ক্ৰীড়াংগননিবন্ধ

জুবিলি টেষ্টৰ নায়ক (কৌশিক দাস)

 

ক্রিকেটৰ পথাৰৰ এটা মজাৰ কথাৰে আৰম্ভ কৰিছোঁ।

আমি সকলোৱে জানো, ক্রিকেটৰ টেষ্ট খেলবোৰ পাঁচদিনীয়া। পাঁচদিন খেল চলে। কেতিয়াবা অৱশ্যে ছয়দিনীয়া টেষ্টো হৈছিল। যি কি নহওক, সাধাৰণতে খেল আৰম্ভ হোৱাৰ তিনি নম্বৰ দিনটোত খেল বন্ধ থাকে। সেইদিনা জিৰণিৰ দিন। যাক কোৱা হয় ৰেষ্ট-ডে। গতিকে ৰেষ্ট-ডে-ক ধৰিলে পাঁচদিনীয়া টেষ্ট এখনে সময় লৈছিল গোটে গোটে ছ-টা দিন।

১৯৮০ চন। ইংলেণ্ড আৰু ভাৰতৰ মাজত অনুষ্ঠিত হৈছিল এখন টেষ্ট শৃংখলা। একোটা টেষ্ট শৃংখলাত সাধাৰণতে তিনিখন বা পাঁচখন টেষ্ট খেলৰ আয়োজন কৰা হয়। সেইখন টেষ্ট শৃংখলাত বাৰু কেইখন টেষ্ট আছিল জানেনে? এখন। মাত্র এখন। কথাটো মজাৰ, নহয় নে?

কিন্তু আচল মজাৰ কথা সেইটো নহয়। কথাটো বেলেগ। সেই কথাটোলৈ যোৱাৰ আগতে কৈ লওঁ, কিয় সেই টেষ্ট শৃংখলাটোত এখন মাত্র টেষ্টৰ আয়োজন কৰা হৈছিল।

সেই বছৰ, ১৯৮০ চনত ইংলেণ্ড আৰু ভাৰতৰ মাজত টেষ্ট ক্রিকেট আৰম্ভ হোৱাৰ পঞ্চাশ বছৰ হৈছিল। সোণালী জয়ন্তী। ইতিমধ্যেই ভাৰতৰ খেলুৱৈসকলে এখনৰ পাছত এখন টেষ্ট শৃংখলাত অংশ লৈ ক্লান্ত হৈ পৰিছিল। মাত্র অলপ দিনৰ আগতে শেষ হৈছিল ভাৰততেই অনুষ্ঠিত হোৱা পাকিস্তানৰ সৈতে এটা মজাৰ আৰু শিহৰণকাৰী টেষ্ট শৃংখলা। পাকিস্তানৰ অধিনায়ক আছিল আছিফ ইকবাল। তাৰ আগতে আহিছিল কিম হিউজৰ অষ্ট্রেলিয়া। তাৰ আগে আগে আহিছিল এলভিন কালীচৰণৰ ৱেষ্ট ইণ্ডিজ। তাৰ অলপ আগতে ভাৰতীয় দলে ভ্রমণ কৰি আহিছিল পাকিস্তান। সেইবাৰ পাকিস্তানৰ অধিনায়ক আছিল মুস্তাক মহম্মদ। এইবোৰৰ মাজতেই এবাৰ ইংলেণ্ডলৈও পাক এটা মাৰি আহিছিল। ইংলেণ্ডৰ অধিনায়ক আছিল মাইক ব্রিয়াৰ্লি।

গতিকে ক্লান্ত ভাৰতীয় ক্রিকেট দলটো। পৰিকল্পনা কৰা হৈছিল, এইবাৰ ভাৰতীয় দলটো যাব ৱেষ্ট ইণ্ডিজলৈ। ভাৰতত হোৱা আটাইকেইটা শৃংখলাতেই ভাৰতীয় দলৰ অধিনায়ক আছিল মহান ক্রিকেটাৰ সুনীল গাভাস্কাৰ। কথাটোৰ প্রতিবাদ কৰি উঠিল গাভাস্কাৰে। স্বইচ্ছাৰে পাকিস্তানৰ সৈতে টেষ্ট শৃংখলাৰ শেষৰখন টেষ্টত অধিনায়কৰ পদৰপৰা আঁতৰি দিলে। প্রস্তাৱিত ৱেষ্ট ইণ্ডিজ ভ্রমণলৈও নাযায় বুলি ঘোষণা কৰিলে। কপিল দেৱেও ৱেষ্ট ইণ্ডিজৰ শৃংখলাত অংশ গ্রহণ নকৰে বুলি শুনা গ’ল। সেই সময়ত গাভাস্কাৰ অবিহনে ভাৰতীয় ক্রিকেট দলৰ কথা চিন্তাই কৰিব পৰা নগৈছিল। বাতিল হ’ল প্রস্তাৱিত ৱেষ্ট ইণ্ডিজ ভ্রমণ।

কিন্তু এইফালে যে ইংলেণ্ড আৰু ভাৰতৰ মাজত টেষ্ট ক্রিকেটৰ সোণালী জয়ন্তী ! কি কৰা যায়?

