যুগান্তকাৰী বৈজ্ঞানিক আৱিষ্কাৰ(দ্বিতীয় অংশ)- (পূৰৱী দেৱী)

(যোৱা সংখ্যাৰ পাছৰ পৰা)

অৱশ্যে আন কেইগৰাকীমান মনীষিয়ে কৰা পৰীক্ষামূলক অধ্যয়নে গেলিলিওক পথ প্রদর্শন কৰিছিল । ৰাণী এলিজাবেথৰ চিকিৎসক গিলবার্টে চুম্বকৰ বিষয়ে অধ্যয়ন কৰিছিল আৰু নাৱিক ৰবাৰ্ট নৰমানে সাম্যৱস্থাত থকা নতি শলাৰ (Dip needle) ওপৰত পুঙ্খানুপুঙ্খভাৱে পৰীক্ষামূলক অধ্যয়ন কৰিছিল ( স্কুলীয়া ছাত্ৰই বৰ্ত্তমানেও এই পৰীক্ষাসমূহ কৰে)।

জীৱবিজ্ঞানৰ যুগ সম্পূৰ্ণৰূপে পৰিৱর্তন কৰা আন এজন ব্যক্তি আছিল উইলিয়াম হার্ভে। প্রথমবাৰৰ বাবে তেখেতে পৰীক্ষাসহ প্রমাণ কৰিছিল যে বৃহৎ পৰিমানৰ ৰক্ত হৃদপিণ্ডৰ এফালৰ পৰা ওলাই গৈ আনটো ফালে প্ৰৱেশ কৰে। অর্থাৎ ৰক্ত সঞ্চালনতন্ত্র সম্বন্ধে পৰীক্ষামূলক গৱেষণা কৰা তেখেত আছিল প্রথম ব্যক্তি। চিকিৎসাশাস্ত্ৰ আৰু জীৱবিজ্ঞানৰ ওপৰত ইয়াৰ প্ৰভাৱ আছিল বৈপ্লৱিক। হার্ভেৰ অধ্যয়নে মানুহক শৰীৰতত্ত্ব সম্বন্ধে নতুনকৈ চিন্তা কৰিবলৈ উৎসাহিত কৰি চিকিৎসা বিজ্ঞানৰ গতি পৰিৱর্তন কৰে।

কপাৰ্নিকাচ, কেপলাৰ, হার্ভে আদিৰ দৰে পৰীক্ষামূলক বিজ্ঞান আৰম্ভ কৰে লোকসকলেই বেকন, ডেকাৰ্ট আদি মনীষীক পৰীক্ষামূলক বিজ্ঞানৰ গুৰুত্ব সম্বন্ধে মানুহক সজাগ কৰি দিয়াৰ গধুৰ দায়িত্বৰ বোজা কান্ধ পাতি লবলৈ উৎসাহিত কৰিছিল। অৱশেষত এই “সকলো দৈত্যৰ কান্ধত থিয় হৈ” চাৰ আইজাক নিউটনে আধুনিক বিজ্ঞানৰ ভেটি স্থাপন কৰে। ইতিমধ্যে পৰীক্ষামূলক বিজ্ঞানৰ মৰ্যদা বৃদ্ধি হৈছিল। প্রাচীন বিদ্যালয়সমূহত দর্শন নহয়, প্রাকৃতিক দর্শনহে ৰুচি আৰু সমালোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। ১৫৮৫ খৃষ্টাব্দত চাইমন ষ্টেভিনে দশমিক পদ্ধতিৰে আৰু ১৬১৪ খৃষ্টাব্দত নেপিয়াৰে ল’গ’ৰিথিম পদ্ধতিৰ প্ৰচলন কৰি জ্যোতিৰ্বিদ আৰু পদার্থবিদসকলৰ কাম খৰতকীয়া কৰি পেলাইছিল। লাহে-লাহে বণিক শ্রেণীয়ে অর্থনীতি দখল কৰিবলৈ ধৰি পুঁজিবাদৰ বাট মুকলি কৰিছিল। সামন্তবাদী সমাজ আৰু লগতে ধৰ্মৰ কটকটীয়া বান্ধোন ক্ৰমান্বয়ে শিথিল হ’বলৈ ধৰিছিল। লণ্ডন, পেৰিচ আদি চহৰত বহু কাৰিকৰ আৰু ঘড়ী, লেনচ্‌ , বায়ু-পাম্প আদিৰ নির্মাতা দেখিবলৈ পোৱা গৈছিল। এনে এটা বাতাৱৰণতে ১৬৪২ খৃষ্টাব্দত গেলিলিওৰ মৃত্যু আৰু নিউটনৰ জন্ম হয়।

১৬৫০ ৰ পৰা ১৬৯০ খৃষ্টাব্দলৈকে– এই সময়ছোৱাত ইংলেণ্ডত বিজ্ঞানৰ অভূতপূর্ব বিকাশ হৈছিল বুলিব পাৰি। পশ্চিমীয়া পৃথিৱীত এই সময়তে বিজ্ঞানে মূৰ দাঙি উঠিছিল। তদুপৰি এই সময়ছোৱা আছিল তুলনামূলকভাৱে শান্তি আৰু সমৃদ্ধিৰ যুগ। অবিৰাম প্লেগ আৰু যুদ্ধ-বিগ্ৰহ হৈছিল সঁচা, কিন্তু বৈজ্ঞানিক কাম-কাজৰ ওপৰত ইয়াৰ প্ৰভাৱ আছিল নিচেই কম। সকলো নেতৃস্থানীয় দেশত বণিক শ্রেণীৰ লগতে শাসক শ্রেণীৰো বাণিজ্য, যোগাযোগ আৰু পৰিবহনত এক ন্যস্ত স্বার্থ আছিল আৰু বিজ্ঞান এনেবোৰ ক্ষেত্ৰত এক সহায় বুলি তেওঁলোকে উপলদ্ধি কৰিছিল । এই যুগতে ১৬৬২ খ্রীষ্টাব্দত Royal Society of London স্থাপিত হয়। ১৬৬৬ খ্রীষ্টাব্দত Academic Royale des Sciences in France স্থাপিত হৈছিল। ৰবাৰ্ট বয়েল, ৰবাৰ্ট হুক, খ্ৰীষ্টফাল ৰেম আদি বিশিষ্ট বিজ্ঞানী আছিল “ৰয়েল চছাইটিৰ” গুৰি ধৰোতা। বহু পৰীক্ষা-নিৰীক্ষা তেখেতসকলে কৰিছিল (“বয়েলৰ সূত্ৰ” আৰু “হুকৰ সূত্ৰ” বৰ্তমান স্কুলীয়া পাঠ্যপুথিৰ অপৰিহার্য অংগ)।

এই যুগৰ এজন উল্লেখযোগ্য ব্যক্তি হ'ল ডন গেৰিক। তেখেত আছিল এজন অতি অর্থবান আৰু উদ্যোগী পুৰুষ। বিজ্ঞানচৰ্চাৰ বাবে তেখেতে চাৰি হাজাৰ পাউণ্ড খৰচ কৰিছিল। সাধাৰণ পাম্পৰ সহায়ত তেখেতে বায়ুশূন্য স্থান অর্থাৎ “ভেকুৱাম” সৃষ্টি কৰিবলৈ বিফল হোৱাত নিজেই এটা উৎকৃষ্ট মানৰ পাম্প সাজি বৃহৎ পাত্ৰত “ভেকুৱাম” সৃষ্টি কৰিবলৈ সক্ষম হয়। এই পাম্পৰ সহায়তে তেখেতে বায়ুৰ প্ৰচণ্ড চাপৰ প্ৰমাণ দিয়ে। এই পাম্প ব্যৱহাৰ কৰিয়েই বয়েলে প্রমাণ কৰিছিল যে শূন্যস্থানৰ মাজেৰে শব্দ পাৰ হৈ যাব নোৱাৰে। কিন্তু পোহৰ আৰু চুম্বকৰ ওপৰত “ভেকুৱাম”ৰ একো প্ৰভাৱ নাই। এই সকলো লোকে আৰু সেই যুগৰ বাতাবৰণে নিউটনৰ বাট সুচল কৰিছিল।

নিউটন মাথো এজন তত্ত্ববিদ নাছিল। পৰীক্ষামূলক বিজ্ঞানৰ প্ৰতি তেখেতৰ ধাউতি আছিল যথেষ্ট। আলোকবিজ্ঞানৰ সন্দৰ্ভত গৱেষণা কৰাৰ উপৰিও তেখেতেই প্রথম আজিৰ যুগৰ দৈত্যকায় দূৰবীক্ষণ আৰু আধুনিক অনুবীক্ষণ যন্ত্ৰৰ আদিৰূপ প্রতিফলিত হোৱা দূৰবীক্ষণ যন্ত্র নিৰ্মাণ কাৰাছিল।

কিন্তু নিউটনৰ সকলোতকৈ গুৰুত্বপূৰ্ণ আছিল অৱদান মাধ্যাকর্ষণ তত্ত্ব আৰু বল-বিজ্ঞানৰ নীতিসমূহ (বর্তমান এই সকলোবোৰ হ’ল স্কুলীয়া পাঠ্যপুথিৰ অপৰিহার্য অংগ)। ভৌতিক নীতিসমূহক নিউটনে মাত্রাত্মক ৰূপত প্রকাশ কৰে। এনেবোৰ গণনা কৰিবৰ বাবে নিউটনে কলন গণিত (Calculus) ব্যৱহাৰ কৰিছিল। অৱশ্যে আমি জনা ৰূপত লাইবনিৎজেহে কলন গণিত বিকাশ কৰিছিল। ইয়াৰ বাবে প্রাপ্য সন্মান নিউটনৰ নে লাইবনিৎজৰ অধিক, ইয়াকে লৈ সেই যুগত তিক্ত বিতৰ্কৰ সৃষ্টি হৈছিল। কিন্তু বিজ্ঞানৰ প্ৰগতিৰ ফালৰ পৰা বিচাৰ কৰিলেই একো বিচার্যবিষয় নহয়। গুৰুত্বপূর্ণ বিষয় এয়ে যে কলন গণিতে অংকশাস্ত্র, পদার্থবিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু অভিযান্ত্রিক সমস্যাবোৰৰ সমাধানৰ পথ সুচল কৰি দি সমগ্র বিজ্ঞান জগতত এক নতুন যুগৰ সূচনা কৰে। বৰ্ত্তমানেও বিজ্ঞানৰ সকলো শাখাতে ইয়াৰ আসন হ’ল আছুতীয়া।

নিৰীক্ষনৰ ভিত্তিতে ভৌতিক নীতিত উপনীত হ’বলৈ নিউটন সক্ষম হৈছিল। নিউটনৰ নীতিসমূহে বিজ্ঞান-জগতলৈ বৈপ্লৱিক পৰিৱর্তন কঢ়িয়াই আনে। সৌৰজগতৰ গতি-বিধিৰ পৰা আৰম্ভ কৰি ৰকেট নিক্ষেপৰ গতি-বিধিলৈকে— সকলো চলন সম্বন্ধীয় নিৰীক্ষণ নিউটনৰ সূত্ৰৰ পৰা বাখ্যা কৰিব পৰা হ'ল। এই তত্ত্বৰ ওপৰত ভিত্তি কৰিয়েই হেলীয়ে তেখেতৰ বিখ্যাত ধূমকেতুৰ সন্দৰ্ভত ভৱিষ্যৎ বাণী কৰিছিল। কেৱল সেয়ে নহয়, পৰীক্ষামূলক বিজ্ঞান আৰু অংকশাস্ত্ৰৰ মাজত গেলিলিয়ে প্রথমে স্থাপন কৰা সম্পর্ক নিউটনে অধিক কটকটীয়া কৰে।

