তি-স্বাতন্ত্র্যবাদৰ প্ৰবক্তা। গতিকে যৌনতা-কেন্দ্রিক আন্তর্মানৱিক সম্পৰ্কৰ ক্ষেত্ৰত তেওঁৰ মনোভাব অগতানুগতিক হোৱাটো খুবেই স্বাভাৱিক। কিন্তু হ’লেও ৰাছেলে যৌন-জীৱনত আত্মসংযম আৰু নৈতিকতাৰ প্রয়োজন নাকচ কৰা নাই। খোৱা-বোৱাৰ বেলিকা আমি তিনিবিধ নিয়ন্ত্ৰণৰ অধীন : আইন, শিষ্টাচাৰ আৰু স্বাস্থ্য। আনৰ আহাৰ চুৰ কৰা, সমূহীয়া ভোজনৰ সময়ত নিজৰ প্ৰাপ্য অংশতকৈ বেছি খোৱা আৰু স্বাস্থ্যৰ ক্ষতি হোৱাকৈ ভোজন কৰা— এই তিনিবিধ কামক আমি সচৰাচৰ ভাল চকুৰে নাচাওঁ। ৰাছেলৰ মতে, একেকেইটা কাৰণতে মানুহৰ যৌন-জীৱনতো নিয়ন্ত্রণ থকা উচিত। অৱশ্যে যৌন-জীৱনৰ বেলিকা যে আত্ম-নিয়ন্ত্ৰণৰ সমস্যাটো যথেষ্ট জটিল সেই কথাও তেওঁ প্ৰসংগক্রমে উল্লেখ কৰিছে (Ibid, PP. 146-147)।

যিকোনো সৎ আৰু সচেতন লোকে ক’ব, ৰাছেলে উনুকিওৱা নিয়ন্ত্রণ তিনিবিধ যৌন-সাহিত্যৰ ক্ষেত্ৰতো থকা উচিত। অর্থাৎ “বৈজ্ঞানিক” যুক্তিৰ অৱতাৰণা কৰি আইন ভংগ কৰা বা আইনৰ চকুত ধূলি দিয়া, মানুহৰ ৰুচি তথা প্রমূল্যৰ বিকৃতি ঘটোৱা আৰু স্বাস্থ্যৰ— বিশেষকৈ মানসিক স্বাস্থ্যৰ— ক্ষতি কৰাটো কোনোপধ্যেই উচিত বা বাঞ্ছনীয় নহয়। সমাজৰ মংগলামংগলৰ কথা যিসকলে চিন্তা কৰে, ভৱিষ্যতৰ প্রতি যিসকল দায়বদ্ধ, তেনে লোকে কাহানিও সস্তীয়া আৰু দায়িত্বহীন যৌন-সাহিত্যৰ প্ৰচাৰ কৰি নিজৰ সাম্পদিক শ্ৰীবৃদ্ধি কামনা কৰিব নোৱাৰে। কিন্তু যৌন-সাহিত্যৰ ব্যৱসায়ীসকলে জানো আমি ওপৰত উল্লেখ কৰা নিয়ন্ত্রণবোৰলৈ কেৰেপ কৰে? নকৰে। আৰু নকৰাটোৱেই স্বাভাৱিক। কাৰণ ব্যৱসায়ীসকলৰ কাৰণে যৌন-সাহিত্য মুনাফাৰহে উপায়, সমাজোন্নতিৰ নহয়।

সস্তীয়া যৌন-সাহিত্যৰ সপক্ষে বিচিত্র কেতবোৰ যুক্তি উদ্ভাৱন কৰা হয়। পশ্চিমৰ কোনো কোনো দেশৰ দায়িত্বশীল লোকৰ ধাৰণা যে অশ্লীল সাহিত্যৰ অবাধ প্ৰচাৰৰ লগত সমাজৰ মংগলামংগলৰ কোনো সম্পর্ক নাই; ইয়াৰ ফলত যৌন-অপৰাধ নাবাঢ়েও, নকমেও। এই প্ৰসংগত আমি ডেনমাৰ্কৰ থেচট্ৰপৰ বক্তব্য উদ্ধৃত কৰিব পাৰো :

“I never believed in those who feared that unrestricted pornography would make sexual crimes increase. But I never dared believe that they would go down either.” (L. Greham, No More Morals : The Sexual Revolution, New York 1971, PP. 93-94)।

উল্লেখযোগ্য যে ডেনমার্কত সকলো প্ৰকাৰৰ যৌন-সাহিত্যৰ প্ৰচাৰৰ ওপৰত কোনোধৰণৰ চৰকাৰী বাধা-নিষেধ নাই। এচাম মনস্তাত্ত্বিকৰ মতে, এই ‘মুক্ত’ পৰিৱেশত যৌনাপৰাধৰ সংখ্যাও কমি আহিছে। তেওঁলোকৰ ব্যাখ্যা অনুযায়ী যৌন-সাহিত্যই মানুহৰ অৱদমিত যৌনেচ্ছাক কিছু সকাহ দিয়াৰ ফলতহে এনে হৈছে (Ibid., P. 94)। খুব সম্ভৱ, মানসিক চিকিৎসালয়ৰ ৰোগী-ভর্তিৰ তালিকাখনেই এইচাম মনস্তাত্ত্বিকৰ বিচাৰৰ ঘাই মাপকাঠি। সস্তীয়া যৌন-সাহিত্যই মানুহৰ— বিশেষকৈ তৰুণ চামৰ— ৰুচি, প্রমূল্য আৰু মানসিক স্বাস্থ্যৰ ওপৰত কি প্রকাৰৰ অনিষ্টকৰ প্ৰভাৱ পেলাব পাৰে সেই বিষয়ে এওঁলোক বৰ সজাগ নহয়।

