জোক - ( অচ্যুত মাধৱ দাস)

 

বেৰৰ জলঙাৰে সৰকি অহা পোহৰত জিলিকিছিল
মানুহটোৰ পেটত লিপিত খাই থকা
এডাল জোক।
ভদীয়া ভাগৰে হেঁচা মাৰি ধৰা টোপনিৰ জালতো
সি ভোৰ্ভোৰায়
– আৰু কিমান তেজ খাৱ

তেজখোৱা জোকবোৰ সি পথাৰৰপৰা আনে

এইবাৰ আহুধানত চৰহা পোক পৰিল
তাৰ কলাফুলত লমা-লমে জোক

এইবাৰ শালিধান বানত মৰিল
তাৰ নৰিয়া দেহত জোকে কিলকিলায়

এইবাৰ হালৰ গৰু চবকাত পৰিল
তাৰ মূৰৰ তেজ জোকে শুহিল।

এইদৰেই কন্ট্ৰ’লৰ দোকানৰ খাতাত বাঢ়ে
ভোক আৰু জোকৰ হিচাপ
দ-হোলাৰ ম’হজোক এডালৰ দৰে বাঢ়ে
বন্ধকীত থোৱা অভাৱ

জোকবোৰ বগাই ফুৰে তেজহীন মানুহৰ গাত
থোপা-থোপে এন্ধাৰ সানি দিয়ে
সৰি পৰা সপোনবোৰৰ ছাঁত

এইবাৰ শুকুৰবৰীয়া হাটত লেউ-লেউ জোক
ৰঙা ব্লাউজতকৈয়ো জিলিকিছে মানুহটোৰ মুখ।
হাটত মালভোগ এথোক বেচি সি
ৰঙা ব্লাউজ এটা আনিছিল মানুহজনীলৈ
তাইৰ শুকান পিয়াহ খাবলৈ
ব্লাউজতো লাগি আহিছে এডাল জোক।

তেজহীন মানুহবোৰে জোকলৈ ভয় নকৰে
চাদা-চূণেৰে ৰঙাকৈ খোৱা তামোলৰ পিকেৰে
জোক মাৰে,
জোকবোৰ মৰে
জোকবোৰ মৰিলেও আকৌ ওলায়
জোকে খোৱা মানুহবোৰ মৰিলে আৰু
দুনাই নোলায়।

 

Share Button
Print Friendly, PDF & Email

No Comments : "জোক - ( অচ্যুত মাধৱ দাস)"

Leave a Comment

Your email address will not be published. Required fields are marked *