বিবিধ চিন্তা

যোৰহাটত ‘যুক্তি দিৱস’ উদযাপন (ত্ৰিলোচন গগৈ)

যুক্তিবাদী চিন্তা-চৰ্চা আৰু বিজ্ঞানমনস্কতা প্ৰসাৰৰ প্ৰবাদপুৰুষ জিঅ’ৰ্ডানো ব্ৰুনোৰ স্মৃতিত ‘যুক্তি-বিকাশ সমিতি, অসম’ৰ যোৰহাট শাখা আৰু ‘মুক্ত চিন্তা’ই অসমত প্ৰথমবাৰৰ বাবে যোৱা ১৭ আৰু ১৮ ফেব্ৰুৱাৰি, ২০১৮ তাৰিখ, শনি আৰু দেওবাৰে দুদিনীয়া কাৰ্যসূচীৰে ‘যুক্তি দিৱস’ উদযাপন কৰে। ১৭ ফেব্ৰুৱাৰিত গীত, নাট, কথা, কবিতাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে যোৰহাটৰ বৰুৱা চাৰিআলিৰ মিলেনিয়াম পাৰ্কৰ সন্মুখৰ মুকলি স্থানত যুক্তি দিৱসৰ শুভাৰম্ভ কৰা হয় ‌। উল্লেখযোগ্য যে প্ৰাতিষ্ঠানিক ধৰ্মৰ ৰক্ষণশীল পৰিৱেশত নিজৰ জীৱন বিপদাপন্ন বুলি জানিও ইটালিৰ অসাধাৰণ বুদ্ধিমত্তাসম্পন্ন তথা সাহসী ব্ৰুনোৱে বিজ্ঞানী ক’পাৰ্নিকাছৰ সূৰ্যকেন্দ্ৰিক সৌৰজগতৰ মতবাদ প্ৰতিষ্ঠাৰ হকে কাম কৰিছিল। যাৰ বাবে ১৬০০ চনৰ ১৭ ফেব্ৰুৱাৰিত ব্ৰুনোক জীৱন্তে জ্বলাই হত্যা কৰা হৈছিল।

যুক্তিবাদী ছহিদ জিঅ’ৰ্ডানো ব্ৰুনোৰ মৃত্যু দিনটোৰ লগত সংগতি ৰাখি এই বৰ্ষৰ ১৭ আৰু ১৮ ফেব্ৰুৱাৰিত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা যুক্তি দিৱসৰ প্ৰথম দিনৰ মুখ্য আকৰ্ষণ আছিল “যাদু” শীৰ্ষক এখনি বাটৰ নাট‌। প্ৰথিতযশা নাট্যকৰ্মী ৰাজীৱ দত্তৰদ্বাৰা পৰিচালিত বাটৰ নাটখনত অংশগ্ৰহণ কৰে গৌৰীশংকৰ দাস, সিদ্ধাৰ্থ শংকৰ শইকীয়া আৰু ৰাজীৱ দত্তই‌। পবিত্ৰপ্ৰাণ গোস্বামীৰদ্বাৰা ৰচিত আৰু সুৰাৰোপিত সমবেত সংগীতৰ লগতে ভূপেন হাজৰিকাৰ কালজয়ী গীত “তপ্ত তীখাৰে অগ্নি শক্তি” আদি গীত পৰিবেশন কৰা হয়‌। অন্ধবিশ্বাসৰ বিপৰীতে এক যুক্তিবাদৰ পৰিৱেশ সৃষ্টিৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰি সজাগতামূলক বক্তৃতা দিয়ে মুক্ত চিন্তাৰ সদস্য আৰহান ইনামূলে‌। আৰহান ইনামূলে আঁত ধৰা অনুষ্ঠানটোত যোৰহাট মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° পবিত্ৰপ্ৰাণ গোস্বামী, কমল শৰ্মা, ‘আলোক’ৰ সম্পাদক অৰ্পণা বৰা আদি কেইবাগৰাকী ব্যক্তিয়ে সজাগতামূলক বক্তব্য আগ বঢ়ায়। নাটে-গীতে-মাতে মুখৰিত অনুষ্ঠানটিত মণ্টি খাউণ্ড, ড° বৰ্ণালী বৰুৱা দাস, অচ্যুত মাধৱ দাস আদি কেইবাগৰাকীও কৰ্মীয়ে কবিতা পাঠ কৰে।

১৮ ফেব্ৰুৱাৰিৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীসমূহ অনুষ্ঠিত হয় যোৰহাট প্ৰেছ ক্লাবত‌। দিনজোৰা ‘যুক্তি দিৱস’ৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত ভাগ লৈ বিশিষ্ট যুক্তিবাদী লেখক দেৱকান্ত সন্দিকৈয়ে “ধৰ্ম, ঈশ্বৰ আৰু অন্ধবিশ্বাস” বিষয়ত বক্তৃতা প্ৰদান কৰি ধৰ্মৰ স্ববিৰোধী বক্তব্যসমূহ ফঁহিয়াই দেখুৱায়।

 

অনুষ্ঠানত উপস্থিত থাকি “কুৰি শতিকাৰ বৈপ্লৱিক চিন্তাবিদ ৰিচাৰ্ড ফাইনমেনৰ বিজ্ঞান জিজ্ঞাসা” শীৰ্ষক বিষয়ত বক্তব্য আগ বঢ়ায় তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° জয়ন্ত কুমাৰ শৰ্মাই।

“ভাষা, ধাৰণা আৰু যুক্তি” বিষয়ত বক্তৃতা প্ৰদান কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰে আন এগৰাকী অধ্যাপক ড° গৌতম কুমাৰ বৰাই। অন্যতম উদ্যোক্তা ড° বৰ্ণালী বৰুৱা দাসে আঁত ধৰা অনুষ্ঠানটোৰ শুভাৰম্ভ হয় সুকন্যা গগৈয়ে পৰিৱেশন কৰা মুক্ত চিন্তাৰ গীতেৰে।

আদৰণী ভাষণত অন্যতম উদ্যোক্তা তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° কৌশিক দাসে যুক্তি বিকাশ সমিতি, অসমৰ কাৰ্যসূচী আৰু যুক্তি দিৱস সম্পৰ্কত ব্যাখ্যা দাঙি ধৰে।

অনুষ্ঠানৰ লগত সংগতি ৰাখি শিশুসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আৰু দশম শ্ৰেণীৰপৰা স্নাতক মহলালৈ “বিজ্ঞানমনস্কতা বনাম অন্ধবিশ্বাস” বিষয়ত প্ৰাইজমানি প’ষ্টাৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতা তথা মুক্ত চিন্তা প্ৰকাশনৰ গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন কৰে বিশিষ্ট ব্যক্তি মাইন উদ্দিনে৷

প’ষ্টাৰ প্ৰতিযোগিতাত প্ৰয়াত অশোক শৰ্মা সোঁৱৰণী প্ৰথম পুৰস্কাৰ লাভ কৰে জ্ঞানজ্যোতি বৰা আৰু প্ৰদীপ কুমাৰ পণ্ডিতে। প্ৰয়াত প্ৰমোদ চন্দ্ৰ খাউণ্ড সোঁৱৰণী দ্বিতীয় পুৰস্কাৰ লাভ কৰে পিংকুমণি বকতিয়াল আৰু নৱনীতা বৰাই।

প্ৰয়াত সুনন্দৰাম মেধি সোঁৱৰণী তৃতীয় পুৰস্কাৰ লাভ কৰে প্ৰাঞ্জল প্ৰতীম মুদৈ, তন্ময় তামুলী আৰু প্ৰজ্ঞান অধিকাৰীয়ে। বিজ্ঞানমনস্কতা প্ৰসাৰৰ হকে কাম কৰি অহা বিভিন্ন সংগঠন আৰু ব্যক্তিবিশেষক আমন্ত্ৰণ জনাই আয়োজন কৰা অনুষ্ঠানটোত ডেৰ শতাধিক ব্যক্তি উপস্থিত থাকে৷ বক্তৃতা আৰু প্ৰশ্নোত্তৰ শিতানত বিভিন্নজনে বক্তাকেইগৰাকীক প্ৰশ্ন সোধে । যুক্তি বিকাশ সমিতিৰ সদস্যসকলে কোৰাছ পৰিৱেশন কৰাৰ পিছতে যোৰহাট মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° পবিত্ৰপ্ৰাণ গোস্বামীৰ সঞ্চালনাত নিমন্ত্ৰিত সংগঠন, মুক্ত চিন্তা তথা উপস্থিত ৰাইজৰ মাজত মত বিনিময় অনুষ্ঠান সম্পন্ন হয়। মত বিনিময় অনুষ্ঠানত ড° মুনীন শৰ্মা, ‘আলোক’ৰ অৰ্পনা বৰা, ‘প্ৰয়াস’ৰ সোণেশ্বৰ নৰহ, সক্ৰিয় সমাজ-কৰ্মী বীৰেন তাঁতী প্ৰমুখ্যে বহুকেইগৰাকী ব্যক্তি আৰু সংগঠনে ভাগ লয়।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *