যুগান্তকাৰী বৈজ্ঞানিক আৱিষ্কাৰ (তৃতীয় অংশ) (পূৰৱী দেৱী)

ঊনৈশ শতিকাৰ মধ্যভাগৰ সকলোতকৈ গুৰুত্বপূর্ণ আৱিষ্কাৰ আছিল শক্তিৰ সংৰক্ষণৰ নীতি। বিদ্যুৎ আৰু তাপক বিভিন্ন প্ৰকাৰৰ শক্তি বুলি মানুহে তেতিয়াৰ পৰাই গণ্য কৰিবলৈ ধৰিলে। অৱশেষত বিজ্ঞানৰ বহু শাখাৰ মাজত এই নীতিয়ে সমন্বয় স্থাপন কৰিলে।

ষ্টীম-ইঞ্জিনে ৰসায়ন বিজ্ঞানৰ ওপৰতো পৰোক্ষ প্ৰভাৱ পেলাবলৈ ধৰিছিল। কাৰণ নতুন যন্ত্র, বিশেষকৈ খনি আৰু পাছলৈ ৰেল-পথ, জাহাজ আৰু ঘৰ-দুৱাৰ নিৰ্মাণৰ বাবে আৱশ্যকীয় যন্ত্ৰৰ চাহিদা বৃদ্ধি হোৱাৰ লগে-লগে বর্ধিত হাৰত ধাতুৰ প্রয়োজন বৃদ্ধি হৈছিল। ওঠৰ-শতিকাৰ শেষ আৰু উনৈশ শতিকাৰ আৰম্ভণিত বৃহৎ হাৰত লোহা উৎপাদন কৰা হয়। ৰসায়ন বিজ্ঞানৰ ওপৰত ইয়াৰ প্ৰভাৱ আছিল অসীম।

ৰসায়ন বিজ্ঞান হ’ল মানৱ ইতিহাসত এক প্রাচীন বিজ্ঞান। কিন্তু উনৈশ শতিকাতহে ই এক বিজ্ঞানৰূপে প্রতিষ্ঠিত হয়।

কার্বন, চালফাৰ, ফছফৰাছ আৰু সেই পর্যন্ত আৱিষ্কৃত সকলো ধাতুৰ নাম সংগ্ৰহ কৰি বয়েলে এখন তালিকা প্ৰস্তুত কৰে। কিন্তু ৰসায়ন বিজ্ঞান সেই যুগত বিজ্ঞান নহয়, কাৰিকৰী বিদ্যাৰূপেহে পৰিগণিত হৈছিল।

ৰসায়নবিদ্যাৰ গুৰুত্বপূর্ণ বিকাশসাধন কৰা মানুহজন হ'ল জোচেফ প্রিষ্ট্‌লি। ১৭৭৪ খৃষ্টাব্দত তেখেতে অক্সিজেন আৱিষ্কাৰ কৰে। কেৱল সেয়ে নহয়, তেখেতে ইয়াকো প্রমাণ কৰে যে সেউজীয়া গছগছনিয়ে বায়ুৰ পৰা কার্বন-ডাই-অক্সাইড সংগ্ৰহ কৰি অক্সিজেন প্রস্তুত কৰে। অর্থাৎ তেখেতে “কার্বনবৃত্তৰ” (Carbon Cycle) প্রধান অংশটো আৱিষ্কাৰ কৰিছিল। কিন্তু নিজ আৱিষ্কাৰৰ পৰিধিৰ তাৎপর্য তেওঁ উপলদ্ধি কৰিব পৰা নাছিল আৰু এই ঘাটি পূৰাবৰ ভাৰ পৰিছিল অধিক যুক্তিমূলক আৰু শৃংখলাবদ্ধ মগজুৰ অধিকাৰী লেভচিয়েৰৰ ওপৰত।

আগৰে পৰা গুৰিলৈকে লেভচিযেৰৰ কাম আছিল নিখুঁত, সুশৃংখলিত আৰু মাত্রাত্মক। অক্সিজেনৰ আৱিষ্কাৰৰ বাতৰি শুনাৰ লগে লগে তেওঁ ইয়াৰ তাৎপর্য উপলদ্ধি কৰে আৰু দহনৰ বাবে অক্সিজেনেই দায়ী বুলি প্রমাণ কৰে। লেভচিয়েৰৰ মূল অৱদান হ’ল “ভৰৰ সংৰক্ষণৰ নীতি” (বৰ্তমান ই স্কুলীয়া পাঠ্যপুথিৰ বিষয়বস্তু)। এই নীতিৰ সহায়ত ৰাসায়নিক ক্রিয়াক মাত্রাত্মকভাবে প্রকাশ কৰিব পৰা হ’ল আৰু নতুন ৰাসায়নিক ক্রিয়া সম্বন্ধেও ভৱিষ্যৎবাণী কৰিব পৰা গ’ল। ক্ৰমান্বয়ে ৰসায়নবিজ্ঞান উদ্যোগত প্রবেশ কৰিবলৈ ধৰে। ১৭৭৮ খৃষ্টাব্দত চিলিয়ে ক্ল’ৰিন আৱিষ্কাৰ কৰিছিল। লাহে লাহে বস্ত্ৰ-উদ্যোগত বৃহৎ হাৰত ক্ল’ৰিন বিৰঞ্জক ৰূপে ব্যৱহাৰ কৰিবলৈ ধৰা হয়। ১৭৪৬ খৃষ্টাব্দত চালফিউৰিক এচিড আৱিষ্কৃত হয় আৰু ১৭৯০ চনত সাধাৰণ লোণৰ পৰা বৃহৎ হাৰত চ’ডা প্রস্তুত কৰিবলৈ ধৰা হয়।

ইয়াৰ পাছত ৰসায়নবিজ্ঞানত গুৰুত্বপূর্ণ খোজটো পেলোৱা বিজ্ঞানীজন হ’ল ডেলটন। তেখেতৰ পাৰমাণবিকতত্ত্বৰ ভিত্তিতে আধুনিক ৰসায়ন বিজ্ঞান গঢ়ি উঠিছে বুলিলে বৰ বঢ়াই কোৱা নহ’ব ।

পৰমাণুৰ অস্তিত্বৰ ধাৰণা প্রাচীন। গ্ৰীক দার্শনিক ডিমেক্রিটাচ আৰু ভাৰতীয় দার্শনিক কণাদে পৰামাণুৰ ধাৰণা হাজাৰ বছৰৰ আগতেই আমাক দি থৈ গৈছে। বয়েল আৰু নিউটনেও পৰমাণুৰ অস্তিত্বৰ সম্বন্ধে অৱগত আছিল। কিন্তু ডেলটনেহে প্ৰথমে বিভিন্ন গেছত পৰমাণুৰ সম্ভাৱ্য সমানুপাত সমন্ধে চিন্তা কৰে আৰু মন কৰে যে এই তত্ত্বৰ সহায়তে গেছৰ সংযোজনৰ নীতি ব্যাখ্যা কৰিব পৰা যায়। সকলো ৰাসায়নিক যৌগ দুটা, তিনিটা বা চাৰিটা পৰমাণুৰ সংযোজনত গঠন হয়। এই সৰল অনুমানৰ ভিত্তিতে ডেলটনে তেওঁৰ নীতি ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিছিল। ডেলটনক অনুসৰণ কৰিয়েই বৰ্তমান আমি CO2 (কার্বন-ডাই-অক্সাইড), H2O (পানী) আদি ৰাসায়নিক সংকেতবোৰ লিখোঁ।

ডেলটনৰ পৰা আৰু এখোজ আগুৱাই গৈ ১৮১১ চনত এভগেড্রই অণুৰ ধাৰণা প্ৰবৰ্ত্তন কৰে। কিন্তু প্ৰথমতে বিজ্ঞানীসকলে এভাগেড্রৰ প্ৰকল্প নাকচ কৰিছিল। ১৮৬০ চনত কেনিজাৰে ইয়াক পুণৰ ঘোষণা কৰে। অণুত থকা পৰমাণুৰ শুদ্ধ সংখ্যা এভগেড্রৰ প্ৰকল্প অনুসাৰে ঠাৱৰ কৰিব পাৰি।

ওঠৰ আৰু ঊনৈশ শতিকাত, কেৱল ইংলেণ্ডতে নহয়, ফ্রান্স, জার্মানী আদি ইউৰোপৰ আন দেশসমূহতো বস্ত্র, খাদ্য, পানীয়কে আদি কৰি বহুতো সৰু ডাঙৰ উদ্যোগ গঢ়ি উঠিবলৈ ধৰে। এই উদ্যোগসমূহ প্ৰধানকৈ উদ্ভিদ আৰু প্ৰাণীজাত দ্ৰৱ্যৰ ওপৰত নিৰ্ভৰশীল আছিল। সেয়েহে প্রাকৃতিক দ্ৰৱ্যৰ সুযোগ গ্ৰহণৰ আশাত বহু ভূ-বিদ্যামূলক অভিযান চলোৱা হৈছিল। উদ্যোগ বৃদ্ধি হোৱাৰ ফলস্বৰূপে খাদ্য আৰু পানীয়ৰ চাহিদা বৃদ্ধি হোৱাত কৃষিপদ্ধতিৰ উন্নতিকৰণ অত্যাৱশ্যকীয় হৈ পৰে। এই সকলোবোৰ কাৰণতে এই যুগত জীৱবিজ্ঞানৰ উন্নতি হয়।

ৰসায়নৰ দৰে জীৱবিদ্যাও চিকিৎসাবিদ আৰু কৃষিবিদসকলৰ মাজত আৱদ্ধ থকা একপ্রকাৰৰ কাৰিকৰী বিদ্যা। কিন্তু ক্ৰমান্বয়ে জীৱবিদ্যাই জীৱবিজ্ঞানৰূপে স্বীকৃতি লাভ কৰে। জীৱবিদ্যাত বিপ্লৱ সাধনকাৰী অণুবীক্ষণ যন্ত্র সম্ভৱত ১৫৯০ খৃষ্টাব্দত জেনচেন ভ্রাতৃদ্বয়ে হলেণ্ডত আৱিষ্কাৰ কৰিছিল। লিউৱেনহ’ক-এ (১৬৩২-১৭২৩) অণুবীক্ষণৰ সহায়ত শুক্ৰকীট আৰু সম্ভৱত বেকটেৰীয়াও আৱিষ্কাৰ কৰিছিল। কিন্তু ওঠৰ-ঊনৈশ শতিকা পর্যন্ত অণুবীক্ষণ যন্ত্ৰৰ সদ্‌ব্যৱহাৰ হৈছিল বুলিব নোৱাৰি। প্রথমে বিছাই (১৭৭১-১৮০২) অণুবীক্ষণ যন্ত্রৰ সহায়ত বিভিন্ন টিছুৰ মাজত থকা পার্থক্য ধৰা পেলাইছিল। ১৮২৭ চনৰ পাছৰে পৰা এমিচি আৱিষ্কৃত অবর্ণ অণুবীক্ষণ যন্ত্র প্রাণী আৰু উদ্ভিদ কোষ অধ্যয়ন কৰিবলৈ ব্যৱহাৰ কৰা হয়।

কিন্তু ক’বলৈ গ'লে ১৮৬৫ খৃষ্টাব্দত পেচটিউৰেহে অণুবীক্ষণ যন্ত্ৰৰ সদ্‌ব্যৱহাৰ কৰি বিজ্ঞানসন্মত চিকিৎসাবিদ্যাৰ ভেটি স্থাপন কৰে। পেচটিউৰে লক্ষ্য কৰিছিল যে কিন্বন পদ্ধতিৰ (Fermentation) সহায়ত বীয়েৰ বা ভিনেগাৰ প্ৰস্তুত কৰোঁতে কেতিয়াবা ব্যাখ্যাহীন কাৰণত বীয়েৰ নষ্ট হয়। ইয়াৰ একো ব্যাখ্যা দিব নোৱাৰি তেখেতে অণুবীক্ষণ যন্ত্র ব্যৱহাৰ কৰে আৰু অনুধাৱন কৰে যে ইয়াৰ মূল কাৰণ কিছুমান সূক্ষ্ম কোষৰ ক্রিয়া-কলাপহে মাথোন। অর্থাৎ তেখেতে আমাৰ জ্ঞাত জীৱাণুসম্বন্ধে অধ্যয়ন কৰে। তেখেতে ইয়াকো প্রমাণ কৰে যে বায়ুত থকা অদৃশ্য “microbes”-সমূহৰ সংস্পৰ্শলৈ নহাকৈ ৰাখিব পাৰিলে প্ৰাণী বা উদ্ভিদজাত সামগ্ৰী পচন নোহোৱাকৈ বহুদিন ধৰি ৰাখিব পৰা যায় ।

১৮১০ চনতেই এপেয়াৰে কাঁচৰ বটলত খাদ্য উতলাই লোৱাৰ পাচত টানকৈ সাঁফৰ মাৰি খাদ্য সংৰক্ষণ কৰাৰ পদ্ধতি আবিষ্কাৰ কৰিছিল। ই এক সফল পদ্ধতি বুলি শিক্ষিত মহলক পতিয়ন নিয়াবলৈ পেচটিউৰ সমৰ্থ হয়। ইয়েই “কেনিং” উদ্যাগৰ ভিত্তি।

কেৱল সেয়ে নহয়, পাটপলুৰ বেমাৰৰ বিষয়ে কৰা গৱেষণাৰ ভিত্তিতে তেখেতে এই বোমাৰৰ কাৰণ বীজাণুহে বুলি প্রমাণ কৰিছিল। অৱশ্যে বীজাণুৰ ধাৰণা একো নতুন ধাৰণা নাছিল। এই ধাৰণা আছিল এক প্রাচীন ধাৰণা। বাস্তৱিকতে ১৭৯৬ খৃষ্টাব্দতে জেনাৰে বসন্ত ৰোগৰ প্ৰতিষেধক প্রথমবাৰৰ বাবে সচেতনভাবে প্রয়োগ কৰি সফল হৈছিল। কিন্তু এই সূক্ষ্ম বীজাণুবোৰৰ বিপক্ষে দিয়া যুদ্ধৰ প্রধান নেতা আছিল পেচটিউৰ। কাৰণ সেই যুগৰ প্ৰায় সমগ্র বৃত্তিধাৰী চিকিৎসাবিদে তেখেতৰ ধাৰণা নাকচ কৰিছিল। কিন্তু ৰসায়নবিদ, ঔদ্যোগিক উপদেষ্টা আৰু পটপলুৰ ৰোগ জয় কৰাৰ পাছত তেখেতৰ খ্যাতি দেশে-বিদেশে বিয়পি পৰে। ইয়াৰ পাছতহে তেখেতে বৰ্তমান আমি বীজাণু-শূন্যৰ (disinfection) বাবে ল’ব লগা প্রাথমিক সাৱধানতা ৰূপে গণ্য কৰা ব্যৱস্থা ল’বলৈ সকলো চিকিৎসাকেন্দ্রৰ কৰ্তৃপক্ষক ৰাজী কৰাবলৈ সক্ষম হয়।

অৱশ্যে উনৈশ শতিকাত কেৱল জীববিদ্যাতে নহয়, সমগ্র ধর্মীয়, সামাজিক আৰু দার্শনিক পৃথিৱীত আলোড়ন সৃষ্টিকাৰী যুগান্তকাৰী পুথি হ’ল চাৰ্লচ ডাৰউইনৰ "Origin of species"। এই পুথিত ডাৰউইনে “ক্রমবিকাশ তত্ত্ব” প্রকাশ কৰে।

১৮৩১ খৃষ্টাব্দত ডাৰউইনে Captain Fitz Roy পৰিচালিত “Beagle” জাহাজত দক্ষিণ আমেৰিকাত অভিযান চলাবলৈ যায়। তেখেতক প্রকৃতিবিদ হিচাপে কেপ্টেনে নিজৰ সহযাত্ৰী ৰূপে নিবলৈ সন্মত হৈছিল। এই অভিযানে ডাৰউইনক পৃথিৱী পৰিভ্ৰমণ কৰাৰ সুযোগ দিয়াৰ উপৰিও বিভিন্ন দেশৰ প্ৰাণী আৰু উদ্ভিদ সম্বন্ধীয় জ্ঞান সংগ্ৰহৰ সুযোগ দিয়ে। গালাপাগোচৰ দৰে দ্বীপসমূহত কিছুমান বিৰল প্রাণী আৰু বিৰল প্রজাতি অধ্যয়ন কৰিবলৈ আৰম্ভ কৰোঁতে তেখেতে অনুভৱ কৰে যে মূল ভূ-ভাগৰ প্ৰাণীবোৰেই এনে প্রজাতিৰ উপৰিপুৰুষ আৰু কেনেবাকৈ এইবোৰৰ ভিন্ন ধৰনে বিকাশ হ’ল। এতিয়া প্রশ্ন হ’ল কিয় আৰু কেনেকৈ? বহু ধৰণৰ প্রাণী আৰু উদ্ভিদ নিৰীক্ষণ কৰি বহু প্রমাণ সংগ্রহ কৰাৰ পাছত তেখেত এই সিদ্ধান্তত উপনীত হয় যে পৰিবেশৰ লগত খাপ খুৱাবৰ বাবে কৰা অহৰহ সংগ্রামৰ ফলস্বৰূপেই স্বকীয় গুণ প্রাণী বা উদ্ভিদে অৰ্জন কৰে আৰু এই গুণসমূহ বংশানুক্রমে বাগৰি আহি বিভিন্ন প্রজাতিৰ সৃষ্টি হ’ব পাৰে। ‌উন্নত জাতৰ গৰু, ভেড়া আদিৰ প্রজননৰ বাবে মানুহে সাধাৰণতে “কৃত্রিম প্রজনন” বা “কৃত্রিম নিৰ্বাচন” পদ্ধতি ব্যৱহাৰ কৰে। এনেধৰণে প্রজনন কৰা প্রাণীবোৰতো ডাৰউইনে বহু ধৰনৰ পৰিৱর্তন লক্ষ্য কৰিছিল। সেয়েহে তেখেতে এই মত প্রকাশ কৰিছিল যে প্রকৃতিয়ে “প্রাকৃতিক নিৰ্বাচন”  অনুসৰি বিভিন্ন জাতি-প্রজাতিৰ সৃষ্টি কৰে আৰু সর্বোৎকৃষ্ট প্রজাতিসমূহেই অস্তিত্ব ৰক্ষা কৰিব পাৰে। ইয়েই হ’ল “ক্রমবিকাশৰ তত্ত্ব”।

(পাছৰ অংশ অহা সংখ্যাত প্রকাশ হ’ব)

Share Button
Print Friendly, PDF & Email

No Comments : "যুগান্তকাৰী বৈজ্ঞানিক আৱিষ্কাৰ (তৃতীয় অংশ) (পূৰৱী দেৱী)"

Leave a Comment

Your email address will not be published. Required fields are marked *