অতিথি সম্পাদকৰ চ'ৰাপঞ্চম বছৰপঞ্চম বছৰ (প্ৰথম সংখ্যা)

সাম্প্ৰতিক সময়ত যুক্তিবাদী আন্দোলনৰ প্ৰাসংগিকতা: সমস্যা আৰু সম্ভাৱনা-(ড০ লক্ষ্যজ্যোতি বৰঠাকুৰ)

(প্রবন্ধটো ‘যুক্তি দিৱস’ উপলক্ষে “মুক্ত চিন্তা”-ই আয়োজন কৰা ৰচনা প্রতিযোগিতাত প্ৰথম পুৰস্কাৰ প্রাপ্ত)

মানুহ আৰু ইতৰ প্ৰাণীৰ মাজৰ প্ৰধান পাৰ্থক্য হ’ল যে মানুহে নিজৰ চিন্তা, বিচাৰ আৰু যুক্তিৰে ভাল/বেয়া, কৰণীয়/অকৰণীয়, উচিত/অনুচিত ইত্যাদিবোৰৰ মাজত প্রভেদ স্থাপন কৰিব পাৰে কিন্তু ইতৰ প্ৰাণীসমূহে নোৱাৰে। অৰ্থাৎ জৈৱিকভাৱেই (Biologically) মানুহ যুক্তি নিৰ্ভৰ। দৈনন্দিন জীৱনতো আমি সকলোৱেই যুক্তিৰ ওপৰত নিৰ্ভৰ কৰি চলোঁ। আনহে নালাগে বজাৰত যিকোনো বস্তু কিনাৰ আগতে তাৰ দাম, গুণগত মান আদি সঠিক হৈছেনে নাই সেয়াও যুক্তিৰে বিচাৰ কৰোঁ। যুক্তি অবিহনে এই পৃথিৱীত এখোজ মাত্ৰ দিয়াও প্ৰায় অসম্ভৱ কথা। কিন্তু আচৰিতভাৱে এই একেখিনি মানুহৰ অধিকাংশই দাৰ্শনিক বা বৈজ্ঞানিক যুক্তিবাদৰ প্ৰতি তীব্ৰ অনীহা দেখুৱায়, যুক্তিবাদৰ প্ৰয়োজনীয়তাক নসাৎ কৰাৰ চেষ্টা কৰে।

মানুহৰ বিৱৰ্তনৰ ইতিহাস চালে দেখা যায় জ্ঞান আৰু বিজ্ঞানৰ উত্তৰণত যুক্তিৰ গুৰুত্ব অপৰিসীম। যুক্তিপূৰ্ণ বিচাৰ বিবেচনাৰ ফলশ্ৰুতিত মানুহৰ মনত জাগ্ৰত হোৱা বিভিন্ন প্ৰশ্নৰ উত্তৰ বিচৰাৰ মাধ্যমেৰেই জ্ঞান আৰু বিজ্ঞানৰ অগ্ৰগতি ঘটি আজি আমি এনে অৱস্থাত উপনীত হৈছো। যুক্তিয়ে মানুহৰ মনত প্ৰশ্ন জাগ্ৰত কৰে, সঠিক প্ৰশ্নই নতুন জ্ঞান আৰু বিজ্ঞানৰ সম্ভেদ দিয়ে। জ্ঞান-বিজ্ঞানৰ প্রসাৰ এখন সংস্কাৰকামী সমাজৰ প্রধান চালিকা শক্তি। মানুহৰ মনত প্ৰশ্ন সোধাৰ প্ৰবৃত্তিক জীয়াই ৰাখিবৰ বাবে যুক্তিপূৰ্ণ বিচাৰ বিবেচনাক উৎসাহ যোগোৱাটো নিতান্ত প্ৰয়োজনীয়। এই দৃষ্টিকোণৰ পৰা যুক্তিবাদী আন্দোলনৰ প্ৰাসংগিকতা সদায়েই আছে আৰু থাকিব। কিন্তু সাম্প্রতিক সময়ত, বিশেষকৈ ভাৰতত এনে আন্দোলনৰ প্ৰয়োজনীয়তা যেন যথেষ্ট বৃদ্ধি পাইছে।

ভাৰতবৰ্ষ পৃথিৱীৰ একমাত্ৰ দেশ, য’ত বিজ্ঞান মানসিকতা আৰু সমীক্ষণ মনোভাৱৰ বিকাশ ঘটোৱাটো প্ৰত্যেক নাগৰিকৰ মৌলিক কৰ্তব্য হিচাবে সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে; কিন্তু বিশ্বৰ আন বহু দেশৰ তুলনাত আমাৰ জনসাধাৰণ বহুত বেছি অন্ধবিশ্বাসী। পণ্ডিত নেহেৰুৱে দেশৰ সকলো নাগৰিক বিজ্ঞানমনস্ক হোৱাৰ ক্ষেত্ৰত যথোপযুক্ত গুৰুত্ব আৰোপ কৰিছিল আৰু প্ৰচেষ্টাও চলাইছিল, কিন্তু স্বাধীনতাৰ ৭২ বছৰৰ পিছতো আমি অন্ধবিশ্বাস, কুসংস্কাৰমুক্ত এখন সমাজ গঢ় দিব পৰা নাই। সাম্প্ৰতিক সময়ত স্বয়ং ৰাষ্ট্ৰযন্ত্ৰ এনেধৰণৰ ধ্যান-ধাৰণা পৰিকল্পিতভাৱে জনসাধাৰণৰ মাজত প্রচাৰ কৰাত ব্ৰতী হোৱা পৰিলক্ষিত হৈছে। কেৱল দুটামান উদাহৰণেই উপৰ্যুক্ত কথা খিনি প্ৰমাণ কৰিবলৈ যথেষ্ট হ’ব।

২০১৯ চনৰ “ভাৰতীয় বিজ্ঞান কংগ্ৰেছ”ত অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য জি নাগেশ্বৰ ৰাওৱে  ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি দিয়া ভাষণত ক’লে যে, মহাভাৰতত এগৰাকী মাতৃৰ পৰা ১০০ জন কৌৰৱৰ জন্ম হোৱা কথাটোৱে সেই সময়তেই আমাৰ দেশত টেষ্ট টিউব বেবী আৰু ষ্টেম কোষ প্ৰযুক্তিৰ প্ৰচলন আছিল বুলি প্ৰমাণ কৰে। তেখেতৰ মতে ৰামায়ণত ৰাৱণে ২৪ বিধ বেলেগ বেলেগ ধৰণৰ বিমান ব্যৱহাৰ কৰিছিল আৰু সেই সময়ত শ্ৰীলংকাত বিমান বন্দৰো আছিল। হিন্দু শাস্ত্ৰত বৰ্ণিত ভগৱান বিষ্ণুৰ দশাৱতাৰত জীৱৰ ক্ৰমবিকাশৰ বিষয়ে ডাৰউইনৰ সূত্ৰতকৈ অধিক বিশদভাৱে বৰ্ণনা আছে। ডাৰউইনে কেৱল সাগৰীয় জীৱ প্ৰজাতিৰ পৰা মানুহৰ সৃষ্টি হোৱাৰ কথাহে কৈছে, কিন্তু দশাৱতাৰত মানুহৰ মগজুৰ বিৱৰ্তনৰ কথাও আছে। শ্ৰীৰামতকৈ শ্ৰীকৃষ্ণৰ অধিক ৰাজনৈতিক দক্ষতাই মানুহৰ চিন্তাশক্তিৰ বিৱৰ্তন হোৱাকে সূচায়। আচু খোচলা নামৰ পাঞ্জাব বিশ্ববিদ্যালয়ৰ ভূ-তত্ত্ৱবিদ এগৰাকীয়ে এই অধিবেশনতে গৱেষণা পত্ৰ পাঠ কৰি ক’লে যে, ডাইন’চৰৰ বিষয়ে ভগৱান ব্ৰহ্মাই ভালদৰে জানিছিল আৰু এই বিষয়ে বেদতো বিশদভাৱে বৰ্ণনা কৰা আছে। ২০১৪ চনৰ পিছৰ পৰাই বিজ্ঞানৰ সুপ্ৰতিষ্ঠিত মঞ্চসমূহক সংঘ পৰিবাৰে এনেধৰণৰ ভুৱা বিজ্ঞানৰ প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰি আহিছে। ২০১৫ চনৰ বিজ্ঞান কংগ্ৰেছত প্ৰাচীন ভাৰতত বিমান প্ৰযুক্তিৰ প্ৰচলন আছিল বুলি কৰা দাবী, ২০১৬ চনত শংখ বজোৱাৰ লাভালাভ সম্পৰ্কত পাঠ কৰা গৱেষণা পত্ৰ, ২০১৮ চনত বেদৰ পাতত ষ্টিফেন হ’কিংছে পদাৰ্থৰ ভৰ আৰু শক্তিৰ মাজৰ সম্পৰ্কৰ (E=mc2) বিষয়ে বৰ্ণনা আছে বুলি উল্লেখ কৰা বুলি কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ মন্ত্ৰী ড০ হৰ্ষবৰ্ধনে কৰা অপপ্ৰচাৰ আদিয়ে এইখন চৰকাৰৰ দিনত “ভাৰতীয় বিজ্ঞান কংগ্ৰেছ”ক যে উদ্দেশ্যপ্ৰণোদিত ভাৱে অপবিজ্ঞান আৰু অন্ধবিশ্বাসৰ প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা হৈছে তাক স্পষ্টভাৱে প্ৰমাণ কৰে। ইয়াতকৈও উদ্দেগজনক কথাটো হ’ল এনেধৰণৰ অপপ্ৰচাৰৰ বাবে তথাকথিত হিন্দুত্বৰ আদৰ্শত বিশ্বাসী উচ্চশিক্ষিত আৰু দায়িত্বপূৰ্ণ পদবীত থকা ব্যক্তিসকলক ব্যৱহাৰ কৰা কাৰ্য। আনহে নালাগে স্বয়ং প্ৰধানমন্ত্ৰীয়ে গনেশ দেৱতাৰ দেহত থকা হাতীৰ মুৰতো প্ৰাচীন ভাৰতত প্লাষ্টিক ছাৰ্জাৰীৰ প্ৰচলন থকাৰ সাক্ষ্য বুলি কৰা দাবী বা কেন্দ্ৰীয় মন্ত্ৰীয়ে ডাৰউইনৰ বিৱৰ্তন মতবাদ মিছা বুলি কোৱা কাৰ্যসমূহ আচলতে যুক্তিবাদৰ বিপক্ষে চলা পৰিকল্পিত ষড়যন্ত্ৰৰ একোটা অংশ।    

এতিয়া মনলৈ প্ৰশ্ন আহিব পাৰে চৰকাৰখন এনেধৰণৰ কাৰ্যকলাপত কিয় ব্ৰতী হৈছে বা এনে কাৰ্যক সমৰ্থন কিয় কৰিছে? এই প্ৰশ্নৰ উত্তৰ হয়তো বিভিন্ন দিশৰ পৰা দিব পৰা যাব, কিন্তু ইয়াৰ এটা অন্যতম কাৰণ হ’ল চৰকাৰ তথা ৰাজনৈতিক দলসমূহে সাধাৰণ নাগৰিকৰ যুক্তিবাদী মনটোৰ বিকাশ হোৱাটো নিবিচাৰে। সাধাৰণ জনতাৰ মাজত বিজ্ঞান মানসিকতাৰ বিকাশ হ’লে ৰাজনৈতিক দলসমূহে ধৰ্ম, জাতি, বৰ্ণ, ভাষা আদিৰ নামত মেৰু বিভাজনৰ ৰাজনীতি কৰিব নোৱৰা হ’ব, জনতাই তেওঁলোকৰ কাম-কাজক যুক্তি সহকাৰে বিচাৰ কৰি উচিত/অনুচিত সম্পৰ্কত প্ৰশ্ন উঠাব। নাগৰিকৰ বিজ্ঞান মানসিকতাৰ বিকাশ ঘটিলে সঁচা অৰ্থত দেশত গণতন্ত্ৰৰ প্ৰতিষ্ঠা হ’ব আৰু ন্যস্তস্বাৰ্থ জড়িত কোনো ৰাজনৈতিক দলে এনে হোৱাটো কেতিয়াও নিবিচাৰে। সেয়ে নিজৰ ৰাজনৈতিক ভবিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থতে তথাকথিত জননেতাসকলে যুক্তিবাদক মষিমূৰ কৰাৰ চেষ্টা কৰে। সেইবাবে সাম্প্ৰতিক সময়ত সমাজক অন্ধবিশ্বাস আৰু কুসংস্কাৰমুক্ত কৰাৰ লগতে দেশৰ গণতন্ত্ৰক অধিক মজবুত কৰিবলৈ সবল আৰু সুপৰিকল্পিত “যুক্তিবাদী আন্দোলন” অত্যন্ত প্ৰাসংগিক।

কিন্তু এনেধৰণৰ ফেচীবাদী ভাৱধাৰাত আক্ৰান্ত দেশ এখনত যুক্তিবাদী আন্দোলন এটা চলাই নিয়া সহজ নহয়। বিশেষকৈ ধৰ্মীয় মৌলবাদে দপদপাই থকা সমাজ এখনত যুক্তিবাদী আন্দোলনৰ কৰ্মী সকল মুঠেই সুৰক্ষিত নহয়। বহুত সময়ত এনে আন্দোলনৰ কৰ্মী সকল  মৌলবাদী সকলৰ ৰোষত পৰে, আক্ৰমণ আৰু জিঘাংসাৰ বলি হয়। ডাভোলকাৰ, পানচাৰে, কালবুৰ্গী, গৌৰী লঙ্কেশ আদি যুক্তিবাদী আৰু কুসংস্কাৰ বিৰোধী আন্দোলনৰ পুৰোধা ব্যক্তি সকলৰ হত্যাই প্ৰমাণ কৰে আমাৰ দেশত যুক্তিবাদী ব্যক্তি সকল কিমান অসুৰক্ষিত। মৌলবাদী অত্যাচাৰৰ বলি হোৱাৰ ভয়ত বহুতো সঁচা অৰ্থত যুক্তিবাদী ব্যক্তি প্ৰত্যক্ষভাৱে এনে আন্দোলনৰ অংশীদাৰ হোৱাৰ পৰা বিৰত থাকে আৰু সেইবাবে আজিও আমাৰ দেশত যুক্তিবাদী আন্দোলন মুষ্টিমেয় কিছুসংখ্যক মানুহৰ মাজতে সীমাবদ্ধ হৈ আছে। যিকোনো আন্দোলনে সফলতা লাভ কৰিবলৈ হ’লে ইয়াৰ সক্ৰিয় কৰ্মীৰ সংখ্যা পৰ্যাপ্ত হ’ব লাগিব, তৃণমূল ভেটি সুদৃঢ় হ’ব লাগিব। বৰ্তমান সময়ত যুক্তিবাদী সংগঠন বিলাকৰ সন্মুখত ই এক ডাঙৰ প্ৰত্যাহ্বান।

অৰ্থনৈতিক অস্বচ্ছলতা যুক্তিবাদী আন্দোলনৰ এক অন্যতম সমস্যা। যিকোনো আন্দোলন আগবঢ়াই নিবলৈ হ’লে ইয়াৰ গুৰিধৰা সংগঠন সমূহৰ অৰ্থনৈতিক ভেটি টনকিয়াল হোৱাটো খুবেই প্ৰয়োজনীয়। কিন্তু যুক্তিবাদৰ প্ৰচাৰত লাগি থকা ব্যক্তি সকলে ভালদৰে বুজে যে বহুত সময়ত সমল আৰু সদিচ্ছা থাকিলেও কেৱল অৰ্থৰ অভাৱত বহুতো প্ৰয়োজনীয় পদক্ষেপ বাদ দিব লগা পৰিস্থিতি হয়। আজিৰ তাৰিখত আমাৰ দেশৰ এই সংগঠনসমূহৰ অৰ্থনৈতিক অৱস্থা মুঠেই সন্তোষজনক নহয়। বহুত সময়ত মুষ্টিমেয় কিছু বিষয়ববীয়াৰ ব্যক্তিগত অৰ্থসাহায্যতহে এই আন্দোলনৰ কাম-কাজ চলি থাকে। ইয়াৰ বিপৰীতে কিন্তু মৌলবাদী সংগঠনসমূহৰ অৰ্থৰ কেতিয়াও অভাৱ নহয়। ইছলাম বা খ্ৰীষ্টান মৌলবাদী সংগঠনসমূহৰ কথা বাদেই দিলোঁ, এনে হিন্দু সংগঠনসমূহেও বিদেশৰ পৰা অৰ্থ সাহায্য লাভ কৰে। যিহেতু যুক্তিবাদী আন্দোলন প্ৰধানতঃ মৌলবাদৰ বিৰুদ্ধে, স্বাভাৱিকতে এনে অৰ্থনৈতিকভাৱে সবল সংগঠনৰ বিৰুদ্ধে সফল হ’বলৈ যুক্তিবাদী সংগঠন সমূহ অৰ্থনৈতিকভাৱে কিছু সবল আৰু স্বাৱলম্বী হোৱাটো প্ৰয়োজনীয়।

পৃথিৱীত ধৰ্মৰ ইতিহাস যুক্তিবাদৰ তুলনাত যথেষ্ট পুৰণি। বৰ্তমান সময়ত যুক্তিবাদ বুলিলে আমি যিটো ধাৰাৰ কথা বুজোঁ ই মূলতঃ বিজ্ঞান নিৰ্ভৰ। অৰ্থাৎ বিজ্ঞানৰ অগ্ৰগতিৰ পিছৰ পৰাহে স্বৰূপাৰ্থত বৰ্তমানৰ যুক্তিবাদী আন্দোলন আৰম্ভ হৈছে। সমাজত বিজ্ঞান নিৰ্ভৰ যুক্তিবাদে প্ৰচাৰ লাভ কৰাৰ বহু আগতেই (ইয়াত চাৰ্বাক, সাংখ্য আদি দৰ্শনক বুজোৱা হোৱা নাই) ধৰ্মই সমাজৰ সকলো স্তৰতে প্ৰভাৱ বিস্তাৰ কৰিলে। বিজ্ঞানে অগ্ৰগতি লাভ কৰাৰ আগতে মানুহে ধৰ্মগ্ৰন্থসমূহকেই প্ৰজ্ঞাৰ একমাত্ৰ উৎস হিচাবে বিশ্বাস কৰিছিল। ধৰ্ম আৰু ধৰ্মগুৰুসকল আছিল পৰম শক্তিধৰ আৰু ক্ষমতাশালী। নিজৰ ক্ষমতা সৰ্বদা অটুট ৰখাৰ স্বাৰ্থতে ধৰ্মগুৰু সকল কালক্ৰমত স্বেচ্ছাচাৰী আৰু অগণতান্ত্ৰিক হৈ উঠিল। তেওঁলোকৰ মতৰ বিৰোধিতা কৰি প্ৰশ্ন কৰা ব্যক্তি সকলক ধাৰ্মিক সকলে নাস্তিক, বিধৰ্মী আদি অভিধাৰে অভিহিত কৰিলে। সমাজত এনে এক ধ্যান-ধাৰণাৰ প্ৰচাৰ কৰা হ’ল যে নাস্তিক সকল প্ৰচলিত মূলধাৰাৰ (mainstream) পৰা পৃথক আৰু নাস্তিকতা কেৱল এক তথাকথিত অভিজাত ফেশ্ৱন। গৰিষ্ঠ সংখ্যক মানুহে নাস্তিক ব্যক্তি সকলৰ প্ৰতি আজিও এনেধৰণৰ মনোভাৱকে পোষণ কৰে আৰু বহুত সময়ত নিজকে নাস্তিক বুলি চিনাকী দিয়া মানুহৰ কথা আৰু কৰ্মকাণ্ডক গুৰুত্ব সহকাৰে নলয় বা ল’ব নিবিচাৰে। যুক্তিবাদী ব্যক্তি সকলৰ অধিকাংশই সমাজত নিজকে নাস্তিক বুলি পৰিচয় দিয়ে, দিবলৈ ভাল পায়। তেওঁলোকে এনেকাম কিবা অহংকাৰ বা ফেশ্ৱনৰ কাৰণে যে কৰে সেয়া মুঠেই নহয়, কিন্তু যেতিয়াই যুক্তিবাদী ব্যক্তি এজনে সাধাৰণ মানুহৰ আগত নিজকে নাস্তিক বুলি প্রক্ষেপ কৰে তেওঁ কোৱা কথা আৰু কামৰ গুৰুত্ব ধৰ্মত বিশ্বাসী মানুহ এজনৰ ওচৰত যথেষ্ট কমি যায় আৰু ই সমাজত যুক্তিবাদ প্ৰচাৰ কৰাৰ অন্তৰায় হিচাবে দেখা দিয়ে। যুক্তিবাদী ব্যক্তি সকলৰ এনে কাৰ্য আমাৰ দৃষ্টিত যুক্তিবাদী আন্দোলনৰ আন এক প্ৰধান সমস্যা। নিজকে নাস্তিক বুলি প্রক্ষেপ কৰাৰ পৰা উদ্দেশ্যপূৰ্ণ ভাৱে বিৰত থাকিলে যুক্তিবাদে সমাজৰ তৃণমূল স্তৰত অধিক গ্ৰহণযোগ্যতা লাভ কৰিব বুলি আশা কৰিব পাৰি।

নিশ্চিতভাৱে যুক্তিবাদী আন্দোলন এটি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিভিন্ন সমস্যা থাকিবই, থকাটোৱেই স্বাভাৱিক। কিন্তু তাৰ অৰ্থ এইটোও নহয় যে আমাৰ দেশত যুক্তিবাদৰ ভবিষ্যত সম্ভাৱনীয়তা একেবাৰেই নাই। সমাজত যুক্তিবাদক সমৰ্থন কৰা মানুহৰ সংখ্যা লাহে লাহে হ’লেও বাঢ়িবলৈ আৰম্ভ কৰিছে। বিজ্ঞান শিক্ষাৰ প্ৰসাৰ হোৱাৰ ফলত মানুহৰ মাজত যুক্তিবাদৰ জনপ্ৰিয়তা ক্ৰমে বৃদ্ধি পাইছে। বিশেষকৈ আমাৰ নৱ-প্ৰজন্মৰ মাজত প্রাতিষ্ঠানিক ধৰ্মৰ প্রতি সাম্প্রতিক সময়ত কিছু হ’লেও অনাস্থা আহিছে যেন অনুমান হয়। ২০১১ চনৰ লোকপিয়লত আমাৰ দেশৰ প্ৰায় ২৯ লাখ মানুহে নিজৰ ধৰ্মৰ বিষয়ে উল্লেখ নকৰাকৈ আছে। (under “religion not stated” category)। যদিও এই সংখ্যা দেশৰ মুঠ জনসংখ্যাৰ কেৱল ০.২৪% হে, ২০০১ চনতকৈ এই পৰিমাণ ১৫% বৃদ্ধি হৈছে। যুক্তিবাদী আন্দোলনৰ বাবে এয়া নিশ্চয়কৈ এক শুভ লক্ষণ।

সাম্প্ৰতিক সময়ত বিজ্ঞানক জনগণৰ মাজত জনপ্ৰিয় কৰিবৰ বাবে বহুতো পদক্ষেপ হাতত লোৱা হৈছে। চৰকাৰৰ ফালৰ পৰাও এনেধৰণৰ বিভিন্ন কাৰ্যসূচী হাতত লৈছে। বিজ্ঞানৰ জটিল তত্ত্বসমূহ সহজে বুজিব পৰাকৈ লিখা বিভিন্ন কিতাপ, পুস্তিকা আদিৰ প্ৰকাশ কিছু পৰিমাণে হ’লেও বৃদ্ধি হৈছে। আমাৰ ৰাজ্যত “অসম বিজ্ঞান সমিতি”য়ে স্কুলসমূহত বিনামূলীয়াকৈ “বিজ্ঞান জেউতি”ৰ বিতৰণ কৰা আৰম্ভ কৰিছে। বিজ্ঞান জনপ্ৰিয়কৰণৰ এই ধৰণৰ কৰ্মৰাজীয়ে উঠি অহা ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞানমনস্ক আৰু যুক্তিবাদী কৰি তুলিব বুলি আশা কৰিব পাৰি। ফেচবুক আৰু অনান্য সামাজিক মাধ্যমসমূহৰ জৰিয়তেও যুক্তিবাদে কিছু প্ৰসাৰ লাভ কৰিছে। (সামাজিক মাধ্যমসমূহ অৱশ্যে অন্ধবিশ্বাস, কুসংস্কাৰ আদিৰো প্ৰচাৰত সহায়ক হৈছে)। গতিকে আশা কৰিব পাৰি যে অদূৰ ভবিষ্যতত যুক্তিবাদে সমাজত আৰু সবল ৰূপত গা-কৰি উঠিব।

প্ৰকৃতাৰ্থত এখন আধুনিক সমাজ গঢ় দিবলৈ হ’লে মানুহৰ মাজত যুক্তিবাদৰ প্ৰচাৰ আৰু প্ৰসাৰ হোৱাটো খুবেই প্ৰয়োজনীয়। এখন অন্ধবিশ্বাস আৰু কুসংস্কাৰমুক্ত সঁচা অৰ্থত গণতান্ত্ৰিক সমাজৰ বাবে যুক্তিবাদী আন্দোলন সদায়েই প্ৰাসংগিক হৈ থাকিব। গণতান্ত্ৰিক ভাৱধাৰাত বিশ্বাসী প্ৰত্যেক ব্যক্তিয়ে এনে আন্দোলনলৈ সক্ৰিয় সহযোগিতা আগবঢ়োৱাটো এক নৈতিক দায়িত্ব বুলি বিবেচনা কৰা উচিত।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *