যুগান্তকাৰী বৈজ্ঞানিক আৱিষ্কাৰ(প্রথম অংশ) - (পূৰৱী দেৱী)

 

আধুনিক যুগত  চিকিৎসা, যোগাযোগ, পৰিবহণকে আদি কৰি দৈনন্দিন জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে বিজ্ঞানৰ প্ৰভাৱ অনুভৱ নকৰাকৈ থকাটো অসম্ভৱ। প্রযুক্তিগত আৱিষ্কাৰসমূহৰ চমৎকাৰিতাই আমাক মুগ্ধ কৰাটো একো আচৰিত নহয়। কিন্তু আমি পাহৰি যোৱা উচিত নহয় যে বিজ্ঞানৰ এনেবোৰ আৱিষ্কাৰৰ অন্তৰালত আছে মানৱ ইতিহাসৰ আৰম্ভণিৰেপৰা বর্তমান যুগ পর্যন্ত শতাব্দীজুৰি শত-সহস্র মানুহে কৰা প্রণালীবদ্ধ নিৰীক্ষণ, পৰীক্ষা, চিন্তা আৰু ঐকান্তিক বৌদ্ধিক প্রচেষ্টা।

ইতিহাসৰ প্রতিটো স্তৰতে বিজ্ঞান আৰু সমাজৰ মাজৰ ক্রিয়া-প্রতিক্রিয়া অবিৰাম আৰু জটিল। এই পাৰস্পৰিক ক্রিয়াৰ বাবেই বিজ্ঞানে সমাজৰ ওপৰত আৰু সমাজে বিজ্ঞানৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। সকলো আৱিষ্কাৰেই সমাজৰ কাৰণে মূল্যৱান। কিন্তু বিজ্ঞানৰ কিছুমান আৱিষ্কাৰক যুগান্তকাৰী বা বৈপ্লৱিক বুলিব পাৰি। কাৰণ এনেবোৰ আৱিষ্কাৰে সমাজৰ উৎপাদনৰ উপায় সলনি কৰে আৰু সমাজৰ ভাবধাৰা আৰু মূল্যবোধৰ ৰূপান্তৰ সাধি মানৱ সমাজৰ আৰ্থিক, সামাজিক আৰু বৌদ্ধিক পৰিৱর্তন সাধন কৰে।

মানৱ সমাজৰ কাহিলি পুৱাতে মানুহে কৰা এনে এটা আৱিষ্কাৰ আছিল জুই। কাৰণ জুইৰ আৱিষ্কাৰে মানুহক পশুৰপৰা মানুহৰ শাৰীলৈ তুলিলে বুলিব পাৰি। অৱশ্যে জুইৰ আৱিষ্কাৰৰ বহু আগতেই অস্ত্ৰৰূপে মানুহে শিল ব্যৱহাৰ কৰিছিল।

মানুহেনো কেনেকৈ জুইৰ আৱিষ্কাৰ কৰিলে আৰু জুইক পোহ মনাবলৈ সাহস কৰিলে এতিয়াও ক’ব নোৱাৰি। সাম্প্রতিক কালত হোৱা এটা গৱেষণাৰপৰা হার্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ৰিচাৰ্ড ৱাংহামে প্রায় ১.৯ নিযুত বছৰৰ আগতেই মানুহে সিজোৱা বস্তু খাবলৈ আৰম্ভ কৰিছিল বুলি ক’ব খোজে। মানৱ জাতিক পশুৰপৰা মানুহৰ শাৰীলৈ উন্নত কৰাৰ মূলতে জুই। কাৰণ সেই সময়ৰপৰায়েই মানুহৰ লাওখোলাৰ আকৃতি বাঢ়িবলৈ ধৰা লক্ষ্য কৰা যায়। অৱশ্যে এই বিষয়ে মতভেদ বহুত। জুইক কেন্দ্ৰ কৰি গঢ়ি উঠা সার্বজনীন অতিকথা আৰু কিংবদন্তিবোৰৰপৰা অনুমান কৰিব পাৰি যে জুইক সংৰক্ষণ আৰু পোহ-পালন কৰাটো এটা অত্যন্ত ভীতিকৰ, বিপজ্জনক আৰু কঠিন কাম আছিল।

জুইৰ আৱিষ্কাৰৰ লগে লগে মানুহে সভ্যতাৰ পথত প্রথম খোজটো পেলাইছিল। আকস্মিকভাৱে কৰা জুইৰ ব্যৱহাৰৰপৰায়েই পিছলৈ মৃৎশিল্প আৰু ধাতু-বিদ্যাত সু-নিয়ন্ত্রিত জুই ব্যৱহাৰ কৰিবলৈ মানুহে শিকিলে। জুইত মাংস বা আলু পুৰিবলৈ সহজ। কিন্তু জুইৰ ওপৰত খাদ্য সিজাবলৈ পানীয়ে তিয়াব নোৱৰা পাত্ৰৰ আৱশ্যক। এই সমস্যা সমাধান কৰিবলৈ গৈ মানুহ আৰু এখোজ আগুৱাই গ’ল।

জুইৰ পাছত হোৱা যুগান্তকাৰী আৱিষ্কাৰ কৃষি-কাৰ্য বুলি ইতিহাসবিদসকলে ক’ব খোজে । কাৰণ প্রায় আঠ হাজাৰ বছৰৰ আগতে খাদ্য উৎপাদনৰ ক্ষেত্ৰত হোৱা এই বিজ্ঞান বিপ্লৱে মানুহৰ সমগ্র বস্তুগত আৰু সামাজিক জীৱনৰ ধৰণ-কৰণ সলনি কৰি পেলায়।

সমাজজীৱনৰ চাহিদা পূৰণৰ খাতিৰতে প্ৰতিটো গুৰুত্বপূর্ণ আৱিষ্কাৰ হয়। কৃষিও তাৰ ব্যতিক্ৰম নহয়। প্রত্নপ্ৰস্তৰ যুগৰ প্ৰয়োগ কৌশল আৰু সামাজিক অগ্রগতি চমৎকাৰ আছিল বুলিব পাৰি। এই যুগছোৱাৰ কাল অতিপাত দীঘলীয়া আৰু এই সময়ৰ ভিতৰতে শিলৰ অস্ত্ৰ, সা-সঁজুলি আৰু জুইৰ ব্যৱহাৰ কৰি বহু দূৰ পর্যন্ত প্রকৃতিক নিয়ন্ত্ৰণ কৰিবলৈ মানুহ সমর্থ হৈছিল। অস্ত্ৰ আৰু সা-সঁজুলি সাজিবলৈ ধৰাৰ লগে লগেই বলবিদ্যা আৰু পদার্থবিজ্ঞানৰ ভেটি স্থাপন হৈছিল। জুইৰ ব্যৱহাৰ আছিল ৰসায়ন বিজ্ঞানৰ আদি ৰূপ।

তদুপৰি প্ৰাণী আৰু উদ্ভিদ সম্বন্ধীয় বহু জ্ঞান অর্জন কৰি এই যুগতে মানুহে জীৱ-বিজ্ঞানৰ ভেটি স্থাপন কৰিছিল। ছালৰ হলৌ-চোলা তেওঁলোকে চিলাব জানিছিল আৰু ইয়েই আছিল বয়ন শিল্পৰ সূত্রপাত।

সাংস্কৃতিক ক্ষেত্রতো মানুহ পিছ পৰি থকা নাছিল। পৃথিৱীৰ বিভিন্ন স্থানত সিঁচৰতি হৈ থকা গুহা-চিত্ৰবোৰে আমাক এতিয়াও মুগ্ধ কৰে। এনে এটা গুহা-চিত্ৰ দেখি বিখ্যাত চিত্ৰ-শিল্পী পিকাছোৱে মন্তব্য দিছিল—“We have discovered nothing”। টোটেম আৰু ইন্দ্ৰজালমূলক (মেজিক) আচাৰ-অনুষ্ঠান এই যুগতে আৰম্ভ হয়। আমাৰ বৰ্তমান আচাৰ-অনুষ্ঠানৰ মাজতো সেই যুগৰ বহু টোটেমৰ আভাস আমি বিচাৰি উলিয়াব পাৰো। ইন্দ্রজালমূলক বহু আচাৰ-নীতি পালন কৰি সমাজৰ ঐতিহ্য ৰক্ষা কৰিবলৈকো মানুহ সমর্থ হৈছিল।

কিন্তু তথাপিও মানুহ আছিল চিকাৰী আৰু অঘৰী। অর্থাৎ মানুহ আছিল প্রকৃতিৰ দাস। বংশবৃদ্ধিৰ হাৰ বাঢ়ি যোৱাৰ লগে লগে অধিক হাৰত পশু চিকাৰ কৰিবলৈ মানুহ নিশ্চয় বাধ্য হৈছিল। তদুপৰি লাহে লাহে জলবায়ুৰ পৰিৱৰ্তন হৈছিল বুলি ভূ-তাত্ত্বিক আৰু পুৰা-তাত্ত্বিক অধ্যয়নৰপৰা জানিব পৰা গৈছে। সেয়েহে জীৱিকাৰ উপায় সলনি কৰিবলৈ মানুহ বাধ্য হয় আৰু পৰিণাম স্বৰূপে কৃষিৰ আৱিষ্কাৰ হয়।

ইতিহাসবিদসকলে কৃষিৰ আৱিষ্কাৰ আৰু তাৰ যথাযথ উৎস সম্বন্ধে মাথোঁ অনুমানহে কৰে আৰু সম্ভৱতঃ এই ৰহস্য সমাধান কৰিবলৈ বহু দিন লাগিব। কৃষি-কাৰ্যত ব্যৱহাৰ কৰা প্রাণী আৰু উদ্ভিদবোৰ বৰ সীমাবদ্ধ। যেনে গুটি খাব পৰা ঘাঁহ আৰু শিং থকা পশু। সেয়েহে ইতিহাসবিদে নদীকাষৰীয়া সীমিত এলেকাত আৰু সম্ভৱতঃ প্রথমে মধ্যপ্রাচ্যত কৃষি আৰম্ভ হৈছিল বুলি ক’ব খোজে। সাম্প্রতিক কালৰ এক পুৰাতাত্ত্বিক গৱেষণাই এই মত সমর্থন কৰিলেও এই বিষয়েও মতভেদ আছে। তদুপৰি কৃষিৰ লগত পশুপালন সদায়েই অনুষংগী আছিল নে নাই তাকো খাটাংকৈ ক'ব নোৱাৰি। প্রত্নপ্ৰস্তৰ যুগতেই মানুহে কুকুৰ পোহ মনাইছিল বুলি আমি জানো। কিন্তু ৰাহি-শস্য বা জাবৰ-জোঁথৰ খাবলৈ দি নৱপ্ৰস্তৰ যুগৰ মানুহে অধিক পশু পোহ মনাবলৈ সক্ষম হৈছিল।

প্রথমে নিশ্চয় মানুহে অকণমান মাটি মোকলাই খেতি কৰিছিল আৰু অলপ দিন খেতি কৰাৰ পাছত সেই স্থান পৰিত্যাগ কৰিছিল। অর্থাৎ ই আছিল এক প্ৰকাৰৰ ঝুম খেতি। ১৯৪৭ চনত বোৱা ভাতৃদ্বয়ে লগ পোৱা দক্ষিণ আমেৰিকাৰ চিংগু নদীৰ (Xingu river) তীৰত বাস কৰা আদিবাসীসকলেও ঝুম খেতি কৰা দেখা গৈছিল। এইসকল লোক সেই সময়তো সভ্যতাৰ আদিম স্তৰতে আছিল।

কৃষিৰ উৎস যিয়েই নহওক, মানুহৰ আৰ্থিক, সামাজিক, সাংস্কৃতিক আৰু বৌদ্ধিক জগতত কৃষি-বিপ্লৱৰ প্রভাৱ আছিল সুদূৰপ্ৰসাৰী। কৃষিয়ে মানুহক প্রকৃতিৰ দাসত্বৰপৰা আংশিকভাৱে হ'লেও মুক্ত কৰে আৰু এক উৎপাদনশীল অর্থনীতিৰ অভিমুখে মানুহে প্রথম খোজটো পেলায়। এক সৰু এলেকাত বেছি মানুহক প্রতিপালন কৰিব পৰাৰ কাৰণটো হ’ল কৃষি।

প্রত্নপ্ৰস্তৰ যুগত চিকাৰ আছিল এক ধাৰাবাহিক জীৱিকা৷ তদুপৰি চিকাৰ-সংস্কৃতিৰ যুগত কার্যৰ লগত পৰিণামৰ নিবিড় সম্পর্ক আছিল। মানুহে খাদ্য-সংগ্রহ বা চিকাৰ কৰিছিল আৰু লগে লগে সেই খাদ্য ভক্ষণ কৰিছিল। কিন্তু কৃষি হ'ল এক ঋতু-নিৰ্ভৰ জীৱিকা৷ কামৰ ফল ভোগ কৰিবলৈ মানুহে বহুদিন পর্যন্ত অপেক্ষা কৰিবলগীয়া হৈছিল। সেয়েহে বতৰ আৰু ঋতু পৰিৱর্তন সম্বন্ধীয় জ্ঞান আহৰণ কৰিবলৈ মানুহ বাধ্য হয়। ক’বলৈ গ’লে ইয়েই আছিল সচেতন আৰু যুক্তিমূলক বিজ্ঞানৰ ভেটি। কাৰণ প্রাণী আৰু উদ্ভিদ সংগ্ৰহ কৰাৰ উপৰিও এইবোৰৰ সমগ্ৰ জীৱন-ইতিহাস নিৰীক্ষণ কৰা আৰু পুনৰুৎপাদন সম্পর্কে জ্ঞান সংগ্ৰহ কৰা আৱশ্যকীয় হৈ পৰিছিল।

শস্য উৎপাদন আৰু সেই শস্যৰপৰা খাদ্য প্রস্তুতকৰণ— এই দুয়োটা কামৰ লগত নানানধৰণৰ প্রয়োগ-কৌশল সংশ্লিষ্ট, যেনে– গুটি সিঁচা, হাল বোৱা, শস্য চপোৱা, মৰণা মৰা, সংৰক্ষিত কৰা, গুড়ি কৰা, খাদ্য প্রস্তুত কৰা ইত্যাদি। কৃষিৰ আৱিষ্কাৰেই এনেবোৰ কৌশল আয়ত্ত কৰিবলৈ মানুহক উৎসাহিত কৰে। পশুপালন নিয়মীয়া হোৱাত যথেষ্ট পৰিমাণৰ ঊন-সূতা বা শন-সূতা গোটাবলৈ মানুহ সমর্থ হয় আৰু মানুহে বোৱা-কটা কৰিবলৈ ধৰে। এনে নতুনধৰণৰ কৌশলবোৰে অংকশাস্ত্র আৰু যান্ত্রিক জগতত নতুন ধাৰণাৰ সৃষ্টি কৰে। বয়নৰ কটা-নক্সাৰ আকাৰ বা আৱশ্যকীয় সূতাৰ পৰিমাণৰ লগতে জ্যামিতি আৰু অংকশাস্ত্ৰৰ গভীৰ সম্বন্ধ আছে। সূতা কাটিবলৈকে সম্ভৱতঃ প্রথমে চকা ব্যৱহাৰ কৰা হৈছিল আৰু ইয়াৰপৰায়েই ভৱিষ্যতলৈ পৰিবহণত চকাৰ ব্যৱহাৰ কৰিবলৈ মানুহক উৎসাহিত কৰিছিল। ভৱিষ্যতে চকাই বলবিজ্ঞান, পৰিবহণ আৰু শিল্পত বিপ্লৱৰ সূচনা কৰে।

কৃষিৰ আন এটা পৰিণাম আছিল স্থায়ী বসতি। প্রত্নপ্ৰস্তৰ যুগৰ মানুহেও জুপুৰি সাজিছিল। কিন্তু যথেষ্টসংখ্যক পশু থকা স্থানতহে বসবাস কৰা সম্ভৱ হৈছিল। কৃষিভিত্তিক সমাজ হোৱাৰ লগে লগে স্থায়ী বসতি সার্বজনীন হ’বলৈ ধৰিলে।

খাদ্য প্ৰস্তুত কৰিবলৈ পাত্র অত্যাৱশ্যকীয় হোৱা হেতুকে মৃৎশিল্পৰ বিকাশ হয়। মৃৎশিল্পত নিয়ন্ত্রিত জুইৰ আৱশ্যক। সেয়েহে এই শিল্পই ধাতু নিষ্কাশন কৰিবলৈ মানুহক উৎসাহিত কৰে। ইয়েই ৰসায়ন বিজ্ঞানৰ আৰম্ভণি বুলিব পাৰি।

সাংস্কৃতিক জগতত কৃষিবিপ্লৱৰ প্ৰভাৱ আছিল বিস্ফোৰণজনক। প্রকৃতাৰ্থত সম্পত্তিৰ উদ্ভৱ কৃষিবিপ্লৱৰ ফল। অৱশ্যে প্রথম অৱস্থাত ই আছিল সমূহীয়া সম্পত্তিহে, ব্যক্তিগত সম্পত্তি নহয়। প্রথম অৱস্থাত কৃষিভিত্তিক সমাজত খেতিৰ মাটি, পোহনীয়া জন্তু, ঘৰ, ভঁড়াল ইত্যাদি আছিল কম-বেছি পৰিমাণৰ অস্থাৱৰ সমূহীয়া সম্পত্তি, এইবোৰ পহৰা দিবলৈ আৰু বিতৰণ কৰিবলৈ নতুন উপায়ৰ সন্ধান কৰিব লগা হ’ল। সেয়েহে টোটেম গোষ্ঠীৰ সংগঠনবোৰ অধিক হৈছিল। একে গোষ্ঠীৰ মাজত সম্পত্তি সমভাৱে বিতৰণ কৰি লোৱাটোৱেই নিয়ম আছিল। কিন্তু লাহে লাহে ব্যক্তিয়ে নিজে অর্জন কৰা সম্পত্তিৰ ওপৰত নিজ অধিকাৰৰ দাবীত জোৰ দিবলৈ ধৰাত সম্পত্তিৰ অ-সম বিতৰণ ব্যৱস্থাৰ আৰম্ভ হ'ল। শ্রেণীবিভাজনৰ ইয়েই সূত্রপাত বুলিব পাৰি।

স্থায়ী বসতি সম্ভৱপৰ হোৱাত আৰু গোষ্ঠী-জীৱনৰ প্রয়োজনীয়তা বৃদ্ধি হোৱাৰ ফলস্বৰূপে গ্রাম্য-সংস্কৃতিৰ উদ্ভৱ হয়। সমাজৰ এনেবোৰ পৰিৱর্তনে মানুহৰ মানসিক জগতত প্ৰভাৱ বিস্তাৰ নকৰাকৈ থাকিব নোৱাৰে। সেই যুগৰ আচাৰ-অনুষ্ঠান আৰু অতিকথাসমূহত মানুহৰ মানসিক জগতখনৰ প্রতিফলন দেখিবলৈ পোৱা যায়। তিৰোতা মানুহেই প্রথমে খেতি কৰিবলৈ ধৰিছিল বুলি ইতিহাসবিদসকলে মত প্রকাশ কৰে। কৃষিভিত্তিক সমাজ প্ৰধানকৈ আছিল মাতৃতান্ত্রিক। কৃষিয়েই চিন্তাৰ প্ৰধান বিষয় হোৱাৰ হেতুকে তিৰোতা সংশ্লিষ্ট আৰু উৰ্বৰতামূলক আচাৰ-অনুষ্ঠানবোৰৰ বিকাশ হ'বলৈ ধৰে। নৱপ্ৰস্তৰ যুগৰ মানুহৰ বাবে ঋতু পৰিৱর্তন আৰু বৰষুণ আছিল জীৱন-মৰণৰ কাৰণ। সেয়েহে ইন্দ্ৰজালৰ সহায়ত বৰষুণ দিয়াবলৈ চেষ্টা কৰা সেই যুগৰ বহু আচাৰ-নীতিত পৰিলক্ষিত হয়। নিয়মিতভাৱে বসন্ত উৎসৱ আৰু খেতি চপোৱাৰ উৎসৱ পালন কৰা হয়। এনেবোৰ আচাৰ-নীতি নিয়মীয়াকৈ পালন কৰাৰ খাতিৰতেই আচাৰ-অনুষ্ঠান আৰু ইন্দ্রজালক অধিক নিয়ন্ত্ৰিত কৰাৰ প্রৱণতাই দেখা দিয়ে আৰু ইয়াৰপৰায়েই ধৰ্মৰ উদ্ভৱ হয়।

মুক্ত শুকান স্থানৰ মাজেৰে বৈ যোৱা ডাঙৰ নদীৰ পলসুৱা সমতল ভূমিত খেতি কৰিবলৈ ধৰাৰ লগে লগে মানৱ সমাজত বিপুল পৰিৱর্তনে দেখা দিয়ে। এনেবোৰ স্থানত খাল খান্দিবলৈ আৰু নদীত বান্ধ দিবলৈ সহজ। ইয়েই আছিল জল-সিঞ্চনৰ আৰম্ভণি। জলসিঞ্চনভিত্তিক খেতি কৰিবলৈ কেইবাখনো গাঁও একগোট হোৱাৰ প্রয়োজন। কাৰণ এনে কামৰ বাবে সৰহসংখ্যক মানুহ আৰু সমূহীয়া স্বাৰ্থৰ প্রয়োজন। এনেধৰণৰ খেতি কৰিবলৈ ধৰাত সমাজত উৎপাদনৰ হাৰ বাঢ়িবলৈ ধৰে আৰু উদ্বৃত্ত শস্য আৰু সা-সম্পত্তিৰ উদ্ভৱ হয়।

ক’বলৈ গ’লে, ইয়েই আছিল নগৰ-সভ্যতা গঢ়ি তোলাৰ প্ৰথম চাবি-কাঠি। কাৰণ খাদ্য উৎপাদনত অংশগ্রহণ নকৰা পৰজীৱী নগৰবাসীক যথেষ্ট উদ্বৃত্তৰ অবিহনে ভৰণ-পোষণ দিয়া সম্ভৱ নহয়। সেয়েহে স্বাভাৱিক জলসিঞ্চনৰ সহায়ত খেতি কৰিব পৰা আৰু পানী যোগানৰ ব্যৱস্থা থকা নদী উপত্যকাত সভ্যতা গঢ়ি উঠে। নীল নদীৰ উপত্যকাত ইজিপ্টৰ, সিন্ধু উপত্যকাত ভাৰতবৰ্ষৰ, টাইগ্ৰিছ আৰু ইউফ্রেটিছ উপত্যকাত মেছোপটেমিয়াৰ আৰু হোৱাংহোৰ পাৰত প্রাচীন চীনৰ সভ্যতা এনেদৰেই গঢ়ি উঠিছিল। অৱশ্যে প্রথম নগৰ ক'ত স্থাপন হৈছিল কোৱা টান। জেৰিকোই প্রথম প্রাচীন নগৰ বুলি পুৰাতাত্ত্বিকসকলে ক’ব খোজে। কিন্তু এই কথা সচাঁ যে নগৰ সভ্যতাৰ পৰিণাম আছিল শ্রেণীবিভক্ত সমাজ। শ্রমজীৱীক দমন আৰু শোষণ নকৰাকৈ উদ্বৃত্ত সা-সম্পত্তি সংগ্ৰহ কৰা সহজ নহয়।

এটা ডাঙৰ ঘৰ বা মন্দিৰক কেন্দ্ৰ কৰিয়েই নগৰ গঢ় লৈ উঠিছিল বুলি ইতিহাসবিদসকলে মত প্রকাশ কৰে। সকলো গাঁৱৰ স্থানীয় টোটেম পূর্ব-পুৰুষক দমন কৰা বা তেওঁলোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰা মাত্ৰ এজন দেৱতাক মন্দিৰত পূজা কৰা হৈছিল। এইদৰেই “দেৱতা”-ৰ ধাৰণাৰ উদ্ভৱ হয় আৰু বাস্তৱিকতে নগৰত থকা মন্দিৰৰ তত্ত্বাৱধান কৰিবলৈকে পুৰোহিত শ্রেণীৰ সৃষ্টি হয়। দেৱতাৰ অর্থে উছৰ্গা কৰিবলৈ অনা বস্তুবোৰক গ্ৰহণ কৰা আৰু বিলাই দিয়াৰ ভাৰ পুৰোহিতসকলৰ ওপৰতে পৰিছিল। সেয়েহে তেখেতসকলে হিচাপ-নিকাচ আৰু ওজনৰ মানদণ্ড স্থিৰ কৰিবলৈ বাধ্য হৈছিল। ক’বলৈ গ’লে পুৰোহিত শ্রেণীয়েই সচেতনভাৱে বিজ্ঞান আৰু অংকশাস্ত্ৰ চৰ্চা কৰিবলৈ ধৰিছিল। তেওঁলোকে প্ৰতীকৰ সহায়ত সংখ্যা বুজাবলৈ আৰম্ভ কৰিছিল আৰু চিত্রাংকনৰ সহায়ত লিখিবলৈ আৰম্ভ কৰিছিল।

মন্দিৰ পৰিচালনাৰ বাবে আৱশ্যক হোৱা গণনা আৰু হিচাপ কৰিবলৈ সমর্থ হোৱাৰ পাছত পুৰোহিতসকলে এই বিদ্যা জ্যোতিৰ্বিদ্যাৰ চর্চা আৰু দিন-পঞ্জিকা নির্মাণত প্রয়োগ কৰিছিল। আদিম মানুহেও নিশ্চয় চন্দ্র, সূৰ্য আৰু নক্ষত্ৰৰ প্ৰতি মনোযোগ দিছিল। কিন্তু কৃষিৰ অগ্ৰগতিৰ লগে লগে মাহ নহয়, বছৰহে অধিক গুৰুত্বপূর্ণ হ’বলৈ ধৰিলে। নীল নদীৰ উপত্যকাত হোৱা বানপানী এটা বছৰেকীয়া ঘটনা আৰু ইয়াৰ বাবে আগতীয়াকৈ প্রস্তুত হোৱা আৱশ্যক। এটা বছৰৰ প্ৰকৃত দৈর্ঘ্য হ’ল ৩৬৫.২৪২২...(ই এটা অপৰিমেয় সংখ্যা) আৰু ইয়াক সহজে গণনা কৰি উলিয়াব নোৱাৰি। সেয়েহে কৃষিকাৰ্যৰ প্রয়োজনৰ খাতিৰত ইজিপ্টবাসীয়ে সূৰ্য আৰু নক্ষত্রমণ্ডলীৰ দীঘলীয়া আৰু সতর্ক নিৰীক্ষণৰ সহায়ত খৃঃপূঃ ২৭০০ বছৰত এখন সূৰ্য পঞ্জিকা প্রস্তুত কৰিছিল। সেয়েহে সামগ্রিক দৃষ্টিকোণৰপৰা বিচাৰ কৰি ক’ব পাৰি পাৰি যে কৃষি আছিল এক বৈপ্লৱিক আৱিষ্কাৰ।

নগৰ অভ্যুত্থানৰ প্ৰায় সমসাময়িক এটা ঘটনা হ’ল ধাতুৰ আৱিষ্কাৰ। সভ্যতাৰ বিকাশ আৰু নগৰৰ উৎপত্তিৰ লগে লগে কৃষি-কাৰ্যৰ লগতে যুদ্ধ-বিগ্ৰহৰ মাত্ৰাও বাঢ়িবলৈ ধৰিছিল। ধাতুৰে গঢ়া সঁজুলি শিলতকৈ স্থায়ী; জন্তু বা শত্ৰুৰ বিপক্ষে ধাতুৰ অস্ত্ৰ হ’ল অধিক ফলপ্ৰদ। সম্ভৱতঃ এনেবোৰ প্রয়োজনৰ খাতিৰতে মানুহে ধাতুৰ সন্ধান কৰিবলৈ ধৰিছিল।

প্রকৃতিত ধাতু মুক্ত অৱস্থাত অতি কমেইহে পোৱা যায়। সেয়েহে মানুহে ধাতু-নিষ্কাশন পদ্ধতি কষ্টসাধ্য পৰীক্ষাৰ সহায়ত উদ্ভাৱন কৰিবলগীয়াত পৰিছিল। প্রথমে মানুহে তাম আৱিষ্কাৰ কৰে। কিন্তু তামে সভ্যতাৰ ওপৰত বৰ বিশেষ প্ৰভাৱ পেলাইছিল বুলিব নোৱাৰি।

যুগ পৰিবর্তনকাৰী এটা ধাতু হ’ল লোহা। লোহাৰ অবিহনে আধুনিক সভ্যতা কল্পনাৰো অগোচৰ। ক’বলৈ গ’লে আমি এতিয়াও লৌহ যুগতে বাস কৰিছোঁ।

বহুল পৰিমাণত লোহা ক’ত আৰু কেনেকৈ প্রস্তুত কৰা হৈছিল সেই সম্বন্ধে বহুজনৰ বহু মত। তামৰ নিষ্কাশন পদ্ধতিৰ লগত লো-নিষ্কাশন পদ্ধতিৰ কোনো সম্বন্ধ নাই। সম্ভৱতঃ সেয়েহে লোহা তামতকৈ বহু পিছত আৱিষ্কাৰ হয়। প্রাচীন কালত ব্যৱহাৰ কৰা লোহা হাত-চলিত হাপৰৰ সহায় ফু-দিয়া চুল্লীত লোহাৰ আকৰ কয়লাৰদ্বাৰা নিম্ন উষ্ণতাত বিজাৰণ কৰি প্ৰস্তুত কৰা হৈছিল। এই পদ্ধতি সহজ নহয়। কিন্তু এবাৰ এই পদ্ধতি প্রতিষ্ঠিত কৰিব পাৰিলে লোহা প্ৰস্তুত কৰা তেনেই সহজ। তদুপৰি লোহাৰ আকৰ আৰু কাঠ পৃথিৱীৰ প্ৰায় সকলো দেশতে পোৱা যায়। সেয়েহে অতি শীঘ্ৰে লোহা প্রস্তুতকৰণ পদ্ধতিৰ বিকাশ হ’বলৈ ধৰে।

মানৱ-সভ্যতাৰ ওপৰত লোহাৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী। ইতিমধ্যে সাম্রাজ্য বিস্তাৰৰ হকে যুদ্ধ-বিগ্রহ চলিবলৈ ধৰিছিল। কিন্তু ব্ৰঞ্জৰ যুগৰ অস্ত্র লৌহনির্মিত অস্ত্ৰতকৈ আছিল নিম্নমানৰ। লোহাৰ সহায়ত অধিক উন্নত মানৰ অস্ত্র নির্মাণ কৰা সম্ভৱ হয়। লগতে জাহাজ নির্মাণতো লোহাই যথেষ্ট বৰঙণি আগ বঢ়াবলৈ ধৰে।

লোহা মানৱ-সমাজত পৰিচিত হোৱা আৰু যাযাবৰী জাতি উদ্ভৱ হোৱা দুটা সমকালীন ঘটনা। খ্রীষ্টপূৰ্ব সোতৰ শতিকাৰপৰা ভূমধ্য সাগৰীয় অঞ্চললৈ পূব ইউৰোপ আৰু কাস্পিয়ান অঞ্চলৰপৰা বৰ্বৰ জাতিৰ এটা সোঁত কম-বেছি পৰিমাণে ব’বলৈ আৰম্ভ কৰে। একেইধৰণে এছিয়াতো হিটাইট, স্কাইথিয়ান, পাৰছিয়ান আৰু আৰ্যসকল প্রবেশ কৰিবলৈ ধৰে‍। এইসকল লোক আছিল নিপুণ ঘোঁৰাচালক আৰু নৌ-চালক৷ প্ৰচুৰ পৰিমাণৰ নতুন অস্ত্ৰ-শস্ত্রৰে সজ্জিত যাযাবৰী এই ঘোঁৰা আৰু নৌ-চালকসকলক বাধা দিয়াটো পুৰণা সাম্রাজ্যৰ বাবে কঠিন হৈ পৰে। তদুপৰি এবাৰ স্থায়ী বসতি কৰাৰ পিছত লৌহ যুগৰ মানুহে অধিক কুশলী কৃষক বা বণিক বুলি নিজকে প্রতিপন্ন কৰিব পাৰিছিল। এইসকল লোকেই ভাৰতত আৰ্য-সভ্যতা, পাৰস্যত পাৰছিয়ান-সভ্যতা আৰু গ্ৰীচত গ্ৰীক-সভ্যতা গঢ়ি তুলিছিল।

লোহাৰদ্বাৰা মাথোঁ অস্ত্ৰই নির্মাণ কৰা হোৱা নাছিল। লগতে নির্মাণ কৰা হৈছিল কুঠাৰ, নাঙলৰ ফাল, চকা আৰু জাহাজ। সেয়েহে গভীৰ হাবি চাফা কৰি আৰু অনুৰ্বৰ মাটিত খেতি কৰাটো সম্ভৱ হয়। ইউৰোপৰ হাবিত গম খেতি আৰু ভাৰতীয় নদী উপত্যকাত প্ৰচুৰ পৰিমাণে ধান আৰু যৱ খেতি কৰাটো সম্ভৱপৰ হয় । লগতে প্ৰসাৰ হয় জল আৰু স্থলপথৰ বেহা-বেপাৰ। বেহা-বেপাৰৰ লগতে দ্রুত হাৰত সংস্কৃতিৰ বিস্তাৰ হয়।

বেহা-বেপাৰ বিস্তাৰৰ এক সামাজিক ফল হ’ল ধাতুনির্মিত ধন (মুদ্রা) আৰু ধনৰ লগতে ধাৰ। মুদ্ৰা আৱিষ্কাৰৰ আগতে পণ্যদ্ৰব্যৰ বিনিময়েই আছিল নিয়ম। ধন সকলো পণ্যদ্রব্য মূল্যৰ মাপ-কাঠী হৈ পৰিল আৰু ধনী লোকৰ হাতত ক্ষমতা কেন্দ্রীভূত হ’বলৈ ধৰিলে। দৰিদ্ৰৰ ওপৰত কৰা শোষণৰ মাত্রা বাঢ়িবলৈ ধৰে। গ্ৰীচত দাস-প্ৰথা আৰু ভাৰতত জাতি-ভেদ প্রথা কটকটীয়া হয়। সমাজত নাৰীৰ স্থান নিম্নগামী হোৱাৰ ফলতে গ্ৰীচত নাৰী আৰু দাসৰ মাজত বিশেষ একো প্ৰভেদ নাইকিয়া হৈ পৰিল।

বিজ্ঞানৰ ক্ষেত্ৰত লো-আৱিষ্কাৰৰ এক গুৰুত্বপূর্ণ অৱদান হ’ল বৰ্ণমালাৰ প্ৰচলন। বেহা-বেপাৰ বাঢ়ি অহাৰ লগে লগে লিখন সৰলীকৰণ কৰাৰ আৱশ্যকতাৰ খাতিৰতে বর্ণমালাৰ উদ্ভৱ হয়। ফিনিচিয়ানসকলেই প্ৰথমতে চিত্ৰ-লিপি আৰু ‘কিউনিইফ্যম” সৰলীকৰণ কৰে। বৰ্ণমালাই মাথোঁ পুৰোহিত আৰু আমোলাৰ মাজত আবদ্ধ থকা বৌদ্ধিক পৃথিৱীক প্ৰসাৰিত কৰিবলৈ ধৰে।

কুঠাৰ, হাতুৰী ইত্যাদি হাতলযুক্ত সঁজুলিৰ সংখ্যা বৃদ্ধি আৰু মান-উন্নতকৰণত লোহাই সহায় কৰিবলৈ ধৰে। লগতে কব্‌জা সজাটোও সম্ভৱ হয়। কব্‌জাৰ ফলস্বৰূপে দুটা নতুন সঁজুলিৰ সৃষ্টি হয়। চেপেনা আৰু জ্যামিতিৰ কম্পাছ। বিমূৰ্ত বিজ্ঞানৰ জন্ম লোহা আৱিষ্কাৰৰ এক অৱদান বুলিলে বঢ়াই কোৱা নহ’ব। কাৰণ জ্যামিতিয়েই বিমূৰ্ত অংকশাস্ত্ৰৰ ভেটি স্থাপন কৰে। ব্ৰঞ্জৰ যুগতেই জ্যোতিৰ্বিদ্যা আৰু অংকশাস্ত্ৰৰ যথেষ্ট উন্নতি হৈছিল। সেইখিনি তথ্যৰ ওপৰতে ভিত্তি কৰি পাইথ’গোৰাছ, ইউক্লিড আদি চিন্তাবিদে যুক্তিমূলক জ্যামিতিৰ জন্ম দিয়ে। পাইথ’গোৰাছ, ইউক্লিড, আর্কিমিডিছ, আনাক্সগোৰাছ, ডিমেক্ৰিটাছ, এপিকিউৰাছ আদি গ্রীক মনীষী আৰু আর্যভট, ব্ৰহ্মগুপ্ত, কনাড, ভাস্কৰাচাৰ্য আদি ভাৰতীয় চিন্তাবিদে আগ বঢ়াই থৈ যোৱা চিন্তাধাৰাৰ ওচৰত আধুনিক বিজ্ঞান বহুখিনি ঋণী। বিশুদ্ধ চিন্তাৰ ভিত্তিত ভাস্কৰাচাৰ্যই উদ্ভৱ কৰা শূন্য সংখ্যাটোৰ অবিহনে আধুনিক অংকশাস্ত্ৰ আৰু আধুনিক বিজ্ঞানৰ জন্ম কল্পনাই কৰিব নোৱাৰি।

খ্রীষ্টীয় সাত শতিকাত ইছলাম ধৰ্মৰ অভ্যুত্থান হ’ল বিশ্ব-ইতিহাসৰ এক গুৰুত্বপূর্ণ ঘটনা । ইছলাম ধর্মই আৰবীসকলক একত্ৰিত কৰি এক শক্তিশালী আৰু বিস্তাৰণশীল জাতিলৈ ৰূপান্তৰিত কৰে। আৰৱৰ নৱ-জাগৰণৰ যুগত ধ্রুপদী বিজ্ঞানৰ পুনৰুত্থান হয়। বহু ধ্রুপদী গ্ৰীক আৰু লেটিন পুথি আৰবীসকলে অনুবাদ কৰে। ক’বলৈ গ’লে তেওঁলোকে ধ্রুপদী পশ্চিমীয়া জ্ঞানক নতুন জীৱন দান দিয়ে। আনহাতে, তেওঁলোকে হিন্দু সংখ্যা পদ্ধতি মাথোঁ গ্ৰহণ কৰাই নহয়, পশ্চিমীয়া পৃথিৱীক ইয়াৰ লগত পৰিচয় কৰাই দিয়ে। আৰবসকলে পাটীগণিতক সাধাৰণ মানুহে বুজিব পৰা বিষয় কৰি পেলায়। ভাৰতীয় অংকশাস্ত্রবিদসকলে অজ্ঞাত ৰাশিৰ মান নির্ণয় কৰিবলৈ ব্যৱহাৰ কৰা এধাৰি ৰাশিৰ সমীকৰণৰ পদ্ধতি আৰবসকলে অংকশাস্ত্ৰত অন্তর্ভুক্ত কৰে। ইয়াকেই আমি বীজগণিত বোলো।

এই সকলো দিশৰপৰা বিচাৰ কৰিলে দেখা যায় যে লোহাৰ আৱিষ্কাৰে পৃথিৱীত সামন্ততন্ত্ৰৰ ভেটি কটকটীয়া কৰাৰ লগতে বিজ্ঞান আৰু যান্ত্রিক কৌশলৰ বিকাশ সম্ভৱপৰ কৰি তোলে।

মধ্যযুগত বিকশিত হোৱা কেইপদমান যান্ত্রিক কৌশলে কেৱল পশ্চিমীয়া জগতকে নহয়, সমগ্র পৃথিৱীক পৰিৱর্তন কৰিলে বুলি ক’ব পৰা যায়। এই কৌশলসমূহ হ’ল – পানী আৰু বায়ুচালিত জাত-কল, ঘড়ী, নৌ-কম্পাছ, দিক-নিৰ্ণায়ক যন্ত্র, খাৰ-বাৰুদ, কাগজ আৰু ছপাশাল। সামন্তবাদী ইউৰোপত এই কৌশলসমূহৰ বিকাশ হোৱা নাছিল। ইয়াৰ বেছিভাগেই পূৰ্বৰপৰা আৰু সৰহসংখ্যকেই আহিছিল চীন দেশৰপৰা।

পানী আৰু বায়ুচালিত জাত-কলসমূহ আছিল পশ্চিমীয়া মধ্যযুগীয় অর্থনীতিৰ এক অপৰিহার্য অংগ৷ জাত-কলৰ সহায়ত শস্য খুন্দিবলৈ ধৰাৰ লগে লগে শক্তিৰ সাধাৰণ ব্যৱহাৰৰ এখন দুৱাৰ মুকলি হৈছিল। তদুপৰি জাত-কলবোৰ তৈয়াৰ আৰু মেৰামতি কৰিব পৰা একশ্রেণী লোকৰ জন্মদাতা হ’ল এই যান্ত্রিক কৌশল। “গিয়েৰ” প্ৰস্তুত কৰা, পানী-দুৱাৰ আৰু বান্ধ সজা আৰু পৰিচালনা কৰিব পৰা এই “মেকানিক”-সকলেই আছিল আধুনিক অভিযন্তাৰ পূৰ্বপুৰুষ।

আধুনিক যন্ত্রচালিত ঘড়ীৰ বিকাশতো এই “মেকানিক”সকলৰ অৰিহণা আছে। যান্ত্রিক জগতত ঘড়ীৰ গুৰুত্ব অতি গভীৰ। কাৰণ স্ব-চালিত আৰু স্ব-নিয়ন্ত্রিত ঘড়ীয়েই হ’ল সকলো আধুনিক স্বয়ংক্রিয় যন্ত্রৰ আদিৰূপ।

ঘড়ীৰ দৰে আন এক গুৰুত্বপূৰ্ণ বৈজ্ঞানিক আৱিষ্কাৰ হ’ল নৌ-কম্পাছ। নৌ-কম্পাছে দিক্‌নির্ণয়ত সহায় কৰি সমুদ্ৰ-যাত্রা সহজ কৰিবলৈ ধৰে আৰু ইয়াৰ ফলস্বৰূপেই পাছলৈ নতুন এখন পৃথিৱী “আমেৰিকা” ইউৰোপবাসীয়ে আৱিষ্কাৰ কৰে। বিশ্ব ইতিহাসত আমেৰিকা আৱিষ্কাৰৰ গুৰুত্ব সম্ভৱতঃ সকলোৱেই উপলব্ধি কৰিব।

মাথোঁ সেয়ে নহয়। চুম্বকৰ আকৰ্ষণ শক্তিয়ে চুম্বকৰ ধৰ্ম ব্যাখ্যা কৰিবলৈ বিজ্ঞানক আহ্বান জনালে আৰু ক’বলৈ গ’লে আধুনিক বিজ্ঞানৰ এইখিনিতেই আৰম্ভ হ’বলৈ ধৰে।

বিজ্ঞান জগতৰ লগতে সমগ্ৰ বিশ্বৰ অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত বিপুল পৰিৱর্তন সাধন কৰা এক ধ্বংসকাৰী উদ্ভাৱন হ’ল খাৰ-বাৰুদ৷ খাৰ-বাৰুদ সম্ভৱতঃ প্ৰথমতে উদ্ভাৱন হৈছিল চীন দেশত। মধ্যযুগতেহে পশ্চিমত ইয়াৰ ব্যৱহাৰ হ’বলৈ ধৰে। সামৰিক ক্ষেত্ৰৰ লগতে সমুদ্র যাত্ৰাৰ ক্ষেত্ৰতো খাৰ-বাৰুদৰ গুৰুত্ব আছিল অসীম। নতুন জ্যোতিৰ্বিজ্ঞান আৰু কম্পাছে দিক্‌নির্ণয়ত সহায় কৰা জাহাজসমূহত খাপ খুৱাই লোৱা হিলৈৰ সহায়ত ইউৰোপবাসীয়ে মধ্যযুগৰপৰা কুৰি শতিকাৰ মাজভাগ পর্যন্ত সমুদ্র পথত নিজৰ প্ৰতিপত্তি দাবী কৰিবলৈ সমর্থ হয়। মূলতঃ সাংস্কৃতিক আৰু সামৰিক ক্ষেত্ৰত কোনোগুণেই হীন নোহোৱা জাতিসমূহক খাৰ-বাৰুদৰ জোৰতে ইউৰোপীয়সকলে দমন আৰু শোষণ কৰিবলৈ ধৰে। অতি শীঘ্ৰে তেওঁলোকে পৃথিৱীৰ একাংশ সম্পদ নিজ অধিকাৰলৈ আনিবলৈ সক্ষম হয় আৰু শিল্প-বিপ্লৱক বিত্তৰ যোগান দিব পৰা বিপুল ধনৰাশি পুঞ্জীভূত কৰে। বিজ্ঞানৰ ওপৰত খাৰ-বাৰুদে পেলোৱা প্ৰভাৱে যন্ত্র-যুগৰ পাতনি মেলে।

কিন্তু মধ্যযুগীয় ইউৰোপলৈ চীন দেশৰপৰা আমদানি কৰা যান্ত্রিক কৌশল কাগজ আৰু ছপাশালে পৃথিৱীত বিপ্লৱৰ পাতনি মেলে বুলিলে বঢ়াই কোৱা নহ’ব।

সস্তীয়া কাগজ আৰু ছপাশালৰ প্ৰচলনে মাথোঁ পুৰোহিত আৰু আমোলা শ্রেণীৰ মাজতে আবদ্ধ থকা শিক্ষাক অৱশেষত জনসাধাৰণৰ মাজত বিস্তাৰ কৰাৰ পথ মুকলি কৰিবলৈ ধৰে। পুৰোহিত আৰু আমোলা শ্রেণীৰ মাজত আবদ্ধ থকা শিক্ষাক জনসাধাৰণৰ মাজত বিস্তাৰ হোৱাৰ কাৰণ হ’ল কাগজ আৰু ছপাশাল। খ্রীষ্ট ধর্মৰ পুথি “বাইবেল” লেটিনৰপৰা প্রথমে জার্মান আৰু তাৰ পাছত ইংৰাজীলৈ অনূদিত হয়। মাথোঁ গির্জাৰ সীমা চেৰাই আহি সাধাৰণ মানুহ, বিশেষকৈ মধ্যবিত্তৰ মাজত প্রবেশ কৰে। এই ঘটনাৰ ফলস্বৰূপেই খ্রীষ্ট ধৰ্মৰ সংস্কাৰবাদী আন্দোলনৰ (Reformation) আৰম্ভ হয়।

বহুতো যান্ত্রিক কৌশলৰ লিখিত বিৱৰণ ছপা আকাৰত উলিয়াব পৰা ছপাশাল যান্ত্ৰিক আৰু বৈজ্ঞানিক পৰিৱৰ্তনৰ মাধ্যম হৈ পৰে। মধ্যযুগীয় অর্থনৈতিক আৰু বৌদ্ধিক জগত ছপাশালে ওলট-পালট কৰিবলৈ আৰম্ভ কৰে।

উপৰিউক্ত যান্ত্রিক কৌশলসমূহে ক্ৰমান্বয়ে সমাজত পেলোৱা প্ৰভাৱৰ ফলত চহৰ, বাণিজ্য আৰু শিল্পৰ গতি খৰতকীয়া হয়। যান্ত্রিক কৌশল আৰু পৰিবহণ ব্যৱস্থা উন্নত হোৱাৰ বাবে লগতে বজাৰৰ সংখ্যা যথেষ্ট বৃদ্ধি হোৱাৰ ফলত বিক্ৰী কৰিব পৰা পণ্য-সামগ্ৰীৰ উৎপাদনো বৃদ্ধি হয়। বিশেষকৈ ভূমধ্য সাগৰীয় পথেৰে কৰা ব্যৱসায়ৰ সহায়ত ইটালিয়ে বিপুল ধন-ঐশ্বৰ্য সংগ্ৰহ কৰিবলৈ ধৰে। সমাজ-বিকাশৰ এই খৰতকীয়া গতিৰ লগত সামন্ততান্ত্রিক অর্থনীতিয়ে তাল মিলাব নোৱৰা হয় আৰু সামন্তবাদী সমাজ সেৱাভিত্তিক অর্থনীতিৰ স্থান ক্রমান্বয়ে ধনতান্ত্রিক মুদ্রাভিত্তিক অর্থনীতিয়ে দখল কৰিবলৈ ধৰে। আনহাতে, পানী-পাম্প, জাত-কল, ঘড়ী, ঘোঁৰাৰ জোত-জৰী, কাগজ, ছপাশাল, লেনছ, চছমা ইত্যাদি নির্মাণ আৰু মেৰামতি কৰা কাৰিকৰৰ সংখ্যা বৃদ্ধি হয়। ইউৰোপত নৱজাগৰণৰ সূচনা হয়।

১৪৫০-১৬৯০ এই যুগটো হ’ল ইউৰোপত নৱজাগৰণৰ যুগ। অৱশ্যে এই পৰিৱর্তন আছিল অতি ধীৰ আৰু অসমান। ইটালিত তেৰ শতিকাতে ই আৰম্ভ হৈছিল। তাৰ পাছত জার্মানি আৰু ফ্রান্সৰ চহৰত আৰু অৱশেষত ইংলেণ্ডত ইয়াৰ সূচনা হয়। অতি তীব্ৰ ৰাজনৈতিক, ধৰ্মীয় আৰু বৌদ্ধিক সংঘাতৰ পাছত মধ্যবিত্ত শ্রেণীয়ে ধনতান্ত্রিক ব্যৱস্থা গঢ়ি তুলিবলৈ সমর্থ হয়।

নৱজাগৰণৰ যুগত মানুহৰ প্ৰকৃতি সম্বন্ধীয় অনুসন্ধিৎসা বৃদ্ধি হোৱাৰ উপৰিও প্রকৃতি সম্বন্ধে মানুহে নতুনকৈ চিন্তা কৰিবলৈ ধৰে আৰু বিজ্ঞান চৰ্চাৰ হকে পৰীক্ষা আৰু গণনাক এক নতুন পদ্ধতিৰূপে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। এই ৰূপান্তৰ আছিল অতি জটিল। সেই যুগৰ নৱজাগৰণ বিশ্ব ইতিহাসৰ এক অদ্বিতীয় ঘটনা।

সেই যুগৰ কেইজনমান মনীষীৰ চিন্তাধাৰা আৰু পৰীক্ষা-নিৰীক্ষাই বিজ্ঞান-জগতত বিপ্লৱ সাধন কৰি আধুনিক বিজ্ঞানৰ পাতনি মেলে। তেখেতসকলৰ বিষয়ে আমি থোৰতে আলোচনা কৰিম।

শিল্পী আৰু শিল্পৰ অৰ্থনৈতিক আৰু সামাজিক পদমর্যাদা বৃদ্ধি হোৱাটো আছিল নৱজাগৰণৰ বৈশিষ্ট্য৷ সেয়েহে চিত্র, ভাস্কর্য, স্থাপত্য আদি নৱজাগৰণৰ যুগত ফলে-ফুলে বিকশিত হৈছিল। বিজ্ঞান প্রতিষ্ঠা কৰাত শিল্পীসকলে বহুধৰণে সহায় কৰিছিল। তেখেতসকলে ত্রৈমাত্ৰিক ৰূপত চিত্র অংকন পদ্ধতিৰ বিকাশ কৰিছিল; প্রকৃতিবিজ্ঞান, বিশেষকৈ শৰীৰতত্ত্ব অধ্যয়ন কৰিছিল আৰু অভিযান্ত্রিক কামত নিজকে নিয়োগ কৰিছিল। এই তিনিওটা দিশতে ৰাপ থকা বিশ্ববিখ্যাত ব্যক্তি হ’ল লিওনার্ড দ্য ভিন্সি। শিল্পী আৰু প্রকৃতিবিদ হিচাপে সর্বশ্রেষ্ঠ আছিল যদিও তেখেতে বল-বিজ্ঞান আৰু জলগতি-বিজ্ঞানো অধ্যয়ন কৰিছিল। তেখেতৰ সকলোতকৈ ডাঙৰ প্ৰচেষ্টা আছিল উৰণৰ প্ৰচেষ্টা। অৱশ্যে বেছিভাগ ক্ষেত্ৰতে তেখেত বিফল হৈছিল আৰু যান্ত্রিক কৌশলৰ বিকাশত তেখেতে বিশেষ একো অৰিহণা যোগাব পৰা নাছিল। কাৰণ সেই যুগত তেখেতৰ ধ্যান-ধাৰণা প্রয়োগ কৰিব পৰাকৈ কাৰিকৰী বিদ্যা উন্নত হোৱা নাছিল। কিন্তু প্রকৃতিৰ ক্রিয়া-কলাপৰ যান্ত্রিক বাখ্যা দিব পৰা যায় বুলি তেখেতে দিয়া ধাৰণাই পৃথিৱীৰ পণ্ডিতমহলক মুগ্ধ কৰিছিল।

এই যুগৰ আন এজন বিশ্ববিখ্যাত ব্যক্তি হ’ল খ্ৰীষ্টফাৰ কলম্বাছ। কলম্বাছ বিজ্ঞানী হোৱাৰপৰা আছিল বহু দূৰৈত। আনকি এখন নতুন মহাদেশ আৱিষ্কাৰ কৰিছে বুলিও তেখেতে গম নেপালে। কিন্তু তেখেতৰ দুঃসাহসিক অভিযানৰ অৰ্থনৈতিক ফলাফল আছিল সূদুৰপ্ৰসাৰী। বিজ্ঞানৰ ওপৰত ইয়াৰ গুৰুত্বপূর্ণ প্ৰভাৱ পৰিছিল। কাৰণ নৌ-যাত্ৰাৰ হকে আৱশ্যকীয় যন্ত্ৰ-পাতি নির্মাণ কৰিব পৰা আৰু অংকশাস্ত্ৰত প্রশিক্ষণপ্রাপ্ত একশ্রেণী কাৰিকৰৰ জন্ম হৈছিল, পর্টুগাল, স্পেইন, ইংলেণ্ড আৰু ফ্রান্সত নৌ-যাত্ৰাৰ বিদ্যালয় স্থাপিত হ’বলৈ ধৰিছিল আৰু গ্ৰহ-নক্ষত্ৰ পৰিভ্ৰমণ নিৰীক্ষণৰ নগদ মূল্য বৃদ্ধি হৈছিল।

সেই যুগৰ বিজ্ঞানত বিপ্লৱ সূচনা কৰা মানুহজন হ’ল কপাৰনিকাছ। ১৪৭৩ খ্রীষ্টাব্দত পোলেণ্ডৰ টৰুন চহৰত জন্মগ্রহণ কৰা কপাৰনিকাছে চিকিৎসাবিদ্যা আৰু আইন অধ্যয়ন কৰিছিল যদিও তেখেত আছিল গির্জাৰ পুৰোহিত। জ্যোতিৰ্বিদ্যা অধ্যয়ন কৰি কপাৰনিকাছে পৃথিৱীয়ে নিজ কক্ষত আৱর্তন আৰু সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে বুলি প্রমাণ কৰিছিল। অৱশ্যে কপাৰনিকাছৰ চিন্তাধাৰাৰ প্ৰভাৱ পৰিবলৈ বহু সময়ৰ আৱশ্যক হৈছিল আৰু অতি কম লোকেহে এই তত্ত্ব বিশ্বাস কৰিছিল। কাৰণ তেতিয়া পৃথিৱীকে বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰস্থলী বুলি ইউৰোপত সকলোৱে বিশেষকৈ গির্জাৰ ধৰ্মগুৰুসকলে বিশ্বাস কৰিছিল। এই বিশ্বাসৰ অন্তৰালত থকা গির্জাৰ বিশেষকৈ পোপৰ ন্যস্ত-স্বার্থ সকলোৱে নিশ্চয় উপলব্ধি কৰিব পাৰিব। সাধাৰণ জ্ঞানেৰে ঢুকি পোৱা এনে এটা মত ওফৰাই পেলাবলৈ লগা সাহস, উদ্যম আৰু বৈজ্ঞানিক দৃষ্টিভংগী এই স্বল্পভাষী মানুহজনৰ আছিল। কপাৰনিকাছে জ্যোতিবির্দ্যাক বিজ্ঞানৰ শাৰীলৈ তোলে। মাথোঁ সেয়ে নহয়। প্রকৃতিক, বিশেষকৈ গ্রহ-নক্ষত্ৰক নতুন বৈজ্ঞানিক দৃষ্টিভংগীৰে বিচাৰ কৰিবলৈ উৎসাহিত কৰি মানুহৰ চিন্তাধাৰাৰ ওপৰত তেখেতে প্ৰচণ্ড প্ৰভাৱ বিস্তাৰ কৰে। সেই যুগত কপাৰনিকাছৰ চিন্তাধাৰাৰদ্বাৰা ব্রুনো অতিকৈ প্ৰভাৱিত হৈছিল যেন বোধ হয়। ব্রুনোৱে মানুহক কপাৰনিকাছৰ তত্ত্ব সম্বন্ধে চিন্তা কৰিবলৈ আৰু তর্ক জুৰিবলৈ উৎসাহিত কৰিছিল। অৱশ্যে অৱশেষত তেখেতক কেথলিক “ইনকিউজিশ্যনে” দগ্ধ কৰি হত্যা কৰে।

সেই যুগৰ আন দুজন উল্লেখযোগ্য ব্যক্তি হ’ল টাইক ব্রাহে আৰু কেপলাৰ। ডেনমার্কৰ টাইক ব্রাহেয়ে বিশেষভাৱে তৈয়াৰী যন্ত্ৰ-পাতিৰ সহায়ত গ্রহসমূহৰ স্থান নির্ভুলকৈ নির্ণয় কৰিছিল। এই পর্যবেক্ষণ আছিল এক যুগ-পৰিৱর্তনকাৰী পর্যবেক্ষণ। কাৰণ কেপলাৰে ব্ৰাহেৰ কামত হাত ফুৰাবলৈ ধৰাৰ লগে লগে জ্যোতিৰ্বিদ্যাৰ লগতে সমগ্র বিজ্ঞানৰ বাবে এই পর্যবেক্ষণ অতি মূল্যৱান বুলি পৰিগণিত হ'ল। প্রথমবাৰৰ বাবে কেপলাৰে গ্ৰহৰ পথ বৃত্তীয় নহয়, উপবৃত্তীয়হে বুলি প্রমাণ কৰিলে। বিজ্ঞানৰ উপৰিও কেপলাৰে প্ৰাচীন পাইথ’গোৰাছ-এৰিষ্টটোলীয় ধাৰণাৰ ওপৰত প্ৰচণ্ড আঘাত কৰে। কাৰণ তেখেতসকলৰ মতে নিখুঁত স্বৰ্গীয় গ্ৰহৰ কক্ষপথ নিখুঁতভাৱে বৃত্তীয়। পক্ষান্তৰে কেপলাৰে ধৰ্মীয় ধাৰণাৰ ওপৰতো কুঠাৰঘাত পেলায়।

সেই যুগৰ অত্যন্ত গুৰুত্বপূর্ণ আৱিষ্কাৰ হ’ল দূৰবীক্ষণ যন্ত্র। দূৰবীক্ষণ কোনে কেনেকৈ আৱিষ্কাৰ কৰিছিল ইতিহাসবিদসকলে ক’ব নোৱাৰে। লিপাৰছে নামৰ লেনছৰ দোকানী এজনৰ দোকানত খেলি থকা ল’ৰা এজনেই প্রথমে এখন লেনছৰ মাজেৰে আন এখন চাই পঠিৱাওঁতে হঠাৎ দূৰৰ বস্তুবোৰ ওচৰতে দেখা যেন বোধ কৰাৰ বাবেই দূৰবীক্ষণৰ জন্ম হ’ল বুলি কাহিনী এটা আছে। সম্ভৱতঃ ই ১৩০০ খ্রীষ্টাব্দমানৰ কথা।

কিন্তু সি যি নহওক, সেই বিখ্যাত ব্যক্তি গেলিলিও গেলিলিৰ হাতত পৰি দূৰবীক্ষণ সেই যুগৰ সকলোতকৈ গুৰুত্বপূর্ণ যুগ-পৰিৱৰ্তনকাৰী আৱিষ্কাৰ বুলি প্রমাণিত হয়। গেলিলিওৱে নিজ হাতে তৈয়াৰ এটা দূৰবীক্ষণ যন্ত্রৰ সহায়ত আকাশৰ গ্ৰহ-নক্ষত্র পর্যবেক্ষণ কৰিবলৈ ধৰে। অতি সোনকালে কপাৰনিকাছৰ তথ্য পৰীক্ষামূলকভাৱে প্ৰমাণ কৰিবলৈ তেখেত সক্ষম হয়। কাৰণ তিনিটা উপগ্রহে বৃহস্পতিৰ চাৰিওফালে পৰিভ্রমণ কৰে বুলি তেখেতে চাক্ষুষ প্রমাণ দিবলৈ সমৰ্থ হয়। কেৱল সেয়ে নহয়। চন্দ্র গোলক নহয়, বৰং সাগৰ আৰু পাহাৰ-পৰ্বতেৰে ভৰি থকা পৃথিৱীৰ দৰে এটা গ্রহ বুলি বুজিব পৰা গ’ল। শুক্র গ্রহৰো চন্দ্রৰ দৰে দশা পৰিলক্ষিত হ’ল। আনহাতে, শনি গ্রহটো তিনিটা ভাগত বিভক্ত যেন দেখা গ’ল। এই পৰ্যবেক্ষণসমূহ কপাৰনিকাছৰ তথ্যৰ জ্বলন্ত প্রমাণ আছিল। কিন্তু যিহেতু ১৬১৮ খ্রীষ্টাব্দত কপাৰনিকাছৰ তথ্য নিষেধ কৰা হৈছিল সেয়েহে গেলিলিওৰ প্রসিদ্ধ বিচাৰ আৰম্ভ হৈছিল। এই বিচাৰ হ’ল এক যুগান্তকাৰী ঘটনা। কাৰণ ধৰ্ম আৰু বিজ্ঞানৰ মাজত হোৱা সংঘাতক এই বিচাৰে প্রতিনিধিত্ব কৰে। এনেকি কেথলিক দেশসমূহতো এই বিচাৰৰ ৰায়ে প্রতিজন শিক্ষিত লোকক ক্ষুণ্ণ কৰিছিল আৰু পোপৰ কৰ্তৃত্ব ওফৰাই পেলোৱা দেশসমূহত পৰীক্ষামূলক বিজ্ঞানৰ সন্মান বৃদ্ধি হৈছিল।

কিন্তু নিম্নগামী বস্তুৰ চলন সমন্ধে কৰা পৰীক্ষাসমূহেই আছিল গেলিলিওৰ জীৱনৰ প্রধান কাম। বৰ্তমান সকলো স্কুলীয়া বিজ্ঞানৰ পাঠ্যপুথিত এই পৰীক্ষাসমূহ প‌ঢ়িবলৈ পোৱা যায়। এই পৰীক্ষা আছিল আধুনিক বিজ্ঞান পদ্ধতিৰ প্রথম স্পষ্ট উদাহৰণ। অংকশাস্ত্র আৰু বলগতি-বিজ্ঞানৰ মাজত সংযোগ স্থাপন কৰি তেখেতে বলগতি-বিজ্ঞানৰ ভেটি স্থাপন কৰে। ক’বলৈ গ’লে গেলিলিওৱে প্রাচীন ব্যাখ্যামূলক বিজ্ঞানৰ স্থান পৰীক্ষামূলক বিজ্ঞানৰদ্বাৰা অপসাৰিত কৰে।

(পাছৰ অংশ অহা সংখ্যাত প্রকাশ হ’ব)

Share Button
Print Friendly, PDF & Email

No Comments : "যুগান্তকাৰী বৈজ্ঞানিক আৱিষ্কাৰ(প্রথম অংশ) - (পূৰৱী দেৱী)"

Leave a Comment

Your email address will not be published. Required fields are marked *