নিউটনৰ সূত্র ব্যৱহাৰ কৰাৰ লগে লগে দ্রাঘিমা আৰু অক্ষৰেখাৰ তালিকাসমূহ অধিক নিখুঁত হ'বলৈ ধৰে আৰু নৌ-যাত্রা সহজ হয়।

নিউটনৰ ধাৰণাই ক্রমান্বয়ে দার্শনিক, অর্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰতো প্ৰভাৱ বিস্তাৰ কৰিবলৈ ধৰে। প্রথমেই গ্রহ-নক্ষত্ৰৰ চলনৰ বাবে দেৱতা বা দেৱদূতৰ প্রয়োজন নাইকিয়া হয়। বিশ্ব-ব্ৰহ্মাণ্ডখন প্রকৃততে সৰল অংকশাস্ত্রমূলক বিধিৰ দ্বাৰাহে নিয়ন্ত্রিত হয় বুলি বিজ্ঞানী, অবিজ্ঞানী সকলোৱে বিশ্বাস কৰিবলৈ ধৰে।

নিউটনৰ দ্বাৰা প্রভাবিত হৈছিল তেখেতৰ বন্ধু দাৰ্শনিক ল’ক আৰু ল’কৰ স্থলাভিষিক্ত দাৰ্শনিক হিউম। এখেতসকলে ভাগ্য-নিৰ্দ্ধাৰিত ভৱিষ্যতৰ প্রতি সন্দেহ প্রকাশ কৰিছিল আৰু ধৰ্ম আৰু সমাজৰ শ্রেণী-বিন্যাসৰ প্ৰতি মানুহৰ শ্রদ্ধা কমাই পেলাইছিল।

সেইদৰে ভলটেয়াৰো নিউটনৰ দ্বাৰা প্ৰভাৱিত হৈছিল। তেখেতেই ফৰাচী বুদ্ধিজীৱিৰ লগত নিউটনক পৰিচয় কৰাই দিয়ে। এইদৰে নিউটনৰ ধাৰণাৰ ফৰাচী বিপ্লৱলৈকো অৱদান আছিল। মুঠ কথাত ক’বলৈ গ’লে নিউটন আছিল নতুন যুগ সৃষ্টি কৰা এক নতুন পুৰুষ।

বিজ্ঞানৰ লগতে সমগ্ৰ পৃথিৱীৰ অর্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত বিপ্লৱ সৃষ্টি কৰা আন এক যান্ত্রিক আৱিস্কাৰ হ’ল ষ্টীম বা বাষ্প-চালিত ইঞ্জিন (Steam Engine)। ষ্টীম ইঞ্জিন উদ্ভৱ হোৱাৰ কাৰণ আছিল বহুতো। প্রকৃততে পোন্ধৰ শতিকাৰ পৰাই এই আৱিস্কাৰৰ যো-জা চলিছিল বুলিব পাৰি। পোন্ধৰ শতিকাতে পূব আৰু পশ্চিমৰ মাজত বেহা-বেপাৰৰ মাত্রা বৃদ্ধি হৈছিল। এই বাণিজ্যত ৰূপৰ মুদ্রা ব্যৱহাৰ কৰা হৈছিল আৰু সেয়েহে ৰূপৰ চাহিদা আছিল অত্যন্ত বেছি। ধাতু খনন-কার্যত মানুহে যথেষ্ট মনোযোগ দিবলৈ ধৰে। ধাতু খান্দিবলৈ আৰম্ভ কৰোতে প্ৰথমতে মাটিৰ তলৰ পানী পাম্পৰ সহায়ত ওপৰলৈ তুলিব লগা হয়। সাধাৰণতে মানুহ বা ঘোঁৰাৰ সহায়ত পাম্প চলোৱা হৈছিল আৰু ইয়াৰ অসুবিধা আছিল বহুতো।

১৬৮৭ খৃষ্টাব্দত নিউটনৰ বিখ্যাত পুথি ‘Principia” প্রকাশ হয়। ইয়াৰ পাছত বিজ্ঞানৰ বিকাশৰ গতি আছিল ধীৰ। “ৰয়েল ছচাইটি” তীব্র অর্থনৈতিক সংকটৰ কবলত পৰিছিল আৰু ছাচাইটিৰ সংগৃহীত যন্ত্ৰ-পাতিত মামৰে ধৰিছিল ।

কিন্তু সমাজ থমকি ৰোৱা নাছিল। কৃষি পদ্ধতিৰ দ্রুত উন্নতি হৈছিল। বেহা-বেপাৰৰ মাত্রা বৃদ্ধি হৈছিল আৰু ধাতুৰ খননপদ্ধতি আৰু পৰিবহনৰ উন্নতি সাধন হৈছিল। এটা পাম্প চলাবলৈ বাষ্পপশক্তি ব্যৱহাৰ কৰা সম্পর্কে বহুলোকে চিন্তা-চৰ্চা আৰম্ভ কৰে। এনে এটা ইঞ্জিনৰ অত্যন্ত কাষ চপা মানুহজন আছিল বয়েলৰ সহকাৰী ডেনিচ পেপিন। বাস্পচালিত ইঞ্জিন এটা নির্মাণ কৰিব পৰা ধন তেখেতে ৰয়েল ছ'চাইটিৰ পৰা সংগ্ৰহ কৰিব নোৱাৰিলে। দাৰিদ্ৰপীড়িত জীৱন কটাই তেখেতৰ মৃত্যু হয় ।

এটা কার্যক্ষম ষ্টীম-ইঞ্জিন প্রথমে নির্মাণ কৰা মানুহজন হ’ল কাপ্টান চেভেৰি (১৬৫০-১৭১৫)। কিন্তু এই ইঞ্জিনৰ ব্যৱহাৰিক অসুবিধা আছিল বহুতো । ১৭০৫ খ্রীষ্টাব্দত পাম্প চলাবলৈ নিউকমেনে প্রথমে ষ্টীম-ইঞ্জিন ব্যৱহাৰ কৰে। অৱশেষত ১৭৬৫ খ্রীষ্টাব্দত জেমচ ৱাটে ষ্টীম-ইঞ্জিনৰ দক্ষতা বৃদ্ধি কৰে। ৱাটৰ ইঞ্জিন প্রথমে কর্নৱালৰ গধুৰ ধাতুৰ খনিত আৰু তাৰ পাছত সমগ্র বৃটেইনৰ বস্ত্ৰ-উদ্যোগত ব্যৱহৃত হৈছিল। অৱশ্যে এই ইঞ্জিনে বহুতো অর্থনৈতিক আৰু যান্ত্রিক বাধা-বিঘিনি অতিক্রম কৰিবলগীয়া হৈছিল। অৱশেষত ই প্ৰতিটো খনি আৰু পণ্য উৎপাদন কৰা জিলা জয় কৰি পেলায় ।

ষ্টীম ইঞ্জিনৰ বৈপ্লবিক প্ৰভাৱ পৰিছিল বৃটেইনৰ বস্ত্ৰ উদ্যোগৰ ওপৰত। এনেকি ১৭১৯ খ্রীষ্টাব্দতে বস্ত্ৰ-উদ্যোগে যন্ত্র ব্যৱহাৰ কৰিবলৈ ধৰিছিল। কিন্তু ১৭৮৫ খ্রীষ্টাব্দতহে কাৰ্টৰাইটে কাপোৰ ববলৈ বাষ্পশক্তি চালিত তাঁত-শাল আৱিস্কাৰ কৰে। লগে লগে দ্রুত গতিত উৎপাদনৰ হাৰ বৃদ্ধি হয়‌। ইয়াৰ সামাজিক আৰু অৰ্থনৈতিক প্ৰভাৱ কেৱল বৃটেইনতে নহয়, সমগ্ৰ পৃথিৱীৰ ওপৰত পৰিবলৈ ধৰে।

বস্ত্ৰ উদ্যোগৰ বিকাশৰ বাবে শ্রমৰ লগতে মূলধনৰো আৱশ্যক। নতুনকৈ আৱিস্কৃত হোৱা দেশসমূহত দাসশ্ৰমৰ সহায়ত খনি আৰু বাগানবোৰৰ পৰা অহা লাভৰ অংশই আৰু তাৰ পাছত ভাৰতবৰ্ষৰ ওপৰত কোনো লুক-ঢাক নোহোৱাকৈ কৰা লুটপাতেই মূলধনৰ যোগান ধৰিছিল। আনহাতে আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ মাটিৰ পৰা উচ্ছেদ হোৱা দুখীয়া কৃষক, তিৰোতা আৰু সৰু ল’ৰা-ছোৱালীয়েই আছিল বস্ত্র উদ্যোগত শ্রমৰ প্রধান উৎস। শ্রমিকৰ কোনো অৰ্থনৈতিক বা সামাজিক নিৰাপত্তা নাছিল নিৰাপত্তা নাছিল আৰু তেওঁলোকক নির্মমভাৱে শোষণ কৰা হৈছিল।

কেঁচামাল আৰু বজাৰৰ সন্ধানৰ ফলতেই সাম্যাজ্যবাদৰ প্ৰসাৰ ঘটে আৰু বিশাল পুঁজিৰ ভাণ্ডাৰ পুঞ্জীভূত কৰিবলৈ বৃটেইন সমর্থ হয়। এই পুঁজিৰ অবিহনে ইংলণ্ডত কেতিয়াও শিল্প-বিপ্লৱ সংঘটিত হ’ব নোৱাৰিলেহেঁতেন। বাষ্প-চালিত ইঞ্জিনৰ বিকাশ ঘটাৰ ফলস্বৰূপে ৰেল-ইঞ্জিন আৰু জাহাজ ইঞ্জিন আৱিস্কৃত হয়। এই দুয়ো আৱিস্কাৰে পৰিবহন আৰু যোগাযোগৰ হাৰ অত্যন্ত দ্রুত গতিত বৃদ্ধি কৰে । ক্ৰমান্বয়ে ষ্টীম ইঞ্জিনৰ প্ৰভাৱ বিজ্ঞানৰ ওপৰত পৰিবলৈ ধৰে। তাপ সম্বন্ধীয় অধ্যয়ন আৰু গৱেষণাৰ মাত্রা বাঢ়িবলৈ ধৰে আৰু ৰামফোর্ড, কাৰ’নই, মেয়েৰ, জুল, হেল্মইল্টজ আদি বিজ্ঞানীয়ে তাপৰ বিষয়ে কৰা গৱেষণাৰ ভিত্তিতেই তাপ-গতি বিজ্ঞানৰ জন্ম হয় । বৰ্ত্তমান পদার্থবিজ্ঞানৰ ই এক প্রধান অংগ।

(পাছৰ অংশ অহা সংখ্যাত প্রকাশ হ’ব)

Share Button
Print Friendly, PDF & Email

No Comments : "যুগান্তকাৰী বৈজ্ঞানিক আৱিষ্কাৰ(দ্বিতীয় অংশ)- (পূৰৱী দেৱী)"

Leave a Comment

Your email address will not be published. Required fields are marked *