যৌনতা আৰু যৌন-সাহিত্য সম্পর্কে আমি এই নাতিদীর্ঘ ভূমিকা অৱতাৰণা কৰাৰ এটা কাৰণ আছে। সাম্প্রতিক অসমত কাকত-আলোচনীৰ প্ৰতি মানুহৰ আগ্ৰহ যথেষ্ট বৃদ্ধি পাইছে। ই নিশ্চয় শুভলক্ষণ। পিছে এই শুভ প্রৱণতাৰ লগে লগে এটি অশুভ প্রৱণতাও বহুতৰ চকুত পৰিছে। দেখা গৈছে, বহুতো কাকত-আলোচনীৰ দোকান এনে কিছুমান স্থূল আৰু সস্তীয়া সাহিত্যৰে ভৰি পৰিছে যিবোৰে মানুহৰ সামাজিক সচেতনতা বঢ়োৱাত বা তাক সঠিক বাটেৰে পৰিচালিত কৰাত অকণো সহায় নকৰে। এইবোৰৰ ভিতৰত যৌন-সাহিত্য অন্যতম। আলোচনাৰ পৰৱৰ্তী অংশত আমি বীভৎস আৰু বিকৃত যৌনতাৰ বিতং বিৱৰণেৰে ভৰা এই “সম্পূর্ণ তথ্যভিত্তিক” আলোচনীবোৰৰ বিষয়ে কিছু আলোচনা কৰিম। সদ্যহতে আমি এই কথা থোৰতে কৈ থ’ব পাৰোঁ যে যৌন-সাহিত্যৰ এই চতুৰ ব্যৱসায়ীসকলৰ উদ্দেশ্য কোনোপধ্যেই সৎ নহয় আৰু তেওঁলোকে “মাথোঁ প্রাপ্তবয়স্কৰ বাবে” প্ৰচাৰ কৰা অপসাহিত্যৰ সামাজিক ভূমিকাও নিশ্চিতভাৱে অনিষ্টকৰ।

আমি অতি-নৈতিকতাৰ (Puritanism) সমর্থক নহওঁ। কাৰণ কঠোৰ বাধা-নিষেধ আৰু তৎজনিত বঞ্চনাই যৌন-আগ্ৰহ আৰু অনুসন্ধিৎসা বঢ়ায়হে, নকমায়। তদুপৰি সুপৰিকল্পিত আৰু সুচিন্তিতভাৱে যে যৌন-শিক্ষা দিয়াৰ প্রয়োজন আছে এই কথাও স্বীকার্য। কিন্তু অসমৰ বিভিন্ন যৌনধর্মী আলোচনীত যিবোৰ “তথ্য” সাধাৰণতে পৰিবেশন কৰা হয় সেইবোৰৰদ্বাৰা পাঠক-সমাজ "আলোকপ্রাপ্ত” হয় নে “আন্ধাৰপ্রাপ্ত” হয়, সিও এক ভাবিবলগীয়া বিষয়। এই আলোচনীবোৰৰ পাত লুটিয়ালে এটা কথা পৰিষ্কাৰ হৈ পৰে :  বিকৃত যৌন-ৰুচিৰ বিশদ বিৱৰণেই এইবিধ “শিক্ষামূলক” আলোচনীৰ এটা প্রধান বিষয়বস্তু। দুটা কথা এই প্ৰসংগত বিশেষভাৱে মন কৰিবলগীয়া। প্রথম কথা, যৌনতাৰ স্বাভাৱিক আৰু সুস্থ প্রকাশতকৈ বিপৰীতবিধৰ যৌনতাই এইবোৰ আলোচনীত বিশেষ স্থান পোৱা দেখা যায়; দ্বিতীয় কথা, অসুস্থ আৰু অস্বাভাৱিক যৌনতাৰ বিৱৰণ বেছ বিশদভাৱে আৰু কেতিয়াবা সৰসভাৱে দিবলৈ চেষ্টা কৰা হয়। পাঠক সমাজৰ জ্ঞাতার্থে এই “তথ্যভিত্তিক” আলোচনীবোৰত কি ধৰণৰ “তথ্য” পৰিৱেশন কৰা হয় তাৰ কেইটামান নমুনা তলত দিয়া হ’ল :

নমুনা এক :  স্ত্রীতকৈ স্বামীৰ বয়স যথেষ্ট বেছি। স্ত্রী যৌন-সুখৰপৰা বঞ্ছিতা। এদিন সুযোগ বুজি মহিলাগৰাকীয়ে ভাগিনীয়েকক প্ৰৰোচিত কৰে। দুয়োৰে যৌনমিলন হয়। লেখকে তেওঁৰ ক্ষমতা অনুযায়ী ঘটনাৰ বিশদ বিৱৰণ দিবলৈ আপ্রাণ চেষ্টা কৰিছে “বয়স বনাম যৌৱন” নামৰ এই “বাস্তৱ কাহিনী”টোত (নৱহিল্লোল, প্রথম বছৰ, চতুর্থ সংখ্যা /৮৬)।

নমুনা দুই : “যি কথা ডাঙৰেও নাজানে” শীৰ্ষক এটি “যৌন শিক্ষামূলক” আলোচনাত আমেৰিকাৰ এহাল কম বয়সীয়া বায়েক-ভায়েকৰ যৌন-সংগমৰ দীঘলীয়া বৰ্ণনা দিয়া হৈছে। আলোচনাটিত লিখা মতে, ঘটনাটোৰ উল্লেখ এজন প্রখ্যাত যৌনবিজ্ঞানীৰ গ্ৰন্থত আছে (নৱহিল্লোল, পূর্বোক্ত সংখ্যা)।

নমুনা তিনি : “অন্ধ-যৌৱন” নামৰ এক বীভৎস কামলীলাৰ তথ্যভিত্তিক কাহিনীত মোমায়েক-ভাগিনীয়েকৰ যৌন-সম্পৰ্কৰ সবিশেষ বর্ণনা দিয়া হৈছে যত্নসহকাৰে (বহুৰূপী, প্রথম বছৰ, চতুর্থ সংখ্যা/৮৬)।

নমুনা চাৰি : “বাস্তৱ ঘটনা” বুলি পৰিবেশিত “অভিশপ্ত পিতৃ-কন্যা” শীর্ষক কাহিনীটোত বিয়াল্লিশৰ স্বাধীনতা যুঁজাৰু, দুকুৰি পাঁচবছৰীয়া বিপত্নীক শ্ৰীধৰ মজুমদাৰে নিজৰ দুগৰাকী জীয়েকৰ লগত যৌন-সংগম কৰাৰ “তথ্য” পৰিবেশন কৰা হৈছে (প্রয়োজন, ত্রয়োদশ সংখ্যা, ১৯৮৫)।

অনায়াসেই অনুমান কৰিব পাৰি যে এইধৰণৰ বিকৃত যৌনতাৰ বীভৎস “তথ্য”সমূহ মানসিক স্বাস্থ্যৰ বাবে ক্ষতিকৰ। সমাজৰ ৰাজহাড়স্বৰূপ যি তৰুণ প্রজন্ম তাৰ ওপৰত এই সস্তীয়া তথা স্থূল যৌন-সাহিত্যই পেলাব পৰা প্ৰভাৱৰ কথা ভাবি যিকোনো চিন্তাশীল লোক শংকিত নোহোৱাকৈ নাথাকে। এগৰাকী লেখকে যৌনতাৰ প্রতি আমাৰ মনোভাবৰ কথা ক’বলৈ গৈ এষাৰ বেছ তাৎপর্যপূর্ণ কথা কৈছে : ‘On the one hand we have a neurotic fascination and obsession with sex, and on the other, a fearful, recoiling attitude”. (L. A. Kirkedndall, “Sex, Education and Family Stability”, The Family, Madras, 1968, P. 107)। যৌনতাৰ প্ৰতি এই বিপৰীতধর্মী মনোভাব নিঃসন্দেহে স্বাস্থ্য আৰু নৈতিক প্রমূল্যৰ পক্ষে ক্ষতিকাৰক। আমি আলোচনা কৰা যৌন-সাহিত্যই এনে পৰস্পৰ-বিৰোধী মনোভাবক প্রশ্ৰয় দিয়া বা বৃদ্ধি কৰাৰ সম্ভাৱনা খুব বেছি। কাৰণ বিকৃত যৌনধর্মী কাহিনীবোৰ অহৰহ পঢ়ি তৰুণ মানসত দুবিধ বিপৰীতধৰ্মী মানসিক প্রৱণতাৰ জন্ম হ’ব পাৰে : বিকৃত আকাংক্ষা অথবা বিকৃতিৰ আশংকা। এনে অৱস্থাত যৌন সম্পৰ্কৰ যিটো মানৱিক দিশ— মানুহৰ সুদীর্ঘ সামাজিক-সাংস্কৃতিক বিৱৰ্তনৰ পৰিণতি স্বৰূপে যিটোৱে আধুনিক যুগত প্রায় বিশ্বজনীন স্বীকৃতি লাভ কৰিছে— সেই মানৱীয় দিশটোৰ প্রতি তৰুণ-প্রজন্মৰ কোনো শ্রদ্ধা আৰু আকর্ষণ নাথাকিব। অকল সেয়ে নহয়, স্থূল যৌন-সাহিত্যই মানুহৰ মনত সন্দেহপ্রৱণতা আৰু অহেতুক অনুসন্ধিৎসা বঢ়াই তোলাৰ সম্ভাৱনা থাকে। ইয়াৰ ফলত Voyeuristic প্রৱণতা বা নিষিদ্ধ-নিৰীক্ষণৰদ্বাৰা যৌন-সুখ লাভ কৰাৰ আগ্রহ দেখা দিব পাৰে। অন্যহাতেদি, এচাম মনস্তাত্ত্বিকে যিমানেই যৌন-সাহিত্যৰ কুফলহীনতাৰ কথা নকওক, ই যে যৌনাপৰাধ বঢ়াব সেই বিষয়ে কোনো সন্দেহ নাই। আৰু, কিছু ক্ষেত্ৰত অপৰাধ নবঢ়ালেও, স্থূল যৌন-সাহিত্যই যে বিকৃত যৌন-কল্পনাৰ জন্ম দিব সেই কথা ডাঠি কোৱাত কোনো অসুবিধা নাই। ইয়াৰ সুদূৰপ্ৰসাৰী ফল তৰুণ প্রজন্মৰ বাবে মাৰাত্মক। কাৰণ সৰহ ক্ষেত্ৰতে বিকৃত যৌন-কল্পনাৰ লগে লগে আহিব অপৰাধবোধ আৰু তৎজনিত অৱসাদ-দুশ্চিন্তা আৰু কিছু অসুস্থ মানসিক উপসর্গ। অলৌকিক শক্তিৰ ওচৰত অস্বাভাৱিক আত্মসমর্পণো ইয়াৰ এটা ফল হ’ব পাৰে।

স্থূল যৌন-সাহিত্যই মানুহৰ—বিশেষকৈ তৰুণ প্রজন্মৰ— চেতনাৰ ওপৰত যি প্রভাৱ পেলায় তাৰ এটি গুৰুত্বপূর্ণ সামাজিক-ৰাজনৈতিক দিশো আছে। স্থিতাৱস্থাৰ ৰক্ষকসকলে নতুন “বিপজ্জনক” চিন্তাধাৰাক সদায়ে ভয় কৰে। আৰু এই ভয়ৰপৰাই আহে তেনে চিন্তাধাৰাক বাধা দিয়াৰ প্রয়োজন। তাৰ মানে, আত্মৰক্ষাৰ তাগিদাতেই মানুহৰ চিন্তা-চেতনাক নিয়ন্ত্ৰণ কৰাটো দৰকাৰ হৈ পৰে। এই নিয়ন্ত্রণ প্রচেষ্টাৰ প্ৰকাৰ কিন্তু বহুবিধ। কোৱা বাহুল্য যে মানুহৰ ৰুচি আৰু প্রমূল্যৰ বিকৃতিকৰণ আচলতে এই নিয়ন্ত্রণ প্রচেষ্টাৰেই পৰোক্ষ পদ্ধতি। মানুহৰ চেতনাক বিকৃত, পংগু আৰু আত্মমুখী কৰিব পাৰিলে সামাজিক দায়বদ্ধতা তথা সচেতনতাৰ চিন-মোকাম নোহোৱা হয় মানুহৰ মনৰপৰা। চেতনাৰ এই নেতিবাচক অৱস্থা স্থিতাৱস্থাৰ ৰক্ষকসকলৰ বাবে খুবেই সুবিধাজনক। আমি যি যৌন-সাহিত্যৰ কথা আলোচনা কৰিছোঁ সি মানুহৰ চেতনাক এই নেতিবাচক অৱস্থালৈ লৈ যায়, নীৰৱে অথচ নিশ্চিতভাৱে। থোৰতে ক’বলৈ গ’লে : যৌন-সাহিত্যৰ ব্যৱসায়ীসকলৰ মূল উদ্দেশ্য অর্থনৈতিক, পিছে তাৰ অন্যতম প্রধান পৰিণতি ৰাজনৈতিক। সম্ভৱতঃ এই বাবেই স্থিতাৱস্থাৰ ৰক্ষকসকলে যৌন-সাহিত্যক বহু ক্ষেত্ৰত উৎসাহ দিয়া দেখা যায়— কেতিয়াবা প্রকাশ্যে, কেতিয়াবা অপ্রকাশ্যে।

পিছে পৰিণতিৰ সৈতে উদ্দেশ্যক সাঙুৰি পেলালে আমি বিভ্রান্ত হোৱাৰ সম্ভাৱনা আছে। যৌন-সাহিত্যৰ ব্যৱসায়ীসকলে সচেতন আৰু সুপৰিকল্পিতভাৱে আর্থ-সামাজিক স্থিতাৱস্থাৰ হকে কাম কৰিম বুলি উঠি-পৰি নালাগে। বিষয়গতভাৱেহে যৌন-সাহিত্যৰ পৰিণতিৰ এটা ৰাজনৈতিক দিশ আছে, যিটোৰ গুৰুত্ব আৰু সুদূৰপ্ৰসাৰী প্ৰভাৱ অনস্বীকার্য। ব্যৱসায়ৰদ্বাৰা ধনোপার্জনেই তেওঁলোকৰ মুখ্য উদ্দেশ্য। কোৱা বাহুল্য যে ব্যৱসায় হিচাপে যৌন-সাহিত্যৰ বিশেষ কিছুমান সুবিধা আছে। ইয়াৰ বিক্ৰী হয় সহজে আৰু সোনকালে। এমুঠি ৰুচিৱান পাঠক-পাঠিকাৰ ওপৰত ব্যৱসায়ীসকলে নিৰ্ভৰ কৰাৰ কোনো প্রয়োজন নাথাকে। তদুপৰি, স্থূল যৌন-সাহিত্যত বৈজ্ঞানিক বিশ্লেষণ তথা তথ্যনিষ্ঠা অথবা সাহিত্যিক গুণৰ কোনো প্রয়োজন নহয়। এই সাহিত্য-সৃষ্টিৰ নিমিত্তে কোনো সাধনাৰ দৰকাৰ নহয়— কিবা প্ৰকাৰে অলপ উত্তেজনা সৃষ্টি কৰিব পাৰিলেই বজাৰ মাৎ কৰিব পাৰি।

আমি জানো, ব্যক্তিগত মুনাফাৰ প্ৰতি মানুহৰ আকাংক্ষা যিমানেই তীব্র হয় সিমানেই সমাজৰ মংগলামংগলৰ প্ৰতি মানুহ হৈ পৰে অন্ধ। পশ্চিমীয়া সাহিত্য-সংস্কৃতিত যৌনতাৰ প্ৰাধান্যৰ বিষয়ে আলোচনা কৰি জনৈক লেখকে দিয়া মন্তব্য এই প্ৰসংগত আমি উদ্ধৃত কৰিব পাৰো:

"The motive behind this gradual development, by which we have come to find grossness socially acceptable when it should not be, is primarily an economic one. The money to be made out of arousing voyeuristic expectation in the public is enormous.” (D. Holbrook, “Magazines”, In D. Thompson (Ed.) “Discrimination and Popular Culture”, Penguin, 1973, P. 193)।

দৰাচলতে ধনতান্ত্রিক যুগত সৰহভাগ সাহিত্যকর্ম এবিধ পণ্যলৈ পৰিণত হয়। অন্যান্য পণ্য-ব্যৱসায়ীৰ দৰে কম খৰচত পণ্যৰূপী সাহিত্য উৎপাদন কৰি এখন বহল বজাৰ সহজে আৰু দ্রুতভাৱে দখল কৰাটোৱে স্বাধীন সাহিত্য-ব্যৱসায়ীসকলৰ অন্যতম প্রধান লক্ষ্য হৈ পৰে। যৌন-সাহিত্যৰ ব্যৱসায়ীসকলৰ ক্ষেত্ৰত এই কথা নিশ্চয় বেছিকৈ প্রযোজ্য। এইফালৰপৰা চাবলৈ গ’লে স্থূল যৌন-সাহিত্য আধুনিক যুগৰ মুক্ত-বাণিজ্যৰ চৰম নগ্ন প্রকাশ। বাণিজ্যিক স্বাধীনতাৰ সুযোগ লৈ যৌন-সাহিত্যৰ ব্যৱসায়ীসকলে বিবেক আৰু নৈতিকতাক বলি দিয়ে মুনাফাৰ কুন্ধচ বেদীত।

শেষোক্ত উদ্ধৃতিটোৰপৰা বুজিবলৈ অসুবিধা নহয় যে পাঠক-পাঠিকাৰ মনত Voyeuristic expectations জগাই তুলি বিপুল অর্থোপাৰ্জনৰ বাট সুগম কৰে পশ্চিমৰ যৌন-সাহিত্যৰ ব্যৱসায়ীসকলে। একে কথা আমাৰ অসমৰ সমগোত্রীয় ব্যৱসায়ীসকলৰ ক্ষেত্ৰতো সমানেই প্রযোজ্য। অৱশ্যে উদ্দেশ্যৰ এই মিল থকা সত্ত্বেও এটা গুৰুত্বপূর্ণ পার্থক্য আছে। সেইটো হ’ল, পশ্চিমত যি বিষয়গত (objective) পৰিস্থিতিত যৌন-সাহিত্যৰ সৃষ্টি আৰু প্ৰচাৰ হৈছে সেই একে পৰিস্থিতি কিন্তু অসমত নাই। ব্যক্তি স্বাতন্ত্র্যবাদ, জ্যেষ্ঠতন্ত্ৰ-বিৰোধী যুৱ-বিদ্রোহ, নাৰীমুক্তিৰ চেতনা, ফ্রয়েডবাদৰ প্রভাৱ, ভোগবাদী জীৱন-দৰ্শনৰ ব্যাপকতা ইত্যাদিয়ে পশ্চিমত যৌন-সাহিত্যৰ প্ৰসাৰক বিশেষভাৱে সহায় কৰিছে। আংশিকভাৱে অন্ততঃ এইবাবেই পশ্চিমীয়া যৌন-সাহিত্যৰ ব্যৱসায়ী তথা সমর্থকসকলৰ আত্মপক্ষ সমৰ্থনৰ কায়দাত বৰ বেছি লুক-ঢাক নাই। অসমৰ বিষয়গত পৰিস্থিতি কিন্তু সুকীয়া। সেইহেতুকে ইয়াৰ যৌন-সাহিত্যৰ ব্যৱসায়ীসকলৰ আত্মপক্ষ-সমর্থনৰ কায়দাও বহুলাংশে ভিন্ন। সম্ভৱতঃ বিষয়গত পৰিস্থিতিয়ে স্থূল যৌন-সাহিত্যৰ মুক্ত প্রচাৰক বিশেষভাৱে সহায় নকৰাৰ কাৰণে তেওঁলোকৰ যুক্তিত প্ৰতাৰণাৰ পৰিমাণ প্ৰচুৰ। চমুকৈ ক’বলৈ গ’লে, অসমৰ যৌন-সাহিত্যৰ ব্যৱসায়ীসকলৰ যুক্তিত কেৱল চৰম দায়িত্বহীনতাই নাই, আছে নির্লজ ভণ্ডামিও : মুনাফা-লিপ্সাৰ কুন্ধচ নঙঠা চেহেৰা সামাজিক দায়বদ্ধতাৰ পাতল আৱৰণেৰে ঢাকিবলৈ তেওঁলোক যেন সদাব্যস্ত।

আপাত-দৃষ্টিত আমাৰ এই মন্তব্য ছিদ্রান্বেষী সমালোচকৰ কঠোৰ আৰু একপক্ষীয় মন্তব্য যেন লগাটো আচৰিত নহয়। পিছে ই কোনো ভিত্তি নোহোৱাকৈ বিদ্বেষবশতঃ দিয়া মন্তব্য নহয়। অসমৰ হাটে-বজাৰে বহুলভাৱে প্ৰচাৰিত বিভিন্ন যৌনধর্মী আলোচনীৰ পাতে পাতে আমি উল্লেখ কৰা ভণ্ডামিৰ মুদ্রিত নমুনা সিঁচৰতি হৈ আছে। এই আলোচনীবোৰত সাধাৰণতে বিকৃত যৌনতাৰ সৰস আৰু সবিশেষ বিৱৰণ দিয়াৰ শেষত গুৰুগম্ভীৰ সুৰত বিতৰণ কৰা হয় কিছু উচ্চ নীতি-বাক্য। এই নৈতিক উপদেশ তথা সতর্কবাণীসমূহ পঢ়ি বহুতেই ভাবিব পাৰে যে বিকৃত যৌনতাৰ সবিশেষ বিৱৰণৰ লগত বিক্ৰীৰ বিশেষ সম্বন্ধ নাই, এইবোৰৰ উদ্দেশ্য আচলতে বিকৃতি-দূৰীকৰণহে। পিছে ভালকৈ পঢ়িলে এই কথা বুজিবলৈ অকণো কষ্ট নহয় যে নৈতিক দায়িত্ববোধৰ গহীন মুখাৰ আঁৰত লুকাই থাকে অর্থলিপ্সু ব্যৱসায়ীৰ কুটিল অভিপ্রায় (নীতিগর্ভ মন্তব্যই আলোচনীখনক কিছু বৌদ্ধিক মর্যাদা দিয়ে বুলি হয়তো বহুতেই ভাবে। একে উদ্দেশ্যেই নিশ্চয় যৌনধর্মী আলোচনীত কেতিয়াবা দুই-এটা ছিৰিয়াছ প্ৰবন্ধকো ঠাই দিয়া হয়। মূল উদ্দেশ্য গোপন কৰাৰ উপৰি বৈচিত্ৰ্য বঢ়াবলৈ আৰু ভিন্ন ৰুচিৰ পাঠক-পাঠিকাক আকৃষ্ট আৰু প্রতাৰিত কৰিবলৈকো স্থূল যৌনধর্মী আলোচনীত ছিৰিয়াছ প্রবন্ধ দিয়া হয়)। সি যি নহওক, আমি যি নির্লজ্জ ভণ্ডামিৰ কথা কৈছোঁ, তাৰ দুটামান দৃষ্টান্ত লোৱা যাওক :

দৃষ্টান্ত এক : “বয়স বনাম যৌৱন” শীর্ষক “বাস্তৱ কাহিনীৰ” বিষয়বস্তুৰ আভাস আমি ইতিমধ্যে দিছোঁৱেই। কাহিনীৰ শেষত বেছ দীঘলীয়া উপদেশবাণী পঢ়িবলৈ পাওঁ : “প‌ঢ়ুৱৈবৃন্দ, উক্ত ঘটনাত জড়িত মাহী-মহাৰ বয়সৰ পাৰ্থক্য যথেষ্ট বেছি। সেয়ে বৃদ্ধ স্বামীয়ে যুৱতী পত্নীৰ দেহৰ কামনা-বাসনাক চাহিদা অনুযায়ী পূৰাব পৰা নাই। ফলত মাহীয়েকে অনুচিতভাৱে ভাগিনীয়েকৰদ্বাৰা যৌনকার্য চৰিতাৰ্থ কৰিবলৈ গ’লে একমাত্র স্বামীৰ দুৰ্বলতাৰ কাৰণে। সেয়ে ছোৱালীৰ মাক-দেউতাকসকল এই ক্ষেত্ৰত অলপ সজাগ হোৱা উচিত।” (নৱহিল্লোল, প্রথম বছৰ, চতুর্থ সংখ্যা/ ৮৬)। মনত ভাব হ’ব, সমাজ সংস্কাৰৰ “মহান” উদ্দেশ্য লৈ লেখকে এই কাহিনীটো লিখিছে বা সম্পাদকে প্রকাশ কৰিছে। পিছে প্রশ্ন হ’ল : এই সংস্কাৰমূলক বক্তব্য প্রচাৰ কৰিবলৈ এনে এটা কাহিনী জানো অপৰিহার্য? তদুপৰি এনে “মহান আদর্শ” প্রচাৰ কৰিবলৈ মাহীয়েক-ভগিনীয়েকৰ দৈহিক সান্নিধ্য, পূৰ্বৰাগ আৰু যৌন-মিলনৰ ষাঠি লাইনৰ সবিশেষ আৰু সৰস বিৱৰণৰ জানো প্রয়োজন আছে? নে লেখকে কিবা ৰহস্যময় উপায়েৰে উপলব্ধি কৰিছে যে বিকৃত যৌনতাৰ বিতং বিৱৰণ নিদিলে সংস্কাৰমূলক আদর্শ প্রচাৰ নিষ্ফল হোৱাটো খাটাং?

দৃষ্টান্ত দুই : “স্কুলৰ মজিয়াত শিক্ষক-শিক্ষয়িত্রীৰ যৌন-লীলা”ৰ ঘটনা পাঠকসমাজক জনাবলৈ গৈ বেছ বিশদভাৱে “যৌনলীলা”ৰ কথা লিখা হৈছে। কোনোধৰণৰ চমু প্রকাশভংগী বা ইংগিতধৰ্মী ভাষাৰ সহায় লেখকে লোৱা নাই। যেন বর্ণনা পূৰ্ণাংগ নহ’লে সকলো সংস্কাৰ-প্রচেষ্টা অথলে যাব! কাহিনীটো আৰম্ভ কৰাৰ আগতে কিছু নীতিগর্ভ কথা লিখা হৈছে। প্রথম বাক্যটো এইধৰণৰ : “এচাম শিক্ষক নৈতিক দিশত ইমান অধঃপাতে গৈছে যে ভাবিলে ঘৃণাত নাক-মুখ কোঁচ খাই যায়।’’ (বহুৰূপী, ১ম বছৰ ৮ম সংখ্যা/ ১৯৮৬) কাহিনীটো পঢ়াৰ পাছত যিকোনো চিন্তাশীল লোকৰেই ক’বলৈ মন যাব : এচাম সাহিত্য-ব্যৱসায়ীৰ নৈতিক দিশত ইমান অধঃপাতে গৈছে যে ভাবিলে ঘৃণাত নাক-মুখ কোঁচ খাই যায়।

দৃষ্টান্ত তিনি : “প্রেম নে দেহ ক্ষুধা” শীর্ষক ঘটনা-বিৱৰণত প্রেমিক-প্রেমিকাৰ যৌন মিলনৰ খবৰ বেছ বিতংকৈ দিয়া হৈছে। প্রায় পঞ্চাশ শাৰীৰ কাহিনীটোৰ এক-চতুথাংশই যৌনধর্মী বৰ্ণনাৰে ভৰা। পিছে কাহিনীৰ আৰম্ভণিতে দিয়া সম্পাদকীয় মন্তব্য পঢ়ি বহুতেই হয়তো ভাবিব যে যৌনধর্মী বৰ্ণনাৰ উদ্দেশ্য দৰাচলতে অত্যন্ত মহৎ, ই যেন প্রেমক যৌনতাৰ ঊর্ধত প্রতিষ্ঠা কৰাৰ এক দুঃসাহসিক বিৰল প্রচেষ্টা। মন্তব্যটো এইধৰণৰ : “প্রেম এক স্বৰ্গীয় বস্তু। প্রকৃত প্ৰেমত কামনা-বাসনাৰ গোন্ধ নাথাকে। কিন্তু আধুনিক কালৰ প্রেমিক-প্রেমিকসকল কোন পথে? দেহ দানেই প্ৰেমৰ একমাত্র উদ্দেশ্য নেকি”? (বহুৰূপী, ১ম বছৰ ৮ম সংখ্যা/ ১৯৮৬)। নিষ্কাম প্ৰেমৰ বিষয়ে দিয়া “শিক্ষা”ৰ সত্যতা সম্পর্কে বিতর্কলৈ নগৈ আমি এই কথা থোৰতে কৈ থোৱা উচিত হ’ব যে উচ্চ আদৰ্শৰ ঘোষণা আচলতে স্থূল উদ্দেশ্যৰ স্বৰূপ ঢাকি ৰখাৰ সুচতুৰ ব্যৱস্থাৰ বাহিৰে আন একো নহয়।

বহুৰূপীৰ বেশ বহুবিধ। স্থূল যৌন সাহিত্যয়ো আত্মপক্ষ সমৰ্থনৰ খাতিৰত নানা বেশ লয়। এইবিধ সাহিত্যৰ স্বঘোষিত নৈতিক দায়িত্ববোধ আৰু সমাজ সচেতনতাৰ প্রকৃত স্বৰূপ কি সেই বিষয়ে ইতিমধ্যে আমি ফঁহিয়াই কিছু আলোচনা কৰিছোঁ। এতিয়া অন্য এবিধ বৌদ্ধিক বেশৰ সন্দৰ্ভত দুআষাৰ উল্লেখ কৰা উচিত হ’ব। এই বেশ বিজ্ঞানৰ বেশ। তাৰ মানে, স্থূল যৌন-সাহিত্যই কেতিয়াবা যৌন-বিজ্ঞানৰ প্ৰাথমিক তথ্যবোৰ প্ৰচাৰ কৰি পাঠক সমাজক “আলোকপ্রাপ্ত” কৰাৰ গধুৰ দায়িত্ব কান্ধ পাতি লোৱাৰ কথা সগর্বে ঘোষণা কৰে। যৌন-বিজ্ঞানৰ গুৰুত্ব অনস্বীকার্য। কিন্তু যৌনবিজ্ঞানৰ নামত সাধাৰণতে সস্তীয়া যৌনধর্মী আলোচনীত যিবোৰ “তথ্য” আৰু কাহিনী পৰিবেশন কৰা হয় সেইবোৰৰ লগত প্রকৃত যৌন-বিজ্ঞানৰ তথ্যনিষ্ঠা, বিশ্লেষণ পদ্ধতি, নিৰাৱেগ ৰচনাভংগী আৰু উদ্দেশ্যৰ কোনো সম্পর্কই নাই। কেতিয়াবা এই যৌনধর্মী আলোচনীবোৰত যৌন-বিজ্ঞান হিচাপে এনে কিছু উদ্ভট কথা প্ৰচাৰ কৰা হয় যিবোৰে মানুহক বিভ্রান্ত কৰাৰ উপৰিও দাম্পত্য জীৱনকো বিষময় কৰি তোলাৰ সম্ভাৱনা থাকে (দ্রঃ “নাৰীৰ সতীচ্ছেদ”, বহুৰূপী, প্রথম বছৰ, চতুর্থ সংখ্যা/১৯৮৫)।

আজিকালি বহুত কথাই বিজ্ঞানৰ নামত চলোৱা হয়। আনকি চৰম বিজ্ঞান-বিৰোধিতায়ো বিজ্ঞানৰ কান্ধতহে ভৰ দি উঠিব বিচাৰে। উচ্চমাৰ্গৰ অতীন্দ্ৰিয়বাদৰপৰা নিম্নমাৰ্গৰ জননেন্দ্ৰিয়বাদ – সকলোৰে সপক্ষে তৈয়াৰ কৰা হয় “বৈজ্ঞানিক” যুক্তি। আমি আলোচনা কৰা যৌন-সাহিত্যৰ ব্যৱসায়ীসকলেও এনে “বৈজ্ঞানিক যুক্তি” আৱিষ্কাৰ কৰিছে নিজৰ সপক্ষে। পিছে যৌন-বিজ্ঞান বিষয়টো তেওঁলোকে যিমান সৰস আৰু সহজ বুলি ভাবিছে আচলতে সি সিমান সৰস আৰু সহজ নহয়। কাৰণ যৌন-বিজ্ঞানৰ শেহতীয়া তথ্য, বিশ্লেষণ, সিদ্ধান্ত আদিৰ সৈতে পৰিচয় থকাৰ উপৰিও লেখকসকলৰ থাকিব লাগিব সমাজতাত্ত্বিক দৃষ্টিভংগী। এই কথা আজি খুব কম লোকেই অস্বীকাৰ কৰিব যে যৌন-জীৱনৰ সমস্যা-সংকট আৰু অসুখ-অশান্তিৰ সৈতে বহু ক্ষেত্ৰত আর্থ-সামাজিক কাৰণ যুক্ত। আমি আলোচনা কৰা যৌনধর্মী আলোচনীবোৰত পিছে এইধৰণৰ বস্তুনিষ্ঠ যৌন-বিজ্ঞানৰ কোনো নাম-গোন্ধেই নাই। তথাপি কিন্তু এনেবোৰ আলোচনীৰ পাতত কৌশলেৰে নিজৰ “বৈজ্ঞানিক মিশ্যন”ৰ কথা প্ৰচাৰ কৰা হয়। ডাঃ নেছাৰ আহমেদ— যাক “উত্তৰ-পূব ভাৰতৰ সৰ্বশ্রেষ্ঠ যৌন-বিশেষজ্ঞ” বুলি কোৱা হৈছে— তেওঁৰ এখন বিজ্ঞাপনধৰ্মী চাৰ্টিফিকেট এই প্ৰসংগত উল্লেখ কৰিব পাৰি : “যৌন-সম্পৰ্কীয় যিবোৰ প্ৰবন্ধ বা গল্প এই আলোচনীত প্রকাশ পায় সেই সকলোবোৰেই বিবাহিত বা অবিবাহিত, ডেকা বা গাভৰুক যথেষ্ট যৌনজ্ঞান দান কৰে।” (নৱহিল্লোল, প্রথম বছৰ চতুর্থ সংখ্যা/১৯৮৬)। ডাক্টৰগৰাকীয়ে আলোচনীখন “নিয়মিতভাৱে পঢ়িবলৈ” পঢুৱৈক অনুৰোধো জনাইছে।

মন্তব্যৰ নিশ্চয় কোনো প্রয়োজন নাই। কিধৰণৰ যৌন-বিজ্ঞানমূলক গল্প-প্রবন্ধ এই আলোচনীবোৰৰ পাতত ঠাই পায় সেই সম্পর্কেও বোধহয় আৰু বিস্তাৰিত আলোচনাৰ প্রয়োজন নহ’ব। আমি মাত্র এই কথাকেই ক’ব বিচাৰোঁ যে অর্থলোলুপতাক বিজ্ঞানৰ এপ্রন পিন্ধাই বৌদ্ধিক মর্যাদা দিবলৈ বিচৰাটো কেৱল সমাজৰ বাবেই ক্ষতিকৰ নহয়, ই বিজ্ঞানৰ বিৰুদ্ধেও এক অক্ষমণীয় অপৰাধ।

 

Share Button
Print Friendly, PDF & Email

No Comments : "যৌন-অপসাহিত্য সম্পৰ্কে যৎকিঞ্চিৎ - (প্রসেনজিৎ চৌধুৰী)"

Leave a Comment

Your email address will not be published. Required fields are marked *