ততাতৈয়াকৈ আয়োজন কৰা হ’ল এটি টেষ্ট শৃংখলাৰ। মাত্র এখন টেষ্ট। ক্লান্ত ভাৰতীয় দল, ইংলেণ্ডৰো ব্যস্ত কাৰ্যসূচী। সেইবাবেই সোণালী জয়ন্তী বুলি মাত্র এখন টেষ্টেৰে শৃংখলা এটিৰ আয়োজন কৰা হ’ল। ইতিহাসত সেইখনে আখ্যা পালে জুবিলি টেষ্ট বুলি।

আগতেই কৈছোঁ, সুনীল গাভাস্কাৰে ইতিমধ্যেই স্বইচ্ছাৰে অধিনায়কৰ পদটিৰপৰা আঁতৰি দিছিল। ভাৰতীয় দলৰ অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হ’ল গুণ্ডাপ্পা বিশ্বনাথৰ কান্ধত। খেল আৰম্ভ হ’ল মুম্বাইৰ (তেতিয়াৰ বোম্বে) ৱানখাৰে ষ্টেডিয়ামত। ১৯৮০ চনৰ ১৫ ফেব্রুৱাৰিত।

এতিয়া চুটিকৈ শুনি লওঁ আহক মজাৰ কথাটো। ‌

খেল এদিন চলিছেহে, দ্বিতীয় দিনাই দি দিলে নহয় ৰেষ্ট-ডে ! জিৰণিৰ দিন !! কিন্তু কিয়? কিয় দ্বিতীয় দিনাই ৰেষ্ট-ডে?? কিয় এই নাশ্রুত-নাভূত ব্যৱস্থা??

জিৰণিৰ দিনটোৰ তাৰিখ কি আছিল? ১৬ ফেব্রুৱাৰি। ১৯৮০ চন। সেইদিনা আছিল পূৰ্ণগ্রাস (ভাৰতত) সূৰ্যগ্রহণৰ দিন। অন্ধবিশ্বাসৰ ওচৰত অতি লজ্জাজনকভাৱে ভাৰতবৰ্ষৰ সমগ্র চৰকাৰী ব্যৱস্থাটোৱে আত্মসমৰ্পণ কৰিছিল। চৰকাৰী প্রচাৰে মানুহৰ মাজত সূৰ্যগ্রহণৰ প্রতি আতংকৰ সৃষ্টি কৰিছিল। সেই সূৰ্যগ্রহণৰ বাবেই খেলৰ দ্বিতীয় দিনাই দিয়া হৈছিল ৰেষ্ট-ডে !

কিন্তু সেই জুবিলি টেষ্ট আৰু এটা কাৰণতহে ক্রিকেটৰ ইতিহাসত চিৰস্মৰণীয় হৈ থাকিব। সেই কথাটোকেই চমুকৈ কওঁ।

গুণ্ডাপ্পা বিশ্বনাথে টছত জিকি বেট ধৰিবলৈ সিদ্ধান্ত ল’লে। ৱানখাৰে ষ্টেডিয়ামৰ উইকেটে প্রথম দিনাই অদ্ভূত আচৰণ কৰা পৰিলক্ষিত হ’ল। প্রথম ইনিংছত সৰ্বোচ্চ ৰান আহিল গাভাস্কাৰৰ বেটৰপৰা। তাকো মাত্র ৪৯। ২৪২ ৰানত শেষ হ’ল ভাৰতৰ প্রথম ইনিংছ।

ইয়ান বথামে দখল কৰিলে ৬-টা উইকেট।

আৰম্ভ হ’ল ইংলেণ্ডৰ প্রথম ইনিংছ। উইকেট হৈ পৰিছে ভয়ংকৰ। গ্রাহাম গুচ্ছ, জিওফ বয়কট, ডেভিড গাৱাৰৰ দৰে সুদক্ষ বেটছমেনে পেভেলিয়ানলৈ বাট ল’লে অতি কম ৰানত। মাত্র ৫৮ ৰানত ইংলেণ্ডৰ ৫টা উইকেটৰ পতন ঘটিল। জমি উঠিল জুবিলি টেষ্ট। প্রথম ইনিংছত কম ৰান সংগ্রহ কৰিলেও টেষ্টখনত ভাৰতে জয়লাভ কৰাৰ আশা দেখা গ’ল।

কিন্তু এজন মানুহে তেতিয়াও ক্রিজত বেটিং কৰি আছিল। এজন সাংঘাতিক অলৰাউণ্ডাৰ। নাম তেওঁৰ ইয়ান বথাম !

কিন্তু বথামে অকলে কি কৰিব? ৫৮ ৰানতেই ৫জন নামী বেটছমেনে ইতিমধ্যেই পেড খুলি পেলাইছে। ক্রিজলৈ এইমাত্র আহিছে বব্‌ টেলৰ। ইংলেণ্ডৰ উইকেট-ৰক্ষক। তাৰ অৰ্থ, ইংলেণ্ডৰ ইনিংছটো ইতিমধ্যেই ইংলেণ্ডৰ টেইল-এণ্ডাৰৰ হাতলৈ গুচি গৈছে।

কপিল দেৱৰ মুখামুখি বব্‌ টেলৰ। আউট-ছুইং। উইকেটৰক্ষক কিৰমানি আৰু চাৰিওটা স্লিপে চিঞৰি উঠিল….হাউছ দ্যাট….। কট বিহাইণ্ডৰ আৱেদন। আকাশৰ ফালে আঙুলি উঠিল আম্পেয়াৰ হনুমন্ত ৰাওৰ। মানে বব্‌ টেলৰ আউট। ৫৮ ৰানত ৬টা উইকেট !

আম্পেয়াৰে আউট ঘোষণা কৰাৰ পাছতো বব্‌ টেলৰে ক্রিজৰপৰা যাবলৈ মন কৰা নাছিল। গুণ্ডাপ্পা বিশ্বনাথক টেলৰে ক’লে, বলটোৱে তেওঁৰ বেট স্পৰ্শ কৰা নাছিল (চিত্র চাওক)। বিশ্বনাথে কিৰমানি আৰু দ্বিতীয় স্লিপৰ গাভাস্কাৰৰ সৈতে কথা পাতিলে। তাৰ পাছত গ’ল আম্পেয়াৰ হনুমন্ত ৰাওৰ কাষলৈ। উঠাই ল’লে কট বিহাইণ্ডৰ আৱেদন।

বব্‌ টেলৰ পুনৰ ক্রিজলৈ উভতি আহিল। পূৰ্ণ সহযোগিতা আগ ব‌ঢ়ালে ইয়ান বথামলৈ। বথাম সেই উইকেটতো ভয়ংকৰ হৈ উঠিছিল। ১১৪ ৰানৰ এটা অতি দুৰ্দান্ত ইনিংছ খেলিলে দুৰ্ধৰ্ষ বথামে। মন কৰিবলগীয়া কথা, বব্‌ টেলৰৰ সহযোগিতাৰ অবিহনে বথামে সেই ইনিংছটো খেলা সম্ভৱ নাছিল। ইংলেণ্ডৰ ইনিংছ শেষ হ’ল ২৯৬ ৰানত।

ভাৰতৰ দ্বিতীয় ইনিংছ ধ্বংস কৰি দিলে ইয়ান বথামে। ২৬ অভাৰত ৪৮ ৰান দি দখল কৰিলে ৭টা উইকেট। ইনিংছ শেষ হ’ল মাত্র ১৪৯ ৰানত। জিকিবলৈ প্রয়োজন হোৱা ৯৫ ৰান এটাও উইকেট নেহেৰুৱাকৈ সংগ্রহ কৰিলে ইংলেণ্ডে। দহ উইকেটত বিজয়ী হ’ল ইংলেণ্ড। জুবিলি টেষ্টত ভাৰত হাৰিল।

কিন্তু জুবিলি টেষ্টৰ নায়ক কোন? ইয়ান বথাম? নহয়। সঁচা কথা, বথামৰ দুৰ্দান্ত অলৰাউণ্ডাৰ প্রদৰ্শনে খেলখনত অন্য খেলুৱৈক নিষ্প্রভ কৰি পেলাইছিল। কিন্তু ইংলেণ্ড আৰু ভাৰতৰ বাতৰি কাকতবোৰে বথামৰ কীৰ্তিতকৈও ওপৰত স্থান দিছিল বিশ্বনাথৰ খেলুৱৈসুলভ মনোভাবক।

কথাটো সঁচা। জুবিলি টেষ্ট স্মৰণীয় হৈ ৰ’ব গুণ্ডাপ্পা বিশ্বনাথৰ ক্রিকেটীয় আচৰণৰ বাবেহে।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *