বিজ্ঞান-প্ৰযুক্তি

যুগান্তকাৰী বৈজ্ঞানিক আৱিষ্কাৰ (সপ্তম অংশ)- পূৰৱী দেৱী

কুৰি শতিকাত জীৱ আৰু চিকিৎসা বিজ্ঞানৰ বহু পৰিমানে উন্নতি সাধন হয়। জীববিজ্ঞানৰ দুটা আৱিষ্কাৰ অত্যন্ত গুৰুত্বপূর্ণ আৱিষ্কাৰ। ইয়াৰ প্ৰথমটো হ’ল ১৯২৮ চনত আলেকজেন্ডাৰ ফ্লেমিং-এ (১৮৮১-১৯৫৫) আৱিষ্কাৰ কৰা পেনিচিলিন। পেনিচিনিৰ সহায়ত বহু বীজাণু সংক্রান্ত ৰোগ চিকিৎসা কৰিব পৰা যায়। তদুপৰি পেনিচিলিনে ৰসায়ন বিজ্ঞানৰ ওপৰতো প্রভাৱ বিস্তাৰ কৰিবলৈ ধৰে। পেনিচিলিন সংশ্লেষণ কৰিবলৈ ধৰাৰ লগে লগে বহু তথ্য গোট খাবলৈ ধৰে।

১৯৫৩ চনত জেমচ্‌ ৱাটচন আৰু  ফ্ৰান্সিক ক্রিকে DNA অণু আৱিষ্কাৰ কৰে। জীৱ আৰু ৰসায়ন বিজ্ঞানৰ ওপৰত এই আবিষ্কাৰক আক্ষৰিক অর্থত বৈপ্লবিক বুলিব পাৰি। বর্তমান আমি “Genetic Engineering” বুলি কোৱা বিজ্ঞান শাখাৰ মূলতে এই আৱিষ্কাৰ।

দ্বিতীয় বিশ্বযুদ্ধৰ পটভূমিত বিকশিত হোৱা এটা যান্ত্রিক কৌশলে বর্তমআন পৃথিৱী তল-ওপৰ কৰিছে। ই হ’ল আমাৰ সকলোৰে চিনাকি কম্পিউটাৰ।

ঊনৈশ শতিকাত বেবেজে (১৭৯২-১৮৭১) এটা গণক যন্ত্র (Calculating Machine) সাজিছিল। এই মেচিনৰ সহায়ত বহু জটিল গণনা ক্ষন্তেকতে কৰিব পৰা গৈছিল। ই আছিল কম্পিউটাৰৰ পূৰ্বাভাষ। কিন্তু ই বৰ বেচি দূৰ আগুৱাব নোৱাৰিলে।

দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত জার্মানীয়ে গোপন সাংকেতিক বার্তা প্রেৰণ কৰিবলৈ “Enigma Encryption Machine” ব্যৱহাৰ কৰিছিল। এই সংকেতিক বার্তাৰ অর্থ ভঙা শত্রুপক্ষৰদ্বাৰা অসম্ভৱ বুলি জার্মানীয়ে ভাবিছিল আৰু ই আছিল সঁচাকৈয়ে অত্যন্ত কঠিন কাম। ১৯৪৩ চনত ইংলণ্ডৰ “Bletchley Park” নামৰ গোপন কেন্দ্ৰত বিজ্ঞানীসকলে সংকেতৰ অর্থ ভাঙিবলৈ চেষ্টা কৰোতে লক্ষ্য কৰে যে অর্থ ভাঙিবলৈ লোৱা সময়ৰ ভিতৰতে জার্মানী যুদ্ধত বহুদূৰ আগুৱাই যাব পাৰে। সেয়েহে দ্রুত গতিত অর্থ ভঙাৰ প্ৰয়োজনীয়তাই দেখা দিয়ে। প্রথমতে বিখ্যাত অংকশাস্ত্রবিদ এলান টুৰিনে “Bombe” নামৰ এটা কম্পিউটাৰ সাজে (প্ৰকৃততে কম্পিউটাৰ হ’ল অংকশাস্ত্রমূলক লজিকৰ ভিত্তিত গঢ়ি তোলা এটা জটিল বিদ্যুৎ বর্তনী)। ১৯৪৪ চনত টমি ফ্লাৱাৰ আৰু তেখেতৰ সহকৰ্মীসকলে “Colosus” নামৰ এটা কম্পিউটাৰ সাজে। ইয়াত কিছুমান “Thermoionic Valve” ব্যৱহাৰ কৰা হৈছিল। বৰ্তনীৰ সংখ্যা ইমানেই বেছি আছিল যে ইয়াৰ ওজন আছিল প্ৰায় এক টন। দীঘে-পুতলে ই এখন ডাঙৰ বিছনাৰ সমান আছিল। কিন্তু ইয়াৰ সহায়ত খৰতকীয়া গতিত অৰ্থ ভঙা সম্ভৱপৰ হয় আৰু ইয়াৰ বাবেই ইংলেণ্ডৰ জয় বহু সহজ হৈ পৰে। “Bletchley Park” নামৰ গোপন কেন্দ্ৰত কাম-কাজ

আছিল গুপুত। প্রায় কুৰি হাজাৰ মানুহে ইয়াত কাম কৰিছিল যদিও ১৯৭০ চন পর্যন্ত ইয়াৰ কাম-কাজ কোনেও সদৰী কৰা নাছিল।

কিন্তু কম্পিউটাৰত প্ৰয়োগ কৰা বৈজ্ঞানিক আৰু অংকশাস্ত্ৰমূলক কাম-কাজ খৰতকীয়া গতিত আগবা‌ঢ়ে। বিশেষকৈ আমেৰিকা এই ক্ষেত্ৰত বহুদূৰ আগবাঢ়ি যায় আৰু জন্ম হয় আমাৰ চিনাকি কম্পিউটাৰ। বর্তমান ইয়াৰ প্ৰভাৱ কম-বেছি পৰিমাণে সকলোৱে অনুভৱ কৰিব পাৰে। বেংক, চিকিৎসা কেন্দ্র, পুলিচ দপ্তৰ আদি চৰকাৰী কামত ব্যবহৃত হোৱা কম্পিউটাৰ বৰ্তমান দৈনন্দিন জীৱনৰ অংগ।

এতিয়া আমি এই আৱিষ্কাৰসমূহে ইতিহাসৰ ধাৰাৰ ওপৰত বিস্তাৰ কৰা অভাৱনীয় প্রভাৱ আলোচনা কৰিম।

কল-কাৰখানাত বিদ্যুৎ ব্যৱহাৰৰ ফলক্রমে উৎপাদনৰ হাৰ অতি খৰতকীয়া গতিত বৃদ্ধি হয়। ইতিমধ্যে ১৮৬০ চন চনৰে পৰা ফ্রান্স, জার্মানী আৰু আমেৰিকা সফল শিল্পভিত্তিক দেশলৈ ৰূপান্তৰিত হ’বলৈ ধৰিছিল। ব্রিটেইনৰ একচেটিয়া অধিকাৰৰ ওৰ পৰা নাছিল যদিও ব্রিটেইন তীব্র প্রতিযোগিতাৰ সন্মুখীন হৈছিল। বজাৰ আৰু কেঁচা সামগ্ৰীৰ সন্ধানত এই দেশসমূহে আফ্রিকালৈ ঢাপলি মেলিছিল। ১৮৮০-ৰ পৰা ১৯০০-চনৰ ভিতৰত ইউৰোপীয় দেশসমূহে আফ্রিকাৰ সৰহভাগ দেশ জয় কৰি নিজৰ ভিতৰত ভাগ-বটৰা কৰি লয়। ইতিহাসত এইখিনি সময়ৰ ক্রিয়াকলাপক “Scramble for Africa” বুলি অভিহিত কৰা হয়।

কাঠ আৰু কয়লাৰে চহকী ৰাছিয়াও পিছ পৰি থকা নাছিল। এনেবোৰ কেঁচা সামগ্ৰীৰ যোগান ধৰি ৰাছিয়াও চহকী হৈছিল।

টেলিগ্রাফ আৰু টেলিফোনে যোগাযোগ ব্যৱস্থাৰ প্রভূত উন্নতি সাধন কৰে। খবৰ বাতৰি অতি শীঘ্ৰে প্ৰেৰণ কৰিব পৰা হোৱাত সস্তীয়া বাতৰিকাকতৰ প্রচলন বৃদ্ধি হ’বলৈ ধৰে। পৃথিৱীখন লাহে লাহে সৰু হৈ পৰিবলৈ ধৰে।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *