যুগান্তকাৰী বৈজ্ঞানিক আৱিষ্কাৰ (চতুৰ্থ অংশ)-(পূৰৱী দেৱী)

এইখিনিতে সোতৰ শতিকাৰ পৰা ঊনৈশ শতিকালৈকে বিজ্ঞানৰ বিভিন্ন ক্ষেত্রত হোৱা আৱিষ্কাৰসমূহৰ সামাজিক, অৰ্থনৈতিক আৰু বৌদ্ধিক প্রভাৱক বিষয়ে আমি চমুকৈ আলোচনা কৰিম।

পোন্ধৰ-ষোল্ল শতিকাৰ শ্বাসৰোধী সমাজব্যৱস্থাৰ কাহিনী ইতিহাসৰ উপৰিও সেই যুগৰ সাহিত্যৰ পাতে-পাতে স্পষ্ট। গ্রহ-নক্ষত্র, বেমাৰ-আজাৰক কেন্দ্ৰ কৰি গঢ়ি উঠা কুসংস্কাৰপূর্ণ সমাজত ধৰ্মৰ নামত শাস্তি দিয়াই নহয়, বৰং হত্যা বা জ্বলাই দিয়াটো আছিল তেনেই সাধাৰন ঘটনা। প্রকৃতিৰ সকলো নীতি-নিয়ম, ঘটনা বা দুর্ঘটনা দৈৱ-নিয়ন্ত্রিত বুলি মানুহে বিশ্বাস কৰিছিল। ইন্দ্রজাল বা ভেলেকীবাজী (Witch craft) বিশ্বাসৰ যুগত প্রাকৃতিক দুর্যোগ, মহামাৰী, দুর্ভিক্ষ আদি ডাকিনী, যোগিনী বা যাদুকৰৰ যাদু-মন্ত্রণাৰ ফল বুলি বিশ্বাস কৰা মানুহৰ মাজত এইসকল ব্যক্তিও আছিল— ৰজা প্রথম জেমচ, ধর্ম-সংস্কাৰক ৰূপে বিখ্যাত কেলভিন আৰু মার্টিন লুথাৰ। অসংখ্য নির্দোষী নাৰী, বৃদ্ধ পুৰুষ আৰু আনকি কেতিয়াবা সৰু ল'ৰা-ছোৱালীকো যাদুবিদ্যা চর্চা কৰাৰ দোষত দোষী সাব্যস্ত কৰি হত্যা কৰা হৈছিল।

সেইযুগত চিন্তাৰ কোনো স্বাধীনতা নাছিল। ১৫৪৩ খৃষ্টাব্দৰ পাছত ইউৰোপৰ সকলো কেথলিক ধর্মীয় দেশত গির্জাৰ অনুমতি নোহোৱাকৈ কোনো কিতাপ ছপা কৰা, বেচা-কিনা কৰা বা ৰপ্তানি কৰা নিষিদ্ধ আছিল। ৰজা বা ধৰ্মৰ বিৰুদ্ধে মাত মতাৰ প্রশ্নই উঠিব নোৱাৰিছিল।

সঁচা কথা ক'বলৈ গ'লে ধর্মীয় গোড়ামি, কুসংস্কাৰ, সামাজিক আচাৰ-নীতিৰ অন্যায়-অবিচাৰৰ পৰা পৃথিৱী এতিয়াও মুক্ত নহয় আৰু সম্পূর্ণ ৰূপে মুক্ত হ'বলৈ সম্ভৱত: কেইবাটাও শতিকাৰ প্ৰয়োজন হ'ব। কিন্তু তথাপি, নৱজাগৰণৰ পাছৰে পৰা পৃথিৱীৰ পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰিছিল।

ইউৰোপীয় ইতিহাসত সোতৰ শতিকাৰ শেষভাগক “যুক্তিৰ যুগ” (Age of Reason) নামেৰে অভিহিত কৰা হয়। কাৰণ প্রায় এই সময়চোৱাৰ পৰাই অন্তত: এমুঠি চিন্তাশীললোকে নতুনকৈ চিন্তা-চৰ্চ্চা কৰাৰ উপৰিও মাত মতাৰ সাহস গোটাবলৈ ধৰে। বিশেষকৈ ধৰ্মৰ নামত হোৱা যুদ্ধই থকা-সৰকা কৰা ইউৰোপত বহু চিন্তাবিদে ধর্ম আৰু ধৰ্ম-সহিষ্ণুতাৰ সম্পর্কে বহু প্রশ্ন উত্থাপন কৰে।

প্রথমেই আমি থমাচ হব'চৰ (১৫৮৮-১৬৭৯) নাম উল্লেখ কৰিছোঁ। তেখেত আছিল এজন মুক্তচিন্তক (Free thinker)। অর্থাৎ পৰম্পৰাতকৈ যুক্তিত প্রাধান্য দিহে ধর্মীয় দৃষ্টিভংগী গ্ৰহণ কৰা উচিত বুলি তেখেতে মত প্রকাশ কৰিছিল। তদুপৰি তেখেত আছিল এজন জড়বাদী। বাহ্যিক পদার্থই আমাৰ পঞ্চেন্দ্ৰিয়ত কৰা ক্রিয়াৰ ফলত মগজুত হোৱা অনুভূতিৰ সহায়তহে মানুহে জ্ঞান আহৰণ কৰিব পাৰে বুলি তেখেতে বিশ্বাস কৰিছিল। ১৬৫১ চনত তেখেতে “Leviathan” নামৰ পুথি প্রকাশ কৰে। হ'বচে কোৱা এষাৰি কথাৰ উদ্ধৃতি দিলেই হব'চৰ মনোবৃত্তিৰ আভাষ পোৱা যাব—"Fear of power invisible feigned by the mind or imagined from tales, publicity allowed, is religion, not allowed, superstition”।

জ’ন লকৰ (১৬৩২-১৭০৪) নাম আগতেই উল্লেখ কৰা হৈছে। তেখেত আছিল “অভিজ্ঞতাবাদ”ৰ (Empiricism) প্রতিষ্ঠাপক। তেখেতে কৈছিল যে দৈৱপ্রদত্ত শক্তিৰ সহায়ত নহয় বৰং যুক্তি আৰু ইন্দ্ৰিয়ৰ যোগেদিহে মানুহে সকলো মৌলিক জ্ঞান আহৰণ কৰিব পাৰে। ১৬৮৯ খৃষ্টাব্দত তেখেতে “Letter Concerning Toleration” নামৰ পুথি প্রকাশ কৰে। তেখেতে কৈছিল যে মানুহৰ জীৱন, স্বাধীনতা, স্বাস্থ্য আৰু ব্যক্তিগত সম্পত্তি ৰক্ষা কৰাটোহে চৰকাৰৰ দায়িত্ব। মানুহৰ আত্মাৰ দায়িত্ব কোনো দণ্ডাধীশে নিজ হাতৰ মুঠিত লব নোৱাৰে। এটা ধর্ম জোৰ-জবৰদস্তি মানুহৰ ওপৰত জাপি দিবলৈ ৰাষ্ট্ৰই আইন প্রণয়ন কৰাটো হাস্যকৰ। ধর্ম নির্দেশক্রমে নহয়, নিজ চিন্তা আৰু যুক্তি অনুসাৰে ভগৱানৰ কাষ চাপিবলৈ চেষ্টা কৰিবলৈ মানুহ স্বাধীন।

হলেণ্ডবাসী স্পিনোজাও (১৬৩২-১৬৭৭) আছিল যুক্তিবাদী। তেখেত আছিল এজন অকলশৰীয়া মানুহ, কাৰণ প্ৰথমতে তেখেত আছিল ইহুদী আৰু দ্বিতীয়তে সেইযুগৰ দৃষ্টিত তেখেত আছিল নিৰীশ্বৰবাদী (অৱশ্যে ভগৱানৰ অস্তিত্ব তেখেতে কেতিয়াও নাকচ কৰা নাছিল)। যুক্তিসহকাৰে বিচাৰ কৰি চিন্তা আৰু বিশ্বাস কৰিবলৈ মানুহ স্বাধীন— ইয়েই আছিল স্পিনোজাৰ অভিমত।

এনেদৰে সেই সময়ৰ ইউৰোপৰ বিভিন্ন দেশত যুক্তিবাদী লোকৰ সংখ্যা বৃদ্ধি হ'বলৈ ধৰে। ফ্রান্সৰ পেৰিচ চহৰ আছিল প্রগতিশীল চিন্তাৰ সাৰুৱা ভূমি।

ভলটেয়াৰে (১৬৯৪-১৭৭৮) ফ্রান্সৰ বৌদ্ধিক সমাজৰ মাজত নিউটন, লক আৰু বেকনক জনপ্রিয় কৰি তুলিছিল। তেখেত আছিল যুক্তিবাদ আৰু ধৰ্ম-সহিষ্ণুতাৰ হ'কে ওকালতি কৰা লোকসকলৰ নেতা। কুসংস্কাৰৰ বিৰুদ্ধে তেখেতে দিয়া প্রচণ্ড যুদ্ধৰ বিষয়ে ইতিহাসৰ পাতত এতিয়াও পঢ়িবলৈ পোৱা যায়। তেখেত নিৰীশ্বৰবাদী নাছিল, কিন্তু খৃষ্টধর্মবিৰোধী আছিল। অৱশ্যে তেখেতৰ বহু লিখনি তেখেতৰ মৃত্যুৰ পাছতহে প্ৰকাশ হৈছিল। ভলটেয়াৰ ৰচিত ব্যংগাত্মক পুথি “Candede”-খন এটা সময়ত জ্বলাই দিয়া হৈছিল। “Saul” নাটকত, তেখেতে খোলাখুলিকৈয়ে বাইবেলক উপহাস কৰিছে।

ফ্ৰান্সৰ আন এজন বিশ্ববিখ্যাত দার্শনিক Jean-Jacques Roussean (১৭১২-১৮৭৮) ধর্মভীরু লোক আছিল যদিও খৃষ্টধৰ্মৰ প্রতি শ্রদ্ধা সহকাৰে তেখেতে সন্দেহ প্রকাশ কৰিছিল। ১৭৬২ খৃষ্টাব্দত ৰুছোঁ ৰচিত বিখ্যাত পুথি “Emile” প্রকাশিত হয়। দৈৱপ্রদত্ত জ্ঞান আৰু ব্ৰহ্মতত্ত্বক উপহাস কৰাৰ বাবেই কিতাপখন ৰাজহুৱাকৈ জ্বলাই দিয়া হৈছিল।

সমাজৰ ওপৰত, বিশেষকৈ ধৰ্মৰ শাসনৰ ওপৰত এইসকল দার্শনিকৰ প্ৰভাৱ নপৰাকৈ নাথাকিল। ১৬৮৯ খৃষ্টাব্দত ইংলণ্ডত “Act of Toleration” আইন ঘোষণা কৰা হয় (অৱশ্যে সেই যুগত এই আইন আংশিকভাবেহে প্রযোজ্য হৈছিল)। এই আইনে নিজস্ব ধর্ম চর্চা কৰাৰ অধিকাৰ মানুহক প্রদান কৰে।

১৭২২ খৃষ্টাব্দত জীৱন্তে জ্বলাই দিয়া নাৰীগৰাকী আছিল ডাইনীৰ দোষত দোষী সাৱস্ত্য কৰি হত্যা কৰা ইংলেণ্ডৰ শেষ নাৰী। স্কটলেণ্ডে ইয়াৰ বাবে আৰু দহটা বছৰ অপেক্ষা কৰিবলগীয়া হৈছিল। অৱশেষত ১৭৩৯ খৃষ্টাব্দত এনে কাৰ্য আইনমতে নিষিদ্ধ কৰা হয়।

এইসকল দার্শনিকে কেৱল ধর্মসহিষ্ণুতাৰ হ'কেই নহয় সমাজৰ অন্যায়-অবিচাৰৰ বিৰুদ্ধেও মাত মাতিছিল। ল’কৰ দ্বাৰা ৰচিত সেই যুগৰ আন এখন বিখ্যাত পুথি আছিল “Natural Rights”। ৰজাৰ “দৈৱিক অধিকাৰ”ৰ (“Divine Right”) বিৰুদ্ধে মত প্রকাশ কৰি তেখেতে কৈছিল যে প্রকৃতিৰ ফল উপভোগ কৰাৰ অধিকাৰ সকলোৰে সমান। মুক্ত চিন্তা আৰু বাকস্বাধীনতা অধিকাৰ সকলোৰে আছে।

ল’কৰ দ্বাৰা অনুপ্রাণিত ভলটেয়াৰে আৰু এখোজ আগুৱাই গৈ “সাম্য, মৈত্রী আৰু স্বাধীনতাৰ” হ'কে সজোৰে মাত মাতিছিল।

ওঠৰ শতিকাৰ শেষভাগ বৃটেইনত আছিল “লুনাৰ ছ'চাইটিৰ যুগ। বার্মিংহামৰ বুটাম নির্মাতা মেথিউ বেইলটন আছিল “লুনাৰ ছ'চাইটিৰ” প্রধান চালিকা শক্তি। বার্মিংহামৰ সভ্যসকলৰ ঘৰত পূর্ণিমা নিশা সভ্যসকল সমবেত হৈছিল। এই সভ্যসকলৰ মাজত আছিল ড ইৰাচমুচ ডাৰউইন (১৭৩১-১৮০২), জেমচ্‌ ৱাট (১৭৩৬-১৮১৯), জোচেফ প্ৰিচট্‌লি (১৭৩৩-১৮০৪) আৰু এডাম স্মিথ (১৭২৩-১৭৯০)। এডাম স্মিথে লিখা বিখ্যাত পুথি হ'ল “Wealth of Nations”। এই পুথিত তেখেতে ব্যক্তিগত উদ্যোগ আৰু স্বাধীন বা মুক্ত ব্যৱসায়ৰ (Free trade) পক্ষে আৰু এনেবোৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ হস্তক্ষেপৰ বিপক্ষে ওকালতি কৰিছিল। অর্থাৎ বর্তমান যুগৰ গণতন্ত্রৰ ধাৰণা তেখেতে জন্ম দিছিল।

এইসকলৰ মাজৰ কোনো কোনো সভ্যৰ যেনে দার্শনিক হিউমৰ (১৭১১-১৭৭৮) ফ্রান্সৰ দার্শনিকৰ লগত যোগাযোগ আছিল।

ক্রমান্বয়ে এনে প্রগতিশীল চিন্তাধাৰাই আমেৰিকাৰ চিন্তাশীল ব্যক্তিসকলকো প্ৰভাৱিত কৰে। ইয়াৰ মাজত আছিল বিখ্যাত বিজ্ঞানী বেঞ্জামিন ফ্রেঙ্কলিন।

এই সকলো ক্রিয়া-প্রতিক্রিয়াৰ পুঞ্জীভূত ফলত ১৭৮৯ চনত ফ্ৰান্সত ফৰাচী বিপ্লৱে মূৰ দাঙি উঠে। এই বিপ্লৱৰ আগতে যে জনগণে বিদ্রোহ কৰা নাছিল, তেনে নহয়। আনকি মধ্যযুগীয়া ইউৰোপত সৰু-ডাঙৰ বহু কৃষক বিদ্রোহ হৈছিল। কিন্তু ফৰাচী বিপ্লৱ আছিল জনগণে অংশগ্রহণ কৰা এক সুসংগঠিত বিপ্লৱ।

ইতিমধ্যে ১৭৭৬ খৃষ্টাব্দত জর্জ ৱাচিংটনৰ নেতৃত্বত আমেৰিকাবাসীয়ে কৰা স্বাধীনতাৰ যুদ্ধৰ ফলত আমেৰিকা স্বাধীন হয়। বেঞ্জামিন ফ্রেঙ্কলিনে এই যুদ্ধত মুখ্য অংশ গ্রহণ কৰিছিল।

আনহাতে এনেবোৰ ৰাজনৈতিক আৰু সামাজিক ঘটনাই বিজ্ঞানৰ ওপৰত প্ৰভাৱ বিস্তাৰ নকৰাকৈ থকা নাছিল। গ্রহ-নক্ষত্রসমূহ দেৱ-দেৱী নহয়, শূন্য মাৰ্গত ঘূৰি ফুৰা একো একোটা পৃথিৱীৰ দৰে গ্ৰহ বুলি মানুহক পতিয়ন নিয়াবলৈ বিজ্ঞান সমৰ্থ হৈছিল।

Share Button
Print Friendly, PDF & Email

No Comments : "যুগান্তকাৰী বৈজ্ঞানিক আৱিষ্কাৰ (চতুৰ্থ অংশ)-(পূৰৱী দেৱী)"

Leave a Comment

Your email address will not be published. Required fields are marked *